Niketan Class 6 Social Chapter 14 মহাজন পদ

Niketan Class 6 Social Chapter 14 মহাজন পদ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 14 মহাজন পদ and select need one.

Niketan Class 6 Social Chapter 14 মহাজন পদ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 14 মহাজন পদ Solutions for All Subjects, You can practice these here.

মহাজন পদ

Chapter – 14

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া –

( ক ) কোনটো শতিকাত মহাজন পদৰ সৃষ্টি হৈছিল ? 

উত্তৰঃ খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত মহাজন পদৰ সৃষ্টি হৈছিল । 

( খ ) মহাজন পদৰ সংখ্যা কিমানখন আছিল ? 

উত্তৰঃ জৈন গ্রন্থসমূহৰ মতে মহাজনপদ ১৬ খন আছিল । 

( গ ) জনপদসমূহ ভাৰতৰ কোনটো অঞ্চলত গঢ় লৈ উঠিছিল ? 

উত্তৰঃ জনপদসমূহ ঘাইকৈ উত্তৰ ভাৰতৰ গংগা উপত্যকাৰ সমভূমি অঞ্চলত গঢ় লৈ উঠিছিল । 

( ঘ ) মগধ সাম্রাজ্যৰ দুগৰাকী শক্তিশালী ৰজাৰ নাম লিখা । 

উত্তৰঃ মগধৰ দুগৰাকী শক্তিশালী ৰজা আছিল বিম্বিসাৰ আৰু অজাতশত্রু । 

( ঙ ) মহাজন পদৰ সুৰক্ষাৰ বাবে ৰজাই কি কি ব্যৱস্থা হাতত লৈছিল ? 

উত্তৰঃ মহাজন পদৰ সুৰক্ষাৰ বাবে ৰজাই সামৰিক বাহিনী শক্তিশালী কৰিছিল আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা জনসাধাৰণক সুৰক্ষা দিবলৈ চাৰিওফালে দুর্গ নির্মাণ কৰিছিল । 

( চ ) মহাজন পদৰ দিনত কি কি বৃত্তিধাৰীৰ লােক আছিল ? 

উত্তৰঃ মহাজন পদৰ দিনত কৃষক , ব্যৱসায়ীৰ লগতে বাঢ়ৈ , কমাৰ , সােণাৰী , শিপিনী , চিত্ৰকৰ আদি বিভিন্ন বৃত্তি ধাৰীৰ লােক আছিল । 

প্রশ্ন ২। শুদ্ধ উত্তৰ নির্বাচন কৰা –

( ক ) নিম্নলিখিত কোনখন ৰাজতন্ত্র আছিল ? 

( ১ ) মগধ । 

( ২ ) শাক্য ।

( ৩ ) অৱন্তী ।

উত্তৰঃ ( ২ ) শাক্য । 

( খ ) জনপদসমূহ গঢ় লৈ উঠিছিল—

( ১ ) গংগা উপত্যকাৰ সমভূমি অঞ্চলত ।

( ২ ) ব্রহ্মপুত্র উপত্যকাৰ সমভূমি অঞ্চলত ।

( ৩ ) সৰস্বতী নদী উপত্যকাৰ সমভূমি অঞ্চলত । 

উত্তৰঃ ( ১ ) গংগা উপত্যকাৰ সমভূমি অঞ্চলত । 

( গ ) মহাজনপদৰ দিনত ৰজাক সহায় কৰিবলৈ কেইটা ৰাজনৈতিক সংগঠন আছিল ? 

( ১ ) তিনিটা ।

( ২ ) দুটা ।

( ৩ ) চাৰিটা ।

উত্তৰঃ ( ২ ) দুটা । 

প্রশ্ন ৩। শুদ্ধ – অশুদ্ধ নির্ণয় কৰা— 

( ক ) কেইবাটাও পৰিয়াল লগ লাগি জনৰ সৃষ্টি হৈছিল । 

উত্তৰঃ অশুদ্ধ । 

( খ ) কৃষিকৰ্মৰ জৰিয়তে মহাজন পদবােৰ সমৃদ্ধিশালী হৈছিল । 

উত্তৰঃ শুদ্ধ।

( গ ) কৌশল , মগধ , বৎস আৰু অৱন্তী মহাজনপদ আছিল । 

উত্তৰঃ শুদ্ধ ।

( ঘ ) মহাজন পদৰ দিনত প্ৰজাই কৰকাটল দিয়াটো বাধ্যতামূলক নাছিল । 

উত্তৰঃ অশুদ্ধ । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্ন ১। চমু উত্তৰ দিয়া । 

( ক ) জনপদৰ কেনেকৈ সৃষ্টি হ’ল ? 

উত্তৰঃ প্রতিটো জনৰ বাসিন্দাসকলে কৃষি কার্যত মনােনিৱেশ কৰি যেতিয়া স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে , তেতিয়াই জনপদৰ সৃষ্টি হল। 

( খ ) জনপদৰ বাসিন্দাসকলে কি কি খেতি কৰিছিল ? 

উত্তৰঃ জনপদৰ বাসিন্দাসকলে প্রধানকৈ ধান , ঘেঁহু , যৱ , বার্লি , সৰিয়হ , কুঁহিয়াৰ আদিৰ খেতি কৰিছিল । 

( গ ) মহাজনপদৰ কেনেকৈ সৃষ্টি হ’ল ? 

উত্তৰঃ কেইবাখনাে জনপদ লগ লাগি মহাজনপদৰ সৃষ্টি হ’ল ।

( ঘ ) আটাইতকৈ শক্তিশালী মহাজনপদখন কি আছিল ? 

উত্তৰঃ আটাইতকৈ শক্তিশালী মহাজনপদখন আছিল মগধ । 

( ঙ ) মগধ ৰাজ্য বর্তমান কোন অঞ্চলত অৱস্থিত ? 

উত্তৰঃ মগধ ৰাজ্য বর্তমান বিহাৰৰ ৰাজধানী পাটনা অঞ্চলত আছিল । 

প্রশ্ন ২। উত্তৰ দিয়া –

( ক ) কেইখনমান মহাজনপদৰ নাম লিখা । 

উত্তৰঃ মহাজনপদ ১৬ খন আছিল । সেইবােৰ হ’ল— অংগ , মগধ , কাশী , কোশল , বৃজ্জি , মল্ল , চেদী , বৎস , কুৰু , পাঞ্চাল , মৎস্য , সুৰসেন , অশ্বক , অৱন্তী , গান্ধাৰ আৰু কম্বােজ ।

( খ ) মহাজনপদবােৰৰ সমসাময়িক গণতান্ত্রিক ৰাজ্যবােৰ কি কি আছিল ? 

উত্তৰঃ মহাজনপদৰ সময়তে হিমালয় পাদদেশ অঞ্চলত গণতান্ত্রিক ৰাজ্য কিছুমান গঢ় লৈ উঠিছিল । শাক্য , লিচ্ছবী , মল্ল আদি এনে ৰাজ্য । 

( গ ) মহাজনপদৰ সময়ত ৰজাক কোনে সহায় কৰিছিল ? 

উত্তৰঃ মহাজনপদৰ সময়ত ৰজাক দিহা – পৰামর্শ দিবৰ বাবে মন্ত্রীপৰিষদ আছিল । ইয়াৰ লগতে শাসনকার্য প্রণালীবদ্ধভাৱে চলাবলৈ সভা আৰু সমিতি নামে দুটা সংগঠন আছিল । 

( ঘ ) মহাজনপদবােৰৰ সুৰক্ষাৰ বাবে প্রয়ােজন হােৱা ধন সম্পদ ক’ৰ পৰা সংগ্রহ কৰিছিল ? 

উত্তৰঃ মহাজনপদবােৰৰ সুৰক্ষাৰ বাবে ল’ব লগা ব্যৱস্থাসমূহৰ বাবে যথেষ্ট ধন – সম্পদৰ প্রয়ােজন হৈছিল । সেইবাবে ৰজাই প্রজা বা জনসাধাৰণৰ পৰা নিয়মীয়াকৈ কৰকাটল সংগ্রহ কৰিছিল । এনে কৰ – কাটল সংগ্রহ কৰিবলৈ বিভিন্ন বিষয় নিয়ােগ কৰা হৈছিল । 

( ঙ ) মহাজনপদৰ সময়ত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে কি কি ব্যৱস্থা লােৱা হৈছিল ? 

উত্তৰঃ মহাজনপদৰ সময়ত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে লােৱা ব্যৱস্থাবােৰ হল— 

( ১ ) খৰতকীয়াকৈ মাটি চহাবলৈ কাঠেৰে সজা খেতিৰ সঁজুলিৰ ঠাইত লোৰে তৈয়াৰী কোৰ , দা , কুঠাৰ , নাঙলৰ ফাল আদি সঁজুলিৰ ব্যৱহাৰ কৰিবলৈ ল’লে । 

( ২ ) এডােখৰ নির্দিষ্ট ঠাইত শস্যৰ বীজ সিঁচি তাৰ পৰা পুলি তুলি নি খেতি পথাৰত ৰোপণ কৰিছিল।

( চ ) মহাজনপদৰ সময়ত ব্যৱসায় বাণিজ্য সম্পর্কে লিখা ।

উত্তৰঃ মহাজনপদৰ সময়ছােৱাত ভাৰতীয় বেপাৰ – বাণিজ্যই প্ৰসাৰতা লাভ কৰিছিল । বিনিময় প্রথাৰ লগতে মুদ্রাৰৰ প্ৰচলন আছিল । ব্যৱসায়ৰ হিচাপ – নিকাচ লিখিত ৰূপত ৰাখিবলৈ ব্যৱসায়ীসকলে লিপি ব্যৱহাৰ কৰি এইবােৰ লিখি ৰাখিছিল । 

প্রশ্ন ৩। মহাজনপদৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ সাৰুৱা অঞ্চলত খেতি – বাতি কৰি সমৃদ্ধি শালী হৈ উঠা জনপদসমূহৰ খেতি – মাটিৰ সুৰক্ষা দিবলৈ সমৰকৌশল জনা লােকৰ নিযুক্তি দিছিল । এনেদৰে কিছুমান জনপদ অধিক শক্তিশালী হৈ দুর্বলবােৰক নিজৰ অধীন কৰি লৈছিল ৷ এইদৰে কেইবাখনাে জনপদ লগ লাগি মহাজনপদৰ সৃষ্টি হৈছিল । জৈন গ্রন্থসমূহত মহাজনপদ ১৬ খন আছিল বুলি উল্লেখ আছে । সেই কেইখন হ’ল — অংগ , মগধ , কাশী , কোশল , বৃজ্জি , মল্ল , চেদী , বৎস , কুৰু , পাঞ্চাল , মৎস্য , সুৰসেন , অশ্বক , অৱন্তী , গান্ধাৰ , আৰু কম্বােজ । এই মহাজনপদবােৰ ৰাজতান্ত্রিক আছিল । শাসনৰ সুবিধাৰ বাবে মহাজনপদসমূহৰ একোখন ৰাজধানী আছিল । মহাজনপদবােৰৰ সুৰক্ষাৰ বাবে ৰজাই সৈন্যবাহিনী নিয়ােগ , দুর্গ নির্মাণ আদি কাম কৰিছিল । মহাজনপদবােৰৰ ভিতৰত মগধখন অতি শক্তিশালী হৈ সাম্রাজ্যলৈ উন্নীত হৈছিল ।

2 thoughts on “Niketan Class 6 Social Chapter 14 মহাজন পদ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top