Niketan Class 6 Social Chapter 11 ( খ ) তাম্র যুগ

Niketan Class 6 Social Chapter 11 ( খ ) তাম্র যুগ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 11 ( খ ) তাম্র যুগ and select need one.

Niketan Class 6 Social Chapter 11 ( খ ) তাম্র যুগ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 11 ( খ ) তাম্র যুগ Solutions for All Subjects, You can practice these here.

( খ ) তাম্র যুগ

Chapter – 11

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। চমুকৈ উত্তৰ লিখা— 

( ক ) তাম্র যুগ কেতিয়া আৰম্ভ হয় ? 

উত্তৰঃ নৱপ্রস্তৰ যুগৰ শেষৰফালে তাম্র যুগ আৰম্ভ হয় । 

( খ ) কোনখিনি সময়ক তাম্র যুগ বুলি ধৰা হয় ? 

উত্তৰঃ খ্রীঃপূঃ ১৮০০ চনৰপৰা খ্রীঃপূঃ ১০০০ চনৰ ভিতৰৰ সময়ছােৱাক তা যুগ বুলি ধৰা হয় ।

( গ ) তাম্র যুগত মানুহে কি কি খেতি কৰিছিল । 

উত্তৰঃ তাম্র যুগত মানুহে ধান , যৱ , বার্লি আৰু বিভিন্ন শস্যৰ খেতি কৰিছিল । 

প্রশ্ন ২। শুদ্ধ উত্তৰ বাছি উলিওৱা –

( ক ) তাম্র যুগ আৰম্ভ হয় —আদি প্রস্তৰ যুগৰ শেষত / হৰপ্পা সভ্যতাৰ যুগত / নৱপ্ৰস্তৰ যুগৰ শেষত । 

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ শেষত । 

( খ ) তাম্র যুগৰ মানুহে ঘোঁৰা পুহিছিল / পােহা নাছিল । 

উত্তৰঃ পােহা নাছিল । 

( গ ) তামেৰে নির্মিত সা – সঁজুলিবােৰ নৱপ্ৰস্তৰ যুগতকৈ চকুত লগা আছিল / নাছিল । 

উত্তৰঃ আছিল । 

প্রশ্ন ৩। তাম্র যুগৰ অধিবাসীসকলৰ কৃষি আৰু পশুপালন সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ তামৰ সঁজুলি বা তামৰ বস্তু ব্যৱহাৰ কৰা সময়ছােৱাক তাম্র যুগ বােলা হয় । সেই যুগৰ মানুহে কৃষি কাৰ্যৰ লগতে পশুপালনাে কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে । সেই যুগত কৃষিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি পৰিলক্ষিত হৈছিল ৷ ধান , যৱ , বার্লি আৰু বিভিন্ন শস্যৰ খেতি সেই সময়ত কৰা হৈছিল । উন্নত সঁজুলি ব্যৱহাৰ কৰিছিল । সেই সময়ৰ অধিবাসীসকলে তামেৰে খেতিৰ সঁজুলি তৈয়াৰ কৰি লৈছিল । 

মানুহে গৰু , ছাগল , ভেড়া , ম’হ আদি জন্তু পুহিছিল । উটৰ জঁকা আৱিষ্কাৰ হােৱাৰ বাবে পণ্ডিতসকলে এইবিধ জন্তুও আছিল বুলি অনুমান কৰিছে । অৱশ্যে সেই সময়ত ঘোঁৰা পােহা নাছিল। 

প্রশ্ন ৪। কোন কোন ঠাইত তাম্র যুগৰ ভগ্নাৱশেষ পােৱা গৈছে ? 

উত্তৰঃ পূৱ পাকিস্তান , বেলুচিস্তান , মধ্যপ্রদেশ , মহাৰাষ্ট্ৰ আদি ঠাইত তাম্র যুগৰ ভগ্নাৱশেষ পােৱা গৈছে । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) তলৰ প্রশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া –

প্রশ্ন ১। ধাতুৰ ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ হয় ? 

উত্তৰঃ নৱপ্রস্তৰ যুগৰ শেষৰ পৰা ধাতুৰ ব্যৱহাৰ আৰম্ভ হয় ।

প্রশ্ন ২। নৱপ্রস্তৰ যুগৰ শেষৰফালে ব্যৱহাৰ কৰা প্রথমবিধ ধাতু কি আছিল ? 

উত্তৰঃ নৱপ্রস্তৰ যুগৰ শেষৰফালে ব্যৱহাৰ কৰা প্রথমবিধ ধাতু আছিল তাম । 

প্রশ্ন ৩। ব্ৰঞ্জৰ যুগৰ সভ্যতাটোৰ নাম কি ? 

উত্তৰঃ হৰপ্পা সভ্যতা । 

প্রশ্ন ৪। ব্রঞ্জ ধাতুৰ কেনেকৈ সৃষ্টি কৰা হৈছিল ? 

উত্তৰঃ তামৰ লগত টিন মিহলাই ব্রঞ্জ ধাতুৰ সৃষ্টি কৰা হৈছিল । 

প্রশ্ন ৫। ভাৰতবৰ্ষত লােৰ ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ ভাৰতবৰ্ষত লােৰ ব্যৱহাৰ আৰ্যসকল অহাৰ পিছৰ পৰা আৰম্ভ হয় । 

প্রশ্ন ৬। তাম্র যুগৰ অধিবাসীসকলে কি কি সঁজুলি তৈয়াৰ কৰিছিল ? 

উত্তৰঃ তাম্র যুগৰ অধিবাসীসকলে কুঠাৰ , তৰােৱাল , যাঠি , খেতিৰ সঁজুলি আদি তৈয়াৰ কৰিছিল । 

প্রশ্ন ৭। তামৰ পাত্ৰ কোনটো যুগৰ মানুহে ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ তাম্র যুগৰ মানুহে তামৰ পাত্র ব্যৱহাৰ কৰিছিল । 

প্রশ্ন ৮। তাম্র যুগৰ মানুহে কিহেৰে তৈয়াৰী কাপােৰ ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ তাম্র যুগৰ মানুহে কপাহী আৰু ঊণৰ দ্বাৰা নির্মিত কাপােৰ ব্যৱহাৰ কৰিছিল । 

( খ ) উত্তৰ লিখা – 

প্রশ্ন ১। তাম্র যুগৰ অর্থনৈতিক অবস্থা কেনেকুৱা আছিল ? 

উত্তৰঃ তাম্র যুগৰ অধিবাসীসকলৰ অর্থনৈতিক অৱস্থা উন্নত আছিল । এই যুগৰ মানুহে পশুপালন , পশু চিকাৰ , মাছ ধৰা , খেতি – বাতি কৰা আদি কাম কৰিছিল । তদুপৰি তেওঁলােকে ধাতু গলাই তাৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰিছিল। 

প্রশ্ন ২। তাম্র যুগৰ অধিবাসীসকলৰ সাজ – পাৰ আৰু আ – অলংকাৰৰ বিষয়ে লিখা । 

উত্তৰঃ তাম্র যুগৰ মানুহৰ সাজ – পাৰ আৰু আ – অলংকাৰ নৱপ্রস্তৰ যুগৰ মানুহতকৈ উন্নত আছিল। সেই সময়ত কপাহী আৰু উণেৰে তৈয়াৰী কাপােৰ ব্যৱহাৰ কৰিছিল । তামেৰে নির্মিত আ – অলংকাৰ তেওঁলােকে পৰিধান কৰিছিল । 

প্রশ্ন ৩। তাম্র যুগত কেনেধৰণৰ ধর্মীয় বিশ্বাসৰ প্ৰচলন আছিল ? 

উত্তৰঃ তাম্র যুগৰ মানুহে গছ আৰু শিলৰ প্রতিমূর্তিক দেৱ – দেৱী হিচাপে মানি পূজা – অর্চনা কৰিছিল । তেওঁলােকে সূর্য পূজাও কৰিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top