Niketan Class 6 Science Chapter 12 আহাৰৰ উপাদান

Niketan Class 6 Science Chapter 12 আহাৰৰ উপাদান is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 12 আহাৰৰ উপাদান and select need one.

Niketan Class 6 Science Chapter 12 আহাৰৰ উপাদান

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class VI Science Chapter 12 আহাৰৰ উপাদান Solutions for All Subjects, You can practice these here.

আহাৰৰ উপাদান

Chapter – 12

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। আমাৰ দেহক বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰয়োজন হয় ?

উত্তৰঃ  আমাৰ দেহক বিভিন্ন ক্ৰিয়াবোৰ সম্পন্ন কৰিবলৈ বিভিন্ন ধৰণৰ খাদ্যৰ প্রয়োজন। আমি কাম কৰো, খেলো,পঢ়ো আৰু বহুতো কাম কৰো। এইবোৰ কৰোতে আমাক শক্তিৰ প্ৰয়োজন ৷ কাৰ্বহাইড্রেটে প্রধানকৈ আমাৰ দেহত শক্তি যোগায়। তাৰোপৰি শৰীৰৰ বৃদ্ধি আৰু পুণৰ গঠনৰ বাবে প্ৰ’টিনৰ প্ৰয়োজন। বেমাৰ আদি প্ৰতিৰোধ কৰিবলৈ ভিটামিনৰ প্ৰয়োজন ৷

২। পৰিপোষক কাক বোলে ? আমাৰ খাদ্যৰ প্ৰধান পৰিপোষকৰ নাম লিখা।

 উত্তৰঃ আমি খোৱা খাদ্যবোৰত থকা উপাদানবোৰক পৰিপোষক বোলে। এই উপাদানবোৰ আমাৰ শৰীৰৰ বাবে অতি আৱশ্যক। খাদ্যৰ প্ৰধান পৰিপোষক বোৰ হ’ল – কাৰ্বহাইড্রেট, প্রটিন, স্নেহপদার্থ, ভিটামিন আৰু খনিজ লৱণ।

৩। আহাৰত আঁহ জাতীয় খাদ্য আৰু পানীৰ প্রয়োজন কিয় ?

 উত্তৰঃ আঁহ জাতীয় খাদ্যই শৰীৰত কোনো পৰিপোষকৰ যোগান নধৰে,কিন্তু আমাৰ খাদ্যৰ এটা প্রয়োজনীয় উপাদান যিয়ে খাদ্যৰ আয়তন বঢ়ায়। ই আমাৰ খাদ্যৰ হজম নোহোৱা অংশ ওলাই যোৱাত সহায় কৰে।

খাদ্য বস্তুৰ পৰা পোৱা পৰিপোষক সমূহ শৰীৰে শোষণ কৰাত পানীয়ে যথেষ্ট ভূমিকা গ্ৰহণ কৰে। ইয়াৰ উপৰি আমাৰ শৰীৰৰ পৰা ঘাম আৰু প্ৰস্ৰাৱ আকাৰে বৰ্জিত পদার্থ ওলাই যোৱাত সহায় কৰে।

৪। খাদ্য বস্তুত শ্বেত সাৰৰ উপস্থিতি কেনেদৰে পৰীক্ষা কৰিব পাৰি ?

উত্তৰঃ প্রথমে পৰীক্ষা নলী এটাত আধালৈকে পানী ভৰাই কেইটোপালমান টিংছাৰ আয়’ডিন মিহলা ই লঘু আয়’ডিনৰ দ্ৰৱ প্ৰস্তুত কৰি লোৱা হ’ল। এতিয়া ৰন্ধা খাদ্য বস্তু বা কেঁচা উপকৰণ বিধ এটা পাত্ৰত লোৱা হ’ল। তাৰ পিছত খাদ্য বস্তুখিনিত লঘু আয়’ডিন দ্ৰৱ দুই বা তিনি টোপাল যোগ কৰা হ’ল। যদি খাদ্য বস্তুৰ ৰং নীলা ক’লা ৰঙলৈ পৰিবৰ্তন হয়, তেন্তে খাদ্য বস্তু খিনিত শ্বেতসাৰ আছে।

৫। আমি খোৱা খাদ্য সমূহক কেই ভাগত ভগাব পাৰি ?

 উত্তৰঃ আমি খোৱা খাদ্যসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। ভাগবোৰ হ’ল –

(ক) শক্তিদায়ক খাদ্য

(খ) শৰীৰ বৰ্দ্ধক খাদ্য

(গ) দেহ ৰক্ষক খাদ্য

৬। কাৰ্বহাইড্ৰেট আৰু স্নেহ পদার্থই আমাৰ শৰীৰক কি দিয়ে ?

উত্তৰঃ কাৰ্বহাইড্ৰেট হৈছে আমাৰ শক্তিৰ আধাৰ ৷ শৰীৰে কাৰ্বহাইড্ৰেট দহন ঘটাই তাপ আৰু শক্তি উৎপন্ন কৰে। স্নেহ পদার্থই কাৰ্বহাইড্ৰেটতকৈও বেছি শক্তিৰ যোগান ধৰে। কিন্তু স্নেহ পদাৰ্থৰ পৰা উৎপন্ন শক্তি সহজে পোৱা নাযায় ৷ আমাৰ শৰীৰে স্নেহ পদাৰ্থৰ পৰা শক্তি সহজে ব্যৱহাৰ কৰিব নোৱাৰে। স্নেহ  পদাৰ্থবোৰ আমাৰ শৰীৰত জমা হৈ থাকে। ইহঁতে আমাৰ শৰীৰক উষ্ণ কৰি ৰাখে।

৭। অধিক চর্বী যুক্ত খাদ্য খোৱা উচিত নহয় কিয় ?

উত্তৰঃ অধিক চৰ্বী যুক্ত খাদ্য আমাৰ বাবে ক্ষতিকাৰক আৰু ইয়ে শৰীৰ মেদযুক্ত কৰে। ইয়াৰ বাবে আমাৰ হৃদযন্ত্ৰৰ বেমাৰো হ’ব পাৰে।

৮। বাঢ়ি অহা শিশুবোৰে অধিক প্রটিনযুক্ত খাদ্য খাব লাগে কিয় ?

উত্তৰঃ বাঢ়ি অহা শিশুবোৰৰ বাবে অধিক প্ৰ’টিন যুক্ত খাদ্য প্রয়োজন। কিয়নো শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনৰ বাবে প্ৰ’টিনৰ প্রয়োজন। ই কোষ গঠন আৰু শৰীৰৰ অন্যান্য অঙ্গ প্রত্যঙ্গৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। তাৰোপৰি কোষৰ আৰু কলাৰ বৃদ্ধিতো সহায় কৰে যেনে ছাল, স্নায়ু আৰু হাড়ৰ গঠনত সহায় কৰে।

৯। তলত দিয়া উপাদান সমূহ থকা খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা ।

(ক) স্নেহ পদার্থ

(খ) শ্বেত সাৰ

(গ) আঁহ জাতীয় খাদ্য

(ঘ) প্র’টিন।

 উত্তৰঃ (ক) স্নেহ পদার্থ – ঘি, মাখন

(খ) শ্বেতসাৰ পদাৰ্থ – কেঁচা আলু,

(গ) আঁহ জাতীয় পদার্থ – সতেজ ফল মূল, শাক-পাচলি

(ঘ) প্ৰ’টিন পদার্থ – মাংস, মাছ

১০।  খালী ঠাই পূৰ কৰা –

(ক) ভিটানি —– ৰ অভাৱত ৰিকেট বেমাৰ হয়।

উত্তৰঃ D

(খ) ভিটমিন —–  ৰ অভাৱত বেৰি বেৰি বেমাৰ হয়। বেমাৰ হয়।

উত্তৰঃ B

(গ)  ভিটমিন —– ৰ অভাৱত স্কার্ভি

উত্তৰঃ C

(ঘ) খাদ্যত ভিটামিন —– ৰ অভাৱৰ বাবে কুকুৰীকণা ৰোগ হয়।

উত্তৰঃ A

১১।  আমাৰ আহাৰৰ কেঁচা শাক -পাচলি আৰু ফল-মূল থকা উচিত কিয় ?

উত্তৰঃ খাদ্য বস্তুবোৰ ৰান্ধিলে সোৱাদ যুক্ত হয় আৰু সহজে হজম হয় । কিন্তু ৰান্ধিলে খাদ্যৰ কিছুমান পৰিপোষকৰ ক্ষতি হয়। ৰন্ধন কাৰ্য্যত অতিৰিক্ত পানী ব্যৱহাৰ কৰি পিছত সেইবোৰ পেলাই দিলেও বহু লাগতিয়াল প্রটিন আৰু লৱণ নাইকিয়া হয়। ৰন্ধন কাৰ্য্যত ব্যৱহাৰ কৰা তাপে খাদ্যৰ ভিটামিন C সহজে নষ্ট কৰে। গতিকে আমাৰ আহাৰত কেঁচা শাক-পাচলি আৰু ফল-মূল থকা উচিত।

১২। সুষম আহাৰ কাক বোলে ?

উত্তৰঃযি আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পৰিপোষক সঠিক পৰিমাণে থকাৰ উপৰিও যথেষ্ট পৰিমাণে পানী আৰু আঁহযুক্ত খাদ্য থাকে, তেনে আহাৰক সুষম আহাৰ বোলে।

১৩। আমাৰ শৰীৰে প্ৰয়োজনীয় পানী ক’ৰ পৰা পায় ?

 উত্তৰঃ আমাৰ শৰীৰৰ বেছি ভাগ প্রয়োজনীয় পানী আমি খোৱা জুলীয়া পদাৰ্থ পানী, গাখীৰ আৰু চাহৰ পৰা পাওঁ।

১৪। অভাৱ জনিত ৰোগ কাক বোলে ?

উত্তৰঃ আমাৰ শৰীৰত এটা বা ততোধিক পৰিপোষকৰ অভাৱ হ’লে ৰোগ বা অসুস্থতাত ভুগিব লগীয়া হয়।পৰিপোষকৰ অভাৱত হোৱা ৰোগকে অভাৱজনিত ৰোগ বোলে। 

অতিৰিক্ত প্রশ্নোত্তৰ

১। খাদ্য বস্তুত প্ৰ’টিনৰ উপস্থিতি কেনেদৰে পৰীক্ষা কৰিব পাৰি ?

 উত্তৰঃ প্রথমে দুটা পৰীক্ষা নলী লোৱা হ’ল। এটাত ১০০মি.লি. পানীত ২ গ্রাম কপাৰ ছালফেট দ্ৰৱীভূত কৰি কপাৰ ছালফেট দ্ৰৱ প্ৰস্তুত কৰি লোৱা হ’ল। আনটোত ১০০মি. লি. পানীত ১০ গ্রাম কষ্টিক ছ’ডা দ্ৰৱীভূত কৰি প্রয়োজনীয় কষ্টিক ছ’ডাৰ দ্ৰৱ প্ৰস্তুত কৰি লোৱা হ’ল।

এতিয়া খাদ্য বস্তুৰ অলপ পৰিমাণে এটা পৰীক্ষা নলীত লোৱা হ’ল। যদি খাদ্য বস্তুখিনি গোটা হয়, গুড়ি কৰি লোৱা হ’ল। এতিয়া পৰীক্ষ্ণ নলীটোত ১০ টোপাল মান পানী দি ভালকৈ জোকাৰি লোৱা হ’ল। এতিয়া ড্ৰপাৰৰ সহায়ত ২টোপাল কপাৰ ছালফেট দ্ৰৱ আৰু ১০ টোপাল কষ্টিক ছ’ডাৰ দ্ৰৱ মিহলাই পৰীক্ষা নলীটো ভাল দৰে জোকাৰি লৈ কিছু সময়ৰ বাবে নলীটো স্থিৰ কৰি ৰখা হ’ল। এতিয়া যদি খাদ্য বস্তুৰ বৰণ বেঙুনীয়া হয়, তেন্তে তাত প্ৰ’টিনৰ উপস্থিতি প্ৰমাণ কৰিব।

২। শৰীৰটো সুস্বাস্থ্য আৰু সৱল কৰি ৰাখিবলৈ হ’লে কোন কেইটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে ?

উত্তৰঃ সুস্বাস্থ্য আৰু সৱল হৈ থাকিবলৈ তলত দিয়া কথাকেইটাত গুৰুত্ব দিব লাগে –

(i) সদায় সুষম আহাৰ খাব লাগে।

(ii) দৈনিক ব্যায়াম, শৰীৰক জিৰণি দিব লাগে আৰু নিয়মীয়াকৈ শুব লাগে।

(iii) শৰীৰৰ যত্ন ল’ব লাগে আৰু চাফ-চিকুণকৈ থাকিব লাগে।

(iv) বেমাৰৰ পৰা ৰক্ষা পাবলৈ দৰৱ ব্যৱহাৰ কৰিব লাগে।

৩। কোনবোৰ খাদ্যক ‘শৰীৰ বৰ্দ্ধক খাদ্য’ বোলে ?

 উত্তৰঃ প্ৰ’টিন থকা খাদ্য বস্তুবোৰক ‘শৰীৰ বৰ্দ্ধক খাদ্য’ বোলে ৷

৪। ভিটামিন A,C আৰু D আমাৰ শৰীৰৰ বাবে কিয় প্রয়োজনীয় ?

উত্তৰঃ A ভিটামিনে আমাৰ শৰীৰৰ চকু আৰু ছালৰ সুৰক্ষা দিয়ে।

ভিটামিন C য়ে আমাৰ শৰীৰৰত হোৱা বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিয়ে।D ভিটামিনে শৰীৰৰ হাড় আৰু দাঁতৰ কাৰণে কেলছিয়ামৰ যোগান

৫। ৰাফেজ কি ?

 উত্তৰঃ  আঁহ জাতীয় খাদ্যক ৰাফেজ বোলে ৷

৬। খাদ্য বস্তু ৰান্ধোতে কি সাৱধানতা ল’ব লাগে ?

উত্তৰঃ শাক-পাচলি আৰু ফল-মূল কটা বা বাকলি গুচোৱাৰ পিছত যদি ধোৱা হয় তেন্তে কিছুমান ভিটামিন নোহোৱা হয়। শাক-পাচলি আৰু ফল মূলৰ বাকলিত আৰু খনিজ লৱণ নাইকিয়া হয়। শাক-পাচলিবোৰ ৰান্ধিলেও কিছুমান পৰিপোষক নষ্ট হয়।গতিকে খাদ্য বস্তুবোৰ যথা যথ ভাৱে ৰান্ধিব লাগে যাতে পৰিপোষক সমূহ নষ্ট নহয়।

৭। দেহত প্ৰটিনৰ অভাৱ হ’লে কি কি বেমাৰ হয় ?

উত্তৰঃ এজন ব্যক্তিৰ খাদ্যত যদি দীর্ঘ সময়ৰ বাবে প্ৰ’টিনৰ অভাৱ হয় তেন্তে তেওঁ শাৰিৰীক বাধা গ্রস্ততা, মুখ ফুলা, চুলি বিবৰ্ণ হোৱা, ছালৰ বেমাৰ আৰু পেট চলা বেমাৰত ভুগিব পাৰে। দীঘলীয়া সময়ৰ বাবে যদি প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেটৰ অভাৱ হয় তেতিয়া হ’লে বৃদ্ধি সম্পূৰ্ণৰূপে বন্ধ হ’ব পাৰে ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top