Niketan Class 6 Science Chapter 11 খাদ্য

Niketan Class 6 Science Chapter 11 খাদ্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 11 খাদ্য and select need one.

Niketan Class 6 Science Chapter 11 খাদ্য

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class VI Science Chapter 11 খাদ্য Solutions for All Subjects, You can practice these here.

খাদ্য

Chapter – 11

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। তুমি সকলো জীৱিত পাণীয়ে একে ধৰণে খাদ্য খায় বুলি ভাবানে ?

উত্তৰঃসকলো জীৱিত প্ৰাণীয়ে বেলেগ বেলেগ ধৰণে খাদ্য খায়।

২।   পাঁচবিধ উদ্ভিদৰ নাম লিখা যাৰ দেহৰ অংশ আমি খাদ্য হিচাপে খাওঁ।

উত্তৰ : গাজৰ, আলু, মূলা, পিয়াজ, আদা।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা

‘ক’ অংশ‘খ অংশ
দৈ গাখীৰ, এৱা গাখীৰ পনিৰ, ঘিঅন্য প্রাণীয়ে খায়
পালেং শাক, ফুল কবি, গাজৰউদ্ভিদ আৰু উদ্ভিদৰ পৰা উৎপাদিত বস্তু খায়।
সিংহ আৰু বাঘেশাক-পাচলি
তৃণ ভোজী প্রাণীয়েসকলো প্ৰাণীৰ পৰা উৎপাদিত

উত্তৰঃ

‘ক’ অংশ‘খ অংশ
দৈ গাখীৰ, এৱা গাখীৰ পনিৰ, ঘিসকলো প্ৰাণীৰ পৰা উৎপাদিত
পালেং শাক, ফুল কবি, গাজৰশাক-পাচলি
সিংহ আৰু বাঘেঅন্য প্রাণীয়ে খায়
তৃণ ভোজী প্রাণীয়েউদ্ভিদ আৰু উদ্ভিদৰ পৰা উৎপাদিত বস্তু খায়।

৪।    খালী ঠাই পূৰ কৰা –

(ক) বাঘ এবিধ —— প্রাণী কাৰণ ই অকল মাংস খায় ৷

উত্তৰঃ মাংসভোজী ।

(খ) হৰিণে অকল উদ্ভিদৰ পৰা উৎপাদিত বস্তু খায়, গতিকে ইয়াক —— প্রাণী বোলে।

উত্তৰঃ তৃণভোজী ।

(গ) ভাটৌ চৰায়ে অকল —— ৰ পৰা উৎপাদিত খাদ্য খায়।

উত্তৰঃ উদ্ভিদ ।

(ঘ) —— এবিধ পানীয়, যাক গৰু, ম’হ আৰু ছাগলী আদিৰ পৰা পোৱা এবিধ প্রাণীজাত সামগ্রী।

উত্তৰঃগাখীৰ  ।

অতিৰিক্ত প্রশ্নোত্তৰ

১।    ভাত বনাবলৈ কি কি উপকৰণৰ প্ৰয়োজন ?

উত্তৰ:  ভাত বনাবলৈ প্ৰয়োজনীয় উপকৰণ দুটা হ’ল – গোটা চাউল আৰু পানী।

২।    শাক-পাচলি বান্ধিবলৈ কি কি উপাদান প্রয়োজন ?

উত্তৰঃ শাক-পাচলি ৰান্ধিবলৈ পাচলিৰ উপৰিও নিমখ, হালধী, পিয়াজ, আদা, নহৰু আদি।

৩।   গাখীৰৰ পৰা কি কি তৈয়াৰ কৰা হয় ?

 উত্তৰঃ গাখীৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰীবোৰ হ’ল, ঘি, মাখন, ক্ৰীম, দৈ,পণিৰ আদি।

৪।    সৰিয়হৰ কি কি অংশ আমি খাদ্য হিচাপে খাওঁ ?

উত্তৰঃ সৰিয়হৰ বীজৰ পৰা তেল আৰু পাতবোৰ পাচলি হিচাপে খাওঁ।

৫।   শুকান বুট আৰু মণ্ডত গজালি কেনেকৈ উলিয়াব পাৰি ?

উত্তৰ: শুকান বুট আৰু মুগলৈ পাত্ৰ এটা পানীত ডুবাই দিয়া হ’ল। পাত্ৰটো ভালদৰে এঠাইত এদিন ৰখা হ’ল। পিছদিনা পানী খিনি সম্পূর্ণ আঁতৰাই বীজ খিনি তিতা কাপোৰ এখনেৰে ঢাকি থোৱা হ’ল । পিছদিনা বুট আৰু মণ্ডবোৰৰ পৰা গজালি ওলোৱা দেখা যাব।

৬।   মৌ ক’ৰ পৰা পোৱা যায় ?

উত্তৰঃ মৌ বাহৰ পৰা মৌ পোৱা যায়। মৌ বাহত একেলগে বহুতো মৌ-মাখি থাকে। মৌ-মাখিয়ে ফুলৰ ৰস আহৰণ কৰি মৌ তৈয়াৰ কৰে আৰু সিহঁতৰ বাহত জমা কৰে। ফুল আৰু ফুলৰ ৰস বছৰৰ মাত্ৰ কেইটামান মাহতহে পৰ্য্যাপ্ত পৰিমাণে পোৱা যায় ৷ গতিকে মৌ-মাখিয়ে গোটেই বছৰৰ বাবে ফুলৰ ৰস সংগ্ৰহ কৰে। এই ৰস আহৰণ কৰি মৌ তৈয়াৰ কৰে আৰু সিহঁতৰ বাহত জমা কৰে ৷

৭।    তৃণভোজী প্রাণী কাক বোলে ?

উত্তৰঃযিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু উদ্ভিদৰ পৰা উৎপাদিত খাদ্য খোৱা প্রাণীবোৰক তৃণভোজী প্রাণী বোলে।

৮।   মাংস ভোজী প্রাণী কাক বোলে ?

উত্তৰঃ যিবোৰ প্ৰাণীয়ে অন্য প্ৰণীৰ মাংস খায়, তেনে প্রাণীক মাংসভোজী প্রাণী বোলে ৷

৯।    সর্বভোক্ষী প্রাণী কাক বোলে ?

উত্তৰঃযিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণীৰ মাংস দুয়োটাই খায়, তেনে প্রাণীক সর্বভোক্ষী  প্রাণী বোলে ৷

১০।  আমাৰ আহাৰৰ মূল উৎস দুটা কি কি ?

উত্তৰঃ আমাৰ আহাৰৰ মূল উৎস দুটা হ’ল প্রাণী আৰু উদ্ভিদ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top