Niketan Class 6 Assamese Chapter 4 সময়

Niketan Class 6 Assamese Chapter 4 সময় is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 4 সময় and select need one.

Niketan Class 6 Assamese Chapter 4 সময়

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 4 সময় Solutions for All Subjects, You can practice these here.

সময়

Chapter – 4

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
ধনৰ কাকতধন – সম্পত্তিৰ হিচাপ লিখি থােৱা কাগজ।
দৈনিক কাকতদিনটোত কৰা কামবােৰ লিখি ৰখা কাগজ । দিন লিপি।
সময়ৰ কাকতসময়ৰ হিচাপ লিখি থােৱা কাগজ।
যাৱজ্জীৱনগােটে জীৱন জুৰি ।
আত্ম – জীৱন-চৰিত্ৰ  নিজৰ জীৱন কালৰ কথা ।
দুর্ঘটঅসাধ্য , কৰিবলৈ উজু নােহােৱা।
বুদ্ধি – বেজীবেজীৰ দৰে চোকা বুদ্ধি।বেজীৰ দৰে জোঙা / তীক্ষ্ণ / চোকা বুদ্ধি।
সংশােধনবেয়া গুণ আঁতৰাই ভাল কৰা।শুদ্ধকৰণ।
ল’ৰা-কালবাল্যকাল , ল’ৰালি কাল ,শৈশৱ
মন্দ বেয়া
যুগুতউচিত , প্রয়ােজনীয় , দৰ্কাৰ
নিমিত্তেবাবে , কাৰণে
ক্রোধখং , ৰাগ
ৰিপুশত্রু , অনিষ্টকাৰী ইচ্ছা
দুৰ্দান্তশান্ত কৰি ৰাখিব নােৱৰা ,দমাব নােৱৰা , নিয়ন্ত্রণ / সংযত কৰিব নােৱৰা।

প্রশ্ন ২। চমু উত্তৰ লিখা –

( ক ) যি ল’ৰা কালৰ সদব্যৱহাৰ নকৰে সি পাছত কিয় অনুতাপ কৰিবলগীয়া হয় ? 

উত্তৰঃ মানুহৰ জীৱনৰ আটাইতকৈ উত্তম কালটো হ’ল ল’ৰাকাল । বিদ্যা – শিক্ষা অর্জনৰ বাবেও এই খিনিয়েই যােগ্য সময় । যি ল’ৰাই এই সময়ছােৱাতে কষ্ট কৰি বিদ্যা শিক্ষা আহৰণ কৰি নথয় , সি পিছত জীৱিকাৰ পথ বিচাৰি নাপায় । সংসাৰত কোনাে উন্নতি কৰিব নােৱাৰে আৰু গােটেই জীৱন দুখ ভােগ কৰে । ল’ৰাকাল এবাৰ গ’লে আৰু উভতি নাহে । সেইবাবে যি এই ল’ৰাকালৰ সদব্যৱহাৰৰ নকৰে সি পাছত অনুতাপ কৰিবলগীয়া হয় । 

( খ ) কৃপণ ধনীয়ে মৰাৰ সময়ত সন্তানক কি উপদেশ দিয়ে ? এই উপদেশ কামত আহেনে ? 

উত্তৰঃ কৃপণ ধনীয়ে মৰাৰ সময়ত সন্তানক ধনৰ কাকতখনহে ভালদৰে চাবলৈ উপদেশ দিয়ে । 

এই উপদেশ কামত নাহে । ধনৰ কাকততকৈ সময়ৰ কাকতখনহে বেছি চাবলগীয়া । কিয়নাে সময় ধনতকৈ বহু মূল্যৱান । সময়ে ধন দিব পাৰে কিন্তু ধনে সময় দিব নােৱাৰে । ধন গলে পুনৰাই পাব পাৰি , কিন্তু সময় গলে ঘূৰাই পাব নােৱাৰি ।

( গ ) সময় আৰু নদীৰ মাজত থকা তিনিটা সাদৃশ্য লিখা । 

উত্তৰঃ সময় আৰু নদীৰ মাজত থকা সাদৃশ্যসমূহ হ’ল— 

( ১ ) নদী সদায় বৈয়ে থাকে , এক মুহূর্তও নৰয় । সময়ো সদায় চলিয়েই থাকে , অলপাে নৰয় । 

( ২ ) নদীয়ে কালৈকে বাট নেচায় , সময়েও কালৈকো বাট নেচায় ।

( ৩ ) নদী এবাৰ গ’লে উভতি নাহে , সময়াে এবাৰ গ’লে উভতি নাহে । 

( ঘ ) সময়ৰ সদব্যৱহাৰ কৰিবলৈ হ’লে কি কৰিব লাগে ? 

উত্তৰঃ সময়ৰ সদব্যৱহাৰ কৰিবলৈ হ’লে সময়ক ভাগ কৰি ল’ব লাগে ; আৰু যি ভাগত যি কাম কৰিবলৈ সুবিধা হয় , সেই ভাগত সেই কাম কৰিব লাগে । তেনে কৰিলে সময়ৰ অপব্যয় নহয় । 

( ঙ ) একেটা কামকে কৰি থাকিলে মনত বিৰক্তি লাগে । বিৰক্তি নালাগিবলৈ কি কৰা উচিত ? 

উত্তৰঃ একেটা কামকে কৰি থাকিলে মনত বিৰক্তি লাগে । কিন্তু উত্তমৰূপে সময়ক ভাগ কৰি সেইমতে নির্দিষ্ট কৰি লােৱা কামবােৰ কৰি গ’লে আমনি নালাগে । যেনে — শাৰীৰিক কামৰ পিছত মানসিক , মানসিকৰ পিছত শাৰীৰিক , পঢ়াৰ পিছত ধেমালি , ধেমালিৰ পিছত জিৰণি , বুৰঞ্জীৰ পিছত গণনা , গণনাৰ পিছত ৰচনা ; এইদৰে কাম কৰিলে আমনি নালাগে । 

( চ ) দৈনিক কাকতত কি কি লিখিব লাগে ? 

উত্তৰঃ দৈনিক কাকতত দিনটোত কি কি কাম কৰা হ’ল সেইবােৰ লিখি যাব লাগে । অর্থাৎ দিনটোত কোন সময়ত কি কাম কৰিলে , কি পঢ়িলে, ক’লৈ গ’ল , কেনেকৈ থাকিল— আদি সৰু – বৰ , ভাল – বেয়া সকলাে কামৰ কথা লিখি যাব লাগে । 

( ছ ) মানুহৰ স্বভাৱতে কেইটা কাল আছে ? কোনটো কালত কোনবােৰ কাম কৰা সহজ হয় ? 

উত্তৰঃ মানুহৰ স্বভাৱতে তিনিটা কাল থাকে । ল’ৰা কাল , ডেকা কাল আৰু বুঢ়া কাল । তিনিওটা কালৰ প্রতিটোতে কোনাে কোনাে কাম ভালদৰে কৰিব পাৰি । ল’ৰা কালটোত ভালদৰে বিদ্যা শিক্ষা আহৰণ কৰিব পাৰি । ডেকা কালত বল বুদ্ধি বেছিকৈ থাকে বাবে বেছিকৈ ধন উপার্জন কৰিব পাৰি । ল’ৰা কাল আৰু ডেকা কালত ভালদৰে কামবােৰ কৰি গ’লে বুঢ়া কালটো সুখেৰে কটাব পাৰি । 

প্রশ্ন ৩। এটা বা দুটা বাক্যত উত্তৰ লিখা –

( ক ) আমি শুবৰ বাবে কিমান সময় খৰচ কৰা উচিত ? 

উত্তৰঃ আমি শুবৰ বাবে সাত – আঠ ঘণ্টা সময় খৰচ কৰা উচিত । 

( খ ) আমি ব্যায়াম বা ধেমালি কৰি কিমান সময় কটোৱা উচিত ? 

উত্তৰঃ আমি ব্যায়াম বা ধেমালি কৰি দুই – তিনি ঘণ্টা সময় কটোৱা উচিত । 

( গ ) স্বাস্থ্যৰ বাবে উপকাৰী কথাবােৰ কি কি ? 

উত্তৰঃ স্বাস্থ্যৰ বাবে উপকাৰী কথাবােৰ হ’ল বিশ্রাম , ব্যায়াম , ধেমালি আদি । 

( ঘ ) শাৰীৰিক কামৰ পাচত কি কাম কৰিব লাগে ? 

উত্তৰঃ শাৰীৰিক কামৰ পাচত ধেমালি কৰিব লাগে । 

( ঙ ) পঢ়া – শুনাৰ পাচত কি কাম কৰিব লাগে ? 

উত্তৰঃ পঢ়া – শুনাৰ পাচত ধেমালি কৰিব লাগে । 

( চ ) গণনাৰ পাচত কি পঢ়িলে ভাল হয় ? 

উত্তৰঃ গণনাৰ পাচত ৰচনা পঢ়িলে ভাল হয় । 

( ছ ) কোন কালত ধন উপার্জন কৰা সহজ হয় ? 

উত্তৰঃ ডেকা কালত ধন উপার্জন কৰা সহজ হয় । 

( জ ) ল’ৰা কালত কি কাম কৰা উচিত ? 

উত্তৰঃ ল’ৰা কালত ভালদৰে পঢ়া – শুনা কৰা উচিত । 

( ঝ ) নিত্য কর্ম কি ? 

উত্তৰঃ নিত্য কর্ম হ’ল গা – ধােৱা , খােৱা , শােৱা আদি কর্মসমূহ । 

প্রশ্ন ৪। বাক্য ৰচনা কৰা –

           ভোঁতা , অপব্যয় , সদব্যৱহাৰ , সংশােধন

উত্তৰঃ ভোঁতা :- বুদ্ধিৰ ছাত্ৰই সহজ বিষয়টোও বুজিবলৈ টান পায় । 

অপব্যয় :- সময় কেতিয়াও অপব্যয় কৰিব নালাগে । 

সদব্যৱহাৰ :- প্রাকৃতিক সম্পদৰ সদ্ব্যৱহাৰ সম্পর্কে মানুহ সজাগ হ’বৰ হল । 

সংশােধন :- আমাৰ ভুলবােৰ সংশােধন কৰি আমি সৎপথেৰে আগুৱাই যােৱা উচিত । 

প্রশ্ন ৫। খালী ঠাই পূৰ কৰা – ( কৃপণ , বাধা , বুঢ়াকালত , সদব্যৱহাৰ , উভতি , উপযুক্ত ) 

( ক ) সময়ৰ ……………… কৰিলে সকলাে উন্নতি হয় । 

উত্তৰঃ সময়ৰ সদব্যৱহাৰ কৰিলে সকলাে উন্নতি হয় । 

( খ ) সময়ৰ নিমিত্তে যিমান ………………. হ’ব লাগে ধনৰ নিমিত্তে সিমান হ’ব নালাগে । 

উত্তৰঃ সময়ৰ নিমিত্তে যিমান কৃপণ হ’ব লাগে ধনৰ নিমিত্তে সিমান হ’ব নালাগে । 

( গ ) ডেকা কালত যি ধন উপার্জন নকৰে , বাকৰিলেও সাঁচি নথয় , সি……………… বৰ দুখ পায় । 

উত্তৰঃ ডেকা কালত যি ধন উপার্জন কৰে , বাকৰিলেও সচি নথয় , সি বুঢ়াকালত বৰ দুখ পায়। 

( ঘ ) ৰিপুবিলাক দুর্দান্ত হােৱাত শিক্ষাত বৰ …………….হয় । 

উত্তৰঃ ৰিপুবিলাক দুর্দান্ত হােৱাত শিক্ষাত বৰ বাধা হয় । 

( ঙ ) ল’ৰাকাল এবাৰ গ’লে ……………… নাহে । 

উত্তৰঃ ল’ৰাকাল এবাৰ গ’লে উভতি নাহে । 

( চ ) ল’ৰাকাল বিদ্যাশিক্ষাৰ ………………. সময় ।

উত্তৰঃ ল’ৰাকাল বিদ্যাশিক্ষাৰ উপযুক্ত সময় ।

প্রশ্ন ৬। ব্যাখ্যা কৰা – 

( ক ) ল’ৰা কালৰে পৰা …………..….উভতি নাহে । 

উত্তৰঃ উক্ত বাক্যশাৰী পাঠ্যপুথিৰ অন্তৰ্গত লম্বােদৰ বৰাৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা ব্যাখ্যা কৰিবলৈ তুলি দিয়া হৈছে । 

ওপৰােক্ত বাক্যশাৰীৰ জৰিয়তে লেখকে বুদ্ধিক কিদৰে কামত খটুৱাই চোকা কৰিব পাৰি আৰু কামত নখটুৱালে কিদৰে বুদ্ধি ভোঁতা হৈ যায় সেই কথাকে বুজাব খুজিছে । 

ল’ৰা কালৰে পৰা নঘঁহিলে বুদ্ধি বেছি ভোঁতা হয় ; পাচতৰ সহজ বিয়য়ত লগালেও সি তাত সােমাব নােৱাৰি উভতি আহে । এই বাক্যশাৰীত বুদ্ধিক এটা বেজীৰ লগত তুলনা কৰা হৈছে । বেজিটো ভোঁটা হলে যিদৰে সহজ বস্তুকো বিন্ধিব নােৱাৰে , সেইদৰে বুদ্ধি ভোঁটা হ’লে সহজ কথাও বুজিব নােৱাৰে । সেয়েহে , বুদ্ধি চোকা কৰিবলৈ ল’ৰা কালতে নানান অভ্যাস কৰিব লাগে । অর্থাৎ সৰুৰে পৰা আমাৰ মগজুটোক ভালদৰে কামত লগালেহে সি তীক্ষ্ণ হ’ব আৰু পিছলৈ যিকোনাে জটিল কামাে সহজেই সমাধান কৰিব পৰা হ’ব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top