Niketan Class 6 Assamese Chapter 20 শিলৰ চোলা

Niketan Class 6 Assamese Chapter 20 শিলৰ চোলা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class VI Assamese Chapter 20 শিলৰ চোলা and select need one.

Niketan Class 6 Assamese Chapter 20 শিলৰ চোলা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 20 শিলৰ চোলা Solutions for All Subjects, You can practice these here.

শিলৰ চোলা

Chapter – 20

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
অজৰ-অমৰমৃত্যু নােহােৱা , ক্ষয় – ক্ষতি নােহােৱা
মেজাঙ্কৰিআদাকৰি গছৰ পাত খােৱা মুগা / এবিধ গছ । ইয়াৰ পাত মুগা পলুৱে খায় ।
মেজাঙ্কৰি পাটৰ মনােমােহা । কাপোৰ অতীজৰ পৰা ৰপ্তানি কৰা হৈছিল ,
ৰজা আৰু সমভ্রান্তলােকে এই বস্তু ব্যৱহাৰ কৰিছিল ।
মেজাঙ্কৰি গছৰ গুটিৰ পৰা উৎপাদন তেলত ‘ চিত্রল ’
নামৰ উপাদান থাকে আৰু ইয়াৰ পৰা ঔষধ প্রস্তুত কৰা হয় ।
সেয়ে মেজাঙ্কৰি এবিধ অর্থকৰী গছ । ইয়াক স্থায়ীভাৱে আদাকৰি গছ বুলিও জনা যায় ।
বাবপদবী
প্রাণদণ্ডমৃত্যু ঘটাবলৈ দিয়া আদেশ
অবুজনবুজিবলৈ চেষ্টা নকৰা লােক
কবিৰাজআয়ুর্বেদ পদ্ধতিৰে চিকিৎসা কৰা লােক
যুদ্ধ-বিগ্রহৰণ
পুথি-পাঁজিকিতাপ
সমস্যাজটিল বিষয়
উধাতু খােৱাভয়তে উশাহ ল’ব নােৱৰা অৱস্থা
অসম্ভৱযিটো সম্ভৱ নহয়
বিষন্নবেজাৰমুৱা
ৰাজসভাৰজাৰ সভা
সকামপ্রয়ােজন

প্রশ্ন ২। চমু উত্তৰ দিয়া-

( ক ) শিলৰ মূৰ্তিটো কোনে সজাইছিল ? 

উত্তৰঃ শিলৰ মূৰ্তিটো ৰজা শিলাদিত্যৰ ককাদেউতাক জলাদিত্যই সজাইছিল ।

( খ ) শিলাদিত্যৰ ককাদেউতাকৰ নাম কি আছিল ? 

উত্তৰঃ শিলাদিত্যৰ ককাদেউতাকৰ নাম জলাদিত্য আছিল । 

( গ ) ৰজা শিলাদিত্যই শিলৰ চোলা কিয় পিন্ধিব খুজিছিল ? 

উত্তৰঃ ৰজা শিলাদিত্যই শিলৰ দৰে অজৰ – অমৰ হ’বলৈ শিলৰ চোলা পিন্ধিব খুজিছিল । 

( ঘ ) ৰজা শিলাদিত্যৰ মন্ত্ৰীৰ জীয়েকৰ নাম কি আছিল ? 

উত্তৰঃ ৰজা শিলাদিত্যৰ মন্ত্ৰীৰ জীয়েকৰ নাম মনােমতী আছিল । 

( ঙ ) মনােমতীয়ে ৰজাক কি কথা কৈ পিতাকৰ জীৱন ৰক্ষা কৰিলে ? 

উত্তৰঃ মনােমতীয়ে ৰজাক শিলৰ চোলা সীবলৈ পানীৰ বেজী লাগে বুলি কৈ পিতাকৰ জীৱন ৰক্ষা কৰিলে । 

( চ ) শিলৰ চোলা দিব নােৱাৰিলে মন্ত্ৰীক কি শাস্তি দিব বুলি ৰজাই কৈছিল ? 

উত্তৰঃ শিলৰ চোলা দিব নােৱাৰিলে মন্ত্ৰীক প্রাণদণ্ড দিব বুলি ৰজাই কৈছিল । 

প্রশ্ন ৩। নাটিকাখন ভালকৈ পঢ়া আৰু নাটিকাখনৰ কাহিনীটো সাধুৰ ৰূপত লিখা । 

উত্তৰঃ এখন দেশত শিলাদিত্য নামেৰে এজন ৰজা আছিল । তেওঁৰ ককাদেউতাকৰ নাম আছিল জলাদিত্য । এদিন ৰজা মন্ত্ৰীৰ সৈতে ৰাজসভাত বহি আছিল । তেনেতে ৰজা শিলাদিত্যৰ ককাদেউতাক জলাদিত্যই নির্মাণ কৰােৱাই থৈ যােৱা শিলৰ মূৰ্তিটোৰ ওপৰত চকু পৰিল । লগে লগে ৰজাৰ মনত এটা কথা খেলালে। তেওঁ ভাবিলে শিলৰ মূৰ্তিটো ৰাজগৃহত ককাদেউতাকৰ দিনৰপৰাই আছে অথচ মূর্তিটো একেই সুন্দৰ হৈ আছে । একো ক্ষয় – ক্ষতি হােৱা নাই । গতিকে তেওঁ যদি শিলৰ চোলা পিন্ধে তেনেহ’লে শিলৰ মূৰ্তিটোৰ দৰেই অজৰ – অমৰ হ’ব । তেওঁ লগে লগে কথাটো মন্ত্রীক ক’লে আৰু সাতদিনৰ ভিতৰত তেওঁক এটা শিলৰ চোলা আনি দিবলৈ মন্ত্রীক আদেশ দিলে । 

শিলৰ চোলা আনি দিব নােৱাৰিলে মন্ত্রীক ফাঁচীকাঠত ওলােমাব বুলিও ক’লে । মত্ৰীয়ে কথাটো , শুনি বিবুদ্ধিত পৰিল । তেওঁ কি কৰিব তাকে ভাবি দুখে বেজাৰে ঘৰ সােমালগৈ । দেউতাকে মন মাৰি ঘৰ সােমােৱা দেখি জীয়েক মনােমতীয়ে ৰাজ্যত কিবা অঘটন হৈছে নেকি সুধিলে । মন্ত্রীয়ে জীয়েকক সকলাে কথা ভাঙি – পাতি ক’লে । কথাটো শুনি মনােমতীয়ে অলপ সময় চিন্তা কৰি মনতে এটা বুদ্ধি পাঙিলে । তাই দেউতাকক সেইকেইদিন ঘৰতে পুথি – পাঁজি পঢ়ি থাকিবলৈ কলে । 

সাতদিনৰ মূৰত মনােমতীয়ে ৰাজসভালৈ গ’ল ৷ ৰাজসভাত ৰজাক লগ ধৰি ক’লে যে দেউতাকে শিলৰ চোলাটো চিলাবলৈ এটা পানীৰ বেজী বিচাৰিছে । শিলৰ চোলা পানীৰ বেজীৰেহে চিলাব পাৰি । মনােমতীৰ কথা শুনি ৰজা চিন্তিত হল । অলপ সময় চিন্তা কৰি তেওঁ মনােমতীৰ বুদ্ধিটো বুজিব পাৰিলে আৰু মনােমতীক তাইৰ বুদ্ধিৰ প্রশংসা কৰি দেউতাকক ৰাজসভালৈ পঠাই দিবলৈ ক’লে । ৰজাই ক’লে যে তেওঁৰ পানীৰ বেজীও নাই আৰু তেওঁক শিলৰ চোলাও নালাগে। 

প্রশ্ন ৪। বাক্য ৰচনা কৰা –

ঘৰ – দুৱাৰ , অজৰ – অমৰ , আথে – বেথে , যুদ্ধ-বিগ্রহ , পুজি- পাঁজি 

উত্তৰঃ ঘৰ-দুৱাৰ :- দেওবাৰ দিনটোত ৰীমাই ঘৰ – দুৱাৰ সকলাে চাফ- চিকুণ কৰে ।

অজৰ-অমৰ :- শিলাদিত্যই শিলৰ চোলা পিন্ধি আজৰ – অমৰ হ’ব বিচাৰিছিল ।

আথে – বেথে :- স্কুলৰ পৰা অহাৰ পিছত সুকুমাৰক মাকে আথে – বেথে জা-জলপান খাবলৈ দিয়ে । 

যুদ্ধ – বিগ্রহ :- সীমান্তত অনবৰতে  যুদ্ধ – বিগ্রহ চলিয়েই থাকে ।

পুথি – পাঁজি :- পাঠ্যপুথিৰ বাদেও বাহিৰা পুথি – পাঁজিও পঢ়িব লাগে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top