Niketan Class 6 Assamese Chapter 16 ভগিনী নিবেদিতা

Niketan Class 6 Assamese Chapter 16 ভগিনী নিবেদিতা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 16 ভগিনী নিবেদিতা and select need one.

Niketan Class 6 Assamese Chapter 16 ভগিনী নিবেদিতা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 16 ভগিনী নিবেদিতা Solutions for All Subjects, You can practice these here.

ভগিনী নিবেদিতা

Chapter – 16

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ 
গুণমুগ্ধকাৰােবাৰ গুণৰ কথা জানি ভােল যােৱা
মনােকষ্টমনত পােৱা কষ্ট
দুৰৱস্থাবৰ বেয়া অৱস্থা
বুদ্ধিদীপ্তজ্ঞানেৰে উজলি থকা
পূর্ণ যৌৱনাগাভৰু
ব্যক্তিত্বকোনাে লােকৰ চৰিত্ৰৰ লক্ষণ
দৃষ্টান্তউদাহৰণ
গুৰুদক্ষিণাগুৰুৰ পৰা বিদায় লওঁতে দিয়া  মাননি

প্রশ্ন ২। প্রশ্নবােৰৰ চমু উত্তৰ দিয়া –

( ক ) ভগিনী নিৱেদিতাৰ প্রকৃত নাম কি আছিল ? তেওঁ কোন দেশৰ মহিলা আছিল ?

উত্তৰঃ ভগিনি নিৱেদিতাৰ প্রকৃত নাম আছিল মার্গাৰেট এলিজাবেথ নবােল । তেওঁ আয়াৰলেণ্ডৰ মহিলা আছিল । 

( খ ) স্ত্রী শিক্ষাৰ বাবে কাম কৰিবলৈ ভগিনী নিৱেদিতাক কোনে প্ৰেৰণা দিছিল ? 

উত্তৰঃ স্ত্রী শিক্ষাৰ বাবে কাম কৰিবলৈ ভগিনী নিৱেদিতাক স্বামী বিবেকানন্দই প্ৰেৰণা দিছিল । বিবেকানন্দৰ এখন চিঠিয়ে তেওঁক এই কামৰ বাবে অতি উৎসাহ যােগাইছিল । 

( গ ) সৰুতে ভগিনী নিৱেদিতা কেনে স্বভাৱৰ ছােৱালী আছিল ? 

উত্তৰঃ সৰুতে ভগিনী নিৱেদিতা কোমল মনৰ আধৰুৱা স্বভাৱৰ ছােৱালী আছিল । দুখীয়া আৰু নিপীড়িত লােকক সহায় কৰি ভাল পাইছিল । দুখীয়া – নিছলা লােকৰ দুখ – কষ্টই তেওঁকো মনােকষ্ট দিছিল। 

( ঘ ) ভাৰতত নিৱেদিতা কাৰ আশ্ৰয়ত থাকি সমাজসেৱা কৰিছিল ? 

উত্তৰঃ ভাৰতত নিৱেদিতা সাৰদাদেৱীৰ আশ্ৰয়ত থাকি সমাজসেৱা কৰিছিল । 

( ঙ ) প্লেগ মহামাৰীতপীড়িতসকললৈ নিৱেদিতাই কেনেদৰে সেৱা আগবঢ়াইছিল ? 

উত্তৰঃ ১৮৯৯ চনত কলকাতা চহৰত প্লেগ মহামাৰীয়ে ভয়ংকৰ ৰূপত দেখা দিছিল । তেতিয়া নিৱেদিতাই প্লেগৰ বিৰুদ্ধে যুঁজিবলৈ চাফাই অভিযান চলাইছিল । পীড়িতসকলৰ চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছিল আৰু তেওঁৰ সুমধুৰ ভাষণ আৰু সাবধানবাণীয়ে আক্রান্তসকলৰ মনলৈ আত্মবিশ্বাস ঘূৰাই আনিছিল । 

( চ ) ভাৰতীয় সমাজৰ মর্মবেদনা বুজাত নিবেদিতাক কিহে সহায় কৰিছিল ? 

উত্তৰঃ ভগিনী নিৱেদিতাই স্বামী বিবেকানন্দৰ সৈতে ভাৰতৰ বিভিন্ন ঠাইভ্রমণ কৰিছিল । তেওঁক এই ভ্রমণে ভাৰতীয় সমাজৰ মর্মবেদনা বুজাত সহায় কৰিছিল । 

( ছ ) স্বামী বিবেকানন্দৰ প্রতি নিৱেদিতাৰ ‘ গুৰুদক্ষিণা ’ কি আছিল ? 

উত্তৰঃ নিৱেদিতাই ত্যাগ আৰু সমর্পণৰ মাজেৰে সমাজসেৱা কৰি গৈছিল।এইয়াই আছিল স্বামী বিবেকানন্দৰ প্ৰতি তেওঁৰ প্রকৃত ‘ গুৰু দক্ষিণা ‘ । 

( জ ) কেতিয়াৰে পৰা স্বামী বিবেকানন্দৰ নাম জগতত ফাটি-ফুটি গৈছিল ? 

উত্তৰঃ আমেৰিকাৰ চিকাগাে চহৰত অনুষ্ঠিত হােৱা ধর্মসভাত বক্তৃতা দিয়াৰ পাছৰে পৰা জগতত স্বামী বিবেকানন্দৰ নাম ফাটি – ফুটি গৈছিল। 

( ঝ ) ভগিনী নিৱেদিতাই স্বামী বিবেকানন্দৰ বক্তৃতাৰ পৰা কেনেদৰে উপকৃত হৈছিল ?

উত্তৰঃ ভগিনী নিৱেদিতাই স্বামী বিবেকানন্দৰ বক্তৃতাত মানৱতাৰ গান শুনিবলৈ পাইছিল । ভাৰতৰ প্রাচীন সভ্যতা আৰু ইয়াৰ উজ্জ্বল পৰম্পৰা সম্পর্কে জানিব পাৰিছিল । তদুপৰি তেওঁ পৰাধীন ভাৰতৰ জনগণৰ দুৰৱস্থা আৰু সমাজ সংস্কাৰৰ আৱশ্যকতাৰ বিষয়েও জানিব পাৰিছিল । এনেদৰেই ভগিনী নিৱেদিতা স্বামী বিবেকানন্দৰ বক্তৃতা শুনি উপকৃত হৈছিল । 

( ঞ ) মাতৃ সাদা দেৱী কোন আছিল ? 

উত্তৰঃ মাতৃ সাদা দেৱী আছিল শ্ৰীৰামকৃষ্ণ পৰমহংসৰ পত্নী । 

প্রশ্ন ৩। যি দেশত বা পৰিয়ালত নাৰীৰ অৱস্থা ভাল নহয় , তেওঁলােকক সন্মান কৰা নহয় বা উপযুক্ত স্থান দিয়া নহয় , সেই দেশৰ উন্নতিৰ বাবে তেওঁ কি পৰামর্শ দিছিল ? 

উত্তৰঃ যি দেশত বা পৰিয়ালত নাৰীৰ অৱস্থা ভাল নহয় , তেওঁলােকক সন্মান কৰা নহয় বা উপযুক্ত স্থান দিয়া নহয় , সেই দেশৰ বা পৰিয়ালৰ উন্নতি আশা কৰাটো বৃথা । এই কথা স্বামী বিবেকানন্দই কৈছিল । মহিলাৰ উন্নতিৰ বাবে তেওঁ মহিলাসকলৰ অৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ , তেওঁলােকক শিক্ষিত কৰিবলৈ , তেওঁলােকক সক্ষম কৰি আত্মবিশ্বাস গঢ়ি তুলিবলৈ আৰু তেওঁলােকক সন্মান কৰিবলৈ পৰামর্শ দিছিল । লগতে তেওঁ এই কামৰ বাবে এখন আদর্শ মঠ আৰম্ভ কৰাৰ কথাও কৈছিল । 

প্রশ্ন ৪। ভগিনী নিৱেদিতাই ভাৰতৰ স্বাধীনতা আন্দোলনত কেনেদৰে ভাগ লৈছিল ? 

উত্তৰঃ ভগিনি নিৱেদিতাই সমাজসেৱাৰ উপৰি ভাৰতৰ স্বাধীনতা আন্দোলনতাে অংশগ্রহণ কৰিছিল । বিশেষকৈ স্বদেশী আন্দোলনত তেওঁ উল্লেখযােগ্য ভূমিকা পালন কৰিছিল । তদুপৰি ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্রস্তুত কৰোতেও তেওঁ সহায় কৰিছিল । 

প্রশ্ন ৫। বাক্য ৰচনা কৰা –

দুখীয়া – নিচলা , ফাটি-ফুটি , সহায় – অসহায় , দুখ-কষ্ট , বৃথা, সমাগম , প্রতিফল 

উত্তৰঃ দুখীয়া – নিচলা :- ড° বৰুৱাই দুখীয়া – নিচলাক সহায় কৰি ভাল পায় ।

ফাটি-ফুটি :- ডাক্তৰ হিচাপে তেওঁৰ খ্যাতি জগতত ফাটি – ফুটি পৰিছে। 

দুখ-কষ্ট :- আনৰ দুখ-কষ্টহে নিৱেদিতাকো মনােকষ্ট দিয়ে । 

বৃথা :- কষ্ট নকৰাকৈ ভাল ফল আশা কৰা বৃথা । 

সমাগম :- ধর্মসভাখনত মানুহৰ সমাগম দেখি মনটো ভাল লাগি গল । 

প্রতিফল :- ৰাতুলে কু-কৰ্মৰ প্ৰতিফল হাতে হাতে পালে । 

অতিৰিক্ত প্রশ্নোত্তৰ :-

প্রশ্ন ১। ভাৰতত সমাজসেৱা কৰাৰ বাবে নিবেদিতাক উদ্বুদ্ধ কৰা সন্ন্যাসীজন কোন আছিল ? 

উত্তৰঃ ভাৰতত সমাজসেৱাৰ বাবে নিৱেদিতাক উদ্বুদ্ধ কৰা সন্ন্যাসীজন আছিল স্বামী বিবেকানন্দ। 

প্রশ্ন ২। ভগিনী নিৱেদিতাৰ বৃত্তি কি আছিল ? 

উত্তৰঃ ভগিনী নিৱেদিতাৰ বৃত্তি আছিল শিক্ষকতা। 

প্রশ্ন ৩। নিৱেদিতাৰ মাক – দেউতাকৰ নাম কি আছিল ? 

উত্তৰঃ নিৱেদিতাৰ মাকৰ নাম মেৰী হেমিণ্টন আৰু দেউতাকৰনাম ৰেভাৰেণ্ড ছেমুৱেল নবােল । 

প্রশ্ন ৪। মার্গাৰেট এলিজাবেথৰ নাম কেতিয়াৰ পৰা ভগিনী নিৱেদিতা হয় ? 

উত্তৰঃ ১৮৯৮ চনত মার্গাৰেট এলিজাবেথে ব্রহ্মচর্য ব্রত গ্রহণ কৰিলে আৰু তেতিয়াৰ পৰাই তেওঁ ভগিনী নিৱেদিতা নামেৰে জনাজাত হ’ল । 

প্রশ্ন ৫। ভগিনী নিৱেদিতাই স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবে কি কি কাম কৰিছিল ? 

উত্তৰঃ ভগিনি নিৱেদিতাই স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবে ভালেমান কাম কৰিছিল । তেওঁ কলকাতাত এখন বিদ্যালয় স্থাপন কৰিছিল আৰু বিভিন্ন ঠাইত নাৰী শিক্ষাৰ ব্যৱস্থা কৰিছিল । তদুপৰি তেওঁ তেওঁৰ সকলাে উপার্জন নাৰী শিক্ষাৰ বাবে খৰচ কৰিছিল । 

প্রশ্ন ৬। ভগিনী নিৱেদিতাৰ মৃত্যু কিমান চনত হৈছিল ? 

উত্তৰঃ ভগিনী নিৱেদিতাৰ মৃত্যু ১৯১১ চনৰ ১৩ অক্টোবৰ তাৰিখে হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top