Niketan Class 5 Social Chapter 9 জীৱিকা আৰু পৰম্পৰ নিৰ্ভৰশীলতা

Niketan Class 5 Social Chapter 9 জীৱিকা আৰু পৰম্পৰ নিৰ্ভৰশীলতা, Sankardev Sishu Niketan Chapter 9 জীৱিকা আৰু পৰম্পৰ নিৰ্ভৰশীলতা Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 9 জীৱিকা আৰু পৰম্পৰ নিৰ্ভৰশীলতা

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 9 জীৱিকা আৰু পৰম্পৰ নিৰ্ভৰশীলতা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

জীৱিকা আৰু পৰম্পৰ নিৰ্ভৰশীলতা

Chapter – 9

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। জীৱিকাৰ পৰস্পৰ নিৰ্ভৰশীলতা বুজাবলৈ তলত দিয়া তালিকাখন সম্পূর্ণ কৰা । 

( খ ) অংশটো পূৰ কৰিবলৈ বৃত্তিবােৰ ।

( গ ) অংশৰ পৰা বাছি ল’বা । 

( ক ) জীৱিকা ( খ ) পৰম্পৰ নিৰ্ভৰশীলতা( গ ) বিভিন্ন জীৱিকা
শিপিনী১।২।পশু চিকিৎসক নাৰ্ছ
চিকিৎসক১।২।জাল গােঠা মানুহ বিচাৰক
মাছমৰীয়া১।২।মহৰি কাপােৰৰ দোকানী
উকীল১।২।সূতা ব্যৱসায়ী গৰখীয়া
গুৱাল১।২।ঔষধ বেচোতা মাছ বেপাৰী

উত্তৰঃ

( ক ) জীৱিকা ( খ ) পৰম্পৰ নিৰ্ভৰশীলতা( গ ) বিভিন্ন জীৱিকা
শিপিনী১। সূতা ব্যৱসায়ী ২। কাপােৰৰ দোকানীপশু চিকিৎসক নাৰ্ছ
চিকিৎসক১। নাৰ্ছ ২। ঔষধ বেচোতাজাল গােঠা মানুহ বিচাৰক
মাছমৰীয়া১। জাল গােঠা মানুহ ২। মাছ বেপাৰীমহৰি কাপােৰৰ দোকানী
উকীল১। বিচাৰক ২। মহৰিসূতা ব্যৱসায়ী গৰখীয়া
গুৱাল১। পশু চিকিৎসক ২। গৰখীয়াঔষধ বেচোতা মাছ বেপাৰী

প্রশ্ন ২। জীৱিকাৰ পৰস্পৰ নিৰ্ভৰশীলতা বুজাবলৈ তােমাৰ নিজৰ অভিজ্ঞতা এটা লিখা । 

উত্তৰঃ জীৱিকাৰ পৰস্পৰ নিৰ্ভৰশীলতা সম্পৰ্কত মােৰ নিজৰ এটা অভিজ্ঞতা এনেকুৱা আমাৰ ঘৰত তিনিজনী খীৰতি গাই আছে । গাখীৰ বিক্ৰী কৰাটো আমাৰ পৰিয়ালৰ জীৱিকাৰ অন্যতম উপায় । কিন্তু গাই কেইজনীৰ খাদ্য , যেনে— ধান খেৰ , ঘাঁহ , মল , চাপৰ আদিৰ বাবে আমি আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে । আমি আন মানুহৰ পৰা ধান খেৰ কিনা ঘাঁহ কটীয়াই পইচাৰ বিনিময়ত আমাক ঘাঁহৰ যােগান ধৰে । চাউলৰ মল , চাপৰ আদি দোকান বা মিলৰ পৰা কিনি আনাে । অর্থাৎ এইবােৰ বস্তু বিক্ৰী কৰি জীৱিকা চলােৱা মানুহবােৰ আমাৰ দৰে গ্ৰাহকৰ ওপৰত নিৰ্ভৰশীল । এয়াই হৈছে জীৱিকাৰ পৰম্পৰ নিৰ্ভৰশীলতা । 

প্রশ্ন ৩। সাধাৰণতে তুমি কোনবােৰ বৃত্তিৰ লােকৰ সহায় লােৱা ? 

উত্তৰঃ মই সাধাৰণতে শিক্ষা , কৃষি , কিতাপ – পত্ৰৰ ব্যৱসায় , চিকিৎসা , কাপােৰ ব্যৱসায় , নাপিত , গুৱাল আদি বৃত্তিৰ লােকৰ সহায় লওঁ ।

প্রশ্ন ৪। গৰখীয়া আৰু খেতিয়কৰ মাজত পৰস্পৰ নির্ভশীলতা আছেনে ? চমুকৈ বুজাই লিখা । 

উত্তৰঃ আছে । খেতিয়কে গৰু চোৱাচিতা কৰাৰ বাবে গৰখীয়াৰ ওপৰত নিৰ্ভৰ কৰিব লাগে । গৰখীয়াই গৰু ৰাখিলেহে খেতিয়কৰ খেতি আৰু খেতিপথাৰ সুৰক্ষিত হৈ থাকে । আনহাতে , গৰখীয়াই নিজৰ জীৱিকাৰ বাবে খেতিয়কৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে ।

প্রশ্ন ৫। কৃষি বনুৱাই খেতি পথাৰত কাম কৰাৰ বাহিৰেও আন কি কি কাম কৰিব পাৰে ? 

উত্তৰঃ কৃষি বনুৱাই খেতি পথাৰত কাম কৰাৰ বাহিৰেও আজৰি সময়ত বাঁহ বেতৰ নানান সা – সঁজুলি তৈয়াৰ কৰা , তামােল , নাৰিকল আদিৰ ব্যৱসায় কৰা , বজাৰ সমাৰ কৰা , সামাজিক কামত জড়িত হােৱা আদি বিভিন্ন কাম কৰিব পাৰে । 

প্রশ্ন ৬। চমুকৈ উত্তৰ দিয়া –

( ক ) মনােৰমাই ডাক ঘৰত জমা থােৱা ধনেৰে কি কৰিব বুলি ভাবিছে ? 

উত্তৰঃ জীয়েক মাধুৰিৰ উচ্চ শিক্ষাৰ বাবে খৰচ কৰিব বুলি ভাবিছে ।

( খ ) মনেশ্বৰ আৰু তাৰিণীয়ে কেনেদৰে সংসাৰ চলায় ? 

উত্তৰঃ মনেশ্বৰ আৰু তাৰিণীয়ে হৰিচৰণৰ পৰা পােৱা মজুৰীৰে সংসাৰ চলায় ।

( গ ) কিশােৰে কেনেকৈ পইচা উপার্জন কৰে ? 

উত্তৰঃ কিশােৰে তাৰ পাৱাৰ টিলাৰখনেৰে আন খেতিয়কৰ মাটি চহাই পইচা উপার্জন কৰে ।

( ঘ ) চুমিব পাঁচ বছৰীয়া ছােৱালীজনীৰ কাপােৰ কানিৰ খৰচ কোনে দিয়ে ? 

উত্তৰঃ ড° মনােৰঞ্জন হালৈ আৰু সুদক্ষিণা হালৈয়ে । 

( ঙ ) এজন গুৱালে কাৰ কাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ? 

উত্তৰঃ গৰখীয়া আৰু পশুচিকিৎসকৰ ওপৰত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top