Niketan Class 5 Social Chapter 6 আর্যসকলৰ শাসন ব্যৱস্থা জন, জনপদ আৰু মহাজনপদ

Niketan Class 5 Social Chapter 6 আর্যসকলৰ শাসন ব্যৱস্থা জন, জনপদ আৰু মহাজনপদ, Sankardev Sishu Niketan Chapter 6 আর্যসকলৰ শাসন ব্যৱস্থা জন, জনপদ আৰু মহাজনপদ Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 6 আর্যসকলৰ শাসন ব্যৱস্থা জন, জনপদ আৰু মহাজনপদ

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 6 আর্যসকলৰ শাসন ব্যৱস্থা জন, জনপদ আৰু মহাজনপদ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

আর্যসকলৰ শাসন ব্যৱস্থা জন, জনপদ আৰু মহাজনপদ

Chapter – 6

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) ১৬ খন মহাজনপদৰ ভিতৰত কোনখন আটাইতকৈ শক্তিশালী হৈছিল ? 

উত্তৰঃ মগধ । 

( খ ) বাসৱাদত্তা কোন অছিল ? তেওঁক কোনে বিয়া কৰাইছিল ? 

উত্তৰঃ বাসৱাদত্তা অৱন্তিৰ ৰজা চন্দ্ৰপ্ৰদ্যুৎ মহাসেনাৰ জীয়ৰী । তেওঁক বৎসৰ ৰজা উদয়নে বিয়া কইছিল । 

( গ ) মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি ? 

উত্তৰঃ পুৰু অৰু ভৰত । 

( ঘ ) মহাজনপদৰ অর্থনৈতিক ভেটি কি আছিল ? 

উত্তৰঃ কৃষি । 

( ঙ ) কি কাৰণত মহাজন পদসমূহত কলা-কুশলী লােকে নতুন নতুন বৃত্তি গ্রহণ কৰিছিল ?

উত্তৰঃ মহাজনপদসমূহৰ অর্থনীতি যেতিয়া সবল হৈ উঠিছিল তেতিয়া জনসাধাৰণে লাহ – বিলাহ কৰিবলৈ উৎসাহিত হৈ পৰিছিল । তাৰ ফলত আ – অলংকাৰ , কাপােৰ কানি , সাভ – বাচন আদিৰ ব্যৱহাৰ বেছি হৈছিল । এনে পৰিস্থিতিত অনেক কলা কুশলীলােক সময় সুযােগ লৈ পশুপালন বা কৃষিকার্য এৰি নতুন বৃত্তি গ্রহণ কৰিছিল । বাঢ়ৈ , কমা , সােণাৰি , চিত্ৰকৰ আদি শ্রেণীৰ এনেদৰেই সৃষ্টি হৈছিল ।

( চ ) মহাজনপদত খেতিয়ক আৰু পশুপালনৰ উপৰি কি কি বৃত্তিৰ লােক আছিল ? পাঁচটাৰ নাম লিখা ।

উত্তৰঃ বাঢ়ৈ , সােণাৰি , কমাৰ , তাঁতী আৰু চিত্ৰকৰ । 

( ছ ) বেহা – বেপাৰৰ বিনিময় প্রথা কাক বােলে ?

উত্তৰঃ বেহা – বেপাৰত বস্তুৰ সলনি বস্তু দিয়া – লােৱাৰ প্ৰথাটোকে বিনিময় প্রথা বােলে । 

( জ ) ‘ বালি ’ আৰু ‘ ভাগ ’ কি ? 

উত্তৰঃ মহাজনপদসমূহত প্রজাসকলে খেতি কৰা মাটিৰ ওপৰত দিব লগা কৰক ‘ বালি ’ আৰু উৎপন্ন বস্তুৰ ওপৰত দিব লগা কৰক ‘ ভাগ ’ বুলি কোৱা হৈছিল ।

( ঝ ) লােৰ সঁজুলিবােৰে মহাজনপদৰ অর্থনীতিক কেনেদৰে সহায় কৰিছিল ? 

উত্তৰঃ মহাজনপদসমূহৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি । সেই সময়ত লােৰে তৈয়াৰ কৰা বিভিন্ন সঁজুলি— দা – কুঠাৰ , কোৰ , নাঙলৰ ফাল আদিৰ ব্যাপক প্রচলন হৈছিল । এইবােৰৰ সহায়ত মানুহে খেতিৰ বাবে নতুন নতুন মাটি মােকলাই লৈ কৃষি কর্মত লাগি পৰিছিল। ইয়াৰ ফলত কৃষি উৎপাদন যথেষ্ট বাঢ়িছিল আৰু ইয়ে মহাজনপদসমূহৰ অর্থনীতি সবল হৈ পৰিছিল ।

( ঞ ) কোনজন ৰজাই প্রথমে স্থায়ী সৈন্যবাহিনী ৰখাৰ নিয়ম কৰিছিল ? 

উত্তৰঃ মগধৰ ৰজা বিম্বিসাৰে ।

( ট ) কোনজন ৰজাই পােন প্রথমবাৰৰ বাবে ‘ সেনাপতি ’ নিয়ােগ কৰিছিল ? 

উত্তৰঃ কোশলৰ ৰজা প্রসেনজিতে ।

( ঠ ) মগধৰ কোনজন ৰজাৰ শাসন কালত আলেকজেণ্ডাৰে ভাৰত আক্রমণ কৰিছিল ? 

উত্তৰঃ ৰজা ধনানন্দৰ শাসনকালত ।

( ড ) জনপদসমূহ স্থাপিত হােৱাৰ পাছত সমাজত কোনকেইটা বর্ণৰ ( জাতি ) সৃষ্টি হৈছিল ? 

উত্তৰঃ চাৰিটা বর্ণ ( জাতি ) ৰ সৃষ্টি হৈছিল — ব্রাহ্মণ , ক্ষত্রিয় , বৈশ্য আৰু শূদ্র । 

( ঢ ) মহাজন পদসমূহৰ ভিতৰত থকা এখন বিশ্ববিদ্যালয়ৰ নাম লিখা । 

উত্তৰঃ তক্ষশিলা বিশ্ববিদ্যালয় । 

( ণ ) মহাজনৰ শিক্ষানুষ্ঠানত কি কি বিষয়ৰ অধ্যয়ন কৰা হৈছিল ? 

উত্তৰঃ মহাজনপদৰ শিল্পানুষ্ঠানত ধর্মীয় বিষয়ৰ লগতে কলা – সংস্কৃতি , ৰাজনীতি , অর্থনীতি , স্থাপত্য – ভাস্কর্য আদি বিভিন্ন বিষয়ৰ অধ্যয়ন কৰা হৈছিল । 

( ত ) লিপিৰ ব্যৱহাৰে মহাজনপদসমূহৰ শাসন ব্যৱস্থাত কেনেধৰণৰ সহায় কৰিছিল ? 

উত্তৰঃ মহাজনপদসমূহত লিপিৰ ব্যৱহাৰ অতি প্রয়ােজনীয় লিপিৰ সহায়ত হিচাপ নিকাচ ৰখা হৈছিল । আনহাতে দূৰ দূৰণিলৈ খবৰ পঠিয়াবলৈও ৰজাসকলে লিপিৰ সহায় লৈছিল ।

প্রশ্ন ২। ১৬ খন মহাজনপদৰ নাম লিখা । 

উত্তৰঃ ( ১ ) অংগ , ( ২ ) মগধ , ( ৩ ) বৃজি , ( ৪ ) কাশী , ( ৫ ) কোশল , ( ৬ ) মল্ল , ( ৭ ) চেদী , ( ৮ ) বৎস , ( ৯ ) কুৰু , ( ১০ ) পাঞ্চাল , ( ১১ ) মৎস্য , ( ১২ ) শূশন , ( ১৩ ) অস্মক , ( ১৪ ) অৱতী , ( ১৫ ) গান্ধাৰ , ( ১৬ ) কম্বােজ । 

প্রশ্ন ৩। তলত দিয়াবােৰৰ সংজ্ঞা লিখা –

           গৃহপতি , ৰাজন্য , ৰাজন , জয়পদ , মহাজনপদ , শেঠী ।

উত্তৰঃ গৃহপতি :- আৰ্যসকলৰ শাসন ব্যৱস্থাত পৰিয়ালৰ মুখ্য লােকজনক গৃহপতি বােলা হৈছিল। 

ৰাজন্য :- জনৰ প্রতি পত্তিশালী লােককেই জনক ৰাজন্য বােলা হৈছিল । 

ৰাজন :- ‘ জন ’ ৰ পৰা বাছি লােৱা যুদ্ধত নেতৃত্ব দিয়া মুখীয়াল ব্যক্তিজনক ৰাজন বােলা হৈছিল । 

জনপদ :- জনপদ হৈছে জনৰ আৰ্যসকল নিগাজিকৈ থাকিবলৈ লােৱা অঞ্চল । 

মহাজনপদ :- যিবােৰ জনপদ শক্তিশালী হৈ উঠি ওচৰৰ দুর্বল জনপদৰ ওপৰত প্রভুত্ব বিস্তাৰ কৰিছিল সেইবােৰ হৈছে মহাজনপদ । 

শেঠী :- দূৰ দূৰণিলৈ ব্যৱসায় কৰিবলৈ যােৱা এটা ব্যৱসায়ী শ্রেণী । 

প্রশ্ন ৪। চাৰিটা বৰ্ণ সৃষ্টিৰ জৰিয়তে কামৰ বিভাজন কেনেদৰে হৈছিল ? 

উত্তৰঃ আৰ্যসকলৰ শাসন ব্যৱস্থাত চাৰিটা বর্ণ সৃষ্টি কৰি প্ৰতিটো বৰ্ণৰ মাজত কামৰ বিভাজন কৰি দিয়া হৈছিল । সেই অনুসাৰে ব্ৰাহ্মণসকলৰ দায়িত্ব আছিল— যাগ – যজ্ঞ , পূজা – পতল ; ক্ষত্রিয়সকলৰ দায়িত্ব আছিল — যুদ্ধ – বিগ্রহত ভাগ লােৱা ; বৈশ্যসকলৰ দায়িত্ব আছিল — বেপাৰ-বাণিজ্য কৰা , আৰু শূদ্ৰসকলৰ দায়িত্ব আছিল— প্রথম তিনিওটা শ্রেণীকে সেৱা আগবঢ়োৱা । 

প্রশ্ন ৫। খাল ঠাই পূৰণ কৰা –

( ক ) প্ৰাৰম্ভিক কালত ‘ জন ‘সমূহ আছিল ………….. সমাজ । 

উত্তৰঃ প্ৰাৰম্ভিক কালত ‘ জন ’সমূহ আছিল পশুপালকৰ সমাজ । 

( খ ) প্রতিখন ‘ জন ’তে …………… আৰু …………. নামে দুটা অনুষ্ঠান আছিল । 

উত্তৰঃ প্রতি ‘ জন ‘তে সভা আৰু সমিতি নামে দুটা অনুষ্ঠান আছিল । 

( গ ) ‘ জন ‘ত আৰ্যসকলে নিগাজিকৈ থাকিবলৈ লােৱা অঞ্চলক…………….বােলা হৈছিল । 

উত্তৰঃ ‘ জন ‘হ আৰ্যসকলে নিগাজিকৈ থাকিবলৈ লােৱা অঞ্চলক জনপদ বােলা হৈছিল । 

( ঘ ) ফৈদবোৰ আছিল একো একোটি …………….।

উত্তৰঃ ফৈদৰবাৰ আছিল একো একোটি পৰিয়াল। 

প্রশ্ন ৬। প্ৰাৰম্ভিক কালৰ আৰ্যসকলৰ মাজত থকা ৫ টা ফৈদৰ নাম লিখা। 

উত্তৰঃ ঈক্ষাকু , পুৰু , অনু , ভৰত আৰু যদু । 

প্রশ্ন ৭। মগধ ৰাজ্য শক্তিশালী হােৱাৰ পাঁচটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ মগধৰাজ্য শক্তিশালী হােৱাৰ পাঁচটা কাৰণ হৈছে— 

( ১ ) মগধ সামাজিক শক্তিসু – সংগঠিত আছিল । ভাৰতৰ সমৰ ইতিহাসত পােন প্রথমবাৰৰ বাবে যুদ্ধত হাতী ব্যৱহাৰ হৈছিল মগধ ৰাজ্যত । 

( ২ ) ৰাজ্য পৰিচালনাৰ বাবে সুদক্ষ বিষয়া বৰ্গক নিয়ােগ কৰা হৈছিল । 

( ৩ ) মগধৰ যােগাযােগ ব্যৱস্থা বেহা – বেপাৰৰ বাবে সুচল আছিল । 

( ৪ ) মগধৰ ৰাজধানী পাটলিপুত্র প্রাকৃতভাৱে অতি সুৰক্ষিত আছিল । 

( ৫ ) মগধ ৰাজ্যৰ কেইবা ঠাইতাে লােৰ আকৰৰ খনি আছিল । অস্ত্র – শস্ত্ৰ আৰু অন্যান্য সঁজুলি তৈয়াৰ কৰাত মগধৰ লােক পাৰ্গত আছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top