Niketan Class 5 Social Chapter 4 বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা

Niketan Class 5 Social Chapter 4 বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা, Sankardev Sishu Niketan Chapter 4 বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 4 বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 4 বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

বিশ্বৰ প্রাচীন সভ্যতাসমূহ আৰু ভাৰতৰ সিন্ধু সভ্যতা

Chapter – 4

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া – 

( ক ) নদী উপত্যকা গঢ় লৈ উঠা দুটা প্রাচীন সভ্যতাৰ নাম লিখা । 

উত্তৰঃ মিচৰীয় সভ্যতা আৰু মেছােপ’টেমীয়া সভ্যতা । 

( খ ) সকলাে প্রাচীন সভ্যতা নদীভিত্তিক নাছিল , তাকে বুজাবলৈ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ মায়া সভ্যতা আৰু ইস্কা সভ্যতা নদী নথকা অঞ্চলত গঢ় লৈ উঠিছিল ।

( গ ) সিন্ধু সভ্যতাত কি কি ধাতুৰ ব্যৱহাৰ হৈছিল ? 

উত্তৰঃ সিন্ধু সভ্যতাত সােণ , ৰূপ , ব্রঞ্জ আৰু তাম ধাতুৰ ব্যৱহাৰ হৈছিল । 

( ঘ ) হৰপ্পা আৰু মহেঞ্জোদাৰো বর্তমান কোন দেশৰ অন্তৰ্গত ? 

উত্তৰঃ হৰপ্পা ভাৰতবৰ্ষৰ ( পঞ্জাৱ ৰাজ্য ) আৰু মহেঞ্জোদাৰাে পাকিস্তানৰ ( সিন্ধ প্রদেশ )।

( ঙ ) সিন্ধু সভ্যতাৰ লােকসকলে ব্যৱহাৰ কৰা লিপি কি মূলৰ ? 

উত্তৰঃ দ্রাবিড় মূলৰ । 

( চ ) সিন্ধু সভ্যতাৰ মহিলাসকলৰ বেশ – ভূষা কেনেধৰণৰ আছিল ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ মহিলাসকলে কপাহী কাপােৰৰ চিলােৱা সাজ পিন্ধিছিল । তেওঁলােকে সােণ – ৰূপৰ গহণা পিন্ধিছিল আৰু খােপা বান্ধিছিল । লাহ – বিলাহৰ সামগ্রী যেনে — হাতী দাতৰ ফণি , ব্ৰঞ্জৰ আইনা , লিপষ্টিক , মুখত ঘহা পাউদাৰ আৰু মূল্যবান ৰত্নও তেওঁলােকে ব্যৱহাৰ কৰিছিল । 

( ছ ) সিন্ধু সভ্যতাৰ লোকে বেহা – বেপাৰৰ বাবে কি কি ব্যৱস্থা কৰিছিল ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ লােকে বেহা – বেপাৰৰ বাবে গৰুগাড়ী , নাও আৰু সাগৰীয় জাহাজ ব্যৱহাৰ কৰিছিল । বস্তু জুখিবৰ বাবে তেওঁলােকে দগা- পাল্লাৰাে ব্যৱহাৰ কৰিছিল ।

( জ ) সিন্ধু সভ্যতাৰ লােকে কেনেধৰণৰ খেল – ধেমালি কৰিছিল ? 

উত্তৰঃ দবা খেল খেলিছিল । শিশুৰ বাবে খেলনা আৰু , পুতলাৰ প্ৰচলন আছিল । 

( ঝ ) সিন্ধু সভ্যতাৰ মােহৰবােৰ কেনে আছিল ? 

উত্তৰঃ সিন্ধু সভ্যতাৰ মােহৰবােৰত বিভিন্ন দেৱ – দেৱীৰ ছবি খােদাই কৰা আছিল । কিছুমান মােহৰত বলধ , বাঘ , ম’হ , ছাগলী , হাতী আদিৰ ছবিও আছিল । 

প্রশ্ন ২। খালী ঠাই পূৰণ কৰা –

( ক ) …………… নদীৰ পাৰত সিন্ধু সভ্যতা গঢ়ি উঠিছিল । 

উত্তৰঃ সিন্ধু।

( খ ) সিন্ধু সভ্যতা আছিল উৎকৃষ্ট …………… পৰিকল্পনাৰ নিদর্শন । 

উত্তৰঃ নগৰ ।

( গ ) ……………… নগৰত এটা বৃহৎ শস্যৰ ভঁৰাল আৱিষ্কৃত হৈছিল । 

উত্তৰঃ হৰপ্পা । 

( ঘ ) সিন্ধু সভ্যতাৰ বৃহৎ ৰাজহুৱা স্নানাগাৰটো …………. নগৰত আৱিষ্কাৰ হৈছিল । 

উত্তৰঃ মহেঞ্জোদাৰাে।

( ঙ ) সিন্ধু সভ্যতাৰ আৱিষ্কাৰ হােৱা মােহৰবােৰত ভালেমান……………ছবি আছিল । 

উত্তৰঃ দেৱ – দেৱীৰ।

প্রশ্ন ২। সিন্ধু সভ্যতা ধ্বংস হােৱাৰ কাৰণ কি কি বুলি অনুমান কৰা হয় ? 

উত্তৰঃ সিন্ধু সভ্যতা ধ্বংস হােৱাৰ কাৰণ হিচাপে কোনাে কোনাে পণ্ডিতে অনুমান কৰে যে আর্যসকলৰ আক্ৰমণত এই সভ্যতা ধ্বংসপ্রাপ্ত হয়। আন এচাম পণ্ডিতৰ মতে বানপানী বা খৰাং বতৰত জুৰুলা হৈ সিন্ধু সভ্যতা ধ্বংস হ’ল । বহুতে কয় ভূমিস্খলনৰ দৰে প্রাকৃতিক দুর্যোগত পৰি এই সভ্যতা ধ্বংসপ্রাপ্ত হৈছিল । আন কিছুমানৰ মতে , সিন্ধু সভ্যতাৰ লােকে লোৰ ব্যৱহাৰ নজনাৰ বাবেহে এই সভ্যতা তিষ্ঠি থাকিব নােৱাৰিলে ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top