Niketan Class 5 Social Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Niketan Class 5 Social Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ, Sankardev Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 17 পৃথিৱীৰ জলভাগ আৰু স্থলভাগ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

পৃথিৱীৰ জলভাগ আৰু স্থলভাগ

Chapter – 17

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। মহাসাগৰ কেইখন আৰু কি কি ? 

উত্তৰঃ মহাসাগৰ পাঁচখন । সেইবোৰ হ’ল ―

১। প্রশান্ত মহাসাগৰ ( Pacific Ocean ) । 

২। আটলান্টিক মহাসাগৰ Atlantic Ocean ) । 

৩। ভাৰত মহাসাগৰ ( Indian Ocean ) ।

৪। উত্তৰ মহাসাগৰ ( Arctic Ocean ) । আৰু 

৫। দক্ষিণ মহাসাগৰ ( South Ocean ) । 

প্রশ্ন ২। কোনখন মহাসাগৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ দ ? মহাসাগৰখনৰ গড় গভীৰতা কিমান ? 

উত্তৰঃ প্রশান্তমহাসাগৰ।ইয়াৰ গভীৰতা ৪,০২৮ মিটাৰ । 

প্রশ্ন ৩। পৃথিৱীৰ ভিতৰত মহাসাগৰৰ কোনটো অঞ্চল আটাইতকৈ দ ? ইয়াৰ গভীৰতা কিমান ? 

উত্তৰঃ প্রশান্ত মহাসাগৰৰ ‘ মেৰিয়ান ট্রেন্স ’ অঞ্চল। ইয়াৰ গভীৰতা ১১,৭৬৬ । মিটাৰ ।

প্রশ্ন ৪। খালী ঠাই পূৰণ কৰা –

( ক ) জাপান আৰু নিউজিলেণ্ড হ’ল …………….. মহাসাগৰৰ দ্বীপ । 

উত্তৰঃ জাপান আৰু নিউজিলেণ্ড হ’ল প্রশান্ত মহাসাগৰৰ দ্বীপ ।

( খ ) সাগৰৰ জাহাজ চলা নির্দিষ্ট পথবােক ………….. বোলে ।

উত্তৰঃ সাগৰৰ জাহাজ চলা নির্দিষ্ট পথবােৰক সাগৰীয় পথ বােলে । 

( গ ) চেন্নাইত থকা প্রসিদ্ধ সমুদ্র তীৰটোৰ নাম …………..।

উত্তৰঃ চেন্নাইত থকা প্রসিদ্ধ সমুদ্র তীৰটোৰ নাম মেৰিনা । 

( ঘ ) দক্ষিণ মহাসাগৰখন ডাঠ ………………..ৰে ঢাক খাই থাকে । 

উত্তৰঃ দক্ষিণ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে ।

( ঙ ) ……………….. মহাসাগৰত দ্বীপৰ সংখ্যা বেছি । 

উত্তৰঃ প্রশান্ত মহাসাগৰত দ্বীপৰ সংখ্যা বেছি । 

প্রশ্ন ৫। কোনবােৰ সাগৰৰ পানী বেছি লুণীয়া হয় ? 

উত্তৰঃ যিবােৰ সাগৰত বৰষুণ কম হয় বা বােৱতী নৈ লগ নালাগে , সেইৰে সাগৰৰ পানী বেছিলুণীয়া হয় । আনহাতে বাষ্পীভবন বেছি হােৱাৰ ফলতাে সাগৰৰ পানী বেছিলুণীয়া হয় । 

প্রশ্ন ৬। মহাসাগৰীয় সোঁতৰ দুটা কাৰণ লিখা । 

উত্তৰঃ মহাসাগৰীয় সোঁতৰ দুটা কাৰণ হ’ল— 

( ক ) জলপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্য । জলপৃষ্ঠত উষ্ণতাৰ তাৰতম্য ঘটিলে গৰম অংশৰ পৰা চেঁচা অংশলৈ সাগৰীয় সোঁত বয় । আৰু

( খ ) বতাহৰ বাবেও মহাসাগৰীয় সোঁত বৈ থকা দেখা যায় । 

প্রশ্ন ৭। মহাদেশ কেইখন আৰু কি কি ? কোনখন মহাদেশত মানুহৰ বসতি নাই ? 

উত্তৰঃ মহাদেশ সাতখন । সেইবােৰ হৈছে — এছিয়া মহাদেশ , আফ্রিকা, উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা , এন্টার্কটিকা , ওচেনিয়া আৰু ইউৰােপ । এন্টার্কটিকাত মানুহৰ বসতি নাই । 

প্রশ্ন ৮। উত্তৰ লিখা – 

( ক ) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি ? 

উত্তৰঃ এছিয়া মহাদেশ ।

( খ ) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম ? 

উত্তৰঃ ওচেনিয়াৰ ।

( গ ) কোখন মহাদেশত জনসংখ্যা প্রতি বছৰে কমি আছে ? 

উত্তৰঃ ইউৰােপত ।

( ঘ ) ইউৰেছি বুলিলে কি বুজা ? 

উত্তৰঃ ইউৰােপ আৰু এহিয়া মহাদেশক একেলগে ইউৰেছিয়া বােলে ।

( ঙ ) তলত দিয়া দেশবােৰ কোন মহাদেশত অৱস্থিত লিখা — 

         অষ্ট্রেলিয়া , ভূটান , নেপাল , কোৰিয়া , কংগাে , ইণ্ডোনেছিয়া , ছুইডেন , তুৰস্কা , কানাডা , নিউজিলেণ্ড , ব্রাজিল । 

উত্তৰঃ 

অষ্ট্রেলিয়াওচেনিয়া মহাদেশত
ভূটানএছিয়া মহাদেশত
নেপালএছিয়া মহাদেশত
কোৰিয়া এছিয়া মহাদেশত
কংগোআফ্রিকা মহাদেশত
ইণ্ডোনেছিয়াএহিয়া মহাদেশত
ছুইডেনইউৰােপ মহাদেশত
তুৰস্কা এছিয়া মহাদেশত
কানাডাউত্তৰ আমেৰিকা মহাদেশত
নিউজিলেণ্ডওচেনিয়া মহাদেশত
ব্রাজিলদক্ষিণ আমেৰিকা মহাদেশত

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top