Niketan Class 5 Social Chapter 16 পৃথিৱীৰ কথা

Niketan Class 5 Social Chapter 16 পৃথিৱীৰ কথা, Sankardev Chapter 16 পৃথিৱীৰ কথা Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 16 পৃথিৱীৰ কথা

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 16 পৃথিৱীৰ কথা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

পৃথিৱীৰ কথা

Chapter – 16

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। সূর্য গ্রহণ কাক বােলে ? কেনেকৈ হয় লিখা। 

উত্তৰঃ কেতিয়াবা আংশিকভাৱে বা সম্পূর্ণভাৱে দিনতে সূর্যটো কিহবাই ঢাকি পেলায় । ফলত অলপ সময়ৰ বাবে সূর্যটো ম্লান পৰে বা নেদেখা হয় । ইয়াকে সূর্যগ্রহণ ( Solar Eclipse ) বােলে । গ্ৰহণৰ কাৰণ হ’ল পৃথিৱী আৰু চন্দ্ৰৰ পৰিভ্ৰমণ বা বার্ষিক গতি । পৰিভ্ৰমণ কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰটোৱে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান লয়হি ৷ তেতিয়া অলপ সময়ৰ বাবে সূর্যটো পৃথিৱীৰপৰা নেদেখা হয় । এয়াই সূর্য গ্রহণ । 

প্রশ্ন ২। চন্দ্র গ্রহণ কাক বােলে ? কেনেকৈ হয় ? 

উত্তৰঃ কেতিয়াবা জোনটো আংশিক বা সম্পূর্ণভাৱে কিহবাই ঢাকি পেলায় । ফলত পূর্ণিমাৰ নিশাও জোনাক নােহােৱা হয় , পৃথিৱী আন্ধাৰ হৈ পৰে । ইয়াকে চন্দ্র গ্রহণ ( Lunar Eclipse ) বােলে । গ্ৰহণৰ কাৰণ হ’ল চন্দ্ৰ আৰু পৃথিৱীৰ পৰিভ্রমণ বা বার্ষিক গতি । পৰিভ্ৰমণ কৰি থাকোতে কেতিয়াবা পৃথিৱীখনে চন্দ্ৰ আৰু সূৰ্যৰ মাজত অৱস্থান লয় । তেতিয়া পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰে । এয়াই চন্দ্র গ্রহণ । 

প্রশ্ন ৩। চমুকৈ উত্তৰ দিয়া – 

( ক ) সূর্য গ্রহণ খালী চকুৰে কিয় চাব নােৱাৰি ? 

উত্তৰঃ সূর্য গ্রহণ খালী চকুৰে চাব নােৱাৰি । কাৰণ গ্রহণৰ সময়ত সূৰ্যৰ হানিকাৰক ৰশ্মি সহজে চকুত পৰে । যাৰ ফলত চকুৰ অপূৰণীয় ক্ষতি হােৱাৰ সম্ভাৱনা থাকে । সেয়েহে ডাঠ ক’লা চছমাৰে বা এক্স – ৰে প্লেটৰ মাজেৰেহে সূর্য গ্রহণ চোৱা উচিত ।

( খ ) পৃথিৱীৰপৰা চন্দ্ৰটোৰ এটা ফালহে সদায় দেখা যায় কিয় ? 

উত্তৰঃ চন্দ্ৰৰ পৰিভ্ৰমণ আৰু আৱর্তন— এই দুয়ােটাৰে গতিবেগ সমান । অর্থাৎ চন্দ্ৰ পৃথিৱীৰ চাৰিফালে এপাক ঘূৰিবলৈ যিমান সময় ( ২৭.৫৫ দিন ) লাগে , নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি এবাৰ আৱৰ্তন কৰিবলৈও সিমান সময় লাগে । দুয়ােটা গতিবেগ সমান হােৱা বাবে পৃথিৱীৰ যিকোনাে ঠাইৰ পৰা চন্দ্ৰৰ এটা ফালহে দেখা যায় । 

প্রশ্ন ৪। চমুটোকা লিখা । 

( ক ) জিঅ’ইড ।

উত্তৰঃ ‘জিঅ’ইড’ৰ অৰ্থ হৈছে পৃথিৱীসদৃশ । পৃথিৱীখন সম্পূর্ণ , গােলাকাৰ নহয় , ইয়াৰু দুয়ােটা মূৰ সামান্য চাপখােৱা আৰু মাজৰ অংশ অলপ ওফন্দি উঠা । পৃথিৱীৰ এই আকৃতিটো আন কোনাে গ্রহৰ ক্ষেত্ৰত নিমিলে । সেয়েহে পৃথিৱীৰ বিশেষ আকৃতিটোক বুজাবলৈ বিজ্ঞানীসকলে জিঅ’ইড ( GEOID ) শব্দটো ব্যৱহাৰ কৰে ।

( খ ) মেৰুদণ্ড ।

উত্তৰঃ পৃথিৱীৰ সোঁমাজেদি উত্তৰ মেৰুৰপৰা দক্ষিণ মেৰুলৈ কল্পনা , কৰা ৰেখাডালেই হৈছে মেৰুদণ্ড । মেৰুদণ্ডডালক আশ্রয় কৰি পৃথিৱীয়ে এটা গােলক দৰে পৰিশ্চমৰ পৰা পূৱলৈ ঘূৰে । এই ঘূর্ণন গতিক আৱৰ্তন বােলা হয় । এপাক ঘূর্ণন সম্পূর্ণ কৰিবলৈ পৃথিৱীয়ে যি সময় লয় , তাক পৃথিৱীৰ এদিন বুলি ধৰি লােৱা হয় । উল্লেখযােগ্য যে , শুক্ৰ আৰু ইউৰেছৰ বাহিৰে আন গ্রহবােৰেও পৃথিৱীৰ দৰে নিজ মেৰুদণ্ডক কেন্দ্র কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰে ৷

( গ ) দ্রাঘিমা ৰেখা ।

উত্তৰঃ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু লগ লগাই পৃথিৱীৰ উপৰিভাগেৰে কল্পনা কৰা ৰেখাবােৰ হৈছে দ্রাঘিমা ৰেখা ( Longitude Meridian ) । দ্রাঘিমা ৰেখাবােৰ অর্ধ বৃত্তাকাৰ । মূল দ্রাঘিমা ৰেখা ( Prime Meridian ) ডালক শূন্য ডিগ্ৰী বুলি ধৰা হয় । এইডাল লণ্ডনৰ ওচৰৰ গ্ৰীণ্ডউইচৰ ওপৰেদি যােৱা দ্রাঘিমাৰেখা । এই ৰেখাডালৰ পূবে ১৮০ ডাল আৰু পশ্চিমে ১৮০ ডাল দ্রাঘিমা ৰেখা আছে । এতেকে সর্বমুঠ দ্রাঘিমা ৰেখাৰ সংখ্যা ৩৬০ ডাল । ০° দ্রাঘিমা আৰু ১৮০° দ্রাঘিমাই এটা বৃত্তৰ সৃষ্টি কৰে । সকলােবােৰ দ্রাঘিমা ৰেখাই মেৰুবিন্দুত লগ লাগে।

( ঘ ) অক্ষৰেখা । 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ বিষুৱৰেখাৰ পৰা উত্তৰ ফালে অর্থাৎ উত্তৰ গােলার্ধত ৯৩ ডাল আৰু দক্ষিণৰ ফালে অর্থাৎ দক্ষিণ গােলার্ধত ৯০ ডাল ৰেখা কল্পনা কৰা হৈছে । এইবােৰক অস্ত ৰেখা ( Latitude ) বােলে । অস্ত ৰেখাবােৰ সমান্তৰাল , বৃত্তাকাৰ আৰু এডালৰপৰা আনডালৰ দূৰত্ব সমান । বিষুৱ ৰেখাডালেই আটাইতকৈ দীঘল অক্ষৰেখা । অক্ষৰেখাৰ মুঠ সংখ্যা ১৮১ ডাল ।

প্রশ্ন ৫। খালী ঠাই পূৰণ কৰা –

( ক ) দ্রাঘিমা ৰেখাৰ মুঠ সংখ্যা ………………।

উত্তৰঃ দ্রাঘিমা ৰেখাৰ মুঠ সংখ্যা ৩৬০ ।

( খ ) অক্ষ ৰেখাৰ মুঠসংখ্যা ………………..।

উত্তৰঃ অক্ষ ৰেখাৰ মুঠ সংখ্যা ১৮১ ।

( গ ) প্রত্যেকডাল দ্রাঘিমা ৰেখাই তাৰ বিপৰীত দিশৰ দ্রাঘিমাৰ সৈতে…………………..ৰ সৃষ্টি কৰে। 

উত্তৰঃ প্রত্যেকডাল দ্রাঘিমা ৰেখাই তাৰ বিপৰীত দিশৰ দ্রাঘিমাৰ সৈতে গুৰু বৃত্তৰ সৃষ্টি কৰে ।

( ঘ ) ………………. আৰু ……………… ত কটাকটি  কৰা  কোণেই হ’লপৃথিৱীৰ কেন্দ্র ।

উত্তৰঃ মেৰুদণ্ড আৰু বিষুবীয় ব্যাস এ কটাকটি কৰা কোণেই হ’ল পৃথিৱীৰ কেন্দ্র ।

( চ ) …………….. গতিৰ ফলত পৃথিৱীত দিন-ৰাতি হয় । 

উত্তৰঃ আহ্নিক গতিৰ ফলত পৃথিৱীত দিন – ৰাতি হয় । 

( ছ ) ……………..গতিৰ ফলত পৃথিৱীত ঋতু পৰিৱৰ্তন হয় । 

উত্তৰঃ বার্ষিক গতিৰ ফলত পৃথিৱীত ঋতু পৰিৱৰ্তন হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top