Niketan Class 5 Social Chapter 14 ভৌগােলিক সংজ্ঞা

Niketan Class 5 Social Chapter 14 ভৌগােলিক সংজ্ঞা, Sankardev Chapter 14 ভৌগােলিক সংজ্ঞা Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 14 ভৌগােলিক সংজ্ঞা

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 14 ভৌগােলিক সংজ্ঞা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ভৌগােলিক সংজ্ঞা

Chapter – 14

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। সংজ্ঞা লিখা: হিমবাহ, হিমশিলা, প্রবালদ্বীপ, পশ্চাৎভূমি, ভূমিকম্প, আগ্নেয়গিৰি । 

উত্তৰঃ হিমবাহ :- বৰফেৰে ঢক খাই থকা অতি ওখ পর্বত ঠায়ে ঠায়ে পৰ্বতৰ গাৰে ধীৰে ধীৰে গলিত বৰফ নামি আহে । ইয়াকে হিমবাহ ( Glacier ) বােলে ।

হিমশিলা :- মেৰু অঞ্চলৰ সাগৰত ঠায়ে ঠায়ে পানী গােট মাৰি বৰফ হয় আৰু তাৰে কিছু অংশ পানীত ওপঙি থাকে । ইয়াকে হিমশিল (iceberg) বা বৰফৰ পর্বত বােলে । 

প্রবালদ্বীপ :- সাগৰৰ তলত থকা প্রবাল পােক মৰি স্তুপীকৃত হৈ আন কিছুমান পদাৰ্থৰ লগ লাগে আৰু সাগৰত দ্বীপৰ সৃষ্টি কৰে । এনে দ্বীপকে প্রবাল দ্বীপ ( Coral Island ) বােলে । 

পশ্চাৎভূমি :- সাগৰ বা নৈৰ পাৰৰ অঞ্চলবােৰক পশ্চাৎভূমি বােলা হয় । 

ভূমিকম্প :- ভূগৰ্ভত থকা শিলৰ ছটা বা ফলকবােৰ স্থানচ্যুত হােৱাৰ ফলত পৃথিৱীৰ উপৰিভাগত উঠা কম্পনকে ভূমিকম্প ( Earthquake) বুলি কোৱা হয় । 

আগ্নেয়গিৰি :- সময়ে সময়ে কোনাে কোনাে পৰ্বতৰ পৰা ভূগৰ্ভত থকা উত্তপ্ত গলিত ধাতৱ পদার্থ , জুই , ধোঁৱা আদি প্ৰৱল বেগেৰে ওলাই আহে আৰু ইয়াকে আগ্নেয়গিৰি ( Volcano ) বুলি কোৱা হয় । 

প্রশ্ন ২। জোৱাৰ ভাটা কাক বােলে ? কিহৰ বাবে জোৱাৰ ভাটা হয় ? ই কেই প্রকাৰৰ ? 

উত্তৰঃ সাগৰৰ পানী উঠা – নমা কৰাকে জোৱাৰ ভাটা বােলে । চন্দ্ৰ আৰু সূর্যই পৃথিৱীক আকর্ষণ কৰাৰ ফলত জোৱাৰ ভাটা হয় । জোৱাৰ ভাটা দুই প্রকাৰৰ ওফন্দি উঠা জোৱাৰ ( Spring Tide ) ভাটা আৰু নাটনি জোৱাৰ ( Neap Tide ) ।

প্রশ্ন ৩। ভূমিকম্প জোখা স্কেলৰ নাম কি ? ইয়াক কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ ৰিষ্টাৰ স্কেল । ইয়াক উদ্ভাৱন কৰিছিল আমেৰিকাৰ ৰিষ্টাৰ নামৰ ভূ বিজ্ঞানী এগৰাকীয়ে । 

প্রশ্ন ৪। প্রবাল দ্বীপ কেনেদৰে সৃষ্টি হয় ? ভাৰত মহাসাগৰত থকা প্রবাল দ্বীপ এটাৰ নাম লিখা । 

উত্তৰঃ সাগৰৰ তলত থকা প্রবাল পােক মৰি তূপীকৃত হৈ আন কিছুমান পদার্থ লগ লগাৰ ফলত প্রবাল দ্বীপৰ সৃষ্টি হয় । ভাৰত মহাসাগৰত থকা এটা প্রবাল দ্বীপ হৈছে লাক্ষা দ্বীপ । 

প্রশ্ন ৫। চুনামিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ সাগৰৰ তলিত হােৱা ভূইকপক চুনামি ( Tsunami ) বুলি কোৱা হয় । চুনামি হ’লে সাগৰৰ ঢৌবােৰে প্রলয়ংকাৰী ৰূপ লয় । তেতিয়া সাগৰৰ উপকূল অঞ্চলৰ ঘৰবাৰী সাগৰৰ ঢৌৱে বুৰাই পেলায়। ফলত মানুহ তথা অন্য জীৱ – জন্তুৰ প্রাণ হানি হয় , সা – সম্পত্তি , ঘৰ- দুৱাৰ ধ্বংসপ্রাপ্ত হয় । চুনামি প্রলয়ংকাৰী প্রাকৃতিক দুর্যোগসমূহৰ ভিতৰত অন্যতম দুর্যোগ বুলি চিহ্নিত হৈ আহিছে । 

প্রশ্ন ৬। খালী ঠাই পূৰণ কৰা –

( ক ) পৃথিৱীৰ ভিতৰত বৃহত্তম দ্বীপটোৰ নাম …………….।

উত্তৰঃ পৃথিৱীৰ ভিতৰত বৃহত্তম দ্বীপটোৰ নাম গ্রীণলেণ্ড । 

( খ ) পৃথিৱীৰ ভিতৰত বৃহত্তম ব – দ্বীপটোৰ নাম …………….। 

উত্তৰঃ পৃথিৱীৰ ভিতৰত বৃহত্তম ব – দ্বীপটোৰ নাম সুন্দৰবন । 

( গ ) ………………. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি । 

উত্তৰঃ চাহাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি । 

( ঘ ) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জলপ্রপাতটো হ’ল……………..।

উত্তৰঃ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জলপ্রপাতটো হ’ল এঞ্জেল । 

( ঙ ) ……………… হ’ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্রদ । 

উত্তৰঃ কাস্পিয়ান হ’ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্রদ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top