Niketan Class 5 Social Chapter 11 স্থানীয় শাসন প্রণালী

Niketan Class 5 Social Chapter 11 স্থানীয় শাসন প্রণালী, Sankardev Sishu Niketan Chapter 11 স্থানীয় শাসন প্রণালী Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 11 স্থানীয় শাসন প্রণালী

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 11 স্থানীয় শাসন প্রণালী gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

স্থানীয় শাসন প্রণালী

Chapter – 11

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) আমাৰ স্থানীয় শাসন পদ্ধতিৰ তিনিটা উদাহৰণ দিয়া । 

উত্তৰঃ পৌৰ নিগম , নগৰ সমিতি আৰু গাঁও পঞ্চায়ত ।

( খ ) স্থানীয় শাসন গণতান্ত্রিক হয়নে ? কাৰণ দর্শোৱা । 

উত্তৰঃ স্থানীয় শাসন ব্যৱস্থা গণতান্ত্রিক । কাৰণ এই ব্যৱস্থাত প্রাপ্তবয়স্ক লােকসকলে মতদানৰ জৰিয়তে তেওঁলােকৰ প্রতিনিধিসকলক নির্বাচিত কৰে ।

( গ ) গাঁও পঞ্চায়তত এখন বা তাতকৈ বেছি গাঁও অন্তর্ভুক্ত হ’ব পাৰে ; তাৰ কাৰণ কি ? 

উত্তৰঃ সাধাৰণতে ৬০০ তকৈ বেছি আৰু ১০,০০০ তকৈ কম জনসংখ্যা এলেকাত নিয়ম অনুসৰি পঞ্চায়ত গঠন হ’ব পাৰে । গতিকে , এখন গাঁৱত গাঁও পঞ্চায়ত গঠন কৰিব পৰাকৈ প্রয়ােজন হােৱা জনসংখ্যা নাথাকে , তেতিয়া চৰকাৰে গাঁও পঞ্চায়ত গঠন কৰিব পৰাকৈ আন গাঁৱকো অন্তর্ভুক্ত কৰিব পাৰে । সেই বাবেই গাঁও পঞ্চায়তত এখন বা ততােধিক গাঁও অন্তর্ভুক্ত হ’ব পাৰে ।

( ঘ ) গাঁও পঞ্চায়ত এখনৰ জনসংখ্যা যিমান , মতদাতাৰ সংখ্যা তাতকৈ কম হয় কিয় ? 

উত্তৰঃ গাঁও পঞ্চায়ত এখন জনসংখ্যা বুলিলে সেই এলেকাটোৰ সকলাে মানুহৰ , সৰ্বমুঠ সংখ্যাটোক বুজায় । কিন্তু এই সকলাে মানুহৰ মতদানৰ অধিকাৰ নাথাকে । ১৮ বছৰ বা তাতকৈ বেছি বয়সীয়া পুৰুষ – মহিলাইহে মত দানৰ অধিকাৰ পায় । যিহেতু ১৮ বছৰ বয়সৰ তলৰখিনি মানুহ মতদানৰ অধিকাৰৰ পৰা বাদ পৰি যায় , সেয়েহে গাঁও পঞ্চায়ত এখনৰ জনসংখ্যাতকৈ মতদাতাৰ সংখ্যা কম হয় ।

( ঙ ) গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি মুঠ সদস্য সংখ্যা কিমান ? 

উত্তৰঃ গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি মুঠ সদস্য সংখ্যা ১১ জন । 

( চ ) প্রাপ্তবয়স্কৰ ভােটাধিকাৰ কি ? 

উত্তৰঃ আমাৰ দেশত নির্বাচনী বিধি অনুযায়ী ১৮ বছৰ বয়স পূর্ণ হ’লেহে এগৰাকী পুৰুষ অথবা মহিলাই নির্বাচনত মতদানৰ অধিকাৰ পায় । ইয়াক প্রাপ্তবয়স্ক ভােটাধিকাৰ বােলে । 

প্রশ্ন ২। উন্নয়নৰ বাবে গাঁও পঞ্চায়তে কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে , তাৰে পাঁচটাৰ নাম লিখা । 

উত্তৰঃ উন্নয়নৰ বাবে গাঁও পঞ্চায়তে অংশগ্রহণ কৰিব পৰা – পাঁচটা আঁচনি হৈছে— 

( ১ ) নলা – নর্দমা আৰু বাট – পথৰ নিৰ্মাণ তথা মেৰামতি । 

( ২ ) খােৱা পানীৰ যােগানৰ ব্যৱস্থা । 

( ৩ ) বিজুলী যােগানৰ ব্যৱস্থা । 

( ৪ ) হাট – বজাৰৰ পৰিচালনা । আৰু

( ৫ ) কৃষি ব্যৱস্থাৰ উন্নয়ন ।

প্রশ্ন ৩। কোনে গাঁও পঞ্চায়তলৈ কৃষি যােগান ধৰে ? এই পুঁজি কেনেকৈ খৰচ কৰা হয় ? 

উত্তৰঃ গাঁও পঞ্চায়তলৈ পুঁজিৰ যোগান ধৰে চৰকাৰে । চৰকাৰৰ অনুমােদনক্রমে লাভ কৰা পুঁজি ক’ত কেনেকৈ খৰচ কৰা হ’ব সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত লয় গাঁও পঞ্চায়তে । কোনাে ব্যক্তি বা সংস্থাৰ পঞ্চায়তে আঁচনি ৰূপায়ণৰ দায়িত্ব দিয়ে । 

প্রশ্ন ৪। ধূল মানে কি বুজা ? গাঁও সভাৰ বৈঠকৰ বাবে কিমান থুল লাগে ? 

উত্তৰঃ বৈঠক এখন বৈধ হ’বলৈ কমপক্ষেও যিমানজন সদস্য উপস্থিত থকা আৱশ্যক , সেয়েই থুল । গাঁও সভাৰ বৈঠকৰ বাবে ১০০ জন সদস্য নাইবা মুঠ সদস্য সংখ্যাৰ এক – দশমাংশ সদস্য লাগে । 

প্রশ্ন ৫। গাঁও সভাৰ বৈঠকত থুল নহ’লে কি কৰা হয় ? 

উত্তৰঃ গাঁও সভাৰ বৈঠকত থুল নহ’লে ৩০ মিনিট সময় থুলৰ বাবে অপেক্ষা কৰিব লাগে । তেতিয়াও থুল নহ’লে বৈঠক স্থগিত ৰাখি ৭ দিনৰ ভিতৰত আন এদিনাখন বৈঠক অনুষ্ঠিত কৰিব লাগে । 

প্রশ্ন ৬। খালী ঠাই পূৰণ কৰা –

( ক ) গাঁও পঞ্চায়তৰ সচিব আৰু কার্যালয় সহায়ক ………… নিযুক্তি দিয়ে । 

উত্তৰঃ গাঁও পঞ্চায়তৰ সচিব আৰু কার্যালয় সহায়কক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে ।

( খ ) পঞ্চায়তীৰাজ ব্যৱস্থাত ………………. হ’ল আটাইতকৈ সৰু আৰু গুৰুত্বপূর্ণ গােট । 

উত্তৰঃ পঞ্চায়তীৰাজ ব্যৱস্থাত গাঁও পঞ্চায়ত হ’ল আটাইতকৈ সৰু আৰু গুৰুত্বপূর্ণ গােট ।

( গ ) গাঁও সভাৰ বৈঠক পঞ্চায়তৰ …………….পৰিচালনা কৰে । 

উত্তৰঃ গাঁও সভাৰ বৈঠক পঞ্চায়তৰ সভাপতিয়ে পৰিচালনা কৰে । 

( ঘ ) গাঁও পঞ্চায়তৰ কাৰ্যকাল ………………বছৰ । 

উত্তৰঃ গাঁও পঞ্চায়তৰ কাৰ্যকাল পাঁচ বছৰ ।

( ঙ ) গাঁও পঞ্চায়তত ……………….. আসন মহিলাৰ বাবে সংৰক্ষিত । 

উত্তৰঃ গাঁও পঞ্চায়তত এক – তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top