Niketan Class 5 Science Chapter 8 পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ

Niketan Class 5 Science Chapter 8 পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 8 পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ and select need one.

Niketan Class 5 Science Chapter 8 পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 8 পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ Solutions for All Subjects, You can practice these here.

পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ

Chapter – 8

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। খালী ঠাই পূৰ কৰাঃ

  (ক) শস্যৰ উৎপাদন মাটিৰ —— ওপৰত নিৰ্ভৰ কৰে।

উঃ গুণৰ ।

  (খ) পৃথিৱীৰ প্ৰায় —— ভাগ পানীহে ব্যৱহাৰৰ উপযোগী।

উঃ    তিনি ।

  (গ) উদ্ভিদে পাতত নিজৰ —— তৈয়াৰ কৰে। 

উঃ খাদ্য ।

(ঘ) ——- নহ’লে পানীৰ চক্ৰ নচলে। 

উঃ সূর্য ।

  (ঙ) কোনো এবিধ —— সৰহ পৰিমাণে থকা শিলেই হ’ল আকৰিক।

উঃ মণিক ।

  (চ) কয়লা প্রধানকৈ —— প্ৰকাৰৰ।

উঃ চাৰি ।

  (ছ) পেট্রলিয়াম এবিধ ——- তেল।

উঃ খনিজ ।

  (জ) কাজিৰঙা, মানাহ আদি ——- । 

উঃ ৰাষ্ট্ৰীয় উদ্যান ।

(ঝ) গছ-গছনি, পানী আদি ——- যোগ্য প্রাকৃতিক সম্পদ।

উঃ নৱীকৰণ ।

  (ঞ) ——- যোগ্য প্রাকৃতিক সম্পদ গঠন হ’বলৈ নিযুত বছৰ  লাগে। 

উঃ অ-নৱীকৰণ ।

২। প্রাকৃতিক সম্পদ বুলিলে কি বুজা ? 

উঃ প্ৰকৃতিৰ পৰা আহৰণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰা বস্তুবোৰেই হ’ল প্রাকৃতিক সম্পদ।

৩। মাটিৰ কেইটামান ব্যৱহাৰ উল্লেখ কৰা।

উঃ মাটি আমাৰ আপুৰুগীয়া সম্পদ। মাটিত শস্য উৎপাদন হয়, ঘৰ-দুৱাৰ সজোৱা হয়, ৰাস্তা-ঘাট নির্মাণ কৰা হয়। তাৰোপৰি মাটিৰ সহায়ত বিভিন্ন লাগতিয়াল বাচন-বৰ্তনো তৈয়াৰ কৰা হয়।

৪। মাটি সংৰক্ষণৰ প্ৰধান উপায় কি ? 

উঃ মাটি সংৰক্ষণৰ প্রধান উপায় হল বৃক্ষৰোপন। গছ-গছনিৰ শিপাই মাটি খামুচি ধৰি ৰাখে। গছ-গছনি, ঘাঁহ, বন থাকিলে নৈৰ পানীয়ে সহজতে মাটি খহাই নিব নোৱাৰে।

৫। সাগৰৰ লুণীয়া পানী আমাৰ কি কামত ব্যৱহাৰ হয় ? 

উঃ সাগৰৰ লুণীয়া পানীৰ পৰা আমি নিমখ সংগ্রহ কৰো।

৬। পৃথিৱীৰ সৰহ অংশ পানীয়ে আগুৰা যদিও পানীৰ অভাৱতি এটা ডাঙৰ সমস্যা। ইয়াৰ কাৰণ কি বুলি ভাবা। 

উঃ পৃথিৱীৰ এশ ভাগৰ প্রায় ৯৭ ভাগ পানী সাগৰৰ আৰু বাকী ৩ ভাগ পানী খাল, নৈ, বিল, হিমবাহ, মাটিৰ তলৰ পানী। সাগৰত যথেষ্ট পৰিমাণে পানী থাকিলেও এই পানী লুণীয়া। সেয়েহে এই পানী খোৱাৰ উপযোগী নহয়। মাত্র তিনিভাগ পানীয়েই হ’ল আমি ব্যৱহাৰ কৰা পানীৰ উৎস।

৭। পানীৰ চাৰিটা ব্যৱহাৰ উল্লেখ কৰা।

উঃ পানীৰ ব্যৱহাৰ হ’ল—

১) কপোৰ কানি ধোৱাত পানী ব্যৱহাৰ কৰা হয়।।

২) খেতি পথাৰত শস্য উৎপাদন কৰাত পানী ব্যৱহাৰ হয়।

৩) নদী-সাগৰেদি যাতায়ত কৰাত পানী ব্যৱহাৰ হয়।

৪) বিদ্যুৎ উৎপাদনটো পানী ব্যৱহাৰ কৰা হয়। 

৮। বায়ুয়ে জীৱজগতৰ কি উপকাৰ সাধে ?

উঃ সকলো জীৱ জীয়াই থাকিবলৈ বায়ুৰ প্রয়োজন। উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে বায়ুৰ পৰা কার্বন-ডাই-অক্সাইড গেছ ব্যৱহাৰ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। জীৱই বায়ুমণ্ডলৰ পৰা এই অক্সিজেন গ্রহণ কৰে। অক্সিজেন গৈ কোষবোৰত থকা আহাৰৰ লগত বিক্রিয়া কৰে আৰু কার্বন-ডাই-অক্সাইড উৎপন্ন কৰে। এই কার্বন-ডাই-অক্সাইড জীৱই বায়ুলৈ এৰি দিয়ে। এনেদৰেই উদ্ভিদ আৰু প্রাণী উভয়ে পৰস্পৰ নিৰ্ভৰশীল। সেয়েহে জীৱজগত বৰ্তি থাকিবলৈ হ’লে বায়ু অপৰিহার্য।

 ৯। সূৰ্যৰ তাপ আৰু পোহৰ অবিহনে পৃথিৱীখন কি অৱস্থাত থাকিলহেঁতেন লিখা। 

উঃ সূৰ্যৰ তাপ আৰু পোহৰ পায় বাবে পৃথিৱী জীৱৰ বসবাসৰ বাবে উপযোগী। অন্যথা ই একেবাৰে চেঁচা ঠাইত পৰিণত হ’ব। সূৰ্যৰ পোহৰ নাপালে উদ্ভিদে খাদ্য তৈয়াৰ কৰিব নোৱাৰে। ফলত খাদ্যৰ অভাৱত উদ্ভিদ প্রাণীকে ধৰি কোনো জীৱ জীয়াই থাকিব নোৱাৰে। সূৰ্যৰ তাপ নহ’লে পানীৰ চক্ৰ নচলিব ফলত সকলো দিশৰ পৰাই পৃথিৱীখন বসবাসৰ অনুপযোগী হৈ পৰিব। ই চেঁচা, অন্ধকাৰ ভূ-খণ্ডত পৰিণত হ’ব। 

১০। সূৰ্যৰ তাপে আমাক কি ধৰণে সহায় কৰে লিখা।

উঃ সেউজীয়া উদ্ভিদে দিনত সূৰ্যৰ পোহৰত নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয়। সমগ্র প্রাণীজগত প্রত্যক্ষ বা পৰোক্ষ ভাৱে উদ্ভিদৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল। গতিকে সূৰ্যৰ তাপ উদ্ভিদ আৰু প্রাণী জগতৰ বাবে অপৰিহাৰ্য। তাৰোপৰি সূৰ্য্যৰ তাপ নহ’লে পৃথিৱীখন চেঁচা, অন্ধকাৰ ঠাইত পৰিণত হ’লহেঁতেন। 

১১। বিশাল শিলবোৰ কেনেদৰে ভাঙি টুকুৰা হয় ? 

উঃ বিশাল শিলবোৰৰ ভিতৰ আৰু উপৰিভাগৰ উষ্ণতা একে উষ্ণতাৰ পার্থক্য, বৰষুণ আৰু বতাহৰ বাবে শিলবোৰত ফাট মেলে আৰু শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয়। 

১২। বালিৰ সৃষ্টি কেনেদৰে হয় ?

উঃ ডাঙৰ শিলৰ সৰু সৰু টুকুৰাবোৰ নদীৰ পানীয়ে উটুৱাই নিয়ে উটি গৈ থাকোঁতে কিছুমান শিল বাৰে বাৰে ঘঁহনি খাই সৰু সহ টুকুৰাত পৰিণত হৈ শেষত বালি হয়।

 ১৩। গেদীয় শিল কি ?

উঃ সাগৰৰ তলত তৰপে তৰপে বালি গোট খাই চাপৰ প্ৰভাৱত গোট মাৰে আৰু এবিধ শিলৰ সৃষ্টি কৰে। এইবোৰ শিলকে গেদীয় শিল বোলে।

১৪। মণিক কাক বোলে ? 

উঃ লো, এলুমিনিয়াম, টিন, তাম আদি সৰহ সংখ্যক ধাতু শিলত পোৱা যায়। এই পদার্থবোৰ শিলত মণিক হিচাপে থাকে।

১৫। শিলৰ কেইটামান ব্যৱহাৰ লিখা।

উঃ শিলৰ কেইটামান ব্যৱহাৰ হ’ল –

১) পকা ঘৰ নিৰ্মাণ কৰিবলৈ শিল ব্যৱহাৰ কৰা হয়। 

২) ৰাস্তা-ঘাট পকী কৰোঁতেও শিল ব্যৱহাৰ কৰা হয়।

৩) শিলেৰে দেৱাল নির্মাণ কৰা হয়। 

১৬। কয়লা কেইপ্রকাৰৰ আৰু কি কি ? 

উঃ কয়লা প্রধানকৈ চাৰি প্ৰকাৰৰ। সেই কেইটা হ’ল-

(১) পিট কয়লা।

(২) লিগনাইট কয়লা

(৩) বিটুমিনাছ কয়লা আৰু

(৪) এনথ্রাছাইট কয়লা।

১৭। কয়লাৰ অপকাৰী উপাদান বিধ কি ? 

উঃ কয়লাৰ অপকাৰী উপাদান হ’ল কার্বন মন-অক্সাইড।

১৮। প্রাকৃতিক গেছ কি ? 

উঃ পৃথিৱীৰ অন্তৰ্ভাগত জীৱজন্তু আৰু গছ-গছনিৰ অৱশেষৰ পৰা পেট্রলিয়াম উৎপত্তি হয়। পেট্রলিয়ামৰ ওপৰত উচ্চ চাপত গেছৰ একোটা আৱৰণ থাকে। ইয়াক প্রাকৃতিক গেছ বোলা হয়।

১৯। পেট্রলিয়ামৰ পৰা পোৱা কেইবিধমান সামগ্ৰীৰ নাম লিখা। 

উঃ পেট্রলিয়ামৰ পৰা নানান ধৰণৰ গেছীয়, জুলীয়া আৰু গোটা সামগ্রী প্রস্তুত কৰা হয়। পেট্রল, পেৰাফিন তেল, পেট্রলিয়াম গেছ, মম, ভেচলিন আদি খাৰুৱা তেলৰ পৰা পোৱা যায়। জুলীয়া পেট্রলিয়াম গেছত প্র’পেন আৰু বিউটেন নামৰ গেছ দুবিধ থাকে।

২০। অসমৰ কোন কোন অঞ্চলত কয়লা আৰু পেট্রলিয়াম পোৱা যায় ?

উঃ অসমৰ লিডু, নাহৰকটীয়াত কয়লা খনি আছে।

উজনি অসমৰ ডিগবৈ, দুলিয়াজান, মৰাণ, লাকুৱা, শিৱসাগৰ আদিত পেট্ৰ’লিয়ামৰ ভাণ্ডাৰ আছে। 

২১। বনাঞ্চল সমূহে মানুহৰ কি কি উপকাৰ সাধন কৰে ?

উঃ মানুহৰ দৈনন্দিন জীৱনত গছ-গছনিয়ে বহু ক্ষেত্ৰত সহায় কৰে । ঘৰ-দুৱাৰ সজা, আচবাব তৈয়াৰ কৰা, ফলমূল, শস্য উৎপাদন আদি বিভিন্ন কামত আমি গছৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি আমাৰ বাবে প্রয়োজন হোৱা অক্সিজেন গেছ বায়ুমণ্ডলত এৰি দি গছ-গছনিয়ে আমাৰ মহৎ উপকাৰ সাধন কৰে।

২২। বনাঞ্চল সমূহৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নে ?

উঃ আমাৰ চাৰিওকাষ আগুৰি থকা সেউজীয়া গছ-গছনিৰে ভৰা অঞ্চলেই বনাঞ্চল। বনাঞ্চল ৰক্ষণাবেক্ষণ দিয়াটো খুবেই প্রয়োজন। কিয়নো মানুহৰ উপৰিও অন্য জীৱ-জন্তু, চৰাই-চিৰিকটি আদি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি লয়। সকলো প্রাণীয়ে প্রত্যক্ষ বা পৰোক্ষ ভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদে খাদ্য প্রস্তুতৰ সময়ত কার্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে। এই অক্সিজেন গেছ আমি উশাহত গ্রহণ কৰো। বনাঞ্চল সমূহ বনৰীয়া জন্তুৰ আশ্রয়স্থল। তাৰোপৰি উদ্ভিদৰ শিপাই মাটি খামুচি ধৰি ৰাখে। অর্থাৎ বনাঞ্চলৰ সহায়ত ভূমিস্খলনৰ পৰা ৰক্ষা পাব পাৰি। তাৰোপৰি গছ-গছনিৰ পৰা পোৱা কাঠেৰে ঘৰ, দুৱাৰ, চকী-মেজ আদি তৈয়াৰ কৰা হয়।

২৩। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ কাক বোলে ? উদাহৰণ দিয়া।

উঃ এবাৰ ব্যৱহাৰৰ পিছতো পুনৰ বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা প্রাকৃতিক সম্পদসমূহক নৱীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলে। যেনে, পানী, বায়ু আদি।

যিবোৰ প্রাকৃতিক সম্পদ আমি কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰে, তেনেবোৰ সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলে। যেনে- কয়লা, খাৰুৱা তেল আদি।

অতিৰিক্ত প্রশ্নোত্তৰ

১। মাটি কি ?

উঃ আমি যত ঘৰ সাজো, গছপুলি, ফলমূল, ফুল আদিৰ পুলি ৰুই সেইবোৰৰ ফচল ব্যৱহাৰ কৰো, সেই অংশই হৈছে মাটি।

২। আকৰিক কি ? 

উঃ লো, এলুমিনিয়াম, টিন, তাম আদি সৰহ সংখ্যক ধাতু শিলৰ পৰা পোৱা যায়। এই পদার্থবোৰ শিলত মণিক হিচাপে থাকে। কোনো এবিধ মণিক সৰহ পৰিমাণে থকা শিলেই হ’ল আকৰিক।

৩। ক’ল-টাৰ কি ?

উঃ কয়লাৰ পৰা পোৱা এবিধ সামগ্রী হ’ল ক’ল-টাৰ। ইয়াৰ সাধাৰণ নাম আলকাত।

৪। জুলীয়া পেট্রলিয়ামত থকা গেছ দুবিধ কি কি ? 

উঃ জুলীয়া পেট্রলিয়ামত প্র’পেন আৰু বিউটেন নামৰ দুবিধ গেছ থাকে।

৫। সাধাৰণতে কোনবিধ কয়লা ব্যৱহাৰ কৰা হয় ? 

উঃ সাধাৰণতে ব্যৱহাৰ কৰা কয়লা বিধ হ’ল বিটুমিনাছ কয়লা।

1 thought on “Niketan Class 5 Science Chapter 8 পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top