Niketan Class 5 Science Chapter 6 আমাৰ শৰীৰৰ বিভিন্ন তন্ত্র

Niketan Class 5 Science Chapter 6 আমাৰ শৰীৰৰ বিভিন্ন তন্ত্র is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 6 আমাৰ শৰীৰৰ বিভিন্ন তন্ত্র and select need one.

Niketan Class 5 Science Chapter 6 আমাৰ শৰীৰৰ বিভিন্ন তন্ত্র

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 6 আমাৰ শৰীৰৰ বিভিন্ন তন্ত্র Solutions for All Subjects, You can practice these here.

আমাৰ শৰীৰৰ বিভিন্ন তন্ত্র

Chapter – 6

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। আমাৰ মুখত সম্মুখৰ ফালে থকা দাঁতৰ নাম কি ? এই দাঁতবোৰে কি কাম সমাধা কৰে ?

উঃ আমাৰ মুখত সম্মুখৰ ফালে থকা দাতৰ নাম হ’ল আগদাত বা এই কেইটা দাঁতে আমাক খাদ্য বস্তু টুকুৰা কৰাত সহায় কৰে।

২। পাচন তন্ত্রৰ সতে জড়িত তিনিধি আভ্যন্তৰীণ অংগৰ নাম কোৱা ।

উঃ পাচন তন্ত্রৰ সতে জড়িত তিনিবিধি অংগ হ’ল পাকস্থলী , ক্ষুদ্রান্ত্র আৰু বৃহদান্ত্র।

৩। শৰীৰৰ সকলো অংগলৈ তেজ কঢ়িওৱা অংগতন্ত্রৰ নাম কি ?

উঃ শৰীৰৰ সকলো অংগলৈ তেজ কঢ়িওৱা অংগতৰ নাম হ’ল ৰক্ত পৰিবহন তন্ত্র।

৪। ৰেচন তন্ত্ৰৰ কাম কি ?

উঃ ৰেচনতন্ত্রই আমি গ্ৰহণ কৰা খাদ্যৰ বর্জনীয় পদার্থসমূহ শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়া সহায় কৰে।

৫। স্বাভাৱিক অৱস্থাত দুই মিনিটত আমি কিমান বাৰ উশাহ নিশাহ লওঁ।

উঃ স্বাভাৱিক অৱস্থাত এক – মিনিটত আমি ১২ ৰ পৰা ১৪ বাৰ উশাহ নিশাহ লওঁ। গতিকে দুই মিনিটত আমি ২৪ ৰ পৰা ২৮ বাৰ উশাহ – নিশাহ লওঁ।

৬। ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা কি অংশ ‘ খ ’ অংশ।

ক ’ অংশ‘ খ ’ অংশ
মূত্র বাহিকাপাচন হোৱা খাদ্যৰ শোষণ কৰে।
ক্ষুদ্রান্তটুকুৰা কৰা দাঁত ।
বৃহদন্ত্র ৰক্ত সঞ্চালন কৰে।
হৃদযন্ত্রপাচন খোৱা খাদ্যৰ পৰা পানী শোষণ কৰে।
কুকুৰ দাঁত তৰল বর্জনীয় পদার্থৰ চলন ।

উঃ 

ক ’ অংশ‘ খ ’ অংশ
মূত্র বাহিকাতৰল বর্জনীয় পদার্থৰ চলন ।
ক্ষুদ্রান্তপাচন হোৱা খাদ্যৰ শোষণ কৰে।
বৃহদন্ত্র পাচন খোৱা খাদ্যৰ পৰা পানী শোষণ কৰে।
হৃদযন্ত্রৰক্ত সঞ্চালন কৰে।
কুকুৰ দাঁত টুকুৰা কৰা দাঁত ।

৭। শুদ্ধ উত্তৰত ( √ ) চিন দিয়াঃ .

১। পৰিবহণ তন্ত্রৰ সতে জড়িত অংগবোৰ হ’ল—

(ক) হৃদযন্ত্র 

(খ) মূত্রবাহিকা আৰু বৃক্ক

(গ) শ্বাস নলী আৰু ক্লোমনলী

(ঘ) পাকস্থলী আৰু খাদ্যনলী

উঃ (গ) শ্বাসনলী আৰু ক্লোমনলী।

২। আমাৰ শৰীৰত বৃক্কৰ কাম হৈছে –

(ক) ৰক্তৰ পৰা তৰল বর্জনীয় পদার্থ শোধন কৰা।

(খ) ৰক্তৰ পৰা গোটা বর্জনীয় পদার্থ শোধন কৰা। 

(গ) ৰক্তৰ পৰা গোটা আৰু তৰল উভয় পদার্থবোৰ শোধন

(ঘ) ৰক্তৰ পৰা কার্বন – ডাই – অক্সাইড শোধন কৰা

উঃ (ক) ৰক্তৰ পৰা তৰল বর্জনীয় পদার্থ শোধন কৰা।

৮। ধমনী আৰু সিৰাৰ মাজৰ পার্থক্য লিখা।

উ : ধমনীয়ে অক্সিজেন যুক্ত তেজ হৃদপিণ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়ায়।

আনহাতে সিৰাই শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেনবিহীন তেজ হৃদপিণ্ডলৈ কঢ়িয়ায়।

৯। আমাৰ শৰীৰৰ প্ৰতিটো অংগলৈ কেনেদৰে ৰক্ত পৰিবহন হয় লিখা।

উ : হৃদপিণ্ড আৰু ৰক্তবাহী নলীৰ সৈতে পৰিবহণ তন্ত্র গঠিত  হয়। ৰক্তবাহী নলীবোৰে শৰীৰৰ বিভিন্ন অংশলৈ তেজ চলাচল কৰায়।

ৰক্তবাহী নলী দুই প্রকাৰৰ- ধমনী আৰু সিৰা। সিৰাই শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেন বিহীন তেজ হৃদপিণ্ডলৈ কঢ়িয়ায়। হৃদপিণ্ডৰ পৰা এই তেজ হাওঁফাওঁলৈ যায় আৰু তাত অক্সিজেন মিহলিহৈ পুনৰ হৃদপিণ্ডলৈ ঘূৰি আহে। ধমনীয়ে এই তেজ শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই।

১০। কুকুৰ দাঁত আৰু জামিদাঁত বা গুৰিদাঁতৰ কামৰ পার্থক্য কি ?

উঃ কুকুৰ দাঁতে খাদ্য বস্তু ফালি চিৰি খোৱাত সহায় কৰে। এই দাঁত মুঠ ৪ টা। 

আনহাতে জামিদাত বা গুৰি দাঁতে খাদ্য বস্তু চোবাই গুৰি কৰে।

১১। পাচন তন্ত্ৰৰ কার্যত জিভাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।

উঃ জিভাই খাদ্য বস্তুত লালটি মিহলোৱাৰ লগতে চোবাই গিলালৈকে সহায় কৰে। জিভাই খাদ্য বস্তুৰ তিতা , মিঠা , জলা , টেঙা আদিৰ সোৱাদ অনুভৱ কৰাতো আমাক সহায় কৰে।

১২। শ্বাস তন্ত্ৰৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখা

উ: শ্বাস-প্রশ্বাস প্রক্রিয়া নাকৰ পৰাই আৰম্ভ হয়। যেতিয়া আমি নাকেৰে উশাহ লওঁ বায়ু শ্বসনলীয়েদি ভিতৰলৈ সোমায় আৰু শেষত বায়ু শ্বাসনলীৰে ভিতৰত সোমাওতে নাকত থকা ক্ষুদ্র চুলি আৰু শ্লেষ্ময়ে বায়ুত থকা ধুলি , ময়লা আৰু বীজাণু হাঁফাওঁলৈ যোৱাৰ পৰা বাধা দি ৰাখে। যেতিয়া আমি উশাহ লওঁতে তিয়া হাওঁফাওঁ প্ৰসাৰণ হয় ফলস্বৰূপে নাকেদি অহা বায়ু হাওঁফাওঁত সহজতে সোমাই পৰে। আকৌ নিশাহত বায়ু এৰি দিওঁতে হাওঁফাওঁ সংকুচিত হয় আৰু কার্বন – ডাই – অক্সাইড শৰীৰৰ বাৰিহলৈ ওলাই যায়।

১৩। আমাৰ শৰীৰত মুঠতে কিমান ডাল হাড় আছে ?

 উ: আমাৰ শৰীৰত মুঠতে ২০৬ ডাল হাড় আছে।

১৪। কিহৰ সহায়ত আমি শৰীৰৰ অংগবোৰ লৰচৰ কৰিব পাৰো লিখা।

উঃ আমাৰ শৰীৰত থকা হাড়বোৰ জোৰাৰ সহায়ত লগ লাগি থাকে বাবে আমি অংগবোৰ লৰচৰ কৰিব পাৰো।

১৫। মগজুক কিহে ৰক্ষণাবেক্ষণ দিয়ে ?

উঃ আমাৰ মূৰত থকা হাড়বোৰ মিলি লাওখোলা তৈয়াৰ হয়। লাওখোলাত থকা হাড়ে মগজুক ৰক্ষণাবেক্ষণ দিয়ে।

১৬। শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি ?

উঃ আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডাল হৈছে কৰঙণত থকা উর্বস্থি বা কৰঙণৰ হাড়ডাল। 

 ১৭। কশেৰুকা কাক বোলে ?

উঃ ৰাজহাড়ডাল গঠন হোৱা সৰু সৰু হাড়বোৰক কশেৰুকা বোলে।

১৮। ৰাজহাড় সুস্থ , সবল কৰি ৰাখিবলৈ আমি কি কৰা উচিত ?

উ : ৰাজহাড় সুস্থ আৰু সবল কৰি ৰাখিবলৈ আমি বহোঁতে বা ঠিয় হওঁতে পোন হৈ থাকিব লাগে।

১৯। আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কোন অংশত থাকে ?

উঃ আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল হ’ল কাণত থকা ক্ষুদ্র হাড় ষ্টেপছ (Stapes) .

অতিৰিক্ত প্রশ্নোত্তৰ

১। অংগতন্ত্র কাক বোলে ?

উঃ আমাৰ শৰীৰৰ একোটা বিশেষ কার্য কেইবাটাও অংগ মিলি সমাধা কৰে। এনেদৰে কার্য সম্পাদন কৰা অংগৰ গোটক অংগতন্ত্র বোলে।

২। এজন প্রাপ্ত বয়স্ক ব্যক্তিৰ মুঠ দাঁত কেইটা ? 

উ: এজন প্রাপ্ত বয়স্ক ব্যক্তিৰ মুঠ ৩২ টা দাঁত থাকে।

৩। দাঁত কেই প্রকাৰৰ আৰু কি কি ?

উঃ দাঁত চাৰি প্ৰকাৰৰ।

(১) আগদাঁত বা কৃন্তক দাঁত

(২) কুকুৰদাঁত বা জোঙাদাঁত 

(৩) গ্ৰজামুদাঁত 

(৪) জামুদাঁত।

৪। পাচন তন্ত্ৰৰ অংগ সমূহৰ নাম লিখা।

উঃ পাচন তন্ত্ৰৰ অংগ সমূহ হ’ল মুখ , খাদ্যনলী , পাকস্থলী , 

ক্ষুদ্রান্ত্র , বৃহদান্ত্র আৰু গুহ্যদ্বাৰ।

৫। পাচন কার্যত পাকস্থলী আৰু ক্ষুদ্রান্ত্ৰৰ ভূমিকা কি ?

উঃ পাকস্থলীটো এখন মোনাৰ দৰে। ই পাঁচক ৰস নির্গত কৰে। এই পাচক ৰস আহাৰৰ সৈতে মিহলি হয়। পাকস্থলীৰ নিয়মিত ভাৱে প্ৰসাৰণ আৰু সংকোচন হৈ থাকে। ইয়াৰ ফলত আমি খোৱা আহাৰ সৰল দ্রবীভূত অৱস্থালৈ পৰিৱর্তিত হয়।পাচক ৰসে খাদ্য দ্রব্য হজম হোৱাত সহায় কৰে।

পাকস্থলীৰ পৰা আমি খোৱা আহাৰ ক্ষুদ্রান্ত্ৰলৈ যায়। ইয়াত যকৃত আৰু অগ্নাশয়ৰ পৰা অহা ৰস খাদ্যত মিহলি হয়। এই প্রক্রিয়াত আমি খোৱা খাদ্য অধিক হজম হয় আৰু হজম হোৱা খাদ্য ক্ষুদ্রান্ত্রই শোষণ কৰে।

৬। পাচন কার্য সঠিক ভাৱে হবলৈ আমি কি কি কৰা উচিত ?

উ: পাচন কার্য সঠিক ভাৱে হ’বলৈ আমি কিছুমান অভ্যাস কঠোৰ ভাৱে কৰা উচিত

(ক) সদায় সঠিক আৰু নির্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰিব লাগে।

(খ) খাদ্য সৰু সৰু টুকুৰা কৰি খোৱা উচিত।

(গ) ভাল দৰে খাদ্য চোবোৱা উচিত।

(ঘ) যথেষ্ট পৰিমাণে পানী খোৱা উচিত।

৭। কৈশিক শিৰা কাক বোলে ? ইয়াৰ কাম কি ?

উ: হাওঁফাওঁত বহুত পাতল ৰক্তবাহী নলী আছে , এই নলীবোৰক কৈশিক শিৰা বোলে।

কৈশিক শিৰাত থকা তেজে হাওঁফাওঁত সোমোৱা বায়ুৰ পৰা অক্সিজেন গ্রহণ কৰে আৰু কার্বন – ডাই – অক্সাইড এৰি দিয়ে।

৮। শ্বাস তন্ত্রৰ কার্য সঠিক ভাৱে সম্পাদন হ’বলৈ কি কি নিয়ম মানি চলা উচিত ?

উঃ শ্বাস তন্ত্ৰৰ কার্য সঠিক ভাৱে সম্পাদন হ’বলৈ মানি চলিব লগীয়া নিয়ম সমূহ হ’ল-

(ক) আমি দীঘলকৈ আৰু গভীৰ ভাৱে উশাহ লোৱাৰ অভ্যাস কৰিব লাগে। শৰীৰে যথেষ্ট পৰিমাণে অক্সিজেন লাভ কৰে।

(খ) নিয়মিত শাৰীৰিক ব্যায়াম কৰাটো প্রয়োজন।

  (গ) পৰিৱেশ প্ৰদূষণ কমোৱাৰ বাবে সহযোগিতা আগবঢ়োৱা উচিত।

৯। হৃদপিণ্ডৰ স্পন্দন কি যন্ত্রৰ সহায়ত জোখা হয় ?

উঃ হৃদপিণ্ডৰ স্পন্দন জোখা যন্ত্রবিধ হ’ল ষ্টেথিচ স্কোপ।

১০। বৃক্কৰ কাৰ্য কি ?

উঃ বৃক্কৰ কার্য হ’ল তেজৰ পৰা বর্জনীয় পনীয়া পদার্থ শোধন কৰা। এই পনীয়া বর্জনীয় পদার্থক মূত্র বোলে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top