Niketan Class 5 Science Chapter 5 প্রাকৃতিক দুর্যোগ

Niketan Class 5 Science Chapter 5 প্রাকৃতিক দুর্যোগ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 5 প্রাকৃতিক দুর্যোগ and select need one.

Niketan Class 5 Science Chapter 5 প্রাকৃতিক দুর্যোগ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 5 প্রাকৃতিক দুর্যোগ Solutions for All Subjects, You can practice these here.

প্রাকৃতিক দুর্যোগ

Chapter – 5

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

মৌখিক কার্য :-

১। বাৰিষা বৰষুণত বানপানী সৃষ্টি হোৱা অসমৰ দুখন নদীৰ নাম কোৱা।

উঃ জীয়াধল আৰু গাইনদী।

২। তিনিটা প্রাকৃতিক দুর্যোগৰ নাম কোৱা।

উঃ বানপানী , খৰাং আৰু ভূমিকম্প।

৩। খৰাং বুলিলে কি বুজা ?

উঃ যি ঠাইত বহুদিন ধৰি বৰষুণ নহয় তেনে ঠাইত কোনো ধৰণৰ শস্য নগজে। নদী , পুখুৰী , জলাশয়বোৰ শুকাই যায়। প্রকৃতিৰ এনে অৱস্থাক খৰাং বোলা হয়।

8। বানপানী আৰু খৰাঙৰ মাজত পার্থক্য কি ? 

উঃ অত্যাধিক বৰষুণৰ ফলত নদীৰ পানী উপচি পৰে। ফলত চাৰিওফালৰ অঞ্চলবোৰ পানীত বুৰ যায়। ইয়াকে বানপানী বোলা হয়। 

বহুদিন বৰষুণ নোহোৱা ঠাইবোৰত নদীৰ পানী শুকাই যায় , কোনো ধৰণৰ শস্য নগজে। প্ৰকৃতিৰ এনে অৱস্থাক খৰাং বোলে। 

ইয়েই হৈছে বানপানী আৰু খৰাঙৰ মাজত থকা পার্থক্য।

৫। ধৰি লোৱা তুমি এখন নিকেতনৰ প্ৰধানাচার্য্য। তোমাৰ নিকেতনত পানী সোমাইছে তুমি ল’ৰা – ছোৱালীৰ নিৰাপত্তাৰ বাবে কি ব্যৱস্থা হাতত ল’বা।

উঃ নিকেতনত পানী সোমোৱাৰ লগে লগে বিদ্যুতৰ সংযোগবোৰ কাটি দিয়াৰ ব্যৱস্থা কৰিম। ল’ৰা-ছোৱালীবোৰক ওখ নিৰাপদ স্থানলৈ লৈ যাম।

লিখিত কার্য :-

১। বানপানীৰ তিনিটা কুফল লিখা।

উঃ বানপানীৰ তিনিটা কুফল হল

(ক) বানপানীৰ কবলত বহুলোকৰ মৃত্যু হয়।

(খ) বানপানীৰ ফলত খেতিবোৰ নষ্ট হয়। 

(গ) বানপানীৰ ফলত বহুদিনলৈ পানীবোৰ জমা হৈ থকাৰ ফলত দুর্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় আৰু বহুতো বেমাৰৰ বীজাণু উৎপন্ন হয়।ফলত কলেৰা , মেলেৰীয়া আদি ৰোগত আক্রান্ত হয়।

২। যিকোনো এটা প্রাকৃতিক দুর্যোগৰ বিষয়ে দহ শাৰী বাক্য লিখা।

উঃ খৰাং: কোনো এখন ঠাইত বহুদিন ধৰি বৰষুণ নহলে কোনো ধৰণৰ শস্য নগজে। নদী , পুখুৰী আদিবোৰ শুকাই পৰে। প্ৰকৃতিৰ এনে অৱস্থাক খৰাং বোলা হয়। যিবোৰ ঠাইত পানীৰ প্রাকৃতিক উৎস যথেষ্ট কম , সেই ঠাইবোৰত বতৰ খৰাং হয়। হাবি , জংগল , গছ – গছনি কাটি নোহোৱা ঠাইবোৰতো বৰষুণৰ পৰিমাণ কমি যায় আৰু খৰাং হয়। খৰাং হলে খেতিয়ক সকল আটাইতকৈ বেছি কবলত পৰে তেওঁলোক খেতি কৰাৰ পৰা বঞ্চিত হয় আৰু ফলত খাদ্যৰ নাটনি হয়। খৰাং হলে জনসাধাৰণ পানীৰ অভাৱত ভুগে। আমাৰ দেশৰ ৰাজস্থান , গুজৰাট , মধ্যপ্রদেশ আদিত যথেষ্ট খৰাং হয়। খৰাং ঠাইবোৰত যথেষ্ট পৰিমাণে গছ–গছনি ৰুব লাগে। ফলত সেই ঠাইৰ বায়ুত জলীয় বাষ্প বাঢ়িব আৰু বৰষুণৰ পৰিমাণ বৃদ্ধি হ’ব।

৩। কি কি মাধ্যমৰ জৰিয়তে আমি প্রাকৃতিক দুর্যোগৰ বিষয়ে জানিব পাৰো ?

উঃ ৰেডিঅ ’ , টেলিভিছন , ইণ্টাৰনেট , বাতৰি কাকত আদি মাধ্যমৰ জৰিয়তে দুর্যোগৰ বিষয়ে জানিব পাৰো।

৪। প্রলয়ংকাৰী ভূমিকম্পত হ’ব পৰা ক্ষতিৰ বিষয়ে তোমাৰ নিজৰ ভাষাত লিখা।

উঃ যিখিনি ঠাইত ভূমিকম্পৰ উৎপত্তি হয় ঠিক তাৰ আশে -পাশে থকা ঠাইখিনিত আটাইতকৈ বেছি ক্ষতি হয়। মাটিত কঁপনি হোৱা বাবে মাটিৰ ওপৰত থকা ঘৰ – দুৱাৰ , গছ – গছনি আদিত কঁপনি হয়। জোকাৰণি বেছি হ’লে ঘৰ – দুৱাৰ ভাঙি পৰে। ফলত ঘৰৰ ভিতৰত থকা মানুহবোৰ ওলাই আহিব নোৱাৰি মৃত্যু মুখত পৰে। গছ – গছনি ভাঙি পৰে , বিদ্যুতৰ খুটা উভালি পৰে। এনেদৰে বিদ্যুতৰ তাঁৰ বোৰ ছিঙি জুই জ্বলিও যায়। তেতিয়া মানুহৰ ক্ষতি সাধন হয়।

৫। খৰাঙৰ ফলত কি কি ক্ষতি হ’ব পাৰে ?

 উঃ খৰাঙৰ ফলত হোৱা ক্ষতিবোৰ হ’ল –

(ক) খৰাং হলে খেতিয়কসকল খেতি কৰাৰ পৰা বঞ্চিত হয়। ফলত খাদ্য , শস্য , ফল – মূল আদিৰ নাটনি হয়।

 (খ) খৰাং হ’লে জনসাধাৰণ পানীৰ অভাৱত ভুগে। দৈনন্দিন প্রয়োজন হোৱা পানীৰ অভাৱৰ লগতে বিশুদ্ধ পানীৰ নাটনিয়ে মানুহৰ আলৈ – আথানিৰ সৃষ্টি কৰে।

৬। কি ঘটিব পাৰে যদি কোনো ঠাইত

(ক) বহুদিন ধৰি বৰষুণ নহয়।

উ : বহুদিন ধৰি কোনো এখন ঠাইত বৰষুণন হ’লে সেই ঠাইত খৰাং হয়।

(খ) একেলেঠাৰীয়ে বহুদিন বৰষুণ হয়।

উঃ বহুদিন ধৰি একেলেঠাৰীয়ে বৰষুণ দিলে সেই ঠাইত বানপানী হয়।

(গ) বিশুদ্ধ পানীৰ যদি অভাৱ হয় –

উঃ এখন ঠাইত বিশুদ্ধ পানীৰ অভাৱ হ’লে সেই ঠাইখনৰ মানুহখিনিৰ বিভিন্ন ধৰণৰ ৰোগ হয়। 

যেনে – ডায়েৰিয়া , কলেৰা , জণ্ডিছ আদিত আক্রান্ত হ’ব পাৰে।

৭। চিছম’গ্রাফৰ কার্য কি ?

উঃ চিছম’গ্রাফৰ সহায়ত ভূমিকম্পৰ মাত্রা জোখা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। প্রাকৃতিক দুর্যোগ কাক বোলে ?

উঃ কিছুমান ঘটনা হঠাতে ঘটে য’ত মানুহৰ কোনো নিয়ন্ত্রণ নাথাকে। এনেদৰে হঠাতে প্রাকৃতিক ভাৱে ঘটা মানুহে নিয়ন্ত্রণ কৰিব নোৱাৰা ঘটনাবোক প্রাকৃতিক দুর্যোগ বোলে।

২। বানপানী হোৱাৰ কাৰণবোৰ উল্লেখ কৰা।

উঃ বানপানী হোৱাৰ কাৰণসমূহ হ’ল –

(ক) বৰষুণৰ পৰিমাণ অধিক হলে নদীৰ পানী ওপৰলৈ উঠি আহে আৰু কাষৰ ঠাইবোৰ পানীৰে বুৰাই পেলায়।

(খ) কেতিয়াবা নদীৰ অংশ বাম হ’লে সেই ঠাইৰ পানী উপচি কাষৰ ঠাইবোৰত বানপানীৰ সৃষ্টি কৰে।

(গ) অত্যধিক উষ্ণতাৰ ফলত পৰ্বতৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰে আৰু বৰফৰ গলিত পানীয়ে বান পানীৰ সৃষ্টি কৰে।

(ঘ) সাগৰীয় উপকূল অঞ্চলত বায়ুৰ চাপ সলনি হৈ থাকে। বায়ুমণ্ডলৰ এই পৰিৱর্তনে সাগৰীয় ধুমুহাৰ সৃষ্টি কৰে আৰু উপকূল অঞ্চল জলমগ্ন হৈ পৰে।

৩। বানপানীৰ এটা সুফল উল্লেখ কৰা।

উঃ বানপানীয়ে সোঁতত পাহাৰৰ ওপৰৰ মাটি তলৰ সমান ঠাইলৈ উটুৱাই আনে। পাহাৰৰ এই মাটিয়ে ভৈয়ামৰ অঞ্চলবোৰ সাৰুৱা কৰি তোলে। এইয়াই হৈছে বানপানীৰ এটা সুফল।

৪। বানপানী নিয়ন্ত্রণ কৰিব পৰা দুটা উপায় উল্লেখ কৰা।

উঃ বানপানী নিয়ন্ত্রণ কৰিব পৰা দুটা উপায় হল –আমি অত্যাধিক পৰিমাণে গছ ৰুব লাগে। গছৰ শিপাই বানপানীৰ সোঁতৰ গতিত বাধা দিয়ে।

(খ) নৈবোৰত মথাউৰি বান্ধিব লাগে।এই মথাউৰিবেৰে পানীৰ গতিক বাধা দিয়ে।

৫ | বানপানীৰ পৰা হোৱা ক্ষয় – ক্ষতিবোৰ কমাবলৈ আমি কেনে ধৰণৰ ব্যৱস্থা ল’ব লাগে ?

উঃ বানপানীৰ পৰা হোৱা ক্ষয় – ক্ষতিবোৰ কমাবলৈ কিছুমান ব্যৱস্থা ল’ব লাগে। যেনে –

(ক) বানপানী হোৱাৰ মুহূর্তত সকলো লোকক বানপানীৰ বিষয়ে সজাগ কৰাব লাগে।

(খ)  জনবসতি অঞ্চলবোৰত অস্থায়ীভাৱে পানী ৰোধ কৰিবলৈ বান্ধ বা মথাউৰি বান্ধি দিব লাগে।

(গ) আক্রান্ত হ’ব পৰা লোকক তৎক্ষণাত নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগে।

(ঘ) বানপানী পীড়িত লোকক উচিত পৰিমাণৰ খাদ্য , ঔষধ আৰু নিৰাপদ আশ্রয় প্রদান কৰিব লাগে।

(ঙ) পানী উতলাই খাবলৈ মানুহক সজাগ কৰিব লাগে।

৬। ভাৰতৰ পাঁচখন নদীৰ নাম লিখা।

উঃ ভাৰতৰ পাঁচখন নদীৰ নাম হ’ল – ব্রহ্মপুত্র , গংগা , গোদাবৰী ,  কাবেৰী আৰু নর্মদা।

৭। ভাৰতৰ এনে দুখন ৰাজ্যৰ নাম লিখা যি সততে বানপানীত আক্রান্ত হয়।

উঃ অসম আৰু বিহাৰ।

৮ | ভাৰতত যথেষ্ট খৰাং হোৱা দুখন ৰাজ্যৰ নাম লিখা।

উঃ ৰাজস্থান আৰু গুজৰাট।

৯। অসমত ডাঙৰ ভূমিকম্পটো কিমান চনত হৈছিল ?

উঃ ১৯৫০ চনত।

১০। ভূমিকম্পৰ জোকাৰণিৰ তীব্রতা জোখা স্কেলৰ নাম কি ?

উঃ ৰিখটাৰ স্কেল

১১। ভূমিকম্প কিয় হয় ? বহলাই লিখা।

উঃ আমাৰ ভূ -পৃষ্ঠৰ উপৰিভাগ গোটা কঠিন শিলজাতীয় পদার্থৰে তৈয়াৰী । ই এটা পাতল তৰপ আৰু ইয়াক পৃথিৱীৰ খোলা বুলি কোৱা হয়। এই তৰপটোৰ তলত অত্যাধিক তাপৰ ফলত গোটা পদার্থবোৰ গলিত অৱস্থাত থাকে। যেতিয়া এইবোৰ ভূ – পৃষ্ঠৰ উপৰিভাগলৈ ওলাই আহিব খোজে তেতিয়া তাৰ আশে পাশে থকা ঠাইসমূহৰ মাটি কঁপিবলৈ ধৰে।

 এনেবোৰ কাৰণতেই ভূমিকম্পৰ সৃষ্টি হয়।

১২। ভূমিকম্প হোৱাৰ সময়ত কেনেধৰণৰ সাৱধানতা সমূহ অৱলম্বন কৰিব লাগে ? 

উঃ ভূমিকম্প হোৱাৰ সময়ত আমি ল’ব লগা সাৱধানতা সমূহ হ’ল – 

(ক) ঘৰৰ ভিতৰৰ পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে।

(খ) টেবুল বা বিচনা আদিৰ দৰে কঠিন বস্তুৰ তলত সোমাব লাগে।

(গ) বিদ্যুতৰ তাঁৰ অথবা খুটাৰ পৰা নিৰাপদ দূৰত্বত থাকিব লাগে।

১৩। দূষিত পানীৰ পৰা বিয়পিব পৰা কেইটামান সংক্রামক ৰোগৰ নাম লিখা।

উ: কলেৰা , ডায়েৰিয়া , টাইফয়ড , জণ্ডিছ আদি।

১৪। প্রাকৃতিক দুর্যোগত আক্রান্তলোকক তুমি কেনেদৰে সহায় কৰিবা ?

উঃ (ক) প্রাকৃতিক দুর্যোগত আক্রান্ত মানুহখিনিক সাহসেৰে বিপদৰ মুখা মুখি হ’বলৈ ক’ব লাগে। 

(খ) মানুহখিনিক নিৰাপদ ঠাইলৈ যোৱাত সহায় কৰিব লাগে।

(গ) চিকিৎসক , আৰক্ষী অথবা সেনা জোৱানৰ উপদেশ মতে দুর্যোগৰ সময়ত কাম কৰিব লাগে।

১৫। ভূমিকম্পৰ উৎপত্তি স্থলৰ ঠিক ওপৰত থকা ঠাই খিনিক কি বুলি কোৱা হয় ?

উঃ উপকেন্দ্র বা অভিকেন্দ্র।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top