Niketan Class 5 Science Chapter 3 প্রাথমিক চিকিৎসা

Niketan Class 5 Science Chapter 3 প্রাথমিক চিকিৎসা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 3 প্রাথমিক চিকিৎসা and select need one.

Niketan Class 5 Science Chapter 3 প্রাথমিক চিকিৎসা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 3 প্রাথমিক চিকিৎসা Solutions for All Subjects, You can practice these here.

প্রাথমিক চিকিৎসা

Chapter – 3

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। তোমাৰ বন্ধু জনে খেলি থাকোতে দুখ পালে তুমি কি কৰিবা ?

উঃ কোনোবাই দুখ পালে দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ পানীৰে ধুব লাগে। তাৰ পাছত এনটিচেপটিক মলম সানি ঘা টুকুৰা ধুলি বালিৰ পৰা আঁতৰাই পৰিষ্কাৰকৈ ৰাখিব লাগে।

২। প্রাথমিক চিকিৎসাৰ বাকচত থকা যি কোনো সামগ্ৰীৰ নাম কোৱা।

উঃ কপাহ , বেণ্ডেজ , এনটিচেপটিক মলম।

৩। পাকঘৰত কাম কৰোতে আমি কিয় নাইলন কাপোৰৰ পৰিবৰ্তে কপাহী কাপোৰ পিন্ধিব লাগে ?

উঃ পাকঘৰত যিহেতু জুইৰ ব্যৱহাৰ বেছি সেয়েহে তাত গৰম বেছি অনুভৱ হয়। কপাহী কাপোৰে গাৰ ঘামবোৰ শুহি লয় যিটো নাইলন কাপোৰে নলয়। তাৰো পৰি নাইলন কাপোৰ পিন্ধি থাকিলে আকস্মিক ভাৱে জুই লাগিলে নাইলনৰ কাপোৰবোৰ গাত লাগি ধৰে যিটো শৰীৰৰ বাবে অতি বিপদজনক। সেয়েহে আমি পাক ঘৰত কাম কৰিলে কপাহী কাপোৰ পিন্ধিব লাগে।

৪। নাকেদি তেজ ওলোৱা ব্যক্তিক কি ধৰেণ প্ৰাথমিক চিকিৎসা আগবঢ়াব লাগে ?

উঃ (ক) নাকেদি তেজ ওলোৱা ব্যক্তিজনক শৰীৰতকৈ মূৰটো বেছি তললৈ হেলনীয়াকৈ কৰি ওপৰমুৱাকৈ শুৱাই দিব লাগে।

(খ) ৰোগীৰ মূৰত ঠাণ্ডা পানী ঢালি দিব লাগে।

(গ) নাকৰ ওপৰত ঠাণ্ডা পতি লগাব লাগে।

৫। ৰিতুৱে পৰি আঘাত পাওঁতে ৰুবিয়ে যদি প্রাথমিক চিকিৎসা নকৰিলেহেঁতেন কি হ’লহেতেন বাৰু ?

উঃ ৰিতুৱে পৰি আঘাত পাওঁতে ৰুবিয়ে প্রাথমিক চিকিৎসা নকৰিলে। আঘাত গুৰুতৰ হ’লহেতেন।

১। গাত গৰম পানী পৰিলে কি কৰা উচিত ?

উঃ গাত গৰম পানী পৰিলে সেই ঠাইখিনিত বৰফ অথবা ঠাণ্ডা পানী লগাই থাকিব লাগে।

২। প্রাথমিক চিকিৎসাৰ প্রয়োজনীয়তা কি ?

উঃ আমাৰ দৈনন্দিন জীৱনত প্রাথমিক চিকিৎসাৰ অতি প্রয়োজন। আমি কেতিয়াবা হঠাৎ দুখ পাব পাৰো।যেনে- কৰবাত পৰি দুখ পাব পাৰো , কেতিয়াবা হাত- ভৰি কাটিলেও আমি দুখ পাওঁ। এনেদৰে অঘটনহৈ দুখ পালে আমি কিছুমান প্রাথমিক চিকিৎসা কৰো। দুখ পোৱাৰ লগে লগে সেই ঠাই খিনি পৰিষ্কাৰ পানীৰে ধুই মলম লগাই দিওঁ। এইবোৰ কৰিলে দুখ পোৱা মানুহজনে সোনকালে আৰোগ্য লাভ কৰাৰ সম্ভাৱনা থাকে। এনেবোৰ কাৰণতেই প্রাথমিক চিকিৎসাবৰ প্রয়োজনীয়।

৩। বাটত হোৱা দুৰ্ঘটনাৰ কাৰণবোৰ কি কি ?

উ : বাট – পথত অন্যমনস্ক হৈ খোজ কাঢ়িলে ৰাস্তাত ট্রেফিক নিয়মবোৰ মানি নচলিলে বা ৰাস্তা পাৰ হওঁতে দুয়োফালে যান বাহন চাই নললে বাট পথত বিভিন্ন দুর্ঘটনা হ’ব পাৰে।

৪। তলত দিয়া দুর্ঘটনাবোৰ হ’লে কেনে ধৰণৰ প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰিব লাগে ?

(ক) কাৰোবাৰ হাতত গৰম তেল পৰিলে –

উঃ আকস্মিকভাৱে কাৰোবাৰ হাতত গৰম তেল পৰিলে পোৰা অংশত ঠাণ্ডা পানী ঢালি দিব লাগে। পোৰণি অনুভৱ নোহোৱালৈকে পানী ঢালি থাকিব লাগে।

(খ) কোনো লোকৰ নাকেদি তেজ ওলায় –

উঃ কোনো লোকৰ নাকেদি তেজ ওলালে তেজ ওলোৱা ব্যক্তিজনক শৰীৰতকৈ মূৰটো বেছি তললৈ হেলনীয়া কৰি ওপৰমুৱাকৈ শুৱাই দিব লাগে। ৰোগীৰ মূৰত ঠাণ্ডা পানী ঢালিব লাগে।

(গ) কোনো লোকক মৌ – মাখি বা বৰলে বিন্ধে –

উ: কোনো লোকক মৌ – মাখি বা বৰলে বিন্ধিলে এটুকুৰা বৰফ বা ঠাণ্ডা পানী বিন্ধা ঠাই টুকুৰাত লগাই দিব লাগে। নেমু ৰস বা এম’নিয়া লগাই দিলেও বিষ কিছু পৰিমাণে কমি আহে।

৫। শুদ্ধ উত্তৰটো বিচাৰি তাৰ বিপৰীতে ( √ ) চিন দিয়া।

(অ) কোনো ব্যক্তিয়ে পিন্ধি থকা কাপোৰত জুই লাগিলে আমি তৎক্ষণাত –

(ক) লোকজনক কম্বলেৰে মেৰিয়াই ধৰিব লাগে।

(খ) লোকজনক কপাহী কাপোৰেৰে মেৰিয়াই দিব লাগে।

(গ) লোকজনক মজিয়াত বগৰাই দিব লাগে।

(ঘ) লোকজনক চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে।

উ : (গ)লোকজনক মজিয়াত বগৰাই দিব লাগে।

(আ) খেলি থাকোতে আঘাত পালে আমি –

(ক) আঘাত পোৱাৰ কাৰণ সুধিব লাগে।

(খ) চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

(গ) আঘাত পোৱা জনক খং কৰিব লাগে।

(ঘ) প্রাথমিক চিকিৎসা দিব লাগে।

উ : (ঘ) প্রাথমিক চিকিৎসা দিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top