Niketan Class 5 Science Chapter 1 পুষ্টিকাৰক দ্রব্য আৰু ইয়াৰ প্ৰভাৱ

Niketan Class 5 Science Chapter 1 পুষ্টিকাৰক দ্রব্য আৰু ইয়াৰ প্ৰভাৱ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 5 Science Chapter 1 পুষ্টিকাৰক দ্রব্য আৰু ইয়াৰ প্ৰভাৱ and select need one.

Niketan Class 5 Science Chapter 1 পুষ্টিকাৰক দ্রব্য আৰু ইয়াৰ প্ৰভাৱ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 5 Science Chapter 1 পুষ্টিকাৰক দ্রব্য আৰু ইয়াৰ প্ৰভাৱ Solutions for All Subjects, You can practice these here.

পুষ্টিকাৰক দ্রব্য আৰু ইয়াৰ প্ৰভাৱ

Chapter – 1

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

মৌখিক কার্য :-

১ । আহাৰত থকা প্রধান পুষ্টিকাৰক দ্রব্যসমূহৰ নাম  কোৱা । 

উঃ আহাৰত থকা প্রধান পুষ্টিকাৰক দ্রব্যসমূহৰ নাম হ’ল- কার্বহাইড্রেট , প্রটিন , স্নেহ পদার্থ , ভিটামিন আৰু খনিজ লৱণ ।

২। কার্বহাইড্রেট আৰু প্ৰটিনৰ কাৰ্যৰ পাৰ্থক্যসমূহ কোৱা । 

উঃ কার্ব’হাইড্রেটে শৰীৰত শক্তিৰ যোগান ধৰে । ঘেঁহু , গোমধান , চাউল , আলু আদিত যথেষ্ট পৰিমাণে কার্ব’হাইড্রেট থাকে । 

প্রটিনে শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে । গাখীৰ , কণী , মাছ , মাংস , মাহজাতীয় শস্য আদিবোৰত প্ৰটিন থাকে ।

৩। লোহিত ৰক্ত কণিকাত থকা ৰঞ্জক বিধৰ নাম কি ?

উঃ হিম’গ্লবিন । 

৪। কোনো ব্যক্তিৰ সঘনাই দাঁতৰ আলুৱেদি তেজ ওলালে তেওঁ কি ৰোগত আক্রান্ত হোৱা বুলি ভাবিবা ? এই ৰোগ নিৰাময়ৰ বাবে  আহাৰত কোনবিধ পুষ্টিকাৰক দ্ৰব্যৰ প্রয়োজন হ’ব ?

উঃ কোনো ব্যক্তিৰ সঘনাই দাঁতৰ আলুৱেদি তেজ ওলালে তেওঁক স্কার্ভি ৰোগত আক্রান্ত হোৱা বুলি গম পোৱা যাব ।  

এই ৰোগ নিৰাময়ৰ বাবে ভিটামিন চি যুক্ত আহাৰ প্ৰচুৰ পৰিমাণে খোৱা উচিত ।

৫ । কি ৰোগত আক্রান্ত হলে ভৰিৰ হাড় ধেনুভিৰীয়া হয় ? 

উঃ ৰিকেট বা পয়াঁলগা ৰোগত আক্রান্ত হলে ভৰিৰ হাড় ধেনুভিৰীয়া হয় ।

৬ । কোনবিলাক আহাৰত প্ৰটিন পোৱা যায় ? 

উঃ গাখীৰ , মাছ , মাংস , কণী , মাহজাতীয় শস্য আদিবোৰ আহাৰত প্রটিন পোৱা যায় ।

৭। টেঙাজাতীয় ফলমূল আৰু শাক পাচলিত কোনবিধ ভিটামিন পোৱা যায় ? 

উঃ ভিটামিন চি । 

১। আমাৰ শৰীৰত শক্তিৰ যোগান ধৰা কেইবিধমান খাদ্যৰ নাম লিখা ।

উঃ আমাৰ শৰীৰত শক্তিৰ যোগান ধৰা কেইবিধমান খাদ্যৰ নাম হ’ল— চাউল , আটা , আলু আদি । 

২। পুষ্টিহীনতা ৰোগ কিয় হয় বুলি ভাবা ? দুটা কাৰণ দর্শোৱা। 

উঃ আমাৰ শৰীৰত পুষ্টিহীনতা ৰোগ হোৱাৰ দুটা কাৰণ হ’ল – 

(ক) শৰীৰত প্ৰটিনৰ অভাৱ হ’লে পুষ্টিহীনতাই দেখা দিয়ে। 

(খ) শৰীৰত কার্বহাইড্রেটৰ অভাৱ হলেও পুষ্টিহীনতাৰ ৰোগ হ’ব পাৰে ।

৩। ভিটামিনৰ অভাৱত হ’ব পৰা ৰোগসমূহৰ নাম লিখা । লগতে প্ৰতিটো ৰোগৰ একোটাকৈ লক্ষণ উল্লেখ কৰা ।

 উঃ ভিটামিনৰ  অভাৱত হোৱা ৰোগসমুহৰ নাম আৰু লক্ষণবোৰ হল –


ভিটামন

ৰোগৰ নাম

ৰোগৰ লক্ষণ

ভিটামিন এ

কুকুৰীকণা

এনে ৰোগত আক্রান্ত লোকে কম পোহৰত অথবা ৰাতি চকুৰে নেদেখে।

ভিটামিন বি

বেৰী-বেৰী

(ক) ৰোগীৰ ভোক নালাগে আৰু ওজন কমি আহে।(খ) হাত- ভৰি ক্রমান্বয়ে অৱশ হৈ পৰে।(গ) ওঁঠৰ চাৰিওফাল ফাটিবলৈ ধৰে। 

ভিটামিন চি

স্কার্ভি

এই ৰোগ হলে দাঁতৰ আলু ওখহে আৰু ইয়াৰ পৰা তেজ ওলায়। এই ৰোগত আক্রান্ত ৰোগী গাঁঠিৰ বিষত ভোগে , শৰীৰৰ ওজন কমি আহে ।

ভিটামিন ডি

ৰিকেটচ বা পয়ালগা

এনে ৰোগ হলে শিশুৰ পয়াঁলগা শাৰীৰিক গঠন ভাল নহয়। ভৰিৰ হাড় ধেনুভিৰীয়া হয় ।

8। আমাৰ খাদ্যত আইৰণ থকাটো কিয় প্রয়োজনীয় ?

উঃ আমাৰ শৰীৰৰ বাবে এবিধ দৰকাৰী খনিজ পদার্থ হ’ল – আইৰণ। আকৌ আমাৰ তেজত হিম’গ্লবিন নামৰ ৰঞ্জক পদার্থ থাকে যিয়ে অক্সিজেন গ্রহণ কৰি শৰীৰৰ বিভিন্ন অংগক যোগান ধৰে। আইৰণৰ অভাৱে শৰীৰৰ তেজত থকা হিম’গ্লবিনৰ মাত্রা কমায়। আইৰণৰ অভাৱত শৰীৰত এনিমিয়া বা ৰক্তহীনতাৰ সৃষ্টি হয়। সেয়েহে আমাৰ শৰীৰত আইৰণ থকাটো প্রয়োজনীয়।

৫। কি কি ঘটিব ?

(ক) আমি খোৱা খাদ্যত সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্রব্য নাথাকিলে –

উঃ আমি খোৱা খাদ্যত সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্রব্য নাথাকিলে শৰীৰত পুষ্টিৰ অভাৱ হ’ব। ইয়াৰ ফলত শৰীৰত কুকুৰীকণা , স্কার্ভি , বেৰী – বেৰী আদি বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হ’ব পাৰে।

(খ) শাক – পাচলি প্রথমে কাটি পিছত ধুলে-

উঃ শাক – পাচলি প্রথমে কাটি পিছত পানীৰে ধূলে পাচলিত থকা দ্রবণীয় পুষ্টি পানীলৈ গৈ পাচলিৰ গুণাগুণ হ্রাস কৰে।

(গ) ফলমূল আৰু শাক – পাচলি খাদ্যৰ তালিকাত নাথাকিলে-

উঃ ফলমূল আৰু শাক – পাচলি খাদ্যৰ তালিকাত নাথাকিলে ভিটামিনৰ অভাৱ হয়। এইবোৰ খাদ্য নাখালে মানুহৰ পুষ্টিহীনতাৰ ৰোগে দেখা দিব।

৬। তলত উল্লেখ কৰা ‘ ক ’স্তম্ভৰ লগত ‘ খ ’ স্তম্ভৰ শব্দ মিলোৱা। 

‘ক ‘স্তম্ভ‘খ’  স্তম্ভ
গৰল  ভিটামিন এ
কুকুৰীকণা  ভিটামিন চি
পয়াঁলগা  আইৰণ
স্কার্ভি  আয়’ডিন
ৰক্তহীনতা  ভিটামিন ডি

উ:

‘ক ‘স্তম্ভ‘খ’  স্তম্ভ
গৰলআয়’ডিন
কুকুৰীকণাভিটামিন এ
পয়াঁলগাভিটামিন ডি
স্কার্ভিভিটামিন চি
ৰক্তহীনতাআইৰণ

অতিৰিক্ত প্রশ্নোত্তৰ

১। আমাৰ শৰীৰৰ বাবে পুষ্টিকাৰক দ্ৰব্যৰ কিয় প্রয়োজন লিখা।

উঃ আমি জীয়াই থাকিবলৈ আহাৰৰ প্রয়োজন । শৰীৰৰ বিভিন্ন অংগই বিভিন্ন কাম কৰে। এই কামবোৰ সুচাৰুৰূপে চলিবলৈ আহাৰত পুষ্টিকাৰক দ্রব্য থকাটো প্রয়োজনীয় পুষ্টিকাৰক দ্রব্যই শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰাও ৰক্ষা কৰে।

২। আমাৰ শৰীৰত স্নেহজাতীয় পদার্থৰ ভূমিকা কি ? দুবিধ স্নেহজাতীয় পদার্থৰ নাম লিখা।

উ : স্নেহজাতীয় পদার্থই শৰীৰক তাপ যোগোৱাৰ লগতে শক্তিৰ যোগান ধৰে। দুবিধ স্নেহজাতীয় পদার্থৰ নাম হ’ল –  ঘি আৰু তেল।

৩। স্নেহ পদার্থৰ আন এটা নাম কি ?

উঃ লিপিড।

8। অভাৱজনিত ৰোগ কাক বোলে ?

উঃ খাদ্যত পুষ্টিকাৰক দ্রব্যৰ অভাৱে বহুতো বেমাৰৰ সৃষ্টি কৰিব পাৰে । এই বেমাৰবোৰক পুষ্টি অভাৱজনিত ৰোগ বোলে । 

৫। সু- স্বাস্থ্যৰ অধিকাৰী হ’বলৈ কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰা উচিত ? 

উঃ পুষ্টিকাৰক দ্রব্য থকা উচিত । 

৬। সুষম আহাৰ কাক বোলে ?

উঃ শৰীৰৰ বাবে প্রয়োজন হোৱা সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্রব্য সঠিক পৰিমাণে থকা আহাৰক সুষম আহাৰ বোলে । 

৭ । ভিটামিন ‘ এ ’ প্রচুৰ পৰিমাণে থকা কেইবিধমান খাদ্যবস্তুৰ নাম লিখা । 

উঃ গাজৰ , অমিতা , কণীৰ হালধীয়া অংশ , পালেং শাক আদি ।

৮। ভিটামিন ‘ বি ’ প্ৰচুৰ পৰিমাণে থকা দুবিধ খাদ্যবস্তুৰ নাম লিখা । 

উঃ মাহজাতীয় শস্য , গাখীৰ ।

৯। টেঙাজাতীয় ফলত প্ৰচুৰ পৰিমাণে থকা ভিটামিনবিধৰ নাম কি ? 

উঃ ভিটামিন ‘ চি । 

১০। এনিমিয়া ৰোগৰ লক্ষণসমূহ উল্লেখ কৰা । 

উঃ এনিমিয়া ৰোগৰ লক্ষণসমূহ হ’ল— 

(ক)  শৰীৰ শেতা পৰা । 

(খ) শৰীৰ দুর্বল হয় আৰু ৰোগীয়ে ভাগৰুৱা অনুভৱ কৰে। 

(গ) অৰুচি বোধ হয় ।

(ঘ) নখ শেঁতা পৰে আৰু বগা হয় ।

 ১১৷ গৰল নামৰ ৰোগবিধ কোনবিধ পুষ্টিকৰ খাদ্যৰ অভাৱত হয় ? 

উঃ আয়’ডিন নামৰ খনিজ পদার্থবিধৰ অভাৱত হয় ।

১২। খাদ্যত থকা পুষ্টিকৰ দ্ৰব্যসমূহ বিনষ্ট হোৱাৰ কাৰণ বোৰ উল্লেখ কৰা ।

উঃ খাদ্যবোৰ উপযুক্তভাৱে সংৰক্ষণন কৰিলে বা নেৰান্ধিলে খাদ্যত থকা পুষ্টি দ্রব্যসমূহ বিনষ্ট হয়। যেনে— 

( ক ) পাচলি কাটি পানীৰে ধূলে তাত থকা পানীত দ্রবনীয় পুষ্টি দ্রব্য পানীলৈ গৈ পাচলিৰ গুণাগুণ হ্রাস কৰে।

(খ) অধিক সময় খাদ্য সিজালে তাত থকা পুষ্টি দ্রব্য বিনষ্ট হয়।

(গ) মুকলি ভাবে ৰন্ধা খাদ্যৰ পৰাও পুষ্টি দ্রব্য বিনষ্ট হয়। 

(ঘ) বাৰে বাৰে ভাজিলে বা গৰম কৰিলে খাদ্যত থকা পুষ্টি দ্রব্য বিনষ্ট হয়।

১৩। আমাৰ শৰীৰত মেদবহুলতা সৃষ্টি হব পৰা কাৰণ সমূহ উল্লেখ কৰা।

উঃ শৰীৰত মেদবহুলতা সৃষ্টি কৰা কাৰণ সমূহ হ’ল- 

(ক) আৱশ্যকতকৈ অধিক ভোজন কৰা। 

(খ) অধিক তেল যুক্ত খাদ্য গ্রহণ কৰা। 

(গ) কম পৰিমাণে থকা খনিজ লৱণ তথা প্রটিনযুক্ত টেমাত বন্ধ খাদ্য গ্রহণ কৰা। 

(ঘ) উপযুক্ত ভাৱে শাৰীৰিক ব্যায়াম নকৰা। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top