Niketan Class 5 Assamese Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ

Niketan Class 5 Assamese Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ Sankardev Sishu Niketan Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 8 প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

প্রসিদ্ধ ভাৰতীয় বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ

Chapter – 8

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। ভেংকটৰমণৰ ক’ত জন্ম হৈছিল ? তেওঁৰ মাক – দেউতাকৰ নাম কি আছিল ? 

উত্তৰঃ তামিলনাড়ুৰ ত্ৰিচনাপল্লীত । তেওঁৰ মাকৰ নাম পার্বতী আমল আৰু দেউতাকৰ নাম চন্দ্রশেখৰ আয়াব । 

প্রশ্ন ২। আকাশখন আমি কিয় নীলা দেখো ? 

উত্তৰঃ বায়ুমণ্ডলত থকা বিভিন্ন কণিকবােৰে সূৰ্যৰ পােহৰৰ বিচ্ছুৰণ ঘটায় । সূৰ্যৰ পােহৰত সাতটা ৰং থাকে । এই সাতােটা ৰঙৰ ভিতৰত নীলা ৰংটো আটাইতকৈ বেছি বিচ্ছুৰিত হয় । সেইবাবে আমি আকাশখন নীলা দেখো । 

প্রশ্ন ৩। সূৰ্যৰ পােহৰত থকা সাতটা ৰং কি কি ? 

উত্তৰঃ বেঙুনীয়া , ঘননীলা , নীলা , সেউজীয়া , হালধীয়া , কমলা আৰু ৰঙা । 

প্রশ্ন ৪। ১৯২১ চনত ভেংকটৰমণ লণ্ডনলৈ কিয় গৈছিল ? 

উত্তৰঃ ‘ বিশ্ববিদ্যালয় কংগ্ৰেছত যােগদান কৰিবলৈ গৈছিল । লণ্ডনৰ পৰা জাহাজেৰে উভতি আহি থাকোঁতে সাগৰৰ নীলা পানীবােৰলৈ চাই চাই ভেংকটৰমণৰ মনত এই প্রশ্নটো উদয় হৈছিল— ‘ আমি সাগৰৰ পানী নীলা দেখে কিয় ? 

প্রশ্ন ৫। কি আৱিষ্কাৰৰ বাবে ভেংকটৰমণক নবেল বঁটা প্ৰদান কৰা হৈছিল ? 

উত্তৰঃ ‘ ৰমণ ৰশ্মি ’ আৱিষ্কাৰৰ বাবে । 

প্রশ্ন ৬। ভেংকটৰমণে প্রতিষ্ঠা কৰাত আগভাগ লােৱা তিনিটা প্রতিষ্ঠানৰ নাম লিখা । 

উত্তৰঃ ( ১ ) ভাৰতীয় বিজ্ঞান প্রতিষ্ঠান ( Indian Institute of Science ) 

( ২ ) ৰমণ প্রতিষ্ঠান ( Raman Institute ) 

( ৩ ) ভাৰতীয় বিজ্ঞান একাডেমী ।

প্রশ্ন ৭। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখটো কিহৰ বাবে উল্লেখনীয় ? 

উত্তৰঃ এই দিনটোত ছাৰ চন্দ্ৰশেখৰ ভেংকটমণে ‘ মন ৰশ্নি ’ আৱিষ্কাৰ কৰিছিল বাবে । 

প্রশ্ন ৮। ভাৰতৰ ‘ ৰাষ্ট্রীয় বিজ্ঞান দিৱস ’ কোনটো দিনত পালন কৰা হয় ? সেই দিনটো কিয় বিখ্যাত ? 

উত্তৰঃ ২৮ ফেব্ৰুৱাৰী তাৰিখত । এই দিনটোতে ভেংকটৰমণে ‘ ৰমৰ ৰশ্মি ‘ আৱিষ্কাৰ কৰিছিল । 

প্রশ্ন ৯। তলৰ প্ৰকেইটাৰ উত্তৰ দিয়া –

( ক ) ন’বেল বঁটা কি ? 

উত্তৰঃ আলফ্রেড ন’বেল আছিল ডিনামাইট আৱিষ্কাৰক । তেওঁ দান কৰি থৈ যােৱা ধনেৰে মানৱ জাতিৰ কল্যাণৰ বাবে বিজ্ঞান চর্চা কৰা বিজ্ঞানৰ ক্ষেত্ৰলে বিশেষ বৰঙণি আগবঢ়োৱা লােকক প্রতি বছৰে ন’বেল বঁটা দিয়া হয় । এইটো বিজ্ঞানৰ সর্বোচ্চ বঁটা । আলফ্রেড ন’বেলৰ নামেৰে এই বঁটাটোৰ নাম নবেল বঁটা’ৰখা হৈছে । 

( খ ) ভেংকটৰমণে গৱেষণা কৰা গৱেষণা কেন্দ্ৰটোৰ নাম লিখ । 

উত্তৰঃ ভাৰতীয় বিজ্ঞান কৰ্ষণৰ সংস্থা ( Institute Association of Cultivation of Science )

( গ ) ‘ ভাৰত ৰত্ন’উপাধি পােৱা অসমৰ এগৰাকী ব্যক্তিৰ নাম লিখা । 

উত্তৰঃ গােপীনাথ বৰদলৈ । ( তেওঁক মৰণােত্তৰভাৱে এই উপাধি প্রদান কৰা হৈছে )

প্রশ্ন ১০। খালী ঠাইপূৰ কৰা – 

( ক ) ৰমণে সাগৰৰ নীলা ৰঙৰ কাৰণ জানিবলৈ গৱেষণা চলােৱা প্রতিষ্ঠানটোৰ নাম ………………।

উত্তৰঃ ৰমণে সাগৰৰ নীলা ৰঙৰ কাৰণ জানিবলৈ গৱেষণা চলােৱা প্রতিষ্ঠানটোৰ নাম ‘ ভাৰতীয় বিজ্ঞান কৰ্ণৰ সংস্থা ‘। 

( খ ) ৰমণে ………………. চনত ন’বেল বঁটা লাভ কৰিছিল । 

উত্তৰঃ ৰমণে ১৯৩০ চনত ন’বেল বঁটা লাভ কৰিছিল । 

( গ ) ব্রিটিছ চৰকাৰে ৰমণক ……………… উপাধিৰে সন্মানিত কৰিছিল । 

উত্তৰঃ ব্রিটিছ চৰকাৰে ৰমণক ‘ ছাৰ ’ উপাধিৰে সন্মানিত কৰিছিল । 

( ঘ ) ‘ ভাৰতীয় বিজ্ঞান কর্ষণৰ সংস্থা’টো ……………. চনত স্থাপিত হৈছিল । 

উত্তৰঃ ‘ ভাৰতীয় বিজ্ঞান কৰ্ষণৰ সংস্থা’টো ১৮৭৬ চনত স্থাপিত হৈছিল। 

( ঙ ) ৰমণে ১৯৩৩ চনৰ পৰা ১৯৪৮ চনলৈ গৱেষণা চলােৱা প্রতিষ্ঠানটোৰ নাম ……………..।

উত্তৰঃ ৰমণে ১৯৩৩ চনৰ পৰা ১৯৪৮ চনলৈ গৱেষণা চলােৱা প্রতিষ্ঠানটোৰ নাম ‘ ভাৰতীয় বিজ্ঞান প্রতিষ্ঠান ‘ । 

( চ ) ১৯৫৪ চনত ভাৰত চৰকাৰে ভেংকটৰমণক …………….. কৰিছিল । 

উত্তৰঃ ১৯৫৪ চনত ভাৰত চৰকাৰে ভেংকটৰমণক ভাৰতৰত্ন উপাধি প্রদান কৰিছিল ।

( ছ ) ……………… চনৰ …………….. তাৰিখে ৰমণৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৯৭১ চনৰ ২১ তাৰিখে ৰমণৰ মৃত্যু হৈছিল । 

প্রশ্ন ১১। প্রথম স্তম্ভত দিয়া শব্দৰ অৰ্থ দ্বিতীয় স্তম্ভত দিয়া শব্দবােৰৰ মাজৰ পৰা বিচাৰি উলিওৱা । 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
বিচ্ছুৰণকোনাে বিষয়ৰ গভীৰ চিন্তা
গবেষণা বিশেষ ৰচনা
বিজ্ঞান কর্ষণপােহৰৰ বিভিন্ন ৰং সিঁচৰতি হােৱা
প্ৰবন্ধবিজ্ঞানৰ অধ্যয়ন কৰাৰ বাবে ব্যৱস্থা
দুর্গত কোনো সৎ উদ্দেশ্যত স্থাপিত হােৱা অনুষ্ঠান
শ্রদ্ধাঞ্জলিসন্মান জনাবলৈ আগবঢ়োৱা বস্তু
একনিষ্ঠভালেমান ব্যক্তিয়ে লগ লাগি গঠন কৰা সমিতি
সংস্থাপানী বা কাঁচত দেখা পােৱা বস্তুৰ ৰূপ
প্রতিষ্ঠানবিপদত পৰা লােক
প্রতিবিম্বএটা বিষয়তে মনপুতি কাম কৰা গুণ

উত্তৰঃ  

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
বিচ্ছুৰণপােহৰৰ বিভিন্ন ৰং সিঁচৰতি হােৱা
গবেষণা কোনাে বিষয়ৰ গভীৰ চিন্তা
বিজ্ঞান কর্ষণবিজ্ঞানৰ অধ্যয়ন কৰাৰ বাবে ব্যৱস্থা
প্ৰবন্ধবিশেষ ৰচনা
দুর্গত বিপদত পৰা লােক
শ্রদ্ধাঞ্জলিসন্মান জনাবলৈ আগবঢ়োৱা বস্তু
একনিষ্ঠএটা বিষয়তে মনপুতি কাম কৰা গুণ
সংস্থাকোনো সৎ উদ্দেশ্যত স্থাপিত হােৱা অনুষ্ঠান
প্রতিষ্ঠানভালেমান ব্যক্তিয়ে লগ লাগি গঠন কৰা সমিতি
প্রতিবিম্বপানী বা কাঁচত দেখা পােৱা বস্তুৰ ৰূপ

প্রশ্ন ১২। সূত্র লিখি উদাহৰণ দিয়া : সর্বনাম পদ 

উত্তৰঃ বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাক সর্বনাম পদ বােলে । যেনে — ৰমণ এগৰাকী বিজ্ঞানৰ সাধক আছিল । তেওঁ ৰমণ ৰশ্মি আৱিষ্কাৰ কৰিছিল । 

ওপৰৰ প্রথম বাক্যত থকা ‘ ৰমণ ’ বিশেষ্য পদটোৰ সলনি দ্বিতীয় বাক্যত ‘ তেওঁ ‘ শব্দটো ব্যৱহাৰ কৰা হৈছে । গতিকে ‘ তেওঁ ‘টো সর্বনাম পদ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top