Niketan Class 5 Assamese Chapter 6 সাতাশীটা অজগৰ পােৱালিৰ জন্মবৃত্তান্ত

Niketan Class 5 Assamese Chapter 6 সাতাশীটা অজগৰ পােৱালিৰ জন্মবৃত্তান্ত Sankardev Sishu Niketan Chapter 6 সাতাশীটা অজগৰ পােৱালিৰ জন্মবৃত্তান্ত Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 6 সাতাশীটা অজগৰ পােৱালিৰ জন্মবৃত্তান্ত

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 6 সাতাশীটা অজগৰ পােৱালিৰ জন্মবৃত্তান্ত gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

সাতাশীটা অজগৰ পােৱালিৰ জন্মবৃত্তান্ত

Chapter – 6

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। উত্তৰ দিয়া – 

( ক ) মানস অভয়াৰণ্য ক’ত ? 

উত্তৰঃ চিৰাং জিলাত । 

( খ ) অভয়াৰণ্য কাক বােলে ? 

উত্তৰঃ যিবােৰ অটব্য অৰণ্য বাঘ আৰু অন্যান্য পশু – পক্ষী নিৰাপদে বিচৰণ কৰিব পৰাকৈ ৰক্ষা কৰা হৈছে , সেইবােৰকে অভয়াৰণ্য বােলে ।

( গ ) মানস অভয়াৰণ্যৰ সীমাত কোনখন ৰাষ্ট্ৰ আছে ? 

উত্তৰঃ ভূটান ।

( ঘ ) প্রকৃতিপ্রেমীসকল কোন ? তেওঁলােকে কাৰ পৰামৰ্শ মানি চলে ? 

উত্তৰঃ ডেকা ল’ৰাৰ দল এটা । তেওঁলােকে প্রকৃতিবিদৰ পৰামৰ্শ মানি চলে । 

( ঙ ) সাধাৰণতে জন্মৰ পাছতে বেছিভাগ অজগৰৰ পােৱালি মৰি যায় কিয় ? 

উত্তৰঃ পােক – পৰুৱা আৰু চৰাই – চিৰিকটিৰ উৎপাতৰ বাবে বেছিভাগ অজগৰৰ পােৱালি মৰি যায় । 

প্রশ্ন ২। অজগৰহালে কণীবােৰ এৰি যােৱাৰ পাছত প্রকৃতিপ্রেমী দলটোৱে কণীবােৰ সুৰক্ষিত কৰিবলৈ কি কি কৰিছিল ? 

উত্তৰঃ কণীবােৰ সুৰক্ষিত কৰাৰ বাবে প্রকৃতিপ্রেমীৰ দলটোৱে প্রথমে এখন সৰু বিচনা সাজি লৈ বিচনাখনৰ ওপৰত বালি , তুহৰ গুড়ি , কাঠৰ গুৰি , হালধিৰ গুড়ি মিহলাই এটা তৰপ দিছিল । তাৰ পাছত কণীবােৰ ধোন্দাৰ পৰা লাহে লাহে বুটলি আনি বিচনাৰ ওপৰত ৰাখি মহ – মাখি সােমাব নােৱৰাকৈ এখন আঁঠুৱা তৰি দিছিল । কণী উমনি দিয়াৰ পৰিবেশ এটা সৃষ্টি কৰাৰ বাবে তেওঁলােকে উচ্চ শক্তিৰ বেটাৰী আনি বিচনাৰ ওপৰত তীব্র পােহৰৰ ব্যৱস্থাও কৰিছিল । 

প্রশ্ন ৩। চমুকৈ উত্তৰ দিয়া –

( ক ) অজগৰহালে ক’ত পােৱালিবােৰ উমনি দি আছিল ? 

উত্তৰঃ এজোপা প্রকাণ্ড শিমলু গছৰ ধোন্দাত । 

( খ ) প্রকৃতিপ্রেমীৰ দলটোৰ চেষ্টাত কিমানটা অজগৰ পােৱালি জন্মিছিল ? 

উত্তৰঃ সাতাশীচ টা । 

( গ ) জন্মৰ পাছতে অজগৰ পােৱালিবােৰে কি কৰিছিল ? 

উত্তৰঃ জন্মৰ পাছতে অজগৰ পােৱালিববাৰে ইফালে – সিফালে চাই চঞ্চলভাৱে কে – মেকৰি ফুৰিছিল । 

( ঘ ) অজগৰ পােৱালিবােৰ ক’লৈ গুচি গ’ল ? 

উত্তৰঃ গভীৰ অৰণ্যৰ মাজলৈ । 

( ঙ ) কিহৰ বাবে মানুহে প্রকৃতিক ধ্বংস কৰে ? 

উত্তৰঃ মানুহে নিজৰ সুখ – সুবিধাৰ বাবে প্রকৃতিক ধ্বংস কৰে । 

( চ ) প্রকৃতিক ধ্বংস কৰাত কোনে বাধা দিয়ে ?

উত্তৰঃ প্রকৃতিপ্রেমীসকলে । 

( ছ ) মানুহে নিজৰ সুখ – সুবিধাৰ বাবে প্ৰকৃতিৰ কি কি অন্যায় কৰে ? 

উত্তৰঃ মানুহে নিজৰ সুখ – সুবিধাৰ বাবে পাহাৰ খহায় , খাল – বিল পুতি পেলায় , গছ – বন কাটে আৰু জীৱ – জন্তুবােৰ মাৰে । 

( জ ) গছ বন , পশু – পক্ষী নাথাকিলে মানুহ জীয়াই থাকিব পাৰিবনে ? 

উত্তৰঃ নােৱাৰে । কাৰণ ইটোৰ জীৱনৰ লগত আনটোৰ জীৱন জড়িত হৈ আছে । 

প্রশ্ন ৪। প্রকৃতিপ্রেমীসকলে কি কি কাম কৰে ? 

উত্তৰঃ প্রকৃতিপ্রেমীসকলে প্রকৃতি ধ্বংস কার্যত বাধা আৰােপ কৰি প্ৰকৃতিৰ সুৰক্ষাৰ হকে কাম কৰে । কিছুমান মানুহে নিজৰ সুখ – সুবিধাৰ বাবে পাহাৰ খহায় , খাল – বিল পুতি পেলায় , জধে-মধে গছবন কাটে আৰু জীৱ – জন্তু হত্যা কৰে । ফলত প্রকৃতিৰ বিস্তৰ ক্ষতি হয় । মানুহে প্ৰকৃতিৰ বুকুত চলােৱা এইবােৰ ধ্বংস কার্যত প্রকৃতিপ্রেমীসকলে বাধা আৰােপ কৰে । লগতে প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে নতুনকৈ গছ পুলি ৰােৱা , জীৱ – জন্তুৰ বংশবৃদ্ধিৰ বাবে ব্যৱস্থা লােৱা আদি কামাে প্রকৃতিপ্রেমীসকলে কৰে । 

প্রশ্ন ৫। পর্যটকসকল মানসলৈ যায় কিয় ? 

উত্তৰঃ মানস অভয়াৰণ্যৰ প্রাকৃতিক দৃশ্য অতি মনােমােহা । ইয়াত বাঘকে ধৰি নানান জীৱ – জন্তু আছে । এই জীৱ – জন্তুবােৰ চোৱাৰ বাবে আৰু মানসৰ অপৰূপ সৌন্দর্য উপভােগ কৰিবৰ বাবে পর্যটকসকল মানসলৈ যায় । 

প্রশ্ন ৬। প্রকৃতিপ্রেমীৰ দলটোৱে অজগৰহালক চাবলৈ নিৰীক্ষণ কেন্দ্ৰটো কেনেকৈ গঢ়ি তুলিছিল ? 

উত্তৰঃ প্রকৃতিপ্রেমীসকলে প্রথমে শিমলুজোপাৰপৰা অলপ দূৰত এটুকুৰা ঠাই চা – চিকুণ কৰি লৈছিল । তাৰ পাছত ওপৰত চন্দ্ৰতাপ মেলি দি কেইখনমান প্লাষ্টিকৰ চকী পাৰি লৈ সৰু নিৰীক্ষণ কেন্দ্ৰটো গঢ়ি তুলিছিল।নিৰীক্ষণ কেন্দ্ৰটো সজা হােৱাৰ পাছত তেওঁলােকে দূৰনিয়ন্ত্রণ কেমেৰাৰে অজগৰহালৰ গতি – বিধিলক্ষ্য কৰিছিল । 

প্রশ্ন ৭। খালী ঠাই নিৰীক্ষণ কৰা । 

( আৰ্হিঃ প্রকৃতিৰ বিষয়ে জ্ঞান থকা পণ্ডিতক প্রকৃতিবিদ বােলে । )

( ক ) শিক্ষাৰ বিষয়ে জ্ঞান থকা পণ্ডিতক …………..বােলে । 

উত্তৰঃ শিক্ষাৰ বিষয়ে জ্ঞান থকা পণ্ডিতক শিক্ষাবিদ বােলে । 

( খ ) ভাষাৰ বিষয়ে জ্ঞান থকা পণ্ডিতক …………..বােলে । 

উত্তৰঃ ভাষাৰ বিষয়ে জ্ঞান থকা পণ্ডিতক ভাষাবিদ বােলে । 

( গ ) প্রযুক্তি বিষয়ে জ্ঞান থকা পণ্ডিতক …………..বােলে । 

উত্তৰঃ প্রযুক্তিৰ বিষয়ে জ্ঞান থকা পণ্ডিতক প্রযুক্তিবিদ বােলে । 

প্রশ্ন ৮। বাক্য ৰচনা কৰা –

( ক ) কুলু-কুলু , ( খ ) লাহে-লাহে , ( গ ) চাফ-চিকুণ , ( ঘ ) গতি-বিধি 

উত্তৰঃ ( ক ) কুলু-কুলু :- মানস অভয়াৰণ্যত দংগ গৌলাও নদীখন কুল-কুলুকৈ বৈ আছে । 

( খ ) লাহে-লাহে :- ৰেলগাড়ীখন লাহে-লাহে প্লেটফৰ্মত সােমাইছেহি । 

( গ ) চাফ-চিকুণ :- নিজৰ ঘৰখন সদায় চাফ – চিকুণকৈ ৰাখিব লাগে। 

( ঘ ) গতিবিধি :- প্রকৃতিপ্রেমীসকলে দূৰ – নিয়ন্ত্রণ কেমেৰাৰে অজগৰহালৰ গতি বিধি নিৰীক্ষণ কৰিছিল ।

প্রশ্ন ৯। তলত দিয়া শব্দবােৰৰ অর্থ লিখা – 

বৃত্তান্ত , অপৰূপ , মনােমােহা , বােন্দ , পর্যটন , অটব্য , নিৰীক্ষণ , গতিবিধি 

উত্তৰঃ 

শব্দ অর্থ 
বৃত্তান্তকোনাে বিষয়ৰ বিশদ বিৱৰণ
অপৰূপঅতি শুৱনি
মনােমােহাদেখিলে মন ভাল লগা
ধােন্দগছৰ খােৰােং
পর্যটনঠাই চাবলৈ যােৱা ভ্রমণকাৰী
অটব্যবৰ ডাঠ
নিৰীক্ষণমনােযােগেৰে চোৱা
গতি-বিধিচাল – চলন

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top