Niketan Class 5 Assamese Chapter 5 ঘড়ী

Niketan Class 5 Assamese Chapter 5 ঘড়ী Sankardev Sishu Niketan Chapter 5 ঘড়ী Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 5 ঘড়ী

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 5 ঘড়ী gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ঘড়ী

Chapter – 5

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। ঘড়ীয়ে টিক্ টিক্ টিক্ কৈ কি কথা কয় ? 

উত্তৰঃ ঘড়ীয়ে টিক্ টিক্ টিক্‌কৈ কয় যে মিনিট – ঘণ্টা বাগৰি সময় সদায় গৈ আছে আৰু পাৰ হােৱা সময় বা দিন কেতিয়াও ঘূৰি নাহে । সময়ৰ দৰে মানুহৰ জীৱনটোও সদায় ক্ষয় গৈ আছে । সময় বাগৰাৰ লগে লগে মানুহে পৰকাললৈ আগবাঢ়ে । ডাঁৰ , পল , ক্ষণ — সময়ৰ এই ক্ষুদ্র ক্ষুদ্র ভাগ একোটিৰ মূল্য লাখ লাখ ধনৰ নিচিনা । সেয়েহে , এটি মুহূর্ত সময়াে নষ্ট নকৰি কৰ্মই জীৱন বুলি মানি লৈ সকলােৱে কাম কৰি যােৱা উচিত ।

প্রশ ২। ধন – সােণ দি সময় ঘূৰাই আনিব পাৰিনে ? 

উত্তৰঃ নােৱাৰি । 

প্রশ্ন ৩। কবিয়ে ঘড়ীক আদর্শ মানি কি কৰিবলৈ কৈছে ? 

উত্তৰঃ ঘড়ীৰ কাম হৈছে সময়ৰ সংকেত দিয়া । টিক্ টিক্ টিক্‌কৈ বিৰামহীনভাৱে ঘড়ীয়ে সদায় নিজৰ কাম কৰি যায় । ঘড়ীৰ এই আদর্শ মানি অলপো সময় নষ্ট নকৰি হাতে – কামে লাগি শ্ৰম কৰি যাবলৈ কবিয়ে আমাক আহ্বান জনাইছে । 

প্রশ্ন ৪। বাক্য ৰচনা কৰা –

          শ্রমজীৱী , ক্ষয় , ক্ষন্তেক , আদর্শ , ধুৰুপ 

উত্তৰঃ শ্রমজীৱী :- শ্রমজীৱী মানুহবিলাক সাধাৰণতে সুস্বাস্থ্যৰ অধিকাৰী হয় । 

ক্ষয় :- অবাবত সময় ক্ষয় কৰাটো মূখৰ পৰিচয় । 

ক্ষন্তেক :- আমি সময়ক ক্ষন্তেকৰ বাবেও ধৰি ৰাখিব নােৱাৰোঁ । 

আদর্শ :- মহাপুৰুষসকলৰ জীৱনৰ আদৰ্শই মানুহক সদায় অনুপ্রাণিত কৰে । 

ধুৰুপ :- অস্বীকাৰ কৰিলেও এইটো ধুৰুপ যে সিয়েই কামটো কৰিছিল । 

প্রশ্ন ৫। শব্দার্থ লিখা –

           ধুৰুপ , ভগন , পল , পৰকাল , লেশ , নিমিষ , দোণ 

উত্তৰঃ 

শব্দঅর্থ
ধুৰুপসঁচা
ভগনখৰচ
পলএকদণ্ড কালৰ ষাঠি ভাগৰ এভাগ অর্থাৎ ২৪ চেকেণ্ড
পৰকালমৰণৰ পাছৰ সময় 
লেশসামান্য পৰিমাণ
নিমিষচকুৰ পলক
দোণপ্রায় পাঁচ কিলােগ্রাম ধৰা বাঁহৰ পাত্র

প্রশ্ন ৬। পদ কাক বােলে ? পদ কেইবিধ আৰু কি কি ? 

উত্তৰঃ বিভক্তি যােগ হৈ থকা শব্দক পদ বােলে । পদ চাৰিবিধ বিশেষ্য , বিশেষণ , সর্বনাম আৰু ক্রিয়া । 

প্রশ্ন ৭। বিশেষ্য পদ কাক বােলে ? উদাহৰণ দিয়া ।

উত্তৰঃ যিকোনাে নাম বুজোৱা পদক বিশেষ্য পদ বােলে । যেনে — ৰাম, কৃষ্ণ , কিতাপ , সাপ , নদী ইত্যাদি ।

প্রশ্ন ৮ঃ বিশেষণ পদ কাক বােলে উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ বিশেষ্য পদৰ গুণ , দোষ , সংখ্যা , পৰিমাণ আদি বুজোৱা পদক বিশেষণ পদ বােলে । যেনে — এইখন এখন ভাল কিতাপ । ইয়াত ‘ভাল’ শব্দটোৱে ‘ কিতাপ ’ বিশেষ্য পদটোৰ এটা গুণ বুজাইছে । গতিকে ‘ভাল’টো বিশেষণ পদ । 

প্রশ্ন ৯। তলৰ শব্দবােৰৰ কোনবােৰ বিশেষ্য আৰু কোনবােৰ বিশেষণ পদ ? 

           ধন , ৰত্ন , ক্ষন্তেক , মানুহ , লাখ – লাখ , লেশ , সময় , দোণে – দোণে , ঘড়ী । 

উত্তৰঃ বিশেষ্য পদ – ধন , ৰত্ন , মানুহ , লেশ , সময় , ঘড়ী ।

বিশেষণ পদ – ক্ষন্তেক , লাখ – লাখ , দোণে – দোণে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top