Niketan Class 5 Assamese Chapter 4 ডক্টৰ বাণীকান্ত কাকতি

Niketan Class 5 Assamese Chapter 4 ডক্টৰ বাণীকান্ত কাকতি Sankardev Sishu Niketan Chapter 4 ডক্টৰ বাণীকান্ত কাকতি Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 4 ডক্টৰ বাণীকান্ত কাকতি

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 4 ডক্টৰ বাণীকান্ত কাকতি gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ডক্টৰ বাণীকান্ত কাকতি

Chapter – 4

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। বাণীকান্ত কাকতিৰ ক’ত জন্ম হৈছিল ? তেওঁৰ মাক – দেউতাকৰ নাম কি আছিল ? 

উত্তৰঃ বাণীকান্ত কাকতিৰ বৰপেটা জিলাৰ বাতিকুৰিহা গাঁৱত জন্ম হৈছিল । তেওঁৰ দেউতাকৰ নাম ললিতৰাম কলিতা আৰু মাকৰ নাম লাহােবালা কলিতা । 

প্রশ্ন ২। বাণীকান্ত কাকতিয়ে পৰীক্ষাত কি কি সাফল্য লাভ কৰিছিল ? 

উত্তৰঃ অতি তীক্ষ্ণবুদ্ধিৰ বাণীকান্ত কাকতিয়ে পৰীক্ষাত বিশেষ সাফল্য লাভ কৰিছিল । প্রাথমিক পৰীক্ষাত বৃত্তি লাভ কৰি তেওঁ বৰপেটা চৰকাৰী হাইস্কুলত ভর্তি হৈছিল । তাৰ পৰাই তেওঁ ১৯১১ চনত অসম উপত্যকাৰ ভিতৰত প্রথম হৈ মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । ১৯১৩ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত আই.এ . পৰীক্ষাত প্রথম স্থান লাভ কৰে । একেখন বিশ্ববিদ্যালয়ৰ পৰা ১৯১৮ চনত তেওঁ ইংৰাজী বিষয়ত এম.এ. ডিগ্রীও লয় । ১৯২৩ চনত কাকতিদেৱে পুনৰ ইংৰাজী বিষয়ত পৰীক্ষা দি প্রথম শ্রেণীৰ প্রথম স্থান দখল কৰিবলৈ সক্ষম হয়। 

প্রশ্ন ৩। বাণীকান্ত কাকতিয়ে কিহৰ বিষয়ে গৱেষণা কৰিছিল ? 

উত্তৰঃ অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সম্বন্ধে গৱেষণা কৰিছিল । 

প্রশ্ন ৪। বাণীকান্ত কাকতিয়ে ৰচনা কৰা দুখন ইংৰাজী পুথি আৰু দুখন অসমীয়া পুথিৰ নাম লিখা । 

উত্তৰঃ ইংৰাজী পুথি – ‘ Vaishnavite Mytho and Legends ’ আৰু Mother Goddess Kamakhya ‘ . 

অসমীয়া পুথি –‘কলিতা জাতিৰ ইতিবৃত্ত আৰু পখিলা ‘ । 

প্রশ্ন ৫। বাণীকান্ত কাকতি কেনে স্বভাৱৰ লােক আছিল ? 

উত্তৰঃ বাণীকান্ত কাকতিৰ সহজ – সৰল স্বভাৱৰ লােক আছিল । 

প্রশ্ন ৬। পখিলাৰ জীৱনে শিশুহঁতক কি শিক্ষা দিব পাৰে ? 

উত্তৰঃ পখিলাৰ জীৱনে শিশুহঁতক চৰিত্ৰৰ গঠন আৰু আত্মবিশ্বাস গঢ়াৰ শিক্ষা দিব পাৰে ।

প্রশ্ন ৭। ‘ কলহে নদীৰ পৰা যিমান পানী আনিব , সাগৰৰ পৰা তাতকৈ বেছি আনিব নােৱাৰে । ” — এই কথাফাঁকি অর্থপূর্ণ হয়নে ? হয় / নহয়। 

উত্তৰঃ হয় । 

প্রশ্ন ৮। অসমবাসী ড° বাণীকান্ত কাকতিৰ ওচৰত কিয় কৃতজ্ঞ ? 

উত্তৰঃ পূৰ্বতে কিছুমান পণ্ডিতে অসমীয়া ভাষাটো বাংলা ভাষাৰ অপভ্রংশ বুলি অপপ্ৰচাৰ চলাইছিল। ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ সম্বন্ধে গৱেষণা কৰি অসমীয়া ভাষাটো যে মৌলিক আৰু স্বতন্তৰীয়া , তাক তেওঁৰ গৱেষণা গ্রন্থ ‘ Assamese Its Formation and Development ‘ ত দেখুৱাই থৈ গৈছে । গৱেষণাৰ জৰিয়তে অসমীয়া ভাষাটো সু – প্রতিষ্ঠিত কৰি থৈ যােৱা বাবে অসমবাসী তেওঁৰ ওচৰত চিৰকৃতজ্ঞ । 

প্রশ্ন ৯। কোনখন গ্ৰন্থৰ বাবে অসমীয়া ভাষা মৌলিক ভাষা ৰূপে প্রতিষ্ঠিত হ’ল ? 

উত্তৰঃ ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্রন্থ ‘ Assamese Its Formation and Development ‘ ৰ বাবে । 

প্রশ্ন ১০। লগৰীয়াসকলে বাণীকান্ত কাকতিৰ সংগ কিয় ভাল পাইছিল ? 

উত্তৰঃ বাণীকান্ত কাকতিৰ সহজ – সৰল আৰু ধেমেলীয়া স্বভাৱৰ লােক আছিল । ধেমেলীয়া কথা – বতৰাত ভাগ লৈ তেওঁ নিজেই নাহাঁহি আনক হঁহুৱাব পাৰিছিল । সেয়েহেল গৰীয়াসকলে বাণীকান্ত কাকতিৰ সংগ ভাল পাইছিল । 

প্রশ্ন ১১। ‘ কলহে নদীৰ পৰা যিমান পানী আনিব , সাগৰৰ পৰা তাতকৈ বেছি পানী আনিব নােৱাৰে ’ – এই কথাখিনি কোনে , কাক , কি প্ৰসংগত কৈছিল ? 

উত্তৰঃ কথাখিনি ড° বাণীকান্ত কাকতিয়ে তেওঁৰ লগৰীয়াক কৈছিল । ড° বাণীকান্ত কাকতিয়ে নিজৰ দেশতে গৱেষণা কৰি ডক্টৰেট লৈছিল । সেই সময়ত আন কিছুমানে বিলাতলৈ গৈ গৱেষণা কৰি ডক্টৰেট লৈছিল।কাকতিৰ নিচিনা প্রতিভাধৰ লােক এজনে বিলাতলৈ নগৈ কিয় দেশতে ডক্টৰেট ল’লে এই সম্পর্কে কোনােবা লগৰীয়াই সােধা বুদ্ধিদীপ্ত ধেমালীৰে তেওঁ ওপৰৰ কথাখিনি কৈ উত্তৰ দিছিল ।

প্রশ্ন ১২। তলৰ বাক্যবােৰৰ খালী ঠাই পূৰ কৰা – 

( ক ) আমি পথৰ ………….. ফালে খােজ কাঢ়ো । 

         ব’হাগ বিহুত ঢােল …………..। ( বাওঁ , বাঁও ) 

উত্তৰঃ আমি পথৰ বাওঁ ফালে খােজ কাঢ়ো । 

            ব’হাগ বিহুত ঢােল বাওঁ । 

( খ ) সৌখন মােৰ ………………..।

         আমি বনগীত …………………। ( গাওঁ গাওঁ )

উত্তৰঃ সৌখন মােৰ গাঁও । 

           আমি বনগীত গাওঁ । 

প্রশ্ন ১৩। বাক্য ৰচনা কৰা –

অপপ্ৰচাৰ , সুযােগ্য , অমূল্য , কথা – বতৰা , ধেমেলীয়া ।

উত্তৰঃ অপপ্রচাৰ :- ভাল মানুহে আনৰ অপপ্ৰচাৰ নকৰে । 

সুযােগ্য :- ড° বাণীকান্ত কাকতি অসমৰ সুযােগ্য সন্তান আছিল । 

অমূল্য :- ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষা – সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে । 

কথা – বতৰা :- ভাল কথা – বতৰা মানুহৰ মনত আনন্দ দিয়ে । 

ধেমেলীয়া :- ধেমেলীয়া স্বভাৱৰ মানুহ সকলােৰে প্রিয় । 

প্রশ্ন ১৪। তলত দিয়া শব্দবােৰৰ অর্থ লিখা –

অমূল্য , সাধনা , স্বতন্তৰীয়া , কৃতিত্ব , স্পৃহা , কৃতজ্ঞ , অপভ্রংশ 

উত্তৰঃ 

শব্দঅৰ্থ
অমূল্যঅতি মূল্যৱান
সাধনাএকান্ত প্রচেষ্টা
স্বতন্তৰীয়াআনৰ ওপৰত নিৰ্ভৰ নকৰা , স্বাধীন
কৃতিত্বনিপুণতা
স্পৃহ হাবিয়াস , ইচ্ছা
কৃতজ্ঞশলাগ লােৱা
অপভ্রংশমূল ভাষাৰ পৰা কিছু সলনি হৈ ওলােৱা  নতুন শব্দ

প্রশ্ন ১৫। তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা –

সুযােগ্য , কৃতজ্ঞ , সফলতা , সুখ্যাতি , অর্থপূর্ণ , অমূল্য 

উত্তৰঃ

শব্দবিপৰীতার্থক শব্দ
সুযােগ্যঅযােগ্য
কৃতজ্ঞকৃতঘ্ন
সফলতাবিফলতা
সুখ্যাতিকুখ্যাতি
অর্থপূর্ণ অর্থহীন
অমূল্যমূল্যহীন

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top