Niketan Class 5 Assamese Chapter 23 ভােগালী বিহু

Niketan Class 5 Assamese Chapter 23 ভােগালী বিহু Sankardev Sishu Niketan Chapter 23 ভােগালী বিহু Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 23 ভােগালী বিহু

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 23 ভােগালী বিহু gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ভােগালী বিহু

Chapter – 23

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া- 

( ক ) কবিয়ে পুহৰ শেষত শীতল পানীৰে গা ধুলেও কষ্ট নাপায় বুলি কিয় কৈছে ? 

উত্তৰঃ পুহৰ শেষত ভােগালী বিহু আহে । বছৰত এবাৰেই অহা এই বিহুৱে মন আনন্দেৰে ভৰাই তােলে । বিহুৰ দিনা নিচেই পুৱাতে মেজি জ্বলােৱা হয় । মেজিৰ জুই গা ধুইহে পুৱাব লাগে । গতিকে মেজিৰ জুই পুৱাবৰ বাবে পুহৰ শেষত শীতল পানীৰে গা ধুলেও কবিয়ে কষ্ট নাপায় বুলি কৈছে । 

( খ ) কবিয়ে ভােগালী বিহুৰ ভাল পায় বুলি কিয় কৈছে ? 

উত্তৰঃ বিহুৰ দিনত কবিক সকলােৱে আদৰ কৰে , মাহীয়েক – পেহীয়েকহঁতে বিহু খাবলৈ মাতে। সেইবাবে কবিয়ে ভােগালী বিহু ভাল পায় বুলি কৈছে ।

( গ ) বিহুৰ দিনা কবিয়ে কাক কাক সেৱা কৰিব ? 

উত্তৰঃ আইতাক , দেউতাকক আৰু বায়েকক সেৱা কৰিব । 

( ঘ ) ভােগালী বিহুত মেজিত জুই দিওঁতে কি কি কৰে ? 

উত্তৰঃ মেজিৰ কাষত মাহ – প্ৰসাদৰ থাপনা পাতে আৰু হৰিনাম গায় । 

( ঙ ) কবিৰ আইতাকে কেতিয়া বেজাৰত তলমুৱা হ’ব ? 

উত্তৰঃ ভােগালী বিহু দিনত কবিক বায়েকে কেটে মাতেৰে মতা শুনিলে কবিৰ আইতাকে বেজাৰত তলমূৰ হ’ব ।

( চ ) বিহুৰ দিনা কবিয়ে বায়েকক কি খুজিব ? 

উত্তৰঃ বিহুৰ দিনা কবিয়ে বায়েকক বায়েকে নিজে বােৱা ফুলবছা গামােচাখন খুজিব । 

( ছ ) বিহুৰ দিনা কিয় বাহি গাৰে থাকিব নােৱাৰি ? 

উত্তৰঃ বিহু দিনা নিচেই পুৱাতে মেজি জ্বলােৱা হয়। মেজিৰ জুই পুৱাবলৈ হলে গা ধুব লাগে । সেয়ে বিহু দিনা বাহি গাৰে থাকিব নােৱাৰি ।

( জ ) বিহুৰ দিনা নতুন জীৱন পাবলৈ কবিয়ে কি কৰিব বুলি কৈছে ? 

উত্তৰঃ বিহুৰ দিনা নতুন জীৱন পাবলৈ মিছা কোৱা , কাজিয়া কৰা , ঠেহপেছ পতা — এই সকলােবােৰ কবিয়ে আগদিনাই এৰিব বুলি কৈছে।

( ঝ ) মেজি কেতিয়া জ্বলােৱা হয় ? তুমি কেইবাৰ মেজি জ্বলােৱা দেখিছা ? 

উত্তৰঃ পুহ মাহৰ সংক্ৰান্তিৰ দিনা নিচেই পুৱাতেই মেজি জ্বলােৱা হয় । মই পাঁচবাৰ মেজি জ্বলােৱা দেখিছোঁ । 

( ঞ ) বিহুৰ দিনা মুকলি মনেৰে ওমলি ফুৰিব পাৰি কিয় ? 

উত্তৰঃ বিহুদিনা পঢ়াশালি বন্ধ থাকে বাবে মুকলি মনেৰে ওমলি ফুৰিব পাৰি । 

প্রশ্ন ২। ভােগালী বিহুত কি কি কৰা হয় ? সেই বিষয়ে পাঁচটা বাক্য লিখা । 

উত্তৰঃ ভোগালী বিহুত মেজি সজা হয় । ভােগালী বিহু উপলক্ষে উৰুকাৰ দিনা ৰাতি লগভাত খােৱা হয় । নিচেই পুৱা থাপনা পাৰি , হৰিনাম গাই মেজি জ্বলােৱা হয় । ঘৰে ঘৰে পিঠা – পনা তৈয়াৰ কৰি আলহী – অতিথি,বন্ধু-বান্ধৱক খুওৱা হয় । ইজনে – সিজনক আদৰ সাদৰ কৰে , সৰুৱে ডাঙৰক সেৱা জনােৱা ইত্যাদি কামবােৰ কৰা হয়। 

প্রশ্ন ৩। বাক্য ৰচনা কৰা –

           ঠেহপেচ , দুনাই , কাতৰ , কেটে , দন্দ  

উত্তৰঃ ঠেহপেচ :- তাইৰ ইমান ঠেহপেচ যে কথা ক’বলৈ ভয়েই লাগে । 

দুনাই :- এনেকুৱা কাম কৰিবলৈ মােক দুনাহ নক’বা । 

কাতৰ :- ল’ৰাটোৰ দুখত মাকজনীয়ে কাতৰ হৈ পৰিছে । 

কেটেৰা :- কাৰাে কেটেৰা মাত সহ্য কৰিব নােৱাৰি। 

দন্দ :- কিহৰ বাবে সিহঁতে দন্দখন লগালে একো বুজি নাপালোঁ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top