Niketan Class 5 Assamese Chapter 20 তিনিটা মাছৰ কাহিনী ( পঞ্চতন্ত্রৰ সাধু )

Niketan Class 5 Assamese Chapter 20 তিনিটা মাছৰ কাহিনী Sankardev Sishu Niketan Chapter 20 তিনিটা মাছৰ কাহিনী Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 20 তিনিটা মাছৰ কাহিনী

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 20 তিনিটা মাছৰ কাহিনী gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

তিনিটা মাছৰ কাহিনী ( পঞ্চতন্ত্রৰ সাধু )

Chapter – 20

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া –

( ক ) পুখুৰীটোৰ পাৰত মাছমৰীয়াহঁতে কি কথা পাতিছিল ? 

উত্তৰঃ পুখুৰীটোৰ পাৰত মাছমৰীয়াহঁতে এই কথা পাতিছিল যে পুখুৰীটোত বহুদিন কোনেও মাছ মৰা নাই । সিহঁতে তাত মাছ মাৰিলে বহুত মাছ পাব । গতিকে মছিমৰীয়াহঁতে সােনকালে এদিন তালৈ মাছ মাৰিবলৈ আহিব । 

( খ ) মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া দুটাক কি ক’লে ? 

উত্তৰঃ মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া দুটাক ক’লে যে , কেইদিনমানৰ ভিতৰতে কেইজনমান মাছমৰীয়াই আহি পুখুৰীটোত মাছ মাৰিব । তেতিয়া সিহঁত আটায়ে মৰিব লাগিব । গতিকে সিহঁতে তাত থকাটো উচিত নহ’ব । নিজৰ প্রাণ ৰক্ষা কৰিবলৈ হ’লে সিহঁত আটায়ে ওচৰৰ ডাঙৰ বিলখনলৈ গুচি যােৱাটো ভাল । 

( গ ) প্রত্যুৎপন্নমতিয়ে কেনেদৰে নিজৰ জীৱন ৰক্ষা কৰিলে ? 

উত্তৰঃ প্রত্যুৎপন্নমতিয়ে বিপদৰ পৰা হাত সৰাৰ উপায় পলকতে ভাবি উলিয়াব পাৰিছিল । মাছমৰীয়াহঁতে আন মাছৰ লগত তাকো জালত পেলাই জালখন পুখুৰীৰ পাৰলৈ উঠাই অনাত সি মৰাৰ ভাও ধৰিলে । মাছমৰীয়াহঁতে তাক মৰা বুলি ভাবি পুখুৰীৰ কাষতে পেলাই থােৱাত সি একেজাপে পুখুৰীৰ পানীত পৰিলগৈ । এনেকৈয়ে প্রত্যুৎপন্নমতিয়ে নিজৰ জীৱন ৰক্ষা কৰিলে । 

( ঘ ) অনাগতবিধাতা কেনেদৰে মৰাৰ পৰা ৰক্ষা পৰিল ? 

উত্তৰঃ অনাগতবিধাতাই ভালদৰে বুজি পাইছিল যে মাছমৰীয়াহঁতে পুখুৰীটোলৈ এদিন মাছমাৰিবলৈ আহিবই আৰু তেতিয়া সিহঁতৰ বিপদ হােৱাটো নিশ্চিত । যি হয় হ’ব বুলি ভাবি তাতেই হাত সাৱটি বহি থাকিলে আনবােৰৰ লগতে সিও মৰিব লাগিব । গতিকে সি তাত ৰৈ নাথাকি সেই ৰাতিৰ ভিতৰতে আন এখন বিললৈ গৈ মৰাৰ পৰা ৰক্ষা পৰিল ।

প্রশ্ন ২। সাধুটোৰ পৰা শিকিবলগা কথাখিনি পাঁচটা বাক্যত লিখা । 

উত্তৰঃ বিপদ অহাৰ উমান পালে সেই কথাটো আন লগ-বন্ধুকো ক’ব লাগে । সম্ভাব্য বিপদৰ পৰা হাত সৰাৰ উপায় আগতীয়াকৈ ভাবিব লাগে । বিপদ হ’ব বুলি কোৱাৰ পাছতাে বিপদ নহ’বও পাৰে আৰু হ’লেও সময়ত যি হয় হ’ব বুলি ভবাজনে বিপদত পৰিবই । 

ভৱিষ্যতৰ কথা ভাবিব পৰা জনে সহজে বিপদৰ সন্মুখীন নহয় । উপস্থিত বুদ্ধি যাৰ আছে সি বিপদৰ সন্মুখীন হলেও নিজকে বচাব পাৰে। 

প্রশ্ন ৩। সাধুটো নিজৰ ভাষাত লিখা । 

উত্তৰঃ এটা পুখুৰীত আন মাছৰ লগতে অনাগত বিধাতা , প্রত্যুৎপন্নমতি আৰু যম্ভৱিষ্য নামৰ তিনিটা মাছ আছিল । তিনিও ভাল বন্ধু । এদিন কেইজনমান মাছমৰীয়াই সেই পুখুৰীটোত মাছ মাৰিবলৈ আহিব বুলি আলােচনা কৰা শুনি অনাগত বিধাতাই বন্ধু দুজনক কথাটো ক’লে আৰু প্ৰাণ ৰক্ষাৰ বাবে ওচৰৰ ডাঙৰ বিলখনলৈ গুচি যােৱাৰ প্ৰস্তাৱ আগবঢ়ালে । তেতিয়া প্রত্যুৎপন্নমতিয়ে ক’লে যে জন্মৰে পৰা ডাঙৰ দীঘল হােৱা পুখুৰীটো বিপদ আহিব বুলি শুনিয়েই সি এৰি নাযায় । বিপদ যেতিয়া আহে তেতিয়া সি চিন্তা কৰিব । আনহাতে যদভৱিষ্যই ক’লে যে কোনােবা মাছমৰীয়াৰ কথা শুনিয়েই সি পুখুৰীটো এৰি ক’লৈকো নাযায় , সি তাতে থাকিব । বন্ধু দুজনৰ কথা শুনি অনাগতবিধাতা হতাশ হ’ল যদিও নিজৰ প্ৰাণ ৰক্ষাৰ বাবে অলপাে পলম নকৰাকৈ সি সেই ৰাতিয়েই আন এখন বিললৈ গুচি গ’ল । 

এদিন সঁচাকৈয়ে মাছমৰীয়াহঁত আহি আন মাছৰ লগতে প্রত্যুৎপন্নমতি আৰু যদভৱিষ্যইকো জালত পেলালে । উপস্থিত বুদ্ধিৰ সহায়ত মৰা ভাও ধৰি প্রত্যুৎপন্নমতিয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিলে । কিন্তু যদভৱিষ্যক মাছমৰীয়াহ’তে টাঙোনেৰে কোবাই মাৰি আন মাছৰ লগত ৰচীৰে গাঁঠি লৈ গ’ল । বিপদৰ কথা আগতীয়াকৈ ভাবিব নােৱৰাসকলৰ এনেদৰেই মৰণ মিলে । 

প্রশ্ন ৪। বাক্য ৰচনা কৰা –

গাঁঠি , ভাও , হয়ভৰ , টাঙোন

উত্তৰঃ গাঁঠি :- মাছমৰীয়াহঁতে মাছবােৰ জৰীৰে গাঁঠি নিছিল । 

ভাও :- প্রত্যুৎপন্নমতিয়ে মৰাৰ ভাও জুৰি নিজৰ প্রাণ বচাইছিল ।

হয়ভৰ :- অনাগত বিধাতাৰ কথাত হয়ভৰ নিদি লগৰীয়া দুজনে নিজৰ বিপদ চপাইছিল । 

টাঙোন :- টাঙোনৰ কোবত যদভবিষ্যতৰ সিপুৰীলৈ গৈছিল । 

প্রশ্ন ৫। অর্থ লিখা –

অনাগত বিধাতা , প্রত্যুৎপন্নমতি , যদভৱিষ্য 

উত্তৰঃ অনাগত বিধাতা :- যিয়ে ভৱিষ্যতৰ বিষয়ে ভাবিব পাৰে । 

প্রত্যুৎপন্নমতি :- যাৰ উপস্থিত বুদ্ধি আছে । 

যদভৱিষ্য :- যি হয় হ’ব বুলি ভাবি থকা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top