Niketan Class 5 Assamese Chapter 2 অমাতৰ মাত

Niketan Class 5 Assamese Chapter 2 অমাতৰ মাত Sankardev Sishu Niketan Chapter 2 অমাতৰ মাত Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 2 অমাতৰ মাত

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class 5 Assamese Chapter 2 অমাতৰ মাত gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

অমাতৰ মাত

Chapter – 2

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া –

( ক ) ভাটৌটোক কি নাম দিয়া হৈছিল ? 

উত্তৰঃ ‘ ভকত ’ নাম দিয়া হৈছিল । 

( খ ) মানুহটোৱে ভাটৌটোৰ লগতে আৰু কি কি বেচিবলৈ আনিছিল ? 

উত্তৰঃ মানুহটোৱে ভাটৌটোৰ লগতে এসােপা সঁজা , বহুত বিধৰ সৰু – ডাঙৰ চৰাই , বগা নিগনি আৰু শহাপহু বেচিবলৈ আনিছিল । 

( গ ) ভাটৌটোক কিমান দামত কিনি লােৱা হৈছিল ? 

উত্তৰঃ এঘাৰ টকাত কিনি লােৱা হৈছিল । 

প্রশ্ন ২। ভাটৌটো প্রতিপালন কৰিবলৈ কি কি কৰিবলগীয়া হৈছিল ? 

উত্তৰঃ ভাটৌটো প্রতিপালন কৰিবলৈ তাক ভাত খুৱাব লগা হৈছিল । তিওৱা বুট আৰু কেতিয়াবা পাণ জলকীয়াও খুৱাব লগা হৈছিল । তদুপৰি মাজে মাজে চোতাললৈ উলিয়াই আনি ভাটৌটোক পানী ঢালি গা ধুৱাব লগা হৈছিল । 

প্রশ্ন ৩। মুনমুনে ভাটৌটোৰ লগত কেনেদৰে খেলিছিল ? 

উত্তৰঃ মুনমুনৰ মুখেৰে ভাটৌটোৰ নাম ‘ ভকত ‘ ৰ সলনি ‘ ভকত ’ বুলিহে ওলায় । মুনমুনে ভাটৌটোৰ লগত কথা পাতি খেলি থাকোঁতে ভাটৌটোৱে ‘ কেটকৈ তাৰ ‘ হুটা মাতটো উলিয়ালে সি বৰ আনন্দ পায় । ভাটৌটোৱে তাৰ কথাৰ উত্তৰ দিয়া বুলি সি মনতে ভাবি লয় । সি ভাটৌটোক তাৰ নাম সােধে , তাৰ ঘৰ কত সােধে আৰু উত্তৰ বিচাৰি কাবৌ কৰে । মুনমুনে ভাটৌটোৰ লগতে এইদৰে খেলিছিল । 

প্রশ্ন ৪। ভাটৌৱে কি কি খায় লিখা । 

উত্তৰঃ ভাটৌৱে কর্দৈ , মধুৰি আমকে ধৰি নানান ফল – মূল , বুট – মগু, জলকীয়া , ভাত আদি খায়। 

প্রশ্ন ৫। ‘ ভনে শান্তিৰে গৃহস্থক ভাত বাঢ়ি দিবলৈ যাে – জা কৰিলে । ………….. উধাতু খাই মুনমুন সােমাই আহিল ।’

( ক ) ইয়াত গৃহস্থ মানে কাক বুজোৱা হৈছে ? 

( খ ) কি কথা ক’বলৈ মুনমুন সােমাই আহিছিল ? 

উত্তৰঃ ( ক ) মুনমুনৰ মাক – দেউতাকক বুজোৱা হৈছে । 

( খ ) ভকতক বােলে সঁজাৰ পৰা ওলাই উৰি যাব লাগে — এইখিনি কথা মাকক ক’বলৈ মুনমুন সােমাই আহিছিল । 

প্রশ্ন ৬। বাক্য ৰচনা কৰা –

           ঠেহধৰা , কাবৌ কৰা , দৰাই দৰাই উধাতু 

উত্তৰঃ ঠেহধ :- আমাৰ ভণ্টিয়ে সাধাৰণ কথাতে ঠেহ ধৰে । 

কাবৌ কৰা :- মুনমুনে তাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ভাটৌটোক কাবৌ কৰিছিল । 

দৰাই দৰাই :- তিৰােতাবােৰে ফেৰিৱালাৰ পৰা দৰাই দৰাই বস্তু কিনাত পাকৈত । 

উধাতু :- বাবলুৱে উধাতু খাই মাকৰ ওচৰলৈ দৌৰি আহিছিল । 

প্রশ্ন ৭। প্রথম স্তম্ভত থকা শব্দৰ অৰ্থ দ্বিতীয় স্তম্ভত দিয়া শব্দবােৰৰ পৰা বাচি উলিওৱা –

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
হুটা মাতদুখ নােপােৱাকৈ , অতি সাৱধানে
আলফুলপ্রশ্রয় বা সাহ পােৱা
অফ পিৰিয়দবেয়া কাম
আশয়দৰকাৰী বস্তু
ছেদ – ভেদটান কথা
অপকর্মনম্রভাৱে কৰা মিনতি
উমৈহতীয়াবিৰতি
সমলতৎ নােহােৱা
কাবৌদুজন বা বেছি লােকৰ , সমূহীয়া
উধাতুকলেজত শ্রেণী নবহা কালছােৱা

উত্তৰঃ 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
হুটা মাতটান কথা
আলফুলদুখ নােপােৱাকৈ , অতি সাৱধানে
অফ পিৰিয়দকলেজত শ্রেণী নবহা কালছােৱা
আশয়প্রশ্রয় বা সাহ পােৱা
ছেদ – ভেদবিৰতি
অপকর্মবেয়া কাম
উমৈহতীয়াদুজন বা বেছি লােকৰ , সমূহীয়া
সমলদৰকাৰী বস্তু
কাবৌনম্রভাৱে কৰা মিনতি
উধাতুতৎ নােহােৱা

প্রশ্ন ৮। বিভক্তি কাক বােলে ? উদাহৰণ দি লিখা । 

উত্তৰঃ শব্দৰ পাছত যােগ হােৱা প্রত্যয়ক বিভক্তি বােলে । যেনে — সীতাই গীত গায় । ইয়াত ‘ সীতা ‘ ৰ লগত ‘ ই ’ প্রত্যয় যােগ কৰা হৈছে যাৰ ফলত বাক্যটোৰ অর্থ প্রকাশ হৈছে । গতিকে ‘ ই’টো বিভক্তি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top