Niketan Class 5 Assamese Chapter 19 অসম আমাৰ ৰূপহী

Niketan Class 5 Assamese Chapter 19 অসম আমাৰ ৰূপহী Sankardev Sishu Niketan Chapter 18 সবিষ্টক আৰু বীৰক Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 19 অসম আমাৰ ৰূপহী

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 19 অসম আমাৰ ৰূপহী gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

অসম আমাৰ ৰূপহী

Chapter – 19

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া –

( ক ) ‘ ভাৰতবৰ্ষৰ পূৰ্ব দিশত সূর্য উঠা দেশ ’ বুলি কোনটো অঞ্চলক বুজাইছে ? 

উত্তৰঃ অসমৰ কথা কোৱা হৈছে । 

( খ ) ‘ লৌহিত্য ’ মানে কি ? 

উত্তৰঃ ‘ লৌহিত্য ’ মানে লুইত ( ব্রহ্মপুত্র নদী ) । 

( গ ) ‘ ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে,’ ইয়াৰ দ্বাৰা কবিয়ে কিহৰ কথা বুজাবলৈ বিচাৰে ? 

উত্তৰঃ ব’হাগত অসমৰ জীয়ৰী – বােৱাৰীহঁতে মহুৰাত সূতা পকাই তাতত বিহুৱান বয় । কবিয়ে এইখিনি কথাকে বুজাব বিচাৰিছে । 

( ঘ ) ‘ মাঘত সােণৰ হাতেৰে লখিমী আদৰে ’ — এই গীতফাঁকিৰ দ্বাৰা কি বুজাইছে লিখা ।

উত্তৰঃ অসমীয়া মানুহে ধানক লখিমীৰ লগত তুলনা কৰে । মাঘ মাহত অসমৰ কৃষকে মৰণা মাৰি উলিওৱা ধানবােৰ ভঁৰালত থয়।এই কথাখিনিকে অতি সুন্দৰভাৱে গীতফাঁকিৰ জৰিয়তে প্রকাশ কৰা হৈছে । 

প্রশ্ন ২। ‘ অসম আমাৰ ৰূপহী ’ কবিতাটোৰ মূলভাব লিখা । 

উত্তৰঃ অসমখন সীমাহীন ৰূপ – গুণৰ ভৰাল । ভাৰতৰ পূৰ্বপ্ৰান্তত থকা এই ৰাজ্যখনতে প্রথম সূর্য উদয় হয় । ইয়াৰ মাটি সাৰুৱা , প্রাকৃতিক পৰিৱেশ বিনন্দীয়া । অসমৰ জীয়ৰী – বােৱাৰীহঁতে ব’হাগত সূতাৰ মহুৰা বটি তাঁতত কাপােৰ বয় , মাঘত কৃষকে লখিমীস্বৰূপ পকা ধান ভঁৰাল ভৰাই থয় । শৰৎ কালৰ ৰাতিবােৰ অসমৰ আকাশ তিৰবিৰ তৰাই পােহৰাই ৰাখে । অসমৰ পাহাৰ – ভৈয়ামৰ লােকৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক আছে । এনে সুন্দৰ পৰিৱেশ আন কতো বিচাৰি পােৱা নাযায় । সেয়েহে কবিয়ে ইয়াতেই জন্মিছে যেতিয়া , ইয়াতেই মৰিবলৈও ইচ্ছা প্রকাশ কৰিছে । কবিতাটোৰ জৰিয়তে কবিৰ মাতৃভূমিৰ প্ৰতি থকা অকৃত্রিম ভালপােৱাৰ কথা প্রকাশ কৰিছে । 

প্রশ্ন ৩। তলত দিয়া শব্দবােৰৰ অর্থ লিখা –

ৰূপহী , বিনন্দীয়া , প্রণিপাত , সমাৱেশ , অলেখ 

উত্তৰঃ 

ৰূপহীধুনীয়া , সুন্দৰী , শুৱনি
বিনন্দীয়াঅতিকৈ শুৱনি , মনােহৰ
প্রণিপাতপ্রণাম , সেৱা
সমাৱেশএকগােট হােৱা কাৰ্য , একেলগ লগা হােৱা কার্য
অলেখলেখিব নােৱৰা , বহুত , অগণন 

প্রশ্ন ৪। বাক্য ৰচনা কৰা –

          বিনন্দীয়া , প্রণিপাত , সমাৱেশ , মিলন , মধুৰ , আদৰ , অলেখ, ৰসাল 

উত্তৰঃ বিনন্দীয়া :- অসমৰ বিনন্দীয়া প্রাকৃতিক পৰিৱেশে পর্যটকসকলক বাৰুকৈয়ে আকর্ষণ কৰে ।

প্রণিপাত :- ছাত্রই শিক্ষাগুৰুক প্রণিপাত জনােৱাটো এক পবিত্র কর্তব্য । 

সমাৱেশ :- অসমত বহু জাতি – জনগােষ্ঠীৰ সমাৱেশ ঘটিছে । 

মিলন :- হাজো হিন্দু – মুছলিমৰ মিলন থলি ।।

মধুৰ :- ছাত্ৰ আৰু শিক্ষকৰ মাজত সদয় এক মধুৰ সম্পর্ক বিৰাজ কৰে।

আদৰ :- জ্ঞানী লােকে সকলােতে আদৰ পায় । 

অলেখ :- জাতিৰ আকাশত অলেখ তৰা দেখা যায়। 

ৰসাল :- মানুহজনৰ কথা – বতৰা বৰ ৰসাল । 

প্রশ্ন ৫। লৌহিত্যৰে বহল বুকুত প্ৰণিপাত কৰোঁ । 

                জন্ম ললো ইয়াতেই , ইয়াতে যেন মৰোঁ। 

—কবিতাফাঁকিত কবিয়ে ইয়াতে’ বুলি কোন ঠাইক বুজাইছে ? তেওঁ কিয় ইয়াতেই জন্মা বাবে ইয়াতে মৰিবৰ ইচ্ছা প্রকাশ কৰিছে ? 

উত্তৰঃ অসমক বুজাইছে । অসমখন সীমাহীন ৰূপ – গুণৰ ভৰাল । ভাৰতৰ পূর্বপ্রস্তুত থকা এই ৰাজ্যখনতে প্রথম সূর্য উদয় হয় । ইয়াৰ মাটি সাৰুৱা , প্রাকৃতিক পৰিৱেশ বিনন্দীয়া । অসমৰ জীয়ৰী – বােৱাৰীহঁতে ব’হাগত সূতাৰ মহুৰা বটি তাঁতত কাপােৰ বয় , মাঘত কৃষকে লখিমীস্বৰূপ পকা ধান ভঁৰাল ভৰাই থয় । শৰৎকালৰ ৰাতিবােৰ অসমৰ আকাশ তিৰবিৰ তৰাই পােহৰাই ৰাখে । অসমৰ পাহাৰ – ভৈয়ামৰ লােকৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক আছে । এনে সুন্দৰ পৰিৱেশ আন কতো বিচাৰি পােৱা নাযায় । সেয়েহে কৰিয়ে ইয়াতেই জন্মিছে যেতিয়া , ইয়াতেই মৰিবলৈও ইচ্ছা প্রকাশ কৰিছে । কবিতাটোৰ জৰিয়তে কবিৰ মাতৃভূমিৰ প্ৰতি থকা অকৃত্রিম ভালপােৱাৰ কথা প্রকাশ কৰিছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top