Niketan Class 5 Assamese Chapter 18 সবিষ্টক আৰু বীৰক ( জাতকৰ সাধু )

Niketan Class 5 Assamese Chapter 18 সবিষ্টক আৰু বীৰক Sankardev Sishu Niketan Chapter 18 সবিষ্টক আৰু বীৰক Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 18 সবিষ্টক আৰু বীৰক

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 18 সবিষ্টক আৰু বীৰক gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

সবিষ্টক আৰু বীৰক ( জাতকৰ সাধু )

Chapter – 18

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া –

( ক ) দেশখনত দুর্ভিক্ষ কিয় হৈছিল ? 

উত্তৰঃ বৰষুণৰ অভাৱত খেতি – বাতি নােহােৱাৰ বাবে । 

( খ ) ঢোঁৰা কাউৰী আৰু পানী-কাউৰীৰ আহাৰ সংগ্ৰহৰ নিয়ম কিহত বেলেগ ? 

উত্তৰঃ ঢোঁৰা কাউৰীয়ে বাম ঠাই বা মাটিৰ ওপৰৰ পৰা আহাৰ সংগ্ৰহ কৰে , কিন্তু পানী কাউৰীয়ে পানীত সাঁতুৰি বা ডুব মাৰি আহাৰ সংগ্ৰহ কৰে । 

( গ ) হাবিৰ মাজৰ পুখুৰীটো কিহেৰে ভৰি আছিল ? 

উত্তৰঃ ভেটফুল , শেলুৱৈ আৰু দল ঘাঁহেৰে ভৰি আছিল । 

( ঘ ) সবিষ্টক কিয় হাবিলৈ যাবলগীয়াত পৰিছিল ?

উত্তৰঃ সবিষ্টক খাদ্যৰ সন্ধানত হাবিলৈ যাবলগীয়া হৈছিল । 

( ঙ ) সবিষ্টকে বীৰকৰ কথা কিয় শুনা নাছিল ? 

উত্তৰঃ সবিষ্টিকে ভাবিছিল যে বীৰকো কাউৰী সিও কাউৰী । বীৰকে যদি পানীত ডুব মাৰি মাছ ধৰিব পাৰে , তেনেহলে সিও পাৰিব । এই ভাবিয়েই সবিষ্টকে বীৰকৰ কথা শুনা নাছিল । 

( চ ) সবিষ্টকৰ পাছত অনুশােচনা হ’ল কিয় ? 

উত্তৰঃ বন্ধু বীৰকৰ সদুপদেশ নুশুনা ভুলটো বুজিব পাৰি । 

( ছ ) সবিষ্টক বীৰকৰ প্রতি কৃতজ্ঞ হৈ ৰ’ল কিয় ? 

উত্তৰঃ পানীত ডুবি মৰাৰ পৰা ৰক্ষা কৰাৰ কাৰণে সবিষ্টক বীৰকৰ প্রতি কৃতজ্ঞ হৈ ৰ’ল । 

প্রশ্ন ২। সবিষ্টক আৰু বীৰকৰ সাধুটোৰ পৰা কি কি কথা শিকিব পাৰি ভাবি চাই লিখা । 

উত্তৰঃ সবিষ্টক আৰু বীৰকৰ সাধুটোৰ পৰা এইখিনি কথা শিকিব পৰা যায় যে জন্মগত স্বভাৱ , যােগ্যতা আৰু সামর্থ অনুযায়ীহে কাম কৰিবলৈ আগবঢ়া উচিত । তাকে নকৰি আনে কৰা দেখি নিজে নােৱাৰা কাম কৰিবলৈ গ’লে বিপদৰহে সম্ভাৱনা থাকে । সৎ বন্ধুৱে সদায় বন্ধুক সহায় কৰে আৰু ভাল উপদেশ দিয়ে । তেনেকুৱা বন্ধুৰ হাক – বচন নুশুনি যি কোনাে কাম কৰিবলৈ গ’লে বিপদ অনিবার্য । 

প্রশ্ন ৩। ‘ জাতক ’ কি ? ইয়াত কি কথা লিখা থাকে ? 

উত্তৰঃ ‘ জাতক ’ হ’ল বৌদ্ধধৰ্মৰ কিতাপ । ইয়াত ভগৱান বুদ্ধৰ জন্মৰ কাহিনী আৰু নানান নীতিকথা থকা সাধু আছে । 

প্রশ্ন ৪। পানীত সাঁতুৰিব পৰা পাঁচটা চৰাইৰ নাম লিখা । 

উত্তৰঃ পানী-কাউৰী , শৰালি , ৰাজহাঁহ , ঢেঁকৰ আৰু ডাউক । 

প্রশ্ন ৫। বাক্য ৰচনা কৰা –

জাঁজ , দুর্ভিক্ষ , কৌশল , অভ্যাস , দুবেলা-দুসাঁজ , চৰাই – চিৰিকটি , জীৱ – জন্তু , কক্বক , উশাহ – নিশাহ , সুখ – সন্তোষ  

উত্তৰঃ জাঁজ :- বানপানীত উটি অহা জাঁজে ধাননি পথাৰ নষ্ট কৰে । 

দুর্ভিক্ষ :- দুর্ভিক্ষৰ সময়ত চোৰ – ডকাইতৰ উৎপাত বাঢ়ে ।

কৌশল :- চিকাৰীজনে কৌশলেৰে বাঘটো পিঞ্জৰাবদ্ধ কৰিছিল । 

অভ্যাস :- অভ্যাস নােহােৱাকৈ সাঁতুৰিবলৈ যােৱাটো বিপজ্জনক । 

দুবেলা-দুসাঁজ :- তেওঁ কোনােমতে দুবেলা-দুসাঁজ খাই জীয়াই আছে ।

চৰাই – চিৰিকটি :- উপযুক্ত পৰিৱেশৰ অভাৱত এতিয়া চৰাই – চিৰিকটিৰ সংখ্যা যথেষ্ট কমি গৈছে। 

জীৱ – জন্তু :- আমি সকলােৱে জীৱ – জন্তুৰ প্ৰতি মৰমিয়াল হােৱা উচিত । 

ককবক :- যােৱাকালি পুখুৰীৰ পানীত পৰি ককবকাই থকা ল’ৰা এটা দেউতাই তুলি আনিছিল । 

উশাহ-নিশাহ :- ভিৰৰ বাবে বাছখনৰ ভিতৰত উশাহ – নিশাহ বন্ধ হােৱা যেন লাগিছিল । 

সুখ – সন্তোষ :- কঠোৰ পৰিশ্ৰম কৰিলেহে সুখে – সন্তোষে ভৰা জীৱন এটা পাব পাৰি । 

প্রশ্ন ৬। প্রতিশব্দ কাক বােলে ? উদাহৰণ – সহ বুজাই লিখা । 

উত্তৰঃ একে অর্থ বুজোৱা শব্দৰ ইটোক সিটোৰ প্রতিশব্দ বােলে । যেনে—‘ ভাল’ৰ প্রতিশব্দ ‘ সজ ’ বা ‘ সজ’ৰ প্রতিশব্দ ভাল । 

প্রশ্ন ৭। প্রতিশব্দ লিখা – ( প্রথম স্তম্ভত দিয়া প্রতিশব্দৰ শব্দ দ্বিতীয় স্তম্ভ শব্দবােৰৰ পৰা বাচি লােৱা । ) 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
দুর্ভিক্ষঅনুতাপ
শলাগভীতি
অনুশােচনাআকাল
ভয়কৃতজ্ঞতা
অনাটনঅভাৱ
বন্ধুত্বঅশুদ্ধতা
সৰোবৰমিত্রতা
ভুলঅতিথি
আলহীহ্ৰদ

উত্তৰঃ 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
দুর্ভিক্ষআকাল
শলাগকৃতজ্ঞতা
অনুশােচনাঅনুতাপ 
ভয়ভীতি
অনাটনঅভাৱ
বন্ধুত্বমিত্রতা
সৰোবৰহ্ৰদ
ভুলঅশুদ্ধতা
আলহীঅতিথি

প্রশ্ন ৮। প্রথম স্তম্ভত দিয়া শব্দবােৰৰ অর্থ দ্বিতীয় স্তম্ভৰ শব্দৰ পৰা বিচাৰি উলিওৱা । 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
দুর্ভিক্ষঘৰলৈ অহা আদৰণীয় লােক
কৃতজ্ঞপানীত ওপঙি থকা ঘাঁহ-বন
আলহীভাল পৰামর্শ
জাঁজখােৱাবস্তু পাবলৈ নাইকিয়া হােৱা
সদুপদেশউপকাৰৰ শলাগ লােৱা

উত্তৰঃ 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
দুর্ভিক্ষখােৱাবস্তু পাবলৈ নাইকিয়া হােৱা
কৃতজ্ঞউপকাৰৰ শলাগ লােৱা
আলহীঘৰলৈ অহা আদৰণীয় লােক
জাঁজপানীত ওপঙি থকা ঘাঁহ-বন
সদুপদেশভাল পৰামর্শ

প্রশ্ন ৯। আৰ্হিত বুজাই দিয়াৰ দৰে তলৰবােৰৰ উত্তৰ কৰিবা । 

( ক ) ( আৰ্হিঃ বন্ধু ― বন্ধুত্ব ) 

ঘন           ― 

কুমাৰী      ― 

গুৰু          ―

মহৎ         ― 

উত্তৰঃ ঘন           ―          ঘনত্ব 

         কুমাৰী       ―          কুমাৰীত্ব

         গুৰু           ―          গুৰুত্ব

         মহৎ          ―          মহত্ব

( খ ) ( আৰ্হিঃ সৰল — সৰলতা ) 

সৎ          ―          

কঠিন      ―  

কোমল    ― 

তৰল      ―

স্বচ্ছ        ―

নম্ৰ         ―

ব্যস্ত        ―

অলস      ―

উত্তৰঃ সৎ          ―         সততা 

         কঠিন       ―         কঠিনতা

         কোমল     ―          কোমলতা

         তৰল       ―          তৰলতা

         স্বচ্ছ        ―          স্বচ্ছতা

         নম্ৰ         ―          নম্ৰতা

         ব্যস্ত        ―          ব্যস্ততা

         অলস       ―          অলসতা

( গ ) আৰ্হিঃ সােণ — সােণালী ) 

ৰূপ        ― 

ৰূপ        ―

জোন     ―

ৰ’দ       ―

মেঘ       ― 

দীপ       ―

তৰা      ―

উত্তৰঃ ৰূপ        ―        ৰূপালী

         ৰং         ―        ৰংলী

         জোন      ―        জোনালী

         ৰ’দ        ―        ৰ’দালী

         মেঘ       ―        মেঘালী

         দীপ        ―        দীপালি

         তৰা       ―        তৰালী

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top