Niketan Class 5 Assamese Chapter 17 জোনাক নিশা

Niketan Class 5 Assamese Chapter 17 জোনাক নিশা Sankardev Sishu Niketan Chapter 17 জোনাক নিশা Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 17 জোনাক নিশা

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 17 জোনাক নিশা gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

জোনাক নিশা

Chapter – 17

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। জোনাক ৰাতিৰ শােভা দেখি তােমাৰ কেনে লাগে ? 

উত্তৰঃ বৰ ভাল লাগে । দেহ – মন জুৰ পৰি যায় । 

প্রশ্ন ২। জোনাক ৰাতিৰ শােভা তুমি নিজৰ অভিজ্ঞতাৰে বৰ্ণনা কৰা । (পাঁচটা বাক্যত ) 

উত্তৰঃ জোনাক ৰাতি এদিনাখন দেউতাই মােক আমাৰ ওচৰতে থকা নৈখনৰ পাৰলৈ ফুৰাবলৈ নিছিল । জোনাকৰ পােহৰত সেইদিনা নৈখনে এনে মনােমােহা ৰূপ লৈছিল যে মােৰ ভাব হৈছিল সেইবােৰ যেন পানী নহয় , কোনােবাই ৰূপ গলাইহে নৈখনত ঢালি দিছে । নৈৰ বালিচৰ আৰু ওচৰৰ গছ – গছনিবােৰেও সেইদিনা জোনাকৰ পােহৰ গাত সানি গােটেইখন সপােন ৰাজ্যত পৰিণত কৰিছিল । গছৰ পাতৰ মাজেৰে সৰকি অহা জালীকটা জোনাকে পােহৰােৱা নৈপৰীয়া সৰু আলিটোত সেইদিনা মই স্ফুর্তিতে দৌৰি ফুৰিছিলোঁ । সেই জোনাক ৰাতিটোৰ অভিজ্ঞতাৰ কথা মই কেতিয়াও পাহৰিব নােৱাৰিম । 

প্রশ্ন ৩। কোনটো তিথিত জোনাক ৰাতিৰ শােভা আটাইতকৈ বেছি হয় জানানে ? 

উত্তৰঃ জানাে । পূর্ণিমা তিথিত । 

প্রশ্ন ৪। জোনাক ৰাতিৰ শােভাৰ বাবে কবিয়ে কাৰ ওচৰত মূৰ দোৱাইছে ? 

উত্তৰঃ বিশ্বপতিৰ ওচৰত । 

প্রশ্ন ৫। কবিতাটোৰ আধাৰত জোনাক ৰাতিৰ শােভা বর্ণনা কৰিবলৈ তলৰ বাক্যবােৰ সম্পূৰ্ণ কৰা । 

( ক ) আকাশত জোনটি …………… জ্বলি থাকে । 

( খ ) নৈ-বিল , ঘৰবাৰী , সকলােতে জোনৰ ………….. পৰে । 

( গ ) জোনটিৰ কেউকাষে তৰাববাৰে ……………. হাঁহে আৰু ……………. নাচে । 

( ঘ ) সীমাহীন আকাশজুৰি জোনটোৱে …………….. আৰু তাকে দেখি মনটো আনন্দত ………………।

( প্রয়ােগ কৰিবলগীয়া শব্দৰ ইংগিতঃ ৰূপালীজেউতি , নাচি উঠে , তিৰবিৰ কৰি , জকমক কৰি , ছেওধৰি , শােভা কৰে । ) 

উত্তৰঃ ( ক ) আকাশত জোনটি জকমক কৰি জ্বলি থাকে । 

( খ ) নৈ – বিল , ঘৰ – বাৰী , সকলােতে জোনৰ ৰূপালী জেউতি পৰে । 

( গ ) জোনটিৰ কেউকাষে তৰাবােৰে তিৰবিৰ কৰি হাঁহে আৰু ছেওধৰি নাচে । 

( ঘ ) সীমাহীন আকাশজুৰি জোনটোৱে শােভা কৰে আৰু তাকে দেখি মনটো আনন্দত নাচি উঠে। 

প্রশ্ন ৬। বাক্য ৰচনা কৰা –

           ঘৰবাৰী , দেহ – মন , অসীম , নতি , তিৰবিৰ , বিতােপন

উত্তৰঃ ঘৰ-বাৰী :- যােৱাটো বানপানীয়ে বহুতৰে ঘৰ – বাৰী উটুৱাই নিছে ।

দেহ-মন :- মলয়া বতাহ বলিলে দেহ – মন জুৰ পৰি যায় । 

অসীম :- অসীম আকাশৰ ৰহস্য বুজাটো টান । 

নতি :- পুতেকৰ মংগলৰ বাবে মানুহজনীয়ে ভগৱানক নতি জনাইছে । 

তিৰবিৰ :- ৰাতিৰ আকাশত তৰাবােৰে তিৰবিৰ কৰি থাকে ৷ 

বিতােপন :- আমাৰ বিদ্যালয়ৰ সন্মুখত বিতােপন বাগিচা এখন আছে। 

প্রশ্ন ৭। ( ক ) শৰৎকালৰ পূর্ণিমাত হােৱা উৎসৱ দুটা কি ? 

উত্তৰঃ শ্রীকৃষ্ণৰ ৰাসলীলা আৰু লক্ষ্মী পূজা । 

( খ ) বসন্তকালৰ পূৰ্ণিমাত হােৱা উৎসৱটো কি ? 

উত্তৰঃ শ্রীকৃষ্ণৰ দৌলযাত্রা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top