Niketan Class 5 Assamese Chapter 16 ৰংমনৰ চিঠি

Niketan Class 5 Assamese Chapter 16 ৰংমনৰ চিঠি Sankardev Sishu Niketan Chapter 16 ৰংমনৰ চিঠি Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 16 ৰংমনৰ চিঠি

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 16 ৰংমনৰ চিঠি gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ৰংমনৰ চিঠি

Chapter – 16

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া । 

( ক ) ৰংমনে কোন বিদ্যালয়ত পঢ়ে ? 

উত্তৰঃ হােজাইৰ শংকৰদেৱ শিশু নিকেতনত । 

( খ ) ৰংমনৰ মাক – দেউতাক ক’ত থাকে ? তেওঁলােকে কি কৰে ? 

উত্তৰঃ দেউতাকে প্রায়েই ঘৰৰ পৰা দূৰত থাকে । মাকে জালুকবাৰীত থাকে । দেউতাকে কোম্পানীত আৰু মাকে এটা বেংকত চাকৰি কৰে। 

( গ ) ৰংমনৰ ছাত্ৰাৱাসত থাকি কিয় ভাল লাগিছে বুজিব পাৰিছানে ? 

উত্তৰঃ ছাত্ৰাৱাসত পঢ়া – শুনা কৰাৰ বাবে ভাল সুবিধা আছে । তাত সকলাে আবাসী ছাত্রই শুই উঠিয়েই প্রাতঃস্মৰণ আৰু সৰস্বতী বন্দনা কৰিব লাগে । ৰাতিপুৱাই এইবােৰ কৰিলে মনটো ভাল লাগে । আবেলি ছাত্ৰাৱাসৰ খেলপথাৰত খেলিবও পৰা যায় । ৰংমনৰ ছাত্ৰাৱাসত থাকি ভাল লগাৰ এইবােৰেই কাৰণ ।

( ঘ ) চিঠিখনত ৰংমনে কোনটো বিহু অহাৰ কথা কৈ ? 

উত্তৰঃ ব’হাগ বিহু অহাৰ কথা কৈছে । 

( ঙ ) চিঠিখনত ৰংমনে ছাত্ৰাৱসৰ নিয়মবােৰ কিয় কঢ়া বুলি লিখিলে ? 

উত্তৰঃ ছাত্ৰাৱাসত ছাত্ৰসকলে নীতি – নিয়মৰ মাজেৰে চলিব লাগে । ৰাতিপুৱাই সূর্যোদয়ৰ আগতেই সকলােৱে শােৱাৰ পৰা উঠিব লাগে । ৰাতি ভােজন মন্ত্র গাই ভােজন কৰাৰ পাছতেই লাইট নুমুৱাই শুই থাকিব লাগে । ৰংমনে ঘৰৰ দৰে ইয়াত ৰাতি আঁঠুৱাৰ তলত শুই সাধুকথাৰ কিতাপ পঢ়িব নােৱাৰে । ছাত্রাবাসত ম’বাইল ফোন ব্যৱহাৰ কৰিব নিদিয়ে। শনিবাৰে গধূলিহে অকল ছাত্ৰসকলে ছাত্ৰাৱাসৰ কোনেৰে ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে , অন্য বাৰে নােৱাৰে । এইবােৰ কাৰণতে ৰংমনে ছাত্ৰাৱাসৰ নিয়মবােৰ কঢ়া – বুলি লিখিছিল । 

( চ ) দেউতাকে এতিয়াও ডুমডুমাৰ পৰা ঘূৰি অহা নাই বুলি ৰংমনে কিয় ভাবিলে ? 

উত্তৰঃ ৰংমনৰ দেউতাক ডুমডুমালৈ গৈছে । কোম্পানীৰ কামত বাহিৰলৈ গলে তেওঁৰ কেতিয়াবা ঘূৰি আহােতে পলম হয় । সেয়েহে ৰংমনে দেউতাক ডুমডুমাৰ পৰা ঘূৰি নহা বুলি ভাবিছে । 

( ছ ) ছাত্রাবাসত থকা ছাত্ৰই কিহৰ বাবে টকা দিবলগীয়া হয় জানানে ? 

উত্তৰঃ ছাত্ৰাৱাসত থকা ছাত্ৰসকলক থকা – মেলা , খােৱা – বােৱা , পঢ়া – শুনা , খেলা ধূলাৰ বাবে যি সুবিধা দিয়া হয় তাৰ বিনিময়ত তেওঁলােকে টকা দিবলগীয়া হয় । তদুপৰি ছাত্ৰাৱাসত সময়ে সময়ে বিভিন্ন দিৱস , উৎসৱ আদি পালন কৰা হয় । নৱাগত আদৰণী সভা , সম্বর্ধনা সভাকে আদি কৰি বিভিন্ন সভা – সমিতিও অনুষ্ঠিত হয় । এইবােৰত হােৱা খৰচৰ বাবেও ছাত্রাবাসত থকা ছাত্ৰসকলে টকা দিবলগীয়া হয় । 

( জ ) ছাত্ৰাৱাসত থকা ছাত্রক এটা নির্দিষ্ট বাৰতহে ফোন ধৰিবলৈ দিয়া হয় বুলি ৰংমনে লিখিছে । এই নিয়ম কাৰণ কি বুলি ভাবা ? 

উত্তৰঃ ছাত্ৰাৱাসত ছাত্ৰসকলে নীতি – নিয়মৰ মাজেৰে এক শৃংখলাবদ্ধ পৰিবেশত থাকে । যিকোনাে বাৰতে যেতিয়াই তেতিয়াই ফোন ধৰিলে এই শৃংখলাবদ্ধ পৰিবেশ নষ্ট হ’ব পাৰে আৰু ইয়ে ছাত্ৰসকলৰ পঢ়া – শুনাত ব্যাঘাত জন্মাব পাৰে । আনহাতে ফোন ধৰিব লগাজনে সেই সময়ত ফোন ধৰিব পৰা অৱস্থাত নাথাকিবও পাৰে । কিন্তু এটা নির্দিষ্ট বাৰত ফোন ধৰিবলৈ দিলে ফোন কৰোঁতা আৰু ফোন ধৰোতা উভয়ৰে সুবিধা।কাৰণ সেই নির্দিষ্ট বাৰটোত উভয় পক্ষই সজাগ হৈ থাকে । সেইবাবেই এটা নির্দিষ্ট বাৰত ছাত্রাবাসত ফোন ধৰিবলৈ দিয়া হয় । 

( ঝ ) ছাত্রাবাসত ৰংমনে কেতিয়া কেতিয়া প্রার্থনা কৰিবলগীয়া হৈছে ? 

উত্তৰঃ ছাত্ৰাৱাসত ৰংমনে ৰাতিপুৱা শুৱাৰ পৰা উঠে আৰু ৰাতি ভােজন কৰাৰ আগতে প্রার্থনা কৰিবলগীয়া হৈছে । 

প্রশ্ন ২। ৰংমনৰ চিঠিখনৰ পৰা ছাত্ৰাৱাসৰ নিয়ম সম্পর্কে কি বুজিলা লিখা । 

উত্তৰঃ ৰংমনৰ চিঠিখনৰ পৰা বুজা যায় যে ছাত্ৰাৱাসৰ নিয়মবােৰ অকল পঢ়া শুনাৰ ক্ষেত্ৰখনতে সীমাবদ্ধ হৈ থকা নাই , এইবােৰ ছাত্ৰসকলৰ মন , স্বাস্থ্য আৰু চৰিত্র গঠনত প্ৰভাৱ পেলাব পৰাকৈয়াে প্ৰৱৰ্তন কৰা হৈছে । প্ৰতিজন ছাত্রকে একো একোজন সৎ , উদ্যমী , দক্ষ, দায়িত্বশীল , নীতি পৰায়ণ , কর্তব্য পৰায়ণ আৰু নিজ কৃষ্টি – সংস্কৃতিৰ প্রতি শ্রদ্ধাশীল সুনাগৰিক হিচাপে গঢ়ি তােলাটোৱে এই নিয়মবােৰৰ মূল উদ্দেশ্য যেন লাগে । 

প্রশ্ন ৩। বাক্য ৰচনা কৰা –

উপলক্ষ , খৰচিমাৰি , নিয়ম-কানুন , মৰমিয়াল 

উত্তৰঃ উপলক্ষ :- নতুন বছৰ উপলক্ষে আমি এইবাৰ চিৰিয়াখানা চাবলৈ যাম । 

খৰচি মাৰি :- আমি প্রত্যেকেই পাঠ্যপুথিবােৰ খৰচি মাৰি অধ্যয়ন কৰা উচিত । 

নিয়ম-কানুন :- ৰংমনৰ মতে ছাত্ৰাৱাসৰ নিয়ম – কানুনবােৰ বৰ কঢ়া । 

মৰমিয়াল :- আমাৰ প্রধান আচার্যগৰাকী বৰ মৰমিয়াল । 

প্রশ্ন ৪। যুৰীয়া শব্দ কাক বােলে ? এটা উদাহৰণ দিয়া । 

উত্তৰঃ একেধৰণৰ অর্থ প্রকাশ কৰা দুটা শব্দ ব্যৱহাৰ কৰিলে তাক যুৰীয়া শব্দ বােলে । যেনে — মাছ – পুঠি । 

প্রশ্ন ৫। তলৰ শব্দবােৰ ব্যৱহাৰ কৰি যুৰীয়া শব্দ উলিওৱা – 

নিয়ম , গছ , বিপদ , ধন , চিঠি , সােণ , পত্র , আপদ , বিৰিখ , দায় , দোষ , কানুন , ভােক , পিয়াহ । 

উত্তৰঃ নিয়ম          –          কানুন 

         গছ             –          বিৰিখ 

         বিপদ          –          আপদ

         ধন             –          সােণ 

         চিঠি            –          পত্র 

         দায়            –          দোষ 

         ভােক          –          পিয়াহ 

প্রশ্ন ৬। ম’বাইল ফোন সম্পর্কত বিশ্ব স্বাস্থ্য সংস্থাই আমাক কি সকীয়াই দিছে ? 

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে যে ম’বাইল ফোন ব্যৱহাৰ কৰোঁতে নির্গত হােৱা তৰংগই স্বাস্থ্যৰ মাৰাত্মক ক্ষতি কৰাৰ সম্ভাৱনা থাকে । সেইবাবে ম’বাইলৰ অত্যধিক ব্যৱহাৰৰ পৰা বিৰত থকা উচিত। 

প্রশ্ন ৭। ব’হাগ বিহুটো তুমি কেনেকৈ পালন কৰিবা তাকে জনাই তােমাৰ বন্ধুলৈ এখন চিঠি লিখা । 

উত্তৰঃ শ্রীহৰি 

                         তাৰিখঃ ০২-০১-২০১৬ ইং 

প্রিয় বন্ধু , 

           প্রথমে মােৰ মৰম ল’বা । তােমাৰ মা – দেউতাক মােৰ সেৱা জনাবা । মােৰ বর্তমান ভালেই । আশাকৰোঁ তুমিও ভালে আছা । ব’হাগ বিহু আহিলেই নহয় ; বিহুত তুমি কি কৰিবা বুলি ভাবিছা ? মই কি ভাবিছোঁ তােমাক কওঁ ৰবা । 

          গৰু বিহুৰ দিনাখন পুৱা শুই উঠিয়ে মই লাও – বেঙেনা কাটি মালা গাঠিম । তাৰ পাছত দীঘলতি পাতেৰে কোবাই উঠি আমাৰ তিনিওজনী গৰুকে চৰতে থকা কালদিয়া নদীত গা ধুৱাম । তাৰ পাছত সিহঁতৰ ডিঙিত লাও – বেঙেনাৰ মালা পিন্ধাই দিম । গধূলি সিহঁতক নতুন পঘা পিন্ধাম আৰু মহ – ডাহ খেদিবৰ বাবে গােহালি ঘৰত যাগ দিম । 

          মানুহ বিহুৰ দিনাখন আয়ে দিয়া নতুন বিহুৱান লৈ ডাঙৰসকলক সেৱা জনাই তেওঁলােকৰ আশীর্বাদ ল’ম ৷ 

           গোঁসাই বিহুৰ দিনাখন গাঁৱৰ সকলােৱে বাসুদেৱ মন্দিৰলৈ আহি ধূপ ধূনা – চাকি জ্বলাই থাপনা পাতে , গােসাঁইক নতুন বিহুৱান দিয়ে আৰু নাম – কীর্তন কৰে । মইও সেইবােৰত ভাগ ল’ম । মাজতে মই নলবাৰীৰ বাইদেউহঁতৰ ঘৰলৈ যাম । কিন্তু ৫ ব’হাগত মই ঘূৰি আহিমেই ৷ কাৰণ সেইদিনা আমাৰ ইয়াত মুকলি বিহু ৬ ব’হাগৰ আবেলি আমাৰ বিহুতলীত পাৰগছ খেলা প্রতিযােগিতা হয় । চাই বৰ ভাল লাগে । তােমালােকৰ তাত পিৰগছ তােলেনে ? জনাবাচোন । ৬ ব’হাগৰ সাংস্কৃতিক সন্ধিয়াও হয় । গতিকে তুমি ৫ আৰু ৬ ব’হাগত আমাৰ ঘৰত থকাকৈ আহিবা । বৰ ভাল লাগিব । 

           বিশেষ নাই । চিঠিৰ উত্তৰ দিবা । পুনৰ মৰম যাচিলোঁ । 

ইতি 

তােমাৰ বন্ধু শুভংকৰ 

পাটাছাৰকুছি ( ওৱাৰ্ডনং ৬ ) 

ডাকঃ পাটাছাৰকুছি 

জিলাঃ বৰপেটা ( অসম ) 

ডাক সূচাংকঃ ৭৮১ ৩২৬ 

প্রতি , 

          শ্রীনীতিশ কলিতা 

          পশ্চিম নানাট্টাৰী 

          ডাকঃ টিহু 

          জিলাঃ নলবাৰী ( অসম )

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top