Niketan Class 5 Assamese Chapter 11 ৰাঙলী বুঢ়ীৰ দান

Niketan Class 5 Assamese Chapter 11 ৰাঙলী বুঢ়ীৰ দান Sankardev Sishu Niketan Chapter 11 ৰাঙলী বুঢ়ীৰ দান Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 11 ৰাঙলী বুঢ়ীৰ দান

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 11 ৰাঙলী বুঢ়ীৰ দান gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ৰাঙলী বুঢ়ীৰ দান

Chapter – 11

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। ৰাঙলী বুঢ়ীৰ পুতেকৰ নাম কি আছিল ? 

উত্তৰঃ ৰঙামুৱা । 

প্রশ্ন ২। ৰাঙলী বুঢ়ীয়ে পুতেকক কাৰ বিৰুদ্ধে যুঁজিবলৈ পাঁচিছিল ? 

উত্তৰঃ মানৰ বিৰুদ্ধে । 

প্রশ্ন ৩। ৰাঙলী বুঢ়ীয়ে পুতেকক ৰণৰ বাবে কেনেদৰে সাজু হ’বলৈ কৈছিল ? 

উত্তৰঃ ৰাঙলী বুঢ়ীয়ে পুতেকক বেগতে ভাত এমুঠি খাই দা – যাঠি লৈ লৰালৰিকৈ ৰণৰ বাবে সাজু হ’বলৈ কৈছিল । ৰণলৈ যােৱাৰ সময়ত বুঢ়ীয়ে ৰাতিটোৰ ভিতৰতে বৈ – কাটি উলিওৱা কৱচ কাপােৰ পিন্ধাৰ বাবেও পুতেকক কৈছিল ।

প্রশ্ন ৪। ৰাঙলী বুঢ়ীয়ে মান অহাৰ বাতৰি কেনেদৰে পাইছিল ? 

উত্তৰঃ জামুগুৰি চাপৰিৰ পৰা ভাহি অহা মানুহৰ গর্জনি আৰু কাণতাল মৰা চিঞৰ – বাখৰত ৰাঙলী বুঢ়ীয়ে মান অহাৰ বাতৰি পাইছিল । 

প্রশ্ন ৫। অসমীয়া সেনা অতি তাকৰীয়া , তথাপি ৰাঙলী বুঢ়ীয়ে ৰঙামুৱাক খুঁজলৈ পাঁচিছে কিয় ? 

উত্তৰঃ অসমীয়া সেনা অতি তাকৰীয়া হ’লেও সকলােৱে জীৱনপণ ৰণলৈ সাজু হৈছিল । মানৰ হাতৰ পৰা সােণৰ অসমখন , দেশৰ মানুহৰ জীৱন, ধন – সম্পত্তি ৰক্ষা কৰিবলৈ সকলােৱে দৃঢ়সংকল্পবদ্ধ। ৰঙামুৱাৰ দেউতাকেও মানৰ লগত যুঁজ কৰিয়েই মৰিছিল । সেয়েহে , স্বদেশ – স্বজাতি ৰক্ষাৰ হকে অসমীয়া সেনা তাকৰীয়া হ’লেও ভয় নকৰি যুঁজলৈ যাবৰ বাবে ৰাঙলী বুঢ়ীয়ে পুতেক ৰঙামুৱাক পাঁচিছিল । 

প্রশ্ন ৬। যুঁজত গিৰিয়েকক হেৰুওৱাৰ পাছতে ৰাঙলী বুঢ়ীয়ে পুতেকক খুঁজলৈ পাঁচিছে; এইটো কিহৰ পৰিচয় ? 

উত্তৰঃ মহান দেশপ্রেমৰ পৰিচয় । 

প্রশ্ন ৭। ( ক ) ৰাঙলী বুঢ়ীয়ে পুতেকৰ বাবে ৰাতিতে কি যতনাই থৈছিল ? 

উত্তৰঃ কৱচ কাপোৰ । 

( খ ) ৰাঙলী বুঢ়ীয়ে দেশৰ বাবে কি দান কৰিছে ? 

উত্তৰঃ নিজৰ একমাত্র পুতেক ৰঙামুৱাক । 

প্রশ্ন ৮। মানৰ অসম আক্ৰমণৰ বিষয়ে কি জানা চমুকৈ লিখা । 

উত্তৰঃ মান আছিল ব্রহ্মদেশৰ এটা বৰ্বৰ জাতিৰ নাম । ব্রহ্মদেশৰ বৰ্তমানৰ নাম ম্যানমাৰ । বদন বৰফুকনে মানক অসম আক্ৰমণ কৰিবলৈ মাতি আনিছিল । তেতিয়া আহােম ৰজা আছিল চন্দ্রকান্ত সিংহ।মানে তিনিবাৰকৈ অসম আক্ৰমণ কৰিছিল । মানহঁত বৰ নিষ্ঠুৰ আৰু অত্যাচাৰী আছিল । সিহঁতে ঘৰত জুই লগাই দিয়া , নানা অত্যাচাৰ কৰি তিৰােতা আৰু শিশুক বধ কৰা আদি অনেক জঘন্য অপৰাধ কৰিছিল । মানৰ ভয়ত মানুহে ঘৰ বাৰী এৰি পলাই গৈছিল । বহুতে হাবিত লুকাই আছিলগৈ ।

প্রশ্ন ৯। মানক অসমৰ পৰা কোনে খেদিছিল ? 

উত্তৰঃ ইংৰাজে । 

প্রশ্ন ১০। কোন চনত ইংৰাজে মানক অসমৰ পৰা খেদিছিল ? 

উত্তৰঃ ১৮২৬ চনত । 

প্রশ্ন ১১। ১৮২৬ চনত মান আৰু ইংৰাজৰ মাজত হােৱা চুক্তিখন কি নামেৰে জনা যায় ? 

উত্তৰঃ ইয়াণ্ডাবু সন্ধি নামেৰে জনা যায় । 

প্রশ্ন ১২। বাক্য ৰচনা কৰা –

             ৰণচালি , থৌকি-বাথৌ , কেঁহু-জালি , যশ-মান , কৱচ , জীৱন – মৰণ  

উত্তৰঃ ৰণচালি :- মান সেনাই জামুগুৰি চাপৰিত ৰণচালি দিছিল । 

থৌকি-বাথৌ :- ৰাঙলী বুঢ়ীয়ে থৌকি-বাথৌ মনেৰে পুতেকক ৰণলৈ পাঁচিছিল । 

কেঁহু-জালি :- দেউতাই মােক ফেঁহু-জালি দিয়াৰ পৰতে টোপনিৰ পৰা জগাই দিয়ে । 

যশ-মান :- মানুহে নিজ কর্মৰ জৰিয়তেহে যশ – মান আর্জিব পাৰে । 

কৱচ :- ৰাঙলী বুঢ়ীয়ে ৰাতিৰ ভিতৰতে পুতেকৰ বাবে কৱচ কাপােৰ বৈ কাটি উলিয়াইছিল । 

জীৱন-মৰণ :- অসমীয়া সেনাই জীৱন-মৰণ পণ কৰি মানৰ লগত যুঁজ কৰিছিল । 

প্রশ্ন ১৩। তলত দিয়া শব্দবােৰৰ বিপৰীত লিংগ বুজোৱা শব্দবােৰ লিখা –

 ভাই বুঢ়া , অজলা , আইতা , মাহী , বান্দৰ , গাই , মখনা 

উত্তৰঃ ভাই              –            ভনী

         বুঢ়া              –            বুঢ়ী 

         অজলা           –           আজলী 

         আইতা           –           আতা 

         মাহী              –           মহা 

         বান্দৰ            –          বান্দৰণী

         গাই               –          বলধ 

         মখনা            –          মাখুন্দী 

প্রশ্ন ১১। দ্বিতীয় স্তম্ভত দিয়া শব্দবােৰৰ মাজৰ পৰা প্রথম স্তম্ভত দিয়া শব্দৰ অর্থ বাচি উলিওৱা । 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
গর্জনিআশ্রয় নথকা
ৰণচালি বিধৱা তিৰােতা
তালি-ভুলিভয় দেখুৱাবলৈ চিঞৰা
নিঠৰুৱানৈৰ পাৰৰ ওখ মাটি
চাপৰিখাবৰ কাৰণে আগবঢ়োৱা বস্তু
সিধাহাতৰ তলুৱাৰে কৰা শব্দ
বাৰীমৰমৰ সম্পত্তি
ফেহু-জোলিৰণুৱাই গাত পিন্ধা আৱৰণ
কৱচযুঁজলৈ সাজু হােৱা অৱস্থা
আচলৰ ধননিচেই পুৱা

উত্তৰঃ 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
গর্জনিভয় দেখুৱাবলৈ চিঞৰা
ৰণচালি যুঁজলৈ সাজু হােৱা অৱস্থা
তালি-ভুলিহাতৰ তলুৱাৰে কৰা শব্দ
নিঠৰুৱাআশ্রয় নথকা
চাপৰিনৈৰ পাৰৰ ওখ মাটি
সিধাখাবৰ কাৰণে আগবঢ়োৱা বস্তু
বাৰীবিধৱা তিৰােতা
ফেহু-জোলিৰণুৱাই গাত পিন্ধা আৱৰণ
কৱচনিচেই পুৱা
আচলৰ ধনমৰমৰ সম্পত্তি

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top