Niketan Class 4 Social Chapter 17 ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা

Niketan Class 4 Social Chapter 17 ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা, Sankardev Sishu Niketan Chapter 17 ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা

Chapter – 17

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : প্রাচীন কালত মানুহৰ যাতায়াত ব্যৱস্থাৰ মাধ্যম কি কি আছিল ? বৰ্তমান আমাৰ দেশত কেই প্ৰকাৰৰ যাতায়াত ব্যৱস্থা আছে আৰু কি কি ?

উত্তৰ : প্রাচীন কালত মানুহে যাতায়াতৰ মাধ্যম হিচাপে পানীত নাওজাতীয় বাহন আৰু স্থলপথত ঘোঁৰা, হাতী, গাধ, উট আদি জন্তু ব্যৱহাৰ কৰিছিল।বৰ্তমান আমাৰ দেশত চাৰি প্ৰকাৰৰ যাতায়াত ব্যৱস্থা আছে। সেইবোৰ হ’ল—

(১) স্থল পথ।

(২) জলপথ।

(৩) বেলপথ।আৰু 

(৪) বিমান পথ।

প্রশ্ন ২ : ভাৰতত স্থলপথ কেইপ্ৰকাৰৰ আৰু কি কি ? প্রত্যেকবিধ স্থলপথৰ, চোৱাচিতা কৰাত দায়িত্ব,কাৰ হাতত আছে উল্লেখ কৰা।

উত্তৰ : পাঁচ প্ৰকাৰৰ। সেইবোৰ হৈছে– 

(ক) এক্সপ্রেছ হাইবে বা দ্রুতবেগী বাজপথ।

(খ) ৰাষ্ট্ৰীয় পথ।

(গ) গড়কাপ্টানী পথ।

(ঘ) পৌৰ পথ।আৰু 

(ঙ) পঞ্চায়ত পথ। 

এক্সপ্ৰেছ হাইৱে আৰু ৰাষ্ট্ৰীয় পথৰ চোৱাচিতাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। গড়কাপ্টানি পথৰ চোৱাচিতাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ গড়কাপ্টানি বিভাগৱ, পৌৰ পথৰ ভিতৰত চহৰৰ আলিবাটসমূহ পৌৰসভাই আৰু মহানগৰৰ আলিবাটসমূহ পৌৰ নিগমে চোৱা চিতা কৰে; পঞ্চায়ত পথসমূহ গাঁও পঞ্চায়তে চোৱা চিতা কৰে।

প্রশ্ন ৩ : আমাৰ দেশৰ ভিতৰুৱা জল পৰিবহন ব্যৱস্থাটোক কি নামেৰে জনা যায় ?

উত্তৰ : আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থা নামেৰে জনা যায়।

প্রশ্ন ৪ : আমাৰ দেশত কেই প্ৰকাৰৰ ৰে’ল পথৰ ব্যৱস্থা আছে ?

উত্তৰ : আমাৰ দেশত ব্রডগেজ, মিটাৰগে’জ আৰু নেব’গে’জ নামে তিনি প্ৰকাৰৰ ৰেল পথৰ ব্যৱস্থা আছে। 

প্রশ্ন ৫ : ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰসমূহৰ নাম উল্লেখ কৰা।

উত্তৰ : 

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 

চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 

নেতাজী সুভাষ চন্দ্র বোস আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 

ছত্রপতি শিবাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ৷ 

অমৃতচৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ৷

গোৱা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

বাংগালোৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 

কোচিন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

ত্ৰিবান্দ্ৰম আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

প্রশ্ন ৬ : ডাক-তাঁৰ বিভাগৰ পাঁচটা সুবিধা উল্লেখ কৰা। 

উত্তৰ : ডাক-তাঁৰ বিভাগৰ পাঁচটা সুবিধা হৈছে—

(১) এই বিভাগৰ যোগেদি বিভিন্ন ঠাইলৈ চিঠি তথা কাগজ-পত্র, টকা-পইচা, সৰু-সুৰা টোপোলা আদি পঠিয়াব পাৰি। 

(২) ডাকঘৰত টকা সঞ্চয় কৰিব পাৰি।

(৩) ডাকযোগে যোগাযোগ কৰি উচ্চ শিক্ষা ল’ব পৰা যায়। 

(৪) দেশৰ প্ৰশাসন আৰু ব্যৱসায় বহু পৰিমাণে ডাকযোগে চলে।

(৫) দুভাষৰ যোগেদি দূৰ-দূৰণিত থকা মানুহৰ লগত প্ৰয়োজন অনুসৰি কথা পাতিব পাৰি। 

প্রশ্ন ৭ : এখন তিনিদিনীয়া, দুখন সাপ্তাহিক আৰু তিনিখন দৈনিক বাতৰি কাকতৰ নাম লিখা।

উত্তৰ :

তিনিদিনীয়াতিনিদিনীয়া অগ্রদূত।
সাপ্তাহিকসাদিন আৰু অসমবাণী।
দৈনিকঅসমীয়া প্রতিদিন, দৈনিক অসম, নিয়মীয়া বাৰ্তা।

প্রশ্ন ৮ : এখন সাপ্তাহিক, এখন মাহেকীয়া আলোচনী আৰু দুখন মাহেকীয়া আলোচনীৰ নাম লিখা

উত্তৰ :

সাপ্তাহিকসম্ভাৰ।
পষেকীয়াপ্রান্তিক।
মাহেকীয়াগৰীয়সী, বিস্ময়।

প্রশ্ন ৯ : তলত উল্লেখ কৰা বস্তুবোৰ কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল আৰু এইবোৰৰ পৰা কি সুবিধা পোৱা যায় লিখা l

ৰেডিঅ’,দূৰদৰ্শন, দূৰভাষ

উত্তৰ : ৰেডিঅ’: ইটালীৰ মাৰ্কনি নামৰ এজন বিজ্ঞানীয়ে ১৮৯৫ চনত ৰেডিঅ’ আৱিষ্কাৰ কৰিছিল। ৰেডিঅ’ৰ সহায়ত আমি দেশ-বিদেশৰ বা-বাতৰি, গীত-মাত, নাটক, কৃষি, শিল্প, শিক্ষা আদিৰ নানা আলোচনা, বক্তৃতা আদি শুনিব পাৰো। সেইবোৰৰ পৰা আমাৰ অনেক বিষয়ৰ জ্ঞান বৃদ্ধি হয় আৰু আনন্দ উপভোগ কৰিব পাৰোঁ।

দূৰদৰ্শন : স্কটলেণ্ডৰ জন লগি বেয়ার্ড নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে ১৯২৬ চনত দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল। দূৰদৰ্শনৰ সহায়ত আমি নিজ দেশৰ ভিন ভিন অঞ্চলৰ উপৰি পৃথিৱীৰ নানা দেশৰ বা-বাতৰি, কলা-সংস্কৃতি, শিক্ষা, স্বাস্থ্য, কৃষি, শিল্প আদিৰ বিষয়ে জানিব পাৰো। পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা বিশেষ ঘটনা, খেল-ধেমালি, বিশেষ অনুষ্ঠান আদিৰ পোনপটীয়া জীৱন্ত সম্প্ৰচাৰো সম্প্ৰতি দূৰদৰ্শনযোগে দেখিবলৈ পোৱা যায়।

দূৰভাষ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলেকজেণ্ডাৰ গ্ৰাহামবেল নামৰ এজন বিজ্ঞানীয়ে – ১৮৭৬ চনত দুভাষ যন্ত্র আবিষ্কাৰ কৰিছিল। দুৰভায় বর্তমান কালত যোগাযোগৰ অন্যতম ব্যৱস্থা। ইয়াৰ সহায়ত আমি দূৰ-দূৰণিত থকা মানুহৰ লগত থ্ররোজন অনুসৰি কথা পাতিব পাৰো। দূৰভাষৰ সহায়ত আমি অতি কম খৰচত দুৰ-দূৰণিৰ মানুহৰ লগত তাৎক্ষণিকভাৱে যোগাযোগ কৰিব পৰাৰ ফলত আমাৰ টকা আৰু সময় দুয়োটাই ৰাহি হৈছে।

প্রশ্ন ১০ : ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
(ক) মালিগাঁও(ক) উত্তৰ-পূব ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(খ) কলকাতা(খ) উত্তৰ ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(গ) গোৰখপুৰ(গ) পূৱ ৰে’ল পথৰ প্ৰধান কাৰ্যালয়।
(ঘ) দিল্লী(ঘ) উত্তৰ-পূব সীমান্ত ৰেল পথৰ প্ৰধান কাৰ্যালয়।
(ঙ) চেন্নাই(ঙ) মধ্য ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(চ) ছেকেন্দ্রাবাদ(চ) দক্ষিণ-পূব ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(ছ) মুম্বাই(ছ) দক্ষিণ-মধ্য ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(জ) পশ্চিম ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(ঝ) দক্ষিণ ৰে’লপথৰ প্ৰধান কাৰ্যালয়।

উত্তৰ :

‘ক’ অংশ‘খ’ অংশ
(ক) মালিগাঁও(ঘ) উত্তৰ-পূব সীমান্ত ৰেল পথৰ প্ৰধান কাৰ্যালয়।
(খ) কলকাতা(গ) পূৱ ৰে’ল পথৰ প্ৰধান কাৰ্যালয়।(চ) দক্ষিণ-পূব ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(গ) গোৰখপুৰ(ক) উত্তৰ-পূব ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(ঘ) দিল্লী(খ) উত্তৰ ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(ঙ) চেন্নাই(ঝ) দক্ষিণ ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(চ) ছেকেন্দ্রাবাদ(ছ) দক্ষিণ-মধ্য ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(ছ) মুম্বাই(ঙ) মধ্য ৰে’লপথৰ প্ৰধান কাৰ্যালয়।
(জ) পশ্চিম ৰে’লপথৰ প্ৰধান কাৰ্যালয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ‘সোণালী চতুর্ভূজ’ যোজনা কি ?

উত্তৰ : ভাৰতৰ চাৰিখন প্রধান চহৰ চেন্নাই, মুম্বাই, দিল্লী আৰু কলিকতাক সংযোগ কৰি এটা বৃহৎ ৰাজপথ নিৰ্মাণৰ যোজনা চলি আছে। এই যোজনাকে ‘সোণালী চতুর্ভুজ’ যোজনা বুলি কোৱা হয়।

প্রশ্ন ২ : ‘মেট্ৰ’ ৰে’ল’ পথৰ ব্যৱস্থা থকা ভাৰতৰ চাৰিখন মহানগৰৰ নাম লিখা। 

উত্তৰ : কলিকতা, দিল্লী, চেন্নাই আৰু হায়দৰাবাদ।

প্রশ্ন ৩ : ’ ভাৰতত কেতিয়া প্ৰথম ৰে’লপথ নিৰ্মাণ কৰা হয় ? 

উত্তৰ: ১৮৫৩ চনত।

প্রশ্ন ৪ : ভাৰতৰ কোন ঠাইত ৰে’লৰ ইঞ্জিন আৰু দৰা তৈয়াৰ কৰা কাৰখানা আছে ?

উত্তৰ : চিত্তৰঞ্জনত।

প্রশ্ন ৫ : ডাক টিকট লগাই চিঠি-পত্র আদান-প্রদান কৰিব পৰাৰ আধুনিক ব্যৱস্থাটোৰ কেতিয়া আৰু ক’ত প্ৰথম আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৪০ চনত ইংলেণ্ডত আৰম্ভ হৈছিল। 

প্রশ্ন ৬ঃ ভাৰতবৰ্ষত দূৰদৰ্শন ব্যৱস্থাৰ আৰম্ভ প্রথম কেতিয়া হৈছিল ?

উত্তৰ : ১৯৫৯ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top