Niketan Class 4 Social Chapter 16 অসমৰ উদ্যোগ আৰু কুটীৰ শিল্প

Niketan Class 4 Social Chapter 16 অসমৰ উদ্যোগ আৰু কুটীৰ শিল্প, Sankardev Sishu Niketan Chapter 16 অসমৰ উদ্যোগ আৰু কুটীৰ শিল্প Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসমৰ উদ্যোগ আৰু কুটীৰ শিল্প

Chapter – 16

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : তলত দিয়া উদ্যোগসমূহ অসমত ক’ত আছে লিখা—

(ক) তেল শোধনাগাৰ থকা ঠাই। 

(খ) কয়লাখনি থকা ঠাই।

(গ) জুইশলা কাৰখানা থকা ঠাই।

(ঘ) কাগজ কল থকা ঠাই।

(ঙ) তাপবিদ্যুৎ প্রকল্প থকা ঠাই।

উত্তৰ : (ক) তেল শোধনাগাৰ থকা ঠাই — ডিগবৈ, নুমলীগড়, নুনমাটি। 

(খ) কয়লাখনি থকা ঠাই — লিডু, বৰগোলাই, টিপং, জয়পুৰ শিলভেটা, লেখাপানী, আৰু কাৰ্বি আংলং।

(গ) জুইশলা কাৰখানা থকা ঠাই — ধুবুৰী।

(ঘ) জলবিদ্যুৎ প্রকল্প থকা ঠাই — নামৰূপ, চন্দ্ৰপুৰ, চালাকাটি।

প্রশ্ন ২ : অসমৰ প্ৰসিদ্ধ কুটীৰ শিল্পসমূহৰ নাম আৰু সেইবোৰ উৎপাদনৰ ঠাইৰ নাম লিখা।

উত্তৰ : অসমৰ প্ৰসিদ্ধ কুটীৰ শিল্প সমূহ হ’ল — বয়ন শিল্প, কাঁহ শিল্প, পিতল শিল্প, বাঁহ শিল্প আৰু গহনা শিল্প।

বয়ন শিল্পৰ উৎপাদনৰ ঠাইশুৱালকুছি, ঢকুৱাখনা।
কাঁহ শিল্পৰ উৎপাদনৰ ঠাইসৰ্থেবাৰী।
পিতল শিল্পৰ উৎপাদনৰ ঠাইহাজো।
বাঁহ শিল্পৰ উৎপাদনৰ ঠাইনলবাৰী।
গহনা শিল্পৰ উৎপাদনৰ ঠাইযোৰহাট, নগাঁও, বৰপেটা।

প্রশ্ন ৩ : তলত উল্লেখ কৰা সামগ্ৰীবোৰ কোনবিধ কুটীৰ শিল্পৰ দ্বাৰা উৎপাদিত লিখা।

গামোচা, গলপতা, থুৰীয়া, টেকেলী, কাহি-বাতি, বিচনী, চাকি, জোনবিৰি, জাটক।

উত্তৰ :

গামোচাবয়ন শিল্পৰ দ্বাৰা উৎপাদিত।
গলপতা, থুৰীয়া, জোনবিৰিগহনা শিল্পৰ দ্বাৰা উৎপাদিত।
টেকেলীমৃৎ শিল্পৰ দ্বাৰা উৎপাদিত।
কাঁহী-বাতিকাঁহ শিল্পৰ দ্বাৰা উৎপাদিত।
বিচনী, ঢাৰি, জাকৈবাঁহ শিল্পৰ দ্বাৰা উৎপাদিত।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : কুটীৰ শিল্প কাক বোলে ?

উত্তৰ : যি উদ্যোগত কম মূলধন, কম শ্রমিক আৰু সাধাৰণ যন্ত্রপাতি ব্যৱহাৰ কৰি ঘৰুৱাভাৱে প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা হয় তাক কুটীৰ শিল্প বোলে।

প্রশ্ন ২ : কুঢ়ীৰ শিল্পৰ পৰা পোৱা সুবিধাসমূহ লিখা। 

উত্তৰ : কুটীৰ শিল্পৰ পৰা উৎপাদিত সামগ্ৰীবোৰ আমাৰ কামত ব্যৱহাৰ কৰিব পাৰি। কুটীৰ শিল্পক জীৱিকা হিচাপে ল’ব পাৰি; ই কৰ্ম সংস্থাপনৰ পথ মুকলি কৰে। এই শিল্পৰ জৰিয়তে দেশৰ ঐতিহ্য, কলা-সংস্কৃতি ৰক্ষা কৰিব পাৰি। ইয়াত উৎপাদিত সামগ্ৰীবোৰ দেশৰ ভিতৰতে বিক্ৰী কৰি আৰু দেশৰ বাহিৰলৈ ৰপ্তানি কৰি অর্থ উপাৰ্জন কৰিব পাৰি।

প্রশ্ন ৩ : উদ্যোগৰ বাবে আৱশ্যকীয় উপাদানবোৰ কি কি লিখা। 

উত্তৰ : কেঁচা সামগ্ৰী, শ্রমিক, শক্তি, পরিবহন, পানী, জলবায়ু, বজাৰ আৰু বিত্ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top