Niketan Class 4 Social Chapter 12 ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম

Niketan Class 4 Social Chapter 12 ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম, Sankardev Sishu Niketan Chapter 12 ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম

Chapter – 12

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : চমু উত্তৰ দিয়া –

(ক) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ : ১৮৮৫ চনত।

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন ? 

উত্তৰ : এলান অক্টাভিয়ান হিউম।

(গ) ভাৰতবৰ্ষত অসহযোগ আন্দোলন কেতিয়া আৰু কাৰ নেতৃত্বত আৰম্ভ হৈছিল ?

উত্তৰ : ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল।

(ঘ) ১৯২৬ চনত হোৱা ভাৰতীয় কংগ্ৰেছৰ সর্বভারতীয় অধিবেশনখন অসমৰ কোন ঠাইত অনুষ্ঠিত হয় ? এই অধিৱেশনখনৰ সভাপতি কোন আছিল ? 

উত্তৰ : পাণ্ডুত অনুষ্ঠিত হয়।এই অধিৱেশনখনৰ সভাপতি আছিল শ্রী নিবাস আয়েংগাৰ।

প্রশ্ন ২ : খালী ঠাই পূৰ কৰা —

(ক) …………. চনত অসমত ইংৰাজসকলৰ শাসন আৰম্ভ হয়।

উত্তৰ : ১৮২৬ চনত অসমত ইংৰাজসকলৰ শাসন আৰম্ভ হয়।

(খ) নৰোত্তম দাস ৰচিত ……… পথৰুঘাটৰ ৰণৰ বিস্তৃত বিৱৰণ পোৱা যায়। 

উত্তৰ : নৰোত্তম দাস ৰচিত ‘দলিপূৰাণ পথৰুঘাটৰ ৰণৰ বিস্তৃত বিৱৰণ পোৱা যায়।

(গ) ১৮৮৫ খ্রীষ্টাব্দত ……… নামৰ এজন ইংৰাজ ভদ্রলোকৰ উদ্যোগত ভাৰতীয়……..নামৰ এটা অনুষ্ঠানৰ জন্ম হয়।

উত্তৰ : ১৮৮৫ খ্রীষ্টাব্দত এলান অক্টাভিয়ান হিউম নামৰ এজন ইংৰাজ ভদ্ৰলোকৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ এটা অনুষ্ঠানৰ জন্ম হয়।

প্রশ্ন ৩ : চমুটোকা লিখা―

১৮৫৭ ৰ মহাবিদ্রোহ, কৃষক বিদ্রোহ, ভাৰত ত্যাগ আন্দোলন

উত্তৰ : ১৮৫৭ ৰ মহাবিদ্রোহ : ভাৰতববৰ্ষত ব্ৰিটিছ শাসনৰ বিপক্ষে সংঘটিত প্রথম বৃহৎ বিদ্ৰোহ আছিল ১৮৫৭ চনৰ বিদ্ৰোহ। ইংৰাজৰ অত্যাচাৰী শাসন, অর্থনৈতিক শোষণৰ বিৰুদ্ধে বিভিন্ন শ্রেণীৰ লোকে ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে এক বৃহৎ বিদ্রোহ সংঘটিত কৰে। ইয়াত ব্ৰিটিছৰ অধীনত চাকৰি কৰা বৃহৎ সংখ্যক ভাৰতীয় চিপাহীয়ে অংশগ্ৰহণ কৰা বাবে ইয়াক ‘চিপাহী বিদ্রোহ’ নামেৰেও জনা যায়। মণিৰাম দেৱানে এই মহাবিদ্ৰোহৰ দ্বাৰা অনুপ্রাণিত হৈ অসমতো এক বিদ্ৰোহৰ জৰিয়তে ব্ৰিটিছ শাসন ওফৰাই আহোম শাসন পুনৰ প্ৰতিষ্ঠাৰ পৰিকল্পনা কৰিছিল যদিও তেওঁৰ পৰিকল্পনা ফাদিল হোৱাত ব্ৰিটিছে বিদ্রোহ সংঘটিত হোৱাৰ পূৰ্বেই ইয়াক নিপাত কৰে।

কৃষক বিদ্রোহ : ব্ৰিটিছ চৰকাৰৰ শোষণত জৰ্জৰিত কৃষকসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত ব্ৰিটিছবিৰোধী কৃষক বিদ্রোহ সংঘটিত কৰে। অসমত হোৱা কৃষক বিদ্রোহ সমূহৰ ভিতৰত ১৮৬১ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ ফুলগুৰিত হোৱা ‘ফুলগুৰিৰ দেৱা’ আৰু ১৮৬৮ চনত দৰং জিলাৰ পথৰুঘটিত হোৱা কৃষক বিদ্রোহ বিশেষভাবে উল্লেখযোগ্য। ১৮৯৩-৯৪ চনত কামৰূপ জিলাৰ বজালী আৰু গোবিন্দপুৰ, ১৮৯৩ ৯৪ চনত কামৰূপৰ ৰঙিয়া, কাপলা আদি ঠাইতো কৃষক বিদ্রোহ হৈছিল। মাটিৰ খাজনাৰ অভূতপূৰ্ব বৃদ্ধিৰ বাবে কৃষকসকলে অসমৰ বিভিন্ন ঠাইত বিদ্ৰোহৰ সূচনা কৰিছিল। ১৮৯৪ খ্রীষ্টাব্দৰ জানুৱাৰী মাহৰ ২৮ তারিখে দৰং জিলাৰ পথৰুঘাটত ৰাইজে ব্ৰিটিছৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ বিদ্রোহ সংঘটিত কৰে। ইতিহাসত ইয়াক ‘পথৰুঘাটৰ বণ’ নামেৰে জনা যায়।

ভাৰত ত্যাগ আন্দোলন : গান্ধীজীৰ নেতৃত্বত ১৯৪২ চনত ব্ৰিটিছৰ বিৰুদ্ধে বিখ্যাত ভাবত ত্যাগ আন্দোলন আৰম্ভ হয়। ১৯৪২ চনৰ ৮ আগষ্টত কংগ্ৰেছে ব্ৰিটিছক ভাৰত ত্যাগৰ আহ্বান জনাই প্ৰস্তাৱ লোৱা বাবে এই আন্দোলনক ‘আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। উল্লেখযোগ্য যে ৮ আগষ্টৰ বাতি ব্ৰিটিছক ভাৰত ত্যাগৰ আহ্বান জনাবলৈ প্ৰস্তাৱ লোৱা হয়। ৯ আগষ্টৰ দিনা উক্ত প্রস্তাৱ কাৰ্যকৰী কৰা হয়। অসমত ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, লৌহ মানৱ বিষ্ণুৰাম মেধি, ফখৰুদ্দিন আলি আহমেদ, দেৱেশ্বৰ শৰ্মা, ডাঃ ভুৱনেশ্বৰ বৰুৱা, সিদ্ধিনাথ শৰ্মা, জ্যোতি প্ৰসাদ আগৰৱালা আদিয়ে এই আন্দোলনৰ নেতৃত্ব দিছিল। এই আন্দোলনত নগাঁৱৰ মহেন্দ্ৰ নাথ হাজৰিকা, লক্ষীপ্রসাদ গোস্বামী আৰু গোলাঘাটৰ শংকৰ বৰুৱাই বিপ্লৱী কার্যকলাপেবে ব্ৰিটিছৰ টোপনি হৰণ কৰিছিল। ভাৰত ত্যাগ আন্দোলনতেই বে’ল দুৰ্ঘটনাৰ অভিযোগত ব্ৰিটিছ চৰকাৰে শ্বহীদ কুশল কোঁৱৰক ফাঁচি দিয়ে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ইংৰাজসকলৰ পূৰ্বে অসমত কোনে শাসন চলাইছিল ?

উত্তৰ : আহোমসকলে।

প্রশ্ন ২ : ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰা প্ৰথমজন অসমীয়া কোন? 

উত্তৰ : গমধৰ কোঁৱৰ।

প্রশ্ন ৩ : ‘ৰাইজমেল’ কি ? 

উত্তৰ : ব্ৰিটিছৰ বিৰুদ্ধে অসমত হোৱা কৃষক বিদ্ৰোহৰ সময়ত ঠায়ে ঠায়ে গঠন হোৱা ৰাইজৰ উমৈহতীয়া মঞ্চবোৰকে ‘বাইজমেল’ বুলি কোৱা হৈছিল। কৃষক বিদ্ৰোহৰ প্রতিবাদী কাৰ্যসূচীসমূহত বাইজমেলে গুরুত্বপূর্ণ ভূমিকা লৈছিল। 

প্রশ্ন ৪ : ভাৰতত জাতীয় কংগ্ৰেছৰ কাৰ্যকলাপ অসমত আৰম্ভ হোৱাৰ পূৰ্বে অসম আৰু অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ হকে কাম কৰা দুটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰ : ‘আছাম এছ ‘চিয়েছন’ আৰু ‘অসম ছাত্ৰ সন্মিলন। 

প্রশ্ন ৫ : মহাত্মা গান্ধীয়ে কেতিয়াৰ পৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব গ্রহণ কৰে ?

উত্তৰ : ১৯১৯ চনৰ পৰা ৷

প্রশ্ন ৬ : অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া চাৰিগৰাকী ব্যক্তিৰ নাম লিখা।

উত্তৰ : চন্দ্ৰনাথ শৰ্মা, কুলধৰ চলিহা, তৰুণ ৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ। 

প্রশ্ন ৭ : গান্ধীজীয়ে কিয় হঠাতে অসহযোগ আন্দোলন প্রত্যাহাৰ কৰিছিল ? 

উত্তৰ : ১৯২২ চনত উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত হোৱা হিংসাত্মক ঘটনাৰ কাৰণে। 

প্রশ্ন ৮ : লোণ-আইন ভংগ কৰাৰ বাবে গান্ধীজীয়ে কৰা দাণ্ডী যাত্ৰাত গান্ধীজীৰ সহযোগী হোৱা অসমীয়া ব্যক্তিগৰাকী কোন আছিল। 

উত্তৰ : লীলাধৰ বৰুৱা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top