Niketan Class 4 Science Chapter 9 প্রদূষণ:- বায়ু, পানী আৰু মাটি

Niketan Class 4 Science Chapter 9 প্রদূষণ:- বায়ু, পানী আৰু মাটি, Sankardev Sishu Niketan Chapter 9 প্রদূষণ:- বায়ু, পানী আৰু মাটি Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

প্রদূষণ:- বায়ু, পানী আৰু মাটি

Chapter – 9

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। প্ৰদূষণ কাক বোলে?

উত্তৰঃ বায়ু, পানী আৰু মাটিৰ যি পৰিবৰ্তনে পৃথিৱীত বসবাস কৰা জীৱসমূহৰ অন্যায় সাধন কৰে, তাকে প্ৰদুষণ বোলে। 

২। বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ কি ?

উত্তৰঃ যান-বাহন আৰু কল-কাৰখানাই হৈছে বায়ু প্ৰদূষণৰ প্ৰধান কাৰক। 

৩। কিহৰ বাবে মানুহৰ মূৰৰ বিষ, চর্দি, কাহ, জ্বৰ আদি ৰোগ হয়?

উত্তৰঃ প্ৰদূষিত বায়ুৰ বাবে মানুহৰ মূৰৰ বিষ, চর্দি, কাহ, জ্বৰ আদি বিভিন্ন ৰোগ হব পাৰে।

৪। কিহে জীৱৰ যথেষ্ঠ ক্ষতি সাধন কৰে

উত্তৰঃ প্ৰদূষিত পানীয়ে জীৱৰ যথেষ্ট ক্ষতি সাধন কৰে। 

৫। কেনেকুৱা মাটিত উদ্ভিদৰ পৰা উপযুক্ত ধৰণৰ ফচল পোৱা নাযায় ?

উত্তৰঃ প্ৰদূষিত মাটিত হোৱা উদ্ভিদৰ পৰা উপযুক্ত পৰিমাণৰ ফচল পোৱা নাযায়।

অনুশীলনী

১। প্ৰদূষণ কাক বোলে?

উত্তৰঃ বায়ু, পানী আৰু মাটিৰ যি পৰিবৰ্তনে পৃথিৱীত বসবাস কৰা জীৱসমূহৰ অন্যায় সাধন কৰে, তাকে প্ৰদূষণ বোলে।

২। বায়ু প্ৰদূষণৰ কাৰণবোৰ লিখা ?

উত্তৰঃ বায়ু প্ৰদূষণৰ কাৰণবোৰ হ’ল—

ক) যান-বাহনৰ পৰা ওলোৱা ধোৱাই বায়ু দূষিত কৰে। 

খ) কল-কাৰখানাৰ পৰা ওলোৱা ধোৱাই বায়ু দূষিত কৰে।

গ) মৰা জীৱ-জন্তু য’তে-ত’তে পেলাই দিলে, সেইবোৰ গেলি পচি বায়ু দূষিত কৰে। 

৩। বায়ু প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে লবলগীয়া ব্যৱস্থাবোৰৰ বিষয়ে লিখা ?

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ হ’ল 

ক) গছ-গছনি ৰুই বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি।

খ) কল কাৰখানাত ওখ চিমনি ব্যৱহাৰ কৰা উচিত।

গ) কল কাৰখানাৰ পৰা ওলোৱা ধোৱাত থকা অনিষ্টকাৰী পদাৰ্থবোৰ চেকনিবে চেকি ৰখাৰ ব্যৱস্থা কৰিব লাগে।

ঘ) যান-বাহনত প্ৰদূষণ নিয়ন্ত্রণ যন্ত্রপাতি ব্যৱহাৰ কৰিব লাগে।

ঙ) প্ৰদূষণ – সম্পৰ্কীয় নীতি-নিয়ম চৰকাৰে কঠোৰভাৱে বলবৎ কৰা

৪। বায়ুমণ্ডল দূষিত কৰা কেইবিধমান গেছৰ নাম উল্লেখ কৰা।এই গেছবোৰৰ যিকোনো এটাই মানৱ দেহত কৰা ক্ষতিৰ বিষয়ে লিখা? 

উত্তৰঃ  বায়ুমণ্ডল দূষিত কৰা কেইবিধমান গেছ হ’ল কার্বন মন ‘অক্সাইড, নাইট্ৰ’জেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড।

কাৰ্বন মন’ক্সাইড গেছৰ প্ৰভাৱত মূৰৰ বিষ, বমি, মূৰ ঘূৰণি ইত্যাদি উপসৰ্গৰ – উপৰিও উশাহ গ্ৰহণত কষ্ট আৰু অৱশেষত অজ্ঞান হৈ পৰাৰ দৰে ঘটনাও ঘটিব পাৰে।

৫। যান বাহনে বায়ুমণ্ডল কেনেকৈ প্ৰদূষিত কৰে?

উত্তৰঃ যান-বাহন চলাওতে পেট্ৰ’ল, ডিজেল, কেৰাচিন আদি ইন্ধনসমূহ এই ইন্ধনসমূহ দহনৰ ফলত কাৰ্বন মন’ক্সাইড, চালফাৰ-ডাই-অক্সাইড, নাইট্ৰ’জেন ব্যৱহাৰ হয়।ডাই-অক্সাইড আদি গেছ উৎপন্ন কৰে। ফলত এই গেছবোৰে বায়ু দূষিত কৰে।

৬। যান-বাহনৰ পৰা হোৱা প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি?

উত্তৰঃ যানবাহনত ৰিচাইক্লাৰ, ব্লো-টৰ্চ, মাফলাৰ আদি প্ৰদূষক নিয়ন্ত্ৰণ যন্ত্রপাতি ব্যৱহাৰ কৰি যান-বাহনৰ পৰা প্ৰদূষণ ৰোধ কৰিব পাৰি।

৭। কল কারখানাই বায়ুমণ্ডল কেনেকৈ প্ৰদূষিত কৰিছে?

উত্তৰঃ কল-কাৰ্খানাৰ পৰা নানা ধৰণৰ ধোৱা, ছাই, গেছ আদি নির্গত হয় আৰু এই গেছবোৰ বায়ুত মিহলি হৈ বৰষুণৰ পানীত দ্ৰৱিত হৈ এচিড বৰষুণৰ সৃষ্টি কৰে।

৮। বায়ু প্ৰদূষণৰ উৎসবোৰৰ বিষয়ে লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ উৎসবোৰ হ’ল—

কল-কাৰখানাৰ পৰা ওলোৱা ধোৱা।

মটৰ গাড়ী আদিৰ পৰা ওলোৱা ধোৱা।

৯। পানী প্ৰদূষণৰ ফলত জীব-জগতৰ কি কি ধৰণৰ ক্ষতি হ’ব পাৰে?

উত্তৰঃ পানী প্ৰদূষণৰ ফলত জীৱ-জগতৰ বিভিন্ন ক্ষতি হব পাৰে। যেনেঃ 

ক) প্ৰদূষিত পানী খোৱাৰ ফলত মানুহৰ কলেৰা, জণ্ডিচ, টাইফয়েড আদি ৰোগৰ সৃষ্টি হয়।

থ) পানী দুষিত হ’লে নদ-নদী, পুখুৰী আদিত থকা মাছ বা আন জীৱবোৰ নাশ হব পাৰে।

১০। পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ কি কি? 

উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ হ’ল

ক) কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা, গেলা-পচা বস্তু নদী বা পুখুৰীত পেলাব নালাগে।

খ) ঘৰুৱা বৰ্জিত পানী, জাৱৰ-জোঁথৰ পুখুৰীত পেলাব নালাগে।

গ) পুখুৰীৰ পানীত মাজে-সময়ে চূণ, পটাছ, ব্লিচিং পাউদাৰ আদি দিব লাগে।

১১। প্ৰদূষিত পানীৰ পৰা হ’ব পৰা ৪ বিধ বেমাৰৰ নাম লিখা ?

উত্তৰঃ প্ৰদূষিত পানীৰ পৰা হ’ব পৰা ৪ বিধ বেমাৰ হ’ল কলেৰা, জণ্ডিচ, ডিচেন্ট্রি, টাইফয়েড।

১২। মাটি প্ৰদূষণৰ ফলত জীৱ-জগতৰ ক্ষতি হয়নে? যদি হয়, কেনে ধৰণৰ ক্ষতি হয়?

উত্তৰঃ মাটি প্ৰদূষণৰ ফলত জীৱ-জগতৰ বিভিন্ন ক্ষতি হয়। যেনে : 

ক) প্ৰদূষিত মাটিত কৰা খেতিৰ পৰা পোৱা শস্য বা শাক-পাচলি খালে আমাৰ নানা ধৰণৰ বেমাৰ হব পাৰে।

খ) প্ৰদূষিত মাটিৰ ওপৰেৰে বৰষুণৰ পানী বৈ গৈ নদ-নদীত পৰিলে সেই পানী প্ৰদূষিত হয়।

গ) প্ৰদূষিত মাটিত হোৱা উদ্ভিদৰ পৰা উপযুক্ত পৰিমাণৰ ফচল পোৱা নাযায়। 

১৩। মাটি প্রদূষণে মোৰ জীৱন-ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ মাটি প্ৰদূষণে আমাৰ জীৱন ধাৰণত বহুতো প্ৰভাৱ পেলায়। মাটিয়ে হৈছে মানুহৰ বাসস্থান। তদুপৰি মানুহে খোৱা সামগ্ৰীসমূহ মাটিত ৰোপন কৰাৰ ফলতে সৃষ্টি হয। গতিকে মাটি প্ৰদূষিত হ’লে খাদ্যৰ উৎপাদন হ্রাস হব। ফলত খাদ্য সংকটে দেখা দিব। তদুপৰি প্ৰদূষিত মাটিৰ পৰা উৎপাদিত শস্যসমূহো প্ৰদূষিত হোৱাৰ সম্ভাৱনা থাকে। 

১৪। মাটি প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ কি কি?

উত্তৰঃ মাটি প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ হ’ল

ক) গেলা-পচা বস্তু, আৱৰ্জনা আদি মাটিত পুতি থব লাগে।

খ) কৃষিকাৰ্য্যত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি তাৰ ঠাইত জৈৱ সাৰ প্ৰয়োগ কৰিব লাগে।

১৫। পানী প্ৰদূষণৰ কাৰণবোৰ লিখা?

উত্তৰঃ পানী প্ৰদূষণৰ কাৰণবোৰ হ’ল—

ক) ঘৰুৱা আৱৰ্জনা নাইবা কল-কাৰখানাৰ পেলনীয়া বস্তুবোৰ নদী, খাল, বিল,পুখুৰী আদিৰ পানীত মিহলি হ’লে পানী প্ৰদূষণ হয়। 

খ) মানুহ বা আন প্ৰাণীয়ে নদী বা পুখুৰীত গা-ধূলে পানী দূষিত হয়। 

গ) জলজ উদ্ভিদ পানীত বেছিকৈ থাকিলে পানী প্ৰদূষিত হয়।

ঘ) মানুহ বা প্ৰাণীৰ মলমূত্ৰ, মৰাশ, গেলা-পচা বস্তুৰ দ্বাৰা পানী দূষিত হয়।

ঙ) খেতিৰ বাবে ব্যৱহাৰ কৰা কীটনাশক বা বননাশক ৰাসায়নিক দ্রব্যবোৰ পানীত মিহলি হৈ পানী দূষিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top