Niketan Class 4 Science Chapter 4 অনুজীৱ, সোচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ

Niketan Class 4 Science Chapter 4 অনুজীৱ, সোচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ, Sankardev Sishu Niketan Chapter 4 অনুজীৱ, সোচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

অনুজীৱ, সোচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ

Chapter – 4

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। অনুজীৱবোৰ খালী চকুৰে দেখিনে ?

উত্তৰঃ অনুজীৱবোৰ খালী চকুৰে নেদেখি। 

২। অনুজীৱবোৰৰ নিদিষ্ট সংখ্যা আছেনে ?

উত্তৰঃ আমাৰ চাৰিওফালে অসংখ্য  অনুজীৱ আছে। 

৩। সকলোবোৰ অনুজীৱ উপকাৰীনে ?

উত্তৰঃ কিছুমান অনুজীৱ উপকাৰী আৰু কিছুমান অপকাৰী। 

৪। ৰোগৰ সৃষ্টি কৰা অনুজীৱবোৰক কি বোলে ?

উত্তৰঃ ৰোগৰ সৃষ্টি কৰা অনুজীৱবোৰক বীজাণু বোলে। 

৫। অনুজীৱবোৰ ক’ত থাকে ?

উত্তৰঃ অনুজীৱবোৰ বায়ু, পানী, মাটি আদি সকলোতে থাকে। 

৬। সোচৰা বেমাৰ বিয়োপাত কেনেদৰে বাধা দিব পাৰি ?

উত্তৰঃ সময়মতে লোৱা সাৱধানতাৰে সোচৰা বেমাৰ বিয়োপাত বাধা দিব পাৰি।   

৭। অণুজীৱ কাক বোলে?অণুজীৱৰ পৰা হোৱা দুবিধ বেমাৰৰ নাম লিখা? 

উত্তৰঃ খালী চকুৰে নেদেখা ক্ষুদ্ৰ ক্ষুদ্ৰ আকৃতিৰ জীৱবোৰক অণুজীৱ বোলে। 

অণুজীৱৰ পৰা হোৱা দুবিধ বেমাৰৰ নাম হ’ল―কলেৰা, টাইফয়ড। 

৮। দুবিধ উপকাৰী আৰু দুবিধ অপকাৰী অণুজীৱৰ নাম লিখা আৰু সিহঁতৰ উপকাৰিতা আৰু অপকৰিতাৰ বিষয়ে লিখা? 

উত্তৰঃ দুবিধ উপকাৰী অণুজীৱ হ’ল―

ক) লেক্ট’বেছিলাছ   

খ) ইষ্ট 

উপকাৰিতা :- ১) লেক্ট’বেছিলাছ নামৰ অণুজীৱই এৱাগাখীৰক দৈত পৰিণত কৰে। 

২) ইষ্ট  নামৰ অণুজীৱই পাউৰুটি তৈয়াৰ কৰাত সহায় কৰে। 

দুবিধ অপকাৰী অণুজীৱ হ’ল― 

ক) পেনিচুলিয়াম  

খ) মিউকৰ

অপকাৰিতা :- ক) পেনিচিলিয়াম নামৰ অণুজীৱই কমলা, নেমুটেঙা আদি পচায়। 

খ) মিউকৰ নামৰ অণুজীৱই পিঠা, পাউৰুটি আদিত ভেকুৰৰ সৃষ্টি কৰে। 

৯। ৰোগৰ বীজাণুবোৰ কি কি উপায়েৰে বিয়পে?

উত্তৰঃ ৰোগৰ বীজাণুবোৰ বিভিন্ন উপায়েৰে বিয়পে। যেনে :―

ক) এজনৰ গাৰ পৰা আন এজনৰ গালৈ। 

খ) বতাহৰ দ্বাৰা।

গ) খোৱা খাদ্য, পানী আদিৰ দ্বাৰা ৰোগীৰ থু- খেকাৰ, মলমূত্ৰ আদিৰ দ্বাৰা।

১০। অণুজীৱবোৰ ক’ত থাকে?

উত্তৰঃ অনুজীৱবোৰ আমাৰ পৰিৱেশৰ বায়ু, পানী, মাটি, খাদ্যশস্য, জাৱৰ-জোথৰ সকলোতে থাকে।

১১। কি কি উপায়েৰে সোঁচৰা বেমাৰ বিয়পাত বাধা দিব পাৰি?

উত্তৰঃ সোঁচৰা বেমাৰবোৰৰ পৰা হাত সাৰি থাকিবলৈ হ’লে খাদ্যবস্তু ভালদৰে সিজাই আৰু পানী ভালদৰে উতলাই ঠাণ্ডা কৰি খাব লাগে।  খোৱা-বস্তু চাবোন দি ৰাখিব লাগে যাতে বীজাণু প্রৱেশ কৰিব নোৱাৰে। ইয়াৰ উপৰিও ঘৰৰ আচবাব, কাপোৰ কানি আদি পরিষ্কার-পৰিচ্ছন্নকৈ ৰাখিব লাগে। ঘৰৰ আশে-পাশে জাৱৰ জোঁথৰ দ’ম, মল মূত্ৰ আদি জমা হ’বলৈ দিব নালাগে।          

১২। বীজাণুনাশক আৰু বীজাণুবাৰক কাক বোলে ? 

উত্তৰঃ যিবোৰ দ্ৰব্যই বীজাণু ধ্বংস কৰে, তাকে বীজাণুনাশক বোলে। যেনে ৪-চুণ, ফেনাইল।যিবোৰ প্ৰব্যই বীজাণুৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে, তাকে বীজাণুবাৰক বোলে। যেনে :- ডেটল, বৰিক এচিড। 

৭। খালী ঠাই পূৰ কৰা :-

ক) অনুজীৱবোৰ খালী চকুৰে নেদেখি।

খ) অনুজীৱ দুই প্ৰকাৰৰ। উপকাৰী আৰু অপকাৰী অনুজীব।

গ) ৰোগৰ সৃষ্টি কৰা অনুজীৱক বীজাণু বোলে।          

ঘ) কলেৰা বেমাৰ ভাইব্রিতা ‘কলেৰি নামৰ অনুজীৱ অনুজীৱৰ পৰা হয়।                             

ঙ) লেক্ট’বেছিলাছ নামৰ অনুজীৱই এৱা গাখীৰক দৈত পরিণত কৰে।

১৩। কেইবিধমান সোঁচৰা ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ে লিখা ?

উত্তৰঃ যক্ষ্মা 

লক্ষণঃ- এই বেমাৰত কাঁহ হয়। বেমাৰীৰ থু-খেকাৰ আদিৰ লগত তেজ পৰে। জ্বৰ অনুভৱ হৈ থাকে আৰু শৰীৰ ক্ষীণাই লাহে লাহে দুৰ্বল হৈ পৰে।                               

প্ৰতিকাৰঃ- ডটচ্ ব্যৱহাৰ কৰিব লাগে। তদুপৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

কলেৰা :- এই বেমাৰৰ বেমাৰীৰ বমি হয়, সঘনে পনীয়া শৌচ হয়। 

প্ৰতিকাৰঃ এই বেমাৰৰ পৰা ৰক্ষা পাবলৈ আগতীয়াক প্ৰতিষেধক বেজী লব লাগে। 

মেলেৰিয়াঃ- মেলেৰিয়া ৰোগ হ’লে বেমাৰীৰ কঁপি কঁপি জ্বৰ উঠে। 

প্ৰতিকাৰঃ- মহৰ আক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ ঘৰৰ চৌপাশ চাফ-চিকুণ কৰি ৰাখিব লাগে। চিকিৎসকৰ পৰামৰ্শ লব লাগে আৰু ঔষধ সেৱন কৰিব লাগে। 

ইনফ্লুৱেঞ্জাঃ

লক্ষণঃ- এই বেমাৰ হ’লৈ ৰোগীৰ মূৰ আৰু হাত-ভৰিৰ গাঁঠি বিষায়। গা জ্বৰ জ্বৰ লাগে। প্ৰতিকাৰঃ-এই ৰোগ হ’লৈ মোৰীয়ে হাত-ভৰি নিমখ মিহলি গৰম পানীৰে ধুলে আৰাম পায়। নহৰু দিয়া গৰম মিঠাতেলেৰে পিঠি, ডিঙি, হাত, ভৰি আদি সেকিলেও ভাল ফল পায়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। আটাইতকৈ ক্ষুদ্রতম অনুজীৱবিধৰ নাম কি ? 

উত্তৰঃ আটাইতকৈ ক্ষুদ্রতম অনুজীৱবিধৰ নাম হ’ল— ভাইৰাছ।

২। অনুজীৱ দেখিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী ব্যক্তি কোন?

উত্তৰঃ অনুজীৱ দেখিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী ব্যক্তি হ’ল-লিউৱেন হক।

৩। অনুবীক্ষণ কি? কোনে কেতিয়া অনুবীক্ষণ যন্ত্র সাজি উলিয়াইছিল ?                                        

উত্তৰঃ অনুবীক্ষণ হৈছে ক্ষুদ্র ক্ষুদ্র আকৃতিৰ বস্তুক ডাঙৰকৈ দেখা এবিধ যন্ত্র।                                        

১৬৭৫ চনত হলেণ্ডৰ বিজ্ঞানী লিউৱেন হকে পোন প্রথমে অনুবীক্ষণ যন্ত্র

সাজি উলিয়াইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top