Niketan Class 4 Science Chapter 21 উদ্ভিদৰ আহাৰ

Niketan Class 4 Science Chapter 21 উদ্ভিদৰ আহাৰ, Sankardev Sishu Niketan Chapter 21 উদ্ভিদৰ আহাৰ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

উদ্ভিদৰ আহাৰ

Chapter – 21

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১। কিহৰ দ্বাৰা উদ্ভিদে আহাৰ তৈয়াৰ কৰে? 

উত্তৰঃ উদ্ভিদৰ পাতে আহাৰ তৈয়াৰ কৰে।

২। উদ্ভিদৰ শিপাৰ কাম কি?

উত্তৰঃ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ গা-গছেৰে পাতলৈ পঠায়।

৩। উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে কি কাম কৰে?

উত্তৰঃ পাতত থকা পত্ৰহৰিতে সূৰ্য্যৰ পোহৰত পানী আৰু বায়ুমণ্ডলৰ এঙাৰ গেছ লগ লগাই চেনি জাতীয় খাদ্য তৈয়াৰ কৰে।

৪। গছৰ খাদ্য কেতিয়া প্রস্তুত নহয় ?

উত্তৰঃ আন্ধাৰত গছৰ খাদ্য প্রস্তুত নহয়।

৫। পত্ৰহৰিৎ ক’ত থাকে?

উত্তৰঃ সাগৰ-ফেনা, সিজু আদি উদ্ভিদৰ গা-গছত পত্ৰহৰিৎ থাকে। 

৬। উদ্ভিদে কত খাদ্য জমা কৰি ৰাখে ?

উত্তৰঃ উদ্ভিদে ফল, বীজ, কাণ্ড, পাত আৰু শিপাত খাদ্য জমা কৰি ৰাখে। 

৭। উদ্ভিদে জমা কৰা খাদ্যৰ কাৰ প্ৰয়োজনত আহে?

উত্তৰঃ উদ্ভিদে জমা কৰা খাদ্য মানুহ আৰু আন প্ৰাণীয়ে খায়।

অনুশীলনী 

১। তলত দিয়া উদ্ভিদবোৰে কোন অংশত খাদ্য জমা ৰাখে লিখাঃ 

তিচি, ধান, বাদাম, ওলকবি, চালগোম, বেঙেনা, পাতে গজা, আদা, নহৰু।

উত্তৰঃ 

তিচিবীজ
ধানবীজ
বাদামবীজ
ওলকবিগা-গছ 
চালগোমমঙহাল পাতে জমা ৰাখে
বেঙেনাফল
পাতে-গজামঙহাল পাতে জমা ৰাখে
আদাকাণ্ডত জমা ৰাখে
নহৰুকাণ্ডত জমা ৰাখে

২। কাঠফুলা, ভেকুৰ আদিয়ে কিয় খাদ্য তৈয়াৰ কৰিব নোৱাৰে?

উত্তৰঃ উদ্ভিদে পাতত থকা পত্ৰহৰি নামৰ সেউজীয়া পদার্থ এবিধৰ সহযোগত খাদ্য প্রস্তুত কৰে। কাঠফুলা, ভেকুৰ আদিৰ দেহত পত্ৰহৰিৎ নাথাকে। সেয়েহে কাঠফুলা,ভেকুৰ আদিয়ে খাদ্য তৈয়াৰ কৰিব নোৱাৰে। 

৩। তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম লিখা ?

উত্তৰঃ তিনিবিধ পতংগভোজী উদ্ভিদ হ’ল–কলচী, ৰদমুকুতা, দ্র’ছেৰা।

৪। খালী ঠাই পূৰ কৰা :

ক) পাতে খাদ্য তৈয়াৰ কৰোতে কার্বন-ডাই-  অক্সাইড গেছ বায়ুৰ পৰা শুহি লয় আৰু অক্সিজেন গেছ এৰি দিয়ে।

খ) পাহৰিৎ থকা বাবে পাতৰ ৰং সেউজীয়া হয়।

গ) পাতৰ পৰা কাণ্ডৰে গোটেই গছজোপালৈ খাদ্য যায়। 

অতিৰিক্ত প্রশ্নোত্তৰ

১। শিপাৰ আন এটা নাম কি?

উত্তৰঃ শিপাৰ আন এটা নাম- মূল।

২। পত্ৰৰন্ধ কাক বোলে?

উত্তৰঃ উদ্ভিদৰ পাতত কিছুমান সৰু সৰু চকুৰে মনিব নোৱাৰা বিন্ধা থাকে। এই বিন্ধাবোৰক পত্ৰৰঞ্জ বোলে।

৩। এবিধ পৰজীৱী আৰু এবিধ মৃতজীবী উদ্ভিদৰ নাম লিখা ?

উত্তৰঃ এবিধ পৰজীৱি উদ্ভিদ – স্বর্ণলতা।

এবিধ মৃতজীৱি উদ্ভিদ – কাঠফুলা।

৪। উদ্ভিদ কিহে আহাৰ তৈয়াৰ কৰে?

উত্তৰঃ উদ্ভিদৰ পাতে আহাৰ তৈয়াৰ কৰে।

৫। উদ্ভিদে ক’ত ক’ত খাদ্য জমা কৰি ৰাখে ?

উত্তৰঃ উদ্ভিদে ফল, বীজ, কাণ্ড, পাত আৰু শিপাত খাদ্য জমা কৰি ৰাখে।

৬। গা-গছত পত্ৰহৰিৎ থকা দুবিধ উদ্ভিদৰ নাম লিখা?

উত্তৰঃ গা-গছত-পত্ৰহৰিৎ থকা দুবিধ উদ্ভিদ হ’ল—সাগৰফেনা, সিজু।

৭। উদ্ভিদে কেনেদৰে খাদ্য প্রস্তুত কৰে? 

উত্তৰঃ উদ্ভিদৰ পাতত থকা পত্ৰহৰিতে সূৰ্য্য পোহৰত পানী আৰু বায়ুমণ্ডলৰ এঙাৰ গেছ লগ – লগাই চেনিজাতীয় খাদ্য তৈয়াৰ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top