অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ ৰচনা | Natural and Forest Resources of Assam Essay in Assamese

অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ ৰচনা | Natural and Forest Resources of Assam Essay in Assamese

Join Telegram channel

প্রকৃতিৰ বুকুত উদ্ভূত সম্পদৰাজিয়েই প্রাকৃতিক সম্পদ। উৎস আৰু শ্রেণী অনুযায়ী এই সম্পদ কনজ, প্রাণীজ আৰু খনিজ হ’ব পাৰে। কৃষিজাত সম্পদৰ কথা বাদ দি আমি ইয়াত বাকীকেইবিধ সম্পদৰ বিষয়ে আলােচনা কৰিম।

অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ ৰচনা | Natural and Forest Resources of Assam Essay in Assamese

অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ ৰচনা | Natural and Forest Resources of Assam Essay in Assamese

বনজাত সম্পদত অসম অতুলনীয়। প্রকৃতিয়ে অতুল বৈভৱেৰে ঐশ্বর্যশালী কৰি অসমক স্ৰজন কৰিছে। অসমৰ প্ৰতিটো সেউজীয়া বিন্দুৱেই একোটা অমূল্য সম্পদৰ ভাণ্ডাৰ। অসমৰ পর্বতে-পাহাৰে, পাহৰৰ নামনিত, ভৈয়ামৰ বিভিন্ন প্রান্তত শত-সহস্র মূল্যবান কাঠ আছে। শাল, সােণাৰু, বল বগৰী, আজাৰ, নাহৰ, গমাৰী, কৰৈ, গন্ধসৰৈ, চেমি, শ্যাম, চেগুন, অগৰু, চন্দন, তিতাচপা, হালধিচম্পা, শিমলু, পমা আদি অলেখ অপাৰ কাঠৰ অৰণ্য অসমৰ বুকুত বিৰাজমান। ঘৰ সজাৰ বিভিন্ন সঁজুলি আৰু নানা তৰহৰ আত্বাব-পত্ৰৰ বাবে এইবােৰ অমূল্য সম্পদ; ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হয়; পূর্বতে ৰে’লৰ স্লিপাৰ আদি অসমৰ কাঠৰপৰা তৈয়াৰ হয়। অগৰু, চন্দন আদি কাঠৰপৰা সুগন্ধি অতৰ, ধূপকাঠী আদি তৈয়াৰ হয়। শিমলু কাঠ জুইশলা শিল্পত প্ৰচুৰ পৰিমাণে ব্যবহৃত হয়। শিমলু কাঠক জুইশলা শিল্পৰ প্ৰাণ বুলি ক’লেও বঢ়াই কোৱা নহয়। শ্যাম কাঠৰ নাও উৎকৃষ্ট।

Read Also: দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা | The Impact of Science on Everyday Life Essay in Assamese

অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ আৰু বেত পােৱা যায়। বাঁহ-বেতৰ চাহিদা, বাজ্যখনৰ ভিতৰত যিদবে প্রভূত, সেইদৰে ৰাজ্যৰ বাহিৰতাে প্রভূত। কাগজ উৎপাদনৰ কাৰণে কাঠ আৰু বাঁহ দুয়োটাই অতীব প্রয়ােজনীয়। অসমৰ কাঠ, বাঁহ আদিৰ উৎপাদনলৈ চাই অসমত কেইবাটাও কাগজৰ কল স্থাপনৰ সম্ভাৱনীয়তা নুই কৰিব নােৱাৰি। অসম আৰু বিহাৰৰ দ্বাৰভাংগাৰ যুটীয়া প্ৰচেষ্টাত গােৱালপাৰা জিলাৰ যােগীঘােপাত “অশােক পেপাৰ মিল” নামৰ এটা কাগজৰ কল প্রতিষ্ঠিত হৈছে। মৰিগাঁও জিলাৰ জাগীৰােড আৰু কাছাৰতত আন দুটা কাগজৰ কল প্রতিষ্ঠা হৈছে। অৰুণ ভবিষ্যতে আৰু কেইবাটিও কাগজৰ কল স্থাপিত হােৱাৰ সম্ভাৱনা আছে। তদুপৰি সমগ্ৰ ভাৰতব্যাপী বাঁহ-বেত শিল্প গঢ়ি উঠিছে অসমৰ উৎপাদনৰ গইনা লৈয়েই।

এইবােৰৰ বাহিৰেও অসমৰ হাবিত প্ৰচুৰ পৰিমাণে ইকৰা, নল, খাগৰি, খেৰ পােবা যার এইবােৰ গৃহনির্মাণৰ কাৰণে অত্যাৱশ্যকীয় সামগ্রী। তদুপৰি অসমৰ অৰণ্যত প্ৰচুৰ পৰিমাণে শাক, পাচলি আৰু ঔষধজাতীয় উদ্ভিদ আছে। এইবােৰ সম্পদৰপৰা এফালে চৰকাৰে লাখ লাখ টকাৰ ৰাজহ লাভ কৰিছে আনফালে অসমীয়া জাতিয়ে এইবােৰ সম্পদ আহৰণ কৰি লাভৱান হৈছে। নানা ফল-মূল জাতীয় উদ্ভিদো অসমৰ হাবিত উভৈনদী হৈ আছে।

আন এবিধ কাজাত সম্পদ হৈছে বনৰীয়া জীৱ-জন্তু। হাতী, গড়, বাঘ, ভালুক, বান্দৰ, সাপ, নেউল, পং, গাহৰি আৰু ধনেশ, মৰাচৰাই, হাঁহ, কাউৰী, শগুণ, ভাটো, মইনা, কুলি, কেতেকী আদি অলেখ-অপাৰ পশু-পক্ষী অসমৰ হাবিত উভৈনদী হৈ আছে। হাতী, গড়, বাঘ, পহু অসমৰ বহুমূলীয়া সম্পদ। বিশেষকৈ এশিঙীয়া গঁড় পৃথিৱীৰ ভিতৰতে এক দুর্লভ সম্পদ। এইবােৰ জীৱ-জন্তু বিদেশলৈ ৰপ্তানি কৰি অসমে কোটি কোটি টকা উপার্জন কৰে। হাতীৰ দাঁত আৰু গঁড়ৰ খজাও বহুমূলীয়া সম্পদ।

সমগ্র অসমৰ নদ-নদী, বিল-খালবােৰত মাছ কাছ উভৈনদী। এইবােৰ অসমৰ এক বৃহৎ পবিমাণৰ প্রাকৃতিক সম্পদ। প্ৰকৃতিৰ বুকুত স্বয়ংপালিত এইবিধ সম্পদৰপৰা বৃহৎ পৰিমাণৰ ৰাজহ অসমৰ ৰাজভঁৰাললৈ আহে তদুপৰি ই সমগ্ৰ অসমীয়া জাতিৰে সুখাদ্য। ইয়াৰ উন্নয়নৰ বাবে চৰকাৰে কৃত্রিম উপায়েৰে প্রজনন ব্যৱস্থা কৰি অধিক উৎপাদনৰ ব্যৱস্থা লৈছে।

অসমৰ আন এবিধ অতি মূল্যবান সম্পদ হৈছে । ই অৱশ্যে উদ্ভিদ আৰু প্রাণী উভয়ৰ মিশ্রিত প্রক্রিয়াৰ দ্বাৰা উদ্ভূত। এবিধ গছত বর্ধিত কীটৰ আঠাৰপৰা লা হয়। ইয়াৰপৰাও অসমৰ যথেষ্ট আয় হয়। এই লা শােধন কৰাৰ ব্যৱস্থা বর্তমান অসমত নাই বাবে প্ৰায়বোেৰ অশােধিত লা বাহিৰলৈ পঠোৱা হয়। চাপৰমুখত থকা একমাত্র কাৰখানাটোও লা যােগানৰ অসুবিধাৰ অজুহাতত বাহিৰলৈ স্থানান্তৰিত কৰা হ’ল। অথচ প্রচুৰ পৰিমাণৰ অশােধিত লা প্রতি বছৰে অসমৰ বাহিৰলৈ যাব লাগিছে।

ধূনাও এবিধ উদ্ভিদজাত বনজ সম্পদ। ইয়াৰ চাহিদা সদৌ ভাবততে আছে। সেইবাবে প্ৰচুৰ পৰিমাণৰ ধূনাও ৰপ্তানি কৰা হয়।

খনিজ পদার্থ অসমৰ আটাইতকৈ মূল্যবান সম্পদ। এই সম্পদতাে অসম অতিশয় চহকী। ভাৰত খনিজ সম্পদৰ ইতিহাসত অসমৰ কেৰাচিন আৰু পেট্ৰ’লৰ কাহিনী সর্বপ্রথমতে সােণালী আখৰেৰে লিখা ৰ’ব চিৰদিন। এনে এটা সময় আছিল, যি সময়ত কেরল ডিগবৈৰ কেৰাচিন তেলেৰেই ভাৰত পােহৰাবলগা হৈছিল। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্রীজান, গেলেকী আৰু ৰুদ্ৰসাগৰত প্ৰচুৰ পৰিমাণৰ কেৰাচিন তেলৰ পুং আবিষ্কৃত হৈছে। বিশেষজ্ঞসকলৰ জৰীপ মতে সমগ্র ব্রহ্মপুত্র উপত্যকাতে বিৰাট পৰিমাণৰ তেলৰ সাগৰ থকা বুলি জনা গৈছে। অসমৰ তেল শােধন কৰিবৰ কাৰণে ডিগবৈত থকা পূৰ্বৰ শোধনাগাৰৰ বাহিৰেও গুৱাহাটীৰ নমাটি আৰু গােলাঘাটৰ নুমলিগড়ত শােধনাগাৰ স্থাপিত হৈছে গােৱালপাৰা জিলাৰ বঙাইগাঁৱতাে পেট্রোকেমিকেল কমপ্লেক্স স্থাপিত হৈছে।

তেল আৰু প্রাকৃতিক গেছৰ অনুসন্ধানৰ বাবে দুলীয়াজানত তেল আৰু প্রাকৃতিক গেছ আয়ােগর কেন্দ্র প্রতিষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ লেপেটকতাত গেছ ফ্ৰেকাৰ প্রকল্প প্রতিষ্ঠা হৈছে। অতিৰিক্ত খাৰুৱা তেলবােৰ বর্তমান বাউনী আৰু হলদিয়ালৈ নি শােধন কৰা হৈছে। অসমৰপৰা আহৰণ কৰা এইসম্পদ অসমতে আৰু অধিক শক্তিসম্পন্ন শােধনাগাৰ প্ৰতিষ্ঠা কৰি শােধন কৰা ব্যৱস্থা কৰা হ’লে এফালেদি অসমৰ অজস্ৰ নিবনুৱাৰ কর্ম সংস্থান হ’লহেঁতেন। অসমৰ যাতায়াত ব্যৱস্থা উন্নততৰ নােহােৱাৰ অজুহাত দেখুৱাই কেন্দ্রীয় চৰকাৰে অসমতে এই অতিৰিক্ত খাৰুৱা তেলৰ বাবে নতুন শােধনাগাৰ প্ৰতিষ্ঠা নকৰি অসমক সদায় প্রবঞ্চনা কৰি অহাটো অতি পবিতাপৰ কথা।

কয়লা অসমৰ দ্বিতীয় শ্রেষ্ঠ খনিজ সম্পদ। লিডু, মাৰ্ঘেৰিটা, বৰগােলাই, টিপং, মাকুম অঞ্চলত ইয়াৰ খনি আছে। কয়লাৰপৰা কুৎসিত আলকাতকে আৰম্ভ কৰি নানা বিধ সুগন্ধি মচলা, ৰং আৰু চেকাৰিন তৈয়াৰ হয়।

ইয়াৰ বাহিৰেও অসমৰ বিস্তীর্ণ অঞ্চল জুৰি প্ৰচুৰ পৰিমাণে চুণশিল আৰু বাচিন্দা পােৱা যায়। কামৰূপ আৰু গােৱালপাৰা জিলাৰ সীমান্তৰ এক বিস্তীর্ণ অঞ্চলত “ফুলাৰ্চ আর্থ” সঞ্চিত হৈ আছে। ৰহা অঞ্চলৰ শ্ৰীটিকেন্দ্র সিংহ ৰজা নামৰ এজন লােৰুে ইয়াৰ খনি উদঘাটন কৰি আহৰণৰ ব্যৱস্থা হাতত লৈছিল; কিন্তু মূলধনৰ অভাৱত কাৰখানা স্থাপন কৰিব নােৱৰাত এই বহুমূলীয়া সম্পদবিধ কামত প্রয়ােগ কৰিব পৰা হােৱা নাই।

গােৱালপাৰাৰ কোনাে পাহাৰৰ শিৰাত সােণৰ সন্ধানাে পােৱা গৈছিল; কিন্তু তাক আহৰণ কৰাৰ বা প্রকৃততে কিমান পৰিমাণৰ সােণ উৎপাদন হ’ব পাৰে তাৰ জৰীপ কৰা ব্যৱস্থা হৈছে নে নাই জনা নাযায়। সােৱণশিৰি নৈৰ বালিত সােণৰ ভেঁকুৰা পােৱা যায়। পুৰণিকালত সােপণাৱালসকলে যথেষ্ট পৰিমাণৰ সােণ তাৰপৰা আহৰণ কৰিছিল। অথচ ইয়াৰ উৎস ক’ত আৰু ব্যৱসায়িক ভিত্তিত আহৰণ কৰিব পৰা যায় নে নাযায়, তাৰ গৱেষণা সম্ভৱতঃ আজিলৈকে হােৱা নাই। অসমীয়া মানুহে অসমৰ বুকুৰপৰাই লােহাও আহৰণ কৰিছিল।

অসমৰ পাহাৰীয়া অঞ্চলত চিলিমিনাইটো পােৱা যায়। গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত তামৰ খনি থকাৰাে সন্ধান পােৱা গৈছিল। আনকি বিশেষজ্ঞসকলে এই মত পােষণ কৰে যে সমগ্ৰ অসমৰে গৰ্ভত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদৰ এক অক্ষয় ভাণ্ডাৰ অনাৱিষ্কৃত অৱস্থাত আছে, যাৰ উদঘাটন

সম্ভৱ হ’লে অসমৰ “সােণৰ অসম” নাম কল্পনাৰ শীর্ষ বিন্দুৰপৰা নামি আহি বাস্তৱৰ আকাশলংঘী গৰিমাৰে মহিমামণ্ডিত হব।

কিন্তু দুখৰ বিষয় আমি অসমীয়াই আজি “সােৱণশিৰিৰ সােণৰ ভেঁকুৰা বুটলিব কোনে?” -বুলি গীতৰ ৰাগিণী তুলিয়েই ক্ষান্ত আছে। তাক বাস্তৱত ৰূপায়িত কৰাৰ সৎ সাহস, সামর্থ আমি গােটাব পৰা নাই।

প্রকৃতিয়ে বনজ, প্রাণীজ, খনিজ অজস্র সম্পদেৰে অসমী আইক কেঁচা সােণ, বগা সােণ, কলা সােণৰ অক্ষয় ভাণ্ডাৰ কৰি স্ৰজন কৰিছে। কিন্তু আমি দুখীয়া অসমীয়া জাতিয়ে এই অক্ষয় ভাণ্ডাৰৰ অক্ষয়-অব্যয় সােণবােৰ আহৰণ কৰি অসমীক বৈভৱশালী কৰি তুলিব পৰা নাই। প্রকৃতিয়ে অযাচিতে আগবঢ়াই দিয়া অমূল্য অৱদানখিনি আহৰণ কৰি আমি জাতীয় জীৱন সমৃদ্ধ কৰিব নােৱৰাটো কাপুৰুষালিৰ বাহিৰে কি হ’ব পাৰে?

Read Also: Class 11 Environmental Solution

উন্নয়নৰ উপায় আৰু মন্তব্য

এই সম্পদবােৰ আহৰণ কৰিবলৈ আৱশ্যকীয় যন্ত্রপাতি, আমদানি কৰা প্রয়ােজন। তাৰ কাৰণে যাতায়াত ব্যৱস্থা উন্নত হ’ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ লাগিব। চৰকাৰে শিক্ষিত নিবনুৱা যুৱকসকলক উপযুক্ত প্রশিক্ষণ দিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে; যাতায়াতৰ ব্যৱস্থা উন্নত কৰক; তদুপৰি আৱশ্যকীয় মূলধনৰ ব্যৱস্থা কৰক। এই প্রচেষ্টা অকল ৰাজ্য চৰকাৰে আগবঢ়ালেই নহ’ব; কেন্দ্রীয় চৰকাৰেও এই উদ্যোগৰ ক্ষেত্ৰত অনুন্নত ৰাজ্যখনৰ সম্পদসমূহ আহৰণৰ কাৰণে ঔদ্যোগিক বিকাশৰ কাৰণে আৰু অনগ্রসৰ পূৰ্বাঞ্চলৰ আর্থিক, সামাজিক উন্নয়নৰ কাৰণে হাত উজান দিব লাগিব। নহ’লে এই আপুৰুগীয়া অমূল্য সম্পদসমূহ চিৰদিন অৱহেলিত আৰু অনাবিষ্কৃতভাৱেই ৰৈ যাব; অঞ্চলটোৰ উন্নয়নে ব্যাহত হব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top