ভাৰতৰ জাতীয় সংহতি ৰচনা | National Unity of India Essay in Assamese

ভাৰতৰ জাতীয় সংহতি ৰচনা | National Unity of India Essay in Assamese

Join Telegram channel

ঐতিহ্য আৰু সমন্বয়ৰ ৰংগভূমি ভাৰতৰ জাতীয় আদর্শ “এক জাতি, এক প্রাণ”। এই আদর্শতেই উদ্বুদ্ধ হৈ বিভিন্ন গােষ্ঠীৰ, ধৰ্মৰ, জাতি, সভ্যতা, সংস্কৃতিৰ লােক ভাৰতলৈ আহি ব্রহ্মপুত্র, গংগা, সিন্ধু, গােদাবৰী, কাবেৰীৰ পাৰত মিলনৰ মহাসিন্ধুৰ বুকুত মিলিত, হৈ বৃহৎ ভাৰতীয় জাতি আৰু সভ্যতা গঢ়ি তুলিছে। ভাৰতীয় দর্শনে সবাৰাে আত্মত পমাত্মাৰ সন্ধান দি “কুকুৰ, গর্দভ, শৃগালৰাে আত্মা ৰাম” -বাণীৰে ভাৰতবাসীক এনেভাৱে অভিভূত কৰি তুলিছে যে এক ভাবানুভূতিত সকলােটি বান্ধ খাই মহামিলনৰ সেতু ৰচনা কৰিছে।

ভাৰতৰ জাতীয় সংহতি ৰচনা

ইংৰাজ জাতিৰ বিভেদ

ভাৰতৰ দুর্ভাগ্য, এই মিলনৰ সেতু ছিগি-ভাগি থান্ধা হােৱাৰ উপক্ৰম হৈছে, ঐক্যৰ বান্ধোন ছিগি যাওঁ ছিগি যাওঁ হৈছে অর্থাৎ দেশৰ সংহিত বিপন্ন হােৱাটো পৰিলক্ষিত হৈছে। এই বিষবৃক্ষৰবীজ ভাৰতত কোনে ৰুলে ? অনৈক্যৰ বীজাণু ভাৰতত কোনে বিয়পালে? এই প্রশ্নৰ উত্তৰ বিচাৰি বহুদূৰলৈ যাব নালাগে। যিখন ভাৰতেই সকলাে ধর্ম, সকলাে জাতি আৰু সকলাে সভ্যতাৰ লােককে সাবটি লৈ মহান ভাৰতীয় জাতি গঢ়ি তুলিলে, যিখন দেশত সকলাে কৃষ্টি-সংস্কৃতি মিলিত হৈ এক মহাভাৰতীয় বিশাল সংস্কৃতি গঢ়ি তুলিলে, সেইখন মিলনৰ যাদুঘৰত মিলিব নােৱাৰিলে মাত্ৰ এটা জাতিয়ে। সেইটোৱে হৈছে ইংৰাজ জাতি। এই জাতিটোৱে ভাৰতৰ বুকুত মিলি যাবলৈ অহা নাছিল, আহিছিল দেশ শাসন কৰি শােষণ কৰিবলৈ; পৰৰ ঐশ্বর্যৰে নিজৰ বৰঘৰ শুৱনি কৰিবলৈ। তেওঁলােকে শাসনৰ ভেটি নিকপীয়া কৰিবলৈ ভাৰতত প্রয়ােগ কৰিছিল Divide and Rule নীতি। এই নীতিৰে ভাৰতত সাম্প্রদায়িকতা, প্রাদেশিকতাবাদৰ বীজ ৰােপণ কৰি ঐক্যৰ বন্ধন ছিঙি দিলে। অৱশ্যে ইংৰাজৰ কটকটীয়া শাসনৰ তলত এই বিভেদ পৰিলক্ষিত হােৱা নাছিল। কিন্তু স্বাধীনতাৰ আগমুহূর্তত বিভেদমূলক নীতিৰে ভাৰতক খণ্ডিত কৰাৰ লগে লগে এইবােৰ গা কৰি উঠিবলৈ প্রয়াস পালে। ইংৰাজে দুশ বছৰীয়া শাসন কালত ভাৰতৰ জাতীয় সংহতি ব্যাহত কৰিবলৈ যি গােপন প্রচেষ্টা চলাই আছিল, সি প্রকাশ পালে ভাৰতক স্বাধীনতা দানৰ চৰ্তাৱলীত। ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত গঢ়ি উঠা গৌৰৱােজ্জ্বল জাতীয় সংহতিক ছাৰখাৰ কৰি দিলে বৃটিছে ভাৰতক খণ্ডিত কৰি। ফলত স্বাধীনতাৰ আগমুহূর্তত যি সাম্প্রদায়িক সংঘর্ষ সৃষ্টি হ’ল, তাৰ বিষবাষ্প আজিও ভাৰতৰ বুকুৰপৰা মাৰ যােৱা নাই।

Read Also: দুর্গা পূজা ৰচনা | Durga Puja Essay in Assamese

ৰাজনৈতিক দলৰ মাজত বিভেদ

স্বাধীনতাৰ পাছৰ কালছােৱাত বিভিন্ন কাৰণত জাতীয় ঐক্যত বাধা পৰিছে। গণতন্ত্র প্রয়ােজনৰ অজুহাতত বহুতােৰাজনৈতিক দল গঠন হৈছে। এই দলবােৰৰ মাজত সুস্পষ্ট নীতিৰ অভাৱ। ৰাজনৈতিক দলবােৰে কোনাে আদৰ্শৰ প্ৰভাৱেৰে জনগণৰ সমর্থন লাভ কৰাত ব্যৰ্থ হৈ পৰিছে। সেইবাবে তেওঁলােকে বক্ৰপথৰ সহায়ত ৰাইজৰ সমর্থন আদায় কৰাৰ উপায় অৱলম্বন কৰিছে। কোনাে দলে ধনী শ্ৰেণীৰ আশ্ৰয় লৈছে, কোনােৱে মধ্যবিত্ত শ্রেণীৰ, কোনােৱে দৰিদ্ৰ জনগণৰ, কোনােৱে সম্প্রদায় বিশেষৰ, আকৌ কোনাে দলে ভাষাগত প্রভেদৰ  আশ্রয় লৈছে। ফলত জনগণৰ মাজত আদৰ্শৰ সংঘাত আহি পৰি ঐক্য বিনষ্ট কৰি পেলাইছে। বিশেষকৈ সাম্প্রদায়িকতা আৰু ভাষিক বিভেদৰ বিষাক্ত কীটে ভাৰতীয় সমাজখনক এনেভাৱে দংশন কৰি ৰক্ত-মাংস খুলি খাইছে যে তাৰপৰা পৰিত্ৰাণ পােৱাৰ পথ এক প্ৰকাৰ ৰুদ্ধ হৈ গৈছে। কেন্দ্রীয় চৰকাৰে যাতায়াত অসুবিধাৰ অজুহাত দেখুৱাই অসমত কোনাে বৃহৎ উদ্যোগ গঢ়ি উঠিবলৈ দিয়া নাই। তাৰ পৰিৱৰ্তে অসমৰ খাৰুৱা তেল বাহিৰলৈ উলিয়াই নি বাহিৰৰ ৰাজ্যত উদ্যোগ গঢ়ি তুলিছে। অসমৰ সম্পদেৰে বাহিৰা ৰাজ্য চহকী হৈছে আৰু অসমে অসহায় দৃষ্টিৰেকৰুণভাৱে চাই থাকিবলগীয়া হৈছে। এই বৈষম্যৰ বাবে অসম জানাে এদিন জাগি নুঠিব? অসমে বিদ্রোহ নকৰিব?

জাতীয় শিক্ষা নীতিৰ অভাৱ

জাতীয় সংহতিৰ আন এটা ডাঙৰ অন্তৰায় হৈছে জাতীয় শিক্ষা-নীতিৰ থৰক বৰক অৱস্থা। জাতীয় জীৱন সর্বাংগসুন্দৰ কৰি গঢ়ি তুলিবলৈ যি সুস্থিৰ আৰু সুপৰিকল্পিত শিক্ষানীতিৰ প্ৰয়ােজন, তাৰ অভাৱত অসংখ্য আদর্শহীন, লক্ষ্যহীন, অকর্মঠ, শিক্ষিত নিবনুৱাৰ সৃষ্টি হৈছে। এই নিবনুৱা সমস্যা এনে ভয়াৱহ হৈ পৰিছে যে, ই জাতিৰ স্থিতিকে কঁপাই তুলিছে।

হিন্দী ভাষাৰ সমস্যা

এইবােৰ সমস্যাৰ লগতে আন এটা জটিল সমস্যাৰ উদ্ভাৱন কৰি লৈছে চৰকাৰে নিজেই। সেইটো হৈছে ৰাষ্ট্রভাষা নামৰ হিন্দী ভাষাৰ সমস্যা। হিন্দী এটা সৰ্বভাৰতীয় চহকী ভাষা নহয়।ই এটা অঞ্চলৰ ভাষা- যাক ৰাষ্ট্রভাষাৰ মর্যাদা দি সমগ্ৰ ভাৰততে প্রচাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াক দক্ষিণ ভাৰততাে গ্ৰহণ কৰা নাই, উত্তৰ ভাৰতৰাে অঞ্চল বিশেষত এই ভাষাৰ প্ৰতি বিৰূপ মনােভাব আছে। এনে ক্ষেত্ৰত অহিন্দী ভাষীবহুতবােৰ অঞ্চল বিদ্রোহী হৈ উঠিছে। তাৰ ফলতাে এক বিৰাট পৰিমাণৰ জনসংখ্যাৰ মাজত অনৈক্যই গা কৰি উঠিছে।

ৰাজ্য পুনৰ গঠন

স্বাধীনতাৰ পাছত ৰাজ্য পুনৰ গঠনৰ যি ব্যৱস্থা চৰকাৰে কৰিলে সিও অনৈক্যৰ আৰু অশান্তিৰ আন এটা কাৰণ হৈ পৰিছে। ৰাজ্য পুনৰ গঠনৰ নামত কোনাে কোনাে অঞ্চল বলপূর্বকভাৱে অন্য ৰাজ্যৰ লগত চামিল কৰা হ’ল। আন ফালেদি ইয়াকে আদর্শ বুলি ধৰি লৈ বর্তমান সময়ত কিছুমান অঞ্চলে সাম্প্রদায়িক ভিত্তিত, সাংস্কৃতিক ভিত্তিত বা ভাষাগত পার্থক্যৰ ভিত্তিত সুকীয়া সুকীয়া ৰাজ্য গঠনৰ দাবী কৰিবলৈ প্রয়াস পাইছে। এইক্ষেত্ৰত দুই এজন বিশিষ্ট নেতাৰপৰাও এই দাবীবােৰে পৃষ্ঠপােষকতা লাভ কৰা দেখা গৈছে। ক্ষুদ্র ক্ষুদ্র ৰাজনৈতিক দলবােৰে এইবােৰৰে অচি লৈ সস্তীয়া জনপ্রিয়তা অর্জনত হাত উজান দি জনগণক বিভ্রান্ত কৰি পেলাইছে। ফলত নানা ঠাইত সংঘৰ্ষৰ সৃষ্টি হৈ জাতীয় সংহতি ব্যাহত কৰি তুলিছে।

অৰ্থনৈতিক বৈষম্য

সংহতিবিহীনতাৰ আন এটা অতি জ্বলন্ত সমস্যা হৈছে অর্থনৈতিক বৈষম্য। ভাৰতত কোটিপতিৰপৰা দিন-ভিক্ষাৰীলৈকে বহু শ্রেণীৰ লােক আছে। কোনােবাই সুখৰ স্বৰ্গত উঠি বিলাসিতাৰ জয়ডংকা কোবাই উধর্বৰপৰা আৰু উধলৈ গতি কৰাৰ মধুৰ স্বপ্নত মগ্ন আছে আৰু কোনােবাই এখনি বস্ত্র, পেটৰ এমুঠি ভাতৰ কাৰণে কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰিওঁ জীয়াই থকাৰ নিম্নতম প্রয়ােজনীয়তাখিনিও লাভ কৰিব পৰা নাই। এই বিৰাট বৈষম্যৰ ফলত এক শ্রেণীৰ মানুহৰ মাজত সৃষ্টি হৈছে উচ্চাত্মিকাৰ গৌৰৱ আৰু আন এটা শ্ৰেণীৰ মাজত সৃষ্টি হৈছে হীনমন্যতাৰ পিছৰ শ্ৰেণীৰ মানুহ হতাশাত ভাগি পৰিছে আৰু আত্মবিশ্বাস হেৰুৱাই পেলাইছে। তাৰ সুযােগ লৈছে সুবিধাবাদী এক শ্রেণীৰ দালালে। এইসকলে তলৰ শ্ৰেণীৰ লােকক এক প্ৰকাৰ দাসত্বৰ শিকলিৰে বান্ধি স্বার্থ পূৰণত অগ্ৰসৰ হৈছে। গতিকেই ভাৰতত পৰােক্ষভাৱে শ্রেণী-সংগ্ৰামৰ সৃষ্টি হৈ জাতীয় সংহতিক বিপন্ন কৰি তুলিছে।

Read Also: Class 11 Geography Question Answer

সংহতি ৰক্ষাৰ উপায়

এই সমস্যাবােৰ সমাধান কৰিব পাৰিলে দেশৰ সকলাে অঞ্চললৈ শান্তি আহিব; মানুহৰ মাজলৈ আত্মবিশ্বাস আৰু আত্মপ্রত্যয় ঘূৰি আহিব আৰু জাতীয় সংহিতও ৰক্ষা পৰিব। ইয়াৰ কাৰণে কি কি ব্যৱস্থাৰ প্রয়ােজন? চৰকাৰে বৈষম্যমূলক নীতি পৰিহাৰ কৰি পিছপৰা অঞ্চলসমূহেও যাতে উন্নত অঞ্চলৰ লগত খােজত খােজ মিলাই আগুৱাই যাব পাৰে তাৰ কাৰণে অনুন্নত অঞ্চলসমূহৰ উন্নয়ন অধিক মনোেযােগ দিব লাগে। ক্ষুদ্র উদ্যোগ, বৃহৎ উদ্যোগ আদি গঢ়ি তুলি অঞ্চলৰ সম্পদবােৰ অঞ্চলতে আহৰণৰ ব্যৱস্থা কৰি তাৰ উৎপাদন অঞ্চলটোৰ উন্নয়ন প্রয়ােগ কৰিব লাগিব । পিছপৰা অঞ্চলৰ যাতায়াত ব্যৱস্থা দ্রুতভাৱে উন্নয়নব পন্থা গ্ৰহণ কৰিব লাগিব। ব্যক্তিগত মালিকানাত থকা উদ্যোগ প্রতিষ্ঠানবােৰ জাতীয়কৰণ কৰি তাৰ আয়ৰ ধনেৰে ব্যক্তিগত লােকক ধনী হ’বলৈ সুবিধা নিদি সাধাৰণৰ মংগলৰ কামত খটাব লাগিব। কলা-ধনৰ ব্যৱহাৰ বন্ধ কৰি দি কলাবজাৰী, চোৰাং ব্যৱসায়ী আৰু দালালবােৰক কঠোৰ হস্তেৰে দমন কৰিব লাগিব।

দেশত গঢ়ি উঠা সাম্প্রদায়িক অশান্তিক কঠোৰভাৱে মষিমূৰ কৰি সংবিধান-প্রদত্ত নাগৰিক অধিকাৰ সকলাে শ্ৰেণীৰ লােকে সমভাৱে উপভােগ কৰিব পৰাৰ কাৰ্যকৰী ব্যৱস্থা কৰিব লাগিব। মানুহৰ মাজত হেৰাই যােৱা উদাৰ দৃষ্টিভংগী ঘূৰাই আনিবৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত কার্যকৰী পন্থা গ্ৰহণ কৰিব লাগিব।

ৰাষ্ট্রভাষা নির্বাচনৰ ক্ষেত্ৰত চৰকাৰে আঞ্চলিকতাবাদক প্রশ্রয় নিদি ৰাইজক মতামত প্রকাশ কৰিবলৈ সুবিধা দি সর্বসন্মত এটা ভাষাক সেই মর্যাদা দিয়া উচিত। ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্য গঠনৰ নীতি পৰিহাৰ কৰা উচিত আৰু তেনে কোনাে দাবীকে প্রশ্রয় দিয়াৰপৰা চৰকাৰ বিৰত থকা উচিত। চৰকাৰে “কোনােক দেখি ৰান্ধে বাড়ে, কোনােক দেখি দুৱাৰ বান্ধে” এনে নীতি সমূলঞ্চে বিনাশ কৰি সকলােৰে ক্ষেত্ৰত এনে নীতি গ্রহণ কৰি বেছি অনুন্নত অঞ্চলক বেছি সা-সুবিধা আগবঢ়োৱা উচিত।

মন্তব্য

মুঠতে চৰকাৰে এক জননীৰ সকলাে সন্তানৰ প্রতি সমদৃষ্টি নিক্ষেপ কৰি বৈষম্যমূলক আৰু পক্ষপাতিতাৰ ভাব পৰিহাৰ কৰক। ভাৰত-জননীৰ বুকুত শীতল-পাটীত সকলােকে সমভাৱে আশ্রয় সুবিধা দিয়ক। আনহাতেদি সকলাে লােকেই উদাৰ দৃষ্টিভংগীৰে মাতৃভূমিৰ স্বাধীনতা সুৰক্ষিত কৰি ইয়াৰ উত্তৰােত্তৰ মংগলৰ কাৰণে ভেদাভেদ পৰিহাৰ কৰি আগবাঢ়ি আহক। তেতিয়া দেখিব মিলনৰ মহান আদর্শবুকুত বান্ধি লৈ এক মহান, বিশাল মহাভাৰতৰ জন্ম হ’ব আৰু সেই মিলনভূমিত ভাৰতৰ কোটি কোটি জনগণে সাম্য-মৈত্রী-প্রগতিৰ জয়গীতি গাই আকাশ-পাতাল মুখৰিত কৰি গৌৰৱৰ জয়-ধ্বজা উত্তোলন কৰিব।

আমি আশা কৰিছো ভাৰতৰ জাতীয় সংহতি ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ভাৰতৰ জাতীয় সংহতি ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top