Modern Political Philosophy Unit 3 উদাৰ সমাজতান্ত্ৰিক

Modern Political Philosophy Unit 3 উদাৰ সমাজতান্ত্ৰিক, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Modern Political Philosophy Unit 3 উদাৰ সমাজতান্ত্ৰিক Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Modern Political Philosophy Unit 3 উদাৰ সমাজতান্ত্ৰিক Question Answer can be of great value to excel in the examination.

Modern Political Philosophy Unit 3 উদাৰ সমাজতান্ত্ৰিক

Join Telegram channel

Modern Political Philosophy Unit 3 উদাৰ সমাজতান্ত্ৰিক Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২১। ব্ৰিটেইনত ভোটাধিকাৰৰ আন্দোলন সম্পর্কে চমুকৈ লিখা। (Write briefly about Britain’s suffrage movement?)

উত্তৰঃ ভোটাধিকাৰৰ আন্দোলন যি ‘Suffragist Movement’ নামে পৰিচিত। এই আন্দোলনটো ১৮৩২ চনৰ সংস্কাৰ আইনৰ পিছত বিশেষভাৱে জটিল হৈ পৰে। এই সমে আইন মহিলাসকলৰ ৰাজনীতি সম্পৰ্কে সচেতন কৰাটো দূৰৰ কথা, তেওঁলোকৰে ভোটাধিকাৰকো নগণ্য কৰিছে। ‘Suffrapist’ শব্দটো Suffrage অর্থাৎ ভোটাধিকাৰৰ পৰা আহিছে, গতিকে এইটো এটা কেবলমাত্র ভোটাধিকাৰক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোলন। কিন্তু এইটো নাৰী আৰু পুৰুষ উভয়ৰ বৃহত্তৰ স্বাৰ্থ সুৰক্ষাৰ এটা আন্দোলন। এই আন্দোলনত দুটা গোষ্ঠী আছিল চাফৰাজিষ্ট যিসকল সাংবিধানিক পদ্ধতিত পৰিবৰ্তন বিচাৰিছিল আৰু এটা গোট আছিল চাফৰাগেট যিসকল আৰু বেছি বৈপ্লৱিক মনোভাৱৰ অধিকাৰী। সমাজত মহিলাসকলৰ অৱস্থানলৈ বিভিন্ন মতবাদ আছিল। একপক্ষ মন কৰিছে যে নাৰীসকল স্বভাৱতে আবেগপ্রবণ, সূক্ষ্ম অনুভূতিসম্পন্ন, শিশু আৰু দুৰ্বল শ্ৰেণীৰ স্বাৰ্থৰক্ষাত উৎসাহী। এওঁলোকৰ মতে মহিলাসকলক ভোটাধিকাৰ দিলে ৰাজনীতিত তাৰ এটা ইতিবাচক প্ৰভাৱ পঢ়িব, মদ্যপান আদি বিষয়বিলাক নিয়ন্ত্ৰিত হ’ব। আনফালে আৰু একপক্ষ মন কৰিছে যে নাৰীসকলৰ ভূমিকা সকলো ফালৰ পৰাই পুৰুষৰ সমানে হোৱা উচিত আৰু মহিলাসকলৰ স্বাভাৱিক ভূমিকা বুলি একোৱে নাই। ভোটাধিকাৰক লৈও ভিন্ন মত আছিল। একপক্ষই মন কৰিছিল সকলৰ  ভোটাধিকাৰ থকা উচিত আৰু আনপক্ষই নাৰীৰ ভোটাধিকাৰৰ সুযোগ তৈয়াৰ কৰি নিম্নশ্রেণী আৰু কৃষ্ণবৰ্ণৰ মানুহসকলক বঞ্চিত কৰিব বিচাৰিছিল।

২২। মার্কিন যুক্তৰাষ্ট্ৰত কেতিয়া মহিলা ভোটাধিকাৰ আন্দোলন আৰম্ভ হৈছিল? (When did the women’s suffrage movement begin in the United States?)

উত্তৰঃ মহিলাসকলৰ ভোটাধিকাৰ আন্দোলনৰ জৰিয়তে মার্কিন যুক্তৰাষ্ট্ৰত মহিলাসকলৰে ভোটাধিকাৰ অৰ্জনৰ বাবে কেই দশক ধৰি দীৰ্ঘ যুদ্ধ চলিছিল। এই অধিকাৰটো অৰ্জনত প্ৰায় এশ বছৰ সময় লাগিছিল। নেতাকর্মী আৰু সংস্কাৰকসকলৰ পক্ষে আন্দোলন সম্পর্কে প্রচাৰ চলোৱা সহজ নাছিল। বিভিন্ন কৌশল আৰু মৃতবিৰোধ এই আন্দোলনক ধ্বংস কৰিব বিচাৰিছিল। তথাপিও ১৮ আগষ্ট ১৯২০ চনত সংবিধানৰ ১৯ তম সংশোধনীৰ অৱশেষত অনুমোদন দিয়া হৈছিল। গোটেই আমেৰিকান মহিলাসকলক ভোটদানৰ অধিকাৰ দিয়া হৈছিল আৰু প্ৰথমবাৰৰ বাবে ঘোষণা কৰা হৈছিল যে মহিলাসকল পুৰুষৰ দৰে নাগৰিকত্বৰ গোটোই অধিকাৰ আৰু দায়িত্বৰ অধিকাৰী হ’ব পাৰিব।

২৩। মহিলাসকলৰ ভোটাধিকাৰৰ প্রাথমিক সমর্থন সম্পর্কে আলোচনা কৰা। (Discuss the basic support for women’s suffrage.)

উত্তৰঃ মার্কিন যুক্তৰাজ্যৰ নাৰী অধিকাৰ আন্দোলনত আৰম্ভণিৰ পৰা প্ৰায় অর্ধশতেক বল সেই আন্দোলনৰ প্ৰাণস্বৰূপ বুলি চিহ্নিত দুগৰাকী মহিলা এলিজাবেথ কেডি ষ্টেণ্টন আৰু চুজান বি এন্টনীয়ে লিখি থৈ যোৱা সেই আন্দোলনৰ ইতিহাসত আন্দোলনটোৰ উৎপত্তি সম্বন্ধে এটা নাটকীয় বিৱৰণী দি গৈছে। যদিও ইংলেণ্ড আৰু মার্কিন যুক্তৰাজ্যত সমসাময়িকভাৱে চলি থকা নাৰী অধিকাৰৰ আন্দোলনৰ মাজত কোনো যোগসূত্ৰ নাই বুলি আগতে কোৱা হৈছে, আশ্চর্যজনকভাৱে তেনে এটা আন্দোলন আৰম্ভ কৰাৰ চিন্তা দুগৰাকী মার্কিন মহিলাৰ মনলৈ লণ্ডন চহৰতে আহে। সেই সময়ত কিন্তু ইংলেণ্ডত নাৰী আন্দোলন সংগঠিত দিশত আগবঢ়াই নাছিল। 

এলিজাবেথ ষ্টেণ্টনৰ ভাষ্য মতে তেওঁ আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী লুক্রেচিয়া মটে ১৮৪০ চনত লণ্ডন চহৰত অনুষ্ঠিত হোৱা বিশ্ব দাস-বিৰোধী অধিবেশনত যোগ দিবলৈ নিজৰ দেশৰ দাসপ্রথা বিলোপকৰণ সংগঠনৰ প্ৰতিনিধি হিচাপে আহিছিল। তেওঁলোকৰ বাহিৰেও মার্কিন যুক্তৰাজ্যৰ দলটোত কেইবাগৰাকীও মহিলা প্রতিনিধি আছিল। সভাস্থলীত গম পালে মহিলাৰ প্ৰৱেশ নিষেধ। তেওঁলোকৰ বাহিৰে দেশ-বিদেশৰ পৰা অহা আন দলত এগৰাকী ও মহিলা নাছিল। নিজ দেশত পুৰুষৰ সৈতে সমানে অংশগ্রহণ কৰি অহা মার্কিন মহিলাসকলে প্রচণ্ড বাক-বিতণ্ডা কৰাত সভাস্থলীত সোমাবলৈ দিলেও আছুতীয়াকৈ নিৰ্দিষ্ট আসনত বহি কেৱল শুনিবলৈহে অনুমতি দিয়া হয়, সভাৰ কাৰ্যসূচীত যোগ দিবলৈ নহয়। ৰাজহুৱা স্থানত এনে বৈষম্যৰ সন্মুখীন হৈ হতভম্ব মার্কিন মহিলাই তেতিয়াই সিদ্ধাস্ত ললে, দেশলৈ ঘূৰি গৈ এই বিষয়ে আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ষ্টেণ্টন গৃহিণী, সাতটা সন্তানৰ মাতৃ। সেই সময়ত উকিল আৰু দাসপ্রথা বিলোপকৰণ আন্দোলনৰ কৰ্মকৰ্তা স্বামীৰ সৈতে সেই আন্দোলনত কাম কৰিছিল। 

সেয়েহে ১৮৪৮ চনতহে তেওঁ আৰু লুক্ৰেচিয়া মটে সহ-আহ্বায়িকা হৈ ছেনেকা ফল্‌ছ নামৰ ঠাইখনত নাৰীৰ অধিকাৰ বিষয়টো আলোচনার্থে এখন অধিৱেশন অনুষ্ঠিত কৰে। সভাখনত মহিলাৰ সৈতে কিছু সংখ্যক পুৰুষেও আছিল। সভাত পাঠ কৰিবলৈ এলিজাবেথ ষ্টেণ্টনে সহযোগীসকলৰ সৈতে এখন ‘অনুভৱ ঘোষণাপত্র’ প্রস্তুত কৰে। যুক্তৰাজ্যৰ স্বাধীনতাৰ ঘোষণাপত্ৰখনক আৰ্হি হিচাপে লৈ এই ঐতিহাসিক দলিলখনত নাৰীসকলে নাৰীৰ আন্দোলন কৰাৰ যুক্তি আৰু লক্ষ্য-উদ্দেশ্যৰ ব্যাখ্যা দাঙি ধৰে, মহিলাসকলৰ দাবীবোৰৰ সৈতে। সভাত গৃহীত বাৰটা প্ৰস্তাৱৰ সৈতে এইখনেই ছেনেকা ফল্‌ছ ঘোষণাপত্র (Seneca Falls Declaration) বুলি জনাজাত। 

এই দলিলখনত সন্নিৱিষ্ট অন্যতম আৰু পিছলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি অভিহিত মহিলাৰ বাবে ভোটাধিকাৰৰ দাবীটো ষ্টেণ্টনে নিজেই ভৰাই দিছিল ৷ বহুতে এই দাবী অন্তৰ্ভুক্ত কৰাত আপত্তি কৰিছিল, সভাতো এই সম্পর্কে বাক-বিতণ্ডা চলিছিল। সভাত উপস্থিত পুৰুষৰ মাজত একমাত্র কৃষ্ণাংগ পুৰুষ ফ্ৰেডেৰিক ডাগলাছৰ তেজস্বী বক্তৃতাইহে সকলোৰে পৰা সন্মতি অনায়। নিজে এজন মুক্তি পোৱা প্ৰাক্তন দাস ডাগলাছ দাসপ্রথা বিলোপকৰণ আন্দোলনৰ অগ্ৰণী নেতা আৰু নাৰীৰ অধিকাৰে আন্দোলনৰ সমৰ্থক আৰু শুভচিন্তক। তথাপি বহুতে নাৰীৰ অধিকাৰৰ সপক্ষে থিয় দিবলৈ অমান্তি হ’ল, সভাত উপস্থিত তিনিশজনৰ ভিতৰত এক তৃতীয়াংশ‍ইহে চহী দিছিল, তাৰ ভিতৰত দুই তৃতীয়াংশ মহিলা তেনেকুৱা এখন সভাত ছেনো ফল্‌ছত উপস্থিত নথকা চুছান বি এন্টনীয়ে যোগ দি পিছত ষ্টেণ্টনৰ সৈতে লগলাগি দুয়ো মিলি নাৰী আন্দোলনকে আগুৱাই নিবলৈ সম্পূর্ণভাৱে আত্মনিয়োগ কৰে। দুয়োৰে সুন্দৰ যুক্তি এটা হৈছিল– অবিবাহিত এন্টনীয়ে মেল-মিটিঙত  থাকি বক্তৃতা দিছিল, ষ্টেণ্টনে ঘৰুৱা কামৰ মাজে মাজে লিখা-পঢ়া আৰু আনকি এন্টনীৰে বক্তৃতাবোৰো প্ৰস্তুত কৰিছিল এগৰাকী সুবক্তা, আনগৰাকী সুলেখিকা। দুয়ো লগ লাগি নাৰীৰ ভোটাধিকাৰ দাবীৰ বাবে সংগঠন গঢ়ি তুলিছিল- “American Suffragethe Association” আৰু তাৰ নেতৃত্ব দিছিল।

২৪। মার্কিন যুক্তৰাজ্যত নাৰী অধিকাৰ আন্দোলন আৰু ইয়াৰ প্ৰতিক্ৰিয়া সম্পর্কে আলোচনা কৰা। (Discuss the women’s rights movement in the United States and its response.)

উত্তৰঃ ইংলেণ্ডৰ দৰে মাৰ্কিন যুক্তৰাজ্যতো নাৰী অধিকাৰ আন্দোলনৰ হেঁচাত মহিলাসকলৰ অধিকাৰ দাবী এটা এটাকৈ পূৰণ হ’বলৈ ধৰে। আইন অনুসৰি বিবাহিত মহিলাই নিজৰ উপার্জিত আয়ৰ ওপৰত অধিকাৰ পায়। মহিলাৰ বাবে বহুত কলেজ স্থাপন হোৱাত উচ্চ শিক্ষাৰ অধিকাৰ সাব্যস্ত হয়। আব্ৰাহাম লিংকনৰ ৰাষ্ট্ৰপতিত্বত সংঘটিত গৃহযুদ্ধৰ পিছত দাসপ্রথা বিলুপ্ত হোৱাৰ পিছত নাৰীৰ ভোটাধিকাৰৰ দাবীৰ আন্দোলন আৰু তীব্ৰ হৈ উঠে আৰু মহিলাসকলো প্ৰতিজ্ঞাবদ্ধ হোৱাটো স্বাভাবিক। অৱশেষত দাবীটো প্রথম উত্থাপন কৰাৰ সুদীৰ্ঘ সত্তৰ বছৰৰ পিছত যুক্তৰাজ্যৰ সংবিধানৰ ঊনবিংশতম সংশোধনী বিধিৰ দ্বাৰা মার্কিন মহিলাসকলে পুৰুষৰ সৈতে সমানে ভোটাধিকাৰ লাভ কৰে। তেতিয়া ছেলেকা ফ দাবী চনদৰ এশগৰাকী স্বাক্ষৰকাৰীৰ এগৰাকীমানহে জীয়াই আছিল।

আইন সংশোধনী প্রক্রিয়া লেহেম হ’লেও এই সময়ছোৱাৰ ভিতৰত মাৰ্কিন মহিলাৰ জীৱনলৈ আৰু মানসিকতালৈ বহু পৰিৱৰ্তন আহিল। বৌদ্ধিক ক্ষেত্ৰত মাৰ্কিন যুক্তৰাজ্যৰ নাৰীসকল ইউৰোপ আৰু ইংলেণ্ডৰ নাৰীতকৈ পিছপৰি আছিল। নাৰীবাদৰ তত্ত্ব প্ৰকাশৰ ক্ষেত্ৰত উনৈশ শতিকাত মাত্ৰ এগৰাকী নাৰীৰ নাম উল্লেখ কৰিব পাৰি। মাৰ্গাৰেট ফুলাৰে ১৮৪৫ চনত প্ৰকাশ কৰা “বমেন ইন দা নাইণ্টিছ চেঞ্চুৰী’ নামৰ গ্ৰন্থখনত নাৰীবাদীসকলে উত্থাপন কৰা দাবীৰ সন্দৰ্ভত মার্কিন মহিলাৰ সামাজিক অৱস্থান সম্পর্কে বিশ্লেষণ কৰিছিল। কিন্তু ব্যৱহাৰিক দিশত নাৰী আন্দোলনৰ গুৰি ধৰোতাসকলে নাৰীৰ আগত স্বাধীনতাৰ বাট দেখুৱাই দিলে। 

মদ নিবাৰণী আৰু দাস প্রথা বিলোপকৰণ আন্দোলনৰ পিছত নাৰী আন্দোলনত অংশগ্ৰহণৰ জৰিয়তে নাৰীসকলে ৰাজহুৱা জীৱনত অংশগ্ৰহণৰ বাট উলিয়াই লৈছিল– এতিয়া অন্য ক্ষেত্ৰতো নিজৰ অংশগ্ৰহণৰ বাট মোকলালে। শিক্ষাৰ প্ৰসাৰৰ লগে লগে মহিলাৰ বাবে ঘৰৰ বাহিৰত চাকৰি কৰাৰ সুযোগ ওলাল। ঊনৈশ শতিকাতে মার্কিন যুক্তৰাজ্যত দুটা যান্ত্রিক আৱিষ্কাৰে নাৰীৰ জীৱনলৈ অভূতপূৰ্ব পৰিবৰ্তন আনিলে, শিল্প বিপ্লৱে ইউৰোপৰ মহিলাৰ জীৱনলৈ অনাৰ দৰে। এইকেইটা হ’ল চিলাই কল বা ছিঙ্গাৰ মেচিন আৰু টাইপৰাইটাৰ।

এই দুটা যন্ত্ৰৰ বাবে মার্কিন যুক্তৰাজ্যৰ মহিলাৰ সন্মুখত কৰ্ম সংস্থাপনৰ নতুন বাট ওলাল । সাজপাৰ প্ৰস্তুতকাৰী কল-কাৰখানা আৰু চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত চাকৰিয়াল মহিলা আৰু কৰ্মচাৰীৰ সংখ্যা বাঢ়িল, যিহেতু একে ঠাইতে বহি এনে আমনিদায়ক কাম কৰাটো পুৰুষৰ পছন্দৰ নাছিল। কিন্তু এনেবোৰ কাম মহিলাৰ বাবে চিহ্নিত হোৱাৰ নেতিবাচক দিশো আছিল, যিহেতু পুৰুষৰ তুলনাত মহিলা শ্রমিকক কম বেতনত কাম কৰোৱাৰ উপৰি সৰহ সময় খটুওৱাৰ নিয়ম হৈ পৰিল। চিকাগ’ৰ এনে নির্যাতিত শ্রমিক মহিলাই ১৮৬০ চনতে আঠ ঘণ্টীয়া কৰ্মদিনৰ বাবে কৰা ধৰ্ম ঘটটোৱে নাৰী আন্দোলনৰ লগতে শ্রমিক আন্দোলনৰ ইতিহাসত বিশেষ স্থান লাভ কৰে। সি যি নহওঁক, নাৰীৰ বাবে গ্ৰহণযোগ্য কর্ম সংস্থাপনৰ সম্প্ৰসাৰণৰ ফলত নাৰীৰ নিজৰ ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত লোৱাৰ সুযোগ বাঢ়িল।

সেই শতিকাতে বা কুৰি শতিকাৰ আৰম্ভণিতে তেতিয়া মানে নতুন প্ৰযুক্তিৰ উদ্ভাৱনত আগভাগ লোৱা মার্কিন যুক্তৰাজ্যত চাইকেল আৰু মটৰগাড়ীৰ প্ৰযুক্তিৰ আৱিৰ্ভাৱ নাৰী স্বাধীনতাৰ বাবে তাৎপৰ্যপূৰ্ণ হৈ পৰে। নতুনকৈ ঘৰৰ চাৰিবেৰৰ বাহিৰলৈ ওলাবলৈ শিকা মহিলাসকলৰ বাবে স্ব-পৰিচালিত চাইকেলখন যাতায়াতৰ খৰতকীয়া আৰু সহজলভ্য ব্যৱস্থা হৈ পৰে– কোনো জন্তু বা চালকৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ। দেখাত সামান্য যেন লাগিলেও প্রযুক্তি আৰু জীৱন ধাৰণ ব্যৱস্থাৰ সাল-সলনিৰ মাজত চলা ওতঃপ্ৰোত সম্বন্ধৰ তাৎপৰ্য আওকাণ কৰিব নোৱাৰি। ঊনৈশ শতিকাৰ শেষ দশকত মার্কিন যুক্তৰাজ্যত মহিলাৰ মাজত চাইকেল চলোৱাটো জনপ্ৰিয় হোৱাৰ সময়তে ১৮৯৭ চনত অসমৰ নগাঁও চহৰৰ মিছন স্কুলৰ মিছনেৰীৰ পত্নী শ্ৰীমতী জেছী মুৰে স্বামীৰ পৰা লেডিজ চাইকেল এখন উপহাৰ পাই চলাবলৈ শিকে। পুৰুষ আৰু মহিলা মিছনেৰীসকলে অসমৰ ওখোৰা মোখোৰা গাঁৱলীয়া বাটেৰে চাইকেল চলাই ফুৰি মিছনৰ কাম কৰিছিল।

ঘৰৰ বাহিৰত যাতায়াতৰ স্বাধীনতাৰ লগতে ঘৰৰ ভিতৰতো নানা প্ৰযুক্তিৰ প্ৰয়োগে মার্কিন যুক্তৰাজ্যৰ মহিলাৰ জীৱনলৈ আৰু দৃষ্টিভংগীলৈ পৰিৱৰ্তন আনে। ঘৰুৱা শ্ৰম লাঘৱ কৰা যন্ত্ৰ ভেকুৱাম ক্লীনাৰ, ৱাশ্বিং মেচিনৰ আৱিৰ্ভাবে মধ্যবিত্তীয় মহিলাৰ আৰাম আৰু অৱসৰৰ সময় বঢ়াবলে ইয়াৰ নেতিবাচক দিশো নবঢ়া নহয়। ইফালে প্ৰযুক্তি আৰু নতুন জ্ঞানৰ ফলত উদ্ভৱ হোৱা জন্মনিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া জনাজাত হোৱাত মহিলাৰ জীৱনৰ এটা দিশ মহিলাৰ প্ৰজনন ক্ষমতাৰ ওপৰত পিতৃতন্ত্ৰৰ নিয়ন্ত্ৰণৰ কবলৰ পৰা মহিলাই মুক্তি লাভ কৰাৰ বাট ওলাই পৰে। সেই সময়ত নাৰী অধিকাৰ আন্দোলনৰ লক্ষ্য নাৰীক নাগৰিক হিচাপে পুৰুষৰ সৈতে সমতা স্থাপন কৰাটোহে যৌন স্বাধীনতা, প্রজনন ক্ষমতাৰ ওপৰত নিয়ন্ত্রণ, ঘৰুৱা আৰু সামাজিক হিংসা আৰু নিৰ্যাতনৰ পৰা নিস্তাৰ পোৱা আদি বিষয়বোৰ নাৰী আন্দোলনৰ বিষয় বুদ্ধি তেতিয়াও চিহ্নিত হোৱা নাছিল। ভোটাধিকাৰ লাভ কৰাটোৱেই প্ৰথম পৰ্যায়ৰ নাৰী আন্দোলন শেষ লক্ষ্য বুলি লোৱাত ১৯২০ চনৰ পিচত নাৰী সমাজে আন্দোলনৰ পথ এৰি ইতিমধে লাভ কৰা অধিকাৰসমূহ সাব্যস্ত কৰি প্ৰগতিৰ পথত আগবাঢ়ি যায়।

২৫। উপযোগিতাবাদৰ মূল নীতিসমূহ কি কি? (What one the basic principles of utilitarianism?)

উত্তৰঃ উপযোগিতাবাদৰ মূল নীতিসমূহ তলত উল্লেখ কৰা হ’ল–

(ক) সৰ্বাধিক সংখ্যক ব্যক্তিৰ সৰ্বাধিক পৰিমাণ কল্যাণ কামনা কৰা আমাৰ জীৱনৰ নৈতিক আদর্শ।

(খ) সৰ্বসাধাৰণৰ কল্যাণ সাধনেই আচৰণৰ নৈতিক বিচাৰৰ মাপকাঠি। যি কৰ্মই সৰ্বসাধাৰণৰ কল্যাণকৰ হয় সেই কাম ভাল আৰু যি কৰ্মই সৰ্বসাধাৰণৰ কল্যাণকৰ নহয় সেই কাম বেয়া। কৰ্মৰ উপযোগিতাই নৈতিক বিচাৰৰ মাপকাঠি।

(গ) বহুজনৰ সুখ বা কল্যাণৰ মাজেদি ব্যক্তিয়ে শ্রেষ্ঠ সুখ বা আনন্দ পাব পাৰে।

(ঘ) সুখ লাভেই শ্রেষ্ঠ আদর্শ। নিজৰ সুখ আৰু আনৰ সুখৰ মাজত পাৰ্থক্য কৰা উচিত নহয়।

(ঙ) আমাৰ কৰ্তব্য কেৱল নিজৰ কল্যাণ বা সুখ উৎপাদন কৰা নহয়। সাধ্য অনুসৰি আনৰ সুখ বা কল্যাণ উৎপাদন কৰা আমাৰ নৈতিক কর্তব্য।

(চ) সুখ বা কল্যাণৰ মাপকাঠি হ’ল কল্যাণৰ পৰিমাণ। নিজৰ কল্যাণৰ তুলনাত আনৰ কল্যাণৰ পৰিমাণ বেছি হ’লে আনৰ সুখ বা কল্যাণ কামনা বা অনুসন্ধান কৰা যুক্তিযুক্ত।

(ছ) যি কামৰ উদ্দেশ্য বা পৰিণাম ভাল সেই কাম উচিত বা ভাল কাম।

২৬। উপযোগিতাবাদ কাক বোলে? উপযোগিতাবাদৰ শ্ৰেণী বিভাজনসমূহ কি কি? (What is utilitarianism? What are the class divisions of utilitarianism?)

উত্তৰঃ উপযোগিতাবাদ উদ্দেশ্যমূলক নৈতিক মতবাদৰ এটা ভাগ। উপযোগিতাবাদৰ মতে মানুহৰ কামৰ ভাল-বেয়া, উচিত-অনুচিত ইত্যাদি বিচাৰ বা মানদণ্ড নিৰ্ধাৰণ কৰা হয় উপযোগিতাৰ ওপৰত। যি উদ্দেশ্যমূলক নৈতিক মতবাদৰ মতে সৰ্বাধিক লোকৰ সৰ্বাধিক কল্যাণ সাধনেই মানৱ জীৱনৰ পৰম আদৰ্শ তাক উপযোগিতাবাদ বোলে। যি কৰ্মই মানুহৰ কল্যাণ সাধন কৰে, যি ভাল কাম আৰু যি কামে মানুহৰ কল্যাণ নকৰে সেয়া বেয়া কাম। যি কামে বেছি বা অধিক সংখ্যক লোকৰ কল্যাণ সাধন কৰে সেয়া কল্যাণ সাধন নকৰা কামতকৈ কম কল্যাণ সাধন কৰা কামতকৈ অধিক ভাল বা উচিত কৰ্ম হিচাপে নিৰ্ণয় কৰা হয়।

উপযোগিতাবাদৰ মূল বক্তব্য হ’ল– যি কামে সর্বাধিক সংখ্যক লোকৰ সৰ্বাধিক পৰিমাণৰ সুখ উৎপাদন কৰে সেই কাম ভাল আৰু ইয়াৰ বিপৰীতে যি কামে সর্বাধিক সংখ্যক লোকৰ সর্বাধিক সংখ্যক সুখ উৎপাদনৰ উপযোগী নহয়, তেনে কাম বেয়া। উপযোগিতাবাদৰ মূল আধাৰ উপযোগিতাহে সুখ নহয়। এই মতবাদৰ পৃষ্ঠপোষক সকল যেনে– বাটলাৰ, হাইছচনে আনৰ কল্যাণ সাধনক নৈতিক আদৰ্শৰূপে প্ৰচাৰ কৰে। তেওঁলোকৰ লক্ষ্য আছিল সৰ্বাধিক সংখ্যক ব্যক্তিৰ সৰ্বাধিক পৰিমাণৰ সুখ’। উপযোগিতাবাদী দার্শনিক বেন্থাম, মিল, ছিজউইকে সমাজ সংস্কাৰ কৰাৰ উদ্দেশ্যেৰে উপযোগিতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল।

নীতিবিদ ফ্রাংকেনাই উপযোগিতাবাদক তিনিটা ভাগত ভাগ কৰিছে—

(ক) কর্ম উপযোগিতাবাদ।

(খ) নিয়ম উপযোগিতাবাদ। 

(গ) সাধাৰণ উপযোগিতাবাদ।

আন এক দৃষ্টিভংগীৰ পৰা উপযোগিতাবাদক দুটা ভাগত ভাগ কৰিব পাৰি—

(ক) সুখমূলক উপযোগিতাবাদ।

(খ) আদর্শ উপযোগিতাবাদ।

২৭। বেন্থাম আৰু মিলৰ উপযোগিতাবাদৰ মাজত থকা সাদৃশ্যসমূহ কি কি? (What are the similarities between Bentham and Mill’s utilitarianism?)

উত্তৰঃ বেন্থাম আৰু মিলৰ উপযোগিতাবাদৰ মাজত থকা সাদৃশ্যসমূহ হ’ল—

(ক) মিল আৰু বেন্থামৰ উপযোগিতাবাদ সুখমূলক উপযোগিতাবাদ সেয়ে দুয়োটাই মতপোষণ কৰে যে সুখেই মানুহৰ জীৱনৰ পৰম আদৰ্শ। যি কামে সুখ দিয়ে সেই কাম ভাল আৰু যি কামে দুখ নিদিয়ে সেই কাম বেয়া।

(খ) দুয়োটা মতবাদেই পৰসুখবাদী গতিকে সৰ্বাধিক মানুহৰ সৰ্বাধিক কল্যাণেই নৈতিক আদর্শ।

(গ) দুয়োটা মতবাদেই উপযোগিতাৰ ভিত্তি হিচাপে মনোবৈজ্ঞানিক সুখবাদ গ্রহণ কৰে।

(ঘ) দুয়োটা মতবাদেই মনস্তাত্ত্বিক সুখবাদৰ পৰা নৈতিক সুখবাদলৈ উত্তৰণ ঘটাবলৈ চেষ্টা কৰিছে।

(ঙ) দুয়োজনেই স্বাৰ্থপৰতাৰ পৰা পৰাৰ্থপৰতালৈ গতি কৰোতে বাহ্যিক নিয়ন্ত্ৰণৰ কথা কৈছে।

(চ) দুয়োটা মতবাদেই সুখৰ পৰিমাণগত পাৰ্থক্যৰ কথাত একমত পোষণ কৰিছে।

২৮। বেন্থাম আৰু মিলৰ মতৰ মাজত থকা পার্থক্যসমূহ কি কি? (What are the differences between Bentham and Mill’s opinion?) 

উত্তৰঃ বেন্থাম আৰু মিলৰ মতৰ মাজত থকা পাৰ্থক্যসমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি–

(ক) বেন্থাম আৰু মিলৰ উপযোগিতাবাদৰ প্ৰধান পার্থক্যটো হ’ল বেন্থামে বিভিন্ন সুখবোৰৰ মাজত পাৰ্থক্য কেৱল পৰিমাণগত বুলি স্বীকাৰ কৰিছে আৰু মিলে বিভিন্ন সুখবোৰৰ পাৰ্থক্য গুণগত আৰু পৰিমাণগত বুলি স্বীকাৰ কৰিছে। মিলে শাৰীৰিক সুখতকৈ মানসিক সুখক উন্নত স্থান দিছে।

(খ) বেন্থামৰ উপযোগিতাবাদত দৈহিক সুখকেই গুৰুত্ব দিয়া হৈছে কিয়নো তেওঁৰ মতে যি সুখৰ তীব্ৰতা আৰু স্থায়িত্ব বেছি তেনে সুখেই কাম্য। কিন্তু মিলে সুখৰ গুণগত পার্থক্য স্বীকাৰ কৰি মানসিক সুখকেই কাম্য বুলি কৈছে।

(গ) বেন্থাম পৰসুখবাদী যদিও পৰসুখৰ মাজতো নিজৰ স্বসুখৰ লক্ষ্য থাকে বুলি কৈছে। কিন্তু মিলে সৰ্বসাধাৰণৰ সুখকেই লক্ষ্য বুলি স্বীকাৰ কৰিছে।

(ঘ) বেন্থামে স্বসুখৰ পৰা পৰসুখলৈ যোৱাৰ যুক্তিৰূপে চাৰিটা বাহ্য অনুশাসনৰ কথা কৈছে। আনহাতে মিলে বেন্থামৰ এই চাৰিটা বাহ্য অনুশাসনৰ উপৰিও বিবেকৰ আন্তৰিক অনুশাসনৰ কথা কৈছে।

২৯। চমুটোকা লিখা— আদর্শমূলক উপযোগিতাবাদ। (Write short note- Ideal utilitarianism.)

উত্তৰঃ উপযোগিতাবাদৰ যি মতবাদে সুখৰ বাহিৰেও জীৱনৰ আন কিছুমান মানবীয় গুণ জীৱনৰ পৰম আদৰ্শ বা লক্ষ্য বুলি ভাবে তাকেই আদর্শমূলক উপযোগিতাবাদ বোলে। মানবীয় গুণ বুলি কওঁতে— জ্ঞান, সৎ গুণ, চৰিত্ৰ, সত্য আৰু উৎকৃষ্টতা ইত্যাদিক বুজায়। আদর্শমুলক উপযোগিতাবাদৰ সমৰ্থক হিচাপে ৰাশডেল আৰু জি. ই. মুৰৰ নাম ল’ব পাৰি। ৰাশডেলৰ মতে যি কৰ্মই সমগ্ৰ মানৱ জাতিৰ বাবে পৰম শ্ৰেয় উৎপাদনত সহায়ক হয়। অথবা সহায়ক হ’ব পাৰে, য’ত সুখ সন্মিলিত হৈ থাকে কিন্তু সুখতেই সীমাবদ্ধ নহয় সেই কর্মই উচিত কর্ম।

‘Principia Ethica’ত মূৰে শ্রেয়কেই নীতিবিজ্ঞানৰ মূল প্রশ্ন বুলি গণ্য কৰিছে আৰু শ্ৰেয়ৰ আধাৰতেই ‘উচিত’ আৰু ‘কৰ্তব্য’ আদি নৈতিক পদসমূহক ব্যাখ্যা কৰিছে। তেওঁৰ মতে কোনো কৰ্ম কৰা উচিত হয় নে নহয় সেই কথা নিৰ্ভৰ কৰিব কৰ্মৰ ভাল বা শ্ৰেয়ৰ পৰিমাণৰ ওপৰত। যেতিয়া কোনো এটা কামে কোনো বিশেষ পৰিস্থিতিত আন সকলো কামৰ তুলনাত ভাল ফল উৎপন্ন কৰিব পাৰে তেন্তে সেই কান ভাল বা উচিত বুলি বিবেচিত হ’ব। অর্থাৎ কোনো কাম ভাল, উচিত নে অনুচিত, কর্তব্য হয় নে নহয় এইবোৰ নিৰ্ভৰ কৰে কৰ্মটোৰ পৰা উৎপন্ন হোৱা ভাল বা শ্ৰেয়ৰ পৰিমাণৰ ওপৰত। মুৰে সুখক শ্ৰেয় বুলি কোৱা নাই যদিও সুখ, ভাল, সৌন্দর্য, সামাজিক সংহতি ইত্যাদিবোৰক শ্ৰেয়ৰ অন্তৰ্গত বুলি কৈছে। তেওঁৰ মতে শ্ৰেয় হ’ল জগতৰ আটাইতকৈ ভাল, সম্ভাৱনাময় অবস্থান বা পূর্ণতা। মুৰৰ এই মুতবাদকেই আদর্শ উপযোগিতাবাদ বোলে।

৩০। কর্ম উপযোগিতাবাদ কাক বোলে? চমুকৈ খ্যাখ্যা কৰা। (What is act utilitarianism? Briefly explain.)

উত্তৰঃ ফ্ৰেংকেনাৰৰ মতে কোনো বিশেষ কৰ্ম যে উচিত আৰু সঠিক কৰ্ম তাক নিৰ্ধাৰণ কৰা হ’ব পোনপটীয়াকৈ তাৰ উপযোগিতাৰ জোখেৰে। অৰ্থাৎ কোনো কৰ্ম উচিত বা সঠিক হয় নে নহয় তাক নির্ণয় কৰিবলৈ ব্যক্তিয়ে বিচাৰ কৰিব লাগিব যে সেই বিশেষ পৰিস্থিতিত মানবোৰ কামৰ তুলনাত জগতত অকল্যাণতকৈ বেছি কল্যাণ সাধন কৰিব পাৰে নে নোৱাৰে। তেওঁৰ মতে কোনো বিশেষ কাম বিশেষ পৰিস্থিতিত বহুজনৰ কল্যাণ কৰিলে সেই কাম ভাল বা উচিত কাম আৰু বিপৰীতে বহুজনৰ কল্যাণ সাধন নকৰিলে সেইটো বেয়া বা অনুচিত কাম।

এই মতবাদে নিম্নলিখিত বিষয়সমূহত গুৰুত্ব দিছে। সেইবোৰ হ’ল— 

(ক) কোনো বিশেষ পৰিস্থিতিত বিশেষ কাম।

(খ) সেই বিশেষ পৰিস্থিতিত বিশেষ কামটোৱে কিমান কল্যাণ বা উপকাৰ সাধন কৰিব পাৰিছে।

(গ) অন্যান্য কামসমূহৰ লগত তুলনা।

 (ঘ) কল্যাণ আৰু অকল্যাণৰ জোখ।

এই মতবাদক কর্ম উপযোগিতাবাদ এইবাবেই কোৱা হয় যে বিশেষ কৰ্মক বিশেষ পৰিস্থিতিত তাৰ উপযোগিতাক তুলনাত্মক জোখেৰে উচিত বা অনুচিত নিৰ্ণয় কৰা হয়।

কর্ম উপযোগিতাবাদ দুই প্ৰকাৰৰ— সীমিত কর্ম উপযোগিতাবাদ আৰু সাৰ্বজনীন কর্ম উপযোগিতাবাদ।

সীমিত কর্ম উপযোগিতাবাদৰ মতে কোনো কাম কোনো বিশেষ গোষ্ঠী বা সমুদায়ৰ কল্যাণ যদি কোনো বিশেষ পৰিস্থিতিত অধিক বা সার্বিক কল্যাণ বা উপযোগিতা দিব পাৰে তেন্তে তেনে কাম ভাল বা উচিত কাম। আনহাতে যি মতবাদৰ মতে যি কৰ্মই সার্বজনীনভাৱে সকলোৰে সৰ্বাধিক কল্যাণ সাধন কৰে তাকেই সার্বজনীন কর্ম উপযোগিতাবাদ বোলে।

এই মতবাদৰ প্ৰধান অভিযোগসমূহ হ’ল—

(ক) কর্ম উপযোগিতাবাদে কোনো কৰ্মৰ মূল্য নিৰ্ধাৰণ কৰোঁতে কৰ্ম নিয়মৰ ওপৰত গুৰুত্ব দিয়া নাই।

(খ) এই মতবাদৰ মতে ব্যৱহাৰিক জীৱনত কামৰ উচিত-অনুচিত নিৰ্ধাৰণ কৰাত অসুবিধা হয়। কাৰণ প্ৰত্যেক কৰ্মৰ তৎকালীন আৰু ভৱিষ্যতৰ পৰিণাম নিশ্চিতৰূপে জনা বা অনুমান কৰা প্ৰায় অসম্ভব। কোন কৰ্মৰ দ্বাৰা অধিকতম কল্যাণ সাধন হ’ব আৰু কোন কৰ্মৰ দ্বাৰা কল্যাণ সাধন নহ’ব তাক সঠিকভাৱে নিৰ্ধাৰণ কৰা সহজ নহয়। গতিকে এই মতবাদৰ ব্যৱহাৰিক জীৱনত কোনো মূল্য নাই।

(গ) কর্ম উপযোগিতাবাদে মানৱ জীৱনৰ কিছুমান মূল নৈতিক সিদ্ধান্তক সম্পূৰ্ণৰূপে উপেক্ষা কৰে। কৰ্ম নীতি উল্লেখ নাথাকিলে কোনো কৰ্মৰ নৈতিক বিচাৰ কৰা সম্ভৱ নহয়। 

(ঘ) কর্ম-উপযোগিতাবাদ মানি ল’লে বহুতো অনুচিত কর্ম প্রশংসীয় বা উচিত কৰ্ম বুলি বিবেচিত হ’ব, যিটো আমাৰ সাধাৰণ বুদ্ধিৰ দ্বাৰা সমৰ্থন কৰা নাযায়। গতিকে কর্ম উপযোগিতাবাদ নৈতিক আদর্শ সম্পর্কীয় সন্তোষজনক মতবাদ নহয়।

৩১। নিয়ম উপযোগিতাবাদ কাক বোলে? (What is rule utilitarianism?)

উত্তৰঃ নিয়ম উপযোগিতাবাদৰ মতে আমি কেৱল সেই কাম কৰা উচিত যি কামে কোনো সামান্য নিয়ম অনুসৰণ কৰে আৰু যি কামৰ দ্বাৰা বাস্তৱত অধিকতম কল্যাণ বা উপযোগিতা পোৱা যায়। এই মতবাদৰ মূল কথাকেইটা হ’ল–

(ক) আমি সেই কাম কৰা উচিত যি কামে কোনো সামান্য নিয়ম অনুসৰণ কৰে।

(খ) যি নিয়মৰ দ্বাৰা কামৰ বাস্তৱত অধিক কল্যাণ সাধন হয় বা উপযোগিতা প্ৰদান কৰে। 

কর্ম উপযোগিতাবাদক সমৰ্থন কৰা দাৰ্শনিকসকল হ’ল— বাৰ্কলি, ব্ৰণ্ড আৰু মিল। নিয়ম উপযোগিতাবাদৰ গুৰুত্বপূৰ্ণ কথাটো হ’ল- যি নিয়মৰ দ্বাৰা কাম কৰা হয় তাৰ অধিকতম উপযোগিতা আছে নে নাই। নিয়ম উপযোগিতাবাদে বিশেষ পৰিস্থিতিত যি সামান্য নিয়ম অনুসৰণ কৰিলে সৰ্বাধিক কল্যাণ সাধন হয়, মানুহে সেই সামান্য নিয়ম অনুসৰণ কৰা উচিত বুলি ভাবে।

নিয়ম উপযোগিতাবাদ তিনি প্ৰকাৰৰ—

(ক) আদি নিয়ম উপযোগিতাবাদ।

(খ) বাস্তৱ নিয়ম উপযোগিতাবাদ।

(গ) আদর্শ নিয়ম উপযোগিতাবাদ।

নিয়ম উপযোগিতাবাদ গ্রহণযোগ্য নহয় কাৰণ—

(ক) ‘উপযোগিতা’ শব্দটোৰ সঠিক অৰ্থ নিৰ্ধাৰণ কৰা হোৱা নাই। তদুপৰি ‘অধিকতম উপযোগিতা’ কথাটোৰ স্পষ্ট আৰু নিৰ্দিষ্ট অৰ্থ নিৰ্ধাৰণত যথেষ্ট অসুবিধা আছে। এই শব্দবোৰৰ যথার্থ বা সঠিক অর্থ নিৰ্ধাৰণ নকৰাকৈ কৰ্মৰ বিষয় সম্বন্ধে একো সঠিককৈ ক’ব নোৱাৰি।

(খ) সকলো মানুহৰ জ্ঞান-বুদ্ধি, কর্ম দক্ষতা বেলেগ বেলেগ। গতিকে কোনো নিয়ম নিৰ্ধাৰণ কৰোতে কোনটো সঠিকভাবে প্রযোজ্য হয় তাক নিৰ্ণয় কৰা যথেষ্ট জটিল। এই জটিল বিষয়টো নিয়ম উপযোগিতাবাদে গুৰুত্ব দিয়া নাই।

(গ) এই মতবাদে দিয়া নিয়মসমূহ সৰ্বাধিক লোকৰ সার্বিক কল্যাণ সাধন কৰিব পাৰিব নে নাই তাত সন্দেহৰ অৱকাশ আছে। গতিকে এই মতবাদ সন্তোষজনক নহয়।

৩২। চমুটোকা লিখা— সাধাৰণ উপযোগিতাবাদ। (Write short note-General utilitarianism.) 

উত্তৰঃ সাধাৰণ উপযোগিতাবাদ অনুসৰি কোনো নিৰ্দিষ্ট পৰিস্থিতিত সকলোৱে যদি কোনো এটা নিৰ্দিষ্ট কাম কৰে আৰু তাৰ ফল যদি ভাল হয় তেনেহ’লে সেই কৰ্মৰ উপযোগিতা আছে। সাধাৰণ উপযোগিতাবাদৰ মূল প্ৰশ্নটো হ’ল— কোনো পৰিস্থিতিত সকলোৱে যদি এই একে ধৰণৰ কাম কৰে, তেনেহ’লে তাৰ ফলত অধিকতম কল্যাণ সাধন হ’বনে নাই? আমাৰ দৈনন্দিন নৈতিক জীৱনত প্ৰায় এনে প্ৰশ্নৰ সন্মুখীন হওঁ। সেইকাৰণে সাধাৰণ উপযোগিতাবাদৰ লগত আমাৰ নৈতিক জীৱনৰ সংগতি আছে। ফ্রাংকেনাও এই কথা স্বীকাৰ কৰিছে। তেওঁৰ মতে ‘সকলোৱে এনে কৰিলে কি হ’ব?’ ইয়াৰ অৰ্থ হ’ল সকলোৱে এনে কৰিলে পৰিণাম ভাল হ’ব পাৰে বা বেয়াও হ’ব পাৰে। সাধাৰণ উপযোগিতাবাদৰ আঁৰত যি ধাৰণাই কাম কৰিছে সি হ’ল— কোনো কাম যদি এটা পৰিৱেশত এজনৰ বাবে ভাল হয়, তেনেহ’লে অন্য কোনোবাই একেই কৰিলেও ভাল হ’ব। সাধাৰণ উপযোগিতাবাদৰ মতে সকলোৱে যদি কর্ম উপযোগিতাবাদৰ ভিত্তিত এই ধৰণেৰে কাম কৰিব বিচাৰে, তেনেহ’লে সিহঁতৰ সিদ্ধান্তসমূহ সংস্কাৰ, আবেগ, অজ্ঞতা ইত্যাদিৰ দ্বাৰা বিভ্ৰান্ত হ’ব। সাধাৰণ উপযোগিতাবাদৰ শেষ উত্তৰ হ’ব এই নিয়মৰ প্ৰতি আৱেদন। যদি এটা কাম মোৰ ক্ষেত্ৰত সঠিক হয় তেনেহ’লে একেই পৰিস্থিতিত অৱস্থিত, যিকোনো ব্যক্তিৰ ক্ষেত্ৰত কামটো সঠিক হ’ব। সাধাৰণ উপযোগিতাবাদে যি নিয়মৰ উল্লেখ কৰিছে সি উপযোগিতাৰ নিয়ম নহয়, উপযোগিতাৰ নিয়মৰ পৰা অনুসৃতও নহয়, সি এক স্বতন্ত্র নিয়ম।

৩৩। উপযোগিতাবাদৰ বিভিন্ন শ্রেণীবিভাগ সম্পর্কে আলোচনা কৰা। (Discuss the different classifications of utilitarianism?)

উত্তৰঃ উপযোগিতাবাদ হ’ল এক প্ৰকাৰৰ উদ্দেশ্যমূলক নৈতিক মতবাদ। যি নৈতিক মতবাদ অনুসৰি সৰ্বাধিক কল্যাণ সাধনেই মানৱ জীৱনৰ পৰম আদৰ্শ তাক উপযোগিতাবাদ বোলা হয়। ফ্রাংকেনাৰ মতে উপযোগিতাবাদ হ’ল এনে এক নৈতিক মতবাদ যি মতবাদ কোনো এটা কৰ্মৰ নৈতিক মূল্য সর্বাধিক সংখ্যক ব্যক্তিৰ সৰ্বাধিক পৰিমাণ কল্যাণ বা উপযোগিতা উৎপাদনৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰণ কৰে। যি কৰ্মই সৰ্বসাধাৰণৰ কল্যাণ কৰে সি ভাল কাম আৰু যি কৰ্মই সৰ্বসাধাৰণৰ কল্যাণ সাধন নকৰে সি বেয়া কাম।

ফ্রাংকেনাই তেওঁৰ ‘Ethics’ গ্ৰন্থত উপযোগিতাবাদক তিনিটা শ্ৰেণীত ভাগ কৰিছে। সেইবোৰ হ’ল— কর্ম উপযোগিতাবাদ, নিয়ম উপযোগিতাবাদ আৰু সাধাৰণ উপযোগিতাবাদ।

যি উপযোগিতাবাদ অনুসৰি কোনো বিশেষ কাম উচিত নে অনুচিত তাক নিৰ্ধাৰণ কৰা হ’ব তাৰ উপযোগিতাৰ জোখেৰে। এই বিশেষ পৰিস্থিতি পদ্ধতিক কর্ম উপযোগিতাবাদ বোলে। কোনো বিশেষ কর্ম বিশেষ পৰিস্থিতিত বহুজনৰ উপযোগী বা উপকাৰী হ’লে সি হ’ব ভাল বা উচিত কৰ্ম আৰু উপযোগী বা উপকাৰী নহ’লে সি হ’ব বেয়া বা অনুচিত কর্ম। কর্ম উপযোগিতাবাদক সংক্ষেপে AU (Act utilitarianism) বোলা হয়। কর্ম উপযোগিতাবাদ কেৱল কোনো কৰ্মৰ অধিকতম উপযোগিতাৰ ওপৰত গুৰুত্ব দিয়ে, কৰ্মটো নিয়ম অনুসৰি হ’ল নে নাই এই প্ৰশ্নৰ কোনো গুৰুত্ব নাই। এই মতবাদ অনুসৰি যদি কোনো বিশেষ পৰিস্থিতিত নিয়ম বিৰুদ্ধ কর্ম অধিক মানুহৰ কল্যাণ সাধন কৰে, তেনেহ’লে আমি সেই কৰ্ম কৰিব লাগিব। 

যিকোনো পৰিস্থিতিত যিকোনো কৰ্ম কৰাৰ আগত আমি কেৱল সেইটোৱে বিচাৰ কৰিব লাগিব যে সেই বিশেষ পৰিস্থিতিত সেই কৰ্মৰ অধিকতম উপযোগিতা আছে নে নাই। কর্ম উপযোগিতাবাদক দুটা ভাগত ভাগ কৰিব পাৰি— সীমিত কৰ্ম উপযোগিতাবাদ আৰু সার্বজনীন কর্ম উপযোগিতাবাদ। সীমিত কর্ম উপযোগিতাবাদ অনুসৰি কোনো কৰ্মৰ অধিকতম উপযোগিতা বিচাৰ কৰা হ’ব কোনো বিশেষ সমুদায় বা গোষ্ঠীৰ কল্যাণৰ ভিত্তিত। সার্বজনীন কৰ্ম উপযোগিতাবাদ অনুসৰি কেৱল সেই কৰ্ম উচিত বা ভাল যি কর্মই সম্পূৰ্ণ মানৱ জাতিৰ অধিকতম কল্যাণ সাধন কৰে।

কৰ্ম উপযোগিতাবাদৰ প্ৰধান দোষসমূহ হ’ল—

(ক) এই মতবাদৰ প্ৰধান দোষ এয়ে যে এই মতবাদে কোনো কৰ্মৰ মূল্যাংকন কৰাৰ সময়ত কৰ্ম নিয়মক গুৰুত্ব দিয়া নাই।

(খ) এই মতবাদৰ দ্বাৰা ব্যৱহাৰিক জীৱনত ঔচিত্য-অনৌচিত্য নিৰ্ধাৰণ কৰা কঠিন। কাৰণ প্রত্যেক কৰ্মৰ তৎকালীন আৰু ভৱিষ্যতৰ পৰিণাম নিশ্চিতৰূপে জনা বা অনুমান কৰা প্ৰায় অসম্ভৱ।

(গ) কৰ্ম উপযোগিতাবাদৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে বাটলাৰ আৰু ৰছে। কৰ্ম উপযোগিতাবাদ মানৱ জীৱনৰ কিছুমান মূল নৈতিক সিদ্ধান্তক সম্পূৰ্ণৰূপে উপেক্ষা কৰে। কৰ্ম নীতি উল্লেখ নাথাকিলে কোনো কৰ্মৰ নৈতিক বিচাৰ কৰা সম্ভৱ নহয়। 

(ঘ) কর্ম উপযোগিতাবাদ মানি ল’লে বহুতো অনুচিত কর্ম উচিত কৰ্ম বুলি বিবেচিত হ’ব যিটো সমৰ্থন কৰা নাযাব।

উপযোগিতাবাদৰ যি মতবাদ অনুসৰি আমি কেবল সেই কৰ্ম কৰা উচিত যি কর্ম কোনো সামান্য নিয়ম অনুসৰণ কৰে আৰু যাৰ দ্বাৰা বাস্তৱত অধিকতম কল্যাণ সাধন কৰা যায় তাক নিয়ম উপযোগিতাবাদ বোলা হয়। এই মতবাদ অনুসৰি আমি কেৱল সেই কৰ্ম কৰিব লাগিব যিটো কোনো সামান্য নিয়মৰ অনুৰূপ আৰু বাস্তবত অধিকতম উপযোগিতা আছে। নিয়ম উপযোগিতাবাদক সংক্ষেপে RU (Rule utilitarianism) বুলি জনা যায়। নিয়ম উপযোগিতাবাদৰ মতে বিশেষ বিশেষ ক্ষেত্ৰত আমাৰ কি কৰণীয় সেইটো নিয়মৰ দ্বাৰাই নিৰ্ধাৰিত হয়। নিয়ম উপযোগিতাবাদৰ মতে গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল— “যি নিয়মৰ ছাৰা এই কাম কৰা হয় তাৰ অধিকতম উপযোগিতা আছে নে নাই”। 

নিয়ম উপযোগিতাবাদ অনুসৰি বিশেষ পৰিস্থিতিত যি সামান্য নিয়ম অনুসৰণ কৰিলে সর্বাধিক কল্যাণ সাধন হয় আমি সেই সামান্য নিয়ম অনুসৰণ কৰা উচিত। নিয়ম উপযোগিতাবান তিনি প্ৰকাৰৰ হ’ব পাৰে আদি নিয়ম উপযোগিতাবাদ, বাস্তৱ নিয়ম উপযোগিতাবাদ আৰু আদৰ্শ নিয়ম উপযোগিতাবাদ। আদি নিয়ম উপযোগিতাবাদ প্রকৃততে সাধাৰণ উপযোগিতাবাদৰেই এটা ভিন্ন ৰূপ। বাস্তৱ নিয়ম উপযোগিতাবাদ হ’ল সেই মতবাদ য’ত প্রচলিত নিয়ম অনুসৰণ কৰি কৰ্মৰ উচিত-অনুচিত বিচাৰ কৰা হয়। আদৰ্শ উপযোগিতাবাদৰ দুটা ৰূপ আছে— প্ৰথম ৰূপ অনুসৰি এটা কৰ্ম উচিত হ’ব যদি আৰু যদিহে সি নিয়ম ধাৰা মানি চলে যিবিলাক মানিলে সর্বোচ্চ উপযোগিতা প্রতিষ্ঠিত হ’ব। দ্বিতীয় ৰূপটো অনুসৰি এটা কৰ্ম উচিত হ’ব যদি আৰু যদিহে সি কিছুমান নিয়ম অনুযায়ী হয়, যিবিলাক সাধাৰণভাৱে গ্ৰহণ কৰিলে সর্বোচ্চ উপযোগিতা প্রতিষ্ঠিত হ’ব।

নিয়ম উপযোগিতাবাদ সন্তোষজনক নহয়। নিয়ম উপযোগিতাবাদৰ বিৰুদ্ধে প্ৰথমটো আপত্তি হ’ল অধিকতম উপযোগিতা কথাটো বাস্তৱত অস্পষ্ট। নিয়ম উপযোগিতাবাদে যিবিলাক নিয়মৰ উল্লেখ কৰে সেইবোৰ সৰ্বাধিক লোকৰ সৰ্বাধিক কল্যাণ সাধনৰ সহায়ক হয় নে নহয়— এই সম্পর্কে সন্দেহ আছে।

সাধাৰণ উপযোগিতাবাদ অনুসৰি কোনো নিৰ্দিষ্ট পৰিস্থিতিত সকলোৱে যদি কোনো এটা নিৰ্দিষ্ট কাম কৰে আৰু তাৰ ফল যদি ভাল হয়, তেনেহ’লে সেই কৰ্মৰ উপযোগিতা আছে। সাধাৰণ উপযোগিতাবাদ যি প্ৰশ্নৰ লগত জড়িত সেই প্ৰশ্নটো হ’ল— এই পৰিস্থিতিত সকলোৱে যদি এই ধৰণৰ কাম কৰে, তেনেহ’লে তাৰ পৰিণতিত অধিকতম কল্যাণ সাধন হ’ব নে নহয়? সাধাৰণ উপযোগিতাবাদৰ লগত আমাৰ নৈতিক জীৱনৰ সংগতি আছে। সাধাৰণ উপযোগিতাবাদৰ মূল কথা হ’ল— কোনো কাম যদি এটা পৰিৱেশত এজনৰ বাবে ভাল হয়, তেনেহ’লে অন্য কোনোবাই একেই কাম কৰিলেও ভাল হ’ব। যদি এটা কাম মোৰ ক্ষেত্ৰত সঠিক হয়, তেনেহ’লে একেই পৰিস্থিতিত অবস্থিত, যিকোনো ব্যক্তিৰ ক্ষেত্ৰত কামটো সঠিক হ’ব। সাধাৰণ উপযোগিতাবাদে যি নিয়মৰ উল্লেখ কৰিছে সি উপযোগিতাৰ নিয়ম নহয়, উপযোগিতাৰ নিয়মৰ পৰা অনুসৃতও নহয়, সি এক স্বতন্ত্র নিয়ম। গতিকে ক’ব পৰা যায় যে সাধাৰেণ উপযোগিতাবাদ সেই নিয়মৰ প্ৰতি আবেদন কৰি উপযোগিতাক বাদ দি অন্য কোনো নৈতিক নিয়মৰ প্ৰতি আবেদন জনাইছে।

৩৪। মিলৰ উপযোগিতাবাদ সম্পর্কে আলোচনা কৰা। (Discuss about Mill’s utilitarianism?) 

উত্তৰঃ মিলৰ উপযোগিতাবাদক মাৰ্জিত পৰসুখবাদ বুলিও কোৱা হয়। মিলে বেন্থামে দিয়া অমার্জিত নৈতিক পৰসুখবাদ বা উপযোগিতাবাদক অধিক যুক্তিসংগত আৰু বিকশিত ৰূপত প্ৰতিষ্ঠা কৰিছে। মিলৰ উপযোগিতাবাদ এক প্ৰকাৰৰ পৰসুখ উপযোগিতাবাদ। মিলেও সুখকেই মানৱ জীৱনৰ পৰম আদৰ্শ আৰু সেই সুখ “সৰ্বাধিক লোকৰ সৰ্বাধিক সুখ বুলি কৈছে”। প্রকৃতপক্ষে উপযোগিতা নামটো মিলেই জনপ্ৰিয় কৰি তুলিছে।

মিলৰ মতে যি কামে অধিকতম সুখ বা আনন্দ দিব পাৰে সেই কাম ভাল আৰু যি কামে অধিকতম সুখ বা আনন্দ দিব নোৱাৰে সেই কাম বেয়া। তেওঁৰ মতে মানুহৰ কামৰ একমাত্ৰ লক্ষ্য হ’ল আনন্দ। গতিকে জীৱনৰ লক্ষ্য হ’ল দুখৰ পৰা মুক্তি আৰু সুখ লাভ। তেওঁৰ মতে মানুহৰ কাম্য যেনে— ধন, স্বাস্থ্য, ঐশ্বর্য, বল এই সকলোবোৰেই সুখ লাভৰ উপায়।

মিলে “Utilitarianism” গ্ৰন্থত কৈছে— “কোনো বস্তুক কামনা কৰা আৰু তাক সুখদায়ক বুলি দেখা আৰু কোনা বস্তুৰ প্ৰতি বিতৃষ্ণা হোৱা আৰু তাক দুখদায়ক বুলি ভাবা সম্পূর্ণ অবিচ্ছেদ্য ঘটনা বা একে ঘটনাৰে দুটা অংশ”। গতিকে সুখেই মানুহৰ পৰম কাম্য বস্তু। মিলে সুখৰ গুণগত পার্থক্য মানি লৈছে কিন্তু বেন্থামৰ দৰে পৰিমাণগত পার্থক্য মানি লোৱা নাই। সুখৰ গুণগত মান সম্পৰ্কত তেওঁ মন্তব্য কৰিছে যে- “উপযোগিতা সূত্ৰৰ লগত এই কথা স্বীকাৰ কৰা সম্পূৰ্ণকৈ সংগতিপূর্ণ যে কোনো কোনো সুখ অন্যবোৰতকৈ অধিক কাম্য আৰু মূল্যবান। অন্য সকলো বস্তুৰ মূল্য নির্ণয়ত পৰিমাণৰ লগে লগে গুণকো লেখত লোৱা হয়, তেস্তে সুখৰ মূল্য নির্ণয়ৰ ক্ষেত্ৰত অকল পৰিমাণৰ ওপৰত নিৰ্ণয় কৰাটো অসম্ভৱ কথা”। এনেদৰে সুখৰ গুণগত পার্থক্য মানি লোৱা বাবে মিলৰ সুখবাদক মাৰ্জিত উপযোগিতাবাদ বোলে।

মিলে সুখৰ গুণগত পার্থক্য মানি লোৱা বাবে তেওঁৰ মতবাদক মাৰ্জিত উপযোগিতাবাদ নামেৰে জনা যায়। বেন্থামৰ তুলনাত মিলৰ পৰসুখবাদ বেছি সাৰ্বজনীন। তেওঁৰ মতে উপযোগিতাৰ মান হ’ল— সামগ্ৰিকভাৱে সৰ্বাধিক পৰিমাণৰ সুখ, কৰ্তাৰ সৰ্বোচ্চ সুখ নহয়। ব্যক্তিগত সুখতকৈ সামগ্রিক সৰ্বাধিক সুখক উপযোগিতাৰ মান হিচাপে মানি লৈছে।

মিলৰ মতবাদ নৈতিক সুখবাদ কিন্তু নৈতিক পৰসুখবাদ। নৈতিক পৰসুৰবাদী হিচাপে মিলে কেছে, সর্বসাধাৰণৰ সুখেই মানুহৰ কাম্য। সৰ্বসাধাৰণৰ সুখ হ’ল নৈতিক আদর্শ। সর্বাধিক নুহৰ সৰ্বাধিক সুখ হ’ল মানৱ জীৱনৰ পৰম লক্ষ্য। এই লক্ষ্যপ্রাপ্তি সম্পৰ্ভত মিলে তিনিটা যুক্তি আগবঢ়াইছে—

(ক) ন্যায়গত যুক্তি।

(খ) মনস্তাত্বিক যুক্তি।

(গ) অন্তৰৰ নিয়ন্ত্ৰণৰ যুক্তি।

(ক) ন্যায়গত যুক্তি : আত্মসুখৰ পৰা পৰমুখলৈ যোৱা যুক্তিটো হ’ল— প্রত্যেক ব্যক্তিৰ নিজৰ সুখ, তেওঁৰ নিজৰ পক্ষে ভাল। গতিকে সৰ্বসাধাৰণৰ সুখ সৰ্বসাধাৰণৰ বাবে ভাল। অর্থাৎ তেওঁৰ মতে যি যুক্তিত নিজৰ সুখ নিজে কামনা কৰে একে যুক্তিৰ খাতিৰত সিদ্ধান্ত কৰিব পাৰি যে সকলো ব্যক্তিয়ে সকলোৰে সুখৰ কামনা কৰে।

(খ) মনস্তাত্ত্বিক যুক্তি : এই যুক্তিটোৰ নাম স্বাৰ্থৰ স্থানান্তব নীতি। স্বাৰ্থৰ স্থানান্তৰকৰণৰ ফলত পৰাৰ্থবোধৰ উদ্ভৱ হয়। মানুহ সামজিক প্রাণী। সেয়েহে কেৱল নিজৰ স্বাৰ্থ বা সুখ কাম্য হলেও আনৰ সুখৰ প্ৰতি উদাসীন হ’ব নোৱাৰে। অৰ্থাৎ নিজৰ সুখ কামনাৰ লগতে আনৰ সুখৰ কামনা কৰে। অৰ্থাৎ স্বসুখবাদ পৰমুখবাদলৈ উত্তৰণ হয়।

(গ) অন্তৰৰ নিয়ন্ত্ৰণৰ যুক্তি : আনৰ হিতৰ বাবে বা পৰাৰ্থপৰতাৰ বাবে বেন্থামৰ বাহ্যিক নিয়ন্ত্রণ বা অনুশাসন যেনে— জাগতিক, সামাজিক, ৰাষ্ট্ৰীয় আৰু ধৰ্মীয় এইকেইটা স্বীকাৰ কৰাৰ উপৰি মিলে আন এটা নৈতিক নিয়ন্ত্রণ বা অনুশাসনৰ কথা উল্লেখ কৰিছে। মিলৰ মতে বাহ্যিক নিয়ন্ত্ৰণৰ দ্বাৰা পৰাৰ্থপৰতাক ব্যাখ্যা কৰিব পৰা নাযায়। আত্মনিয়ন্ত্ৰণ আহে অন্তৰৰ পৰা। মানুহৰ অন্তৰৰ কিছুমান গুণ হ’ল মানৱতা, প্রেম, দয়া, কর্তব্যবোধ, একাত্মতা, ভাতৃত্ববোধ, আত্মসংযম ইত্যাদি। এইবোৰৰ বাবেই মানুহ এজনে আনজনৰ পৰা সুখ কামনা কৰে। মিলে ইয়াকে আন্তৰৰ নিয়ন্ত্ৰণ বুলি কৈছে। 

মিলৰ উপযোগিতাবাদৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল সুখৰ গুণগত পার্থক্য স্বীকাৰ কৰাটো। মিলে কেৱল সুখৰ পৰিমাণগত পার্থক্যকেই স্বীকাৰ কৰা নাই, বিভিন্ন সুখৰ মাজত থকা গুণগত পার্থক্যও স্বীকাৰ কৰিছে। মিলৰ মতে বিভিন্ন সুখৰ মাজত গুণগত পার্থক্য আছে আৰু মানুহৰ উচিত উন্নতমানৰ সুখ কামনা কৰা। মিলৰ মত অনুসাৰে সুখৰ মূল্য বিচাৰৰ সময়ত গুণগত দিশটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। পৰিমাণৰ ওপৰত বেছি গুৰুত্ব দিলে দৈহিক সুখ কাম্য বুলি বিবেচিত হ’ব আৰু ফলত মানুহ আৰু পশুৰ মাজত কোনো পার্থক্য নাথাকিব। গতিকে সুখৰ গুণগত পার্থক্য স্বীকাৰ মিলৰ মতবাদৰ অন্যতম বৈশিষ্ট্য। এইবাবে মিলৰ মতবাদক মাৰ্জিত উপযোগিতাবাদ বোলা হয়।

মিলৰ মতবাদ বেন্থামৰ মতবাদৰ তুলনাত কিছু উন্নত যদিও এই মতবাদ সন্তোষজনক মতবাদ নহয়। এই মতবাদৰ বিৰুদ্ধে থকা আপত্তিসমূহ হ’ল—

(ক) মিলৰ উপযোগিতাবাদ মনোবৈজ্ঞানিক সুখবাদৰ দোষেৰে দোষী। কিয়নো এই মতবাদ মনস্তাত্ত্বিক সুখবাদৰ ওপৰত ভিত্তি কৰি গঢ় লৈছে।

(খ) সুখ আৰু আনন্দ একে নহয়। কিন্তু মিলে সুখ আৰু আনন্দ একে কৰি পেলাইছে। আনন্দ সুখৰ ওপৰৰ পৰ্যায়। সুখ এক মানসিক অনুভৱ আৰু সেয়ে নৈতিক মান হ’ব নোৱাৰে। 

(গ) মিলৰ মতবাদ প্রকৃতিবাদী দোষেৰে দোষমুক্ত। দার্শনিক মূৰে সমালোচনাত কৈছে যে— মিলে ‘সুখ কামনা কৰা হয়;  এই বৰ্ণনাত্মক বাক্যৰ পৰা ‘সুখ কামনা কৰা উচিত’ এই উচিতাৰ্থক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মিলৰ উপযোগিতাবাদ প্রকৃতিবাদী দোষেৰে দোষযুক্ত হৈছে।

(ঘ) মিলৰ স্বাৰ্থৰ স্থানান্তৰকৰণৰ নীতিৰ সহায়ত স্বাৰ্থপৰতাৰ পৰা পৰাৰ্থপৰতাৰ উৎপত্তিৰ ধাৰণাটোও অবাস্তৱ । কিয়নো পৰাৰ্থপৰতা উচ্চতৰৰ মানসিক বোধ।

(ঙ) বেন্থামৰ বাহ্য নিয়ন্ত্রণ গ্রহণযোগ্য নোহোৱাৰ দৰেই অন্তৰ নিয়ন্ত্রণো গ্রহণযোগ্য নহয়। কিয়নো য’ত বাধ্যতাৰ প্ৰশ্ন তাত নৈতিকতা থাকিব নোৱাৰে।

৩৫। উদাৰ নাৰীবাদী হিচাপে মিলৰ ওপৰত এটা চমু টোকা লিখা। (Write a short note on Mill as a liberal feminist.) 

উত্তৰঃ জন ষ্টুৱাৰ্ট মিলে নাৰীবাদক উদাৰ আৰু গণতান্ত্রিক সমাজ গঢ়াৰ বাবে আটাইতকৈ মৌলিক নীতি হিচাপে গণ্য কৰিছিল। নাৰীমুক্তিৰ প্ৰতি তেওঁৰ আগ্ৰহ প্ৰণালীবদ্ধ আৰু নিৰন্তৰ আছিল। এইটোও মন কৰাটো অতি গুৰুত্বপূৰ্ণ যে তেওঁ কেবল তাত্বিক আৰু দার্শনিকভাৱেই নহয়, এজন প্ৰচাৰক আৰু ৰাজনীতিবিদ হিচাপেও এই বিষয়টোত কাম কৰিছিল। যিদৰে সকলোৱে জানে, মিল এজন সাধাৰণ শৈক্ষিক দার্শনিক আৰু বিজ্ঞানী নাছিল, আৰু তেওঁৰ কার্যকলাপক কেৱল থি অৰাইজিং বুলি গণ্য কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ এজন “ৰাজহুৱা ব্যক্তি” আছিল, বিভিন্ন সামাজিক সমস্যা সম্পৰ্কে ৰাজহুৱা আৰু ৰাজনৈতিক বিতৰ্কত উৎসাহী অংশগ্ৰহণ কৰিছিল, আৰু বিশেষকৈ আইনী আৰু সামাজিক সংস্কাৰৰ প্ৰতি আগ্ৰহী আছিল; মিলে আটাইকে গভীৰভাৱে প্ৰচাৰ কৰা বিষয়বোৰৰ ভিতৰত আছিল মহিলাৰ আধকাৰ, মহিলাৰ ভোটাধিকাৰ আৰু মহিলাৰ শিক্ষাৰ সমান প্রবেশাধিকাৰ। 

১৮৫০-ৰ দশকৰ শেষাধৰ পৰা মৃত্যুলৈকে, তেওঁ এই সময়ছোৱাত বিকশিত হোৱা মহিলা আছেন লিনক সক্রিয়ভাৱে সমৰ্থন কৰিছিল, আৰু বিভিন্ন ধৰণৰ মহিলাৰ ৰাজনৈতিক সংগ্ৰামত বিষ আৰু বৈষম্যৰ বিৰুদ্ধে আৰু নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে, বিশেষকৈ মহিলাৰ ভোটাধিকাৰ, লগতে তেওঁলোকৰ পৰিস্থিতি উন্নত কৰাৰ লক্ষ্যৰে সামাজিক আৰু ৰাজনৈতিক সংস্কাৰত অংশগ্রহণ কৰিছিল। তেওঁ কেইবাজনো মহিলা অধিকাৰ কৰ্মীৰ সৈতে সহযোগিতা কৰিছিল আৰু নিয়মীয়াকৈ যোগাযোগ কৰিছিল, যাৰ ভিতৰত আছে আমেৰিকা যুক্ত প্রথম সংগঠিত মহিলা আন্দোলনৰ নেতা আৰু ১৮৪৮ চনৰ লেখিকা এলিজাবেথ ষ্টেণ্টন, লিংগৰ মাজত সমতাৰ দাবী প্ৰকাশ কৰা এক ইস্তাহাৰক তেওঁ সমৰ্থন কৰিছিল। 

ব্ৰিটিছ সংসদৰ সদস্য হিচাপে ৰাজনৈতিক কৰ্মজীৱনৰ সময়ত তেওঁ ১৮৬৫ চনত হাউচ অফ কমন্সৰ সদস্য হৈছিল, মিলে মহিলাসকলক প্ৰভাৱিত কৰা বিষয়বোৰ সম্পৰ্কে আইন আৰু ৰাজ নীতি প্ৰভাৱিত কৰিবলৈ কাম কৰিছিল। উদাহৰণ স্বৰূপে, তেওঁ ১৮৬৭ চনৰ সংস্কাৰ বিধেয়কত মহিলাৰ ভোটাধিকাৰ সংশোধনৰ বাবে যুঁজ দিছিল, আৰু এবছৰ পিছত বিবাহিত মহিলা সম্পত্তি বিধেয়ককো সমৰ্থন কৰিছিল। তেওঁ এই ধাৰণাটোৰ সমালোচনা কৰিছিল যে স্বামীসকলে তেওঁলোকৰ ভোটদানৰ অধিকাৰৰ জৰিয়তে তেওঁলোকৰ পত্নীৰ ৰক্ষক হিচাপে কাম কৰিছিল, তেওঁৰ বাবে, মহিলাৰ ভোটাধিকাৰে মহিলাৰ সমতাৰ বাবে অধিক সংগ্ৰামক সূচায়।

৩৬। উপযোগিতাবাদৰ ওপৰত মিলৰ মৌলিক যুক্তিবোৰ কি কি? (What are the basic arguments of Mill on utilitarianism?)

উত্তৰঃ উপযোগিতাবাদত উপযোগিতাৰ নীতিৰ প্ৰতিৰক্ষাত পাঁচটা অধ্যায় অন্তর্ভুক্ত আছে। প্রথমতে, মিলে সমস্যাটো নিৰ্ধাৰণ কৰে, নৈতিকতাৰ অন্তর্জ্ঞানবাদী আৰু “আৱেদনমূলক বিদ্যালয়বোৰৰ মাজত পাৰ্থক্য কৰে, আৰু লগতে নৈতিকতাৰ প্ৰথম নীতিৰ প্ৰমাণৰ পৰা আমি কি আশা কৰিব পাৰোঁ তাৰ সীমাৰ পৰামৰ্শ দিয়ে। তেওঁ যুক্তি দিয়ে যে চূড়ান্ত উদ্দেশ্যৰ প্রশ্নবোৰ প্ৰত্যক্ষ প্রমাণ ৰখাৰ বাবে উপযুক্ত নহয়। “যি কৰিব পাৰি সেয়া হ’ল “বুদ্ধি নিৰ্ধাৰণ কৰিবলৈ সক্ষম, হয় মতবাদৰ প্ৰতি সম্মতি প্ৰদান কৰা বা বন্ধ কৰা, আৰু এইটো প্ৰমাণৰ সমতুল্য। “অৱশেষত, তেওঁ চতুর্থ অধ্যায়ত উপযোগিতাৰ সিদ্ধান্তৰ আধাৰ প্ৰমাণ কৰিব বিচাৰিব- যে সুখ হৈছে একমাত্র অন্তর্নিহিতভাবে আকাংক্ষিত বস্তু – আমি স্বতঃস্ফূর্তভাৱে ইয়াক প্ৰতিফলনৰ ওপৰত গ্ৰহণ কৰোঁ বুলি দেখুৱাই। 

এইটো দেখুৱাটো সহজ যে সুখ হৈছে এনে এক বস্তু যিটো আমি অন্তর্নিহিতভাৱে বিচাৰোঁ, আন বস্তুৰ বাবে নহয়। যিটো কঠিন সেয়া হ’ল এইটো দেখুৱাবলৈ যে এইটোৱেই একমাত্র বস্তু যিটো আমি অন্তর্নিহিতভাবে বিচাৰোঁ বা মূল্য দিওঁ। মিলে সম্মত হয় যে আমি সদায় গুণৰ দৰে বস্ত্ৰক সুখৰ উপায় বা সঁজুলি হিচাপে নিদিওঁ। আমি কেতিয়াবা এনে বস্তুবোৰক তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বাবে মূল্য দিয়া যেন লাগে। কিন্তু মিলে দাবী কৰে যে প্ৰতিফলনৰ ওপৰত আমি দেখিম যে যেতিয়া আমি তেওঁলোকক তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বাবে মূল্য দিয়া দেখা যাওঁ তেতিয়া আমি প্ৰকৃততে তেওঁলোকক সুখৰ অংশ হিচাপে মূল্য দিওঁ। অর্থাৎ, আমি পুণ্য, স্বাধীনতা আদিক তেওঁলোকৰ অধিকাৰৰ দ্বাৰা সুখী কৰা বস্তু হিচাপে মূল্য দিওঁ। এই সকলোবোৰ প্রমাণ আমি দিব পাৰোঁ যে সুখ হৈছে আমাৰ একমাত্র চূড়ান্ত সমাপ্তি; ই আত্মনিৰীক্ষণ আৰু আমাৰ অনুভূতি আৰু উদ্দেশ্যৰ সাৱধান আৰু সৎ পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। দ্বিতীয় অধ্যায়ত, মিলে উপযোগিতাৰ নীতিৰ বিষয়ে ভুল ধাৰণাবোৰ সংশোধন কৰে। ভুল ধাৰণা হৈছে যে উপযোগিতাবাদ, দৃষ্টিভংগীক সমর্থন কৰে। তেওঁ উচ্চ আৰু নিম্ন আনন্দৰ মাজত মানসিক, নান্দনিক আৰু নৈতিক আনন্দসহ উচ্চআনন্দৰ মাজত এক পার্থক প্ৰদান কৰে। 

যেতিয়া আমি ইয়াৰ দ্বাৰা উৎপন্ন হ’ব পৰা সুখৰ মূল্যাঙ্কন কৰি কোনো কার্য  ভাল হয় নে নহয় মূল্যাঙ্কন কৰোঁ, তেতিয়া তেওঁ যুক্তি দিয়ে যে অধিক আনন্দ কম আনন্দতৈ দয়ালু গ্ৰহণ কৰা উচিত। ইয়াৰ ফলত পণ্ডিতসকলে আচৰিত হৈছে যে মিলৰ উপযোগিতাবাদ বেন্থামৰ পৰা যথেষ্ট পৃথক নেকি আৰু উচ্চ আৰু নিম্ন আনন্দৰ মাজত মিলৰ পাৰ্থক আমাৰ সামগ্রিক সুখ সৰ্বাধিক কৰি জানিবলৈ আমাৰ সামৰ্থৰ বাবে সমস্যাৰ সৃষ্টি কৰে নেকি। উপযোগিতাৰ সিদ্ধান্তৰ ওপৰত এটা দ্বিতীয় আপত্তি হৈছে যে “সমাজৰ সাধাৰণ স্বা প্ৰচাৰ কৰাৰ প্ৰলোভনৰ পৰা মানুহে সদায়ে কাম কৰিব লাগিব। মিলে উত্তৰ দিছে যে এইতে হৈছে “ইয়াৰ উদ্দেশ্যৰে কাৰ্যৰ নিয়মক বিভ্ৰান্ত কৰা। ” নৈতিকতাই আমাক আমাৰ কৰ্তব্যবোৰ কি বুলি কোৱা উচিত, “কিন্তু কোনো নৈতিকতাৰ ব্যৱস্থাৰ বাবে প্ৰয়োজন নহয় যে আমি কৰা সকলোবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ব কৰ্তব্যৰ অনুভূতি, ইয়াৰ বিপৰীতে, আমাৰ সকলে কাৰ্যৰ ৯৯ শতাংশ কাম আন উদ্দেশ্যৰ পৰা কৰা হয় আৰু যদি কৰ্তব্যৰ শাসনে তেওঁলোকৰ নিন্দা নকৰে তেন্তে সঠিকভাৱে কৰা হয়। “সঠিক কাম কৰিবলৈ, আন কথাত, আমি সাধাৰণ সুখৰ প্ৰতি চিন্তা কৰি নিৰন্তৰ অনুপ্ৰাণিত হোৱাৰ প্ৰয়োজন নাই। বেছিভাগ কার্যই পৃথিৱীৰ ভালৰ সলনি ব্যক্তিৰ ভাল ৰখাটো বিচাৰে। তথাপিও পৃথিৱীৰ ভালখিনি সেই ব্যক্তিসকল ভালৰ দ্বাৰা গঠিত যিয়ে ইয়াক গঠন কৰে আৰু যেতিয়ালৈকে আমি এজন বিধায়কৰ স্থিতি নাথাকো, আমি ৰাজহুৱা হিতৰ সলনি ব্যক্তিগত ভাৱে চোৱা-চিতা কৰি সঠিকভাৱে কাম কৰে । জনসাধাৰণৰ কল্যাণৰ প্ৰতি আমাৰ মনোযোগ সাধাৰণতে কেৱল তেতিয়ালৈকে হে প্ৰসাৰিত কৰিব লাগিব যিমান দূৰ লৈকে আমি জানিম যে আমি আনৰ অধিকাৰ উলংঘন কৰা নাই।

৩৭। বিবাহে মহিলাৰ অধীনতাক কেনেকৈ উৎসাহিত কৰিছিল? (How marriage encouraged women’s subjection?

উত্তৰঃ বিবাহ আইনে কেনেকৈ ঘৰুৱা উৎপীড়নৰ প্ৰতিৰোধ নকৰে কিন্তু প্ৰকৃততে ইয়া অস্তিত্ব অনুমোদিত কৰে তাৰ দ্বাৰা মিল আটাইতকৈ বেছি আচৰিত হৈছিল। 

এবাৰ বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত, মহিলাসকলক তেওঁলোকৰ স্বামীৰ আইন অধীনস্থতাৰ স্থিতিত ৰখা হৈছিল। কৰ্চাৰ আৰু স্পাউচাল একতাৰ ইংৰাজী উমৈহতীয়া আইনৰ মতবাদ- অৱশেষত বাইবেলৰ আদি পুস্তকৰ পৰা উদ্ভৱ হৈছে— এগৰাকী পত্নীক তেওঁ স্বামীৰ কৰ্তৃত্বৰ বাহিৰত আইনী মৰ্যাদাৰ পৰা বঞ্চিত কৰিছে। মিলৰ দিনলৈকে উইলিয়াম ব্লেকষ্টোনৰ দৰে আইনী চিন্তাবিদসকলে আৰামেৰে ক’ব পাৰিছিল, “বিবাহৰ সময়ত মহিলাগৰাকীৰ সত্তা বা আইনী অস্তিত্ব স্থগিত ৰখা হয় “ আইনগতভাৱে, স্পাউচাল একতাৰ অর্থ আছিল যে বিবাহিত দম্পতীক এজন ব্যক্তি বুলি গণ্য কৰা হৈছিল, সেই ব্যক্তিজন স্বামী  আছিল। এই মতবাদৰ জৰিয়তে, মহিলাসকলক তেওঁলোকৰ উপাৰ্জনৰ পৰা বঞ্চিত কৰা হৈছিল– কিয়নো সকলো উপাৰ্জন পৰিয়ালৰ মুৰব্বীৰ হস্তগত হৈছিল। আৰু আনকি তেওঁলোকৰ নিজৰ সন্তানৰ জিম্মা মুৰব্বীৰ হাতত আছিল।

বিবাহ আইনে কেনেকৈ ঘৰুৱা উৎপীড়নৰ প্ৰতিৰোধ নকৰে কিন্তু প্ৰকৃততে ইয়াৰ অস্তিত্ব অনুমোদিত কৰে তাৰ দ্বাৰা মিলে আটাইতকৈ বেছি আচৰিত হৈছিল। স্পাউচাল একতাৰ  মতবাদ অনুসৰি, আইনে এজন বিবাহিত পুৰুষ আৰু মহিলাক এটা শৰীৰ বুলি গণ্য কৰিছিল। সেয়েহে, আইনী সংজ্ঞা অনুসৰি, বিবাহৰ ভিতৰত যৌন আক্রমণ এক অসম্ভৱতা আছিল। স্বামীসকলে মিলৰ ভাষাত মহিলাৰ পৰা দাবী কৰিব পাৰে আৰু এজন মানুহৰ নিম্নতম অৱনতি প্ৰয়োগ কৰিব পাৰে, কিয়নো আইনে নির্যাতিত পুৰুষসকলক সুৰক্ষিত কৰিছিল যাৰ ফলত এগৰাকী নিৰ্যাতিত পত্নীয়ে আদালতলৈ আনিব পৰা যিকোনো অভিযোগৰ পৰা আইনীভাৱে মুক্ত হ’ব পাৰে। ভিক্টৰিয়ান বিবাহ আইনৰ অধীনত, ঘৰুৱা উৎপীড়ন আৰু  স্পাউচাল ধর্ষণ আইনীভাৱে অনুমোদিত আইন আছিল।

অৱশ্যে, মিলৰ বাবে, ঘৰুৱা ক্ষেত্ৰত আইনীভাৱে সৃষ্টি- কৰা আৰু বলৱৎ কৰা বৈষম্যই ব্যক্তিগত আৰু অন্তৰংগ সম্পৰ্কৰ্ক ৰাজ্য-অনুমোদিত ক্ষমতাৰ সৈতে এক ৰাজহুৱা আৰু নিষ্ঠুৰ সম্পৰ্কলৈ পৰিণত কৰিছিল। আইনী সংস্কাৰ যেনে বিবাহিত মহিলাসকলক সম্পত্তি | ৰখাৰ অধিকাৰ দিয়া, মাতৃ আৰু পিতৃৰ বাবে সমান জিম্মাৰ অধিকাৰ প্ৰদান কৰা, আৰু এই স্পাউচাল আধিপত্য দূৰ কৰাৰ বাবে আইনী পৃথকীকৰণৰ বাবে সমান ভিত্তি প্ৰদান কৰা প্রয়োজন।

মিল প্ৰতিটো বিবাহৰ বিৰুদ্ধে নাছিল কিন্তু বিবাহ প্ৰতিষ্ঠানৰ বৰ্তমানৰ অৱস্থাৰ বিৰুদ্ধে আছিল। কিয়নো, বেছিভাগ পুৰুষে তেওঁলোকৰ আইনী ক্ষমতা থকা স্বত্বেও তেওঁলোকৰ পত্নীক উৎপীড়ন কৰা নাছিল। মিলে লিখিছে, “মোৰ অতিৰঞ্জিত কৰাৰ কোনো ইচ্ছা নাই, বা অতিৰঞ্জনৰ কোনো প্রয়োজন নাই। ম‍ই পত্নীৰ আইনী স্থিতি বৰ্ণনা কৰিছোঁ, তেওঁৰ প্ৰকৃত চিকিৎসাৰ বিষয়ে নহয়। “যিয়েই নহওক, যদি এজন স্বামীয়ে কেতিয়াবা তেওঁৰ পত্নীক বহন কৰিবলৈ তেওঁৰ আইনী বিশেষাধিকাৰ আনিদিয়ে, তেন্তে কেৱল এক বৃহৎ শক্তিৰ ভাৰসাম্যহীনতাৰ অস্তিত্বই মহিলাসকলক পুৰুষৰ অধীনস্থ হ’বলৈ বাধ্য কৰে। মহিলাসকল এক বিষয়ৰ শ্ৰেণীহৈ পৰে, আৰু “ৰোগী-শ্ৰেণীৰ প্ৰতিজন ব্যক্তিয়ে একেলগে উৎকোচ আৰু ভয় দেখুৱাই দীর্ঘম্যাদী অৱস্থাত আছে। “মহিলাৰ জীৱন সুৰক্ষিত নহয়; ইয়াৰ পৰিবৰ্তে তেওঁলোক পুৰুষৰ দয়া আৰু সংযমৰ ওপৰত আধাৰিত, কিন্তু ইয়াক কেতিয়াও স্বাধীনতা বুলি গণ্য কৰিব নোৱাৰি, আনকি স্বামীসকলে কেতিয়াও তেওঁলোকৰ ক্ষমতা এনেদৰে ব্যৱহাৰ নকৰে। মিলে সতৰ্ক কৰি দিয়ে, “যেতিয়া ইমান বিপদজনক কার্যকাল তৈয়াৰ কৰা হয়। তেতিয়া কোনো স্বাধীনতাৰ মূল্য বেছি নাথাকে।

মিলে এই সিদ্ধান্তত উপনীত হৈছে যে তেওঁৰ দিনৰ সংস্কাৰৰ উৎসাহ স্বত্বেও, “পৰিয়ালত স্বৈৰাচাৰৰ বিষয়ে একো ক’ব নোৱাৰি যাক ৰাজনৈতিক স্বৈৰাচাৰৰ বাবে ক’ব নোৱাৰি। “প্ৰগতিৰ এজন উৎসাহী অধিবক্তা হোৱাৰ বাবে মিলে বিশ্বাস কৰিছিল যে বিবাহ আৰু বৃহৎ পৰিমাণে লিংগৰ মাজত সমতা হৈছে “মানৱজাতিৰ দৈনন্দিন জীবন, যিকোনো উচ্চ অর্থত, নৈতিকতা বজাই ৰখাৰ একমাত্ৰ উপায়। মিলে বিশ্বাস কৰিছিল যে “মানুহৰ প্ৰকৃত গুণ হৈছে একেলগে বাস কৰাৰ যোগ্যতা। কিন্তু যদি আমি “পৰিয়ালত মানৱ সমাজৰ স্বাভাৱিক সংবিধানৰ সৈতে খাপ খোৱা একেই নৈতিক শাসন পালন কৰাত বিফল হওঁ তেন্তে মানৱতাৰ নৈতিক প্ৰশিক্ষণ চিৰদিনৰ বাবে বন্ধ হৈ যাব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top