Mental Health Issues Unit 4 Positive Psychology

Mental Health Issues Unit 4 Positive Psychology Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Mental Health Issues Unit 4 Positive Psychology to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Mental Health Issues Unit Unit 4 Positive Psychology Question Answer can be of great value to excel in the examination.

Mental Health Issues Unit Unit 4 Positive Psychology

Join Telegram channel

Mental Health Issues Unit Unit 4 Positive Psychology Notes cover all the exercise questions in UGC Syllabus. The Mental Health Issues Unit Unit 4 Positive Psychology provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Positive Psychology

EDUCATION

MENTAL HEALTH ISSUES

মানসিক স্বাস্থ্যৰ বিচাৰ্য বিষয়সমূহ

Q.1. ইতিবাচক মনোবিজ্ঞানৰ যিকোনো এটা স্তৰ উল্লেখ কৰা?

উত্তৰঃ (ক) ব্যক্তিনিষ্ঠ স্তৰ বা পৰ্যায়।

Q.2. ইতিবাচক মনোবিজ্ঞানৰ এটা প্ৰকৃতি উল্লেখ কৰা?

উত্তৰঃ ইতিবাচক আৱেগ : ইতিবাচক মনোবিজ্ঞানে ইতিবাচক আবেগসমূহৰ বিষয়ে অধ্যয়ন কৰে।ইতিবাচক আবেগসমূহৰ ভিতৰত হ’ল প্ৰেম,ভালপোৱা, দয়া, ক্ষমা,সহযোগিতা, সহণশীলতা,কৃতজ্ঞতা ইত্যাদি।এই ইতিবাচক আবেগসমূহে প্ৰভাৱ পেলোৱা সবল দিশসমূহৰ বিষয়ে ইতিবাচক মনোবিজ্ঞানে অধ্যয়ন কৰে।

Q.3. ইতিবাচক মনোবিজ্ঞানৰ এটা সংজ্ঞা দিয়া?

উত্তৰঃ শ্বেলডন আৰু কিঙে (২০০১)ইতিবাচক মনিবিজ্ঞান সম্পৰ্কত সংজ্ঞা দাঙি ধৰি কৈছে এনেদৰে- “ইতিবাচক মনোবিজ্ঞান আন একো নহয় মানুহৰ স্বভাৱিক সক্ষমতা আৰু গুণবোৰৰ বিজ্ঞান সন্মত এক অধ্যয়ন”।

Q.4. ইতিবাচক মনোবিজ্ঞানৰ এটা পৰিসৰ লিখা?

উত্তৰঃ (১)ব্যক্তিৰ জ্ঞান : ব্যক্তিসলে জ্ঞানকো ইতিবাচক মনোবিজ্ঞানে ইয়াৰ পৰিসৰৰ ভিতৰত সামৰি লয়।ব্যক্তিৰ সৃজন ক্ষমতা ,কৌতূহল প্ৰৱণতা ,নতুনত্ব,জ্ঞানৰ প্ৰতি ভালপোৱা, উদাৰ ভাৱ ইত্যাদি সমূহৰ বিষয়ে অধ্যয়ন কৰাটোও ইতিবাচক মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত পৰে।

Q.5. ক্ষমাৰ এটা সবলতা উল্লেখ কৰা?

উত্তৰঃ (ক)ক্ষমাই ব্যক্তিসকলক দেহ মানসিক ৰোগসমূহৰ পৰা আঁতৰাই ৰখাত সহায় কৰে।

Q.6. মঙ্গল বা কুশলৰ দুটা প্ৰকাৰ উল্লেখ কৰা?

উত্তৰঃ (ক) আবেগিক মঙ্গল।

(খ) দৈহিক মঙ্গল।

Q.7. ইতিবাচক মনোবিজ্ঞানৰ উদ্দেশ্য দুটা লিখা?

উত্তৰঃ (ক) ইতিবাচক মনোবিজ্ঞানৰ জৰিয়তে ব্যক্তিত্ব বিকাশ সাধন কৰা।

(খ) সুখী জীৱন-যাৱনৰ বাবে উপযুক্ত কৰি তোলাত সহায় কৰা।

Q.8. সহমৰ্মিতাৰ গুৰুত্ব কি?

উত্তৰঃ (ক) সহমৰ্মিতাই আৱেগক পৰিচালনা কৰা সম্পৰ্কে জনাত সহায় কৰে।

Q.9. কৃতজ্ঞতাৰ যিকোনো এটা উপকাৰিতা উল্লেখ কৰা?

উত্তৰঃ (ক) সুখী কৰা : কৃতজ্ঞতাই প্ৰত্যেক ব্যক্তিয়ে সুখী কৰি ৰখাত সহায় কৰে।

Q.10. ইতিবাচক মনোবিজ্ঞানৰ চাৰিটা পৰিসৰ উল্লেখ কৰা?

উত্তৰঃ (১) অৰ্থপূৰ্ণ জীৱন : ইতিবাচক মনোবিজ্ঞানে অধ্যয়নৰ বাবে সামৰি লোৱা জ্ঞান এটা বিষয় হৈছে অৰ্থপূৰ্ণ জীৱন।প্ৰত্যকজন মানুহে জন্মগতভাৱে একো একোটা জীৱন লাভ কৰে যদিও তেওঁলোকৰ জীৱনটো অৰ্থপূৰ্ণ কেনেদৰে কৰি তুলিব পাৰি, কি কি কামৰ জৰিয়তে ব্যক্তিৰ জীৱন অৰ্থপূৰ্ণ হয় বা অৰ্থপূৰ্ণ জীৱন মানেনো কি?ইত্যাদি সকলোবিলাক দিশৰ ওপৰত পৰ্যবেক্ষণ কৰি প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ যত্ন কৰে।

(২) ইতিবাচক চিন্তা : ইতিবাচক চিন্তা চৰ্চা কেনেদৰে হতাশা, নিৰাশা ,মানসিক অশান্তিবিলাক দূৰ কৰি মানুহৰ জীৱনটো সুখী কৰি ৰাখিব পাৰে সেই বিষয়ে ইতিবাচক মনোবিজ্ঞানে অধ্যয়ন কৰে।গতিকে ইতিবাচক চিন্তা; চর্চাসমূহকো এই মনোবিজ্ঞানে পৰিসৰত সামৰি লয়।

(৩) মূল্যবোধ : ইতিবাচক মনোবিজ্ঞানে এজন ব্যক্তিক কেনেদৰে সন্মানীয়,সমাজ তথা দেশৰ বাবে প্ৰয়োজনীয় আৰু সকলোৰে বাবে আদৰণীয় কৰি তুলিব পৰা যায় সেই সম্পৰ্কে চিন্তা চৰ্চা কৰে।তদুপৰি বৰ্তমান সমাজৰ বাবে মূল্যবোধৰ গুৰুত্বতাৰ সম্পৰ্কে বিতংভাৱে অধ্যয়ন কৰে।

(৪) নৈতিকতা : ইতিবাচক মনোবিজ্ঞানে প্ৰত্যকজন শিশু তথা ব্যক্তিক নৈতিকতা গুণৰ অধিকাৰী কৰি তুলিবৰ বাবে চেষ্টা কৰে।নৈতিকতা মানে হৈছে ন্যায়- অন্যায়, উচিত- অনুচিত, শুদ্ধ-অশুদ্ধ বিচাৰ কৰিব পৰা ক্ষমতা। প্ৰত্যক ব্যক্তিৰ বাবে নৈতিকতাৰ বিকাশ সাধন হোৱাটো নিতান্তই প্ৰয়োজন।কিয়নো শিশুসকলে নৈতিক গুণৰ অধিকাৰী হ’লেহে ন্যায়-অন্যায় শুদ্ধ- অশুদ্ধ, উচিত- অনুচিত, বিচাৰ বিবেচনা কৰি নিজৰ লগতে দেশখনক শাস্তি সম্পসীতিৰে  পৰিপন্ন কৰি প্ৰগতিৰ পথত আগুৱাই নিবলৈ সক্ষম হ’ব।গতিকে নৈতিকতাও হৈছে ইতিবাচক মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

(৫) সুখ : সুখ কি? সুখৰ বৈশিষ্ট্য কেনেধৰণৰ আৰু ব্যক্তি জীৱনত সুখৰ তাপৰ্য কি অৰ্থাৎ ব্যক্তিসকলৰ ব্যক্তিত্ব বিকাশ সাধনত সুখৰ ভূমিকা কেনেধৰণৰ ইত্যাদিসমূহৰ সম্পৰ্কত ইতিবাচক মনোবিজ্ঞানে আলোচনা কৰে।

Q.11. ইতিবাচক মনোবিজ্ঞানৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা?

উত্তৰঃ ইতিবাচক মনোবিজ্ঞানৰ উদ্দেশ্যসমূহ হ’ল নিম্নলিখিত ধৰণৰ- 

(১) ইতিবাচক মনোবিজ্ঞানৰ জৰিয়তে ব্যক্তিত্ব বিকাশ সাধন কৰা।

(২) সুখী জীৱন-যাপনৰ বাবে উপযুক্ত কৰি তোলাত সহায় কৰা।

(৩) নিজৰ লগতে অন্যান্য ব্যক্তি তথা সমাজ আৰু দেশৰ কল্যাণৰ বাবে কাম কাজতসহায় কৰা।

(৪) এটা অৰ্থপূৰ্ণ জীৱনৰ গৰাকী কৰি তোলাত সহায় কৰা।

(৫) ইতিবাচক মনোবিজ্ঞানৰ জৰিয়তে ব্যক্তিসকলৰ জীৱনৰ গুণগত মান উন্নত কৰি তোলে।

Q.12. ইতিবাচক মনোবিজ্ঞানৰ চাৰিটা গুৰুত্ব উল্লেখ কৰা?

উত্তৰঃ (১) লক্ষ্যত উপনীত : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিক নিজস্ব লক্ষ্যত উপনীত হোৱাত সহায় কৰে।প্ৰতিজন ব্যক্তিৰে একো একোটা লক্ষ্য থাকে আৰু সেই লক্ষ্যসমূহত উপনীত হ’বৰ বাবে ইতিবাচক মনোবিজ্ঞানৰ সহায়ত উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰা হয়।অৰ্থাৎ ইতিবাচক মনোবিজ্ঞানৰ সহায়ত শিক্ষকসকলে শিক্ষার্থী তথা ব্যক্তি সকলৰ ইতিবাচক আবেগ যেনে সহযোগিতা, সহিষ্ণুতা, কৃতজ্ঞতা, ধৈৰ্য্য আদিবোৰক সবল কৰি তোলে যিয়ে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

(২) মানৱীয় গুণসমূহৰ বিকাশ সাধন : ইতিবাচক মনোবিজ্ঞানে মানৱীয় গুণসমূহৰ বিকাশ সাধনত সহায় কৰে।অৰ্থাৎ এই মনোবিজ্ঞানে মানৱীয় গুণসমূহ যেনে নিষ্ঠা,অহিংসা, প্ৰেম, মৈত্ৰী, কৰুণা, ত্যাগ, সহিষুতা, নম্ৰতা, সংযম,সাধুতা ,দয়া, আদি গুণসমূহৰ বিকাশ সাধনত সহায় কৰে ।ইয়াৰ সহায়ত ব্যক্তিসকলে সমাজত  মানৱীয় পাৰম্পৰিক সম্পৰ্ক সক্রিয় কৰি ৰখাৰ লগতে সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হয়।গতিকে ইতিবাচক মনোবিজ্ঞানৰ প্ৰয়োজন হয়।

(৩) মূল্যবোধৰ বিকাশ সাধন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ মূল্যবোধৰ বিকাশ সাধনত সহায় কৰে।অৰ্থাৎ ইতিবাচক মনোবিজ্ঞানৰ সহায়ত শিক্ষাৰ্থীক তথা ব্যক্তিক নিজৰ অধিকাৰ, দায়িত্ব, কৰ্তব্য আদিৰ প্ৰতি,সমাজ আৰু দেশৰ প্ৰতি,সংবিধানৰ প্ৰতি সন্মান জনোৱা,স্থাপন কৰা, ভাতৃত্ববোধৰ ভাৱ জগাই তোলা ইত্যাদি সকলোবোৰ মূল্যবোধৰ জ্ঞান প্ৰদান কৰি সু-নাগৰিক হিচাবে গঢ়ি তুলিব পৰা যায়।

(৪) অৰ্থপূৰ্ণ জীৱন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলক অৰ্থপূৰ্ণ জীৱন যাপনৰ বাবে উপযুক্ত কৰি তোলাত সহায় কৰে।ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলক স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক মনোভাৱৰ হোৱাৰ পৰিবৰ্তে নিজৰ জীৱনটোক তথা মূল্যৱান গুণবোৰ, সক্ষমতাবোৰ আন ব্যক্তিসকল সেৱা,সমাজৰ সেৱা,দেশৰ সেৱাৰ নামত উৎসৰ্গা কৰিবলৈ জ্ঞান প্ৰদান কৰে।

(৫) গুণগত মানদণ্ড উন্নয়ন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ গুণগত মানদণ্ডৰ উন্নয়নত সহায় কৰে।এই মনোবিজ্ঞানে শিক্ষাৰ্থীৰসকলৰ সংখ্যাগত দিশতকৈ গুণগত দিশৰ বিকাশ সাধানত অধিক গুৰুত্ব প্ৰদান কৰে।অৰ্থাৎ এজন ব্যক্তিৰ বা এখন সমাজৰ যিবিলাক প্ৰয়োজনীয় গুন যেনে সাধুতা, সহিষ্ণুতা ,নম্ৰতা ,দয়া আদি গুণ সমূহ উন্নয়ন সাধনত ইতিবাচক মনোবিজ্ঞানে গুৰুত্ব আৰোপ কৰে। সেয়েহে এই ক্ষেত্ৰত ইতিবাচক মনোবিজ্ঞানৰ প্ৰয়োজন হয়।

Q.13. ইতিবাচক মনোবিজ্ঞানৰ সংজ্ঞা দিয়া?

উত্তৰঃ ইতিবাচক মনোবিজ্ঞান সম্পৰ্কে বহুতো মনোবিদে বিভিন্ন ধৰণৰ সংজ্ঞা দাঙি ধৰিছে।তাৰে ভিতৰত কেইটামান উল্লেখযোগ্য সংজ্ঞা তলত উল্লেখ কৰা হ’ল- শ্বেলডন আৰু কিঙে (২০০১)ইতিবাচক মনোবিজ্ঞান সম্পৰ্কত সংজ্ঞা দাঙি ধৰি কৈছে এনেদৰে-“ইতিবাচক মনোবিজ্ঞান আন একো নহয় মাথো মানুহৰ স্বভাৱিক সক্ষমতা আৰু গুণবোৰৰ বিজ্ঞান সন্মত এক অধ্যয়ন”।

গেব’ল আৰু হাইড(২০০৪)এ ইতিবাচক মনোবিজ্ঞান সম্পৰ্কত মন্তব্য দিছে এনেদৰে যিবোৰ প্ৰক্ৰিয়া পদ্ধতি আৰু কাৰ্যৰ যোগেদি ব্যক্তি’ব্যক্তিসমষ্টি আৰু অনুষ্ঠানৰ সমৃদ্ধি আৰু শ্ৰীবৃদ্ধি ঘটাব পাৰি তাৰ বিষয়ে ইতিবাচক মনোবিজ্ঞনে অধ্যয়ন কৰে। Seligman & Csiksemtmihaly (2000)  ইতিবাচক মনোবিজ্ঞানৰ অৰ্থ সম্পৰ্কত কৈছে-“Psychology is not just the study of weakness disease and damage. It is also the study of strength and virtue, Treatment is not just fixing what is best within ourselves”. International Positive Psychology Association ৰ মতে “Positive Psychology is the scientific study of what enables individuals and communities to thrive”.

ওপৰৰ সংজ্ঞাসমূহৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ইতিবাচক মনোবিজ্ঞান হৈছে এনে এটা বিষয় যিয়ে মানুহক সমৃদ্ধিশালী তথা উন্নতিশালী কৰি তুলিবৰ বাবে বিজ্ঞানসন্মত ভাৱে প্ৰচেষ্টা চলায়।মু:ৰ ওপৰত ইতিবাচক মনোবিজ্ঞান হল মানুহৰ জীৱনৰ ইতিবাচক দিশ যেনে সুখী জীৱন- যাপন, কল্যাণ, কৃতজ্ঞতা আদি অধ্যয়নৰ বিজ্ঞান।

Q.14. ইতিবাচক মনোবিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা?

উত্তৰঃ (১) ব্যক্তিৰ জ্ঞান : ব্যক্তিসকলৰ জ্ঞানকো ইতিবাচক মনোবিজ্ঞানে ইয়াৰ পৰিসৰৰ ভিতৰত সামৰি লয়।ব্যক্তিৰ সৃজন ক্ষমতা,কৌতূহল প্ৰৱণতা, নতুনত্ব, জ্ঞানৰ প্ৰতি ভালপোৱা, উদাৰ ভাৱ ইত্যাদি সমূহৰ বিষয়ে অধ্যয়ন কৰাটোও ইতিবাচকৰ মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰত পৰে।

(২) সহানুভূতিশীল : সহানুভূতি হৈছে এক ইতিবাচক আৱেগ।ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ সহানুভূতিশীল মনোভাৱ যেনে আনৰ দুখত দুখী হোৱা, আনৰ সুখত সুখী হোৱা, সম্পৰ্কত আলোচনা কৰে।

(৩) মানৱীয়তা : ইতিবাচক মনোবিজ্ঞানে মানৱীয়তা গুণসমূহকো ইয়াৰ পৰিসৰত সামৰি লৈছে।ইয়াত মানৱীয়তা বুলি কওঁতে কোনো এজন ব্যক্তিৰ নিজৰ লগতে আন ব্যক্তিসকলৰ প্ৰতি থকা প্ৰেম বা ভালপোৱা কেনেধৰণৰ, দয়ালু মনোভাৱ, কেনেধৰণৰ সামাজিক বুদ্ধি কেনেধৰণৰ ইত্যাদি সকলোবোৰ বিষয়ে পুংখানুপুংখভাৱে জানিবলৈ অধ্যয়ন কৰে।

(৪) অৰ্থপূৰ্ণ জীৱন : ইতিবাচক মনোবিজ্ঞানে অধ্যয়নৰ বাবে সামৰি লোৱা জ্ঞান এটা বিষয় হৈছে অৰ্থপূৰ্ণ জীৱন। প্ৰত্যেকজন মানুহে জন্মগতভাৱে একো একোটা জীৱন লাভ কৰে যদিও তেওঁলোকৰ জীৱনটো অৰ্থপূৰ্ণ কেনেদৰে কৰি তুলিব পাৰি, কি কি কামৰ জৰিয়তে ব্যক্তিৰ জীৱন অৰ্থপূৰ্ণ হয় বা অৰ্থপূৰ্ণ জীৱন মানেনো কি?ইত্যাদি সকুলোবোৰ দিশৰ ওপৰত পৰ্যবেক্ষণ কৰি প্ৰকৃত সত্য উদঘাটন কৰিবলৈ যত্ন কৰে।

(৫) ইতিবাচক চিন্তা : ইতিবাচক চিন্তা চৰ্চাই কেনেদৰে হতাশা, নিৰাশা  ,মানসিক আশান্তিবিলাক দুৰ কৰি মানুহৰ জীৱনটো সুখী কৰি ৰাখিব পাৰে সেই বিষয়ে ইতিবাচক মনোবিজ্ঞানে অধ্যয়ন কৰে।গতিকে ইতিবাচক চিন্তা- চৰ্চাসমূহকো এই মনোবিজ্ঞানে পৰিসৰত সামৰি লয়।

(৬) মূল্যবোধ : ইতিবাচক মনোবিজ্ঞানে এজন ব্যক্তিৰ কেনেদৰে সন্মানীয় ,সমাজ তথা দেশৰ বাবে প্ৰয়োজনীয় আৰু সকলোৰে বাবে আদৰণীয় কৰি তুলিব পৰা যায় সেই সম্পৰ্কে চিন্তা চৰ্চা কৰে।তদুপৰি বৰ্তমান সমাজৰ বাবে মূল্যবোধৰ গুৰমত্বতা সম্পৰ্কে বিতংভাৱে অধ্যয়ন কৰে।

(৭) নৈতিকতা : ইতিবাচক মনোবিজ্ঞানে প্ৰত্যেকজন শিশু তথা ব্যক্তিক নৈতিকতা গুণৰ অধিকাৰী কৰি তুলিবৰ বাবে চেষ্টা কৰে।নৈতিকতা মানে হৈছে ন্যায়- অন্যায়, উচিত- অনুচিত, শুদ্ধ-অশুদ্ধ বিচাৰ কৰিব পৰা ক্ষমতা।প্ৰত্যেক ব্যক্তিৰ বাবে নৈতিকতাৰ বিকাশ সাধন হোৱাটো নিতান্তই প্ৰয়োজন।কিয়নো শিশুসকলে  নৈতিক গুণৰ অধিকাৰী হ’লেহে ন্যায়-অন্যায়,শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত, বিচাৰ বিবেচনা কৰি নিজৰ লগতে দেশখনক শাস্তি সম্পসীতিৰে পৰিপন্ন কৰি প্ৰগতিৰ পথত আগুৱাই নিবলৈ সক্ষম হ’ব।গতিকে নৈতিকতাও হৈছে ইতিবাচক মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

(৮) সুখ : সুখ কি?সুখৰ বৈশিষ্ট্য কেনেধৰণৰ আৰু ব্যক্তি জীৱনত সুখৰ তাপর্য কি অৰ্থাৎ ব্যক্তিসকলৰ ব্যক্তিত্ব বিকাশ সাধনত সুখৰ ভূমিকা কেনেধৰণৰ ইত্যাদিসমূহৰ সম্পৰ্কত ইতিবাচক মনোবিজ্ঞানে আলোচনা কৰে।

(৯) মগ্নতা : মগ্নতা হৈছে ইতিবাচক মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু।মগ্নতা মানে হৈছে প্ৰত্যেকজন ব্যক্তিয়ে নেতিবাচক আৱেগ, চিন্তা-চর্চাসমূহৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ কৌতূহলি ভাৱেৰে শৰীৰ ,মন সুস্থ সবল কৰি ৰখা।যিহেতু শৰীৰ মন সুস্থ হৈ থাকিলেহে ব্যক্তিসকল সুখী হৈ থাকিব পাৰিব আৰু যিকোনো কামতে সফলতা লাভ কৰিব পাৰিব সেয়েহে ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলক নেতিবাচক আৱেগ অভিজ্ঞতা তথা চিন্তা চর্চাসমূহৰ পৰা আঁতৰাই কেনেকৈ মগ্নতা পৰ্যায়লৈ লৈ যাব পাৰি তথা মগ্নতাৰ গুৰুত্বতা,প্ৰয়োজনীয়তা, উপকাৰীতা আদি অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰাত সহায় কৰে।

(১০) কল্যাণ বা মংগলজনক : ইতিবাচক মনোবিজ্ঞানে নিজৰ দৈহিক কল্যাণ, অন্যান্য ব্যক্তিসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কল্যাণ কৰ্ম প্ৰতিষ্ঠানত  কল্যাণ আৰু সমাজৰ কল্যাণ আদি ৰক্ষা কৰি কেনেদৰে আগবাঢ়িব পাৰি সেই সম্পৰ্কে অধ্যয়ন কৰে।লগতে কল্যাণৰ প্ৰয়োজনীয়তা  তথা গুৰুত্ব আৰু সাধনৰ সম্পৰ্কে ইতিবাচক মনোবিজ্ঞানে বিতংভাৱে অধ্যয়ন কৰে।

(১১) শুভধাৰণা : ব্যক্তিসকলৰ জীৱনত শুভধাৰণাৰ প্ৰভাৱ অৰ্থাৎ কিমান গুৰুত্বপূৰ্ণ ,ই কেনেকৈ নিজৰ লগতে আন ব্যক্তিসকলক সুখী কৰাত সহায় কৰে।,দুগুণ উৎসাহেৰে আগুৱাই মনোবিজ্ঞানে বিতংভাৱে অধ্যয়ন কৰে।

(১২) জীৱন ধাৰণৰ শক্তি : ব্যক্তিসকল জীৱনধাৰণ কৰাৰ ক্ষেত্ৰত ইতিবাচক আবেগসমূহে পেলোৱা প্ৰভাৱ আৰু এইবিলাকে কেনেদৰে জীৱন ধাৰণৰ শক্তিৰূপে কাম কৰে ইত্যাদি সমূহৰ সম্পৰ্কে ইতিবাচক মনোবিজ্ঞানে অধ্যয়ন কৰে।

(১৩) সন্তোষিত জীৱন : ভালপোৱা, দয়া, কৃতজ্ঞতা, আশাবাদ,আনন্দ আদিৰ দৰে ভাল অভিজ্ঞতা তথা ইতিবাচক আবেগে মানুহক সন্তোষিত জীৱন কটোৱাত পেলোৱা প্ৰভাৱসমুহৰ বিষয়ে ইতিবাচক মনোবিজ্ঞানে অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰে।

(১৪) নিয়োজিত জীৱন : ব্যক্তিসকলে মনৰ ভিতৰৰ পৰা ভাল পাই কেনেদৰে কাম এটা সম্পাদন কৰিব পাৰে, কেনেকৈ কামটোত হেৰাই গৈ পৃথিৱীখনৰ কথা পাহৰি যাব পাৰে আৰু কামটোতে একাত্ম হৈ থাকিব পাৰে ইত্যাদিবিলাকৰ বিষয়ে ইতিবাচক মনোবিজ্ঞানে অধ্যয়ন কৰে।

(১৫) ইতিবাচক সম্পৰ্ক : ইতিবাচক ব্যক্তিকেন্দ্ৰিক আৰু স্বাৰ্থপূৰ সম্পৰ্ক থকাতকৈ সুস্থ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি সুস্থ সামাজিক জীৱন, সুখী আৰু সমৃদ্ধ জীৱনৰ প্ৰয়োজনীয়তা, উপকাৰীতা আদি অধ্যয়ন কৰা আৰু সুখী পৰ্যবেক্ষণ কৰাত সহায় কৰে।গতিকে এই দিশসমূহো হৈছে ইতিবাচক মনোবিজ্ঞানৰ পতিসৰৰ ভিতৰুৱা।

Q.15. ইতিবাচক মনোবিজ্ঞানৰ উদ্দেশ্য সমূহ কি কি? আলোচনা কৰা।

উত্তৰঃ ইতিবাচক মনোবিজ্ঞানৰ উদ্দেশ্যসমূহ হ’ল নিম্নলিখিত ধৰণৰ-  

(১) ইতিবাচক মনোবিজ্ঞানৰ জৰিয়তে ব্যক্তিত্ব বিকাশ সাধন কৰা।

(২) সুখী জীৱন-যাপনৰ বাবে উপযুক্ত কৰি তোলাত সহায় কৰা।

(৩) নিজৰ লগতে অন্যান্য ব্যক্তি তথা সমাজ আৰু দেশৰ কল্যাণৰ বাবে কাম কাজত সহায় কৰা।

(৪) এটা অৰ্থপূৰ্ণ জীৱনৰ গৰাকী কৰি তোলাত সহায় কৰা।

(৫) ইতিবাচক মনোবিজ্ঞানৰ জৰিয়তে ব্যক্তিসকলৰ জীৱনৰ গুণগত উন্নত কৰি তোলা।

(৬) ব্যক্তিসকলৰ নিজস্ব লক্ষ্যত সফল ৰূপায়নত সহায় কৰা।

(৭) ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ নৈতিকতা দিশৰ বিকাশ সাধনত সহায় কৰে।

(৮) মানৱীয় গুণসমূহৰ বিকাশ সাধনত সহায় কৰা।

(৯) প্ৰকৃত মূল্যবোধৰ অধিকাৰী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা।

(১০) ইতিবাচক সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

(১১) সু-চৰিত্ৰৰ বিকাশ সাধন ঘটোৱা।

(১২) সু-নাগৰিকৰ বাবে প্ৰয়োজনীয় গুণ যেনে দেশপ্ৰেম,দয়া, ক্ষমা,সহিষুতা, সহযোগিতা আদি গুণৰ বিকাশ সাধনত সহায় কৰা।

(১৩) ইতিবাচক মনোবিজ্ঞানৰ মাধ্যমেৰে ব্যক্তিসকলক সামাজিককৰণ কৰি তোলা।

(১৪) ব্যক্তিসকলৰ সৃজনীশীল প্ৰতিভাৰ বিকাশৰ বাবে পথ নিৰ্দেশনা প্ৰদান কৰা ।

(১৫) সামাজিক আৰু জাতীয় এক্য শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰা।

(১৬) আজিৰ শিশুৱে কাইলৈ দেশৰ ভবিষ্যতৰ নাগৰিক। ভৱিষ্যত দেশৰ নাগৰিকসকলক কৰ্মৰ প্ৰতি উদ্যোমী কৰি তোলাৰ লগতে কৰ্মৰ প্ৰতি একাগ্ৰ কৰি তোলাত সহায় কৰা।

Q.16. ইতিবাচক মনোবিজ্ঞানৰ গুৰুত্বসমূহ আলোচনা কৰা?

উত্তৰঃ (১)সুব্যক্তিত্বৰ অধিকাৰী : ইতিবাচক মনোবিজ্ঞানে সুব্যক্তিত্বৰ অধিকাৰী কৰি তোলাত সহায় কৰে।ইতিবাচক মনোবিজ্ঞানে সহযোগিতা, সহিষুতা,সজ আচৰণ,সহানুভূতি, কৃতজ্ঞতা, সুখী জীৱন-যাপন,ইত্যাদি দিশসমূহৰ বিকাশ সাধন কৰি সুব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ়ি তোলাল সহায় কৰে।

(২) নৈতিক চৰিত্ৰ গঠন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে।যাৰ সহায়ত শিশু তথা ব্যক্তিসকলে সত্য-অসত্য, ন্যায়-অন্যায়, পাপ-পূণ্য,উচিত অনুচিত বিচাৰ কৰি তেওঁলোকৰ ভাৱ আৰু আচৰণ আদি পৰিচালিত কৰিব বাবে সক্ষম হয়।

(৩) সু-নাগৰিকত্বৰ বিকাশ সাধন : এই মনোবিজ্ঞানে ব্যক্তিসকলৰ সু-নাগৰিকত্ব বিকাশ সাধনত সহায় কৰা দেখা যায়।অৰ্থাৎ ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ সচেতনতা,সহযোগিতা, ভাতৃত্ববোধ,নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ,সহানুভূতিশীল,দেশপ্ৰেম,ত্যাগ ইত্যাদি গুণবোৰৰ বিকাশ সাধন কৰি প্ৰতিজন ব্যক্তিকে সু-নাগৰিক হিচাবে গঢ়ি তোলে । গতিকে সু-নাগৰিকত্ব বিকাশ সাধনৰ বাবে ইতিবাচক মনোবিজ্ঞানৰ প্ৰয়োজন।

(৪) সুখী জীৱন-যাপন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ সুখী জীৱন-যাপন পথ দেখুৱায় অৰ্থাৎ এই মনোবিজ্ঞানে শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ সুপ্ত প্ৰতিভা সমূহ চিনাক্তকৰণ কৰাত আৰু সেইসমূহৰ বিকাশ সাধনৰ বাবে উপযুক্ত সুবিধা প্ৰদান কৰি সুখী জীৱন যাপন কৰাৰ বাবে পথ দেখুৱাব পাৰে।

(৫) লক্ষ্যত উপনীত : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিক নিজস্বলক্ষ্যত উপনীত হোৱাত সহায় কৰে।প্ৰতিজন ব্যক্তিৰে একো একোটা লক্ষ্য থাকে আৰু সেই লক্ষ্যসমূহত উপনীত হ’বৰ বাবে ইতিবাচক মনোবিজ্ঞানৰ সহায়ত উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰা হয়।

অৰ্থাৎ ইতিবাচক মনোবিজ্ঞানৰ সহায়ত শিক্ষকসকলে শিক্ষাৰ্থী তথা ব্যক্তিসকলৰ ইতিবাচক আৱেগ যেনে সহযোগিতা, সহিষুতা, কৃতজ্ঞতা, ধৈৰ্য্য আদিবোৰক সবল কৰি তোলে যিয়ে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

(৬) মানৱীয় গুণসমূহৰ বিকাশ সাধন : ইতিবাচক মনোবিজ্ঞানে মানৱীয় গুণসমূহৰ বিকাশ সাধনত সহায় কৰে।অৰ্থাৎ এই মনোবিজ্ঞানে মানৱীয় গুণসমূহ যেনে নিষ্ঠা,অহিংসা,প্ৰেম,মৈত্ৰী, কৰুণা,ত্যাগ,সহিষুতা, নম্ৰতা, সংযম,সাধুতা,দয়া আদি গুণসমূহৰ বিকাশ সাধনত সহায় কৰে।ইয়াৰ সহায়ত ব্যক্তিসকলে সমাজত মানৱীয় পাৰস্পৰিক সম্পৰ্ক সক্ৰিয় কৰি ৰখাৰ লগতে সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হয়।গতিকে ইতিবাচক মনোবিজ্ঞানৰ প্ৰয়োজন হয়।

(৭) মূল্যবোধৰ বিকাশ সাধন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ মূল্যবোধৰ বিকাশ সাধনৰত সহায় কৰে।অৰ্থাৎ ইতিবাচক মনোবিজ্ঞানৰ সহায়ত শিক্ষাৰ্থীৰ তথা ব্যক্তিক নিজৰ অধিকাৰ, দায়িত্ব, কৰ্তব্য আদিৰ প্ৰতি, সমাজ আৰু দেশৰ প্ৰতি ,সংবিধানৰ প্রতি সন্মান জনোৱা, একতা স্থাপন কৰা, ভাতৃত্ববোধৰ ভাৱ জগাই তোলা ইত্যাদি সকলোবোৰ মূল্যবোধৰ জ্ঞান প্ৰদান কৰি সু-নাগৰিক হিচাবে গঢ়ি তুলিব পৰা যায়।

(৮) অৰ্থপূৰ্ণ জীৱন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলক অৰ্থপূৰ্ণ জীৱন-যাপনৰ বাবে উপযুক্ত কৰি তোলাত সহায় কৰে।ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলক স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক মনোভাৱৰ হোৱাৰ পৰিবৰ্তে নিজৰ জীৱনটোক তথা মূল্যৱান গুণবোৰ, সক্ষমতাবোৰ আন ব্যক্তিসকলৰ সেৱা,সমাজৰ সেৱা,দেশৰ সেৱাৰ নামত উৎসৰ্গা কৰিবলৈ জ্ঞান প্ৰদান কৰে।

(৯) গুণগত মানদণ্ড উন্নয়ন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলক গুণগত মানদণ্ডৰ উন্নয়নত সহায় কৰে।এই মনোবিজ্ঞানে শিক্ষাৰ্থীসকলৰ সংখ্যাগত দিশতকৈ গুণগত দিশৰ বিকাশ সাধনত অধিক গুৰুত্ব প্ৰদান কৰে।অৰ্থাৎ এজন ব্যক্তিৰ বা এখন সমাজৰ যিবিলাক প্ৰয়োজনীয় গুণ যেনে সাধুতা ,সহিষুতা, নমম্ৰতা,দয়া, আদি গুণ সমূহ উন্নয়ন সাধানত ইতিবাচক মনোবিজ্ঞানে গুৰুত্ব আৰোপ কৰে।সেয়েহে এই ক্ষেত্ৰত ইতিবাচক মনোবিজ্ঞানৰ প্ৰয়োজন হয়।

Q.17. ইতিবাচক মনোবিজ্ঞানৰ প্ৰকৃতিৰ সম্পৰ্কে আলোচনা কৰা?

উত্তৰঃ (১) ইতিবাচক আৱেগ : ইতিবাচক মনোবিজ্ঞানে ইতিবাচক আবেগসমূহৰ বিষয়ে অধ্যয়ন কৰে।ইতিবাচক আবেগসমূহৰ ভিতৰত হ’ল প্ৰেম, ভালপোৱা, দয়া, ক্ষমা,সহযোগিতা, সহণশীলতা, কৃতজ্ঞতা ইত্যাদি।এই ইতিবাচক আবেগসমূহৰ প্ৰভাৱ পেলোৱা সবল দিশসমূহৰ বিষয়ে ইতিবাচক মনোবিজ্ঞানে অধ্যয়ন কৰে।

(২) বংশগতি আৰু পৰিবেশ :  শিশু তথা ব্যক্তিসকলৰ বিকাশত বংশগতি আৰু পৰিবেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।ইতিবাচক মনোবিজ্ঞানে শিশু তথা ব্যক্তিসকলৰ ইতিবাচক আবেগসমূহ যেনে প্ৰেম, ভালপোৱা, দয়া, সুখ আদিৰ বিকাশত বংশগতি আৰু পৰিবেশে পেলোৱা প্ৰভাৱসমূহৰ সম্পৰ্কে বিতংভাৱে অধ্যয়ন কৰে।

(৩) সামাজিক দিশৰ পৰা অধ্যয়ন : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ ইতিবাচক আবেগসমূহক সামাজিক দিশৰ পৰা অধ্যয়ন কৰে যাতে ইয়াৰ ফলাফল বহুসংখ্যক ব্যক্তিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে।যিহেতু সমাজৰ পৰিসৰ হৈছে ব্যাপক আৰু থাকিব পাৰে।গতিকে শিশু তথা ব্যক্তিসকলক সামাজিক দিশৰ পৰা অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আহি পৰে।

(৪) নেতিবাচক আবেগসমূহৰ নিয়ন্ত্ৰণ : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ নেতিবাচক আবেগসমূহক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰে।লগতে ইতিবাচক আবেগসমূহক যেনে সুখ,সহানুভূতি, ইতিবাচক চিন্তা-চৰ্চা আদিক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পৰা যায় সেই বিষয়ে জ্ঞান প্ৰদান কৰে।কিয়নো নেতিবাচক আবেগসমূহক নিয়ন্ত্ৰণ কৰি ইতিবাচক আবেগবিলাকক সবল কৰি তুলিব পাৰিলেহে ব্যক্তিসকলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হব পাৰিব।

(৫) ইতিবাচক অভিজ্ঞতা, সংলক্ষণ আৰু সংস্থাপন :  ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ ইতিবাচক অভিজ্ঞতা, ইতিবাচক ব্যক্তিগত সংলক্ষণ আৰু ইতিবাচক সংস্থাপন আদিৰ বিষয়ে অধ্যয়ন কৰে।যিবিলাকে ব্যক্তিৰ উন্নতি সাধনৰ লগতে সমাজ তথা দেশৰ প্ৰগতিত সহায় কৰে।তদুপৰি ইতিবাচক অভিজ্ঞতা, সংলক্ষণ আৰু সংস্থাপন সমূহে ব্যক্তিক নিৰ্দিষ্ট লক্ষ্যত সফল ৰূপায়ণৰ ক্ষেত্ৰত সহায় কৰে।

(৬) ব্যক্তি আৰু সমাজৰ মঙ্গল : ইতিবাচক মনোবিজ্ঞানে ব্যক্তি আৰু সমাজ দুয়োটা দিশৰ মঙ্গলৰ ওপৰত বিতংভাৱে আলোচনা কৰে।অৰ্থাৎ ইতিবাচক মনোবিজ্ঞানে ব্যক্তিৰ ইতিবাচক দিশ তথা আবেগসমূহক সবল কৰি তোলাত সহায় কৰে।যিবিলাকে ব্যক্তিৰ লগতে সমাজৰ মঙ্গল আনিব পাৰে।যিহেতু প্ৰত্যক ব্যক্তিৰ জীৱনটো ইতিবাচক আৰু নেতিবাচক আবেগৰে ভৰা।এই নেতিবাচক আৱেগ বোৰক জীৱনৰ পৰা একেবাৰে নাইকিয়া কৰিব নোৱাৰি।কিন্তু ইতিবাচক আবেগবোৰক সবল কৰি তুলি ব্যক্তি আৰু সমাজৰ মঙ্গল কামনা কৰিব পাৰি।

(৭) সুখী জীৱন-যাপন : প্ৰত্যক জন ব্যক্তিয়ে সুখী জীৱন যাপন কৰিব বিচাৰে।ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলৰ সুখী জীৱন যাপনৰ সম্পৰ্কে অধ্যয়ন কৰে।অৰ্থাৎ ইতিবাচক মনোবিজ্ঞানে সুখী জীৱন যাপনৰ বাবে তথা সুস্থ জীৱনৰ বাবে দৈহিক ব্যায়াম ধ্যান কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(৮) ঘনিষ্ঠ তথা পাৰস্পৰিক সম্পৰ্ক : ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলে কেনেদৰে পৰিয়াল, বন্ধু-বন্ধুবী, সমাজ আদিৰ লগত এক ঘনিষ্ঠ আৰু পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিব পাৰে সেই বিষয়ে আলোচনা কৰে।অৰ্থাৎ মানুহ হৈছে সামাজিক প্ৰাণী।সামাজিক প্রাণী হিচাপে ব্যক্তিসকলৰ পৰিয়ালৰ লগত, বন্ধু-বান্ধৱী,সমাজ আদিৰ লগত পাৰস্পৰিক সম্পৰ্ক থকাটো অতি প্ৰয়োজন।এই সকলো বিলাকৰ বিষয়ে ইতিবাচক মনোবিজ্ঞানে অধ্যয়ন কৰে।

(৯) লক্ষ্যত উপনীত :  ব্যক্তিসকলে জীৱনত সঠিক লক্ষ্যত উপনীত হ’ব বিচাৰে যদিও কেতিয়াবা দেখা যায় যে সঠিক লক্ষ্য নিৰ্বাচন কৰোতে বাধা হয়।ইতিবাচক মনোবিজ্ঞানে  ব্যক্তিসকলক সুস্থ জীৱনৰ লগতে সঠিক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই।

(১০) নেতিবাচক আৱেগক নিয়ন্ত্ৰণ : নেতিবাচক আবেগসমূহে ব্যক্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।এই সমূহক একেবাৰে দূৰ কৰিব পৰা নাযায়।গতিকে ইতিবাচক মনোবিজ্ঞানে নেতিবাচক আৱেগ যেনে-  নিৰাশা, হতাশা, খং,ভয়,ইৰ্ষা,অসুস্থ মানসিক স্বাস্থ্য আদিক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পৰা যায় সেই বিষয়ে অধ্যয়ন কৰে।

(১১) আত্মবিশ্বাস আৰু আত্মবোধৰ ভাৱ : আত্মবিশ্বাস আৰু আত্মবোধৰ ভাৱ হৈছে ইতিবাচক আৱেগ যিয়ে ব্যক্তিৰ জীৱনত ধনাত্মক প্ৰভাৱ পেলায়।ইতিবাচক মনোবিজ্ঞানে ব্যক্তি সকলৰ মাজত আত্মবিশ্বাস আৰু আত্মবোধৰ ভাৱ জাগ্ৰত কৰাত সহায় কৰে।গতিকে আত্মবিশ্বাস আৰু আত্মবোধৰ ভাৱক ইতিবাচক মনোবিজ্ঞানৰ প্ৰকৃতিৰ অন্তৰ্ভুক্ত কৰা হয়।

(১২) মানৱীয় গুণ : ইতিবাচক মনোবিজ্ঞানে মানৱীয় গুণ যেনে মৰম,স্নেহ, দয়া-ক্ষমা আদি সমূহৰ সম্পৰ্কে অধ্যয়ন কৰি সেই বিলাকৰ বিকাশ সাধনত সহায় কৰে।মানৱীয় গুণসমূহে ব্যক্তিসকলৰ মাজত বুজাবুজিৰ মনোভাৱ আৰু পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি কৰি তোলাত সহায় কৰে।তদুপৰি সমাজত শান্তি শৃংখলা বজাই ৰাখি ব্যক্তি আৰু সমাজৰ কল্যাণ সাধনত সহায় কৰে।

(১৩) সামাজিক সমস্যা আৰু সমাধান : মনোবিদ পিটাৰচনৰ মতে,ইতিবাচক মনোবিজ্ঞানে সামাজিক ব্যৱস্থা আৰু সংস্থাপনৰ দ্বাৰা ব্যক্তিসকলৰ সুখ,মূল্যবোধ, সবলতা,প্ৰতিভা,গুণ আদি বিলাকৰ উন্নতি সাধনৰ সম্পৰ্কে অধ্যয়ন কৰে।

(১৪) সু-নাগৰিকত্বৰ গুণাৱলী : ইতিবাচক মনোবিজ্ঞানে সু-নাগৰিকত্বৰ গুণাৱলী সমূহৰ বিষয়ে অধ্যয়ন কৰে অৰ্থাৎ সু-নাগৰিকত্বৰ গুণাৱলী যেনে সহযোগিতা, নেতৃত্ব, সহণশীলতা, দেশপ্ৰেম, ত্যাগ,সমতা, ভাতৃত্ববোধ ইত্যাদি সমূহৰ বিষয়ে অধ্যয়ন আৰু বিকাশ সাধনৰ ওপৰত ইতিবাচক মনোবিজ্ঞানে গুৰুত্ব দিয়ে।

(১৫) সন্তোষিত জীৱন : ব্যক্তিসকলৰ সৰ্বাগীন দিশৰ সুস্থ বিকাশ সাধনৰ বাবে সন্তোষিত জীৱন অতিপ্ৰয়োজন। ইতিবাচক মনোবিজ্ঞানে ব্যক্তিসকলে জীৱনত নেতিবাচক আৱেগ অভিজ্ঞতাসমূহক নিয়ন্ত্ৰণ কৰি কিদৰে এটা সন্তোষিত জীৱনৰ গৰাকী হব পাৰে সেই বিষয়ে অধ্যয়ন তথা আলোচনা কৰে।সন্তোষিত জীৱনে ব্যক্তি সকলৰ জীৱন যাত্ৰাৰ প্ৰণালীক সুন্দৰ, সুখী আৰু আনন্দদায়ক কৰি তোলাত সহায় কৰে।

(১৬) কামত একাগ্ৰ কৰি ৰখা : ব্যক্তিসকলে কামত একাগ্ৰ হ’ব পৰিলেহে নিৰ্দিষ্ট লক্ষ্যত ফলপ্ৰসূতভাৱে উপনীত হ’বলৈ সক্ষম হ’ব পাৰে।ইতিবাচক মনোবিজ্ঞানে ব্যক্তি সকলে যিকোনো এটা কামত নিয়োজিত হোৱাৰ পিছত কেনেদৰে কামটো মনে প্ৰাণে ভাল পাই ফলপ্ৰসুভাৱে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে কামটোত গ্ৰহণ হ’ব পাৰে সেই বিষয়ে এক বিস্তৃত অধ্যয়ন আৰু গুৰুত্ব প্ৰদান কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top