Mental Health Issues Unit 1 Foundation of Mental Health and Hygiene

Mental Health Issues Unit 1 Foundation of Mental Health and Hygiene Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Mental Health Issues Unit 1 Foundation of Mental Health and Hygiene to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Mental Health Issues Unit 1 Foundation of Mental Health and Hygiene Question Answer can be of great value to excel in the examination.

Mental Health Issues Unit 1 Foundation of Mental Health and Hygiene

Join Telegram channel

Mental Health Issues Unit 1 Foundation of Mental Health and Hygiene Notes cover all the exercise questions in UGC Syllabus. The Mental Health Issues Unit 1 Foundation of Mental Health and Hygiene provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Foundation of Mental Health and Hygiene

EDUCATION

MENTAL HEALTH ISSUES

মানসিক স্বাস্থ্যৰ বিচাৰ্য বিষয়সমূহ

১. ‘A mind that found itself’ নামৰ গ্ৰন্থখন কাৰ?

উত্তৰঃ ক্লিফোৰ্ড বিয়াৰ্চ ।

২. মানসিক স্বাস্থ্য বুলিলে কি বুজা?

উত্তৰঃ মনৰ বা মনোজগতখন সুস্থ অৱস্থাকে মানসিক স্বাস্থ্য বুলি ক’ব পাৰি।

৩. ব্যক্তিৰ মানসিক স্বাস্থ্য কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ ব্যক্তিৰ মানসিক স্বাস্থ্য দুটা ভাগত ভাগ কৰিব পাৰি।

(i) সুস্থ মানসিক স্বাস্থ্য।

(ii) অসুস্থ মানসিক স্বাস্থ্য।

৪. “মানসিক স্বাস্থ্য হৈছে বিজ্ঞান যি মানৱ কল্যান আৰু মানুহৰ লগত সম্পৰ্কিত সকলো ক্ষেত্ৰত লগত জড়িত।”-এই কথাষাৰ কাৰ?

উত্তৰঃ এই কথাষাৰ ক্ৰো আৰু ক্ৰোয়ে কৈছিল।

৫. “মানসিক স্বাস্থ্যবিজ্ঞান স্বাস্থ্য অটুত ৰক্ষাত আৰু মানসিক ৰোগৰ প্ৰতিৰোধকৰণকত গুৰুত্ব দিয়ে।”কথাষাৰ কোনে কৈছিল?

উত্তৰঃ হেডফিল্ডে কৈছিল।

৬. “মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ নিচেই ওচৰৰ বিষয়”- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ প্ৰফেচৰ  হোমলে কৈছিল।

৭. “মানসিকভাৱে স্বাস্থ্যবিজ্ঞান হৈছে মানসিক স্বাস্থ্যৰ নীতি সম্পৰ্কীয় আৰু ইয়াক সংৰক্ষণৰ বাবে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কীয় অনুসন্ধান”-কথাষাৰ কাৰ?

উত্তৰঃ ড্ৰেভাৰৰ ।

৮. হাইজিন(hygiene)শব্দটো কোন ভাষাৰ শব্দৰ পৰা আহিছে।

উত্তৰঃ হাইজিন শব্দটো গ্ৰীক ভাষাৰ hygiene শব্দৰ পৰা আহিছে।

৯. মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান তিনিটা কাৰ্য্যৱলী কি কি?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান তিনিটা কাৰ্য হ’ল -প্ৰতিকাৰমূলক,প্ৰতিৰোধমূলক আৰু  সংৰক্ষণমূলক।

১০. এজন অপৰাধপ্ৰৱন ছাত্র মানসিক ভাৱে স্বাস্থ্যৱান হ’ব পাৰেনে?

উত্তৰঃ এজন অপৰাধপ্ৰৱন ছাত্র মানসিকভাৱে স্বাস্থ্যৱান হ’ব নোৱাৰে।

১১. মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ দেহ-মন স্বাভাৱিক  ধাৰা বজাই ৰখাত সহায় কৰে।

১২. মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ ব্যক্তিগত আৰু সামাজিক অপসংগতিৰ বিভিন্ন কাৰণ সমূহৰ তালিকা প্ৰস্তুত কৰা।

১৩. মানসিকভাৱে সুস্থ ব্যক্তিৰ লক্ষ্যণ এটা উল্লেখ কৰা।

উত্তৰঃ এজন সুস্থ ব্যক্তিয়ে নিজৰ বিষয়ে, নিজৰ সবলতাআৰু দুৰ্বলতা আদিৰ বিষয়ে ভালদৰে জানে।

১৪. শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ এটা ব্যবস্থা লিখা।

উত্তৰঃ শিশুৰ সুস্থ ব্যক্তিত্বৰ বিকাশৰ বাবে শিশুৰ মনত আত্মবিশ্বাসৰ ভাৱ গঢ়ি তুলিব লাগিব।

১৫. বিদ্যালয়ত মানসিক স্বাস্থ্য ৰক্ষাৰ এটা ব্যৱস্থা লিখা।

উত্তৰঃ বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদান কৰিব লাগে।

B: খালী ঠাই পূৰ কৰা :

১. ব্যক্তিৰ মানসিক স্বাস্থ্য পৰিৱেশৰ লগত সংগতি বিধানৰ যোগেদি নিৰ্ধাৰিত হয় ।

২. মানসিক স্বাস্থ্যবিজ্ঞান মানসিক স্বাস্থ্য ৰক্ষাৰ এটা উপায়

৩. মানসিক স্বাস্থ্যবিজ্ঞানৰ ব্যক্তিত্বৰ সর্বাংগীন বিকাশত সহায় কৰে।

৪. মানসিক ৰোগৰ নিৰাময় স্বাস্থ্য বিজ্ঞানৰ প্ৰতিকাৰমূলক কাৰ্যাৱলী অন্তৰ্ভূক্ত।

৫. মানসিক স্বাস্থ্যবিজ্ঞান হৈছে উপায আৰু মানসিক স্বাস্থ্য হৈছে সমাপ্তি

৬. মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হ’ল মানসিক স্বাস্থ্য ৰ প্রাপ্তি।

৭. মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা প্ৰধান কাৰণ হ’ল- সংৰক্ষণমূলক,প্ৰতিকাৰমূলক আৰু প্ৰতিৰোধমূলক

৮. মানসিক স্বাস্থ্যবিজ্ঞান হৈছে মানসিক স্বাস্থ্য ৰ লগত সম্পৰ্কিত।

৯. মানসিক ৰোগ নিৰাময় মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিকাৰমূলক কাৰ্যাৱলীৰ অন্তৰ্ভুক্ত।

১০. হাইজিন শব্দটো গ্রীক ভাষাৰ hygiene শব্দৰ পৰা আহিছে।

উত্তৰ দিয়া :

১. মানসিক স্বাস্থ্যবিজ্ঞান মানে কি?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান হৈছে ব্যক্তিৰ মানসিক অৱস্থা সম্পৰ্কে বিজ্ঞানসন্মত অধ্যয়ন আৰু মানসিক ৰোগগ্রস্ত সকলৰ ৰোগ নিৰাময় কৰি এটা সুস্থ মনৰ সৃষ্টি কৰিবলৈ কৰা এক বৈজ্ঞানিক প্ৰচেষ্টা।ব্যক্তিৰসুস্থ মানসিক সমায়োজনৰ যোগে মনৰ স্বাস্থ্য ৰক্ষা কৰা  সুচিন্তি আৰু সামগ্ৰীক বিধৰ আঁচনিয়েই হৈছে মানসিক স্বাস্থ্য বিজ্ঞান।

২. মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃমানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা বৈশিষ্ট্য হ’ল-

(a) মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিক পৰিবেশৰ লগত সুস্থভাৱে সমায়োজন কৰাত সহায় কৰে।

(b) ই ব্যক্তিৰ দেহ মনৰ স্বাভাৱিক ধাৰা বজাই ৰখাত সহায় কৰে।

(c) ই ব্যক্তিৰ আৱেগিক সুস্থতা ৰক্ষা কৰাৰ প্ৰতি দৃষ্টি ৰাখে।

৩. মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা লক্ষ্য আৰু উদেশ্য উল্লেখ কৰা।

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা লক্ষ্য আৰু উদ্দেশ্য তলত উল্লেখ কৰা হ’ল-

(a) ব্যক্তিগত আৰু সামাজিক অপসংগতিৰ বিভিন্ন কাৰণসমূহৰ তালিকা প্ৰস্তুত কৰা ।

(b) ব্যক্তিৰ অন্তৰ্নিহিত সুপ্ত ক্ষমতা আৰু সম্ভাৱনীয়তা সমূহৰ বিকাশৰ প্ৰতি সচেতন কৰি তোলাৰ ব্যৱস্থা কৰা।

(c) মানসিক ৰোগৰ স্বৰূপ, মানসিক উশৃংখলতা আৰু ৰোগগ্রস্ততাৰ প্ৰকাৰ সমূহৰ বিষয়ে জ্ঞান প্ৰদানৰ ব্যৱস্থা কৰা।

৪. মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা পৰিসৰ উল্লেখ কৰা।

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা পৰিসৰ হ’ল-

(a) ব্যক্তিৰ লগত বাহ্যিক জগতৰ সম্পর্কৰ প্ৰকৃতি আৰু সমস্যাৰ পৰ্যবেক্ষণ আৰু গৱেষণা স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ।

(b) শিশুৰ মাজত দেখা দিয়া প্ৰৰোচনামূলক পৰিৱৰ্তনৰ ফলত মানসিক সংগঠনত যি বিপর্যয়ে দেখা দিয়ে সেইবোৰৰ বিষয়ে পৰ্যবেক্ষণ কৰাত মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত বিষয়।

(c) ব্যক্তিৰ মানসিক স্বাস্থ্যৰ লগতে দৈহিক স্বাস্থ্য ৰক্ষা আৰু সংৰক্ষণ কৰাও মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভূক্ত দিশ।

৫. মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা কাৰ্য লিখা।

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ হ’ল-

(a) প্ৰতিৰোধমূলক কার্য : মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান কাম হ’ল ব্যক্তিৰ স্বাস্থ্য ক্ষণ্ণ হোৱাৰ সম্ভাৱনা থকাসকলৰ সমস্যা অনুধাৱন কৰি সেই সমূহ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰা।

(b) সংৰক্ষণমূলক কার্য : মানসিকভাৱে ৰোগগ্ৰস্ত লোকসকল সুস্থ হোৱাৰ পিছতো যাতে পুনৰ অসুস্থ হৈ নপৰে তাৰ বাবে উপযুক্ত সংৰক্ষণমূলক  ব্যৱস্থা গ্ৰহণ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্য।

(c) প্ৰতিকাৰকমূলক কাৰ্য : মানসিক ৰোগীসকলৰ স্বাস্থ্যক স্বাভাৱিক অৱস্থালৈ আনিবলৈ প্ৰয়োজনীয় প্ৰতিকাৰকমুলক ব্যৱস্থা কৰা মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্য।

(b) ব্যক্তিৰ অন্তৰ্নিহিত সুপ্ত ক্ষমতা আৰু সম্ভাৱনীয়তা সমূহৰ বিকাশৰ প্ৰতি সচেতন কৰি তোলাৰ ব্যৱস্থা কৰা।

(c) মানসিক ৰোগৰ স্বৰূপ, মানসিক উশৃংখলতা আৰু ৰোগগ্রস্ততাৰ প্ৰকাৰ সমূহৰ বিষয়ে জ্ঞান প্ৰদানৰ ব্যৱস্থা কৰা।

৬. মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধ কাৰ্য কি?

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্য হ’ল মানসিক অসুস্থতা ,ব্যক্তিত্বৰ বিকাৰ আৰু সমায়োজনৰ সমস্যা তথা বৈশিষ্ট্যটোৰ প্ৰতি বিশেষ  দৃষ্টি দি আৰু তাক নিৰ্বাচন কৰি দূৰ কৰাৰ ব্যৱস্থা কৰাই হ’ল মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য । ব্যক্তিৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হোৱাৰ সম্ভাৱনা থকা সকলৰ সমস্যাসমূহ অনুধাৱন কৰি সেই প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য। ব্যক্তিসকলক মানসিক ৰোগৰ পৰা বচাই ৰখা মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য।মানসিক ৰোগৰ চিকিৎসসকলে মানসিক ৰোগগ্রস্ত লোকসকলৰ ৰোগ নিৰ্ণয় কৰি স্বাভাৱিক স্বাস্থ্যসন্মত ব্যক্তিসকল যাতে ৰোগৰ আক্ৰান্ত নহয়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

৭. মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিকাৰমূলক কাৰ্য কি?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিকাৰমূলক কাৰ্য হ’ল মানসিক ৰোগৰ পৰা ব্যক্তিক আৰোগ্য কৰাৰ বাবে উপযুক্ত দিহা-পৰামৰ্শ আগবঢ়োৱা আৰু প্ৰয়োজনীয়  চিকিৎসা সেৱা আগবঢ়োৱা লগতে বহুতো মানসিক ৰোগীয়ে নিজাববীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা।বহু সময়ত উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থাৰ অভাৱত ব্যক্তিয়ে মানসিক ৰোগত ভুগিবলগীয়া হয়।এনে ক্ষেত্ৰত বিশেষ প্ৰতিৰোধমূলক ব্যৱস্থা অৱলম্বন কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য মানসিক ৰোগৰ স্বৰূপ নিৰ্ধাৰণ, চিন্তাকৰণ, পৰামৰ্শদান,মনোচিকিৎসাৰ ব্যৱস্থা আদি প্ৰতিকাৰমূলক কাৰ্যৰ অন্তৰ্গত ব্যৱস্থা।

৮. মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্য কি?

উত্তৰঃ মানসিক স্বাস্থ্য বিভিন্ন হোৱাৰ আগতেই মানসিক ৰোগৰ কাৰণ নিৰ্ধাৰণ কৰি ইয়াক দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।মানসিক ভাৱে ৰোগগ্ৰস্ত ব্যক্তিসকল এবাৰ সুস্থ হৈ উঠাৰ পিছত যাতে পুনৰ অসুস্থ হৈ নপৰে তাৰ বাবে উপযুক্ত সংৰক্ষণমূলক কৰিব লাগে। মানসিকভাৱে ৰোগগ্ৰস্ত  ব্যক্তিসকল এবাৰ সুস্থ হৈ উঠাৰ পিছত যাতে পুনৰ অসুস্থ হৈ নপৰে তাৰ বাবে উপযুক্ত সংৰক্ষণমূলক  ব্যৱস্থা গ্ৰহণ কৰিব লাগে।সেয়ে প্ৰতিকূল পৰিবেশৰ বাবে শিশুৰ মানসিক স্বাস্থ্য যাতে ক্ষুণ্ণ নহয়,তাৰ বাবেই ব্যৱস্থা লোৱাই হ’ল মানসিক স্বাস্থ্যবিজ্ঞানৰ এক প্ৰধান কাম।মানসিক স্বাস্থ্যবিজ্ঞানে মনৰ সুস্থ স্বাস্থ্য ৰক্ষা কৰি চলিবৰ বাবে পালন কৰিব লগা হোৱা নীতি-নিয়ম আৰু বিধি-বিধানসমূহ সৰ্বাসাধাৰণ লোকক অৱগত কৰায় আৰু তাক প্ৰতিৰোধ কৰাৰ উপযোগী ব্যৱস্থা অৱলম্বন কৰাই হ’ল এক প্ৰতিৰোধমূলক কাম । গতিকে মানসিক স্বাস্থ্যবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ কাৰ্য হ’ল মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি ,সংৰক্ষণৰ বাবে উপায় আৰু কৈশল আদিৰ উধাৱন কৰা।

৯. মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা সংজ্ঞা দিয়া।

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা সংজ্ঞা হ’ল-ক্ৰো আৰু ক্ৰো মতে, মানসিক স্বাস্থ্যবিজ্ঞান বুলিলে মানসিক ৰোগত বাধা দান কৰা, মানসিক স্বাস্থ্য ৰক্ষা কৰা আৰু মানসিক অসুস্থতাৰ চিকিৎসা কৰা কাৰ্যকে বুজা যায়।

ড্ৰেভাৰৰ মতে, “মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক স্বাস্থ্যৰ নীতি সম্পৰ্কীয় আৰু ইয়াক সংৰক্ষণ বাবে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কীয় অনুসন্ধান।”

১০. মানসিক ভাৱে সুস্থ এজন ব্যক্তিৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মানসিক ভাৱে সুস্থ এজন ব্যক্তিৰ বৈশিষ্ট্য হ’ল-

(a) এজন সুস্থ ব্যক্তিয়ে , নিজৰ সবলতা আৰু দুৰ্বলতা আদিৰ বিষয়ে ভালদৰে জানে।

(b) এনে ব্যক্তি সামাজিক ভাৱে গ্ৰহণযোগ্য সুস্থ আগ্ৰহ আৰু অভিক্ষমতাৰ অধিকাৰী হয়।

(c) এনে ব্যক্তি নিজৰ বৃত্তি বা কৰ্মক লৈ সন্তুষ্ট হয়।

১১. মানসিক অসুস্থতাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ মানসিক অসুস্থতাৰ তিনিটা কাৰণ হ’ল-

(a) অর্থনৈতিক নিৰাপত্তা প্ৰদানৰ ব্যৰ্থতা।

(b) অত্যাধিক মৰম আৰু ভালপোৱা।

(c) উপযুক্ত নিৰ্দেশনাৰ অভাৱ।

১২. শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত শিক্ষকে বিদ্যালয়ত ল’ব পৰা দুটা ভূমিকা লিখা।

উত্তৰঃ শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত শিক্ষকে ল’ব পৰা ভূমিকা হ’ল-

(a) শাৰীৰিক শিক্ষা : এটা সুস্থ দেহতহে এটা সুস্থ মনত সৃষ্টি হয়।সেয়ে সুস্থ স্বাস্থ্য ৰক্ষাৰ বাবে সুস্থ শৰীৰৰ প্ৰয়োজন।এই দিশৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ত শাৰীৰিক শিক্ষা ৰ সকলোবোৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।এই ব্যৱস্থাবোৰৰ ভিতৰত খেল-ধেমালি   ব্যায়াম ,ইন্দিয় অনুশীলনৰ ব্যৱস্থা আদি উল্লেখযোগ্য।

(b) আৱেগৰ প্ৰশিক্ষণ : বিদ্যালয়ত সংগীত, নৃত্য, আবৃত্তি, সাহিত্য চৰ্চা,চিত্ৰকলা, ভাস্কৰ্য শিল্প আদিৰ বিষয়ৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষাৰ্থীৰ আৱেগ-অনুভূতিবোৰক সুস্থ ভাববৃত্তিত পৰিণত কৰিব পাৰি।

(c) শিক্ষাদান পদ্ধতি : শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে শিককে গতানুগতিক মৈখিক শিক্ষাদান পদ্ধতিৰ পৰিবৰ্তে বাস্তৱ ,কৰ্মমূখী আৰু ব্যৱহাৰীক ,শ্ৰৱণ-দর্শন ভিক্তিক শিক্ষাদান পদ্ধতি অৱলম্বন কৰিব লাগে।

১৩. শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে অভিভাৱকে ল’ব লগা তিনিটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে অভিভাৱকে ল’ব লগা তিনিটা ব্যবস্থা হ’ল-

(a) শিশুৰ সুস্থ ব্যক্তিত্ব বিকাশৰ বাবে শিশুৰ মনত আত্ম বিশ্বাসৰ ভাৱ গঢ়ি তুলিব লাগিব।

(b)  শিশুয়ে কৰা কোনো বেয়া আচৰণ বা কামৰ বাবে সমালোচনা কৰাৰ পৰিবৰ্তে তেনে আচৰণ বা সংশোধন কৰি শুদ্ধ আচৰণ বা কাম কৰিবৰ বাবে ঘৰুৱা পৰিবেশক অনুকূল ভাৱে গঢ় দি তুলিব লাগে।

(c) শিশুৰ যুক্তি সংগত প্ৰয়োজনৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে আৰু শিশুৰ ভৱিষ্যত সম্বন্ধে উদ্বিগ্ন হ’ব নালাগে।

দীঘলীয়া উত্তৰ দিয়া : 

১. মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ লিখা

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তলত আলোচনা কৰা হ’ল-

(a) প্ৰতিৰোধমূলক কাৰ্য : মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাম হ’ল ব্যক্তিৰ ক্ষুণ্ণ হোৱাৰ সম্ভাৱনা থকা সকলৰ সমস্যা অনুধাৱন কৰি সমূহ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰা।

(b) প্ৰতিকাৰকমুলক কাৰ্য : উপযুক্ত সময়ত প্ৰতিৰোধৰ অভাৱত কেতিয়াবা মানসিক অস্বাভাৱিকতাই দেখা দিয়ে।মানসিক ৰোগসমূহ চিকিৎসা কৈশলৰ লগত জড়িত।মানসিক স্বাস্থ্যবিজ্ঞানে কেৱল মানসিক সমস্যাবোৰ উপলব্ধি কৰাতেই নহয়, সেই সমস্যাসমূহ চিকিৎসা কৰাতো সহায় কৰে।মানসিক অসুস্থতাৰ চিনাক্তকৰণ, সেইবোৰৰ প্ৰকৃতি নিৰ্ধাৰণ, সেইবোৰ সমাধানৰ বাবে পৰামৰ্শ দান আৰু মনো চিকিৎসাৰ ব্যৱস্থাকৰণ ইত্যাদি আৰোগ্যমূলক ব্যৱস্থা গ্ৰহণত সহায় কৰে।

(c) সংৰক্ষণমূলক কাৰ্য : সুস্থ জীৱন-যাপনৰ বাবে কেৱল শাৰীৰিক সুস্থতাই যথেষ্ট নহয়, ভাৰসাম্য আৰু মানসিক সুস্থতাৰো প্ৰয়োজন।মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক ব্যৱস্থায়েও ব্যক্তি তথা সমাজক মানসিক স্বাস্থ্যৰ গুৰুত্ব অনুভৱ কৰায় সহায় কৰে।মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে ল’ব লগা কৈশলসমূহ আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে।ব্যক্তিগত আৰু সামাজিক কল্যাণৰ বাবে ই অত্যন্ত জৰুৰী।

(d) নিণেয়াত্মক দিশ : যিবিলাক ব্যক্তিয়ে ঘৰ-বাৰী এৰি ঘূৰি ফুৰে, কথাৰ আৰু কামৰ লাগ বান্ধ নাথাকে তেনে ব্যক্তিক সচৰাচৰ পাগল বা মানসিক ৰোগী বুলি কোৱা হয়।যদিও প্ৰকৃততে সমাজৰ আৰু পৰিবেশৰ লগত স্বাভাৱিকভাৱে সমায়োজন কৰিব নোৱাৰি অপ সমায়োজনমূলক আচৰণৰ আশ্ৰয় লোৱা সকলে মানসিক ৰোগীৰ মানসিক অসুস্থতাৰ প্ৰকাৰ আৰু তাৰ কাৰণ নিৰ্ণয় কৰাটোৱেই হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ এক প্ৰধান কাম।উদাহৰণস্বৰূপে, কৈশোৰ কালত বহুত লৰা ছোৱালীয়ে প্ৰদৰ্শন কৰা অপৰাধমূলক প্ৰৱণতা অপসমায়োজন মাত্র।এই অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ লৰা-ছোৱালীৰ এক মানসিক ৰোগ বা ব্যাধি।গতিকে এনে ৰোগ বা ব্যাধিৰ প্ৰকৃত কাৰণ আৰু উৎস নিৰ্ণয় কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান দিশ বা কাম।

২. মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিদ্যালয়ত ল’ব লগা পাঁচটা ব্যৱস্থা লিখা।

উত্তৰঃ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিদ্যালয়ত ল’ব লগা পাঁচটা ব্যৱস্থা হ’ল-

(i) শাৰীৰিক শিক্ষা : এটা সুস্থ দেহতহে এটা সুস্থ মনৰ সৃষ্টি হয়।সেয়ে মানসিক সুস্থ স্বাস্থ্য ৰক্ষাৰ বাবে সুস্থ শৰীৰৰ প্ৰয়োজন।এই দিশৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ সকলোবোৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।এই ব্যৱস্থাবোৰৰ ভিতৰত খেল-ধেমালি ,ব্যায়াম ,ইন্দ্ৰিয় অনুশীলনৰ ব্যৱস্থা আদি উল্লেখযোগ্য।

(ii) আবেগৰ প্ৰশিক্ষণ : বিদ্যালয়ত সংগীত, নৃত্য, আবৃত্তি, সাহিত্য চৰ্চা, চিত্রকলা,ভাস্কৰ্য শিল্প আদি বিষয়ৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষাৰ্থীৰ আৱেগ-অনুভূতিবোৰক সুস্থ ভাববৃত্তিত পৰিণত কৰিব লাগে।

(iii) হস্ত শিল্পৰ প্ৰশিক্ষণ : বিভিন্ন হস্ত শিল্প যেনে:মাটিৰ কাম, কাগজৰ কাম, বাঁহ-বেতৰ কাম, বাগান পৰিচালনাৰ কাম, চিলাই কাম আদি ক্ৰিয়াই শিক্ষাৰ্থীৰ মনত আপূৰণীয় আশা-আকাঙ্খাক পুৰণ কৰি অবদমনমূলক অসুস্থ উপাদানবোৰক মনৰ পৰা আঁতৰাই পেলাব পাৰে আৰু মনৰ সুস্থ অৱস্থা লাভ কৰি উঠিব পাৰে।

(iv) ক্ৰীয়াভিত্তিক পাঠ্যক্ৰম : শিক্ষাৰ্থীৰ দেহ মানসিক প্ৰয়োজনীয়তা পুৰণ কৰিব পৰাকৈ শিক্ষাৰ পাঠ্যক্ৰমৰ চিন্তা প্ৰধান, মৌখিক, কৰ্মবিমুখ, বাস্তৱৰ সম্পৰ্ক নথকা বিধৰ কৰি তোলাৰ পৰিবৰ্তে ক্রিয়াভিত্তিত আৰু গতিশীল নীতিৰ ওপৰত প্ৰতিষ্ঠিত কৰি প্ৰস্তুত কৰিব লাগে।

(v) সহ পাঠ্যক্ৰমিক কাৰ্যাৱলী : শিক্ষাৰ্থীৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ খেলা-ধূলা, নৃত্য-গীত, আলোচনা চক্ৰ, তর্ক সভা, সাহিত্য-সংস্কৃতি আদি সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ উপযুক্ত ব্যৱস্থা বিদ্যালয়ত গ্ৰহণ কৰিব লাগে।উত্তৰঃ মানসিক অসুস্থতা ৰোধ কৰিবৰ বাবে বিদ্যালয়ত পালন কৰিব পৰা পাঁচটা ভূমিকা হ’ল-

(i) শাৰীৰিক শিক্ষা : এটা সুস্থ দেহতহে এটা সুস্থ মনৰ সৃষ্টি হয়।সেয়ে মানসিক সুস্থ স্বাস্থ্যৰ বাবে সুস্থ শৰীৰৰ প্ৰয়োজন।এই দিশৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ সকলোবোৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।এই ব্যৱস্থাবোৰৰ ভিতৰত খেল -ধেমালি ,ব্যায়ম ইন্দ্ৰিয় অনুশীলনৰ ব্যৱস্থা আদি উল্লেখযোগ্য।

(ii) আবেগৰ প্ৰশিক্ষণ : বিদ্যালয়ত সংগীত, নৃত্য, আবৃত্তি, সাহিত্য চৰ্চা, চিত্রকলা ,ভাস্কৰ্য শিল্প আদিৰ বিষয়ে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষাৰ্থীৰ আৱেগ- অনুভূতিবোৰকসুস্থ ভাববৃত্তিত পৰিণত কৰাব লাগে।

(iii) হস্ত শিল্পৰ প্ৰশিক্ষণ : বিভিন্ন হস্ত শিল্প যেনে:মাটিৰ কাম, কাগজৰ কাম, বাঁহ বেতৰ কাম, বাগান পৰিচালনাৰ কাম, চিলাই কাম আদি ক্রিয়াই শিক্ষাৰ্থীৰ মনৰ অপূৰণীয়  আশা-আকাঙ্খাক পুৰণ কৰি অবদমনমূলক অসুস্থ উপাদানবোৰক মনৰ পৰা আঁতৰাই পেলাব পাৰে আৰু মনৰ সুস্থ অৱস্থা লাভ কৰি উঠিব পাৰে।

(iv) ক্রিয়াভিত্তিক পাঠ্যক্রম : শিক্ষাৰ্থীৰ দেহ মানসিক প্ৰয়োজনীয়তা পুৰণ কৰিব পৰাকৈ শিক্ষাৰ পাঠ্যক্ৰমৰ চিন্তা প্ৰধান, মৌখিক, কৰ্মবিমুখ, বাস্তৱৰ লগত সম্পৰ্ক নথকা বিধৰ কৰি তোলাৰ পৰিবৰ্তে ক্ৰিয়াভিত্তিক আৰু গতিশীল নীতিৰ ওপৰত প্ৰতিষ্ঠিত কৰি প্ৰস্তুত কৰিব লাগে।

(v) মাদক দ্ৰব্য আৰু যৌন জীৱন : অত্যধিক মাদক দ্ৰব্য সেৱন কৰিলে আৰু কেতিয়াবা যৌন জীৱনৰ অসন্তুষ্টি আৰু বিপথগামীতাই ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণ হ’ব পাৰে।

(v) সহ পাঠ্যক্রমিক কার্যাবলী : শিক্ষাৰ্থীৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ খেলা-ধূলা, নৃত্য-গীত, আলোচনা চক্র, তর্ক সভা, সাহিত্য-সংস্কৃতি আদি সহ পাঠ্যক্রমিক কাৰ্যাৱলীৰ উপযুক্ত ব্যৱস্থা বিদ্যালয়ত গ্ৰহণ কৰিব লাগে।

3. মানসিক অসুস্থতা ৰোধ কৰিবৰ বাবে বিদ্যালয়ত পালন কৰিব পৰা পাঁচটা ভূমিকা উল্লেখ কৰা।

উত্তৰঃমানসিক অসুস্থতা ৰোধ কৰিবৰ বাবে বিদ্যালয়ত পালন কৰিব পৰা পাঁচটা ভূমিকা হ’ল

(i) শাৰীৰিক শিক্ষা : এটা সুস্থ দেহতহে এটা সুস্থ মনৰ সৃষ্টি হয়। সেয়ে মানসিক সুস্থ স্বাস্থ্য ৰক্ষাৰ বাবে সুস্থ শৰীৰৰ প্ৰয়োজন। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ সকলোবোৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। এই ব্যৱস্থাবোৰৰ ভিতৰত খেল-ধেমালি, ব্যায়াম, ইন্দ্রিয় অনুশীলনৰ ব্যৱস্থা আদি উল্লেখযোগ্য।

(ii) আবেগৰ প্ৰশিক্ষণ : বিদ্যালয়ত সংগীত, নৃত্য, আবৃত্তি, সাহিত্য চর্চা, চিত্রকলা, ভাস্কর্য শিল্প আদি বিষয়ৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষাৰ্থীৰ আৱেগ-অনুভূতিবোৰক সুস্থ ভাৱবৃত্তিত পৰিণত কৰাব লাগে।

(iii) হস্ত শিল্পৰ প্ৰশিক্ষণ : বিভিন্ন হস্ত শিল্প যেনে : মাটিৰ কাম, কাগজৰ কাম, বাঁহ-বেতৰ কাম, বাগান পৰিচালনাৰ কাম, চিলাই কাম আদি ক্রিয়াই শিক্ষাৰ্থীৰ মনৰ অপূৰণীয় আশা-আকাঙ্খাক পূৰণ কৰি অবদমনমূলক অসুস্থ উপাদানবোৰক মনৰ পৰা আঁতৰাই পেলাব পাৰে আৰু মনৰ সুস্থ অৱস্থা লাভ কৰি উঠিব পাৰে।

(iv) ক্রিয়াভিত্তিক পাঠ্যক্ৰম : শিক্ষাৰ্থীৰ দেহ মানসিক প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষাৰ পাঠ্যক্ৰমৰ চিন্তা প্ৰধান, মৌখিক, কর্মবিমুখ, বাস্তৱৰ লগত সম্পৰ্ক নথকা বিধৰ কৰি তোলাৰ পৰিৱৰ্তে ক্ৰিয়াভিত্তিক আৰু গতিশীল নীতিৰ ওপৰত প্ৰতিষ্ঠিত কৰি প্রস্তুত কৰিব লাগে।

(v) সহ পাঠ্যক্রমিক কাৰ্যাৱলী : শিক্ষাৰ্থীৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ খেলা-ধূলা, নৃত্য-গীত, আলোচনা চক্র, তর্ক সভা, সাহিত্য-সংস্কৃতি আদি সহ পাঠ্যক্রমিক কাৰ্যাৱলীৰ উপযুক্ত ব্যৱস্থা বিদ্যালয়ত গ্ৰহণ কৰিব লাগে।

4. মানসিক অসুস্থতা বুলিলে কি বুজা? ইয়াৰ পাঁচটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ মানসিক অসুস্থতা বুলিলে সাধাৰণতে মনযোগৰ বা মনৰ অসুস্থ অৱস্থাকে ক’ব পাৰি।

মানসিক অসুস্থতাৰ পাঁচটা কাৰণ হ’ল—

(i) বংশগতি : জন্মসূত্রে ব্যক্তিয়ে পূর্ব পুৰুষৰ পৰা কিছুমান বৈশিষ্ট্য লাভ কৰে। কেতিয়াবা বংশগতিৰ পৰা লাভ কৰা জীৱাণুকোষৰ জৈৱিক নিম্ন মানবিশিষ্টতাৰ ফলত দেহত অথবা সামাজিক অক্ষমতাই দেখা দিব পাৰে।

(ii) বংশগতিৰ অসুস্থতা : দৈহিক অসুস্থতাৰ ফলত ব্যক্তিৰ কেন্দ্রীয় স্নায়ুতন্ত্র বিশেষকৈ মস্তিষ্ক কেতিয়াবা প্রভাৱিত হোৱা দেখা যায়। খুউব বেছি পৰিমাণে জ্বৰ, ভিটামিনৰ অভাৱ আদিয়ে মানসিক অস্বাভাৱিকতা সৃষ্টি কৰিব পাৰে।

(iii) সামাজিক অনগ্ৰসৰতা : আধুনিক সমাজত থকা বিভিন্ন বাধ্যবাধকতা আৰু সীমাবদ্ধতাৰ ফলত ব্যক্তিয়ে কেতিয়াবা উপেক্ষা ভূগিব লগা হয়। সাংস্কৃতিক শৈক্ষিক বিভিন্ন ক্ষেত্ৰত অৱহেলিত হৈ মানসিক ভাৱে অসুস্থ হৈ পৰে।

(iv) অর্থনৈতিক দৰিদ্ৰতা : শিশুসকলক অর্থনৈতিক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হ’লে আৰু আৰ্থিক কাৰণত চাহিদাসমূহ পূৰ্ণ কৰিব নোৱাৰিলে তেওঁলোক মানসিক অস্বাভাৱিকতাত ভোগে।

(v) মাদক দ্ৰব্য আৰু যৌন জীবন : অত্যাধিক মাদক দ্রব্য সেৱন কৰিলে আৰু কেতিয়াবা যৌন জীৱনৰ অসন্তুষ্টি আৰু বিপথগামিতাই ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণ হ’ব পাৰে।

5. মানসিক ভাৱে সুস্থ ব্যক্তিৰ লক্ষণসমূহ লিখা।

উত্তৰঃ মানসিক ভাৱে সুস্থ ব্যক্তিৰ লক্ষণসমূহ হ’ল-

(i) এজন সুস্থ ব্যক্তিয়ে নিজৰ বিষয়ে,নিজৰ সবলতা আৰু দুৰ্বলতা আদিৰ বিষয়ে ভালদৰে জানে।

(ii) এজন ব্যক্তিৰ বিভিন্ন পৰিৱৰ্তন পৰিস্থিতি আৰু পৰিবেশৰ লগত উপযুক্তভাৱে সমায়োজন কৰিব পৰা গুন থাকে।

(iii) এনে ব্যক্তি সামাজিকভাৱে গ্ৰহণযোগ্য সুস্থ আগ্ৰহ আৰু অভিক্ষমতাৰ অধিকাৰী হয়।

(iv) মানসিকভাৱে সুস্থ ব্যক্তিয়ে জীৱনৰ কৰ্মক্ষেত্ৰ, জিৰণি আৰু অৱসৰৰ মাজত এক সমতা ৰক্ষা কৰি চলিব পাৰে।

(v) এনে ব্যক্তি নিজৰ বৃত্তি বা কৰ্মক লৈ সন্তুষ্ট হয়।

6. ঘৰুৱা পৰিৱেশত শিশুৰ মানসিক অসুস্থতাৰ কাৰণ সমূহ কি?

উত্তৰঃ ঘৰুৱা পৰিবেশত বিভিন্ন কাৰণত পৰিপ্ৰেক্ষিতত শিশুৰ মানসিক স্বাস্থ্য ৰোগগ্রস্ত হৈ উঠিব পাৰে।এই সমূহ তলত উল্লেখ কৰা হ’ল-

(a) অত্যাধিক মৰম আৰু ভালপোৱা।

(b) ঘৰুৱা হাই কাজিয়া।

(c) অৰ্থনৈতিক নিৰাপত্তা প্ৰদানৰ ব্যৰ্থতা।

(d) ঘৰুৱা পৰিবেশত কঠোৰ অনুশাসন বা অনুশাসনহীনতা।

(e) উপযুক্ত নিৰ্দেশনাৰ অভাৱ।

৭. শিক্ষকৰ মানসিক সুস্বাস্থ্যৰ লক্ষণ সমূহ লিখা।

উত্তৰঃ এজন সুস্থ স্বাস্থ্যৰ অধিকাৰী শিক্ষকৰে গাত তলত উল্লেখ কৰা গুণসমূহ থাকিব লাগে।

(1) শিক্ষাদান আৰু শিক্ষকতা কাৰ্যৰ প্ৰতি আগ্ৰহী।

(2) নিত্য নতুন জ্ঞান আহৰণ প্ৰতি আগ্ৰহী।

(3) শিক্ষাৰ্থীৰ লগত আদান-প্ৰদানত ধৈৰ্য, সাধুতা, সহানুভূতিশীলতা ,নিৰপেক্ষতা আৰু গণতান্ত্ৰিক মনোভাৱ দেখুওৱা।

(4) শিক্ষাৰ্থীৰ ভাল কামৰ স্বীকৃতি আৰু প্ৰসংশা কৰা।

(5) শিক্ষক আৰু অভিভাৱকৰ লগত সহযোগিতা কৰা।

8. ঘৰৰ মানসিক স্বাস্থ্য ৰক্ষাৰ উন্নতি কেনেকৈ কৰিব পাৰোঁ।

উত্তৰঃ গৃহ পৰিবেশত ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে নিম্নলিখিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

(a) গৃহ পৰিবেশত শিশুৰ সকলোধৰণৰ প্ৰয়োজন দৈহিক, আবেগিক, নিৰাপত্তা আদি যাতে সুস্থভাৱে আৰু যথোপযুক্তভাৱে পুৰণ কৰিব পৰা ব্যৱস্থা কৰিব লাগে।

(b) শিশুৰ স্বত:স্ফুৰ্ত আৰু অবদমণমুক্ত বিকাশৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম-চেনেহ আৰু বুজা-পৰা থাকিব লাগে।

(c) শিশুক সুস্থ ব্যক্তিত্ব বিকাশৰ বাবে শিশুৰ মনত আত্মবিশ্বাসৰ ভাৱ গঢ়ি তুলিব লাগে।

(d) শিশুক আনৰ লগত তুলনা বা শিশুক সমালোচনা কৰিব নালাগে।

(e) খেলা-ধূলা আৰু আনন্দদায়ক পৰিবেশত শিশুৰ বিকাশ কৰাৰ ব্যৱস্থা কৰিব লাগে।

9. মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ মানসিক স্বাস্থ্যৰ প্ৰতি থকা সচেতনতা আৰু মানসিক স্বাস্থ্যবিজ্ঞানে আমাক কেনেধৰণে সহায় কৰে সেইবোৰৰ নিম্নলিখিত ধৰণেৰে আলোচনা কৰিব পাৰি।

(i) ব্যক্তি আৰু সমাজত মানসিক স্বাস্থ্য সম্পৰ্কীয় জ্ঞানৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা।

(ii) সুস্থ জীৱন-যাপনৰ বাবে মানসিক স্বাস্থ্য সম্পৰ্কীয় জ্ঞানৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা।

(iii) ব্যক্তিৰ মনত আত্ম-উপলব্ধি আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে।

(iv) সমতাপূৰ্ণ আৰু সুন্দৰ জীৱন ধাৰণত সহায় কৰা।

১০. গৃহ পৰিবেশত মানসিক স্বাস্থ্য ৰক্ষাৰ কেইটামান ব্যৱস্থা লিখা।

উত্তৰঃ শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ঘৰত ল’ব লগা ব্যৱস্থাসমূহ উল্লেখ কৰা হ’ল-

(i) শিশুৰ দৈহিক, মানসিক, আৱেগিক আদি প্ৰয়োজনসমূহ যথাসম্ভৱ পূৰণৰ ব্যৱস্থা পৰিয়ালে কৰিব লাগে।

(ii) শিশুৰ স্ব:স্ফূৰ্ত আৰু অবদমনমূলক কৰি তুলিব লাগে আৰু ইয়াৰ মাজত আত্মৰিকতা আৰু বুজা পৰা থাকিব লাগে।

(iii) শিশুৰ আচৰণক আনৰ লগত তুলনা আৰু সমালোচনা কৰি সেইবোৰ সংশোধনৰ চেষ্টা কৰিব লাগে।

(iv) শিশুৰ সুপ্ত আৰু অন্তনিৰ্হিত প্ৰতিভাসমূহ বিকাশ আৰু আত্মপ্ৰকাশৰ বাবে সুবিধা প্ৰদান কৰিব লাগে।

(v) দৈহিক শান্তিৰ পৰিবৰ্তে বুজা-পৰাৰ ব্যৱস্থা কৰিব লাগে।

11. চমু টোকা লিখা :

(a) মানসিক স্বাস্থ্যবিজ্ঞান : ব্যক্তিৰ শাৰীৰিক সুস্বাস্থ্য গঢ়ি তুলিবৰ বাবে যিদৰে শৰীৰ বিজ্ঞানৰ প্ৰয়োজন ঠিক সেইদৰেই ব্যক্তিৰ মানসিক সু-স্বাস্থ্যবজাই ৰাখিবলৈ অৰ্থাৎ মানসিক উপাদানসমুহৰ অৱস্থিতি অধ্যয়ন কৰি ৰোগগ্রস্ত মনৰ সুস্থিৰতা প্ৰদান কৰিবৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন।মানসিক স্বাস্থ্য বিজ্ঞান হৈছে ব্যক্তিৰ মানসিক অৱস্থা সম্পর্কে বিজ্ঞানসন্মত অধ্যয়ন আৰু মানসিক ৰোগগ্রস্তসকলৰ ৰোগ নিৰাময় কৰি এটা সুস্থ মনৰ সৃৰ্ষ্টি কৰিবলৈ কৰা এক বৈজ্ঞানিক প্ৰচেষ্টা।ব্যক্তিৰ সুস্থ মানসিক সমায়োজনৰ যোগে মনৰ স্বাস্থ্য ৰক্ষা কৰা সুচিন্তিত আৰু সামগ্ৰীক বিধৰ আঁচনিয়েই হৈছে মানসিক স্বাস্থ্য বিজ্ঞান।

(b) মানসিক অস্বাভাৱিকতাৰ দৈহিক লক্ষণ : ব্যক্তিৰ মানসিক অস্বাভাৱিকতা আৰু ৰোগগ্রস্ততাৰ দৈহিক লক্ষণবোৰ হৈছে-

(i) দেহৰ উত্তাপ, উশাহ-নিশাহ,আৰু স্পন্দনৰ পৰিৱৰ্তন।

(ii) সঘন মূৰ ঘূৰণি,মূৰ কামুৰণি,বমী ভাৱ ইত্যাদি।

(iii) একেবাৰে ভোক নোহোৱা বা অত্যাধিক ভোক লগা।

(iv) শৰীৰৰ ওজনৰ অস্বাভাৱিক পৰিৱৰ্তন।

(v) অত্যাধিক ভাগৰ লগা,ফোপোনি, হাঁপানী আৰু কফ হোৱা,কৃত্ৰিম গা বিষ হোৱা।

(c) মানসিক অস্বাভাৱিকতাৰ আচৰণমূলক লক্ষণ: মানসিক ৰোগগ্রস্তআৰু অস্বাভাৱিক ব্যক্তিয়ে তলৰ আচৰণমূলক লক্ষণসমূহ প্ৰদৰ্শন কৰে।

(i) অংগ সঞ্চালকমূলক ক্ৰীয়াৰ দ্ৰুততা কমি যোৱা আৰু নিস্কিয় হোৱা।

(ii) কথা ক’বলৈ নিবিচৰা বা কম কোৱা।

(iii) একেৰাহে বহু সময়লৈকে খৰকৈ আৰু চিঞৰি চিঞৰি কথা কোৱা।

(iv) ভৰি জোকাৰি থকা, নক কামোৰা, আঙুলি চুপি থকা আদি অভ্যস্ত ক্ৰীযাক অসুস্থভাৱে প্ৰকাশ কৰা।

(d) সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিদ্যালয়ৰ ভূমিকা: সুস্থ মানসিক স্বাস্থ্যৰ বাবে বিদ্যালয়ত শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে।

(1) বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ সকলোবোৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।এই ব্যৱস্থাবোৰৰ ভিতৰত খেল- ধেমালি,ব্যাযাম,ইন্দিয় অনুশীলনৰ ব্যৱস্থা আদি উল্লেখযোগ্য।

(2) বিদ্যালয়ত সংগীত ,নৃত্য ,আবৃত্তি,সাহিত্য চৰ্চা, চিত্ৰকলা, ভাস্কৰ্য শিল্প আদি বিষয়ৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষাৰ্থী আৱেগ অনুভূতিবোৰক সুস্থ ভাববৃত্তিত পৰিণত কৰাব লাগে।

(3) এজন মানসিক সু-স্বাস্থ্যৰ অধিকাৰী শিক্ষকেহে শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিব পাৰিব।সেয়ে বিদ্যালয়ত শিক্ষকতাৰ প্ৰতি আগ্ৰহী আৰু সুস্থ দৈহিক আৰু মানসিক স্বাস্থ্যৰ অধিকাৰী লোককহে নিযুক্তি দিব লাগে।

Q. 12. মানসিক স্বাস্থ্য কি?

উত্তৰঃ জীৱনৰ কোনোবা নহয় কোনোবা মুহূৰ্তত বিপদ, নৈৰাশ্য,হতাশাই আমাক দুৰ্বল কৰি তোলে আৰু জীৱনটোক ঋণাত্মক দৃষ্টিভঙ্গীৰে চাবলৈ বাধ্য কৰে।ই চিৰ সত্য।মেন্টেল হেল্ থ অৰ্থাৎ মানসিক স্বাস্থ্য বুলিলে আমাৰ আবেগিক, মানসিক তথা সামাজিক বান্ধোনক বুজায়।শৈশৱকালৰ পৰা জীৱনৰ প্ৰতিটো স্তৰতে আমাৰ চিন্তাধাৰা, অনুভৱ আৰু কৰ্মৰ মাজেদি আমাৰ মানসিক অব্যস্তাৰ প্ৰতিফলন ঘটে। তুলনামূলকভাৱে পুৰুষ মহিলাৰ মাজত মানসিক চাপ বেছি থাকে আৰু সেয়েহে নৈৰাশ্য ,বিষাদ, মানসিক অৱস্থাৰ তাৰতম্য হোৱা দেখা যায়।এগৰাকী ব্যক্তিৰ মানসিক অৱস্থাটো সম্পূৰ্ণভাৱে নিৰ্ণয় কৰে তেওঁৰ লগত জড়িত ব্যক্তিসকলৰ মনোবৃত্তি আৰু চিন্তাধাৰাৰ ওপৰত।আমাৰ চৌপাশ তথা জীৱনৰ লগত জড়িত ব্যক্তিসকলে যদি আমাক ভাল কথা, ভাল কামৰ প্ৰতি উদ্গনি নজগায় আৰু তাৰ পৰিৱৰ্তে ঋণাত্মক চিন্তাধাৰাত ব্ৰতী হয় নিশ্চয়কৈ তেনেকুৱা পৰিবেশত আমাৰ মানসিক স্বাস্থ্য সুস্থ অৱস্থাত আছে বুলি কব নোৱাৰি।

Q. 13. মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ 

( Meaning of Mental Health and Mental Hygiene) কি? 

উত্তৰঃ মানসিক স্বাস্থ্য, স্বাস্থ্য বিজ্ঞান আৰু মানসিক সমস্যা অথবা মানসিক অসুস্থতা আদিৰ দৰে ধাৰণাসমূহ একেবাৰে নতুন ধাৰণা বুলি ক’ব নোৱাৰি।এনে সকলো ধাৰণাৰ লগত কম বেছি পৰিমাণে সকলো লোকৰে সম্পৰ্ক আৰু পৰিচয় আছে বুলি ক’ব পাৰি।

মানসিক স্বাস্থ্য হৈছে কোনো বেমাৰ-আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা।ইয়াৰ দ্বাৰা এগৰাকী ব্যক্তিৰ বেমাৰ অথবা আঘাতহীন মানসিক অৱস্থা এটাৰ কথা বুজোৱা হয়।ইয়াতকৈ চমুভাৱে ক’বলৈ হ’লে মানসিক স্বাস্থ্যৰ দ্বাৰা এগৰাকী ব্যক্তিৰ সুস্থ মানসিক অৱস্থা এটাৰ কথাকে বুজোৱা হয়।হিলগাৰ্ডৰ ( hilgard-1962) ভাষাত’মানসিক স্বাস্থ্য হৈছে মানসিক ৰোগৰ অনুপস্থিত অধিক সদৰ্থকভাৱে ক’বলৈ হ’লে ই হৈছে সমায়োজন, ফলদায়ক পূৰ্বাৰ্ভিমুখীনতা আৰু আগ্ৰহ আদিৰ দ্বাৰা বিশেষভাৱে চিহ্নিত কৰা এটা অৱস্থা।'(Mental health means absence of manual illness more positively,a state characterised by adjustment,a productive orientation and zest-Hilgard)।মানসিক অসুস্থতাৰ কথা বুজাবলৈ গৈ আকৌ কৈছে’মানসিক অসুস্থতাই আৱেগিক, অভিপ্ৰায়মুলক আৰু সামাজিক অপসমায়োজন,যিবোৰ দৈনন্দিন জীৱনৰ সাধাৰণ আচৰণ স্থান লোৱাৰ বাবে অতি জটিল হিচাপে গণ্য কৰা হয়, তাৰ কথাকে সূচায়।’

মনোবিজ্ঞানীসকলে মানসিক স্বাস্থ্য সম্পৰ্কে বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়াইছে।অৱশ্যে এনে ব্যখ্যাসমূহে মানসিক স্বাস্থ্য সম্পৰ্কে কোনো এটা স্পষ্ট ধাৰণা প্ৰদানৰ ক্ষেত্ৰৰ সফল হোৱা বুলি ক’ব নোৱাৰি। যি কি নহওঁক মানসিক স্বাস্থ্যৰ বিশেষ উদ্দেশ্যাৱলী আলোচনা কৰি এই বিষয়ে এটা স্পষ্ট ধাৰণা কৰিব পাৰি।

Q. 14. ব্যক্তিৰ স্বাভাৱিকতাৰ বৈশিষ্ট্যসমূহ কি কি ? 

( Characteristics of Normality)

উত্তৰঃ এজন স্বাভাৱিক ব্যক্তিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা স্বাভাৱিকতাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-

(১) যথোচিত নিৰাপত্তাৰ ভাৱ অনুভৱ।

(২) যুক্তি সংগত আত্ম-মূল্যলয়ন তথা আত্মদৰ্শণ।

(৩) স্বতঃস্ফূৰ্ততা ।

(৪) ৰোগমুক্ত দেহ মানসিক অৱস্থা।

(৫) দায়িত্বশীল মন।

(৬) সমস্যা সমাধানৰ ক্ষমতা।

(৭) ভুল প্দ্ধতি গ্ৰহণ আৰু অনুকৰণৰ পৰা বিৰত থকা।

(৮) সমাজৰ নীতি-নিয়ম বুজি পোৱা আৰু মানি চলা।

(৯) নিজৰ কৰ্মক লৈ সন্তুষ্ট।

(১০) বাস্তৱৰ লগত যথোপযুক্ত সম্বন্ধ স্থাপন ক্ষমতা।

Q. 15. মানসিকভাৱে স্বাস্থ্যৱান লোক ( Mentally Healthy Individual) কোনবোৰ?

উত্তৰঃ সাধাৰণতে যিবোৰ লোকে জীৱন যাপন প্ৰক্ৰিয়াৰ নানা অৱস্থাৰ লগত কোনো গুৰুত্বৰ সমস্যাহীনভাৱে সমায়োজন কৰিবলৈ সমৰ্থ হয় তেনেবোৰ লোকক মানসিকভাৱে স্বাস্থ্যৱান লোক বুলি ক’ব পাৰি।জীৱনৰ নানা পৰিবেশ,পৰিস্থিতি আৰু কাৰ্যকলাপ মুখামুখি হোৱাৰ ক্ষেত্ৰত মানসিকভাৱে স্বাস্থ্যৱান লোক এগৰাকীয়ে কোনো অস্বাভাৱিকতা প্ৰদৰ্শন নকৰে।এনে লোকসকল ব্যক্তিত্ব সমায়োজনৰ কোনো গুৰুত্বৰ সমস্যাৰদ্বাৰা আক্ৰান্ত নহয়।সংক্ষিপ্তভাৱে এনে লোকসকলেই মানসিক দিশৰ পৰা স্বাস্থ্যৱান ।

(ক) শাৰীৰিকভাৱে স্বাস্থ্যৱান।

(খ) মনোবৈজ্ঞানীকভাৱে শক্তিশালী।

(গ) আবেগিকভাৱে স্থিৰ।

(ঘ) সামাজিকভাৱে সু-সমায়োজীত।

(ঙ) সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী প্ৰকৃতিৰ।

Q. 16. মানসিকভাৱে স্বাস্থ্যৱানলোকসকলৰ বৈশিষ্ট্যাৱলী 

( Characteristics of Mentally Healthy Individual ) কি কি ?

উত্তৰঃ মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে।নে বৈশিষ্ট্যসমূহ হৈছে তলত দিয়া ধৰণৰ-

(ক) এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।

(খ) এওঁলোক আৱেগিকভাৱে স্থিৰ।

(গ) এওঁলোক শাৰিৰীকভাৱে সবল প্ৰকৃতিৰ।

(ঘ) এওঁলোকৰ বিশেষ কোনো সমায়োজনৰ সমস্যা নাই।

(ঙ) এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত।

(চ) এওঁলোক অতি শক্তিশালী প্ৰনোদনমূলক(Motivational) শক্তিৰ অধিকাৰী।

Q. 17.মানসিক স্বাস্থ্যৰ সংৰক্ষণ ( Preservation of Mental Health) ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা ?

উত্তৰঃ ব্যক্তিত্বৰ সু-সামঞ্জস্য বিকাশৰ বাবে মানসিক স্বাস্থ্যৰ বিশেষ গুৰুত্ব আছে।এটা সুন্দৰ জীৱন যাপন কৰাৰ বাবে প্ৰতিগৰাকীলোকে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হোৱা উচিত।ব্যক্তিগত তথা সামাজিক জীৱনৰ প্ৰগতিৰ বাবে সমাজত বসবাস কৰা প্ৰতিগৰাকী লোকৰে মানসিক স্বাস্থ্য সুস্থ প্ৰকৃতিৰ হোৱা উচিত।সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো ব্যক্তিয়ে শান্তিপূৰ্ণভাৱে জীৱন অতিবাহিত কৰিব নোৱাৰে।শিক্ষাৰ ক্ষেত্ৰতো সুস্থ মানসিক স্বাস্থ্যৰ বিশেষ প্ৰয়োজন আছে।আমাৰ শিশুসকল যদিহে মানসিক দিশৰ পৰা দুৰ্বল প্ৰকৃতিৰ হয়, তেওঁলোকে কেতিয়াও তেওঁলোকৰ মানসিক শক্তি সামর্থসমূহ সুন্দৰভাৱে ব্যৱহাৰ কৰিব নোৱাৰে।গতিকে প্ৰতিগৰাকী শিশুৰে মানসিকভাৱে শক্তিশালী কৰি তোলাৰ বাবে অভিভাৱকসকল ল’ৰা ছোৱালীৰ প্ৰতি সহানুভূতিশীল হোৱাটো বিশেষভাৱে প্ৰয়োজনীয়। এওঁলোকে নিজৰ নিজৰ ল’ৰা ছোৱালীসকলৰ আবেগিক দিশৰ বিকাশৰ প্ৰতি অতি সচেতন দৃষ্টি দিয়া উচিত।শিশুসকলৰ শিশু সুলভ আচৰণৰ প্ৰতি কঠোৰ আচৰণ প্ৰদৰ্শন কৰাৰ সলনি বিবেচনাপূৰ্ণ তথা সহানুভূতিশীল মনোভাৱ প্ৰদৰ্শন কৰাটো বিশেষভাৱে জৰুৰী।মানসিকভাৱেবিশৃংখল আচৰণ পূৰ্ণ শিশুসকলৰ চিকিৎসাৰ বাবে মনোবিজ্ঞানীসকলে বিভিন্নধৰণৰ কাৰ্য্যৰীতি আৰু নীতি নিৰ্দিষ্টভাৱে প্ৰদান কৰিছে।

এওঁলোকৰ মতে, ভাল পুষ্টি,ভাল শাৰীৰিক স্বাস্থ্য-বিজ্ঞান, সংগীত, খেলা-ধূলা আৰু বিভিন্ন প্ৰকাৰৰ অৱসৰমূলক কাৰ্য যেনে-চাইকেল চলোৱা, খোজকঢ়া,শিক্ষামূলক ভ্ৰমণত অংশ গ্ৰহণ, সদাৰ্থক মনোভাৱ, উৎসাহ প্ৰদান বন্ধুত্বপূৰ্ণ আচৰণ ইত্যাদি বিশেষ।কিছুমান পদক্ষেপ যিবোৰ মানসিকভাৱে অসুস্থ শিশুসকলক সহায় আগবঢ়োৱাৰ বাবে অতি প্ৰয়োজনীয়।সতেজ বায়ু, শান্তিপূৰ্ণ পৰিবেশ আৰু নিয়মমতে আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰাটোও মানসিক অসুস্থ শিশুসকলক সোনকালে নিজৰ সমস্যাৰ পৰা আৰোগ্য লাভত সহায় কৰাৰ বাবে প্ৰয়োজনীয়।সংক্ষিপ্তভাৱে,মানসিকভাৱে,অসুস্থ লোকসকলৰ বাবে আপোন লোকসকলৰ সহায়-সযোগিতা আৰু সমৰ্থন অধিকভাৱে জৰুৰী।মানসিক স্বাস্থ্যৰ দৰ্শন মূলতঃ স্বাস্থ্যপূৰ্ণ জীৱন প্ৰক্রিয়াৰ লগত ঘনিষ্ঠভাৱে উপলব্ধি কৰিব লাগিব।মানসিক স্বাস্থ্যৰ নীতিসমূহ স্বাস্থ্যৰ নীতিসমূহ, মূলতঃ এটা ভাল জীৱন যাপনৰ বাবে শাৰিৰীকভাবে যোগ্য কৰি ৰখাৰ কাৰণে প্ৰয়োজনীয় নীতি নিয়ম মানি চলা আৰু অনুশাসন বজাই ৰখাৰ প্ৰক্রিযাৰ লগত জড়িত।আমাৰ শাৰীৰিক যোগ্যতা সাধাৰণতে মানসিক, যোগ্যতাৰ ওপৰত নিৰ্ভৰশীল।গতিকে এটা স্বাস্থ্যকৰ জীৱনৰ বাবে আমি শাৰীৰিক আৰু মানসিক এই দুয়োদিশৰপৰা বেমাৰ আজাৰৰ উত্তেজনা অৱসাদ আৰু মানসিক বোজা(illness, tension, depression and stess) আদিৰ পৰা মুক্ত হ’ব লাগিব।

Q. 18. মানসিক স্বাস্থ্য বিজ্ঞান ( Mental Hygiene) বুলিলে কি বুজা?আলোচনা কৰা ?

উত্তৰঃ মানসিক স্বাস্থ্য সম্পৰ্কীয় ধাৰণাটো নিশ্চিতভাৱে সকলোবোৰ ক্ষেত্ৰত স্পষ্ট হৈ উঠিছে।মানসিক স্বাস্থ্য বুলি কোৱা কথাখিনিৰ লগত আন এটা পৰিভাষাৰ অৰ্থাৎ স্বাস্থ্য-বিজ্ঞানৰ গভীৰ সম্পৰ্ক আছে।স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী পৰিভাষা হৈছে Hygine।এই Hygieneশব্দটো গ্রীকভাষাৰ ‘Hugiene’নামৰ শব্দটোৰ পৰা আহিছে, যাৰ অর্থ হৈছে ‘of health’ এনে দিশৰপৰা স্বাস্থ্যবিজ্ঞান বুলি কোৱা কথাষাৰৰ দ্বাৰা বেমাৰ আজাৰ অথবা ৰোগ-ব্যাধি বাধা দিয়াৰ বাবে নিজক আৰু নিজৰ পৰিবেষ্টনীটোক পৰিস্কাৰ কৰি ৰখাৰ প্ৰক্রিয়া এটাক বুজোৱা হয়।আন কথাত স্বাস্থ্যবিজ্ঞান হৈছে স্বাস্থ্যৰক্ষাৰ কলা কৌশল সমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা বিজ্ঞান। লোক বিশ্বাস অনুসৰি Hygiene শব্দটোৰ লগত গ্রীক দেৱী ‘ Hygeia’ৰ নাম জড়িত হৈ আছে।পৌৰাণিক ব্যাখ্যা অনুসৰি Hygeia (হাইজেইয়া) আছিল স্বাস্থ্য অথবা স্বাস্থ্যৱান জীৱন নিৰ্বাহাৰ দেৱী।

আধুনিক দৃষ্টিভংগীৰ ফালৰপৰা স্বাস্থ্যবিজ্ঞানৰ দ্বাৰা সাধাৰণভাৱে ‘জীৱন নিৰ্বাহৰ এটা বিশেষ কলা’ৰ কথাকে সূচোৱা হয়।এই কলাই আমাৰ মন আৰু শৰীৰ সুন্দৰ আৰু স্বাস্থ্যৱান কৰি ৰখাৰ বাবে অতিকে প্ৰয়োজনীয় এটা স্বাস্থ্যৱান জীৱন বুলি কোৱা কথাষাৰৰ দ্বাৰা বেমাৰ-আজাৰৰ পৰা মুক্ত শাৰীৰিক আৰু মানসিক অৱস্থা এটাৰ কথাকে সূচোৱা হয়।

আধুনিক কালত গতিশীল সামাজিক পৰিৱৰ্তনৰ বাবে, আমাৰ জীৱন প্ৰক্ৰিয়া অতি সহজ আৰু আৰামপূৰ্ণ হৈ উঠিছে।প্ৰযুক্তিৰ পৰিৱৰ্তনসমূহে আমাৰ সামাজিক জীৱনৰ বস্তুগত দিশবোৰ নানা পৰিৱৰ্তন কঢ়িয়াই আনিছে।এনে পৰিৱৰ্তনসমূহে আমাৰ জীৱন আৰু সভ্যতালৈ নানা ধৰণৰ পৰিৱৰ্তন আনিছে।এনে পৰিৱৰ্তনবোৰে সভ্যতাৰ প্ৰক্ৰিয়াক উন্নতিৰ দিশলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰটো বিশেষভাৱে সহায় কৰিছে ।আমাৰ সভ্যতাৰ প্ৰক্ৰিয়াই অধিক গতিশীলতা লাভ কৰাৰ লগে লগে আমাৰ জীৱন প্ৰক্ৰিয়াত খেলি-মেলি,সমস্যা আদি বাঢ়িছে।সভ্যতাৰ অগ্ৰগতিয়ে মানুহৰ জীৱন প্ৰক্ৰিয়া কিছু জটিল কৰি তোলে ।এই জীৱন প্ৰক্ৰিয়াৰ জটিলতাইমানৱীয় বান্ধোনৰ ওপৰত প্ৰভাৱ পেলায়।ফলস্বৰূপে মানুহৰ মানসিক সমস্যাসমূহো বাঢ়ি যায়।মানসিক জীৱনৰ জটিলতাই আমাৰ জীৱন সংঘাত পূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক কৰি তোলে।ফলত আমাৰ জীৱন প্ৰক্ৰিয়াত মানসিক উত্তেজনা, দ্বন্দ,বোজা(tension, conflict, stress)ইত্যাদিৰ প্ৰভাৱ গুৰুত্বৰ হৈ উঠে।

প্ৰযুক্তিৰ উন্নতিৰ বাবে বৰ্তমান কালত আমাৰ জীৱন শিল্পগত ভালদৰে আগবাঢ়ি গৈছে ।এনে উন্নতিয়ে কম বেছি পৰিমাণে আমাক শাৰীৰিক শ্ৰম কম কৰাৰ বাবেও সুবিধা প্ৰধান কৰিছে।ফলত প্ৰায়বোৰ মানুহেই জীৱনৰ প্ৰায়বোৰ ক্ষেত্ৰতে কম-বেছি পৰিমাণে ভাৰসাম্যহীন মনোদৈহিক সমস্যাৰ মুখামুখি হ’বলৈ বাধ্য হৈছে।এনে সমস্যাই প্ৰায়বোৰ লোকৰ ক্ষেত্ৰত মনোদৈহিক বিশৃংখলাতাৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে।এনে অৱস্থাৰ বাবে মানসিক বিকাশৰ প্ৰক্ৰিয়া কম -বেছি পৰিমাণে জটিল হৈ উঠিছে।স্বাস্থ্যকৰ জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান অভিজ্ঞতা প্ৰদান কৰা বিজ্ঞান হিচাপে মানসিক স্বাস্থ্য বিজ্ঞানে শান্তিপূৰ্ণ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সকলো বিষয় খৰচি মাৰি আলোচনা কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

সংক্ষিপ্তভাৱে মানসিক স্বাস্থ্য বিজ্ঞান

-মানসিক ৰোগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে।

-তেনে ৰোগসমূহৰ নিবাৰণৰ বাবে প্ৰয়োজনীয় উপায় অথবা নিবাৰণমূলক উপায়সমূহৰ বিষয়ে জনা আৰু ব্যৱহাৰিকভাৱে সেইবোৰ প্রয়োগ কৰাৰ বিষয়ে অধ্যয়ন কৰে।

-স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ কলা-কৌশলৰ বিষয়ে জনাত সহায় কৰে।

মূল্যবোধসমূহৰ গুৰুত্ব উপলদ্ধি পূৰ্ণ কৰা আৰু সুন্দৰ তথা সু-সামঞ্জস্যপূৰ্ণ কৰা আৰু জীৱন নিৰ্বাহৰ বাবে সেইবোৰ ব্যৱহাৰ কৰাৰ বিষয়ে জ্ঞান প্ৰদান কৰে।

Q. 19. মানসিক স্বাস্থ্য বিজ্ঞানৰ বিভিন্ন পণ্ডিতে আগবঢ়োৱা সংজ্ঞা 

(Different Definitions of Mental Hygiene) সমূহ বিশ্লেষণ কৰা ?

উত্তৰঃ মনোবিজ্ঞানীসকলে মানসিক স্বাস্থ্য বিজ্ঞানৰ নানা সংজ্ঞা আগবঢ়াইছে।এনে সংজ্ঞাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

কোভিলেৰ মতে, মানসিক স্বাস্থ্যবিজ্ঞান নিবাৰণ আৰু শীগ্ৰ চিকিৎসাৰ মাজেৰে মানসিক স্বাস্থ্যৰউন্নতি ঘটোৱাৰ বাবে মানসিক অসুস্থতাৰ ঘটনা দমনৰ বাবে উপযুক্ত কাৰ্যপন্থা সন্নিবিষ্ট কৰি লোৱা বিজ্ঞান।’

ক্ৰো আৰু ক্ৰোৰ দৃষ্টিভংগী অনুসৰি, মানসিক  স্বাস্থ্য বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে সমৰি লয়।’

হেডফিল্ডৰ মতে, ‘মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান।’ 

ওপৰত উল্লেখ কৰা সংজ্ঞাসমূহ অনুধাৱন কৰি আমি সংক্ষিপ্তভাৱে আমাৰ নিজস্ব ধ্যান ধাৰণাৰে মানসিক স্বাস্থ্য-বিজ্ঞানক সুস্থ মানসিক স্বাস্থ্যৰ ওপৰত জোৰ দিয়া আৰু মানৱ কল্যাণৰ কাৰ্যকলাপ সামৰি লোৱা বিজ্ঞান হিচাপে অভিহিত কৰিব পাৰো।সুন্দৰ মানবীয় সম্পৰ্কৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কথা বতৰাকে ই সামৰি লয়।

Q. 20. মানসিক স্বাস্থ্য-বিজ্ঞানৰ উদ্দেশ্যৱালী

( Purpose of Mental Hygiene  সমূহ কি কি ?

উত্তৰঃ মানসিক স্বাস্থ্য-বিজ্ঞানে প্ৰণালীবদ্ধভাৱে মানসিক স্বাস্থ্য বজাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।এনে প্ৰক্ৰিয়াৰ বাবে সমাজত বসবাস কৰা সকলোলোকৰে মাজত সুন্দৰ মানৱীয় সম্পৰ্ক আৰু বান্ধোন বজাই ৰখাৰ ওপৰত ই বিশেষ গুৰুত্ব প্ৰদান কৰে।মানবীয় সম্পৰ্ক আৰু বান্ধোন সুদৃঢ়ভাৱেবজাই ৰখাই প্ৰচেষ্টা চলোৱা ক্ষেত্ৰত উৎসাহ উদ্দীপনা যোগোৱাৰ উপৰিও মনোবিজ্ঞানী ক্ৰো আৰু ক্ৰোৰ মতে মানসিক স্বাস্থ্য বিজ্ঞানৰ অন্যান্য উদ্দেশ্যেসমুহ হৈছে তলত দিয়া ধৰনৰ- 

(ক) ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমুহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা।

(খ) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা।

(গ) মানসিকভাৱে অসুস্থ লোকসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে বিশেষ কলা-কৌশলৰ আবিষ্কাৰ আৰু প্রয়োগ ঘটোৱাত সহায় আগবঢ়োৱা।

সাধাৰণভাৱে ক’বলৈ গ’লে ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে-

মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্যৱলী ( Main Objectives of Mental Hygiene )

-মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্যৱলী হৈছে প্ৰতিগৰাকী লোককে তলত দিয়া স্বাস্থ্য সম্পৰ্কীয় দিশসমূহ জনা আৰু উপলব্ধিত সহায় কৰা।

-সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পৰ্কিত সমস্যাসমূহ জনা আৰু বুজাত সহায় কৰা।

-সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজি পোৱাত সহায় কৰা।

-মানসিক অসুস্থতাৰ কাৰণসমূহ জনা আৰু তেনে সমস্যাসমূহৰ চিকিৎসাৰ প্ৰক্ৰিয়াবোৰ জনা আৰু বুজি পোৱাত সহায় কৰা।

-সামাজিক পৰিবেশৰ লগত সুন্দৰ সমায়োজন প্ৰক্রিয়াসমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰে।

-ভাৰসাম্য আবেগময়তা অথবা মানসিক বিকাৰগ্রস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰে।

-অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা-কৌশলসমূহৰবিষয়ে জনাত সহায় কৰে।

Q. 21. মানসিক স্বাস্থ্য-বিজ্ঞানৰ বিশেষ কাৰ্য 

( Funyuns of Mental Healthকোনবোৰ ?

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্যসমূহ মূলতঃ বিশিষ্ট প্ৰক্ৰিয়াৰে আলোচনা কৰিব পাৰি।সেয়া হ’ল-

(ক) প্ৰতিৰোধমূলক কাৰ্য : মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা,ব্যক্তিত্বৰ বিকাৰ আৰু সমায়োজনৰ সমস্যাসমূহ নিবাৰণ কৰা।মানসিক স্বাস্থ্যবিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবোৰ,ব্যক্তিত্বৰ বিকাৰ আৰু সমায়োজনৰ সমস্যাসমূহৰ বিষয়ে বুজি পোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা।মানসিক স্বাস্থ্য, ব্যক্তিত্বৰ বিকাৰ আৰু সমায়োজন প্ৰক্ৰিয়াৰ জড়িত সমস্যাসমূহ নিবাৰণ কৰাৰ বাবে ল’ব লগা উপায়সমূহ উদ্ঘাটন কৰি ওলোৱাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানে বিশেষভাৱেসহায় আগবঢ়ায়।মানৱ শিশুৰ মানসিক অসুস্থতা ,ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজন সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰাৰ বাবে নিবাৰণৰমূলক উপায় হিচাপে বিশেষজ্ঞসকলে বিশেষ কিছুমান উপায়ৰ কথা উল্লেখ কৰিছে।এনে উপায় সমূহ হৈছে-

(ক) উপযুক্ত পুষ্টিসাধন।

(খ) কিশোৰ-কিশোৰীসকলৰ বাবে পূৰ্বৱৰ্তী শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা।

(গ) আৱেগিক আৰু সামাজিক প্ৰয়োজনীয়তা বিকাশ ঘটোৱা।

(ঘ) বৃত্তীয় সমায়োজন।

(ঙ) উপযুক্তভাৱে জীৱন-নিৰ্বাহৰপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা।

(খ) প্ৰতিকাৰকমুলক কাৰ্য : মানসিক স্বাস্থ্য-বিজ্ঞানৰ আৰোগ্যমূলক কার্যহে মূলতঃ চিকিৎসা কৌশলসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।মানসিক স্বাস্থ্য-বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা,বিকাৰ আৰু সময়োজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় নকৰে।ই এনে সমস্যাসমূহৰ পৰা সাত সৰাৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশলসমূহ জনাৰ ক্ষেত্ৰতো আমাক সহায় আগবঢ়ায়।

(গ)সংৰক্ষণমূলক কাৰ্য : ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্য সংৰক্ষণ কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ।সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰ উন্নতি কেতিয়াও সম্ভৱ নহয়।মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলদ্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল’ব লগা উপায়,কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে।মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।

মানসিক স্বাস্থ্য-বিজ্ঞানৰ লক্ষ্যসমূহ :

মানসিক স্বাস্থ্য-বিজ্ঞানৰ লক্ষ্যসমুহ অতি বহলআৰু বিস্তাৰিত প্ৰকৃতিৰ।এনে লক্ষ্যসমূহ আমি তলত দিয়া ধৰণে সুনিৰ্দিষ্টভাৱে উল্লেখ কৰিব পাৰো।

(ক) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।

(খ) পৰিবেশৰ লগত সুন্দৰভাৱে সময়োজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়।

(গ) ভাৰসাম্য আৰু সু-সামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দোষ-ক্ৰুটিসমূহ নিবাৰণ কৰাৰ প্ৰচেষ্টা চলায়।

(ঘ) ব্যক্তিত্বৰ বিশৃংখলতাসমূহৰ যিবোৰে মানসিক সমস্যাৰ সৃষ্টি কৰি মানসিক ৰোগৰ কাৰণ হিচাপে পৰিগণিত হয় সেইবোৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

Q. 22. মানসিক স্বাস্থ্য-বিজ্ঞানৰ পৰিসৰ

( Scope of Mental Hygiene) সম্পৰ্কে আলোচনা কৰা ?

উত্তৰঃ মানসিক স্বাস্থ্য-বিজ্ঞানৰ পৰিসৰ অতি বহল ধৰণৰ।মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলতা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰোগৰ কাৰণবোৰৰ কথা সুন্দৰভাৱে বুজিব পাৰি।মানসিক সমস্যাসমূহ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে।সকলোধৰণৰ মানসিক বিশৃংখলৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত প্রদক্ষেপ গ্ৰহণৰ কাৰণে মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়।

মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা-ব্যক্তিত্বৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়েও সুন্দৰভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিতো মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে সহায় আগবঢ়ায়।মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সু-সামঞ্জস্য প্ৰক্ৰিয়াৰে ব্যক্তিত্ব বিকাশৰ গুৰুত্ব আৰু প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰি।মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমায়োজনৰ প্ৰক্ৰিয়াৰ কথাবোৰো ভালদৰে উপলব্ধি কৰিব পাৰি।মানসিক স্বাস্থ্য-বিজ্ঞানে সমায়োজন প্ৰক্ৰিয়াৰ দ্বাৰা নানা ক্ৰিয়া বিধি অৰ্থাৎ মানসিক অথবা প্ৰতিৰক্ষা ব্যৱস্থা(Mental or defence mechanism)যিবোৰ মানসিক উত্তেজনা বা দ্বন্দৰ (tension or conflict)  উপশম ঘটোৱা অথবা সুস্থিৰ মানসিক স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা হয়, সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়।এনে ব্যৱস্থাসমূহ হৈছে-অৱদমন, নিৰোধ,বোধন, আৰোহণ,পৰিৱৰ্তন, উন্নতিকৰণ, যুক্তিকৰণ,(depression, suppression, inhibition, regression, conversion, sublimation,rationalisation)ইত্যাদি। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমায়োজনৰ প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক আছে। সামগ্ৰীকভাৱে মানসিক স্বাস্থ্যবিজ্ঞানৰপৰিসৰ মূলতঃ প্ৰণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পৰ্কযুক্ত হৈ আছে I

Q. 23. মানসিক স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞানৰ গুৰুত্ব 

( Importance of Mental health and Hygiene ) উল্লেখ কৰা ?

উত্তৰঃ সকলো লোকৰ বাবে মানসিক স্বাস্থ্য-বিজ্ঞানৰ বিশেষ গুৰুত্ব আছে।সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো মানুহে শান্তিপূৰ্ণ আৰু সুখী জীৱন যাপন কৰিব নোৱাৰে।গতিকে, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞান সকলোৰে বাবে জৰুৰী।মানসিক স্বাস্থ্যৰ জ্ঞান আৰু স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানে আমাক তলত দিয়া ধৰণে সহায় কৰে।

(ক) মানসিক স্বাস্থ্যৰ গুৰুত্বৰ উপলব্ধি কৰাত সহায় কৰে।

(খ) নিজকে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাৰ কৌশলসমূহ জনাত সহায় কৰে।

(গ) মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্যৱলীৰ বিষয়ে জনাত সহায় কৰে।

(ঘ) মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে উপায় বিচাৰি লোৱাত সহায় কৰে।

সমান্তৰালভাৱে মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানে আমাক তলত দিয়া কথাবোৰ উপলব্ধি কৰাত সহায় কৰে-

(ক) মানসিক ৰোগসমূহ কম বেছি পৰিমাণে বংশানুক্ৰমিকভাৱে হস্তান্তৰিত হয়।

(খ) মানসিক ৰোগ কেতিয়াও জীৱনৰ কোনো বেয়া কামৰ ফল হিচাপে উদ্ভৱ নহয়।

(গ) পূৰ্ব-লক্ষ্যণ হিচাপে এনে ৰোগৰ সৃষ্টি নহয়।

(ঘ) উপযুক্ত চিকিৎসাৰ সহায়ত মানসিক ৰোগসমূহ নিৰাময় কৰিব পাৰি।

(ঙ) মানসিক ৰোগসমূহৰ চিকিৎসা সম্ভৱ।

(চ) মানসিক ৰোগসমূহে অস্বাভাৱিকভাৱে আচৰণ কৰিবলৈ বাধ্য কৰায়।

Q. 24. মানসিক স্বাস্থ্যৰ প্ৰকৃতি কি কি ?

( Nature of Mental Health) 

উত্তৰঃ ১. মানসিক স্বাস্থ্য হ’ল ব্যক্তিৰ মনৰ সুস্থ অৱস্থা।

২. মানসিক স্বাস্থ্য হ’ল মানসিকভাৱে ৰোগমুক্ত হোৱা অৱস্থা।

৩. সুস্থ মানসিক স্বাস্থ্যৰ ব্যক্তিয়ে সমাজৰ ক্ষেত্ৰত সুস্থ অৱদান আগবঢ়ায়।

৪. ই মনোবৈজ্ঞানিক আৰু আৱেগিক দুয়োটা দিশ বিবেচনা কৰে।

৫. মানসিক স্বাস্থ্যই ব্যক্তিৰ ইতিবাচক মানসিক অৱস্থাক বুজায়।

৬. ই হৈছে এক গতিশীল ধাৰণা,স্থিতিশীল নহয়।

৭. মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবৰ বাবে এক সুস্থ শাৰিৰীক স্বাস্থ্যৰ প্ৰয়োজন।

৮. ই ব্যক্তিৰ মনোবৈজ্ঞানিক সংলক্ষণৰ লগত জড়িত।

৯. মানসিক স্বাস্থ্য সদায় পৰিবেশৰ লগত জড়িত।

১০. মানসিক স্বাস্থ্য ব্যক্তি বিশেষে বেলেগ বেলেগ ধৰণৰ হয়।

Q. 25. মানসিকভাৱে সুস্থ ব্যক্তিৰ লক্ষ্যণ সমূহ কি কি ?

উত্তৰঃ সমাজত সেইজন ব্যক্তিক সুস্থ বুলি কোৱা হয় যিজনে সমাজত ভাল-বেয়াৰ মাজত পাৰ্থক্য কৰি জীৱনত দেখা দিয়া সমস্যাসমূহ সুস্থভাৱে সমাধান কৰিব পাৰে আৰু নিজৰ জীৱনটোক সফলতাৰে আগুৱাই নিব পাৰে।তলত এনে ব্যক্তিৰ লক্ষণ তথা বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা হ’ল-

(১) এজন মানসিকভাৱে সুস্থ ব্যক্তিয়ে নিজৰ জীৱনটোক সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে।

(২) এনে ব্যক্তিয়ে সমাজৰ যিকোনো পৰিস্থিতিতে উপযুক্তভাৱে সমায়োজন কৰিব পাৰে।

(৩) এনে ব্যক্তিৰ পৰ্য্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰ অনুভূতি দেখিবলৈ পোৱা যায়।

(৪) মানসিকভাৱে সুস্থ ব্যক্তিয়ে বাস্তৱতাৰ লগত উপযুক্ত সমন্ব স্থাপন কৰিব পাৰে।

(৫) এনে লোকৰ অভিজ্ঞতাৰ পৰা।শিক্ষা লাভ কৰিব পৰা ক্ষমতা থাকে।

(৬) নিজৰ সবলতা আৰু দুৰ্বলতা আদি দিশৰ বিষয়ে সঠিকভাৱে অৱগত হৈ থাকে।

(৭) এনে ব্যক্তিৰ ব্যক্তিত্ব সাধাৰণতে সবল হয়।

(৮) মানসিকভাৱে সুস্থ ব্যক্তি নিজ কৰ্মৰ প্ৰতি সদা সচেতন থাকে।

(৯) এনে ব্যক্তিৰ জীৱনৰ লক্ষ্য আৰু জীৱন-দৰ্শন উচ্চ হয়।

(১০) মানসিকভাৱে সুস্থ ব্যক্তি আৱেগিকভাৱে স্থিৰ প্ৰকৃতিৰ হয়।

(১১) এনে ব্যক্তি আত্মবিশ্বাসী হয়।

(১২) জীৱনৰ সকলো ক্ষেত্ৰতে এনে ব্যক্তি সফল হয়।

(১৩) মানসিকভাৱে সুস্থ ব্যক্তিৰ স্বতঃস্ফূতভাৱে নতুন কথা শিকাৰ ক্ষমতা থাকে।

(১৪) এনে ব্যক্তিয়ে ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য বিচাৰ কৰি নিজকে আগুৱাই নিব জানে।

(১৫) এনে ব্যক্তিৰ যিকোনো সমস্যা সমাধানৰ ক্ষমতা দেখিবলৈ পোৱা যায়।

(১৬) এনে ব্যক্তিয়ে সকলো সময়তে সচেতনভাৱে নিজৰ বিচাৰ -বুদ্ধিৰ পরিচয় দিয়ে।

(১৭) সমাজত সকলোৰে লগত সুন্দৰভাৱে মিলিজুলি বসবাস কৰিব পাৰে।

(১৮) মানসিকভাৱে সুস্থ ব্যক্তিয়ে নিজৰ অভিপ্ৰায়, আশা-আকাংক্ষা আদি সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে।

(১৯) এনে লোকসকলৰ মনত অন্যৰ প্ৰতি যথেষ্ট পৰিমাণে প্ৰীতি আৰু বন্দুত্বৰ ভাৱ পৰিলক্ষিত হয়।

(২০) মানসিকভাৱে সুস্থ ব্যক্তিয়ে কেতিয়াও অতিৰঞ্জিত হৈ উঠা দেখিবলৈ পোৱা নাযায়।গতিকে সমাজৰ যিকোনো পৰিস্থিতিত মনৰ আনন্দ আৰু সুখী মনোভাৱ অটুট ৰাখি নিজৰ শক্তি-সামৰ্থৰ যোগেদি দক্ষতা লাভ কৰি আত্মসন্তুষ্ট লাভ কৰি সফল জীৱন যাপন কৰি ব্যক্তিক মানসিকভাৱে সুস্থ মনৰ অধিকাৰী ব্যক্তি বোলা হয়।

Q. 26. মানসিকভাৱে সুস্থ ব্যক্তিৰ লক্ষ্যণসমূহ কি কি ?

উত্তৰঃ মানসিক ভাৱে স্বাস্থ্যবিজ্ঞানৰ প্ৰকৃতি তথা বৈশিষ্ট্য সম্পর্কে তলত আলোচনা কৰা হ’ল-

১. মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তি তথা সমাজৰ মানসিক স্বাস্থ্য আৰু সমতা ৰক্ষাত সহায় কৰে।

২. মানসিক ভাৱে স্বাস্থ্যবিজ্ঞান মূলতঃ মানসিক ৰোগৰ কাৰণ নিৰ্ণয় কৰা আৰু তাৰ উপযুক্ত চিকিৎসা কৰাৰ লগত জড়িত বিজ্ঞান।

৩. ই হৈছে মনোৰোগৰ প্ৰতিৰোধক ব্যৱস্থা সমন্ধে সৰ্বসাধাৰণ লোকক প্ৰশিক্ষণ দিয়াৰ কিছুমান নীতি-নিয়মৰ সমষ্টি।

৪. ই এজন ব্যক্তিৰ নিজৰ জীৱনটোক সঠিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৫. মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক যিকোনো পৰিবেশত সময়োজন কৰাত সহায় কৰে আৰু যতদুৰ সম্ভৱ আচৰণ সমূহ সমাজৰ অনুকূল, তৃপডিদায়কআৰু আনন্দময় কৰি তোলাত সহায় কৰে।

৬. মানসিক স্বাস্থ্য বিজ্ঞানত ব্যক্তিৰ পৰিবেশ,পৰিস্থিতি, প্ৰতিক্ৰিয়া আৰু পৰিণতি সম্বন্ধে অধ্যয়ন কৰা হয়।

৭. ইয়াত ব্যক্তিৰ আৱেগিক সুস্থতা ৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

৮. মানসিক স্বাস্থ্যবিজ্ঞানৰ সহায়ত ব্যক্তিয়ে অপৰিপক আৰু অসমাজিক আচৰণৰ পৰ।বিৰত থাকি নিজৰ বিচাৰ,বিবেচনা শক্তিৰ মানসিক ভাৰসাম্য বৰ্তাই ৰাখিব পাৰে।

৯. ই শিশুৰ মানসিক জগতত দিয়া বিভিন্ন সমস্যা সমাধান কৰি ব্যক্তিত্ব বিকাশৰ গতি উপযুক্ত কৰি তোলে।

১০. মানসিক স্বাস্থ্যবিজ্ঞানে ইয়াৰ পৰিসৰৰ ভিতৰত শিক্ষা মনোবিজ্ঞান,চিকিৎসা বিজ্ঞান,শিশু-মনোবিজ্ঞান,সমাজ বিজ্ঞান আদিক সামৰি লয়।

১১. ব্যক্তিৰ ধনাত্মক মনোভাৱ গঢ়ি তোলাৰ লগতে জীৱনক আনন্দময় কৰি তোলাত সহায় কৰে।

১২. মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মনৰ জটিল প্ৰক্ৰিয়াসমূহ সহজ আৰু বাঞ্চিত পথেৰে পৰিচালিত কৰাৰ উপৰিও ব্যক্তিৰ বাস্তৱ জীৱনত দেখা দিয়া বিভিন্ন সমস্যাৰ সমাধানৰ পথৰ সন্ধান দিয়ে।এয়ে হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ তথা প্ৰকৃতি যাৰ আলোচনা কৰিলে মানসিক স্বাস্থ্যবিজ্ঞানৰ বিষয়ে আৰু অলপ ভালদৰে বুজি উঠিব পাৰি।

Q. 27. ব্যক্তিৰ অস্বাভাৱিকতা কি? অস্বাভাৱিকতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ অস্বাভাৱিকতাৰ ধাৰণা(Concept of Abnormality)

বিভিন্ন কাৰণৰ পৰিপ্ৰেক্ষিতত ব্যক্তিৰ মনৰ স্বাস্থ্য ৰোগমুক্ত হৈ উঠিব পাৰে, ব্যক্তিৰ মনৰ এই অৱস্থাক অস্বাভাৱিকতা আখ্যা দিয়া হয়।এনে অৱস্থাক ব্যক্তিয়ে সমাজৰ অগ্রহণীয় আৰু ক্ষতিকাৰক কিছুমান কামত লিপ্ত হয়।অৰ্থাৎ যিবিলাক ব্যক্তিয়ে ঘৰ-বাৰী এৰি ঘূৰি ফুৰে, কথা আৰু কামৰ লাগ বান্ধ নাথাকে তেনে ব্যক্তিসকলক অস্বাভাৱিক ব্যক্তি আৰু তেনেকুৱা ধৰণৰ আচৰণক অস্বাভাৱিক আচৰণ বোলা হয়।এনে ব্যক্তিয়ে প্ৰকৃততে কিবা কাৰণত অন্তৰালত অপসমামায়োজনমূলক আহৰণৰ আশ্ৰয় লয়।ব্যক্তিৰ স্বাভাৱিক আচৰণত দেখা দিয়া অস্বাভাৱিকতা,যেনে-চিন্তা কৰিব নলগীয়া বিষয়ত চিন্তা কৰা, একোটা সমস্যাৰ সমাধান কৰিব নোৱাৰা,যিকোনো বস্তুৰ প্ৰতি একো কাৰণ নোহোৱাকৈ ভয় কৰা, ব্যক্তিৰ সংস্পৰ্শৰ পৰা আতৰি থকা, আনক ঘৃণা কৰাইত্যাদি ।গতিকে দৈনন্দিন জীৱনৰ অনুকূল পৰিবেশত যেতিয়া ব্যক্তিয়ে আনন্দ উপভোগ কৰিব নোৱাৰি নিজকে অকলশৰীয়া অনুভৱ কৰে, তেনে অৱস্থাকে ব্যক্তিৰ অস্বাভাৱিকতা বুলি কোৱা হয়। অস্বাভাৱিকতাৰ বৈশিষ্ট্য ( Characteristics of Abnormality)

অস্বাভাৱিকতা হৈছে ব্যক্তিৰ মনৰ এক বিশৃংখল অৱস্থা আৰু এই বিশৃংখল অৱস্থাৰ বৈশিষ্ট্যসমুহ হ’ল-

(১) যিকোনো পৰিবেশত অযথা ভয়ৰ ভাৱ প্ৰদৰ্শন।

(২) অত্যধিক লাজকুৰীয়া স্বাভাৱ ।

(৩) অত্যধিক উশংখলতাৰ মনোভাৱ।

(৪) অসুস্থতা তথা নৈৰাশ মনোভাৱ।

(৫) সামাজিক ও বাস্তৱ জগতৰ লগত সমন্বয় সাধন দক্ষতাৰ অভাৱ।

(৬) শাৰীৰিক প্ৰক্ৰিয়া যেনে-খোৱা,শোৱা ইত্যাদিৰ প্ৰতি অসুস্থ মনোভাৱ প্ৰদৰ্শন কৰা।

(৭) ভুল প্রদ্ধতি আৰু অনুসৰণ কৰা।

(৮) আনৰ লগত মিলাব নোৱাৰা।

(৯) অলপতে বিচলিত হোৱা।

(১০) অত্যধিক কল্পনাপ্ৰসুত।

(১১) অতিৰঞ্জিত হৈ উঠা।

(১২) সমাজৰ দৃষ্টিত আগ্ৰহণীয় আচৰণ প্ৰদৰ্শন।

উপৰোক্ত বৈশিষ্ট্যসমূহ যদি এজন ব্যক্তিৰ গাত দেখিব পোৱা যায় তেতিয়া তেনে ব্যক্তিক অস্বাভাৱিক ব্যক্তি হিচাপে গন্য কৰা হয় আৰু সমাজৰ পৰা বৰ্জন কৰা হয় আৰু মানসিকভাৱে অসুস্থ ব্যক্তি বুলি চিৰ্হিত কৰা হয়।

Q. 28. মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে বহলাই লিখা ?

উত্তৰঃ সময় সলনি হৈ অহাৰ লগে লগে মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰো অত্যধিকভাৱে ব্যাপাক হোৱা দেখা গৈছে।সেয়ে মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ সমগ্র জীৱন ইয়াৰ পৰিসৰৰ ভিতৰত অন্তভুক্তি কৰিছে।ইয়াৰ উপৰিও শিক্ষা মনোবিজ্ঞান,চিকিৎসা বিজ্ঞান,শিশুবিজ্ঞান, সমাজ বিজ্ঞান আদিও ইয়াৰ পৰিসৰৰ অন্তৰ্গত।তলত মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ বিষয়ে বহলাই আলোচনা কৰা।হ’ল-

১. ব্যক্তিৰ সমগ্র জীৱনৰ লগত জড়িত মানসিক আচৰণ সমূহৰ বিষয়ে অধ্যয়ন কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

২. ব্যক্তিৰ লগত বাহ্যিক জগতৰ সম্পৰ্কৰ প্ৰকৃতি তথা দেখা দিয়া সমস্যাৰ পৰ্যবেক্ষণ ও গৱেষণাক মানসিক স্বাস্থ্যবিজ্ঞানে সামৰি লয়।

৩. শিশুৰ মানসিক আচৰণৰ সমস্যা প্ৰতিকাৰ কৰিবলৈ প্ৰচেষ্টা চলোৱাটো এই বিজ্ঞানৰ পৰিধিৰ অন্তৰ্গত।

৪. ব্যক্তিৰ অস্বাভাৱিক আচৰণক প্ৰতিৰোধ তথা চিকিৎসা কৰি প্ৰতিকাৰ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানে সামৰি লয়। 

৫. শিশুৰ মনত সৃষ্টি হোৱা অপৰাধমূলক আচৰণ আৰু সমস্যাগতমূলক আচৰণ সমূহৰ কাৰণ উদ্ভাৱন কৰি সেই আচৰণ সমাজৰ বাবে অনুকূল কৰি তোলাত সহায় কৰাটো এই বিজ্ঞানক পৰিসৰৰ অন্তৰ্গত।

৬. জনসাধাৰণৰ মনত স্বাস্থ্য সুস্থ কৰি ৰখাৰ উপায় তথা নীতি নিয়মৰ বিষয়ে জ্ঞান প্ৰদান কৰি সজাগ কৰাটোকে এই বিজ্ঞানে সামৰি লয়।

৭. ব্যক্তিক ঘৰুৱা পৰিবেশৰ লগতে নিজ নিজ সমাজত সুস্থভাৱে সমায়োজন কৰি সফল জীৱন যাপন কৰাৰ চৰ্তসমূহৰ বিষয়ে বুজি উঠাত সহায় কৰাটোও ইয়াৰ পৰিসৰৰ অন্তৰ্গত।

৮. ব্যক্তিৰ মনৰ স্বাস্থ্যৰ লগতে দেহৰ স্বাস্থ্য সুস্থ আৰু সংৰক্ষণ কৰা, মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভুক্ত দিশ।

মুঠতে মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানসিক তথা দৈহিক স্বাস্থ্যৰ লগত সম্পৰ্ক থকা সকলো দিশ তথা বিষয় ইয়াৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভূক্তি কৰি লয়।

Q. 29.মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ

( Objectives and Goals of Mental Hygiene)  কি কি ?

উত্তৰঃ যিহেতু মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ ব্যাপক, সেয়েহে এই বিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ গুৰুত্ব লৈ লক্ষ্য ৰাখি এইসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে।তলল এই বিষয়ে বৰ্ণনা কৰা হ’ল-

(১) ব্যক্তিৰ জীৱন আৰু সমগ্র ব্যক্তিত্ববিকাশৰ প্ৰয়োজণীয় সকলো দিশৰ মাজত সবল আত্ম:সম্পৰ্ক অনুধাৱন কৰি মানসিক শৃংখল বজাই ৰখাত সহায় কৰাটো এই বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্য।এই লক্ষ্য তথা উদ্দেশ্যৰ লগত জড়িত থকা অন্য কিছুমান লক্ষ্য হ’ল-

(i) ব্যক্তি তথা সমাজত দেখা দিয়া অপসংগতিৰ কাৰণসমূহৰ তালিকা প্ৰস্তুত কৰি সেইবোৰৰ সমাধান কৰাত সহায় কৰা।

(ii) ব্যক্তিৰ জৌবিক প্ৰেৰণা আৰু প্ৰয়োজন আদিৰ প্ৰভাৱৰ ফলত সৃষ্টি হ’ব পৰা সংঘাত, ব্যৰ্থতা, উত্তেজনা, অৱদমন, মানসিক কৰা।

(iii)আৱেগিক তথা সামাজিকভাৱে সুস্থ সমায়োজনৰ বাবে প্ৰয়োজনীয় নীতি-নিয়মৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

(২) মানসিক স্বাস্থ্য বিজ্ঞানৰ দ্বিতীয় গুৰুত্বপূৰ্ণ তথা প্ৰধান লক্ষ্য হৈছে ব্যক্তি, বিশেষ দল বা সমাজৰ মানসিক স্বাস্থ্য আৰু সমতা ৰক্ষা কৰাত সহায় কৰা।এই বিজ্ঞানৰ দ্বিতীয় গুৰুত্বপূৰ্ণ লক্ষ্যৰ লগত জড়িত হৈ থকা অন্য লক্ষ্যসমূহ হ’ল-

(i) ব্যক্তিৰ নিজৰ সম্ভৱনীতাসমূহ বুজি উঠাত সহায় কৰা।

(ii) ব্যক্তিৰ নিজৰ সম্ভাৱনীতাসমূহ বুজি লৈ সেইবোৰৰ বিকশৰ প্ৰতি সচেতন কৰি তোলা।

(iii) বিভিন্ন পৰিবেশত সুস্থভাৱে সমায়োজন কৰাত সহায় কৰা।

(iv) ব্যক্তিৰ আৱেগিক পৰিপক্কতা লাভৰ আৰু ভাৰসাম্যতা ৰক্ষাত ব্যৱস্থা গ্ৰহণ কৰা।

(v) সুস্থ দেহ আৰু সুস্থ মনৰ অধিকাৰী কৰি তোলাত সহায় কৰা।

(vi) সুস্থ মানৱ সম্পৰ্ক গঢ়ি তোলাত বৰঙণি যোগোৱা।

(vii) অৱসৰ সময়ৰ সুস্থ আৰু গঠণাত্মক ব্যৱহাৰৰ বাবে শিক্ষা প্ৰদান কৰা।

(viii) ব্যক্তিৰ তথা বিশেষ দলৰ ধনাত্মক মনোভাৱ গঢ়ি তোলাৰ লগতে আনন্দময় কৰি তোলা।

(৩) মানসিক ৰোগৰ চিকিৎসা আৰু প্ৰতিকাৰৰ কৌশল উদ্ভাৱন কৰা আৰু তাৰ ব্যৱস্থা কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ তৃতীয় গুৰুত্বপূৰ্ণ উদ্দেশ্য।এই লক্ষ্যৰ লগত জড়িত হৈ থকা অন্য লক্ষ্যসমূহ হ’ল-

মানসিক ৰোগৰ স্বৰূপ, মানসিক উশৃংখলতা আৰু ৰোগগ্রস্ততাৰ প্ৰকাৰসমূহৰ বিষয়ে জনসাধাৰণক জ্ঞান প্ৰদানৰ ব্যৱস্থা কৰা।

কিছুমান নিৰ্দিষ্ট মানসিক ৰোগ চিনাক্ত কৰি তাৰ প্ৰতিকাৰক ব্যৱস্থা কৰা।

মানসিক অশান্তিত ভোগা সকলৰ বিষয়ে অধ্যয়ন কৰা তাৰ কাৰণ বুজি লৈ তেওঁলোকক পুনৰ সুস্থ সমায়োজনৰ ব্যৱস্থা গ্ৰহণ কৰা।

মানসিক ৰোগ চিনাক্তকৰণৰ পৰীক্ষাগাৰ স্থাপন কৰি উক্ত ৰোগৰ প্ৰতিকাৰৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা।

মানসিক ৰোগ সম্বন্ধীয় উচ্চস্তৰীয় অধ্যয়ন আৰু গৱেষণাৰ ব্যৱস্থা কৰা।

Q. 30. মানসিক স্বাস্থ্যবিজ্ঞানৰ নীতিসমূহ কি কি ?

( Principles of Mental Hygiene)

উত্তৰঃ ব্যক্তিৰ শাৰীৰিক সু-স্বাস্থ্য গঢ়ি তুলিবৰ বাবে যিদৰে শৰীৰ বিজ্ঞানৰ প্ৰয়োজন ঠিক সেইদৰে ব্যক্তিৰ মানসিক সু-স্বাস্থ্য বজাই ৰাখিবলৈ অৰ্থাৎ ব্যক্তিৰ মানসিক ৰোগ চিনাক্ত ও প্ৰতিৰোধ কৰি সেইবিলাকৰ নিৰাময় তথা প্ৰতিকাৰ কৰি মনটো সুস্থিৰ কৰিবৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰয়োজন।এই মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰয়োজনীয়তালৈ লক্ষ্য কৰি বিশেষকৈ ইয়াৰ চাৰিটা প্ৰধান নীতি দেখিবলৈ পোৱা যায়।তলত এই বিষয়ে বিতংকৈ আলোচনা কৰা হ’ল-

(১) নিৰ্ণেয়ক  নীতি : ( Diagnostic Principle) মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতি গুৰুত্বপূৰ্ণ তথা প্ৰথম নীতি নিৰ্ণেয়াত্মক নীতি।এই নীতিয়ে মানসিক ৰোগীৰ মানসিক অসুস্থতাৰ প্ৰকাৰ আৰু তাৰ কাৰণ নিৰ্ণয় কৰাত সহায় কৰে।বৰ্তমান সমাজত এচাম ব্যক্তি দেখিবলৈ পাওঁ, যিয়ে ঘৰ-বাৰী এৰি ঘূৰি ফুৰে,কথা আৰু কামৰ লাগ-বান্ধ নাথাকে, যিসকল ব্যক্তিক আমি সমাজত মানসিক ৰোগী বুলি আখ্যা দিওঁ।প্রকৃততে এনে ব্যক্তিসকলে বিভিন্ন কাৰণত সমাজৰ আৰু পৰিবেশৰ লগতে মিলিব নোৱাৰি এনে অপসমায়োজনমূলক আচৰণৰ আশ্রয় লয়।সেয়েহে এনে ব্যক্তিসকলৰ ৰোগ তথা ব্যাধিৰ প্ৰকৃত কাৰণ আৰু উৎস নিৰ্ণয় কৰি চিনাক্ত কৰাত এই নীতিয়ে উল্লেখযোগ্য বৰঙনি আগবঢ়ায়।এই নীতিৰ অবিহনে স্বাস্থ্য বিজ্ঞান সম্পূৰ্ণ নহয়।গতিকে এই নিৰ্ণেয়াত্মকনীতিৰ গুৰুত্ব অপৰিসীম।

(২) প্ৰতিৰোধমূলক নীতি : ( Preventive Principle) 

প্ৰতিৰোধমূলক তথা প্ৰতিৰোধাত্মক নীতি হৈছে দ্বিতীয় গুৰুত্বপূৰ্ণ নীতি,যি নীতিয়ে ব্যক্তিৰ মনৰ স্বাস্থ্যক সুস্থ কৰি ৰাখিবৰ বাবে পালন কৰিব লগা নীতি-নিয়মৰ বিধি- বিধানসমূহৰ বিষয়ে সৰ্বসাধাৰণ লোকক অৱগত কৰাৰ লগতে সেইবোৰক নিয়মিতভাৱে মানি চলিবলৈ জ্ঞান প্ৰদান কৰে।এই নীতিয়ে সমাজত ব্যক্তিসকলৰ মাজত মনৰ স্বাস্থ্য সুস্থ কৰি ৰখাৰ এক অনুকূল পৰিবেশ গঢ়ি তোলাত সহায় কৰে।গতিকে প্ৰতিষেধৰ ব্যৱস্থা হিচাপে শিশুসকলৰ ইচ্চা-অনুভূতি,কামনা-বাসনা আদিক অৱদমিত কৰি ৰখাৰ পৰিবৰ্তে সংশোধিত পথেৰে প্ৰকাশ কৰাত সহায় কৰি সম্ভাব্য মানসিক অশান্তিৰ পৰা বচাই ৰাখিব পৰা যায়।এনে ব্যৱস্থা গ্ৰহণ কৰি ব্যক্তিক মানসিক ৰোগৰ পৰা বচাই ৰখাত সহায় কৰা মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ নীতি।

(৩) সংৰক্ষাণাত্মক বা সংৰক্ষণমূলক নীতি : ( Preservative or Conservative Principle) মানসিকভাৱে ৰোগগ্রস্ত ব্যক্তি এবাৰ সুস্থ হৈ উঠাৰ পিছতে পুনৰ যাতে অসুস্থ হৈ নপৰে তাৰ বাবে উপযুক্ত সংৰক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰাটোওঁ মানসিক স্বাস্থ্যবিজ্ঞানক এটা অতি উল্লেখযোগ্য দিশ তথা নীতি।এই ক্ষেত্ৰত এই সংৰক্ষণমূলক নীতিয়ে দৃষ্টি নিক্ষেপ কৰে।এই নীতিৰ মতে শিশুৰ মানসিক পালন কৰিব লাগে।এইক্ষেত্ৰত  ব্যক্তিগত সমস্যা বা চাহিদাৰ ওপৰত গুৰুত্ব দিয়া নহয়।সেয়েহে মানসিক অসুস্থতাৰ কাৰণবোৰ চিনাক্ত কৰি তাৰ প্ৰতি সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰি ব্যক্তিৰ মনটো সুস্থ ৰূপত সংৰক্ষণ কৰি ৰাখে।

(৪) আৰোগাত্মক বা প্ৰতিকাৰমূলক নীতি : ( Curative Principle) বিভিন্ন চিকিৎসাৰ মাধ্যমেৰে মানসিক ৰোগৰ প্ৰতিকাৰ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞান এক অতি উল্লেখযোগ্য নীতি।এই নীতিৰ মতে ব্যক্তিৰ মানসিক ৰোগৰ প্ৰতিকাৰ বিজ্ঞানভিক্তিতভাৱে কাৰ্য সম্পাদনৰ জৰিয়তে সমাপন কৰা হয়।এই নীতিৰ প্ৰধান দিশ হ’ল মানসিক স্বাস্থ্যৰ অৱনতি ঘটা লোকসকলৰ মানসিক স্বাস্থ্য পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবৰ বাবে প্রয়োজনীয় আৰোগ্যাত্মক ব্যৱস্থা গ্ৰহণ কৰা।গতিকে মানসিক ৰোগৰ স্বৰূপ নিৰ্ধাৰণ, চিনাক্তকৰণ,পৰামৰ্শদান,মনোচিকিৎসাৰ ব্যৱস্থা ইত্যাদি বিভিন্ন প্ৰতিকাৰমূলক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা।মানসিক স্বাস্থ্যবিজ্ঞান এক গুৰুত্বপূৰ্ণ দিশ।

গতিকে মানসিক স্বাস্থ্য বিজ্ঞানৰ উপৰোক্ত নীতিসমূহ বিশ্লেষণ কৰি বুজা গ’ল যে এই বিজ্ঞানৰ এটি কল্যাণমূলক দিশ দেখিবলৈ পোৱা যায়।সাধাৰণ শাৰীৰিক বিজ্ঞানে যিদৰে সু-অভ্যাস গঠন কৰাত সহায় কৰে ঠিক তেনেদৰে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানেও শিশু তথা ব্যক্তিৰ নিজ আচৰণৰ স্বৰূপ বুজি উঠি প্ৰয়োজন অনুযায়ী নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰাত অনুপ্ৰাণিত কৰে।

Q. 31. মানসিক স্বাস্থ্য বিজ্ঞানৰ কামসমূহ কি কি ? 

( Functions of Mental Hygiene)

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানে মানৱ জীৱনত প্ৰদৰ্শন কৰা প্ৰধান কামসমূহ তলত উল্লেখ কৰা হ’ল-

(১) ব্যক্তিৰ মানসিক ৰোগ চিনাক্ত কৰি সেই ৰোগৰ লক্ষণসমূহ নিৰ্ণয়ৰ যোগেদি সঠিকভাৱে উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰাকৈ বিশেষজ্ঞলোকক উপযুক্তভাৱে প্ৰশিক্ষণ প্ৰদান কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ এক প্ৰধান কৰ্তব্য।

(২) সমাজৰ এদল সমাজসেৱী লোকক মানসিক স্বাস্থ্যৰক্ষা সম্বন্ধীয় নীতি আৰু সেই ক্ষেত্ৰত ল’ব পৰা ব্যবস্থা সমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰি সজাগ কৰাটো অন্য একপ্ৰকাৰৰ গুৰুত্বৰপূৰ্ণ কাৰ্যাৱলী।

(৩) ৰেডিঅ,কথাছবি, দূৰদৰ্শন, বাতৰিকাকত, আলোচনী আদি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰচাৰ মাধ্যমসমূহৰ জৰিয়তে জনসাধাৰণক সজাগ কৰাটো।

(৪) জনকল্যানমূলক আৰু জনস্বাস্থ্য ৰক্ষা সম্বন্ধীয় বিভিন্ন অনুষ্ঠান সমূহৰ জৰিয়তে জনসাধাৰণক বিভিন্ন ঠাইত প্ৰদৰ্শনী আৰু আলোচনাচক্ৰ কৰাত সহায় কৰে মানসিক স্বাস্থ্যবিজ্ঞানে ।

(৫) ঘৰ, বিদ্যালয় আৰু বিভিন্ন সম্প্ৰদায় সমূহে যাতে মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিষেধক আৰু প্ৰতিকাৰমূলক ব্যৱস্থা আৰু কাৰ্যপন্থা গ্ৰহণ কৰে তাৰ প্ৰতি প্রয়োজনীয় জ্ঞান প্ৰদান কৰে।

(৬) বিভিন্ন ধৰণৰ সামাজিক সমস্যাসমূহৰ ওপৰিও ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰশাসনিক, ধর্মীয় আদি সমস্যাবোৰে যাতে মানুহৰ মন অধিক কলুষিত আৰু পীড়িত কৰিব নোৱাৰে তাৰ প্ৰতি সচেতন কৰি তোলে।

(৭) বিভিন্ন ধৰণৰ খেলা-ধূলা ব্যৱস্থা আৰু শিল্প-কলাৰ চৰ্চাৰ যোগেদি সমাজৰ সৰ্বসাধাৰণ লোকক মানসিক স্বাস্থ্য ৰক্ষা কৰাৰ বিষয়ে জ্ঞান প্ৰদান কৰে।

(৮) সমাজৰ স্বাস্থ্যৰক্ষা সম্বন্ধীয় বিভিন্ন সমস্যাসমূহৰ বিষয়ে বিশেষজ্ঞসকলৰ উচ্চ স্তৰৰ গৱেষণা আৰু অধ্যয়ন প্ৰতি উৎসাহিত কৰি তোলে।

(৯) সমাজৰ চলি থকা বিভিন্ন ধৰণৰ অসৎ আৰু ‘অসমাজিক কাৰ্যকলাপবিলাক দমন কৰি সমাজত আত্মসন্মানৰ পৰিৱেশ যাতে গঢ়ি তুলিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

(১০) মানুহৰ মৌলিক প্ৰয়োজনত আঘাত হানিব পৰা বিধৰ সকলো ধৰণৰ প্ৰশাসনীয় আইন, কানুন আৰু অনুশাসন ব্যৱস্থাৰ প্ৰতি সংশিষ্ট কৰ্তৃপক্ষক সচেতন কৰি তোলাৰ ক্ষেত্ৰত বৰঙনি আগবঢ়াৱা।ওচৰত উল্লেখ কৰা কাৰ্যৱালীসমুহ হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ দিশ, কিয়নো এনে কাৰ্য্যাৱালীসমূহে এজন ব্যক্তি তথা এখন সমাজক মানসিক ৰোগৰ পৰা মুক্ত কৰি শান্তিপ্ৰিয়ভাৱে জীৱন যাপন কৰাত সহায় কৰেI

Q. 31. মানসিকভাৱে সুস্থ ব্যক্তিৰ গুণ বা বৈশিষ্ট্যসমূহ উল্লেখ কৰা ?

উত্তৰঃ মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ বৈশিষ্ট্য তথা গুণসমূহৰ বিষয়ে তলত বর্ণনা কৰা হ’ল-

(১) মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ মাজত অন্যৰ প্ৰতি যথেষ্ট পৰিমাণে প্ৰীতি আৰু বন্ধুত্বৰ ভাৱ পৰিলক্ষিত হয়।এওঁলোকৰ মাজত আত্মতৃপ্তিৰ ভাৱ পৰিস্ফূট হৈ থাকে।আনে তেওঁলোকৰ বিৰোধিতা বা কটু কথা ক’লেও ধৈৰ্য নেহেৰুৱায়।

(২) এনে লোকসকলে নিজ কাম-কাজত নিজৰ শক্তি-সমৰ্থৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰি দক্ষতাৰ বিকাশ ঘটায় সমাজত নিজকে এটা উচ্চ স্থান চিহ্নিত কৰিব পাৰে।

(৩) এনে ব্যক্তিৰ বিভিন্ন পৰিৱৰ্তন পৰিবেশ আৰু পৰিস্থিতিৰ লগত উপযুক্তভাৱে সমায়োজন কৰিব পৰা গুন থাকে।

(৪) এজন সুস্থ মনৰ ব্যক্তি পৰিয়াল, কৰ্মস্থান আৰু অন্যন্য সামাজিক বুলি অনুভৱ কৰিব পৰা  ক্ষমতাৰ অধিকাৰী হয়।

(৫) মানসিকভাৱে স্বাস্থ্যৱান লোকসকলে বাস্তৱ জীৱনত দেখা দিয়া যিকোনো পৰিস্থিতিত মনৰ আনন্দ তথা সুখী মনোভাৱ অটুট ৰাখিব পাৰে আৰু সহজতে বাস্তৱত ভাঙি নপৰে।

(৬) এইসকল ব্যক্তিয়ে নিজ নিজ জীৱনৰ কৰ্মক্ষেত্ৰ, জিৰণি আৰু অৱসৰৰ মাজত এক সমতা ৰক্ষা কৰি চলিব পাৰে।

(৭) এনে ব্যক্তি আনৰ লগত আন্তৰিক বন্ধুত্ব আৰু মৰমৰ সম্বন্ধ গঢ়ি তুলিব পৰা, নিয়ন্ত্ৰণ নেহেৰুৱাকৈ ভাৱ প্ৰকাশ কৰিব পৰাৰ ক্ষমতা, আনৰ আৱেগক বুজি পোৱা আৰু আনৰ আৱেগৰ সমভাগী হ’ব পৰা গুণৰ অধিকাৰী হয়।

(৮) সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী ব্যক্তিৰ ভৌতিক, সামাজিক আৰু ভাৱ জগতৰ লগত সমন্বয় সাধনৰ দক্ষতা,পৃথিৱীখনৰ বিষয়ে এক সামগ্ৰীক আৰু উদাৰ মনোভাৱ গ্ৰহণ কৰিব পৰা, পৰিবেশক পৰিৱৰ্তন কৰিব নোৱাৰিলেও নিজকে পৰিবেশৰ লগত খাপ খাব পৰাকৈ সলনি কৰাৰ ক্ষমতা থাকে।

(৯) এওঁলোকে শাৰীৰিক অসুস্থতা,অকৃতকাৰ্যতা আদিক সহজে গ্ৰহণ কৰিব পৰা ক্ষমতাৰ অধিকাৰী হয়।

(১০) এনে লোককে নিজৰ ভাৱ,অভিপ্ৰায়, আশা-আশংকা, বাধা, প্ৰতিৰক্ষা আদিক ভালকৈ উপলব্ধি কৰা।,নিজৰ দোষ-ক্ৰুটিসমূহ ভালকৈ চিনি পোৱা,ব্যক্তিগত বা সামাজিক গ্ৰহণযোগ্য নহ’লে নিজৰ গুৰুত্বপূৰ্ণ ইচ্ছা আৰু অভিপ্ৰায়ৰ প্রতি আওকান নকৰা ইত্যাদি গুণৰ অধিকাৰী হয়।

(১) সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী ব্যক্তিৰ যিকোনো দিশতে অধিক মনোনিবেশ কৰিব পৰা ক্ষমতা আৰু বিভিন্ন দিশত আগ্ৰহ থাকে।

(১২) এনে লোকৰ বাস্তৱৰ লগত সম্পৰ্ক থকা, সামাজিক উপযোগিতা থকা জীৱনৰ লক্ষ্য আৰু জীৱন দৰ্শন থাকে।

(১৩) এওঁলোক শাৰীৰিক প্ৰক্ৰিয়াসমূহৰ প্ৰতি সুস্থ মনোভাৱ তথা খোৱা,শোৱা আদি শাৰীৰিক প্ৰক্ৰিয়াসমূহৰ পৰা আনন্দ লাভ কৰিব পৰাৰ ক্ষমতাৰ অধিকাৰী হয়।

(১৪) এনে লোক স্বত:স্বফুৰ্তভাৱে নতুন কথা শিকিব পৰাৰ সামৰ্থ,আহৃত জ্ঞান আৰু কৌশলক কামত লগোৱা, ভুল পদ্ধতি গ্ৰহণ আৰু অনুকৰণৰ পৰা বিৰত থকা আদি গুণৰ অধিকাৰী হয়।

(১৫) দলৰ অন্যান্য সদস্যৰ লগত মিলি পৰা, দলৰ নীতি-নিয়ম বুজি পোৱা আৰু মানি চলা, দলে দাবী কৰা অনুযায়ী বন্দুত্ব,আকাংক্ষা, দ্বায়িত্ববোধ,আনুগত্য আদি গুণ প্ৰদৰ্শন কৰাৰ সামৰ্থ এনে ব্যক্তিৰ থাকে।

(১৬) মানসিকভাৱে সুস্থ ব্যক্তিৰ ভাল-বেয়াৰ মাজৰ পাৰ্থক্য উপলব্ধি কৰি নিজৰ স্বকীয়তা বজাই ৰখা, সাংস্কৃতিক পাৰ্থক্য উপলদ্ধি কৰা আৰু সহিষ্ণুতা প্ৰকাশ কৰা আদি গুণবোৰ থাকে।

(১৭) মানসিকভাৱে সুস্থ ব্যক্তিসকল সামাজিকভাৱে গ্ৰহণযোগ্য সুস্থ আগ্রহ আৰু অভিক্ষমতাৰ অধিকাৰী হয়,যাৰ বাবে তেনেলোকে সমাজত নেতৃত্ব প্ৰদান কৰিব পাৰে।

(১৮) মানসিকভাৱে সুস্থ এজন ব্যক্তিয়ে শিক্ষা আৰু অভিজ্ঞতাৰ সহায়ত নিজৰ ব্যক্তিত্বক সম্পূৰ্ণ পৰিপক্ক কৰি তুলি আনৰ বাবে এক উদাহৰণ সৃষ্টি কৰিব পাৰে।

(১৯) এনে ব্যক্তিয়ে নিজৰ সুপ্ত প্ৰতিভাসমূহ সুন্দৰ ৰূপত বিকশাই তোলাটো অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

(২০) সুস্থ মানসিক স্বাস্থ্যৰ এজন ব্যক্তিয়ে আনক সহযোগিতা কৰাটো এক অতি উল্লেখযোগ্য বৈশিষ্ট্য।এনে লোকে যিকোনো কামতে অন্য লোকক সহায়-সহযোগ কৰি আনন্দ লাভ কৰে।শেষত, বিষয়বস্তুৰ গভীৰ জ্ঞান-থকা, দক্ষতাসম্পন্ন, যোগ্যতাসম্পন্ন আৰু সময়ৰ প্ৰতি সজাগ,সচেতন তথা নিত্য জ্ঞান আহৰণৰ আগ্ৰহী ব্যক্তিক সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী ব্যক্তি বুলিব পাৰি।

Q. 32. মানসিকভাৱে অসুস্থতাৰ কাৰণসমূহ বিচাৰ কৰা ?

উত্তৰঃ মানসিক অসুস্থতাৰ কাৰণসমূহ- আজিৰ সমাজত ব্যক্তিৰ মানসিক সুস্থতা-আৰু অসুস্থতাৰ বিভিন্ন কাৰণ মনোবৈজ্ঞানীক দ্ৰষ্টিৰে দাঙি ধৰা হৈছে।এই সমূহৰ লগত সাধাৰণভাৱে সৰ্বসাধাৰণ লোকসকল পৰিচিত হৈ উঠাটো প্ৰয়োজন।ব্যক্তিৰ মানসিক অসুস্থতাৰ কাৰণবোৰ নিম্নলিখিতভাৱে সংক্ষেপে উল্লেখ কৰিব পাৰি।

(ক) বংশগতিৰ প্ৰভাৱ : জৌৱিক বংশগতিৰ নিম্ন মানবৈশিষ্টতা ব্যক্তিৰ মানসিক ৰোগগ্রস্ততাৰ মৌলিক কাৰণ বুলিব পাৰি।

(খ) সামাজিক অনগ্ৰসতা : সামাজিকভাৱে পিচ পৰি থকা লোকসকল বৃহত্তৰ সমাজৰ বাবে অপসমযোজিত হৈ ৰয়।

(গ) অৰ্থনৈতিক দৰিদ্ৰতা : আৰ্থিক অনাটনত ভোগা লোকসকলে দৰিদ্ৰতাৰ বাবে সামাজিক স্বীকৃতি মান্যতা আদিৰ পৰা বঞ্চিত হ’ব লগা হয়।

(ঘ) প্ৰশাসনিক নীতি-নিয়মৰ কঠোৰতা : প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা কঠোৰ আইনী ব্যৱস্থাই মানুহক মানসিকভাৱে ক্ষমতালোভী কৰি তোলে,যি মানসিক ৰোগগ্রস্ততাৰ পৰিচায়ক।

(ঙ) বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতি : বিজ্ঞান-প্ৰযুক্তিৰ অসুস্থ প্রভাৱে মানুহক সুস্থ প্ৰাকৃতিক জীৱনৰ সুখ-আনন্দৰ পৰা বঞ্চিত কৰি তোলে।

(চ) ক্ষমতাৰ অপপ্ৰয়োগ : আইনী নীতি-নিয়মৰ অপপ্ৰয়োগে সমাজৰ দমন-পীড়ণ আৰু অগণতান্ত্ৰিক মনোভাৱৰ সৃষ্টি কৰি তোলে।

(ছ) নৈতিক মূল্যবোধৰ অৱক্ষয় : সমাজত নৈতিক মূল্যবোধ ভাবৰ অৱক্ষয় ঘটি মানসিক ৰোগগ্রস্ততা সৃষ্টি কৰি তোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top