Measurement And Evaluation in Education Unit 5 তথ্য বা সামগ্ৰীৰ উপস্থাপন

Measurement And Evaluation in Education Unit 5 তথ্য বা সামগ্ৰীৰ উপস্থাপন Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Measurement And Evaluation in Education Unit 5 তথ্য বা সামগ্ৰীৰ উপস্থাপন Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Measurement And Evaluation in Education Unit 5 তথ্য বা সামগ্ৰীৰ উপস্থাপন can be of great value to excel in the examination.

Measurement And Evaluation in Education Unit 5 তথ্য বা সামগ্ৰীৰ উপস্থাপন

Join Telegram channel

Measurement And Evaluation in Education Unit 5 তথ্য বা সামগ্ৰীৰ উপস্থাপন Notes cover all the exercise questions in UGC Syllabus. The Measurement And Evaluation in Education Unit 5 তথ্য বা সামগ্ৰীৰ উপস্থাপন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Data Presentation

EDUCATION

MEASUREMENT AND EVALUATION IN EDUCATION

শৈক্ষিক পৰিমাপন আৰু মূল্যায়ন

১। চলক কি? What is Variable?

উত্তৰঃ সাধাৰণ অৰ্থত চলক মানে হ’ল যাক পৰিবৰ্তন কৰিব পৰা যায়। কোনো এটা উপাদানক যেতিয়া তাৰ চলিত অৱস্থাৰ পৰ। সলনি কৰিব পৰা । যায় বা যাৰ মাত্ৰাক পৰিবৰ্তন কৰিব পৰা যায় আৰু জুখি উলিয়াব পৰা যায় সিয়ে চলক। অর্থাৎ কোনো সংলক্ষণ বা পৰিস্থিতিক যেতিয়া পৰীক্ষকৰদ্বাৰা সালসলনি, নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণ কৰিব পৰা যায় তাকে চলক বুলি কোৱা হয়।

২। চলকৰ এটা উদাহৰণ উল্লেখ কৰা।’ Mention one example of Variable.

উত্তৰঃ বুদ্ধি বা উৎকণ্ঠা।

৩। চলক সম্পর্কে Garrett এ দিয়া সংজ্ঞাটো লিখা। Write the definition of variable given by Garrett.

উত্তৰঃ Garrett [1971] ৰ মতে, ‘চলকে’ ধর্ম বা গুণক বুজায়, যিবিলাকে মাত্ৰাৰ ভিত্তিত পার্থক্য দেখুৱায় আৰু যিবিলাক কিছুমান দিশত পরিবর্তন হয়। The term ‘variables’ refers to attributes or qualities which exhibit differences in magnitude and which vary along some dimensions.

৪। চলকৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। Mention one characteristic of variable.

উত্তৰঃ ১) কোনো এটা বিশেষ গুণক প্রতিনিধিত্ব কৰিব পৰাকৈ বিভিন্ন মূল্য পাব পাৰি।

৫। আয়তচিত্র কি?

উত্তৰঃ আয়তচিত্র : বাৰংবাৰতা বিভাজন তালিকাত সংগতীত তথ্যসমূহৰ বাৰবোৰতাক যেতিয়া একো একোটা আয়তৰ আকাৰত সমান সমান দূৰত্বত ইবিলাকৰ মান অনুযায়ী লেখ কাগজত অংকন কৰা হয় তাকে আয়তচিত্র বোলা হয়।

৬। আয়তচিত্ৰৰ ইংৰাজী প্রতিশব্দ ‘histogram কোন ভাষাৰ পৰা আহিছে? From which language the word ‘histogram’ comes?

উত্তৰঃ গ্রীক ভাষাৰ পৰা।

৭। প্ৰসামান্য বক্ৰৰ ধাৰণাটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? Who used the concept Normal Distribution for the first time?

উত্তৰঃ গণিতজ্ঞ আব্রাহম নিমইভাৰ।

৮। প্ৰসামান্য বক্ৰৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ ক) গড়, মধ্যমা আৰু বহুলক একে বিন্দুতে পৰে।

৯। বিষমতাকি? What is Skewness?

উত্তৰঃ বিষণ্ণতা মানে হ’ল সমমিত নোহোৱা । প্ৰসামান্য সুস্বাভাৱিকতেই এডাল সমমিত ৰেখা আৰু ইয়াৰ গড়, মধ্যমা আৰু বহুলক সমান। যেতিয়া এই সমমিত ৰূপটোৰ প্ৰতিফলন ঘটাৰ বিপৰীতে ৰেখাডাল সোঁ বা বাও কোনোবা এটা দিশত ঢাল খাই,সমমিত ৰূপটো নাইকিয়া হৈ যায় তেতিয়া তাক বিষমতা বুলি কোৱা হয়।

১০। ককুদবক্রতা কি? What is Kurtosis?

উত্তৰঃ ককুদবক্রতাই প্রসামান্য বক্ৰ ৰেখাৰ চূড়াধর্মিতা বা চেপেটাধর্মিতাক প্ৰতিনিধিত্ব কৰে। গ্ৰীক ভাষাত ককুদবক্রতা মানে হ’ল টেমুনাকৃতি। কেতিয়াবা প্ৰসামান্য বক্ৰ ৰেখাৰ বিষমতা শূন্য হ’লেও, এনে ৰেখাৰ চূড়াটো প্ৰসামান্য বজ্ৰৰ চূড়াতকৈ বেছি জোঙা বা বেছি চেপেটা হ’ব পাৰে। ৰেখাৰ এনে গুণটোক ককুদবক্রতা বোলা হয়।

১১। প্রসামান্য বক্র ঘন্টাকৃতির। শুদ্ধনে অশুদ্ধ? Normal probability curve is bell shaped. [True or False.]

উত্তৰঃ শুদ্ধ। 

১২। গুণফল গুৰুত্ব পদ্ধতিৰ এটা স্বীকার্য উল্লেখ কৰা।

উত্তৰঃ ক) প্রসামান্য বিচলন : চলকৰ পৰা প্ৰসামান্যভাবে বিচলিত ৰাশিৰ ক্ষেত্ৰতহে সহসম্বন্ধ উলিওৱা হয়। উচ্চতা, ওজন, বুদ্ধি, শৈক্ষিক কৃতিত্ব আদি চলকসমূহ প্রসামান্যভাৱে বিচলিত চলক।

১৩। সহসম্বন্ধ কি? What is correlation?

উত্তৰঃ সহসম্বন্ধ হৈছে এক কৌশল, যাৰ যোগেনি দুটা বা ততোধিক চলক কেনেদৰে আৰু কিমান পৰিমাণে সম্পর্কিত হৈ আছে সেইটো নিৰ্ধাৰণ কৰিব পৰা যায়।

১৪। সহসম্বন্ধ গুণাংকৰ এটা ব্যবহাৰ লিখা?

উত্তৰঃ ক) মনোবৈজ্ঞানিক অভীক্ষাৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা নিৰূপণৰ ক্ষেত্ৰত সহসম্বন্ধ গুণাংক ব্যবহাৰ কৰা হয়।

১৫। ঋণাত্মক সহসম্বন্ধ বর্ণনা কৰা এযোৰ উদাহৰণ দিয়া। Mention one pair of example showing negative correlation.

উত্তৰঃ শ্ৰেণী কক্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক আৰু অনা শৈক্ষিক (খেলা-ধুলা) দিশৰ পাৰদৰ্শিতাৰ সহসম্বন্ধ নির্ণয় কৰিলে দেখা পোৱা যায় যে যিবিলাক ল’ৰা-ছোৱালী শৈক্ষিক অর্থাৎ পঢ়া-শুনাত ভাল, সেইবিলাক ল’ৰা-ছোৱালী অনা শৈক্ষিক (খেলা-ধুলা) দিশত পিছপৰা হয়। আনহাতে যিবিলাক ল’ৰা-ছোৱালী শৈক্ষিক দিশত বেয়া, সেইবিলাক অনা-শৈক্ষিক (খেলা-ধূলাত) দিশত ভাল এই উদাহকাৰ পৰা এটা কথা বুজিব পৰা যায় যে শৈক্ষিক আৰু অনাশৈক্ষিক দিশৰ অৰ্হতাৰ মাজত ঋণাত্মক সহসম্বন্ধ আছে।

১৬। চমু উত্তৰ দিয়া :

i) চলকৰ বৈশিষ্ট্য [Characteristics of variables.]

উত্তৰঃ ১) কোনো এটা বিশেষ গুণক প্রতিনিধিত্ব কৰিব পৰাকৈ বিভিন্ন মূল্য পাব পাৰি।

২) গণনা আৰু পৰিমাপৰ জৰিয়তে চলক মূল্য পাব পৰা যায়। 

৩) গৱেষণা প্ৰণালীত পৰিসংখ্যকীয় বিশ্লেষণৰ উদ্দেশ্যে চলকৰ জৰিয়তে কেঁচা সামগ্ৰী [ Raw data] আহৰণ কৰা হয়।

৪) কোনো এটা চলকৰ পৰিবৰ্তিত মূল্য অন্য এটা চলকৰ ভিত্তিতহে অনুমান কৰা হয়।

৫) চলকৰ বিষয়ে আলোচনা কৰোতে এজন ব্যক্তিৰ পর্যবেক্ষণযোগ্য লক্ষণসমূহহে আলোচনা কৰা হয়।

ii) অবিচ্ছিন্ন আৰু বিভিন্ন চলক। [Continuous and Discrete Variable]

উত্তৰঃ পৰিমাণগত চলকসসমূহক পুনৰ অবিচ্ছিন্ন আৰু বিচ্ছিন্ন চলক এই দুই ভাগত ভাগ কৰিব পৰা যায়। যেতিয়া কোনো এটা চলকক সূক্ষ্ম পৰ্যায়লৈকে খণ্ডিত কৰিব পৰা যাব তেতিয়া তেনে চলকক অবিচ্ছিন্ন চলক বুলি কোৱ হয়। বয়স এটা অবিচ্ছিন্ন চলকৰ উদাহৰণ। অর্থাৎ এজন ব্যক্তিৰ বয়সক বছৰ, মাহ, দিন, ঘন্টা, চেকেণ্ড আদি বহুত সৰু সৰু ভাগত ভাগ কৰিব পৰা যায়। বিচ্ছিন্ন চলকক অবিচ্ছিন্ন চলকৰ নিচিনাকৈ সৰু সৰু ভাগত ভাগ কৰিব পৰা নাযায় ৷ কাৰণ এনে চলকত এটাৰ লগত আনটোৰ পাৰ্থক্য সুস্পষ্ট।

তলত অবিচ্ছিন্ন আৰু বিচ্ছিন্ন চলকৰ পাৰ্থক্য সমূহ উল্লেখ কৰা হ’ল ―

ক) যি পৰিসাংখ্যিকীয় চলকৰ তথ্যসমূহ সমীম পৰিমানৰ আৰু গণনাযোগ্য তথ্যসমৃদ্ধ তাকে বিচ্ছিন্ন চলক বুলি কোৱা হয়। তাৰ পৰিবৰ্তে যিবিলাক পৰিমাণগত চলক তথ্য সীমাহীন আৰু গণনা অযোগ্য তথ্য সমৃদ্ধ তাকে অবিচ্ছিন্ন চলক বোলা হয়।

খ) যেতিয়া তথ্যসমূহ ওপৰা ওপৰি হৈ নাথাকে তেতিয়া বিচ্ছিন্নচলকৰ ব্যৱহাৰ কৰা হয় আনহাতে যেতিয়া তথ্যসমূহ ওপৰাওপৰি হৈ থাকে তেতিয়া অবিচ্ছিন্ন চলক ব্যৱহাৰ কৰা হয়।

গ) বিচ্ছিন্ন চলকক পৰিসৰ সুনির্দিষ্ট যিটো অবিচ্ছিন্ন চলকৰ ক্ষেত্ৰত দেখা পোৱা নাযায় । 

ঘ) বিচ্ছিন্নচলকৰ মূল্য গণনাৰ দ্বাৰা আহৰণ কৰিব পৰা যায় আনহাতে অবিচ্ছিন্ন চলকসমূহ যাদুছিক বা পৰিকল্পনাহীন।

ঙ) বিচ্ছিন্ন চলকে সমূহ স্বাধীন মূল্য প্রসূত আনহাতে অবিচ্ছিন্ন চলকে দিয়া থকা পৰিসৰৰ ভিতৰত যিকোনো মূল্য অনুমান কৰি লয়।

iii) সামগ্ৰীৰ লেখচিত্ৰীয় উপস্থাপনৰ সুবিধা আৰু অসুবিধা। [Merits and demerits of graphical representation of data.]

উত্তৰঃ সুবিধা : ১) সহজ বোধগম্য, অর্থাৎ সাধাৰণ মানুহেও ইয়াক বুজি পাব পাৰে।

২) পাৰিসাংখ্যকীয় তথ্যসমূহ সাধাৰণ মানুহলৈ কম সময়তে আগবঢ়াব পাৰি।

৩) ইয়াৰে যোগেদি তথ্যসমূহ মনোগ্ৰাহীকৈ উপস্থাপন কৰি পাৰি ৷

৪) দুই বা ততোধিক তথ্য সহজে তুলনা কৰিব পাৰি ৷

৫) মানুহৰ মগজুত দীৰ্ঘকালীন প্ৰভাৱ পেলাব পাৰে। তথ্য তাৎক্ষণিক আৰু অৰ্থপূৰ্ণভাৱে উপস্থাপন কৰিব পৰা যায়।

৬) শৈক্ষিক পৰিসংখ্যাবিজ্ঞানত ব্যৱহাৰ কৰা মধ্যমা, বহুলক, চতুর্থক বিচ্যুতি সহজে গণনা কৰিব পৰা যায়। তদুপৰি দুটা চলকৰ মাজৰ সহসম্বন্ধ উলিয়াব পৰা যায়।

৭) লেখচিত্রীয় উপস্থাপনৰ দ্বাৰা প্ৰশ্নসদ আৰু ব্যক্তি সম্পৰ্কে সঠিক মূল্য নিৰূপণ, মূল্যায়ন আৰু ব্যাখ্যাকৰণত সহায়ক হয়। 

৮) এই উপস্থাপন সহজ আৰু ফলপ্ৰসূ।

৯) অৰ্থনীতিৰ বহুতো তত্ত্ব সুন্দৰকৈ বৰ্ণনা কৰিব পৰা যায়। 

১০) তথ্য পূর্বানুমান কৰিব পৰা যায়।

অসুবিধা : ১) লেখচিত্ৰীয় উপস্থাপনে সামগ্ৰীৰ বিতং বিশ্লেষণ কৰিব নোৱাৰে, মাত্ৰ তথ্যসমূহৰ এটা সাধাৰণ প্ৰকৃতিহে প্রতিনিধিত্ব কৰে।

২) চিত্ৰসমূহ হাতেৰে অংকন কৰিবলৈ যাওঁতে যথেষ্ট সময় আৰু যত্নৰ প্ৰয়োজন হয়।

৩) এনে উপস্থাপনত তথ্যৰ সাৰাংশহে চিত্ৰৰ আকাৰত প্ৰকাশ কৰা হয়।

৪) চিত্রীয় উপস্থাপন পদ্ধতিক এক আনুমানিক পদ্ধতি বুলি ক’ব পৰা যায়, কাৰণ সাংখ্যিকীয় তথ্যসমূহ সঠিক উপস্থাপন কৰিব পৰা নোযায়। 

৫) যদিহে পৰিসংখ্যাৰ যোগেদি কাৰোবাক ভুল পথে পৰিচালিত কৰিব বিচৰা যায় তেন্তে লেখচিত্ৰীয় উপস্থাপনৰ যোগেদি সেইয়া সহজে সম্ভৱ।

iv) পাইচিত্ৰৰ সুবিধা আৰু অসুবিধাঃ

উত্তৰঃ সুবিধা : ক) সম্পূর্ণ তথ্যক প্রতিনিধিত্ব কৰিব পৰাকৈ বৃত্তৰ আকাৰ সমানুপাতিক কৰিব পৰা যায়।

খ) এনে উপস্থাপনৰ পিছত বিশেষ বৰ্ণনাৰ প্ৰয়োজন নহয়।

গ) সম্পূর্ণ তথ্যক শতাংশৰূপত দেখুৱাব পৰা যায়।

ঘ) সহজে বোধগম্য।

অসুবিধাঃ (ক) তথ্যৰ প্ৰকৃত মানটো সহজে প্ৰকাশ নাপায়

খ) তথ্যৰ পৰিৱৰ্তন প্ৰকাশ কৰিবলৈ হ’লে বহুতো পাইচিত্ৰৰ প্ৰয়োজন।

গ) মূল স্বীকার্য, কাৰণ, পৰিঘটনা আদি প্ৰকাশত বিফল হয়।

v) আয়তচিত্ৰৰ অংকন প্ৰণালী। [Method of Construction of Histogram.]

উত্তৰঃ আয়ত চিত্র অংকন কৰোঁতে তলৰ দিশবিলাকলৈ মন কৰিব লাগে—

১) আয়তচিত্র অংকন কৰোঁতে শ্ৰেণী সীমাসমূহ 09.5-19.5, 19.5-29.5, 29.5-39.5 এইদৰে বহুৱাব লাগে। শ্ৰেণী অন্তৰালৰ মান, যেনে 10-19, 20-29, 30-39 এইদৰে লিখা নহয় ।

২) শ্ৰেণী অন্তৰালৰ ওপৰ দিশলৈ আৰু তলৰ দিশলৈ দুটা মান শূন্য (0) বাৰংবাৰ্তা সমৃদ্ধ শ্ৰেণী অন্তৰাল উপস্থাপন কৰোৱাটো প্ৰচলিত নিয়ম অর্থাৎ বাৰংবাৰ্তা বিভাজন তালিকাত থকা প্ৰকৃত শ্ৰেণী অন্তৰালৰ উপৰিও অতিৰিক্ত দুটা শ্ৰেণী অন্তৰাল (ওপৰলৈ আৰু তললৈ) বহুৱাব লাগে।

৩) অতিৰিক্ত শ্রেণী অন্তৰালৰ সহিতে শ্ৰেণী অন্তৰালৰ প্ৰকৃত নিম্নমান X- অক্ষত বহুৱাব লাগে। ইয়াত আটাইতকৈ নিম্নমানৰ শ্ৰেণী অন্তৰালটো অৰ্থত অতিৰিক্তভাৱে ধৰি লোৱা নিম্ন শ্রেণী অন্তৰালৰ প্রকৃত নিম্ন মানটো X আৰু Y অক্ষৰেখাই কটাকটি কৰা বিন্দুটোত (0 বিন্দুত) বহুৱাব লাগে।

৪) বাৰংবাৰতা সমূহ Y- অক্ষত বহুৱাব লাগে।

৫) প্ৰতিটো শ্ৰেণী অন্তৰালৰ বিশেষ বাৰংবাৰতাসমূহ একোটা পৃথক আয়তক্ষেত্ৰৰে প্ৰতিনিধিত্ব কৰাব লাগে প্ৰতিটো আয়তক্ষেত্ৰৰ ভিত্তি হ’ব শ্রেণী অন্তৰালৰ পৰিসৰ আৰু উচ্চতা হ’ব সেই শ্রেণী অন্তৰালৰ বাৰংবাৰ্তা।

৬) আয়তক্ষেত্র অংকন কৰোঁতে তলৰ কিনাৰটো সমতলীয় ৰেখাত মিলাই অংকন কৰিবলগীয়াটো প্রয়োজনীয় নহয়। অর্থাৎ X- অক্ষত সংযোগ নকৰাকৈয়ো আয়তক্ষেত্র আঁকিব পৰা যায় ৷

vi) বাৰংবাৰতা বহুভূজৰ সুবিধা আৰু অসুবিধা। [Advantages and disadvantages of frequency polygon.]

উত্তৰঃ সুবিধাঃ বাৰংবাৰতা বহুভুজে —

ক) কেন্দ্ৰীয় প্ৰৱণতা, বিষমতা আদি প্রতিনিধিত্ব কৰে।

খ) গড়ৰ মূল্য নিৰূপণৰ লগতে বিষমতা আৰু কুকুদবক্ৰতা দেখুৱায় ৷

গ) বৃহৎ সংখ্যক তথ্য দৃশ্যমান ৰূপত সাৰাংশিত কৰে। 

ঘ) তালিকা, ৰেখা আৰু অন্য গ্ৰাফতৰৈ স্পষ্টকৈ পৰিবৰ্তনৰ ধাৰা প্রতিফলন ঘটায়।

ঙ) চলকসমূহৰ আচৰণ আৰু বিতৰণ দেখুৱায়।

চ) সহজ বোধগম্য।

অসুবিধা : বাৰংবাৰতা বহুভুজৰ অসুবিধাবোৰ হ’ল

ক) বিতৰণ তালিকাৰ প্ৰতিটো অন্তৰাল বৰ্ণনা কৰাত বিফল হয়।

খ) অতিৰিক্ত লিখিত বা মৌখিক বর্ণনাৰ প্ৰয়োজন হয়। 

গ) গুণ, আচৰণ বা আগ্রহৰ অৱস্থা আদি বিশ্লেষণৰ বাবে ই পর্যাপ্ত নহয়।

ঘ) মূল স্বীকার্য, মানদণ্ড, হেতু, ফলাফল আদি বিশ্লেষণত বিফল হয়।

ঙ) মিছা সিদ্ধান্ত গ্ৰহণৰ বাবে সহজে ব্যৱহাৰ কৰিব পৰা যায়।

চ) গণনাৰ যুক্তিযুক্ততা আৰু সত্যতা দৃশ্যমান ৰূপত নিৰীক্ষণ কৰাত বিফল হয়। 

vii) সঞ্চয়ী বাৰংবাৰ্তা বক্র [Cumulative Frequency curve.] 

উত্তৰঃ বাৰংবাৰ্তা বিভাজন তালিকাৰ বাৰংবাৰতাসমূহৰ সঞ্চয় বাৰংবাৰতাক সংগঠিত ৰূপত লৈখিকভাৱে উপস্থাপন কৰাই হ’ল সঞ্চয়ী বাৰবোৰতা বক্র। এই লেখ চিত্রই সঞ্চয়ী বাৰংবাৰ্তা বিতৰণ তালিকাৰ শ্ৰেণী অন্তৰালৰ প্ৰকৃত উচ্চমান X অক্ষত আৰু Y অক্ষত সেই অন্তৰালৰ সঞ্চয়ী বাৰংবাৰতাক উপস্থাপন কৰি অংকন কৰা লেখচিত্ৰক প্ৰতিনিধিত্ব কৰে [A cumulative frequency graph represents the cumulative frequency distribution by plotting actual upper limits of class intervals on the X axis and the respective cumulative frequencies of these class intervals on the Y axis]

viii) গুণগত আৰু পৰিমাণগত চলক। [Qualitative and Quantitative Variable.]

উত্তৰঃ গুণগত চলকে সেইবিলাক চলকক সাঙুৰি লয়, যিবিলাক কোনো আকাৰ বা পৰিমাণত ভাগ কৰিব পৰা নাযায়। উদাহৰণলস্বৰূপে পুৰুষ বা মহিলা, জাতি, ধর্ম আদি চলক সমূহ আয়তনত ভাগ কৰি দেখুৱাব নোৱাৰি সেয়েহে এইবিলাকৰ আকাৰ অনুসৰি সজ্জিতকৰণ, সংক্ষিপ্ত কৰণ আৰু সঠিক পৰিমাপন সম্ভৱ নহয়; ফলত বৈজ্ঞানিক অনুসন্ধানত এইবিলাকৰ বহুল ব্যৱহাৰ নহয়। পৰিমাণগত চলকবিলাক আমি মান বা মাত্ৰা অনুসৰি সজ্জিতি কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বুদ্ধি, বয়স, মনোভাৱ আগ্রহ আদি বিলাক মাপ বা প্ৰাৱল্য অনুসৰি সজাই ল’ব পৰা যায়। গুণগত চলক সমূহ সংক্ষিপ্ত আৰু সঠিৰ পৰিমাপযোগ্য, কাৰণ এইবিলাক সহজেই আৰোহী বা অৱৰোহী গতিত সজাই ল’ব পৰা যায় শিক্ষা আৰু মনোবিজ্ঞানত ব্যৱহাৰ কৰা বেছিভাগ চলকেই পৰিমাণগত চলক, অন্যহাতে সমাজশাস্ত্ৰত সাধাৰণতে গুণগত চলকৰহে ব্যৱহাৰ কৰা হয়।

Write Short Note

i) সহসম্বন্ধ [Correlation]

উত্তৰঃ আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিঘটনাবোৰ লক্ষ্য কৰিলে দেখা যায় এই পৰিঘটনাবোৰৰ মাজত সম্পর্ক বা সামঞ্জস্য থাকে। আমাৰ চৌপাশৰ বিভিন্ন প্রাকৃতিক আৰু সামাজিক পৰিঘটনাবোৰৰ মাজত থকা এই সম্বন্ধ বা সংগতি বুজি উঠাতো বহু সময়ত প্ৰয়োজনীয় হৈ পৰে। উদাহৰণস্বৰূপে মাটিৰ উৰ্বৰা শক্তিৰ লগত শস্য উৎপাদন, মানুহৰ উচ্চতাৰ লগত ওজন, ছাত্ৰ-ছাত্ৰীৰ বুদ্ধিৰ লগত শৈক্ষিক কৃতিত্ব, খাদ্যৰ লগত স্বাস্থ্য, ঘৰুৱা পৰিবেশৰ লগত শৈক্ষিক অগ্রগতি আদিৰ সম্বন্ধ দেখা পোৱা যায়। এই সম্বন্ধবোৰ পৰিসংখ্যা বিজ্ঞানত পৰিমাণগতভাৱে নিৰ্ণয় কৰিব পৰা যায়। এনেদৰে দুটা বা ততোধিক পৰিঘটনা (পৰিসংখ্যা বিজ্ঞানত চলক)ৰ মাজত থকা সংগতি বা সম্বন্ধৰ অধ্যয়নেই হ’ল সহসম্বন্ধ। শিক্ষাৰ ক্ষেত্ৰত ছাত্র-ছাত্রীৰ বিভিন্ন গুণ আৰু সামৰ্থৰ মাজত থকা সম্পর্ক বিশ্লেষণ কৰাটো বিশেষভাৱে তাৎপর্যপূর্ণ।

ii) ধনাত্মক আৰু ঋণাত্মক সহসম্বন্ধ [ Positive and negative correlation]

উত্তৰঃ ধনাত্মক সহসম্বন্ধ : খেতিত শস্য উৎপাদনৰ সময়ত এটা কথা মন কৰা যায় যে মাটিত সাৰ (চলক-১) কমিলে শস্যৰ উৎপাদনো (চলক-২) কম হয়, একেদৰে বিদ্যালয়ত ল’ৰা-ছোৱালীৰ বুদ্ধি (চলক ১) আৰু শৈক্ষিক কৃতিত্ব (চলক-২) পৰিমাপ কৰিলে দেখা যায় যে যিবিলাক ল’ৰা-ছোৱালীৰ বুদ্ধি বেছি তেওঁলোকৰ পৰীক্ষাৰ ফলাফলো ভাল। এনেদৰে দুটা চলকৰ এটা বাঢ়িলে আনটো বাঢ়ে আৰু এটা কমিলে আনটো কমে, তেনে সহসম্বন্ধক ধনাত্মক সহসম্বন্ধ বোলা হয়। অর্থাৎ দুটা চলকৰ এটাৰ উচ্চমানৰ লগত আনটোৰ উচ্চমান আৰু এটাৰ নিম্নমানৰ লগত আনটোৰ নিম্নমানৰ যি সম্পর্ক তাকে ধনাত্মক সহসম্বন্ধ বোলা হয়।

ঋণাত্মক সহসম্বন্ধ : দুটা চলকৰ মাজৰ সহসম্বন্ধ নির্ণয় কৰোঁতে যেতিয়া দেখা যায় যে এটা চলকৰ মান বাঢ়িলে আনটো চলকৰ মান কমে বা এটা চলকৰ মান কমিলে আনটো চলকৰ মান বাঢ়ে, তেতিয়া তাকে ঋণাত্মক সহসম্বন্ধ বোলে। অর্থাৎ ঋণাত্মক সহসনম্বন্ধৰ ক্ষেত্ৰত এটা চলকৰ উচ্চমান আনটো চলকৰ নিম্নমান অথবা এটা চলকৰ নিম্নমান আনটো চলকৰ উচ্চমানৰ লগত সংযুক্ত হৈ থাকে উদাহৰণস্বৰূপে শ্রেণী কক্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক আৰু অনা শৈক্ষিক (খেলা-ধূলা) দিশৰ পাৰদৰ্শিতাৰ সহসম্বন্ধ নিৰ্ণয় কৰিলে দেখা পোৱা যায় যে যিবিলাক ল’ৰা-ছোৱালী শৈক্ষিক অর্থাৎ পঢ়া-শুনাত ভাল, সেইবিলাক ল’ৰা-ছোৱালী অনা-শৈক্ষিক (খেলা- ধূলা) দিশত পিছপৰা হয়। আনহাতে যিবিলাক ল’ৰা-ছোৱালী শৈক্ষিক দিশত বেয়া, সেইবিলাক অনা-শৈক্ষিক (খেলা-ধূলাত) দিশত ভাল । এই উদাহৰণৰ পৰা এটা কথা বুজিব পৰা যায় যে শৈক্ষিক আৰু অনাশৈক্ষিক দিশৰ অৰ্হতাৰ মাজত ঋণাত্মক সহসম্বন্ধ আছে।

iii) সহসম্বন্ধৰ মাত্র [Degree of correlation]

উত্তৰঃ সহসম্বন্ধ সম্পর্কে সিদ্ধান্ত গ্ৰহণৰ সময়ত ইয়াৰ দিশসমূহ জনাৰ লগতে সহসম্বন্ধ মাত্ৰা নিৰ্ধাৰণ কৰাটোও প্রয়োজনীয়। সহসম্বন্ধৰ মাত্ৰ এনেধৰণৰ

১) পূর্ণ সহসম্বন্ধ : যেতিয়া দুটা চলকৰ দুয়োটাই একে অনুপাতে, একে দিশতে পৰিবর্তন হয় তাক পূর্ণ সহসম্বন্ধ বোলা হয়। পূর্ণ সহসম্বন্ধৰ ক্ষেত্ৰত সহসম্বন্ধ গুণাংক ‘+1′) বা ‘1’ হয়।

২) নিম্নমাত্ৰাৰ সহসম্বন্ধ : যেতিয়া দুটা উপাদানৰ দুয়োটা ধনাত্মক বা ধণাত্মক ভাৱে কম পৰিমাণে সলনি ঘটে তাকে নিম্নমাত্ৰাৰ সহসম্বন্ধ বোলা হয়। এই ক্ষেত্ৰত সহসম্বন্ধ গুণাংক 10′ (শূন্য)তকৈ বেছি আৰু + 30 বা 30 ভিতৰত হ’ব পাৰে।

৩) মধ্যম মাত্ৰাৰ সহসম্বন্ধ : যেতিয়া দুয়োটা চলক এটা সাধাৰণ অনুপাতত পৰিবৰ্তন ঘটে তেতিয়া তাক মধ্যম মাত্ৰাৰ সহসম্বন্ধ বোলা হয়। এই ক্ষেত্ৰত সহসম্বন্ধ গুণাংক 30 ৰ পৰা 70 ৰ ভিতৰত হ’ব পাৰে।

৪) উচ্চমাত্ৰাৰ সহসম্বন্ধ : যেতিয়া চলক দুটাৰ পৰিবৰ্তনৰ অনুপাত সম্পূৰ্ণৰূপে একে নহ’লেও প্রায় একেই হয় তেতিয়া তাক উচ্চ মাত্ৰাৰ সহসম্বন্ধ বোলা হয়। এই ক্ষেত্ৰত সহসম্বন্ধ গুণাংক 0.70 তকৈ বেছি কিন্তু । তকৈ কম হয়।

iv) সহসম্বন্ধ গুণাংক ধর্ম।

উত্তৰঃ ক) সঠিক সংজ্ঞাবদ্ধ। 

খ) সকলো জনসমষ্টিৰ ওপৰত নিৰ্ভৰশীল।

গ) সহসম্বন্ধ গুণাংক এটা পূর্ণ সংখ্যা। ইয়াক পৰিমাপনৰ সৰুগোটত ভগাব নোৱাৰি।

ঘ) সহসম্বন্ধ -1 ৰ পৰা +1 লৈ বিস্তৃত।

ঙ) যদিহে দুয়োটা চলক স্বনিৰ্ভৰশীল চলক হয়, তেনেহ’লে সহসম্বন্ধ গুণাংক শূন্য হয়।

v) সঞ্চয়ী শতাংশ বন্ধুৰা তোৰণৰ সুবিধা আৰু অসুবিধা। 

উত্তৰঃ সঞ্চয়ী শতাংশ বক্ৰবা তোৰণৰ সুবিধাসমূহঃ

ক) কেঁচা তথ্য সমূহ ওপৰে ওপৰে চাই অনুমান কৰিব পাৰি। 

খ) বৃহৎসংখ্যক তথ্য দৃশ্যমান ৰূপত সাৰাংশিত কৰিব পৰা যায়। 

গ) বাৰংবাৰতা বিভাজনৰ প্ৰতিটো অন্তৰালেই ইয়াত বৰ্ণনা কৰা হয়।

ঘ) অন্য লেখৰ তুলনাত এই লেখে শ্ৰেণীসমূহৰ পৰিবৰ্তনৰ হাৰ অধিক স্পষ্টৰূপত প্ৰকাশ কৰিব পাৰে।

ঙ) সহজ বোধগম্য।

সঞ্চয়ী শতাংশ বক্তৃবা তোৰণৰ অসুবিধাসমূহঃ

ক) এই বক্র অংকন কৰাটো কিছু পৰিমাণে জটিল।

খ) এখন তথ্য তালিকাতে সকলো তথ্য প্রতিফলন ঘটোৱাত বিফল হয়।

গ) কেন্দ্রীয় প্রবণতা, বিষমতা, কুকুন বক্রতা আদিৰ বিষয়ে কম পৰিমাণে বর্ণনা কৰে। 

ঘ) কেতিয়াবা অতিৰিক্ত লিখিত বা মৌখিক বর্ণনাৰ প্ৰয়োজন হয়।

ঙ) আচৰণ, গুণ, আগ্ৰহৰ অৱস্থা আদি বৰ্ণনা কৰাত বিফল হয়।

vi) প্ৰসামান্য ৰক্তৰ অৰ্থ।

উত্তৰঃ প্ৰসামান্য বক্ৰৰ বিষয়ে আলোচনা কৰাৰ আগতে প্ৰসামান্য বিতৰণৰ বিষয়ে জনাটো দৰকাৰ। আধুনিক পৰিসংখ্যাবিজ্ঞানত প্ৰসামান্য বিতৰণৰ আলোচনাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰা দেখা যায়। প্ৰসামান্য বিতৰণ হ’ল এক পাৰিসাংখ্যিক পৰিঘটনা যাৰ ফলত কোনো ৰাশি সমষ্টিৰ বেছিভাগ বাশিয়েই মধ্যম স্থানত অৱস্থান গ্ৰহণ কৰে আৰু অতি কম সংখ্যক ৰাশিহে উচ্চমান আৰু নিম্নমানৰ ফালে সিঁচৰতি হৈ থাকে। শিক্ষা, মনোবিজ্ঞান আৰু সমাজশাস্ত্ৰৰ দৰে বিষয়বোৰৰ বেছিভাগ পৰিঘটনাতে এই প্রবণতা দেখা পোৱা যায় প্ৰসামান্য বিতৰণৰ এই প্ৰৱণতাৰ ব্যৱহাৰৰ জৰিয়তে বহুতো পাৰিসাংখ্যিক তত্ত্ব আৰু সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যায়। প্ৰসামান্য বিতৰণ সম্বন্ধে পোন প্ৰথমবাৰৰ বাবে গণিতজ্ঞ আবাহাম দিমইভাৰএ বিজ্ঞানসন্মতভাৱে ১৭৭৩ চনত আলোচনা কৰিছিল। পৰৱৰ্তী সময়ত গাছ, লাপ্লেচ, গেল্টন আদি পণ্ডিতে প্ৰসামান্য বিতৰণ সম্বন্ধে অধ্যয়ন কৰি এই ক্ষেত্ৰত অৱদান আগবঢ়াই থৈ গৈছে।

প্রসামান্য বিতকাক লেখচিত্ৰত উপস্থাপন কৰিলে প্ৰসামান্য ব পোৱা যায়। অর্থাৎ প্ৰসামান্য বক্র হ’ল প্ৰসামান্য বিতৰণ পৰিঘটনাৰে লৈখিক উপস্থাপন বা ৰূপ।

vii) স্থান তাৰতম্য পদ্ধতিৰ সুবিধা [Advantages of Rank Difference method.]

উত্তৰঃ ১) স্থান তাৰতম্য পদ্ধতিয়েই হ’ল একমাত্র পদ্ধতি য’ত প্রকৃত তথ্যক স্থান প্রদান কৰি সহসম্বন্ধ উলিওৱা হয়।

২) সাধুতা, যোগ্যতা, বুদ্ধি আমি গুণসূচক প্ৰকৃতিৰ তথ্যৰ ক্ষেত্ৰত এই পদ্ধতি ফলপ্রসূভাবে ব্যৱহাৰ কৰিব পাৰি। সেয়েহে শিক্ষা আৰু মনোবিজ্ঞানত ইয়াৰ বহুল প্ৰচলন আছে।

৩) এই পদ্ধতি সহজে বোধগম্য।

৪) স্পীয়েৰমেনৰ স্থান তাৰতম্য পদ্ধতিৰে সহসনম্বন্ধ নিৰ্ণয় কৰাটো সহজ তথা কম আয়াসতে উলিয়াব পাৰি।

৫) ক্রমসূচক মাপকত থকা তথ্য য’ত সম্পর্কিত চলকৰ যোৰা 5-তকৈ কম বা 30 তকৈ বেছি নহয় তেনেক্ষেত্ৰত এই পদ্ধতি গ্রহণযোগ্য।

viii) গুণফল গুৰুত্ব পদ্ধতিৰ সুবিধা আৰু অসুবিধা। [Advantages and disadvantage of product moment method.]

উত্তৰঃ সুবিধা : a) Pearson ‘r’ ৰ সহায়ত নিৰ্ভৰযোগ্যতা নিৰূপণ কৰা হয়।

b) সহসম্বন্ধ গুণনাংকৰ জৰিয়তে বৈধতা নিৰূপণ কৰা হয়। 

c) Pearson ‘r’ ৰ সহায়ত প্ৰশ্নপদৰ পাৰ্থক্য নিৰূপণ ক্ষমতা গণনা কৰা হয়।

d) নির্দেশনা প্রদানৰ ক্ষেত্ৰত বিশেষকৈ ভৱিষ্যৎ নিবৰ্ণিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

e) বুদ্ধিৰ তত্ত্বসমূহোৰ ভিত্তিত আলোচনা কৰা হয়।

f) বেছিভাগ ব্যক্তিত্ব সম্বন্ধীয় তত্ত্ব ৰ সহায়ত বিকাশ ঘটিছে।

g) শিক্ষাকে আদি কৰি আচৰণ সম্বন্ধীয় বিষয়সমূহত গুণফল গুত্ব পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয়।

অসুবিধা : এই পদ্ধতিৰ সীমাবদ্ধতাও নথকা নহয়; যেনে―

১) এই পদ্ধতিৰে সহসম্বন্ধ গণনা কৰোঁতে চলক দুটাৰ প্ৰাপ্তাংকই প্রসামান্য বক্ৰৰ সূত্ৰ অনুকৰণ কৰাটো প্ৰয়োজনীয়।

২) এই পদ্ধতিৰে সহসম্বন্ধ নির্ণয় কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়।

ix) স্থান তাৰতম্য আৰু গুণফল গুৰুত্ব পদ্ধতিৰ মাজত তুলনা। [Comparison between Rank difference and Product Moment method.]

উত্তৰঃ স্থান তাৰতম্য পদ্ধতি :

১) এই পদ্ধতি Separman এ উলিয়াইছিল।

২) সহসম্বন্ধ গ্ৰীক আখৰ P ৰ দ্বাৰা সূচিত কৰা হয়।

৩) কম নমুনা দলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। নমুনাদলৰ সৰ্বোচ্চ সংখ্যা 30। 

৪) তথ্যসমূহ ক্রমসূচক মাপক বা স্থান অনুসৰি [Rank Order ] ত থাকিব লাগে।

৫) শ্রেণী শিক্ষক বা কর্ম গৱেষণাত সীমিতভাৱেহে প্ৰয়োগ কৰিব পৰা যায়।

গুণফল গুৰুত্ব পদ্ধতি : 

১) এই পদ্ধতি Karl Pearson-এ উলিয়াইছিল।

২) সহসম্বন্ধ r.’ বৰ্ণৰ যোগেদি সূচিত কৰা হয়।

৩) কম আৰু বৃহৎ দুয়ো ধৰণৰ নমুনা দলত প্ৰয়োগ কৰিব পৰা যায়।

৪) এই কৌশল অন্তৰাল মাপকত [Interval Scale] ত অৱলম্বন কৰা হয়।

৫) গৱেষণা, শৈক্ষিক পৰিমাপন আৰু বৃত্তিমূলক যথেষ্ট প্রয়োগ কৰিব পৰা যায়।

১৮। চলকৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াৰ বিভিন্ন প্ৰকাৰবিলাক আলোচনা কৰা। Mention the characteristics of variable. Discuss the different types of variable.

উত্তৰঃ চলকৰ বৈশিষ্ট্য  [Characteristics of Variable] 

১) কোনো এটা বিশেষ গুণক প্রতিনিধিত্ব কৰিব পৰাকৈ বিভিন্ন মূল্য পাব পাৰি।

২) গণনা আৰু পৰিমাপৰ জৰিয়তে চলকৰ মূল্য পাব পৰা যায়। 

৩) গৱেষণা প্ৰণালীত পৰিসংখ্যকীয় বিশেষণৰ উদ্দেশ্যে চলকৰ জৰিয়তে কেঁচা সামগ্ৰী আহৰণ কৰা হয়। 

৪) কোনো এটা চলকৰ পৰিবৰ্তিত মূল্য অন্য এটা চলকৰ ভিত্তিতহে অনুমান কৰা হয়।

৫) চলকৰ বিষয়ে আলোচনা কৰোঁতে এজন ব্যক্তিৰ পর্যবেক্ষণযোগ্য লক্ষণসমূহহে আলোচনা কৰা হয় ।

চলকৰ প্ৰকাৰ :

ক) নিৰ্ভৰশীল আৰু স্ব-নিৰ্ভৰশীল চলক : আচৰণ সম্বন্ধীয় বিজ্ঞানত ব্যৱহাৰ কৰা নিৰ্ভৰশীল’ আৰু ‘স্ব-নিৰ্ভৰশীল’ চলকৰ ধাৰণা দুটা মূলতঃ গণিতশাস্ত্ৰৰ পৰা অনা হৈছে। বৰ্তমান পৰীক্ষণ মনোবিজ্ঞানত ইয়াক সঘনাই ব্যৱহাৰ কৰা হয়। নিৰ্ভৰশীল চলক হ’ল এনে এক চলক যাৰ ওপৰত পৰীক্ষকে পূর্বানুমান কৰিব পাৰে। স্বনিৰ্ভৰশীল চলক হ’ল যাক সাল-সলনি আৰু পৰিমাপ কৰাৰ লগতে পৰীক্ষকে আকাংক্ষিত পৰিৱৰ্তন সাধন কৰিব পাৰে। অৰ্থাৎ স্ব-নিৰ্ভৰশীল চলকৰ ওপৰত ভিত্তি কৰি নিৰ্ভৰ শীল চলকৰ পৰিবৰ্তন পূর্বানুমান কৰিব পাৰি।

খ) গুণগত আৰু পৰিমাণগত চলক : গুণগত চলকে সেইবিলাক চলকক সাঙুৰি লয়, যিবিলাক কোনো আকাৰ বা পৰিমাণত ভাগ কৰিব পৰা নাযায়। উদাহৰণলস্বৰূপে পুৰুষ বা মহিলা, জাতি, ধর্ম আদি চলক সমূহ আয়তনত ভাগ কৰি দেখুৱাব নোৱাৰি। সেয়েহে এইবিলাকৰ আকাৰ অনুসৰি সজ্জিতকরণ, সংক্ষিপ্ত কৰণ আৰু সঠিক পৰিমাপন সম্ভৱ নহয়; ফলত বৈজ্ঞানিক অনুসন্ধানত এইবিলাকৰ বহুল ব্যৱহাৰ নহয়। পৰিমাণগত চলকবিলাক আমি মান বা মাত্ৰা অনুসৰি সজ্জিতি কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বুদ্ধি, বয়স, মনোভাৱ আগ্রহ আদি বিলাক মাপ বা প্রাবল্য অনুসৰি সজাই ল’ব পৰ। যায়। গুণগত চলক সমূহ সংক্ষিপ্ত আৰু সঠিৰ পৰিমাপযোগ্য, কাৰণ এইবিলাক সহজেই আৰোহী বা অৱৰোহী গতিত সজাই ল’ব পৰা যায়। শিক্ষা আৰু মনোবিজ্ঞানত ব্যৱহাৰ কৰা বেছিভাগ চলকেই পৰিমাণগত চলক, অন্যহাতে সমাজশাস্ত্ৰত সাধাৰণতে গুণগত চলকৰহে ব্যৱহাৰ কৰা হয়।

গ) অবিচ্ছিন্ন আৰু বিভিন্ন চলক : পৰিমাণগত চলকসসমূহক পুনৰ অবিচ্ছিন্ন আৰু বিচ্ছিন্ন চলক এই দুই ভাগত ভাগ কৰিব পৰা যায়। যেতিয়া কোনো এটা চলকক সূক্ষ্ম পৰ্যায়লৈকে খণ্ডিত কৰিব পৰা যাব তেতিয়া তেনে চলকক অবিচ্ছিন্ন চলক বুলি কোৱ হয় বয়স এটা অবিচ্ছিন্ন চলকৰ উদাহৰণ। অর্থাৎ এজন ব্যক্তিৰ বয়সক বছৰ, মাহ, দিন, ঘন্টা, চেকেও আদি বহুত সৰু সৰু ভাগত ভাগ কৰিব পৰা যায়। বিচ্ছিন্ন চলকক অবিচ্ছিন্ন চলকৰ নিচিনাকৈ সৰু সৰু ভাগত ভাগ কৰিব পৰা নাযায়। কাৰণ এনে চলকত এটাৰ লগত আনটোৰ পাৰ্থক্য সুস্পষ্ট।

ঘ) মধ্যস্থতাকাৰী আৰু হস্তক্ষেপী চলকঃ মধ্যস্থতাকাৰী চলকসমূহ এক বিশেষধৰণৰ স্ব-নিৰ্ভৰশীল চলক। ইয়াক গৌণ স্বনিৰ্ভৰশীল চলকো বোলা হয়। এনেধৰণৰ চলকে নিৰ্ভৰশীল চলকৰ মাজৰ সম্পৰ্ক সলনি বা সম্পৰ্কৰ মাজত মধ্যস্থতা স্থাপন কৰিব পাৰে অৰ্থাৎ সেইবিলাক চলককে মধ্যস্থতাকাৰী চলক বোলা হয়, যিবিলাকে স্বনিৰ্ভৰশীল আৰু নিৰ্ভৰশীল চলকৰ মাজৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বুলি ভাবিব পৰাৰ থল থাকে।

ঙ) সক্ৰিয় চলক আৰু গুণ-চলকঃ যিবিলাক চলক পৰীক্ষকে নিজাকৈ সালসলনি কৰি ল’ব পাৰে সেইবিলাক সক্ৰিয় চলক আৰু গুণ চলক হ’ল সেইবিলাক চলক যিবিলাক পৰীক্ষকে সালসলনি কৰিব নোৱাৰে, কিন্তু পৰিমাপ কৰিব পাৰে। পুৰস্কাৰ, শাস্তি, শিক্ষাদান পদ্ধতি আদি সক্ৰিয় চলকৰ উদাহৰণ; আনহাতে বয়স, লিঙ্গ, বুদ্ধি, উৎকণ্ঠা আদি গুণ চলকৰ উদাহৰণ।

১৯। সামগ্ৰীৰ লেখচিত্ৰীয় উপস্থাপনৰ সুবিধা আৰু অসুবিধাবিলাক আলোচনা কৰা। Write the graphical representation of data Analyse the merits and demerits of graphical representation of data.

উত্তৰঃ সুবিধা [Advantages ] :

১) সহজ বোধগম্য, অর্থাৎ সাধাৰণ মানুহেও ইয়াক বুজি পাব পাৰে।

২) পাৰিসাংখ্যকীয় তথ্যসমূহ সাধাৰণ মানুহলৈ কম সময়তে আগবঢ়াব পাৰি।

৩) ইয়াৰে যোগেদি তথ্যসমূহ মনোগ্ৰাহীকৈ উপস্থাপন কৰিব পাৰি।

৪) দুই বা ততোধিক তথ্য সহজে তুলনা কৰিব পাৰি।

৫) মানুহৰ মগজুত দীর্ঘকালীন প্রভাৱ পেলাব পাৰে। বৃহৎসংখ্যক তথ্য তাৎক্ষণিক আৰু অৰ্থপূৰ্ণভাৱে উপস্থাপন কৰিব পৰা যায়।

৬) শৈক্ষিক পৰিসংখ্যাবিজ্ঞানত ব্যৱহাৰ কৰা মধ্যমা, বহুলক, চতুর্থক বিচ্যুতি আদি সহজে গণনা কৰিব পৰা যায়। তদুপৰি দুটা চলকৰ মাজৰ সহসম্বন্ধ উলিয়াব পৰা যায়।

৭) লেখচিত্রীয় উপস্থাপনৰ দ্বাৰা প্ৰশ্নসদ আৰু ব্যক্তি সম্পর্কে সঠিক মূল্য নিৰূপণ, মূল্যায়ন আৰু ব্যাখ্যাকৰণত সহায়ক হয়।

৮) এই উপস্থাপন সহজ আৰু ফলপ্ৰসূ ।

৯) অৰ্থনীতিৰ বহুতো তত্ত্ব সুন্দৰকৈ বৰ্ণনা কৰিব পৰা যায়। 

১০) তথ্য পূর্বানুমান কৰিব পৰা যায়।

অসুবিধা ( Disadvantages) :

১) লেখচিত্রীয় উপস্থাপনে সামগ্ৰীৰ বিতং বিশেষণ কৰিব নোৱাৰে, মাত্ৰ তথ্যসমূহৰ এটা সাধাৰণ প্ৰকৃতিহে প্ৰতিনিধিত্ব কৰে।

২) চিত্ৰসমূহ হাতেৰে অংকন কৰিবলৈ যাওঁতে যথেষ্ট সময় আৰু যত্নৰ প্ৰয়োজন হয়।

৩) এনে উপস্থাপনত তথ্যৰ সাৰাংশহে চিত্ৰৰ আকাৰত প্ৰকাশ কৰা হয়।

৪) চিত্রীয় উপস্থাপন পদ্ধতিক এক আনুমানিক পদ্ধতি বুলি ক’ব পৰা যায়, কাৰণ সাংখ্যিকীয় তথ্যসমূহ সঠিক উপস্থাপন কৰিব পৰা নাযায়।

৫) যদিহে পৰিসংখ্যাৰ যোগেদি কাৰোবাক ভুল পথে পৰিচালিত কৰিব বিচৰা যায় তেন্তে লেখচিত্ৰীয় উপস্থাপনৰ যোগেদি সেইয়া সহজে সম্ভৱ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top