Measurement And Evaluation in Education Unit 4 শিক্ষাত পৰিসংখ্যা বিজ্ঞান

Measurement And Evaluation in Education Unit 4 শিক্ষাত পৰিসংখ্যা বিজ্ঞান Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Measurement And Evaluation in Education Unit 4 শিক্ষাত পৰিসংখ্যা বিজ্ঞান Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Measurement And Evaluation in Education Unit 4 শিক্ষাত পৰিসংখ্যা বিজ্ঞান can be of great value to excel in the examination.

Measurement And Evaluation in Education Unit 4 শিক্ষাত পৰিসংখ্যা বিজ্ঞান

Join Telegram channel

Measurement And Evaluation in Education Unit 4 শিক্ষাত পৰিসংখ্যা বিজ্ঞান Notes cover all the exercise questions in UGC Syllabus. The Measurement And Evaluation in Education Unit 4 শিক্ষাত পৰিসংখ্যা বিজ্ঞান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Statistics in Education

EDUCATION

MEASUREMENT AND EVALUATION IN EDUCATION

শৈক্ষিক পৰিমাপন আৰু মূল্যায়ন

১। শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ পৰিসৰৰ অন্তভুক্ত যিকোনো এক শৈক্ষিক ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰা। Mention one area in the field of education that comes under the scope of Educational Statistics.

উত্তৰঃ ১) শৈক্ষিক পৰিকল্পনা। 

২। বহুলক বুলি ক’লে কি বুজা? What is Mode?

উত্তৰঃ বহুলক হৈছে কেন্দ্রীয় প্ৰৱণতা জোখৰ ভিতৰত অন্যতম জোখ। ৰাশি বা তথ্য সামগ্ৰীসমূহৰ যিটো ৰাশি আটাইতকৈ বেছি বাৰ ওলাই বা ব্যৱহাৰ কৰা হয় সেই ৰাশিটোকে বহুলক বোলা হয়।

বহুলকৰ প্ৰয়োগ আৰু ব্যৱহাৰ সম্পর্কে তলত আলোচনা কৰা হ’ল :

ক) ৰাশিৰ কেন্দ্রীয় প্রবণতা পৰিমাপনক সহজে আৰু সাধাৰণভাৱে বুজি উঠিবৰ বাবে বহুলক কার্যকৰীভাৱে প্ৰয়োগ কৰিব পাৰি।

খ) অতি দ্রুতভাৱে আৰু আনুমানিক কেন্দ্ৰীয় প্ৰৱণতা পৰিমাপনৰ ক্ষেত্ৰত বহুলক ব্যৱহাৰ কৰা হয়।

গ) অশোধিত বহুলক ৰাশিবোৰৰ নিৰীক্ষণমূলক গড় ৰূপে প্রয়োগ কৰা হয় ।

ঘ) দৈনন্দিন জীৱনত প্ৰায়ে বহুলক ব্যৱহাৰ হয়।

ঙ) ই কোনো সময়ত একোটা ৰাশি অস্বাভাৱিক ভাৱে পুনৰাবৃত্তি হ’লে তাৰ কাৰণ সম্বন্ধে অনুসন্ধান কৰিবলৈ বিশেষজ্ঞসকলৰ দৃষ্টি আকৰ্ষিত কৰে।

৩। কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় 45.5 আৰু মধ্যমা ও 45.5 । বহুলক নির্ণয় কৰা।

উত্তৰঃ  Mode = 3 Mdn – 2 Mean

                      = 3x 45.5 – 2 x 45.5

                      = 136.5 – 91

                      = 45.5

        ∴ বহুলক = 45.5            

৫।  মধ্যমাৰ সংজ্ঞা দিয়া। Define Median.

উত্তৰঃ কেন্দ্রীয় প্রবণতা বা কেন্দ্ৰীয় প্ৰবৃত্তিৰ আন এটা জোখ হৈছে মধ্যমা। সংগৃহীত সামগ্ৰী বা ৰাশি সমূহক উর্ধক্রমত বা অধঃক্রমত সজাই লোৱাৰ পাছত সেই ৰাশিসমূহৰ যিটো ৰাশিৰ দুয়োফালে সমান সমান ৰাশি থাকে সেই মধ্যস্থানত থকা ৰাশিটোক মধ্যমা বোলা হয়। 

৬। নিৰ্ভৰযোগ্য ফলাফল লাভৰ বাবে কেন্দ্ৰীয় প্ৰৱণতাৰ কোনটো জোখ গ্রহণযোগ্য?

উত্তৰঃ কেন্দ্ৰীয় প্ৰৱণতাৰ আটাইতকৈ নিৰ্ভৰযোগ্য জোখ হ’ল গাণিতিক গড় গড় হ’ল প্ৰতিটো ৰাশিৰ প্ৰতিনিধিত্বমূলক মানাংক।

৭। প্ৰসাৰৰ যিকোনো দুটা সীমাবদ্ধতা উল্লেখ কৰা। Mention one limitation of Range?

উত্তৰঃ ১) প্ৰসাৰ বিচ্যুতিৰ এক অপৰিপক্ক জোখ যাৰ বাবে পৰিসাংখ্যিক তথ্যৰ বিশেষণত ইয়াৰ প্ৰয়োগ সীমিত।

২) প্ৰসাৰ নিৰ্ধাৰণ কৰোঁতে ৰাশি শ্ৰেণী এটাৰ উর্ধ্বতম (ডাঙৰ) আৰু নিম্নতম (সৰু) ৰাশি দুটাৰ কথাহে বিবেচনা কৰা হয়, বাকীবোৰ ৰাশিৰ কথা কোনো ক্ষেত্ৰতে চিন্তা কৰা নহয়। গতিকে এনে পৰিমাপ ৰাশি শ্ৰেণী এটাৰ বিচ্যুতিৰ প্ৰতিনিধিত্বমূলক মান হ’ব নোৱাৰে।

৮। বাৰংবাৰ্তা বহুভুজ আৰু আয়ত চিত্ৰৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ  বাৰংবাৰ্তা বহুভুজ আৰু আয়ত চিত্ৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল –

বাৰংবাৰ্তা বহুভুজ :

ক) বাৰংবাৰতা বহুভুজ হৈছে এক সৰল ৰেখাৰ চিত্ৰ। ইয়াত বাৰংবাৰতা বিস্তৃতি বিন্দুবোৰ গ্ৰাফত উপস্থাপন কৰি খণ্ড চুটি চুটি সৰল ৰেখাৰে সংযোগ কৰা হয়।

খ) বাৰংবাৰতা বহুভুজত শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুক ‘X ’ ৰেখাৰ ওপৰলৈ তুলি ধৰি শ্ৰেণী অন্তৰালবোৰৰ প্ৰতিনিধিত্বমূলকমান একোটা প্ৰদৰ্শন কৰা হয়।

গ) বাৰংবাৰতা বহুভুজত দুই বা ততোধিক তথ্য সম্বলিত তুলনামূলক অধ্যয়ন কৰিব পাৰি।

ঘ) বাৰংবাৰতা বহুভুজত প্ৰতিটো শ্ৰেণী অন্তৰালত হোৱা বাৰংবাৰতাবোৰ উত্থান-পতনৰ স্বৰূপ নিৰীক্ষণ কৰাৰ বাবে সুবিধাজনক নহয়।

আয়তচিত্র :

ক) আয়তচিত্ৰ হৈছে স্তম্ভৰ আকাৰত আঁকা চিত্ৰ য’ত শ্রেণী অন্তবালবেৰৰ ওপৰত বাৰংবাৰতাবোৰ প্ৰদৰ্শন কৰি ভূমি খণ্ড ৰেখাৰ ওপৰত একো একোটা আয়তক্ষেত্ৰৰ স্তম্ভ অংকন কৰা হয়।

খ) আয়তচিত্ৰত একোটা শ্ৰেণী অন্তৰালক ইয়াৰ নিম্নমানৰ পৰা উচ্চমানলৈক সামগ্রিক ৰূপত স্পষ্টভাৱে দাঙি ধৰা হয়।

গ) আয়তচিত্ৰত দুই বা ততোধিক তথ্য সম্বলিত ঘটনাৰ ঘটনাৰ তুলনামূলক অধ্যয়ন সম্ভৱপৰ নহয়। 

ঘ) আয়তচিত্ৰত প্ৰতিটো শ্ৰেণী অন্তৰালত হোৱা বাৰবোৰতা বোৰৰ উত্থান-পতনৰ স্বৰূপ নিৰীক্ষণ কৰাৰ বাবে সুবিধা জনক হয়।

৯।  শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা হ’ল :

ক) শিক্ষা আৰু মনোবিজ্ঞানৰ তথ্য বিশ্লেষণৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান প্রয়োগ কৰিলে শুদ্ধ আৰু যুক্তি নিৰ্ভৰ সিদ্ধান্তত উপনীত হ’ব পাৰি।

খ) শিক্ষামূলক তথ্যসমূহে পৰিসংখ্যা বিজ্ঞানৰ সহায়ত অর্থপূর্ণ আৰু বোধগম্যভাৱে সংক্ষিপ্ত আকাৰে প্ৰকাশ কৰিব পাৰি।

গ) শিক্ষামূলক তথ্যবোৰক পৰিসংখ্যা বিজ্ঞানৰ পদ্ধতিৰে সহায়ত প্ৰকাশ কৰিলে তথ্যবোৰ তাৎপৰ্যপূৰ্ণ হৈ পৰে।

ঘ) পৰিসংখ্যা বিজ্ঞানৰ সহায়ত শিক্ষা আৰু মনোবিজ্ঞানৰ তথ্যবোৰৰ সহায়ত শিক্ষা আৰু মনোবিজ্ঞানৰ তথ্যবোৰক যথার্থভাৱে তুলনা কৰিব পাৰি।

ঙ) মূল্যায়নৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১০। গড় বিচ্যুতিৰ ব্যৱহাৰৰ সুবিধা-অসুবিধাসমূহ কি কি ? What are the Merits and demerits of using Average deviation.

উত্তৰঃ গড় বিচ্যুতিৰ গুণ : 

১) গড় বিচ্যুতি সকলো মান বা ৰাশিৰ ওপৰত নিৰ্ভৰশীল।

২) গড় বিচলনত যিহেতু গড়ৰ পৰা হোৱা বিচলন বা বিচ্যুতিক লোৱা হয়, গতিকে বিভিন্ন বিভাজনৰ মাজত তুলনা কৰিবৰ বাবে গড় বিচলনক এটা ভাল মাপ বুলি ধৰা হয়।

৩) গড় বিচলন বিভাজনটোৰ চৰম মানৰ দ্বাৰা বেছি প্ৰভাৱিত নহয় ।

গড় বিচ্যুতিৰ দোষ :

১) পৰমমান লৈ (ধনাত্মক আৰু ঋণাত্মক দিশক উপেক্ষা কৰি) বিচ্যুতিৰ প্ৰকৃত চিন উপেক্ষা কৰা হয়।

২) বহুলকৰ পৰা বিচলন লৈ পোৱা গড় বিচলন এটা নিখুঁত মাপ নহয়।

৩) খোলা বা মুক্ত অন্তৰালযুক্ত শ্ৰেণীৰ বাবে গড় বিচ্যুতি (বিচলন) নিৰ্ণয় কৰিব নোৱাৰি।

১১।  শৈক্ষিক পৰিসংখ্যা বিজ্ঞান বুলিলে কি বুজা? ইয়াৰ প্রকৃতি বর্ণনা কৰা। What do you mean by Educational Statistics? Explain its Nature.

উত্তৰঃ পৰিসংখ্যা বিজ্ঞান হ’ল জ্ঞানৰ এটা শাখা য’ত কোনো এক নির্দিষ্ট ক্ষেত্র অথবা বিষয়ত বৈজ্ঞানিক পদ্ধতিৰ আধাৰত সংখ্যামূলক তথ্য সংগ্ৰহ কৰা হয়, সংগৃহীত তথ্যৰ বিশ্লেষণ, শ্ৰেণীকৰণ আৰু তালিকাকৰণ কৰা হয় আৰু শ্ৰেণীকৃত তথ্যক চিত্রীয়, লেখাচিত্রীয় অথবা গাণিতিক পদ্ধতিৰ মাধ্যমেদি উপস্থাপন কৰা হয়।

শৈক্ষিক পৰিসংখ্যা বিজ্ঞান হ’ল সাধাৰণ পৰিসংখ্যা বিজ্ঞানৰ এটা ভাগ য’ত শিক্ষাৰ বিভিন্ন দিশৰ লগত জড়িত পৰিঘটনাসমূহক অধ্যয়নৰ বাবে সাধাৰণ পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰা হয়। অর্থাৎ শৈক্ষিক পৰিঘটনাসমূহৰ বিষয়ে সাংখ্যিকীয় তথ্য সংগ্ৰহ কৰা, বিশেষণ, শ্ৰেণীকৰণ আৰু তালিকাকৰণ কৰা আৰু শ্ৰেণীকৃত তথ্যক চিত্রীয় অথবা লেখচিত্রীয় উপস্থাপন কৰাই শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ মূল উদ্দেশ্য।

শিক্ষা প্ৰক্ৰিয়াটোৰ লগত ভালেমান দিশ জড়িত হৈ আছে। এইসমূহ দিশৰ মাজত থকা সু-সমন্বয়ৰ মাধ্যমেদিহে শৈক্ষিক লক্ষ্যসমূহত সার্থকভাৱে উপনীত হ’ব পৰা যাব। শিক্ষা প্ৰক্ৰিয়াক গভীৰভাৱে প্ৰভান্বিত কৰা মূল দিশসমূহ হ’ল শিক্ষা প্রশাসন, পৰিচালনা, শিক্ষাদান পদ্ধতি, শিকণ প্রক্রিয়া, শৈক্ষিক পৰিদর্শন, মূল্যায়ন, শিক্ষামূলক গৱেষণা ইত্যাদি। এই প্ৰতিটো দিশৰ লগত আকৌ ভালেমান সূক্ষ্ম দিশ জড়িত হৈ থাকে যিসমূহৰ প্ৰণালীবদ্ধ অধ্যয়নে শিক্ষা প্ৰক্ৰিয়াটোৰ বুনিয়াদী সংৰচনা বা কাঠামোক শক্তিশালী কৰে। শৈক্ষিক পৰিসংখ্যাবিজ্ঞান হ’ল শিক্ষা প্ৰক্ৰিয়াৰ লগত জড়িত উল্লেখিত দিশসমূহ আৰু প্ৰতিটো দিশৰ লগত জড়িত সুক্ষ্ম দিশসমূহৰ বিষয়ে প্রণালীবদ্ধভাৱে সাংখ্যিকীয় তথ্য সংগ্রহ কৰি, সেই তথ্যৰ বিশ্লেষণ আৰু ইয়াৰ আধাৰত কেতবোৰ সিদ্ধান্তত উপনীত হোৱা। গতিকে শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ মূল উদ্দেশ্য শৈক্ষিক সমস্যাসমূহৰ সৰলীকৃত উপস্থাপন আৰু ইয়াৰ আধাৰত সমস্যাসমূহৰ সমাধান সূত্ৰ ওলোৱাৰ পথ প্ৰশস্ত কৰা।

শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ প্ৰকৃতি : শৈক্ষিক পৰিসংখ্যা বিজ্ঞান এক স্বতন্ত্র বিজ্ঞান নহয়, ই হ’ল সাধাৰণ পৰিসংখ্যা বিজ্ঞানৰ এটা ভাগহে। গতিকে ইয়াৰ প্ৰকৃতি এক স্বতন্ত্র বিজ্ঞানৰ প্ৰকৃতিতকৈ যথেষ্ট বেলেগ। শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ প্রকৃতি সম্পৰ্কত তলত দিয়া দিশসমূহ উল্লেখ কৰিব পৰা যায়।

১) শৈক্ষিক পৰিসংখ্যা বিজ্ঞানে শৈক্ষিক সমস্যাসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত সাধাৰণ পৰিসংখ্যা বিজ্ঞানৰ নীতি, সূত্র ইত্যাদিসমূহৰ ব্যৱহাৰ কৰে। গতিকে ই হ’ল এক প্রায়োগিক বিজ্ঞান ।

২) শৈক্ষিক পৰিসংখ্যা বিজ্ঞান প্রকৃতিত নির্বাচনমূলক। শিক্ষা প্রক্রিয়াত বিভিন্ন দিশ জড়িত হৈ থাকে। শৈক্ষিক প্ৰশাসন, পৰিচালনা, মূল্যায়ন, শিক্ষাদান পদ্ধতি, প্রতিপুষ্টি, শিক্ষা অর্থনীতি ইত্যাদি বিভিন্ন দিশৰ সমন্বয়ৰ মাধ্যমেদিহে শিক্ষা প্ৰক্ৰিয়াই মূৰ্ত ৰূপ লয়। এই প্ৰতিটো দিশৰ লগত আকৌ ভালেমান সূক্ষ্ম দিশ জড়িত হৈ থাকে। এইসমূহ দিশৰ মাজৰ পৰা কেতবোৰ দিশক বাচি লৈ সেইসমূহৰ ক্ষেত্ৰত পৰিসাংখ্যিক পদ্ধতিৰ প্ৰয়োগ কৰা হয়। গতিকে শৈক্ষিক পৰিসংখ্যা বিজ্ঞান প্ৰকৃতিত নির্বাচনমূলক।

৩) শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ অন্যতম প্ৰকৃতি এইয়ে ই হ’ল বিকাশশীল বিজ্ঞান। সময়ৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগৰ নতুন নতুন ক্ষেত্র অথবা বিষয় উন্মোচিত হৈছে! অন্য ভাষাত ক’বলৈ গ’লে শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ পৰিসৰ দিনক দিনে বৃদ্ধি হৈছে। গতিকে ই হ’ল এক বিকাশশীল বিজ্ঞান।

৪) শৈক্ষিক পৰিসংখ্যা বিজ্ঞান প্রকৃতিত বিশ্লেষণাত্মক আৰু উপস্থাপনমূলক। ই শৈক্ষিক পৰিঘটনাসমূহক বস্তুনিষ্ঠভাবে বিশ্লেষণ কৰে আৰু উপস্থাপন কৰে। ইয়াৰ জৰিয়তে শৈক্ষিক সমস্যা অথবা বিষয়সমূহক বৈজ্ঞানিক পদ্ধতিৰে আৰু সৰলভাৱে বিশ্লেষণ কৰিব পৰা যায়, যাৰ আধাৰত সমস্যাসমূহৰ সমাধান সূত্ৰে উলিয়াব পৰা যায়।

৫) শৈক্ষিক পৰিসংখ্যা বিজ্ঞান শিক্ষা প্রক্রিয়াৰ এক সহায়কাৰী [Assisting] বিজ্ঞান, স্বতন্ত্র বিজ্ঞান নহয়। শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানে কোনো মৌলিক তত্ত্ব আগ নবঢ়ায়।

১২। কেন্দ্ৰীয় প্ৰৱণতা মানে কি বুজা? কেন্দ্ৰীয় প্ৰৱণতাৰ বিভিন্ন পৰিমাপসমূহ কিকি? What do you mean by the term Central Tendency? What are various measures of Central Tendency?

উত্তৰঃ সংগৃহীত ৰাশিসমূহক বাৰংবাৰতা বিভাজন তালিকাত উপস্থাপন কৰিলে সেই সমূহৰ পৰা পোৱা ফলাংক উচ্চমান আৰু নিম্নমানৰ ফালে ক্ৰমে কমি যায় আৰু অধিক সংখ্যকেই বিভাজনৰ মধ্যস্থানত অৱস্থিত হোৱা দেখা যায়। এনেদৰে কেন্দ্ৰীভূত হোৱা প্রবৃত্তিকেই কেন্দ্রীয় প্ৰৱণতা বুলি কোৱা হয়।

কেন্দ্রীয় প্রবণতা পৰিমাপনৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা সম্পর্কে তলত আলোচনা কৰা হ’ল :

(i) এই জোখৰ দ্বাৰা আমি সংগৃহীত বাশি বা সত্য ঘটনাৰ এটা স্পষ্ট ধাৰণা লাভ কৰিবলৈ সক্ষম হ’ব পাৰোঁ।

(ii) ইয়াৰ সহায়ত আমি দুটা বা ততোধিক দলৰ বৈশিষ্ট্যসমূহক তুলনামূলকভাৱে অধ্যয়ন কৰিব পাৰোঁ।

(iii) কেন্দ্ৰীয় প্ৰৱণতা পৰিমাপনৰ দ্বাৰা কোনো মানৱীয় বিষয় বা ঘটনাৰ স্বৰূপ জানি উঠা আৰু সেই সম্বন্ধে প্ৰয়োজনীয় নিৰীক্ষণ কৰিব পৰা যায় ৷

(iv) এই পৰিমাপনেহে ঘটনা বা পৰিস্থিতি সম্বন্ধে অধিক অর্থপূর্ণ হৈ উঠাকৈ এক প্ৰতিনিধিত্বমূলক মূল্যমান প্ৰদান কৰিব পাৰোঁ।

(v) কোনো ঘটনা বা পৰিস্থিতিৰ বিশ্লেষণ আৰু গৱেষণা কাৰ্যৰ বাবে ই অধিক কাৰ্যকৰ আৰু সহায়কাৰী হৈ উঠে।

১৩। বিভিন্ন তথ্যৰ ৰেখাচিত্র উপস্থাপনত বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ৰেখাচিত্ৰ হ’ল তথ্য পৰিৱেশনৰ এক প্ৰকাৰ কৌশল। শিক্ষামূলক আৰু মনোবৈজ্ঞানিক পৰিমাপৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ লেখচিত্ৰ ব্যৱহাৰ কৰা হয়। বিভিন্ন লেখচিত্র উপস্থাপন পদ্ধতিসমূহ হ’ল:

ক) আয়তচিত্র : আয়তচিত্ৰ হ’ল লেখচিত্র উপস্থাপনৰ এক অন্যতম পদ্ধতি। X অনুভূমিক ৰেখাত শ্ৰেণী অন্তৰাল বহুৱাই Y অক্ষৰেখাত বাৰংবাৰতাবোৰ সমান ব্যৱধানত বহুৱাই প্ৰতিটো শ্ৰেণী ব্যৱধানৰ ওপৰত একোটাকৈ আয়ত ক্ষেত্র আঁকি আয়তচিত্র আঁকা হয়।

খ) বাৰংবাৰতা বহুভূজ : X অনুভূতিক ৰেখাডালত শ্ৰেণী অন্তৰালবোৰ বহুৱাই Y অক্ষৰেখাত বাৰংবাৰ্তাবোৰ বহুৱাই এডাল ৰেখাৰে বাৰবোৰতাবোৰ সংযোগ কৰি বাৰংবাৰতা বহুভূজ অঁকা হয়। 

গ) দণ্ডচিত্র : সংগৃহীত তথ্যবোৰৰ সংখ্যামান বা বাৰংবাৰতা অনুসৰি কোনো এক সাধাৰণ ভূমিৰ ওপৰত অংকিত কৰা দণ্ডবোৰক দণ্ডচিত্র বোলে।

ঘ) পাইচিত্র : তথ্য পৰিৱেশনৰ বাবে ব্যৱহাৰ কৰা এক অন্যতম পদ্ধতি হ’ল পাইচিত্র বা বৃত্তচিত্র। পাইচিত্ৰত তথ্যবোৰ এটা বৃত্তৰ ভিতৰত বিস্তৃত হৈ থাকে। তথ্যৰ সমগ্ৰ মানৰ বাবে বৃত্তচিত্ৰত 360° ধৰা 360° কোণটো বিভিন্ন অংশত ভাগ কৰা হয়।

১৪। গাণিতিক গড় মানে কি? ইয়াৰ তাৎপৰ্য সমূহ উল্লেখ কৰা ।

উত্তৰঃ সামগ্ৰীসমূহৰ বা ৰাশিসমূহৰ যোগফলক মুঠ সংখ্যা বা মুঠ ৰাশি সংখ্যাৰে হৰণ কৰিলে যি মান পোৱা যায় সেয়ে হ’ল গাণিতিক গড।

গাণিতিক গড়ৰ তাৎপৰ্যসমূহ হ’ল —

ক) গড় যিহেতু সংগৃহীত বা প্ৰদত্ত ৰাশিসমূহৰ প্ৰতিনিধিত্বমূলক মান সেয়ে সংগৃহীত ৰাশিৰ গড় পৰিমাণ আমাৰ বাবে অধিক তাৎপৰ্যপূৰ্ণ।

খ) সকলোবোৰ ৰাশিৰ যোগফলত মুঠ ৰাশি সংখ্যাৰে ভাগ কৰাৰ বাবে গড়ে সৰু ডাঙৰ সকলোবোৰ ৰাশিৰে আংশিক গুণ মানৰ অনুপাত বহন কৰে।

গ) ই হৈছে কেন্দ্ৰীয় প্ৰৱণতা পৰিমাপনৰ অধিক স্থিতিশীল পদ্ধতি। সেয়ে ইয়াক গড় পৰিসাংখ্যিক তথ্য স্বৰূপে অধিক নিৰ্ভৰযোগ্য ৰূপত পাব পাৰি ।

১৫। মধ্যমা মানে কি? মধ্যমাৰ তাৎপৰ্য আৰু প্ৰয়োগৰ সম্পর্কে লিখা।

উত্তৰঃ কেন্দ্ৰীয় প্ৰৱণতা বা কেন্দ্ৰীয় প্ৰবৃত্তিৰ আন এটা জোখ হৈছে মধ্যমা। সংগৃহীত সামগ্ৰী বা ৰাশি সমূহক ঊর্ধক্ৰমত বা অধঃক্রমত সজাই লোৱাৰ পাছত সেই ৰাশিসমূহৰ যিটো ৰাশিৰ দুয়োফালে সমান সমান ৰাশি থাকে সেই মধ্যস্থানত থকা ৰাশিটোক মধ্যমা বোলা হয়।

মধ্যমা প্রয়োগ আৰু তাৎপর্য সম্পর্কে তলত উল্লেখ কৰা হ’ল।

1. মধ্যমাক গড় পৰিমাপনৰ বিকল্প পদ্ধতি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰৰ জৰিয়তে গড় পদ্ধতিৰ পৰিসাংখ্যিক দুৰ্বলতা নাইকিয়া কৰিব পাৰি ।

2. কোনো ৰাশিৰ পতাকা পঞ্চাশতম বিন্দু অর্থাৎ ৰাশিসমূহৰ মধ্যবিন্দুটো নিৰূপণ কৰিবৰ সময়ত মধ্যমা ব্যৱহাৰ কৰা হয়।

3. সংগৃহীত ৰাশিসমূহৰ বিতৰণ এঢলীয়া হৈ পৰিলে তেনে অৱস্থাত মধ্যমাক যথোপযুক্ত ভাৱে প্ৰয়োগ কৰিব পাৰি।

4. মধ্যমা প্রয়োগ কৰি শিক্ষাৰ্থীৰ বুদ্ধি পৰীক্ষা কৰিব পাৰি৷ 

১৬। বহুলক মানে কি? বহুলকৰ প্ৰয়োগ আৰু ব্যৱহাৰ সম্পৰ্কে লিখা।

উত্তৰঃ বহুলক হৈছে কেন্দ্ৰীয় প্ৰৱণতা জোখৰ ভিতৰত অন্যতম জোখ। বাশি বা তথ্য সামগ্ৰীসমূহৰ যিটো ৰাশি আটাইতকৈ বেছি বাৰ ওলাই বা ব্যৱহাৰ কৰা হয় সেই ৰাশিটোকে বহুলক বোলা হয়।

বহুলকৰ প্ৰয়োগ আৰু ব্যৱহাৰ সম্পৰ্কে তলত আলোচনা কৰা হ’ল :

ক) ৰাশিৰ কেন্দ্ৰীয় প্ৰৱণতা পৰিমাপনক সহজে আৰু সাধাৰণভাৱে বুজি উঠিবৰ বাবে বহুলক কার্যকৰীভাৱে প্ৰয়োগ কৰিব পাৰি।

খ) অতি দ্রুতভাৱে আৰু আনুমানিক কেন্দ্ৰীয় প্ৰৱণতা পৰিমাপনৰ ক্ষেত্ৰত বহুলক ব্যৱহাৰ কৰা হয়।

গ) অশোধিত বহুলক ৰাশিবোৰৰ নিৰীক্ষণমূলক গড় ৰূপে প্ৰয়োগ কৰা হয়।

ঘ) দৈনন্দিন জীৱনত প্ৰায়ে বহুলক ব্যৱহাৰ হয়।

ঙ) ই কোনো সময়ত একোটা ৰাশি অস্বাভাৱিক ভাৱে পুনৰাবৃত্তি হ’লে তাৰ কাৰণ সম্বন্ধে অনুসন্ধান কৰিবলৈ বিশেষজ্ঞসকলৰ দৃষ্টি আকৰ্ষিত কৰে।

১৭। প্ৰসাৰ মানে কি? ইয়াৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সম্পর্কে লিখা।

উত্তৰঃ প্রদত্ত ৰাশিৰ সৰ্বোচ্চ বা বৃহত্তম আৰু সৰ্বনিম্ন বা নিম্নতম ৰাশিৰ ব্যৱধানেই হৈছে প্ৰসাৰ।

প্ৰসাৰ তাৎপৰ্য আৰু ব্যৱহাৰ সম্পৰ্কে তলত উল্লেখ কৰা হ’লঃ

ক) সংগৃহীত বা প্ৰদত্ত ৰাশিৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানৰ ব্যৱধান প্ৰসাৰৰ যোগেদি অতি সহজে আৰু ক্ষিপ্ৰতাৰে নিৰ্ণয় কৰিব পাৰি ।

খ) ইয়াৰ বীজগণিতীয় গুণ নাই।

গ) ইয়াৰ দ্বাৰা প্ৰদত্ত ৰাশিবোৰ গড়ৰ সান্নিধ্যত আছেনে গড়ৰ পৰা আঁতৰি আছে তাক সহজে জানিব পাৰি।

ঘ) যেতিয়া ৰাশিৰ সংখ্যা কম থাকে আৰু উন্নত মানৰ পাৰ্থক্যৰ প্রয়োজন নহয় তেতিয়াহে প্ৰসাৰ প্ৰয়োগ কৰা হয়।

১৮। ৰেখাচিত্রীয় উপস্থাপনৰ লক্ষ্য আৰু উপযোগিতা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ৰেখাচিত্ৰীয় উপস্থাপনৰ লক্ষ্য আৰু উপযোগিতা সম্পর্কে তলত আলোচনা কৰা হ’ল : 

ক) ৰেখা চিত্ৰীয় উপস্থাপনৰ দ্বাৰা সংগৃহীত ৰাশিসমূহ অধিক অৰ্থপূৰ্ণ স্পষ্ট হৈ পৰে।

খ) ইয়াৰ সহায়ত কোনো অস্পষ্ট আৰু ব্যক্তিনিষ্ঠ তথ্যকে স্পষ্ট ধাৰণা লোৱাত বিশেষভাৱে সহায় কৰে ।

গ) ৰেখা চিত্ৰৰ সহায়ত দুই বা ততোধিক শ্ৰেণীৰ ৰাশিৰ মাজত তুলনামূলক অধ্যয়ন কৰিব পাৰি।

ঘ) ৰেখাচিত্ৰৰ ব্যৱহাৰ কৰি শিক্ষামূলক আৰু মনোবিজ্ঞানমূলক তথ্যক সুন্দৰভাৱে উপস্থাপন কৰিব পাৰি।

ঙ) বিভিন্ন উচ্চ স্তৰীয় অধ্যয়ন, বিশ্লেষণ আৰু গৱেষণা কার্যত সঘনে ৰেখা চিত্ৰৰ ব্যৱহাৰ কৰা হয়।

১৯। সমৃহিত ৰাশি আৰু অসমূহিত ৰাশি কি? What one grouped and ungrouped data?

উত্তৰঃ সাধাৰণভাৱে ক’বলৈ গ’লে সমূহিত ৰাশি মানে বাৰংবাৰতা বিভাজন তালিকাত তালিকাভুক্ত ৰাশিসমূহক বুজায়। কোনো এজন গবেষকে অধ্যয়নৰ উদ্দেশ্যেৰে নিৰ্দিষ্ট ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰাৰ পৰৱৰ্তী সময়ত তথ্যসমূহক ইহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু গৱেষণাৰ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহৰ বিশেষণ কৰে। বিশেষণৰ প্ৰাৰম্ভিক অৱস্থাত তথ্যবোৰক কেতবোৰ শ্ৰেণীত বিভক্ত কৰা হয় আৰু প্ৰতিটো শ্রেণী অন্তৰালৰ অন্তৰ্ভুক্ত ৰাশিসমূহৰ সংখ্যা বা বাৰংবাৰতা নিৰ্ধাৰণ কৰা হয়। ইয়াকে তথ্যৰ তালিকাভূক্তকৰণ বুলি কোৱা হয় আৰু তালিকাভূক্ত তথ্যক সমূহিত ৰাশি বুলি কোৱা হয়।

অসমূহিত তথ্য মানে তালিকাভুক্তিকৰণৰ পূৰ্বে অর্থাৎ কোনো এক ক্ষেত্ৰত পোনতে সংগ্ৰহ কৰা। তথ্যসমূহক বুজায়। এইসমূহক কেঁচা তথ্য বুলিও কোৱা হয়। কোনো এজন গবেষকে কোনো এক ক্ষেত্ৰত সংগৃহীত প্রাথমিক তথ্যসমূহেই হ’ল অসমূহিত তথ্য। উদাহৰণস্বৰূপে, এজন গৱেষকে যদি কোনো এক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বুদ্ধি পৰিমাণ কৰিবলৈ হিচাৰে, তেন্তে ছাত্ৰ-ছাত্ৰীসকলৰ বুদ্ধ্যাংকৰ মান নির্দেশ কৰা তথ্যসমূহ অসমূহিত তথ্য।

২০। বাৰংবাৰ্তা বিভাজন তালিকা কি? What is frequency distribution table.

উত্তৰঃ বাৰংবাৰ্তা বিভাজন তালিকাৰ বিভিন্ন অংশবোৰ হ’ল :

ক) প্রাপ্ত মানাংকসমূহৰ পৰ্যবেক্ষণ কৰি সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানাংক নিৰ্ণয় কৰা।

খ) প্ৰসাৰ নিৰ্ণয় কৰা।

গ) শ্রেণী বিভাজন কৰা। প্ৰসাবক সুবিধা অনুযায়ী কিছুমান শ্ৰেণীত ভাগ কৰি শ্ৰেণী বিভাগ নিৰ্ধাৰণ কৰা।

ঘ) শ্রেণী অন্তবাল নিৰ্ণয় কৰাৰ পিছত দাগচিহ্ন দিয়া।

ঙ) দাগচিহ্নবোৰ গণনা কৰি মুঠ সংখ্যা নিৰ্ণয় কৰা।

২১। Q₃ ৰ সূত্ৰটো কি?

উত্তৰঃ

ইয়াত,

Q3 = তৃতীয় চতুর্থক বা মুঠ ৰাশিৰ চাৰিভাগৰ তিনিভাগ।

L = চতুর্থক থকা শ্রেণী অন্তৰালৰ নিম্নসীমা।

3N/4 = মুঠ ৰাশি বা মুঠ বাৰংবাৰতাৰ সমষ্টিৰ তিনি চতুর্থাংশ। 

cf = তৃতীয় চতুর্থক থকা শ্ৰেণীৰ বাৰংবাৰতাৰ সমষ্টি।

fq = চতুর্থক থকা শ্রেণী অন্তৰালৰ বাৰংবাৰতা।  

i = শ্রেণী অন্তৰালৰ দৈৰ্ঘ্য।

২৩। প্ৰসাৰৰ তিনিটা ব্যৱহাৰ উল্লেখ কৰা?

উত্তৰঃ প্ৰসাৰৰ ব্যৱহাৰ :

১) কোনো ৰাশি শ্ৰেণীৰ পৰা তাৎক্ষণিকভাবে বিচ্যুতি নিৰূপণ কৰিবৰ বাবে প্ৰসাৰৰ ব্যৱহাৰ কৰিব পৰা যায়।

২) কোনো এক বিভাজনৰ ৰাশিসমূহ যদি এনেদৰে বিচ্যুত হৈ থাকে যে এনেক্ষেত্ৰত চতুর্থক বিচ্যুতি, গড় বিচ্যুতি অথবা মানক বিচ্যুতি নিৰ্ণয় কৰা হয়।

৩) সৰু আকাৰৰ বিভাজন বা কম ৰাশি থকা ৰাশি সমষ্টিৰ ক্ষেত্ৰত বিচ্যুতি নিৰূপণৰ বাবে প্ৰসাৰৰ ব্যৱহাৰ কৰিব পৰা যায়।

২৪। বাৰংবাৰতা বিভাজনৰ প্ৰয়োজনীয়তা কি? What is the need of frequency distribution.

Ans: ১) বাৰংবাৰতা বিভাজন তালিকাই প্ৰাপ্ত ৰাশিৰ আকাৰ সৰু কৰি তাৰ প্ৰয়োজনীয় নিৰীক্ষণৰ সুবিধা কৰি তোলে।

২) ৰাশিসমূহ বিভাজনৰ উচ্চমান নে নিম্নমানৰ ফালে ঢাল খোৱা নে মাজ অংশত অধিক গোট খাই স্বাভাবিক বিভাজন হৈছে তাক তালিকাখনৰ পৰা নিৰীক্ষণ কৰিব পাৰি।

৩) কোন শ্রেণী অন্তৰালত ৰাশিৰ সৰ্বাধিক বাৰংবাৰতা আৰু কোন শ্ৰেণীত সর্বনিম্ন বাৰংবাৰাত তাক তালিকাখনৰ পৰা জানিব পাৰি ।

৪) বাৰংবাৰতা বিভাজন তালিকাৰ সহায়ত ৰেখা-চিত্র অংকন কৰিব পাৰি।

২৫। প্ৰসাৰৰ ব্যৱহাৰৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা? 

উত্তৰঃ প্ৰসাৰৰ ব্যৱহাৰৰ সীমাবদ্ধতা :

১) প্ৰসাৰ বিচ্যুতিৰ এক অপৰিপক্ক জোখ যাৰ বাবে পৰিসাংখ্যিক তথ্যৰ বিশেষণত ইয়াৰ প্ৰয়োগ সীমিত।

২) প্ৰসাৰ নিৰ্ধাৰণ কৰোঁতে ৰাশি শ্ৰেণী এটাৰ উর্ধ্বতম (ডাঙৰ) আৰু নিম্নতম (সৰু) ৰাশি দুটাৰ কথাহে বিবেচনা কৰা হয়, বাকীবোৰ ৰাশিৰ কথা কোনো ক্ষেত্ৰতে চিন্তা কৰা নহয়। গতিকে এনে পৰিমাপ ৰাশি শ্ৰেণী এটাৰ বিচ্যুতিৰ প্ৰতিনিধিত্বমূলক মান হ’ব নোৱাৰে।

২৬। বিচ্যুতি পৰিমাপন বুলিলে কি বুজা? পৰিমাপনবোৰ কি কি?

উত্তৰঃ কোনো ৰাশি শ্ৰেণী এটাৰ ৰাশিসমূহ ইহঁতৰ কেন্দ্ৰীয় মানৰ পৰা কেনেদৰে বা কিমান দূৰ ব্যাপ্ত হৈ আছে, তাকে নিৰূপণ কৰাকেই বিচ্যুতিৰ পৰিমাপন কৰা বুজায়। এইক্ষেত্ৰত থকা প্রধান মাপকাঠি বা পৰিমাপবোৰ হ’ল—

১) প্ৰসাৰ।

২) চতুৰ্থক বিচ্যুতি।

৩) গড় বিচ্যুতি।

৪) মানক বিচ্যুতি।

২৭। চতুর্থক বিচ্যুতি কি? What is Quartile Deviation?

উত্তৰঃ চতুৰ্থক বিচ্যুতি হৈছে ৰাশিৰ অন্তৰ্নিহিত ব্যৱধান কিছু উন্নতভাৱে বুজি উঠাৰ এক পৰিমাপন পদ্ধতি। কোনো বাৰংবাৰতা বিভাজন 75 তম শতাংশ বিন্দ Ps আৰু 25 তম শতাংশ বিন্দু (P2s) ৰ অন্তৱৰ্তী দূৰত্বৰ মধ্যবিন্দুকে চতুর্থক বিচ্যুতি বোলা হয়। 

২৮। চতুৰ্থক বিচ্যুতিৰ ব্যৱহাৰ দুটা লিখা। Write two uses of Quartile Deviation?

উত্তৰঃ চতুৰ্থক বিচ্যুতিৰ সুবিধা :

ক) চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা সহজ আৰু ইয়াৰ অৰ্থও সহজে উপলব্দি কৰিব পাৰি ৷ 

খ) চতুৰ্থক বিচ্যুতি বিশ্লেষণ কৰিবলৈও সহজ।

গ) একেবাৰে মূৰৰ কেইটামান সামগ্ৰীৰ মান নাজানিলেও চতুৰ্থক বিচ্যুতি নির্ণয় কৰিব পাৰি

ঘ) ভেদ্যতাৰ জোখ হিচাপে চতুর্থক বিচ্যুতি বিস্তৃতি বা পৰিসৰতকৈ বেছি প্ৰতিনিধিত্বমূলক আৰু নিৰ্ভৰযোগ্য।

২৯। চতুৰ্থক বিচ্যুতিৰ অসুবিধা কি কি? What one the demerits of Quartile Deviation?

উত্তৰঃ ক) চতুর্থক বিচ্যুতিৰ কোনো বীজগণিতীয় গুণ নাই।

খ) ইয়াৰ কোনো ধৰণৰ গাণিতিক সম্প্ৰসাৰণ ঘটাব নোৱাৰি। 

গ) প্রতিদর্শভেদে চতুর্থক বিচ্যুতিৰ মান বেলেগ বেলেগ।

ঘ) ই নিৰ্ভৰযোগ্য নহয় ।

৩০। গড় বিচ্যুতি কি? What is Mean Deviation?

উত্তৰঃ কোনো বিভাজনৰ গড়, মধ্যমা বা বহুলকৰ পৰা সেই বিভাজনৰ মানসমূহ বিচলনবোৰৰ পৰমমানবোৰৰ গড় মানক গড় বিচলন বুলি কোৱা হয়।

৩১। গড় বিচ্যুতি নির্ণয়ৰ সুবিধা কি? What is the advantage of Calculating Mean Deviation?

উত্তৰঃ গড় বিচ্যুতি নির্ণয়ৰ সুবিধা :

১) গড় বিচ্যুতি সকলো মান বা ৰাশিৰ ওপৰত নিৰ্ভৰশীল।

২) গড় বিচলনত যিহেতু গড়ৰ পৰা হোৱা বিচলন বা বিচ্যুতিক লোৱা হয়, গতিকে বিভিন্ন বিভাজনৰ মাজত তুলনা কৰিবৰ বাবে গড় বিচলনক এটা ভাল মাপ বুলি ধৰা হয়।

৩) গড় বিচলন বিভাজনটোৰ চৰম মানৰ দ্বাৰা বেছি প্ৰভাৱিত নহয়।

৩২। গড় বিচ্যুতিৰ দুটা অসুবিধা লিখা। Write two demerits of Mean Deviation?

উত্তৰঃ গড় বিচ্যুতিৰ দুটা অসুবিধা :

১) পৰমমান লৈ (ধনাত্মক আৰু ঋণাত্মক দিশক উপেক্ষা কৰি) বিচ্যুতিৰ প্ৰকৃত চিন উপেক্ষা কৰা হয়।

২) বহুলকৰ পৰা বিচলন লৈ পোৱা গড় বিচলন এটা নিখুঁত মাপ নহয়। 

৩৩) শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ অন্তৰ্ভুক্ত বিষয়সমূহ কি কি?

উত্তৰঃ ১) শৈক্ষিক পৰিকল্পনা।

২) শৈক্ষিক প্রশাসন।

৩) শৈক্ষিক পৰিদর্শন।

৪) শৈক্ষিক মূল্যায়ন।

৫) শিক্ষাৰ অৰ্থনীতি।

৬) শৈক্ষিক গৱেষণা।

৩৪। মানক বিচ্যুতি কি? What is Standard Deviation?

উত্তৰঃ কোনো এক ৰাশি শ্ৰেণীৰ গড় মানৰ পৰা ৰাশি শ্ৰেণীৰ অন্তৰ্ভুক্ত ৰাশিসমূহৰ বিচ্যুতিৰ কৰি গড়ৰ বৰ্ণমূলক মানক বিচ্যুতি বুলি কোৱা হয়। “Standard deviation of a set of scores is defined as the square root of the average of the squares of the deviations of each score from the mean.” [Mangal]

৩৫। মানক বিচ্যুতিৰ দুটা সুবিধা লিখা Write two merits Standard Deviation?

উত্তৰঃ ক) মানক বিচ্যুতিৰ সংজ্ঞা দৃঢ়, সকলো মানৰ ওপৰত নিৰ্ভৰশীল।

খ) সহসম্বন্ধ গুণাংক নিৰূপণ, বিভিন্ন জনসমষ্টি অথবা নমুনাৰ গড় মানসমূহৰ মাজত থকা পাৰ্থক্যৰ তাৎপৰ্য অধ্যয়ন ইত্যাদি পৰিসাংখ্যিক পদ্ধতিত মানক বিচ্যুতিৰ মানৰ ব্যৱহাৰ হয়।

৩৬) মানক বিচ্যুতিৰ দুটা অসুবিধা লিখা। Write two demerits of Standard Deviation? 

উত্তৰঃ ১) মানক বিচ্যুতিৰ এটা প্ৰধান দোষ এইয়ে বিচ্যুতিৰ আনবোৰ মাপৰ তুলনাত ইয়াক নিৰ্ণয় কৰাটো কিছু জটিল।

২) গড় বিচলনৰ তুলনাত মানৱ বিচলন বিভাজন এটাৰ চৰম মানৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয়।

৩৭। প্ৰসাৰ কি? What is Range?

উত্তৰঃ প্ৰদত্ত ৰাশিৰ সৰ্বোচ্চ বা বৃহত্তম আৰু সৰ্বনিম্ন বা নিম্নতম ৰাশিৰ ব্যপাােই হৈছে প্ৰসাৰ।

প্ৰসাৰ তাৎপৰ্য আৰু ব্যৱহাৰ সম্পৰ্কে তলত উল্লেখ কৰা হ’লঃ

ক) সংগৃহীত বা প্রদত্ত ৰাশিৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানৰ ব্যৱধান প্ৰসাৰৰ যোগেদি অতি সহজে আৰু ক্ষিপ্ৰতাৰে নিৰ্ণয় কৰিব পাৰি

খ) ইয়াৰ বীজগণিতীয় গুণ নাই।

গ) ইয়াৰ দ্বাৰা প্ৰদত্ত ৰাশিবোৰ গড়ৰ সান্নিধ্যত আছেনে গড়ৰ পৰা আঁতৰি আছে তাক সহজে জানিব পাৰি।

ঘ) যেতিয়া ৰাশিৰ সংখ্যা কম থাকে আৰু উন্নত মানৰ পাৰ্থক্যৰ প্রয়োজন নহয় তেতিয়াহে প্ৰসাৰ প্ৰয়োগ কৰা হয়।

৩৮। কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপণসমূহ কি কি?

উত্তৰঃ ১) গড় : কোনো ৰাশি শ্ৰেণী এটাৰ ৰাশিসমূহৰ মুঠ যোগফলক ৰাশিসমূৰ মুঠ সমষ্টিৰে হৰণ কৰিলে যি মান পোৱা যায়, সেই মানেই ৰাশি শ্ৰেণীটোৰ গড় ।

২) মধ্যমাঃ কোনো ৰাশি শ্ৰেণী এটাৰ ৰাশিসমূহক একাদিক্রমে (সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ) সজালে যিটো ৰাশি সোঁমাজত পৰে, তাকে ৰাশি শ্ৰেণীটোৰ মধ্যমা বুলি কোৱা হয়।

৩) বহুলক : ৰাশি শ্ৰেণী এটাত সকলোতকৈ সংখ্যাত বেছি ৰাশিটোক ৰাশি শ্ৰেণীটোৰ বহুলক বলি কোৱা হয়।

৩৯। শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা। Discuss the scopes of Educational Statistics?

উত্তৰঃ শিক্ষাৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত সমস্যাসমূহক বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰি উপযুক্ত সমাধান সূত্ৰ উলিয়াবৰ বাবে শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ ব্যাপক প্রয়োগ হয়। শিক্ষাৰ এনে এটা ক্ষেত্ৰ নাই য’ত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ নহয়। গতিকে শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ পৰিসৰ বাস্তৱিকতে যথেষ্ট ব্যাপক। ইয়াৰ পৰিসৰৰ অন্তৰ্ভুক্ত উল্লেখনীয় দিশবোৰ তলত দিয়া ধৰণৰ

১) শৈক্ষিক পৰিকল্পনাঃ শিক্ষাৰ পূৰ্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে শিক্ষা প্ৰক্ৰিয়াৰ বিভিন্ন ক্ষেত্ৰত হাতত লোৱা কাৰ্য আঁচনিকেই শৈক্ষিক পৰিকল্পনা বুলি কোৱা হয়। শৈক্ষিক পৰিকল্পনা বিভিন্ন ধৰণৰ হ’ব পাৰে, যেনে— প্ৰশাসনিক পৰিকল্পনা [ Administrative Planning পাঠ্যক্রমিক পৰিকল্পনা [Curricular Planning], নির্দেশাত্মক পৰিকল্পনা [Instructional Planning], অনুষ্ঠান পৰিকল্পনা [Institutional Planning] ইত্যাদি। শিক্ষাৰ ক্ষেত্ৰসমূহত পৰিকল্পনাৰ বাবে বহু সময়ত কেৱল বৌদ্ধিক চিন্তা আৰু বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰা হয়। কিন্তু কেৱল বৌদ্ধিক চিন্তা আৰু বিশ্লেষণৰ আধাৰত প্ৰস্তুত কৰা । পৰিকল্পনা নিখুঁত পৰিকল্পনা হ’ব নোৱাৰে, যেতিয়ালৈকে তেনে চিন্তা বা বিশ্লেষণ মূৰ্ত পৰিঘটনাৰ বিশ্লেষণাত্মক তথ্যৰ ওপৰত আধাৰিত নহয়। এনে মূর্ত পৰিঘটনাৰ বিশ্লেষণৰ ক্ষেত্ৰত হাতত লোৱা সকলোতকৈ বস্তুনিষ্ঠ পদ্ধতিটোৱেই হ’ল পৰিসাংখ্যিক পদ্ধতি। গতিকে শৈক্ষিক পৰিকল্পনাৰ প্ৰস্তুতিত পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ একপ্ৰকাৰে এৰাব নোৱাৰা ৷

২) শৈক্ষিক প্রশাসনঃ শৈক্ষিক প্রশাসন বুলি ক’লে সেই প্রক্রিয়া বা পদ্ধতিক বুজায়, যাৰ জৰিয়তে এক শৈক্ষিক প্ৰতিষ্ঠানৰ নিৰ্ধাৰিত শৈক্ষিক লক্ষ্যত উপনীত হ’বলৈ প্ৰয়োজন হোৱা মানৱীয় আৰু বস্তুগত সম্পদৰ সাৰ্থক সমন্বয় কৰা হয়। এই প্ৰক্ৰিয়াত ভালেমান বিষয় জড়িত হৈ থাকে, যেনে- পৰিকল্পনা, সংগঠন, নিদের্শনা, সমন্বয়, নিয়ন্ত্ৰণ আৰু মূল্যায়ন এই প্ৰতিটো ক্ষেত্ৰতে উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এইসমূহ ক্ষেত্ৰত সংগৃহত অথবা উপলব্ধ পৰিসাংখ্যিক তথ্যপাতিয়ে পর্যাপ্ত সহায় কৰে। উদাহৰণস্বৰূপে, এজন শৈক্ষিক প্ৰশাসকৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানত কেনেধৰণৰ সাংগঠনিক পৰিৱেশ প্ৰদান কৰা বা গঢ়ি তোলাটো প্রয়োজন, সেই বিষয়ে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰাটো পোনে পোনে এটা জটিল বিষয়। এইক্ষেত্ৰত তেওঁৰ বাবে কৰণীয় কামটো হ’ল- বিভিন্ন প্ৰকাৰৰ সাংগঠনিক পৰিৱেশ আৰু এইসমূহৰ তুলনামূলক গুৰুত্বৰ বিষয়ে কৰা অধ্যয়নবোৰৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা। মন কৰিবলগীয়া কথা এই যে এনেবোৰ অধ্যয়ন অথবা গৱেষণাত পৰিসাংখ্যিক পদ্ধতিৰ ব্যাপক প্ৰয়োগ হয়। গতিকে এইটো কথা নিশ্চিত যে শৈক্ষিক পৰিসংখ্যা বিজ্ঞানৰ পৰিসৰত শিক্ষা প্রশাসন এক এৰিব নোৱাৰা বিষয় ।

৩) শৈক্ষিক পৰিদৰ্শনঃ বৰ্তমান সময়ত শিক্ষাৰ বিভিন্ন পৰ্যায়ত (প্রাথমিক, মাধ্যমিক, উচ্চশিক্ষা) পৰিদৰ্শনৰ বেলিকা পৰিসংখ্যাৰ ব্যাপক ব্যৱহায় হয়। পৰিদৰ্শনৰ বেলিকা ব্যৱহাৰ কৰা প্ৰতিটো পৰিদৰ্শন আৰ্হি পৰিসাংখ্যিক তথ্যৰ আধাৰত গঢ় দি তোলা হৈছে। উদাহৰণস্বৰূপে, ভাৰতীয় উচ্চশিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা সম্পাদন কৰা শৈক্ষিক মূল্যায়নৰ ব্যৱস্থাটোত পৰিসংখ্যাৰ বহুল ব্যৱহাৰ কৰা। হয় আৰু এনে আহিৰ মূল আধাৰ পৰিসাংখ্যিক তথ্যপাতি।

৪) শৈক্ষিক মূল্যায়ন : শিক্ষাৰ প্ৰতিটো স্তৰত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক কৃতিত্বৰ মূল্যায়নৰ ক্ষেত্ৰত ব্যাপক হাৰত পৰিসংখ্যাৰ ব্যৱহাৰ হয়। বর্তমান সময়ত শৈক্ষিক মূল্যায়নৰ ক্ষেত্ৰত অবিৰত আৰু সামগ্রিক মূল্যায়নৰ বহুল প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে ‘ক্রেডিত স্থানাস্তৰ’ ব্যৱস্থাৰ গুৰুত্বও শিক্ষাবিদসকলে উপলব্ধি কৰিছে। এই দুয়ো ব্যৱস্থাত পৰিসংখ্যাৰ বহুল ব্যৱহাৰ হয়। কেৱল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক কৃতিত্ব নির্ণয় কৰোঁতেই নহয়, শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কাৰ্যাৱলীৰ মূল্যায়ন কৰাৰ ক্ষেত্ৰটো পৰিসাংখ্যিক পদ্ধতিৰ ব্যাপক ব্যবহার হয়। উদাহৰণস্বৰূপে, গুণগত দিশৰ পৰা বিশ্বৰ বিশ্ববিদ্যালয়সমূহৰ তুলনামূলক অৱস্থান তালিকা বিভিন্ন সময়ত প্ৰকাশ কৰা দেখা যায়। ৰাষ্ট্ৰীয় পৰ্যায়তো শৈক্ষিক প্রতিষ্ঠানসমূহৰ এনে অৱস্থান তালিকা প্রকাশিত হয়। এনে তালিকাই ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ বাবে উপযুক্ত শৈক্ষিক প্রতিষ্ঠান বাছি লোৱাত সহায় কৰে। শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ এনে মূল্যায়নো পৰিসাংখ্যিক বিশ্লেষণৰ ওপৰত আধাৰিত ।

৫) শৈক্ষিক গৱেষণা : শিক্ষাৰ বিভিন্ন ক্ষেত্র, যেনে- শিক্ষাদান প্ৰক্ৰিয়া, শিক্ষা আহৰণ প্রক্রিয়া, পাঠ্যক্ৰম, পৰিসাংখ্যিৰ পদ্ধতিৰ ব্যাপক ব্যৱহাৰ হয়। শিক্ষাৰ এই ক্ষেত্ৰসমূহৰ লগত জড়িত সমস্যাসমূহক সূক্ষ্মভাৱে বিশ্লেষণ কৰাৰ ক্ষেত্ৰত “t score’, ‘Chi-Square’, ‘Regression Analysis’ ইত্যাদি পৰিসাংখ্যিক পদ্ধতিসমূহে যথেষ্ট সহায় কৰে।

৬) শিক্ষাৰ অৰ্থনীতি : শিক্ষাৰ অৰ্থনীতি হ’ল শিক্ষা প্ৰক্ৰিয়াৰ লগত জড়িত অর্থনৈতিক বিষয়বোৰৰ বিষয়ে কৰা অধ্যয়ন ক্ষেত্র। ইয়াত আর্থিক সম্ভাৱনীয়তাৰ দিশৰ পৰা কোনো শিক্ষণীয় বিষয়ৰ চাহিদা নিৰ্ধাৰণ, শৈক্ষিক বিষয়সমূহ আৰু আঁচনিসমূহৰ যথাযৰ্থতাৰ বিচাৰ ইত্যাদি বিষয়সমূহ সামৰি লোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top