Measurement And Evaluation in Education Unit 1 শিক্ষাত পৰিমাপণ আৰু মূল্যায়নৰ ধাৰণা

Measurement And Evaluation in Education Unit 1 শিক্ষাত পৰিমাপণ আৰু মূল্যায়নৰ ধাৰণা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Measurement And Evaluation in Education Unit 1 শিক্ষাত পৰিমাপণ আৰু মূল্যায়নৰ ধাৰণা Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Measurement And Evaluation in Education Unit 1 শিক্ষাত পৰিমাপণ আৰু মূল্যায়নৰ ধাৰণা can be of great value to excel in the examination.

Measurement And Evaluation in Education Unit 1 শিক্ষাত পৰিমাপণ আৰু মূল্যায়নৰ ধাৰণা

Join Telegram channel

Measurement And Evaluation in Education Unit 1 শিক্ষাত পৰিমাপণ আৰু মূল্যায়নৰ ধাৰণা Notes cover all the exercise questions in UGC Syllabus. The Measurement And Evaluation in Education Unit 1 শিক্ষাত পৰিমাপণ আৰু মূল্যায়নৰ ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Concept of Measurement and Evaluation in Education

EDUCATION

MEASUREMENT AND EVALUATION IN EDUCATION

শৈক্ষিক পৰিমাপন আৰু মূল্যায়ন

১। পৰিমাপন বুলিলে কি বুজা? What do you mean by Measurement?

উত্তৰঃ পৰিমাপন হ’ল কিছুমান নীতি নিয়মৰ মাজেৰে কোনো বিশেষ বস্তু বা ঘটনাৰ পৰিমান নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া। সেইবাবে পৰিমাপন প্ৰত্যক্ষভাৱে পৰিমাণৰ লগত জড়িত। পৰিমাপনৰ দ্বাৰা সামৰ্থ, যোগ্যতা, দূৰত্ব, সময় আদি বিশ্বাসযোগ্যভাৱে পৰীক্ষা বা পৰিমাপ কৰিব পৰা যায়। পৰিমাপনৰ দ্বাৰা শিক্ষাৰ্থীৰ সামৰ্থসমূহৰ বিকাশৰ মাত্ৰাক সাংখ্যিক ৰূপত প্ৰকাশ কৰিব পাৰি। পৰিমাপনে পৰিমাণগত মূল্য নিৰূপন কৰে। সেইবাবে শিক্ষাৰ্থীৰ আচৰণৰ পৰিৱৰ্তনৰ কেৱল পৰিমাণগত বৰ্ণনাহে দিয়ে। কৰা জ্ঞান-অভিজ্ঞতা, দক্ষতা বা কোনো বিশেষ শক্তিৰ নির্দিষ্ট দিশৰ জোখ-মাখ লোৱা হয়। শিক্ষার্থীসকলে শিকন-শিক্ষণ প্রক্রিয়াত বিভিন্ন বিষয়ত কিমানখিনি যোগ্যতা আহৰণ কৰিলে, এনে নির্দিষ্ট ক্ষেত্ৰত আহৰণ কৰা জ্ঞান-অভিজ্ঞতা, শক্তি-সামর্থ বা যোগ্যতাৰ মান নির্ণয় কৰাটোৱেই পৰিমাপনৰ মূল কাম।

২। পৰিমাপনৰ তিনিটা সংজ্ঞা লিখা। Write one definition of Measurement?

উত্তৰঃ মনোবিজ্ঞানী কেম্ববেলৰ মতে,” পৰিমাপন হ’ল বিশেষ নিয়ম অনুসাৰে কোনো বস্তু বা ঘটনাক সংখ্যা প্ৰদান কৰা।” [According to Campbell, “Measurement means assignment of certain rules””]

Guilford J. P ৰ মতে, ” তথ্যসমূহক সংখ্যাৰ ৰূপত বৰ্ণনা কৰাই হ’ল পৰিমাপন।” [“Measurement is the description of data in terms of numbers.”–Guilford J.P.]

টাইলাৰৰ মতে,” পৰিমাপন হ’ল নিয়ম অনুসৰি সংখ্যা প্ৰদান কৰা।”

৩। মূল্যায়ন বুলিলে কি বুজা? What do you mean by Evaluation?

উত্তৰঃ মূল্যায়ন হৈছে এনে এটা প্ৰণাল বদ্ধ প্ৰক্ৰিয়া যাৰ সহায়ত কোনো বিশেষ কার্য বা বস্তুৰ মাত্ৰ। বা গুণ বা মূল্য নিৰূপণ কৰা হয়। যি ব্যৱস্থাৰ দ্বাৰা শিক্ষাৰ্থীৰ বৌদ্দিক বিকাশ আৰু উন্নতিৰ বাহিৰেও মাসক্তিস্ত আৰু শৰীৰৰ বিভিন্ন ফালৰ আৰু গুণৰ পৰিমাণ কৰা হয় তাকেই মূল্যায়ন ব্যৱস্থা বোলা হয়।

৪। পৰিমাপন আৰু মূল্যায়নৰ এটা প্ৰকৃতি উল্লেখ কৰা। Mention one nature of Measurement and Evaluation?

উত্তৰঃ ১) শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত ব্যক্তিসকলক উপযুক্ত দিক দর্শনত পৰিমাপন আৰু মূল্যায়মে সহায় কৰে।

৫। মূল্যায়নৰ এটা উদ্দেশ্যে উল্লেখ কৰা। Write one objective of Evaluation?

উত্তৰঃ ক) মূল্যায়নে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকলৈ প্ৰাসংগিক তথ্য প্ৰেৰণ কৰিব পাৰে আৰু সেই তথ্যৰ ভিত্তিত তেওঁলোকৰ দক্ষতাৰ বিকাশ ঘটাব পাৰি।

৬। মূল্যায়নৰ এটা কাৰ্য লিখা?

Write one Function of Evaluation?

উত্তৰঃ ক) মূল্যায়নে শিক্ষাৰ্থীৰ চাহিদা নির্ণয়ত সহায় কৰে [Evaluation process helps in assigning the teachers needs] শিকন-শিক্ষণ প্রক্রিয়াত আটাইতকৈ প্ৰয়োজনীয় কথা ভুল শিক্ষাৰ্থীসকলৰ প্ৰয়োজন বুজি পোৱা। এইক্ষেত্ৰত শিক্ষক নাইবা নির্দেশকে তেওঁলোকৰ প্ৰয়োজন উপলব্ধি কৰাত উপযুক্ত গৰাকী হ’ব লাগিব। মূল্যায়নে শিক্ষার্থীসকলে প্রয়োজনীয় জ্ঞান লাভ কৰিব পাৰিছেনে নে নাই আৰু নির্দেশনাত্নক কৌশল সমূহৰ যথোপযুক্ত প্রয়োগ হৈছেনে নাই তাক নিৰ্ধাৰণত সহায় কৰে।

৭। পৰিমাপন আৰু মূল্যায়নৰ এটা গুৰুত্ব উল্লেখ কৰা।  Mention one importance of Measurement and Evaluation?

উত্তৰঃ শ্ৰেণীকৰণঃ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকক বিভিন্ন শ্রেণীত বিভক্ত কৰা হয়। তেওঁলোকৰ সামৰ্থ্যৰ বা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক উচ্চ বুদ্ধিসম্পন্ন, সাধাৰণ আৰু অনগ্ৰসৰ আদি ভাগত কৰি তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষা দিব পৰা যায়। এনেদৰে শ্ৰেণীকৰণ কৰি শিক্ষাদান কৰিলে শিক্ষাদান সফল কৰি তুলিব পৰা যায়। নহলে উচ্চ বুদ্ধিসম্পন্ন আৰু অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক একেলগে একে পদ্ধতিৰে শিক্ষাদান কৰিলে নিম্ন বুদ্ধিসম্পন্ন বা অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ বুদ্ধিসম্পন্ন শিক্ষাৰ্থীসকলৰ দৰে বিষয়বস্তু বুজি পোৱাত অসুবিধা হ’ব আৰু ইয়াৰ দ্বাৰা অকল উচ্চ বুদ্ধিসম্পন্ন শিক্ষার্থীসকলহে উপকৃত হ’ব। এইক্ষেত্ৰত পৰিমাপন আৰু মূল্যায়নে ছাত্র-ছাত্রীসকলক শ্ৰেণীকৰণত সহায় কৰে। এই দুই প্ৰক্ৰিয়াৰ সহায়ত শৈক্ষিক কাৰ্যসূচীসমূহ ফলপ্রসূভাবে আগবঢ়াই নিয়াত সহায়ক হয়। আদিতো শ্ৰেণীকৰণ কৰাটো অতি প্ৰয়োজন । প্ৰতিৰক্ষা বিভাগৰ বিষয়া, সৈনিক ইত্যাদিত তেওঁলোকৰ কৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকৰণ কৰা হয় ৷

৮। শিক্ষাত পৰিমাপন আৰু মূল্যায়নৰ পৰিসৰ আলোচনা কৰা ৷ Discuss the scope of Measurement and Evaluation?

উত্তৰঃ শৈক্ষিক পৰিমাপন আৰু মূল্যায়নৰ অন্তৰ্ভূক্ত দিশসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা আগবঢ়োৱা হ’ল―

১) মানৱ আচৰণ : শৈক্ষিক পৰিমাপন আৰু মূল্যায়নে মানব আচৰণ সমূহৰ বিষয়ে আলোচনা কৰে। শিক্ষাৰ্থীৰ বুদ্ধি, চিন্তন ক্ষমতা মনোযোগ, আগ্রহ, কল্পনা, ব্যক্তিত্ব, সংৰক্ষণ ক্ষমতা আদিৰ দৰে ক্ষমতা আৰু বিষয়বস্তুসমূহৰ বিষয়ে বিশদভাবে আলোচনা কৰে। তদুপৰি ব্যক্তিৰ এই সংলক্ষণ বা ক্ষমতাসমূহ কেনেদৰে বিকাশ সাধন কৰিব পাৰি তাৰ বিষয়েও শৈক্ষিক পৰিমাপন আৰু মূল্যায়মত আলোচনা কৰা হয়।

২) পৰিমাপন আৰু মূল্যায়নৰ সঁজুলি আৰু কৌশলঃ শৈক্ষিক পৰিমাপন আৰু মূল্যায়নৰ পৰিসৰৰ অন্তৰ্ভূক্ত হৈ থকা অন্য এটা বিষয় হৈছে পৰিমাপন আৰু মূল্যায়নৰ বিভিন্ন সঁজুলিসমূহৰ বিষয়ে ইয়াত আলোচনা কৰা হয়। বিভিন্ন ধৰণৰ পৰিমাপন আৰু মূল্যায়নৰ আহিলা যেনে অভীক্ষা, প্রশ্নসূচী, পৰ্যবেক্ষণ, সাক্ষাৎকাৰ, বুদ্ধি অভীক্ষা;স্মৃতি পৰিসৰ নিৰ্ণয়, ব্যক্তিত্বৰ অভীক্ষা, কচি-অভিৰুচি আদিৰ সহায়ত শিক্ষকে শিক্ষাৰ্থীৰ বিষয়ে জানিবলৈ সুবিধা হয়।

৩) মানসিক গুণ : পৰিমাপন আৰু, মূল্যায়নে ব্যক্তিৰ বিভিন্ন সংলক্ষণ যেনে, বুদ্ধি, ব্যক্তিত্ব, অভিৰুচি, কৃতিত্ব, সৃজনীশীলতা, শিক্ষণ ক্ষমতা, সংৰক্ষণ ক্ষমতা, মনোযোগ, প্রণোদন আদি মানসিক গুণসমূহৰ বিষয়ে আলোচনা কৰে। তদুপৰি এইবিলাকৰ এতিহাসিক পটভূমি, বিকাশ, সংগঠন, পৰীক্ষা, পৰিচালন ব্যৱস্থা আদি সকলো দিশৰ অধ্যয়ন পৰিমাপন আৰু মূল্যায়নৰ পৰিসৰ অন্তৰ্ভূক্ত।

৪) অভীক্ষাৰ নিৰ্মাণ আৰ প্ৰতিমানীকৰণ : শৈক্ষিক পৰিমাপন আৰু মূল্যায়নত অভীষাৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহৰ ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰাৰ ওপৰিও শিক্ষাৰ্থীৰ লগতে স্থানীয় প্রয়োজনৰ লগত খাপ খোৱাকৈ অভীক্ষা প্ৰস্তুত কৰা হয়। অভীক্ষা প্ৰস্তুতকৰণৰ বাবে অভীক্ষাৰ বাবে প্রয়োজনীয় সকলো দিশ যেনে বৈধতা, নিৰ্ভৰযোগ্যতা, মানদণ্ড, ব্যক্তিনিৰপেক্ষতা আদি সকলো নিৰ্ণয় কৰাৰ বিষয়েও পৰিমাপন আৰু মূল্যায়নত আলোচনা কৰা হয়।

৫) শৈক্ষিক পৰিসংখ্যাবিজ্ঞান : শৈক্ষিক পৰিমাপন আৰু মূল্যায়নৰ পৰিসৰৰ অন্তভূর্ক্ত অন্য এটা বিষয় হৈছে শৈক্ষিক পৰিসংখ্যাবিজ্ঞান শৈক্ষিক পৰিসংখ্যাবিজ্ঞানৰ অৰ্থ, প্রকৃতি, বৈশিষ্ট্য, পৰিসৰ আদিৰ বিষয়ে ইয়াত আলোচনা কৰা হয়। পৰিসংখ্যাবিজ্ঞানৰ বিভিন্ন জোখ যেনে – কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখ, বাৰংবাৰতা বিভাজন, ভেদ্যতাৰ পৰিমাপনৰ অন্তভূত প্ৰসাৰ, চতুৰ্থক বিচ্যুতি, মানক বিচ্যুতি, সহ-সম্বন্ধৰ গুণাংক আৰু ইয়াৰ ব্যৱহাৰ, সঞ্চয়ী বিতৰণ আৰু শতাংশ আদি সকলোবোৰ বিষয় অধ্যয়ন কৰে আৰু সেইবিলাকৰ প্ৰয়োগৰ বিষয়ে বিতংভাবে আলোচনা কৰে।

৬) তথ্য উপস্থাপন : আহৰণ কৰা তথ্যসমূহ যাতে ছাত্র ছাত্ৰীসকলৰ সহজে বোধগম্য হয় তাৰ বাবে বিভিন্ন লৈখিক চিত্র উপস্থাপন কৰিবলগীয়া হয়। আয়তচিত্ৰ, বৃত্তচিত্ৰ, বাৰবোৰতা বহুভুজ, সঞ্চয়ী লেখ, দণ্ডচিত্ৰ আদিৰ যোগেদি তথ্যৰ তুলনা আৰু বিশেষণ সহজ কৰি তুলিবলৈ পৰিমাপন আৰু মূল্যায়নত এই বিষয়সমূহ সামৰি লোৱা হৈছে।

৭) প্রসামান্য বক আৰু ইয়াৰ ব্যৱহাৰ শৈক্ষিক পৰিমাপন আৰু মূল্যায়নৰ পৰিসৰৰ অন্তৰ্ভূক্ত অন্য এটা বিষয় হৈছে প্ৰসামান্য বক্ৰ আৰু ইয়াৰ ব্যৱহাৰ ইয়াত প্ৰসামান্য বক্ৰৰ সূত্ৰ, ধৰ্ম, প্ৰসামান্য বক্ৰৰ সীমাবদ্ধতা, প্ৰসামান্যতাৰ পৰা বিচলন আদিৰ বিষয়ে অধ্যয়ন আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। ওপৰোক্ত বিষয়সমূহৰ ওপৰিও শৈক্ষিক পৰিমাপন আৰু মূল্যায়নে শিক্ষাদানৰ পদ্ধতি, শৈক্ষিক উদ্দেশ্য, শিক্ষানুষ্ঠান, পাঠ্যপুথি, পাঠ্যক্রম, শিক্ষা সঁজুলি, শিক্ষকৰ অহতা আদি শিক্ষাৰ লগত জড়িত বহুতো দিশ সামৰি লয়।

৯। শিক্ষাত পৰিমাপন আৰু মূল্যায়নৰ প্ৰয়োজনীয়তা ব্যাখা কৰা। Discuss the need of Measurement and Evaluation?

উত্তৰঃ ১) নির্বাচন : বিভিন্ন ঔদ্যোগিক প্রতিষ্ঠান, প্ৰতিৰক্ষা আৰু অসামৰিক সেৱা আদিৰ নিৰ্বাচনৰ বাবে পৰিমাপনৰ সহায় লোৱা হয়। শিক্ষার্থীসকলক বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে পৰিমাপন আৰু মূল্যায়নৰ সহায় লোৱা হয়। শিক্ষার্থীসকলক বিভিন্ন ক্ষেত্ৰত নামভৰ্তিৰ বাবে পৰিমাপন আৰু, মূল্যায়নৰ বিভিন্ন কৌশল প্রয়োগ কৰি তেওঁলোকৰ নিৰ্বাচন কৰা হয়। এই কৌশল সমূহ হৈছে অভিক্ষমতা আৰু সামৰ্থ্যৰ পৰীক্ষা, সাক্ষাৎকাৰ, প্ৰক্ষেপন পদ্ধতি, কৃতিত্ব অভীক্ষা, ব্যক্তিত্ব অভীক্ষা, পৰীক্ষা, প্ৰৱণতা অভীক্ষা ইত্যাদি। বর্তমান শিক্ষা ব্যৱস্থাতো বিদ্যালয়সমূহৰ শিক্ষক নিৰ্বাচনৰ বাবে শিক্ষকৰ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰা হয়। ঠিক সেইদৰে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ বাবে Net আৰু Set অনুষ্ঠিত কৰা হয়। যিহেতু এই নির্বাচন প্ৰক্ৰিয়াৰ দ্বাৰা বহুতো প্ৰাৰ্থীৰ মাজৰ পৰা কম সংখ্যক প্রার্থীক নিৰ্বাচন কৰা কৰিব লাগে যাতে উপযুক্ত প্রার্থী উপযুক্ত স্থানত নিৰ্বাচিত হয়।

২) শ্ৰেণীকৰণঃ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয় তেওঁলোকৰ সামৰ্থ্যৰ বা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক উচ্চ বুদ্ধিসম্পন্ন, সাধাৰণ আৰু অনগ্ৰসৰ আদি ভাগত কৰি তেওঁলোকৰ প্রয়োজন অনুসৰি শিক্ষা দিব পৰা যায়। এনেদৰে শ্ৰেণীকৰণ কৰি শিক্ষাদান কৰিলে শিক্ষাদান সফল কৰি তুলিব পৰা যায়। নহলে উচ্চ বুদ্ধিসম্পন্ন আৰু অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক একেলগে একে পদ্ধতিৰে শিক্ষাদান কৰিলে নিম্ন বুদ্ধিসম্পন্ন বা অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ বুদ্ধিসম্পন্ন শিক্ষাৰ্থীসকলৰ দৰে বিষয়বস্তু বুজি পোৱাত অসুবিধা হ’ব আৰু ইয়াৰ দ্বাৰা অকল উচ্চ বুদ্ধিসম্পন্ন শিক্ষার্থীসকলহে উপকৃত হ’ব। এইক্ষেত্ৰত পৰিমাপন আৰু মূল্যায়নে ছাত্র-ছাত্রীসকলক শ্ৰেণীকৰণত সহায় কৰে। এই দুই প্ৰক্ৰিয়াৰ সহায়ত শৈক্ষিক কাৰ্যসূচীসমূহ ফলপ্রসূভাৱে আগবঢ়াই নিয়াত সহায়ক হয়। আদিতো শ্রেণীকৰণ কৰাটো অতি প্রয়োজন। প্ৰতিৰক্ষা বিভাগৰ বিষয়া, সৈনিক ইত্যাতি তেওঁলোকৰ কৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকৰণ কৰা হয়।

৩) তুলনাকৰণ : ব্যক্তিভেদে বিভিন্ন মানসিক সংলক্ষণ, অভ্যাস, মানসিক, সামর্থ, প্রবণতা, শৈক্ষিক কৃতিত্ব, রুচি-অভিৰুচি, সংৰক্ষণ ক্ষমতা, দক্ষতা আদিৰ ক্ষেত্ৰত পাৰ্থক্য পৰিলক্ষিত হয়। বিভিন্ন ব্যক্তিৰ মাজত থকা পার্থক্য নির্ণয় কৰিবলৈ তুলনাৰ প্ৰতি প্ৰয়োজন। এই তুলনাকৰণৰ বাবে পৰিমাপন আৰু মূল্যায়ন প্রয়োগ কৰা হয়। শিক্ষাৰ ক্ষেত্ৰতো শিক্ষাৰ্থীসকলৰ মাজত তুলনা কৰা, বিভিন্ন দলসমূহৰ মাজত তুলনা কৰি উৎকৃষ্টতা আৰু নিকৃষ্টতা নিৰ্ণয় কৰা আদিৰ ক্ষেত্ৰত পৰিমাপন আৰু মূল্যায়নৰ প্ৰয়োজন হয়।

৪) শৈক্ষিক গৱেষণাত ব্যৱহাৰঃ পৰিমাপন আৰু মূল্যায়ন কৌশলক শৈক্ষিক গৱেষণামূলক কার্যতো ব্যৱহাৰ কৰা হয়। ছাত্র ছাত্রী, শিক্ষক, প্রশাসক, নির্দেশক আদি বিভিন্ন ধৰণৰ ব্যক্তিয়ে শিক্ষাৰ ক্ষেত্ৰত গবেষণ। কাৰ্য সম্পাদন কৰিবলৈ বিভিন্ন পৰিমাপন আৰু মূল্যায়নৰ সঁজুলি তথা কৌশল প্রয়োগ কৰে।

৫) নিৰ্দেশনা আৰু পৰামৰ্শদান : পৰিমাপন আৰু মূল্যায়ন পদ্ধতি শিক্ষামূলক নিৰ্দেশনা আৰু পৰামৰ্শদানতো প্ৰয়োগ কৰা হয়। ছাত্র ছাত্ৰীসকলে নিজৰ বুদ্ধি, প্ৰৱণতা, অভিক্ষমতা, মনোভাৱ আদিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ভবিষ্যতে কেনেধৰণৰ বিষয় বা কাৰ্যত কৃতকাৰ্য্যতা লাভ কৰিব পাৰিব, কোনটো বৃত্তি তেওঁলোকৰ বাবে উপযুক্ত সেই বিষয়ে তেওঁলোকক জ্ঞান প্ৰদান কৰিব লাগিব যাতে ভৱিষ্যতে তেওঁলোকক অসুবিধা নহয়। ইয়াৰ বাবে নিৰ্দেশক আৰু পৰামৰ্শদাতাই ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক অভীক্ষা প্ৰয়োগ কৰিবলগীয়া হয়। এনে অভীক্ষাসমূহ পৰিমাপন আৰু মূল্যায়নৰ অন্তৰ্ভূক্ত।

৬) প্ৰশাসনৰ ক্ষেত্ৰত ব্যৱহাৰঃ শৈক্ষিক প্ৰশাসনৰ ক্ষেত্ৰতো পৰিমাপন আৰু মূল্যায়ন ব্যৱহাৰ কৰা হয়। শিম্যাৰ্থীসকলক শিক্ষানুষ্ঠানত নামভৰ্তিকৰণ,এখন বিদ্যালয়ৰ পৰা অন্য এখন বিদ্যালয়লৈ গৈ অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ ফলাফল প্রয়োজন হয়। তদুপৰি ছাত্ৰ-ছাত্ৰীক এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ কৰাবলৈ, তেওঁলোকৰ সামৰ্থ, দক্ষতা অনুসৰি শ্ৰেণীকৰণ কৰা আদি দিশত পৰিমাপন আৰু, মূল্যায়ন প্রক্রিয়া ব্যৱহাৰ কৰা হয়।

গতিকে আমি ক’ব পাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰখনত পৰিমাপন আৰু মূল্যায়নৰ স্থান অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ সকলোবিলাক দিশ যেনে— নির্বাচন, শ্ৰেণীকৰণ, শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণ, শৈক্ষিক গবেষণা, নিৰ্দেশনা আৰু পৰামৰ্শদান, তুলনাকৰণ, শৈক্ষিত প্রশাসন আদি প্ৰতিটো দিশতেই পৰিমাপন আৰু মূল্যায়নৰ প্ৰয়োজন হয়।

১০। অবিৰত মূল্যায়ন আৰু সামগ্রিক মূল্যায়নৰ মাজত থকা পার্থক্যসমূহ কি কি?

উত্তৰঃ অবিৰত আৰু সামগ্রিক মূল্যায়নৰ পাৰ্থক্যসমূহ হ’ল—

১) অবিৰত মূল্যায়নৰ পৰিসৰ ঠেক। কিন্তু সামগ্রিক মূল্যায়নৰ পৰিসৰ ব্যাপক।

২) অবিৰত মূল্যায়ন শিক্ষাৰ্থীৰ শৈক্ষিক বিষয়বস্তুৰ লগত জড়িত। আনহাতে সামগ্রিক মূল্যায়ন শৈক্ষিক আৰু অনাশৈক্ষিক দুয়োটা দিশৰ লগত সম্পর্কিত।

৩) অবিৰত মূল্যায়নে শৈক্ষিক উদ্দেশ্যৰ সংজ্ঞানমক ক্ষেত্ৰৰ লগত জড়িত। আনহাতে সামগ্রিক মূল্যায়ন ব্যবস্থাই শিক্ষাৰ্থীৰ সংজ্ঞাননাত্মক, আনুভূতিক আৰু সংক্ৰিয়াত্মক এই তিনিওটা দিশৰ লগত জড়িত।

৪) অবিৰত মূল্যায়নে বহিঃপৰীক্ষাৰ সংখ্যা কমাই আভ্যন্তৰীণ মূল্যায়নত গুৰুত্ব দিয়ে।

আনহাতে সামগ্রিক মূল্যায়নে ব্যাহ্যিক আৰু আভ্যন্তৰীণ দুয়োধৰণৰ পৰীক্ষাৰ সহায় লয়।

৫) অবিৰত মূল্যায়নৰ দ্বাৰা শিক্ষকে ব্যক্তিগতভাবে শিক্ষার্থীক মূল্যায়ন কৰিব পাৰে। 

আনহাতে সামগ্ৰীক মূল্যায়নত শিক্ষার্থীক ব্যক্তিগতভাৱে মূল্যায়ন কৰাৰ কোনো ব্যৱস্থা নাই।

৬) অবিৰত মূল্যায়নৰ জড়িয়তে শিক্ষাৰ্থীৰ সম্পর্কে শুদ্ধ তথ্য পাব পাৰি।

আনহাতে সামগ্রিক মূল্যায়নৰ জড়িয়তে শিক্ষাৰ্থীক সম্পর্কে শুদ্ধ তথ্য পোৱা নাযায়। 

৭ ) অবিৰত মূল্যায়নৰ বাবে প্ৰয়োজন হোৱা প্ৰশ্ন বা সমস্যাসমূহত শিক্ষক শ্ৰেণীকক্ষত তেওঁ পাঠদান কৰা পাঠটোৰ পৰা বা পাঠটোৰ কোনো এটা অংশৰ পৰা নিৰ্বাচন কৰি শিক্ষাৰ্থীক সমাধান কৰিবলৈ দিয়ে।

আনহাতে সামগ্রিক মূল্যায়নৰ বাবে প্ৰয়োজন হোৱা সমস্যা বা প্রশ্নসমূহ কোনো পাৰদৰ্শী ব্যক্তিয়ে কোনো এটা বিষয়ৰ সম্পূর্ণ বিষয়বস্তু বা সকলোবোৰ পাঠ সামাৰ লোৱাকৈ প্ৰস্তুত কৰে।

৮) অবিৰত মূল্যায়নৰ বাবে শিক্ষকে কোনো ধৰণ সামগ্রিক আঁচনি প্ৰস্তুত কৰাৰ প্ৰয়োজন নাই।

কিন্তু সামগ্রিক মূল্যায়নৰ বাবে শিক্ষকে এক বিশেষ ধৰণৰ সামগ্রিক আঁচনি প্রস্তুত কৰিব লগা হয়।

১১। পৰিমাপন আৰু মূল্যায়নৰ প্ৰকৃতি আৰু বৈশিষ্ট্য ব্যাখ্যা কৰা?

উত্তৰঃ পৰিমাপন আৰু মূল্যায়নৰ প্ৰকৃতি আৰু বৈশিষ্ট্য সম্পর্কে তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি।

১) শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত ব্যক্তিসকলক উপযুক্ত দিক দর্শনত পৰিমাপন আৰু মূল্যায়মে সহায় কৰে।

২) পৰিমাপন আৰু, মূল্যায়নে শিক্ষাৰ প্ৰতিটো পৰ্যায়তে শিক্ষাৰ গুণগত তথা মান নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে। 

৩) শিক্ষাদানৰ উপযুক্ত পদ্ধতি, আৰ্হি আৰু কৌশল আদি নিৰ্ধাৰণত পৰিমাপন আৰু মূল্যায়মে সহায় কৰে।

৪) পৰিমাপন আৰু মূল্যায়নৰ দ্বাৰা শিক্ষকৰ যোগ্যতাৰ মান নিৰ্ধাৰণ কৰা হয়।

৫) শিক্ষাৰ্থীৰ সম্পৰ্কত পূর্বানুমান কৰাত পৰিমাপন আৰু মূল্যায়নে সহায় কৰে। ছাত্র-ছাত্রীসকলে ভবিষতে কেনেধৰণৰ পাৰদৰ্শিতা লাভ কৰিব আৰু কেনে ফলাফল দেখুৱাৰ সেই সম্পর্কে ভবিষ্যত মন্তব্য কৰাৰ বাবে পৰিমাপন আৰু মূল্যায়নে সহায় কৰে।

৬) পৰিমাপন আৰু মূল্যায়ন শিশুৰ ব্যক্তিত্বৰ বিকাশৰ সকলো দিশৰ লগত জড়িত।

৭) পৰিমাপন আৰু মূল্যায়নে ব্যক্তিৰ অবিৰত বিকাশ আৰু উন্নতি সম্পর্কে অধ্যয়ন কৰে। 

৮) পৰিমাপন আৰু মূল্যায়নে শিশুৰ প্ৰৱণতা গঠনৰ বিষয়ে অধ্যয়ন কৰে।

৯) পৰিমাপন আৰু, মুল্যায়নৰ দ্বাৰা শিক্ষার্থীৰ জুখিব বিচৰা কৃতিত্বক শুদ্ধ আৰু নিৰ্ভৰযোগ্যভাবে জুখিবলৈ সমর্থ হয়। সেয়ে ই নিৰ্ভৰযোগ্য।

১০) মূল্যায়ন হ’ল এক নির্দিষ্ট মানদণ্ড সম্পন্ন পৰিমাপন।

১১) পৰিমাপন আৰু মূল্যায়ন ক্ষেত্ৰত শিক্ষার্থীৰ প্ৰাৰম্ভিক প্ৰস্থিতি নির্ণয় অপৰিহাৰ্য্য। প্ৰাৰম্ভিক প্ৰস্থিতিৰ ভিত্তিতহে নির্ধারিত সময়ৰ ভিতৰত হোৱা পৰিৱৰ্তনৰ তুলনা কৰা সহজ।

১২) ইয়াত উপযুক্ত মানদণ্ড সম্পন্ন পদ্ধতি প্রয়োগ কৰিহে শিক্ষাৰ্থীৰ পৰিৱৰ্তনৰ প্ৰাপ্ত ৰেকৰ্ড গ্ৰহণ কৰিব লাগে।

১২। শৈক্ষিক পৰিমাপন বুলিলে কি বুজা? পৰিমাপনৰ লগত মূল্যায়নৰ কেনেদৰে সম্পর্কিত বৰ্ণনা কৰা। What do you mean by educational Measurement. How does measurement related with Evaluation? Illustrate?

উত্তৰঃ শব্দগত দিশৰ পৰা লক্ষ্য কৰিলে পৰিমাপন আৰু মূল্যায়ন দুয়োটা শব্দ সমার্থক। কিন্তু কাৰ্যৰ পৰিধিৰ দিশৰ পৰা পৰিমাপন আৰু মূল্যায়নৰ মাজত কিছু পাৰ্থক্য আছে আৰু দুয়োটা প্ৰক্ৰিয়াৰ মাজত পদ্ধতিগত পার্থক্য ও পৰিলক্ষিত হয়। কিন্তু পৰিমাপন অবিহনে মূল্যায়ন সম্ভৱ নহয়। ফলপ্ৰসু পৰিমাপনৰ বাবে যথাৰ্থ আৰু সম্পর্কিত পৰিমাপন অপৰিহাৰ্য্য ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন দিশৰ পৰিমাপনৰ বাবে মূল্যায়ন প্ৰক্ৰিয়া প্রয়োগ কৰা হয়। পৰিমাপনে মূল্যায়নৰ আহিলা হিচাপে কাম কৰে। বৰ্তমানৰ শিকন-শিক্ষণ প্ৰক্ৰিয়াৰ ধাৰণাসমূহৰ সৈতে সামঞ্জস্য রক্ষা কৰি শিক্ষাৰ্থীসকলৰ নানাধৰণৰ যোগ্যতা, তেনে যোগ্যতাৰ বিভিন্ন বৈশিষ্ট্য সমূহৰ প্ৰণালীবদ্ধ পৰিমাপনৰ বাবে মূল্যায়নৰ দৰে ব্যাপক আৰু গতিশীল ধাৰণা শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে।

পৰিমাপন প্ৰক্ৰিয়াৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত অৰ্জন কৰা জ্ঞান-অভিজ্ঞতা অথবা বিশেষ দক্ষতা বা কোনো বিশেষ শক্তিৰ নিদিষ্ট দিশৰ জোখ-মাখ লোৱা হয়। শিক্ষার্থীসকলে বিভিন্ন বিষয়ত কিমানখিনি যোগ্যতা অর্জন কৰিলে, এনে নির্দিষ্ট ক্ষেত্ৰত আহৰণ কৰা জ্ঞান-অভিজ্ঞতা, শক্তি-সামর্থ বা যোগ্যতাৰ মাত্ৰা নিৰ্ণয় কৰাটোৱেই পৰিম।পনৰ মূল কাম।

পৰিমাপনৰ দৰে মূল্যায়নৰ দ্বাৰাও শিক্ষাৰ্থীৰ অৰ্জিত জ্ঞানৰ পৰিমাপ কৰিব পৰা যায়। অৱশ্যে মূল্যায়নৰ ধাৰণা বিস্তৃত প্ৰকৃতিৰ হোৱাৰ বাবে মূল্যায়নে পৰিমাপন প্ৰক্ৰিয়াক নিজৰ পৰিসৰৰ অন্তৰ্ভুক্ত কৰি লয়। মূল্যায়নৰ কৰ্ম পদ্ধতি অতি ব্যাপক আৰু বিস্তৃত প্ৰকৃতিৰ। শিকণ শিক্ষণ প্ৰক্ৰিয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ সৰ্বাত্মক ব্যক্তিত্বৰ ক্ষেত্ৰত যিবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সংঘটিত হয় তেনে পৰিৱৰ্ত্তনৰ বিষয়ে সামূহিকভাৱে মূল্যায়ন কৰাটো ইয়াৰ মূল কাম।

মূল্যায়নৰ কাম হৈছে শিক্ষা প্ৰক্ৰিয়াৰ সকলোবোৰ লক্ষ্য উদ্দেশ্য আৰু বাস্তবায়িত হৈছে, বিফলতাৰ মাত্ৰা, বিফলতাৰ কাৰণ, সেইবোৰ প্ৰতিকাৰৰ উপায় ইত্যাদি সম্পর্কে বিতং পৰিমাপন কাৰ্য বাস্তবায়িত কৰি তোলা। এইক্ষেত্ৰত পৰিমাপনক মূল্যায়নৰ এটা উপায় হিচাপেহে গণ্য কৰিব পাৰি।

সামগ্রিক দৃষ্টিভংগীৰে বিচাৰ কৰিলে দেখা যায় যে মূল্যায়নৰ উদ্দেশ্য যাব কর্মক্ষেত্ৰ পৰিমাপণতকৈ অধিক বিস্তৃত। পৰিমাপন প্ৰক্ৰিয়াত নির্দিষ্ট বা বিশেষ অভীক্ষাৰ সহায়ত ছাত্র-ছাত্রীসকলে নির্দিষ্ট ক্ষেত্ৰত আহৰণ কৰা বিশেষ জ্ঞান, দক্ষতা, যোগ্যতা আদিৰ মাত্ৰা নিৰূপন কৰা হয়। মূল্যায়নে ছাত্র-ছাত্রীৰ বিশেষ বিশেষ ক্ষেত্ৰত আহৰণ কৰা জ্ঞান, দক্ষতা, যোগ্যতা আদিৰ পৰিমাপনৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশ সম্পর্কীয় অন্যান্য সকলো দিশৰে প্ৰণালীবদ্ধ পৰিমাপন কৰে। পৰিমাপনে মূল্যায়ন প্রক্রিয়া সহজ কৰি তোলে। মূল্যায়ন প্ৰক্ৰিয়াৰ সকলোবোৰ প্ৰাৰম্ভিক কাৰ্য্য পৰিমাপনে বাস্তবায়িত কৰে।

গতিকে পৰিমাপন আৰু মূল্যায়নক এটা আনটোৰ পৰিপূৰক বুলি ক’ব পাৰে। এটাক বাদ দি আনটোৰ দ্বাৰা বিশুদ্ধ প্ৰক্ৰিয়াৰে কোনো বিশেষ ঘটনা, কার্য, জ্ঞান-অভিজ্ঞতা আদিৰ প্ৰণালীবদ্ধ বিচাৰ বিশেষণ কৰাটো সম্ভৱ নহয়।

শিক্ষাৰ্থীৰ শৈক্ষিক দিশৰ জ্ঞান, দক্ষতা, যোগ্যতা, সামৰ্থ আদিৰ তথ্যৰ আহৰণ কৰাৰ লগত শৈক্ষিক অগ্রগতি, পিছপৰা শিশুৰ চিনাক্তকৰণ কৰি উপযুক্ত ব্যৱস্থা গ্রহণ আদি সকলো কৰ্মতে পৰিমাপন আৰু মূল্যায়নৰ প্ৰয়োজন ।

১৩। আধুনিক শিক্ষা ব্যৱস্থাত মূল্যায়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা। Discuss the needs of evaluation in modern education system?

উত্তৰঃ ১) নির্বাচন : বিভিন্ন ঔদ্যোগিক প্রতিষ্ঠান, প্ৰতিৰক্ষা আৰু অসামৰিক সেৱা আদিৰ নিৰ্বাচনৰ বাবে পৰিমাপনৰ সহায় লোৱা হয় শিক্ষার্থীসকলক বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে পৰিমাপন আৰু মূল্যায়নৰ সহায় লোৱা হয়। শিক্ষার্থীসকলক বিভিন্ন ক্ষেত্ৰত নামভৰ্তিৰ বাবে পৰিমাপন আৰু, মূল্যায়নৰ বিভিন্ন কৌশল প্রয়োগ কৰি তেওঁলোকৰ নিৰ্বাচন কৰা হয়। এই কৌশল সমূহ হৈছে অভিক্ষমতা আৰু সামৰ্থ্যৰ পৰীক্ষা, সাক্ষাৎকাৰ, প্ৰক্ষেপন পদ্ধতি, কৃতিত্ব অভীক্ষা, ব্যক্তিত্ব অভীক্ষা, পৰীক্ষা, প্ৰৱণতা অভীক্ষা ইত্যাদি। বর্তমান শিক্ষা ব্যৱস্থাতো বিদ্যালয়সমূহৰ শিক্ষক নিৰ্বাচনৰ বাবে শিক্ষকৰ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰা হয়। ঠিক সেইদৰে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ বাবে Net আৰু Set অনুষ্ঠিত কৰা হয়। যিহেতু এই নির্বাচন প্ৰক্ৰিয়াৰ দ্বাৰা বহুতো প্ৰাৰ্থীৰ মাজৰ পৰা কম সংখ্যক প্রার্থীক নিৰ্বাচন কৰা কৰিব লাগে যাতে উপযুক্ত প্রার্থী উপযুক্ত স্থানত নিৰ্বাচিত হয়।

২) শ্ৰেণীকৰণঃ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়। তেওঁলোকৰ সামৰ্থ্যৰ বা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক উচ্চ বুদ্ধিসম্পন্ন, সাধাৰণ আৰু অনগ্ৰসৰ আদি ভাগত কৰি তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষা দিব পৰা যায়। এনেদৰে শ্ৰেণীকৰণ কৰি শিক্ষাদান কৰিলে শিক্ষাদান সফল কৰি তুলিব পৰা যায়। নহলে উচ্চ বুদ্ধিসম্পন্ন আৰু অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক একেলগে একে পদ্ধতিৰে শিক্ষাদান কৰিলে নিম্ন বুদ্ধিসম্পন্ন বা অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ বুদ্ধিসম্পন্ন শিক্ষাৰ্থীসকলৰ দৰে বিষয়বস্তু বুজি পোৱাত অসুবিধা হ’ব আৰু ইয়াৰ দ্বাৰা অকল উচ্চ বুদ্ধিসম্পন্ন শিক্ষার্থীসকলহে উপকৃত হ’ব। এইক্ষেত্ৰত পৰিমাপন আৰু মূল্যায়নে ছাত্র-ছাত্রীসকলক শ্ৰেণীকৰণত সহায় কৰে৷ এই দুই প্ৰক্ৰিয়াৰ সহায়ত শৈক্ষিক কাৰ্যসূচীসমূহ ফলপ্রসূভাৱে আগবঢ়াই নিয়াত সহায়ক হয়। আদিতো শ্ৰেণীকৰণ কৰাটো অতি প্রয়োজন। প্ৰতিৰক্ষা বিভাগৰ বিষয়া সৈনিক ইত্যাদিত তেওঁলোকৰ কৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকৰণ কৰা হয়।

৩) তুলনাকৰণ : ব্যক্তিভেদে বিভিন্ন মানসিক সংলক্ষণ, অভ্যাস, মানসিক, সামর্থ, প্রবণতা, শৈক্ষিক কৃতিত্ব, ৰুচি অভিৰুচি, সংৰক্ষণ ক্ষমতা,দক্ষতা আদিৰ ক্ষেত্ৰত পাৰ্থক্য পৰিলক্ষিত হয়। বিভিন্ন ব্যক্তিৰ মাজত থকা পার্থক্য নির্ণয় কৰিবলৈ তুলনাৰ প্ৰতি প্রয়োজন। এই তুলনাকৰণৰ বাবে পৰিমাপন আৰু মূল্যায়ন প্রয়োগ কৰা হয়। শিক্ষাৰ ক্ষেত্ৰতো শিক্ষার্থীসকলৰ মাজত তুলনা কৰা, বিভিন্ন দলসমূহৰ মাজত তুলনা কৰি উৎকৃষ্টতা আৰু নিকৃষ্টতা নির্ণয় কৰা আদিৰ ক্ষেত্ৰত পৰিমাপন আৰু মূল্যায়নৰ প্ৰয়োজন হয়।

৪) শৈক্ষিক গৱেষণাত ব্যৱহাৰঃ পৰিমাপন আৰু মূল্যায়ন কৌশলক শৈক্ষিক গৱেষণামূলক কার্যতো ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্রী, শিক্ষক, প্রশাসক, নিৰ্দেশক আদি বিভিন্ন ধৰণৰ ব্যক্তিয়ে শিক্ষাৰ ক্ষেত্ৰত গবেষণ। কাৰ্য সম্পাদন কৰিবলৈ বিভিন্ন পৰিমাপন আৰু মূল্যায়নৰ সঁজুলি তথা কৌশল প্রয়োগ কৰে।

৫) নিৰ্দেশনা আৰু পৰামৰ্শদান : পৰিমাপন আৰু মূল্যায়ন পদ্ধতি শিক্ষামূলক নির্দেশনা আৰু পৰামৰ্শদানতো প্রয়োগ কৰা হয়। ছাত্র ছাত্ৰীসকলে নিজৰ বুদ্ধি, প্ৰৱণতা, অভিক্ষমতা, মনোভাৱ আদিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ভবিষ্যতে কেনেধৰণৰ বিষয় বা কার্যত কৃতকাৰ্য্যতা লাভ কৰিব পাৰিব, কোনটো বৃত্তি তেওঁলোকৰ বাবে উপযুক্ত সেই বিষয়ে তেওঁলোকক জ্ঞান প্ৰদান কৰিব লাগিব যাতে ভবিষ্যতে তেওঁলোকক অসুবিধা নহয়। ইয়াৰ বাবে নিৰ্দেশক আৰু পৰামৰ্শদাতাই ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক অভীক্ষা প্ৰয়োগ কৰিবলগীয়া হয়। এনে অভীক্ষাসমূহ পৰিমাপন আৰু মূল্যায়নৰ অন্তৰ্ভূক্ত।

৬) প্ৰশাসনৰ ক্ষেত্ৰত ব্যৱহাৰঃ শৈক্ষিক প্ৰশাসনৰ ক্ষেত্ৰতো পৰিমাপন আৰু মূল্যায়ন ব্যৱহাৰ কৰা হয়। শিম্যাৰ্থীসকলক শিক্ষানুষ্ঠানত নামভৰ্তিকৰণ,এখন বিদ্যালয়ৰ পৰা অন্য এখন বিদ্যালয়লৈ গৈ অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ ফলাফল প্রয়োজন হয়। তদুপৰি ছাত্ৰ-ছাত্ৰীক এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ কৰাবলৈ, তেওঁলোকৰ সামৰ্থ, দক্ষতা অনুসৰি শ্ৰেণীকৰণ কৰা আদি দিশত পৰিমাপন আৰু, মূল্যায়ন প্রক্রিয়া ব্যৱহাৰ কৰা হয় ।

গতিকে আমি ক’ব পাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰখনত পৰিমাপন আৰু মূল্যায়নৰ স্থান অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ সকলোবিলাক দিশ যেনে নির্বাচন, শ্ৰেণীকৰণ, শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণ, শৈক্ষিক গৱেষণা, নিৰ্দ্দেশনা আৰু পৰামৰ্শদান, তুলনাকরণ, শৈক্ষিত প্রশাসন আদি প্ৰতিটো দিশতেই পৰিমাপন আৰু মূল্যায়নৰ প্ৰয়োজন হয়।

১৪। তলত দিয়াবোৰৰ বিষয়ে চমুটোকা লিখা :

(i) গঠনাত্মক মূল্যায়ন [ Formative Evaluation]

উত্তৰঃ গঠনাত্মক মূল্যায়নক মূল্যায়ন কৌশল হিচাপে অভিহিত কৰিব পাৰি যি নিৰ্দদেশনাত্মক পদ্ধতি নিৰীক্ষকৰ কাৰ্য্য ৰূপায়ন কৰে আৰু শিক্ষণ আঁচনি মতে পৰিচালিত হৈছে নে নাই তাক পর্যবেক্ষণ কৰে।

গঠনাত্মক মূল্যায়নৰ বৈশিষ্ট্যঃ গঠনাত্মক মূল্যায়ন পদ্ধতিৰ বিভিন্ন বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণৰ

১) নিৰ্দেশনাত্মক সময়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ অভিজ্ঞতাৰ নিৰীক্ষণ কৰে।

২) শিকন-শিক্ষণৰ সময়ছোৱাত শিক্ষক-শিক্ষার্থীৰ শিক্ষণৰ কৃতকার্যতাৰ প্রতিপুষ্টি লাভ কৰাত সহায় কৰে।

৩) গঠনাত্মক মূল্যায়নত প্ৰতিপুষ্টিয়ে বিশেষ শিক্ষণৰ ত্রুটি আৰু ইয়াৰ প্ৰতিকাৰ সমূহ জনাত সহায় কৰে।

৪) শিক্ষার্থীসকলক প্রতিপুষ্ঠিৰ সহায়ত পুনৰদ্দীপন প্ৰদানত সহায় কৰে।

৫) গঠনাত্মক মূল্যায়নত প্ৰতিপুষ্ঠিৰ সহায়ত শিক্ষকে শিকাৰ প্ৰয়োজনীয় সংশোধন কৰি শিকন কৌশল প্রস্তুত কৰিব পাৰে।

৬) গঠনমূলক মূল্যায়নে শ্ৰেণীৰ কাম, গৃহ, কৰ্ম, মৌখিক প্রশ্ন আৰু কুইজ ইত্যাদিৰ মান নিৰূপন কৰে।

(ii) একত্ৰীকৰণ মূল্যায়ন।

উত্তৰঃ শিকন-শিক্ষণ প্ৰক্ৰিয়াত নিৰ্দ্ৰ্দেশনাৰ শেষত নির্দেশনাত্মক উপাদানসমূহ কিমান সফল হৈছে সেই বিষয়ে জানিবলৈ একত্ৰীকৰণ মূল্যায়ন ব্যৱহাৰ কৰা হয়। এই মূল্যায়ন হ’ল শিকনৰ মান নিৰূপক প্রক্রিয়া।

একত্ৰীকৰণ মূল্যায়নত তলত উল্লেখ কৰা বৈশিষ্ট্য সমূহ থকা দেখা যায়।

১) একত্ৰীকৰণ মূল্যায়নে নির্দেশনাত্মক উদ্দেশ্যসমূহৰ সামগ্রিক ফলপ্ৰসূতাৰ তথ্য প্ৰদান কৰে।

২) একত্ৰীকৰণ মূল্যায়ন এটা নিৰ্দিষ্ট নির্দেশনাত্মক আঁচনিৰ শেষত অনুষ্ঠিত কৰা হয় যাৰ সময়সীমা এটা ষাণ্মাসিক আৰু এটা সম্পূর্ণ বছৰৰ ক্ষেত্ৰতে বেলেগ বেলেগ হ’ব পাৰে। অৰ্থাৎ ইয়াৰ সময়সীমা ছমহীয়া বা গোটেই বছৰ পৰ্যন্তও হ’ব পাৰে।

৩) একত্ৰীকৰণ মনল্যায়নৰ মতে প্ৰকৃততে শিকন-শিক্ষণ সমূহ হৈছে নে নাই পৰীক্ষা কৰা, আৰু যদি হৈছে পূৰ্ব নিৰ্ধাৰিত উদ্দেশ্যৰ লগত শিক্ষণৰ গুণগত বা পরিমাণগত সম্বন্ধ নিৰ্ণয় কৰা।

৪) উপযুক্ত মূল্যায়ন আৰ্হিৰ ক্ষেত্ৰতহে এই পৰিমাপন প্ৰযোজ্য।

৫) এই মূল্যায়নে ব্যাখা নির্ণয় কৰে।

৬) একত্রীকরণ মূল্যায়নে কাৰ্য্যমূলক ব্যাখাকৰণৰ সুবিধা দিয়ে।

(iii) নৈদানিক মূল্যায়ন।

উত্তৰঃ নৈদানিক মূল্যায়ন হ’ল এক প্ৰত্যক্ষ আৰু স্পষ্ট পৰিমাপন প্রক্রিয়া। নিৰ্দ্দেশনা আদি নিৰ্ধাৰণ কৰাত সহায় কৰা এই মূল্যায়নৰ প্ৰধান উদ্দেশ্য। তদুপৰি গঠনাত্মক মূল্যায়নৰ দ্বাৰা শিক্ষার্থীৰ শিক্ষণ সমস্যা সমাধানত ব্যৰ্থ হ’লে তেনে সমস্যাৰ কাৰণ চিনাক্ত কৰি সমস্যা সমাধানৰ পৰিকল্পনা প্রস্তুত কৰে।

নৈদানিক অভীক্ষাৰ বৈশিষ্ট্যঃ মূল্যায়নৰ দ্বাৰা প্ৰতিটো শিশুৰ অভিক্ষমতা, আগ্রহ, বুদ্ধি আদি চিনাক্ত কৰি সঠিক দিশত আগবাঢ়ি যাবলৈ উৎসাহ যোগোৱা বা পৰামৰ্শদান কৰাই হ’ব নৈদানিক অভীক্ষা। এই অভিক্ষাত তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ থকা দেখা যায়।

১) এই অভীক্ষাই কোনো বিষয়ত শিক্ষার্থীয়ে প্ৰত্যক্ষ কৰা দুৰ্বলতসমূহ নির্ণয় কৰি কিন্তু ইয়াৰ বিপৰীতে সকলেশৰীয়া নম্বৰ কেতিয়াও প্ৰদান নকৰে।

২) নৈদানিক অভীক্ষাসমূহ সদায় গুণগত।

৩) এনে অভীক্ষাত অভীক্ষাৰ আৰ্হি গঠন কৰোঁতে শিক্ষণ ধনাত্মক স্থানান্তৰৰ ভিত্তিত ফল প্ৰদান কৰে।

৪) কোনো বিষয়ত শিক্ষার্থীয়ে লাভ কৰা অশুদ্ধ প্রশ্নোত্তৰক কেন্দ্ৰ কৰিহে নৈদানিক অভীক্ষা প্ৰস্তুত কৰা হয়। 

৫) এনে অভীক্ষাত অভীক্ষাৰ্থীৰ কোনো বিষয়ত লাভ কৰাৰ অশুদ্ধ প্রশ্নোত্তৰৰ অন্তৰালৰ কাৰণ বিশ্লেষণ কৰা হয়।

৬) এনে অভীক্ষা বিষয়ৰ বিশেষজ্ঞৰ প্ৰয়োজন নহয় কিন্তু নৈদানিক অভীক্ষা লাভ কৰা নম্বৰ আৰু ইয়াৰ বিশ্লেষণ এক জটিল কার্য। এইক্ষেত্ৰৰ অশুদ্ধ উত্তৰ কিয় দিয়া হ’ল এই কাৰ্য্য বিশ্লেষণৰ বাবেহে বিষয় বিশেষজ্ঞৰ প্ৰয়োজন।

(iv) পূর্বানুমান মূল্যায়ন।

উত্তৰঃ পূর্বানুমান বা ভবিষ্যৎবাণীৰ লগত আমাৰ দৈনন্দিন জাৱন ওতপ্রোতভাৱে জড়িত। কোনো এটা অভীক্ষাতবৰ্তমানে পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি সেই অভীক্ষাটোৰ ভবিষ্যত কৃতকার্যতা সম্পর্কে অনুমান কৰিব পাৰি। অভিক্ষমতা, বুদ্ধি আৰু অন্যান্য কিছুমান অভীক্ষাৰ ক্ষেত্ৰত ভৰিষ্যতবাণীৰ দ্বাৰা ফলাফল মূল্যায়ন কৰা হয়।

পূর্বানুমান মূল্যায়ন হ’ল প্ৰৱণতাৰ মূল্যায়ন। এই মূল্যায়ন বা অভীক্ষাৰ মূল উদেশ্য হ’ল বিশেষ নির্দিষ্ট বিষয়ত শৈক্ষিক কৃতিত্ব সম্পর্কে পূর্ব অনুমান কৰা হয়। এনে পূর্বানুমানৰ লগত মূল্যায়ন ওতপ্রোতভাবে জড়িত। বর্তমান সময়ত কি সংঘটিত হৈছে বা পৰিস্থিতি কেনেধৰণৰ তাৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষানুষ্ঠানসমূহৰ ভৱিষ্যত নিৰ্ণয় কৰা হয়। এনেধৰণৰ পূৰ্বানুমানে অনুষ্ঠানসমূহৰ ভৱিষ্যতে গ্রহণ কৰিবলগীয়া প্ৰতিকাৰসমূহ নিৰ্ধাৰণ কৰাত সহায় কৰে।

সাধাৰণতে পাৰদৰ্শিতাৰ ক্ষেত্ৰতে যিকোনো অভীক্ষাই বেলেগ বেলেগ তথ্য প্ৰদান কৰে। যেতিয়া মনোবৈজ্ঞানিক অভীক্ষা অনুষ্ঠিত হয় ইয়াৰ সিদ্ধান্ত বিলাক আনুমানিক হয়। এনেদৰে বিদ্যালয়ৰ অনুষ্ঠিত মনোবিজ্ঞানসন্মত 1.Q অভীক্ষাই শিক্ষাৰ্থীৰ মনলৈ অহা দক্ষতাৰ বুজ লয়। শিক্ষার্থীৰ ভৱিষ্যত সাচৰণ নিৰ্ধাৰণ কৰিবৰ বাবে আচৰণ সমূহৰ পৰিমাপন কৰা হয় আৰু এই পৰিমাপন

বিশেষ উদ্দেশ্যে প্রণোদিত। পূর্ব নির্ধাৰিত অনুমানসমূহৰ কাৰ্যাৱলীক প্রস্তুত কৰোঁতে শিক্ষাৰ্থীক নিৰ্বাচন আৰু গ্রেড প্রদান আদি শ্ৰেণীত ভাগ কৰা হয়। ধৰা হ’ল, মহাবিদ্যালয়ৰ পৰামৰ্শদাতাৰ কাষত আটাইতকৈ ভাল পাঠ্যক্ৰম নিৰ্বাচনৰ বাবে পৰামৰ্শ ললে। এনেধৰণৰ নিৰ্দ্দেশনা আৰু পৰামৰ্শদান পৰিমাপনৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যৰ ওপৰত নিৰ্ভৰশীল।

এই সকলোবিলাক কাম ছাত্ৰ- ছাত্ৰীৰ সক্ৰিয় শৈক্ষিক কৃতিত্বৰ ওপৰত নির্ভৰ কৰে। পূর্বানুমান অভীক্ষাত অভিক্ষাৰ্থীৰ শিক্ষনীয় স্তব বা পৰ্য্যায়। পৰিমাপ কৰা আদিৰ দ্বাৰা শিক্ষাৰ্থীৰ শৈক্ষিক কৃতিত্ব পৰিমাপ কৰাত সহায় কৰে।

পূর্বানুমানৰ বৈশিষ্ট্যঃ পূর্বানুমান অভীক্ষাৰ ক্ষেত্ৰত দেখা বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ —

১) এজন ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰয়োজনীয় উপাদানসমূহ অর্থাৎ সবলতা বা দুৰ্বলতাসমূহ জনাত সহায় কৰে।

২) শিক্ষাৰ্থীৰ সামাজিক, সাংস্কৃতিক সচেতনতার গুণসমূহ পৰিমাপ কৰে।

৩) সাময়িক সময়ত ব্যক্তিৰ বা শিক্ষাৰ্থীৰ কোনটো দিশত আগ্ৰহ বা সুস্ত সক্ষমতা আছে সেই বিষেয়ে বর্ণনা দিয়ে।

৪) নিযুক্তি প্রাপ্ত কর্ম সন্তুষ্টি, এই সন্দর্ভও প্রয়োজনীয় বিশেষ চাহিদা আদিৰ পৰিমাণগত তুলনা কৰাত সহায় কৰে।

৫) ভবিষ্যত বিকাশৰ বাবে প্রয়োজনীয় বুনিয়াদী চৰ্তসমূহ বাছি উলিয়াৱ। 

৬) ভবিষ্যত বিকাশৰ বাবে প্রয়োজীনয় চাহিদাসমূহ সম্পূর্ণ নোহোৱালৈকে সময়ৰ গাঁথনি নির্ণয় কৰা।

৭) বিভিন্ন শিতানৰ পৰিপূৰক দিশসমূহ বাছি উলিয়াই । 

৮) এই সকলোবিলাক দিশ নিৰীক্ষণ আৰু বিশেষীকৰণ কৰা।

(v) Continuous and comprehensive Evaluation. 

উত্তৰঃ শৈক্ষিক মূল্যায়ন হ’ল এক সু-শৃংখলিত প্রক্রিয়া শিক্ষাৰ্থীৰ বিকাশ আৰু উন্নতি সাধনৰ লক্ষ্য পূৰণৰ বাবে মূল্যায়ণৰ সহায় লোৱা | হয়। মূল্যায়ণ সন্দৰ্ভত কোঠাৰী আয়োগে এনেদৰে ব্যক্ত কৰে যে ‘মূল্যায়ণ হৈছে এক অবিৰত প্ৰক্ৰিয়া যি সামগ্রিক শিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ আৰু শৈক্ষিক উদ্দেশ্যৰ সৈতে সু-সম্পর্কিত। ই ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন অভ্যাস আৰু শিক্ষকৰ শিক্ষাদান পদ্ধতিক প্ৰৱলভাৱে প্ৰভাৱিত কৰে। গতিকে ই কেৱল শৈক্ষিক কৃতিত্বৰ পৰিমাপ কৰাই নহয়, ইয়াৰ উপৰি উৎকৰ্ষ সাধনত সহায় কৰে।

অৰিত মূল্যায়নঃ

যি মূল্যায়ন ব্যৱস্থাত অবিৰতভাৱে শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ গুণাগুণ পৰিমাপ কৰা হয় তাকে অবিৰত মূল্যায়ন বোলে। এই মূল্যায়ন শিক্ষার্থী এজন কোনো এক শিক্ষার্থী এজন কোনো এক শিক্ষাবৰ্ষত প্রৱেশ কৰাৰে পৰা আৰম্ভ কৰা হয় । পাঠদানৰ পিছত শিক্ষকে শিক্ষাৰ্থীৰ পাঠ আহৰণৰ মাত্ৰ জুখিবৰ বাবে সোধা প্রশ্নও অবিৰত মূল্যায়ণৰে উদাহৰণ। তদুপৰি বৰ্তমান শিক্ষা ব্যৱস্থাত প্রচলন হোৱা গোটা পৰীক্ষা, গৃহকর্ম, আলোচনাচক্র অনুষ্ঠিকৰণ আদি কাৰ্যসূচীসমূহো ইয়াৰ উদাহৰণ ই শিক্ষার্থীৰ দৈনন্দিন কার্যসূচী।

সামগ্রিক মূল্যায়ন :

যি মূল্যায়ন প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ অগ্ৰগতিৰ খতিয়ান শৈক্ষিক বা বিদ্যায়তনিক আৰু অনাশৈক্ষিক বা অবিদ্যায়নিক উভয় দিশতে লোৱা হয়, তাকে সামগ্রিক মূল্যায়ন বোলা হয়। এই মূল্যায়ন প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বুদ্ধি আৰু বিকাশৰ সংজ্ঞাত্মক ক্ষেত্ৰৰ লগতে তেওঁলোকৰ সকলো দিশৰ লগত জড়িত। সামগ্রিক মূল্যায়নৰ শৈক্ষিক দিশটোৱে শিক্ষাৰ্থীৰ বিষয়ভিত্তিক জ্ঞানক সূচায়। অনাশৈক্ষিক দিশটোৱে খেলা-ধূলা, সাহিত্য চৰ্চা, সহযোগিতা, সময়ানুৱৰ্তিতা, বৈজ্ঞানিক মানসিকতা আদি সকলো দিশ সামৰি লয়। সেয়ে ভাৰতীয় শিক্ষা আয়োগে মত পোষণ কৰে যে শিক্ষাৰ্থীৰ শাৰীৰিক উন্নতি, ব্যক্তিত্ব আৰু চৰিত্ৰ, সামাজিক কৃতিত্ব, শৈক্ষিক কৃতিত্ব আৰু বিভিন্ন প্ৰকাৰৰ কৌশলৰ পাৰদৰ্শিতাৰ মূল্যায়নেই সামগ্রিক মূল্যায়ন।

[vi] ASignificance of Continuous and Comprehensive Evaluation.

উত্তৰঃ যি মূল্যায়ন ব্যৱস্থাত অবিৰতভাৱে শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ গুণাগুণ পৰিমাপ কৰা হয়, তাকে অবিৰত মূল্যায়ণ বোলে। অবিৰত মূল্যায়নৰ গুৰুত্বসমূহ তলত উল্লেখ কৰা হ’ল—

ক) শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ নিয়মীয়া অভ্যাস গঢ়ি তোলাত অবিৰত মূল্যায়নে সহায় কৰে।

খ) এই মূল্যায়ন ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ উদ্দেশ্য, পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি আদিৰ সংশোধনমূলক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

গ) ই ব্যাহিক পৰীক্ষাৰ সীমাবদ্ধতাসমূহ হ্ৰাস কৰাত সহায় কৰে। 

ঘ) অবিৰত ম্যূলায়ন ব্যবস্থাই শিক্ষণ ব্যৱধান নিৰ্ণয় কৰাত সহায় কৰে।

ঙ) অবিৰত মূল্যায়নৰ জৰিয়তে পাঠদান বৰ্ষ চলি থকাৰ সময়তে শিক্ষাৰ্থীসকলৰ পাঠ আহৰণৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব পাৰি আৰু প্ৰয়োজনীয় প্রতি পুষ্টি প্ৰদানৰো সুবিধা পোৱা যায়।

চ) শিক্ষার্থীসকলে অধ্যয়ন কৰিবলগীয়া বিষয়সমূহৰ সম্পৰ্কে বিশদভাৱে জানিবলৈ অবিৰত মূল্যায়ণ ব্যৱস্থাই সুবিধা দিয়ে।

যি মূল্যায়ণ প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ অগ্ৰগতিৰ খতিয়ান শৈক্ষিক বা বিদ্যায়তনিক আৰু অনাশৈক্ষিক বা অবিদ্যায়তনিক উভয় দিশতে লোৱা হয়, তাকে সামগ্রিক মূল্যায়ন বোলা হয়। সামগ্রিক মূল্যায়ণৰ গুৰুত্বসমূহ তলত উল্লেখ কৰা হ’ল— 

ক) সামগ্রিক মূল্যায়নে শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশৰ লগতে অনা শৈক্ষিক দিশৰ প্ৰতিভাসমূহ চিনাক্তকৰণ কৰাত সহায় কৰে।

খ) এই মূল্যায়নে ছাত্ৰ-ছাত্ৰীৰ আবেগিক সংযমশীলতাৰ দিশসমূহো পৰিমাপ কৰে । 

গ) সামগ্রিক মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীৰ সামাজিক দিশসমূহৰ বিকাশ নিৰ্ণয় কৰিব পাৰি ।

ঘ) শিক্ষাৰ্থীসকলৰ কর্ম অভ্যাস, শিক্ষণ ক্ষমতা, যোগ্যতা আদিৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত সামগ্রিক মূল্যায়নে অভিৰুচিত কৰে।

ঙ) ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শাৰীৰিক উন্নতি, ব্যক্তিত্ব আৰু চৰিত্ৰ, সামাজিক কৃতিত্ব, শৈক্ষিক কৃতিত্ব আৰু বিভিন্ন প্ৰকাৰৰ কৌশলৰ পাৰদৰ্শিতাৰ মূল্যায়ণ কৰিব পাৰি।

(vii) বিনে-চাইমন স্কেলৰ বিশেষত্ব [Characteristics of Binet-Simon Scale]

উত্তৰঃ মনোবৈজ্ঞানিক বিনে আৰু তেওঁৰ সহকৰ্মী চাইমনৰ সন্মিলিত প্রচেষ্টাৰ কাৰণেই নিৰ্ভৰযোগ্য এটি বুদ্ধি অভীক্ষা প্ৰস্তুত কৰা সম্ভৱ হৈছিল। এই বিনে-চাইমন স্কেলৰ প্ৰধান বৈশিষ্ট্যখিনি হ’ল নিম্নোক্ত ধৰণৰ —

১) এই অভীক্ষা কিছুমান সমস্যামূলক প্রশ্নৰ সমষ্টি। পৰীক্ষাৰ্থীক প্রশ্নৰ উত্তৰ দিবলৈ দি সমস্যাৰ সমাধান কৰিবলৈ কোৱা হয়।

২) এই প্রশ্ন বা সমস্যাবোৰ ক্ৰমাগতভাৱে সহজৰপৰা দুৰূহ কৰি সজোৱা হয়, [Graded in difficulty] যাতে বয়স বৃদ্ধিৰ লগে লগে স্বাভাৱিকভাবে বুদ্ধিৰ বৃদ্ধি হৈছেনে নাই জানিব পাৰি ।

৩) এই প্রশ্নসমূহ সমদূৰত্ব পূর্ণভাৱে কিছুমান এককত [Units] ভাগ কৰা থাকে।

৪) বুদ্ধি অভীক্ষাৰ এটি প্রধান বৈশিষ্ট্য হ’ল মানসিক বয়সৰ [Mental Age] ধাৰণা। এই ধাৰণাৰ কাৰণে বুদ্ধি-পৰিমাপ বৈজ্ঞানিকভাৱে কৰাটো সম্ভৱ হৈছে।

৫) বুদ্ধি অভীক্ষাত লিখিত অংশ খুব কম। বিভিন্ন প্রশ্ন বা সমস্যাসমূহ কেতিয়াবা একোটা চিন বহুৱাই, কেতিয়াবা শূন্য ঠাই পূৰণ কৰি, তেতিয়াবা কোনো শব্দ কাটি দি, কেতিয়াবা কোনো শব্দৰ তলত আঁক মাৰি সমাধান কৰা হয়।

৬) এই স্কেলত বহুতো বিভিন্ন ধৰ্মী কাম আৰু সমস্যা অন্তৰ্ভুক্ত কৰি বুদ্ধি-পৰিমাপ কৰিবৰ ব্যৱস্থা লোৱা হয়।

৭) বুদ্ধি অভীক্ষাৰদ্বাৰা প্ৰকৃত বুদ্ধি-পৰিমাপ কৰাতকৈ বুদ্ধিৰ বাহ্যিক

প্রকাশ অর্থাৎ অভিব্যক্তিকহে পৰিমাপ কৰা হয়।

৮) ইয়াৰ প্রশ্নমালা তৈয়াৰ কৰা কষ্টসাধ্য কিন্তু পৰীক্ষা আৰু পৰিমাপ সহজ।

৯) বুদ্ধি অভীক্ষাৰ আন এটি মূল বৈশিষ্ট্য হ’ব বুদ্ধ্যাংক [I.Q.] ধাৰণা।

১০) বুদ্ধি পৰীক্ষাৰ উত্তৰ দিয়াৰ কাৰণে কোনো শিক্ষা বা অর্জিত জ্ঞানৰ পৰিৱৰ্তে মৌলিক শক্তিৰহে প্রয়োজন হয়।

১৫। মূল্যায়নৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰা। Discuss about the principles of Evaluation?

উত্তৰঃ নির্দেশনাত্মক উদ্দেশ্যৰ লক্ষ্য প্রাপ্তিত মূল্যায়ন হ’ল এক পদ্ধতিগত প্রক্রিয়া। সেয়ে মূল্যায়নে এক সক্রিয় কৌশল প্রয়োগ কৰে। তলত উল্লেখ কৰা নীতিসমূহে মূল্যায়ন প্ৰক্ৰিয়াক অধিক সক্রিয় কৰি তোলে ।

১) মূল্যায়ন পদ্ধতিৰ দ্বাৰা কি মূল্যায়ন কৰিবলৈ লোৱা হৈছে সেই সম্পর্কে স্পষ্ট হ’ব লাগে।

২) এজন মূল্যায়কাৰীয়ে মূল্যায়ন কৌশলৰ সীমাবদ্ধতা সমূহ জনা উচিত। 

৩) মূল্যায়ন ফলাফল নিৰ্ধাৰণৰ এক মাধ্যমহে কিন্তু ই স্বতঃস্ফুত ভাৱে পৰিণাম নহয়।

৪) এজন ব্যক্তি বা এটা ব্যক্তিৰ গোটক সম্পূৰ্ণকৈ মূল্যায়ন কৰিবৰ বাবে মূল্যায়নৰ বেলেগ বেলেগ পদ্ধতি প্রয়োগ কৰিব লাগে।

৫) মূল্যায়নৰ লক্ষ্য অনুসৰিহে ইয়াৰ আহিলা প্ৰয়োগ কৰা হয়। 

৬) মূল্যায়নৰ অভিপ্রেত যি বিশেষ গুণ বা যোগ্যতা মূল্যায়ন কৰা হ’ব তাৰ বাবে মূল্যায়ন কৌশলসম্পূর্ণ উপযুক্ত হোৱা উচিত।

৭) মূল্যায়নৰ এক নিৰ্ধাৰিত লক্ষ্য বা সিদ্ধান্ত থকা উচিত যদিও এই সিদ্ধান্ততেই সবশেষ নহ’বও পাৰে।

৮) মূল্যায়নৰ সময়ত মূল্যায়নকাৰীয়ে নৈতিক দিশটোৰ প্ৰতি অধিক লক্ষ্য ৰাখিব লাগে।

৯) মূল্যায়নকাৰীৰ আছিলা সম্পকে সম্পূর্ণ জ্ঞান থাকিব লাগিব।

এবিধ আহিলাৰ কেনেধৰণৰ বৈশিষ্ট্য আছে তাক মূল্যায়নকাৰীয়ে সঠিক কৈ পৰীক্ষা কৰিব লাগিব।

১৬। গঠনাত্মক মূল্যায়ন কি? গঠনাত্মক মূল্যায়নৰ বৈশিষ্ট্যসমূহ লিখা। What is Formative evaluation? write the characteristics it Formative evaluation?

উত্তৰঃ গঠনাত্মক মূল্যায়নক মূল্যায়ন কৌশল হিচাপে অভিহিত কৰিব পাৰি যি নিৰ্দদেশনাত্মক পদ্ধতি নিৰীক্ষকৰ কাৰ্য্য ৰূপায়ন কৰে আৰু শিক্ষণ আঁচনি মতে পৰিচালিত হৈছে নে নাই তার পর্যবেক্ষণ কৰে।

গঠনাত্মক মূল্যায়নৰ বৈশিষ্ট্যঃ গঠনাত্মক মূল্যায়ন পদ্ধতিৰ বিভিন্ন বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণৰ—

১) নির্দেশনাত্মক সময়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ অভিজ্ঞতাৰ নিৰীক্ষণ কৰে।

২) শিকন-শিক্ষণৰ সময়ছোৱাত শিক্ষক শিক্ষাৰ্থীৰ শিক্ষণৰ কৃতকাৰ্যতাৰ প্রতিপুষ্টি লাভ কৰাত সহায় কৰে। 

৩) গঠনাত্মক মূল্যায়নত প্ৰতিপুষ্টিয়ে বিশেষ শিক্ষণৰ ত্ৰুটি আৰু ইয়াৰ প্ৰতিকাৰ সমূহ জনাত সহায় কৰে।

৪) শিক্ষার্থীসকলক প্রতি পুষ্ঠিৰ সহায়ত পুনৰুদ্দীপন প্ৰদানত সহায় কৰে।

৫) গঠনাত্মক মূল্যায়নত প্ৰতিপুষ্ঠিৰ সহায়ত শিক্ষকে শিকনৰ প্ৰয়োজনীয় সংশোধন কৰি শিকন কৌশল প্ৰস্তুত কৰিব পাৰে।

৬) গঠনমূলক মূল্যায়নে শ্ৰেণীৰ কাম, গৃহ, কর্ম, মৌখিক প্রশ্ন আৰু কুইজ ইত্যাদিৰ মান নিৰূপন কৰে। 

৭) গঠনমূলক মূল্যায়ন বিশেষকৈ শিক্ষক নির্মিত অভীক্ষাত ব্যৱহাৰ হয়। 

৮) এই মূল্যায়নে নির্ধাৰিত নিৰ্দ্দেশনাত্মক সময়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ অগ্ৰগতিৰ মান নিৰূপন কৰে।

৯) অধ্যয়নৰ কৰ্মপদ্ধতিৰ মান নিৰূপনত গঠনমূলক মূল্যায়নৰ ফলাফল ব্যৱহাৰ কৰা নহয় ।

১০) নিৰ্দ্দেশনাত্মক আঁচনিৰ সময়ত গঠনমূলক মূল্যায়ন ব্যৱহাৰ কৰা হয়। 

১৭। নৈদানিক মূল্যায়ন বুলিলে কি বুজা? নৈদানিক মূল্যায়নৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। What do you mean by Diagnostic evaluation? Discuss the characteristics of diagnostic evaluation?

উত্তৰঃ নৈদানিক মূল্যায়ন হ’ল এক প্ৰত্যক্ষ আৰু স্পষ্ট পৰিমাপন প্রক্রিয়া। নিৰ্দ্দেশনা আদি নিৰ্ধাৰণ কৰাত সহায় কৰা এই মূল্যায়নৰ প্রধান উদ্দেশ্য। তদুপৰি গঠনাত্মক মূল্যায়নৰ দ্বাৰা শিক্ষাৰ্থীৰ শিক্ষণ সমস্যা সমাধানত ব্যর্থ হ’লে তেনে সমস্যাৰ কাৰণ চিনাক্ত কৰি সমস্যা সমাধানৰ পৰিকল্পনা প্রস্তুত কৰে।

নৈদানিক অভীক্ষাৰ বৈশিষ্ট্যঃ মূল্যায়নৰ দ্বাৰা প্ৰতিটো শিশুৰ অভিক্ষমতা, আগ্রহ, বুদ্ধি আদি চিনাক্ত কৰি সঠিক দিশত আগবাঢ়ি যাবলৈ উৎসাহ যোগোৱা বা পৰামৰ্শদান কৰাই হ’ব নৈদানিক অভীক্ষা এই অভিক্ষাত তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ থকা দেখা যায়।

১) এই অভীক্ষাই কোনো বিষয়ত শিক্ষাৰ্থীয়ে প্ৰত্যক্ষ কৰা দুৰ্বলতসমূহ নিৰ্ণয় কৰি কিন্তু ইয়াৰ বিপৰীতে সকলেশৰীয়া নম্বৰ কেতিয়াও প্রদান নকৰে ।

২) নৈদানিক অভীক্ষাসমূহ সদায় গুণগত।

৩) এনে অভীক্ষাত অভীক্ষাৰ আৰ্হি গঠন কৰোঁতে শিক্ষণ ধনাত্মক স্থানান্তৰৰ ভিত্তিত ফল প্ৰদান কৰে।

৪) কোনো বিষয়ত শিক্ষার্থীয়ে লাভ কৰা অশুদ্ধ প্রশ্নোত্তৰক কেন্দ্ৰ কৰিহে নৈদানিক অভীক্ষা প্ৰস্তুত কৰা হয়।

৫) এনে অভীক্ষাত অভীক্ষাৰ্থীৰ কোনো বিষয়ত লাভ কৰাৰ অশুদ্ধ প্রশ্নোত্তৰৰ অন্তৰালৰ কাৰণ বিশ্লেষণ কৰা হয়।

৬) এনে অভীক্ষা বিষয়ৰ বিশেষজ্ঞৰ প্ৰয়োজন নহয় কিন্তু নৈদানিক অভীক্ষা লাভ কৰা নম্বৰ আৰু ইয়াৰ বিশ্লেষণ এক জটিল কার্ম। এইক্ষেত্ৰৰ অশুদ্ধ উত্তৰ কিয় দিয়া হ’ল এই কাৰ্য্য বিশ্লেষণৰ বাবেহে বিষয় বিশেষজ্ঞৰ প্ৰয়োজন ।

৭) নৈদানিক উদ্দেশ্যত ৰচনাধৰ্মী বিষয়ৰ প্ৰয়োজন নাথাকে। 

৮) নৈদানিক উপ অভীক্ষা বা এটা শিক্ষণীয় গোটহে ইয়াত প্রয়োজন হয় আৰু ই নিৰ্ভৰযোগ্য

৯) ব্যাখ্যাকৰণ দৃষ্টিভংগীৰ পৰা নৈদানিক অভীক্ষা ব্যক্তিগত অভীক্ষা যদিও ই দলীয় অভীক্ষাহে।

১৮। অবিৰত আৰু সামগ্রিক মূল্যায়নৰ ধাৰণা ব্যাখা কৰা। Explain the term continuous and comprehensive evaluation?

উত্তৰঃ অবিৰত মূল্যায়ন :

যি মূল্যায়ন ব্যৱস্থাত শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ পৰিমাণ অবিৰতভাৱে পৰিমাপ কৰা হয় তাকে অবিৰত মূল্যায়ন বোলা হয়। এনে মূল্যায়ন ব্যৱস্থাত কোনো এজন শিক্ষার্থী শিক্ষাবৰ্ষত অন্তভূৰ হোৱা দিনাৰে পৰা শিক্ষনীয় বিষয়বস্তুৰ পৰিমাপ কৰা হয়। শিক্ষা আৰু মূল্যায়নৰ প্ৰকৃত লক্ষ্যত উপনীত হবৰ বাবে শিক্ষণীয় বিষয়বস্তুসমূহ শিক্ষকে সময়ে সময়ে মূল্যায়ন কৰে। বৰ্তমান শিক্ষা ব্যৱস্থাত অনুস্থিত হোৱা গোট পৰীক্ষা, মৌখিক পৰীক্ষা, গৃহকর্ম, শ্ৰেণী পৰীক্ষা, আলোচনা। চক্ৰৰ, দলীয় আলোচনা আদি কাৰ্যসূচীসমূহ অবিৰত মূল্যায়নৰ উদাহৰণ । এইটো এটা দীর্ঘম্যাদী প্ৰক্ৰিয়া । যাৰ দ্বাৰা শিক্ষাৰ্থীৰ দৈনন্দিন কাৰ্যসূচীক অবিৰতভাৱে মূল্যায়ন কৰা হয়। শিক্ষকে শিক্ষাৰ্থীৰ মূল্যায়ন ৰেকৰ্ড ৰাখিবৰ বাবে Cumulative Record Card ব্যৱহাৰ কৰে।

ভাৰতীয় শিক্ষা অয়োগৰ মতে, “মূল্যায়ন এক অবিৰত প্ৰক্ৰিয়া। ই সম্পূর্ণ শিক্ষা ব্যৱস্থাটোৰ একোটা অংশ, শিক্ষার্থীৰ অধ্যয়নৰ অভ্যাস আৰু শিক্ষকৰ শিক্ষাদান পদ্ধতিৰ লগত নিবিড়ভাৱে জড়িত। সেয়ে অবিৰত মূল্যায়নে শৈক্ষিক কৃতিত্বক পৰিমাপন কৰাৰ লগতে শিক্ষাৰ উন্নতিতো সহায় কৰে।”

[Kothari Education Commission [1964-66] has remarked, ‘It is now agreed that evaluation is a continuous process, forms on integral part of the total system of education, and is intimately related to education objective. It exercises a great influence on the pupils study habits and the teachers method of instruction, and this helps not only to measure educational achievement but also to improve.]

সামগ্রিক মূল্যায়ন :

যি মূল্যায়ন ব্যৱস্থাত শিক্ষার্থীৰ অগ্ৰগতিৰ ফলাফল শৈক্ষিক আৰু অনাশৈক্ষিক উভয় দিশতে লোৱা হয় তাকে সামগ্রীক মূল্যায়ন বোলা হয়। এই মূলায়ন ব্যবস্থাই শিক্ষাৰ্থীৰ সংজ্ঞানাত্মক, আনুভূতিক আৰু সংক্ৰিয়াত্মক ক্ষেত্ৰৰ মূল্যায়নক বুজায়। সামগ্রীক মূল্যায়নৰ শৈক্ষিক দিশটোৱে শিক্ষার্থীৰ বিষয় ভিত্তিক জ্ঞানক সূচায়, আনহাতে অনাশৈক্ষিক দিশটোৱে আৱেগ-অনুভূতি, আগ্রহ – মূল্যবোধ, খেলা-ধূলা, সাহিত্যচর্চা, সহনশীলতা, সময়ানুবর্তিতা, নিয়মানুবর্তিতা, প্ৰৱণতা আদি সকলো দিশ সামৰি লয়। এই মূল্যায়নে শৈক্ষিক আৰু অনাশৈক্ষিক সকলো স্তৰকে সামৰি লোৱাৰ বাবে এই মূল্যায়ন ব্যৱস্থাক সামগ্রীক মূল্যায়ন বুলি কোৱা হয়। ই শিক্ষণৰ লক্ষ্য নিৰ্ধাৰণ শিক্ষাৰ পাঠ্যক্ৰম, শিক্ষাদান আৰু শিক্ষাগ্রহণ প্ৰক্ৰিয়াৰ উন্নতি সাধন আদিৰ লগত জড়িত। সামগ্ৰীক মূল্যায়ন শিক্ষণীয় বিষয়বস্তুৰ মূল্যায়নৰ লগতে পাঠ্যক্ৰমৰ উদ্দেশ্য পূৰণৰ ওপৰতো গুৰুত্ব দিয়ে।

সামগ্রীক মূল্যায়নে শিক্ষাৰ্থীৰ বৃদ্ধি আৰু বিকাশৰ মূল্যায়নতো গুৰুত্ব আৰোপ কৰে। ভাৰতীয় শিক্ষা আয়োগৰ মতে,“ শিক্ষাৰ্থীৰ শাৰীৰিক উন্নতি, ব্যক্তিত্ব আৰু চৰিত্ৰ সামাজিক কৃতিত্ব, শৈক্ষিক কৃতিত্ব আৰু বিভিন্ন প্ৰকাৰৰ কৌশলগত কৃতিত্বৰ মূল্যায়নক সামগ্রিক বোলা হয়। সেয়ে, সামগ্রীক মূল্যায়নৰ বাবে শিক্ষানুষ্ঠানত এক সামগ্ৰীক আঁচনি প্ৰস্তুত কৰিব লাগে।

১৯। পৰিমাপন আৰু মূল্যায়নৰ মাজত থকা পাৰ্থক্যসমূহ ব্যাখ্যা কৰা?

উত্তৰঃ ১) পৰিমাপনৰ পৰিসৰ সংকীৰ্ণ আনহাতে মূল্যায়নৰ পৰিসৰ ব্যাপক।

২) পৰিমাপনে পৰিমাণগত মূল্য নিৰূপন কৰে। কিন্তু মূল্যায়নে গুণগত মূল্য নিৰূপন কৰে ।

৩) পৰিমাপনে আচৰণৰ পৰিৱৰ্ত্তনৰ কেৱল পৰিমাণগত বর্ণনাহে দিয়ে কিন্তু মূল্যায়নে পৰিমাণগত আৰু গুণগত দুয়োধৰণৰ বৰ্ণনা দিয়ে। 

৪) পৰিমাপন এক গতিহীন আৰু স্থিৰ প্ৰক্ৰিয়া। আনহাতে মূল্যায়ন এক অবিৰত প্রক্রিয়া।

৫) পৰিমাপন বস্তুনিষ্ঠ, সঠিক। কিন্তু মূল্যায়ন ব্যক্তিনিষ্ঠ। 

৬) পৰিমাপন এক নিশ্চিত আৰু সংখ্যাত্মক মান। আনহাতে মূল্যায়ন হ’ল ব্যক্তি বিশেষে বিচাৰ নাইবা সামূহিক পৰিমাপন।

৭) সাধাৰণতে শৈক্ষিক পৰিমাপনত এটা নিৰ্দিষ্ট বিষয়ৰ পাৰদৰ্শিতা বা যোগ্যতা আদিৰ যিকোনো এটা বিশেষ দিশৰ ওপৰতে গুৰুত্ব দিয়া হয়।

আনহাতে শিক্ষা মূল্যায়নত ব্যক্তিত্বৰ বিস্তৃত পৰিৱৰ্তন আৰু শৈক্ষিক কাৰ্যক্ৰমণিকাৰ গুৰুত্বপূৰ্ণ বিষয় বস্তুসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। মূল্যায়নে কোনো বিষয়ৰ পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে মনোযোগ, ধাৰণা, চিন্তাৰ ধৰণ, সামাজিক ভাৱপ্ৰৱণতা আদিৰ ওপৰতো সমানেই গুৰুত্ব দিয়ো। অর্থাৎ মূল্যায়নে শিশুৰ ব্যক্তিত্বৰ সামগ্রিক দিশৰ তথ্য দিয়ে।

৮) মূল্যায়ন পূর্ব নির্ধাৰিত শৈক্ষিক লক্ষ্যৰ লগত জড়িত কিন্তু পৰিমাপন পূর্বনির্ধাৰিও শৈক্ষিক লক্ষ্যৰ লগত জড়িত নহয়। 

৯) পৰিমাপনে শিশুৰ বৰ্তমানৰ স্থানকহে নিৰ্ধাৰণ কৰে। কিন্তু মূল্যায়নে শিক্ষাৰ্থীৰ অতীত, বৰ্তমান আৰু ভবিষ্যতৰ স্থান সম্পৰ্কে জনাত সহায় কৰে।

১০) পৰিমাপনত শিক্ষক-শিক্ষার্থী, অধ্যক্ষ আৰু অভিভাৱকৰ মাজত কোনো আন্তঃসম্পর্ক নাই।

২০। শিক্ষা আৰু মনোবিজ্ঞানত পৰিমাপন আৰু মূল্যায়নসমূহ আলোচনা কৰা? 

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানত পৰিমাপন আৰু মূল্যায়নে বিভিন্ন কাৰ্য্য সম্পাদন কৰে। সেয়া আলোচনা কৰা হ’ল—

১) নির্বাচন : বিভিন্ন ঔদ্যোগিক প্রতিষ্ঠান, প্রতিৰক্ষা আৰু অসামৰিক সেৱা আদিৰ নিৰ্বাচনৰ বাবে পৰিমাপনৰ সহায় লোৱা হয়। শিক্ষার্থীসকলক বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে পৰিমাপন আৰু মূল্যায়নৰ সহায় লোৱা হয়। শিক্ষার্থীসকলক বিভিন্ন ক্ষেত্ৰত নামভৰ্তিৰ বাবে পৰিমাপন আৰু, মূল্যায়নৰ বিভিন্ন কৌশল প্রয়োগ কৰি তেওঁলোকৰ নিৰ্বাচন কৰা হয়। এই কৌশল সমূহ হৈছে অভিক্ষমতা আৰু সামৰ্থ্যৰ পৰীক্ষা, সাক্ষাৎকাৰ, প্ৰক্ষেপন পদ্ধতি, কৃতিত্ব অভীক্ষা, ব্যক্তিত্ব অভীক্ষা, পৰীক্ষা, প্ৰৱণতা অভীক্ষা ইত্যাদি। বর্তমান শিক্ষা ব্যৱস্থাতো বিদ্যালয়সমূহৰ শিক্ষক নিৰ্বাচনৰ বাবে শিক্ষকৰ যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰা হয়। ঠিক সেইদৰে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ বাবে Net আৰু Set অনুষ্ঠিত কৰা হয়। যিহেতু এই নির্বাচন প্রক্ৰিয়াৰ দ্বাৰা বহুতো প্ৰাৰ্থীৰ মাজৰ পৰা কম সংখ্যক প্রার্থীক নির্বাচন কৰা কৰিব লাগে যাতে উপযুক্ত প্রার্থী উপযুক্ত স্থানত নিৰ্বাচিত হয়।

২) শ্ৰেণীকৰণঃ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়। তেওঁলোকৰ সামৰ্থ্যৰ বা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক উচ্চ বুদ্ধিসম্পন্ন, সাধাৰণ আৰু অনগ্ৰসৰ আদি ভাগত কৰি তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষা দিব পৰা যায়। এনেদৰে শ্ৰেণীকৰণ কৰি শিক্ষাদান কৰিলে শিক্ষাদান সফল কৰি তুলিব পৰা যায়। নহলে উচ্চ বুদ্ধিসম্পন্ন আৰু অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক একেলগে একে পদ্ধতিৰে শিক্ষাদান কৰিলে নিম্ন বুদ্ধিসম্পন্ন বা অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ বুদ্ধিসম্পন্ন শিক্ষাৰ্থীসকলৰ দৰে বিষয়বস্তু বুজি পোৱাত অসুবিধা হ’ব আৰু ইয়াৰ দ্বাৰা অকল উচ্চ বুদ্ধিসম্পন্ন শিক্ষার্থীসকলহে উপকৃত হ’ব। এইক্ষেত্ৰত পৰিমাপন আৰু মূল্যায়নে ছাত্র-ছাত্রীসকলক শ্ৰেণীকৰণত সহায় কৰে। এই দুই প্ৰক্ৰিয়াৰ সহায়ত শৈক্ষিক কাৰ্যসূচীসমূহ ফলপ্রসূভাৱে আগবঢ়াই নিয়াত সহায়ক হয়। আদিতো শ্ৰেণীকৰণ কৰাটো অতি প্ৰয়োজন। প্রতিক্ষা বিভাগৰ বিষয়া, সৈনিক ইত্যাদিত তেওঁলোকৰ কৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকৰণ কৰা হয়।

৩) তুলনাকৰণ : ব্যক্তিভেদে বিভিন্ন মানসিক সংলক্ষণ, অভ্যাস, মানসিক, সামর্থ, প্রৱণতা, শৈক্ষিক কৃতিত্ব, ৰুচি-অভিৰুচি, সংৰক্ষণ ক্ষমতা,দক্ষতা আদিৰ ক্ষেত্ৰত পাৰ্থক্য পৰিলক্ষিত হয়। বিভিন্ন ব্যক্তিৰ মাজত থকা পার্থক্য নির্ণয় কৰিবলৈ তুলনাৰ প্ৰতি প্ৰয়োজন। এই তুলনাকৰণৰ বাবে পৰিমাপন আৰু মূল্যায়ন প্রয়োগ কৰা হয়। শিক্ষাৰ ক্ষেত্ৰতো শিক্ষাৰ্থীসকলৰ মাজত তুলনা কৰা, বিভিন্ন দলসমূহৰ মাজত তুলনা কৰি উৎকৃষ্টতা আৰু নিকৃষ্টতা নিৰ্ণয় কৰা আদিৰ ক্ষেত্ৰত পৰিমাপন আৰু মূল্যায়নৰ প্ৰয়োজন হয়।

৪) শৈক্ষিক গৱেষণাত ব্যৱহাৰঃ পৰিমাপন আৰু মূল্যায়ন কৌশলক শৈক্ষিক গৱেষণামূলক কার্যতো ব্যৱহাৰ কৰা হয়। ছাত্র ছাত্রী, শিক্ষক, প্রশাসক, নির্দেশক আদি বিভিন্ন ধৰণৰ ব্যক্তিয়ে শিক্ষাৰ ক্ষেত্ৰত গবেষণ। কাৰ্য সম্পাদন কৰিবলৈ বিভিন্ন পৰিমাপন আৰু মূল্যায়নৰ সঁজুলি তথা কৌশল প্রয়োগ কৰে।

৫) নিৰ্দেশনা আৰু পৰামৰ্শদান : পৰিমাপন আৰু মূল্যায়ন পদ্ধতি শিক্ষামূলক নিৰ্দেশনা আৰু পৰামৰ্শদানতো প্ৰয়োগ কৰা হয়। ছাত্র ছাত্ৰীসকলে নিজৰ বুদ্ধি, প্রবণতা, অভিক্ষমতা, মনোভাৱ আদিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ভবিষ্যতে কেনেধৰণৰ বিষয় বা কাৰ্যত কৃতকাৰ্য্যতা লাভ কৰিব পাৰিব, কোনটো বৃত্তি তেওঁলোকৰ বাবে উপযুক্ত সেই বিষয়ে তেওঁলোকক জ্ঞান প্ৰদান কৰিব লাগিব যাতে ভৱিষ্যতে তেওঁলোকক অসুবিধা নহয়। ইয়াৰ বাবে নিৰ্দেশক আৰু পৰামৰ্শদাতাই ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক অভীক্ষা প্রয়োগ কৰিবলগীয়া হয়। এনে অভীক্ষাসমূহ পৰিমাপন আৰু মূল্যায়নৰ অন্তৰ্ভূক্ত।

৬) প্ৰশাসনৰ ক্ষেত্ৰত ব্যৱহাৰঃ শৈক্ষিক প্ৰশাসনৰ ক্ষেত্ৰতো পৰিমাপন আৰু মূল্যায়ন ব্যৱহাৰ কৰা হয়। শিম্যাৰ্থীসকলক শিক্ষানুষ্ঠানত নামভৰ্তিকৰণ,এখন বিদ্যালয়ৰ পৰ অন্য এখন বিদ্যালয়লৈ গৈ অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ ফলাফল প্রয়োজন হয়। তদুপৰি ছাত্ৰ-ছাত্ৰীক এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ কৰাবলৈ, তেওঁলোকৰ সামৰ্থ, দক্ষতা অনুসৰি শ্ৰেণীকৰণ কৰা আদি দিশত পৰিমাপন আৰু, মূল্যায়ন প্রক্রিয়া ব্যৱহাৰ কৰা হয় ৷

গতিকে আমি ক’ব পাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰখনত পৰিমাপন আৰু মূল্যায়নৰ স্থান অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ সকলোবিলাক দিশ যেনে — নিৰ্বাচন, শ্ৰেণীকৰণ, শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণ, শৈক্ষিক গৱেষণা, নিৰ্দেশনা আৰু পৰামৰ্শদান, তুলনাকৰণ, শৈক্ষিত প্রশাসন আদি প্ৰতিটো দিশতেই পৰিমাপন আৰু মূল্যায়নৰ প্ৰয়োজন হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top