MCQ of Assamese Literature – অসমীয়া সাহিত্যিক

MCQ of Assamese Literature – অসমীয়া সাহিত্যিক is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of Assamese Literature – অসমীয়া সাহিত্যিক.

MCQ of Assamese Literature

Join Telegram channel

প্ৰশ্ন ৫১) শংকৰদেৱৰ কোনখন গ্ৰন্থক ‘অসমৰ মৌচাক’ বুলি কোৱা হয় ?

ক) কুৰুক্ষেত্ৰ ।

খ) ভক্তিপ্রদীপ ।

গ)ৰামবিজয় ।

ঘ) কীৰ্ত্তন ।

উত্তৰঃ – ঘ) কীৰ্ত্তন ।

প্ৰশ্ন ৫২) “নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা , উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে ” ― এইষাৰ কাৰ যুক্তি ?

ক) ড° মহেশ্বৰ নেওগ ।

খ) তীৰ্থনাথ শৰ্মা ।

গ) ড° বাণীকান্ত কাকতি ।

ঘ) ড° সত্যেন্দ্ৰনাথ শৰ্মা ।

উত্তৰঃ- গ) ড° বাণীকান্ত কাকতি ।

প্ৰশ্ন ৫৩) জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী হল ―

ক) লক্ষ্মীনাথ বেজবৰুৱা ।

খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

গ) পদ্মনাথ গোহাঞি বৰুৱা ।

ঘ) হেমচন্দ্ৰ গোস্বামী ।

উত্তৰঃ- খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

প্ৰশ্ন ৫৪) চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা অসমীয়া কাব্য সাহিত্যৰ প্ৰথম খন ৰোমাণ্টিক কবিতা হৈছে ―

ক) প্ৰতিমা ।

খ) বনকুঁৱৰী ।

গ) জলকুঁৱৰী ।

ঘ) বীণব’ৰাগী  ।

উত্তৰঃ- খ) বনকুঁৱৰী ।

প্ৰশ্ন ৫৫)  ‘প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ’ ― চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ যুক্তি ?

ক) লক্ষ্মীনাথ বেজবৰুৱা ।

খ) ড° বাণীকান্ত কাকতি ।

গ) ড° মহেশ্বৰ নেওগ ।

ঘ) সত্যনাথ বৰা ।

উত্তৰঃ- ক) লক্ষ্মীনাথ বেজবৰুৱা ।

প্ৰশ্ন ৫৬) চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতাপুথি হৈছে ―

ক) প্ৰতিমা ।

খ) কদমকলি ।

গ) বীণব’ৰাগী ।

ঘ) জুনুকা ।

উত্তৰঃ- গ) বীণব’ৰাগী ।

প্ৰশ্ন ৫৭) ‘নিয়ৰ’ কবিতাটোৰ ৰচক কোন ?

ক) চন্দ্ৰকুমাৰ আগৰৱালা ।

খ) লক্ষ্মীনাথ বেজবৰুৱা ।

গ) ৰঘুনাথ চৌধুৰী ।

ঘ) নলিনীবালা দেৱী ।

উত্তৰঃ- ক) চন্দ্ৰকুমাৰ আগৰৱালা ।

প্ৰশ্ন ৫৮) ১৯১৮ চনত চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকতখন হৈছে ―

ক) জোনাকী ।

খ) অসমীয়া ।

গ) মৌ ।

ঘ) বিজুলী ।

উত্তৰঃ- খ) অসমীয়া । 

প্ৰশ্ন ৫৯) তলৰ কোনটো কবিতা চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা নাই―

ক) মাধুৰী ।

খ) তেজীমলা ।

গ) অজেয় ।

ঘ) প্ৰিয়তমাৰ চিঠি ।

উত্তৰঃ- ঘ) প্ৰিয়তমাৰ চিঠি ।

প্ৰশ্ন ৬০) মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা এটি কবিতা হল ―

ক) নঙঠা ফকিৰ ।

খ) মানৱ বন্দনা ।

গ) আনন্দতীৰ্থ ।

ঘ) চিৰলগৰীয়া ।

উত্তৰঃ- ক) নঙঠা ফকিৰ ।

প্ৰশ্ন ৬১)  চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত ?

ক) সন্ধিয়া ।

খ) মাধুৰী ।

গ) অকলশৰীয়া ।

ঘ) তেজীমলা ।

উত্তৰঃ- ঘ) তেজীমলা ।

প্ৰশ্ন ৬২) তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক নহয় ?

ক) কদমকলি ।

খ) বেলিমাৰ ।

গ) নোমল ।

ঘ) পাচনি ।

উত্তৰঃ-  ক) কদমকলি ।

প্ৰশ্ন ৬৩) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথি খন হল ―

ক) লিতিকাই ।

খ) কদমকলি ।

গ) জোনবিৰি ।

ঘ) কেহোঁকলি ।

উত্তৰঃ- খ) কদমকলি ।

প্ৰশ্ন ৬৪) ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশন খনিত সভাপতিত্ব কৰিছিল ―

ক) চন্দ্ৰকুমাৰ আগৰৱালাই ।

খ) হেম বৰুৱাই ।

গ) বিৰিঞ্চি কুমাৰ বৰুৱাই ।

ঘ) লক্ষ্মীনাথ বেজবৰুৱাই ।

উত্তৰঃ- ঘ) লক্ষ্মীনাথ বেজবৰুৱাই ।

প্ৰশ্ন ৬৫)  ‘মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ’ গ্ৰন্থৰ প্ৰণেতা হল ―

ক) লক্ষ্মীনাথ বেজবৰুৱা ।

খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

গ) পদ্মনাথ গোহাঞি বৰুৱা ।

ঘ) নলিনীবালা দেৱী ।

উত্তৰঃ- ক) লক্ষ্মীনাথ বেজবৰুৱা ।

প্ৰশ্ন ৬৬)  ‘জুনুকা’ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ―

ক) গল্পপুথি ।

খ) শিশু সাহিত্য ।

গ) কবিতাপুথি ।

ঘ) হাস্যৰসাত্মক নাটক ।

উত্তৰঃ- খ) শিশু সাহিত্য ।

প্ৰশ্ন ৬৭) ‘ভদৰী হল ―

ক) বেজবৰুৱাৰ চুটি গল্প ।

খ) বেজবৰুৱাৰ নাটক ।

গ) বেজবৰুৱাৰ উপন্যাস ।

ঘ) বেজবৰুৱাৰ উপন্যাসৰ এটি চৰিত্ৰ ।

উত্তৰঃ- ক) বেজবৰুৱাৰ চুটি গল্প ।

প্ৰশ্ন ৬৮) বেজবৰুৱাই ৰচনা কৰা কোনটো কবিতা কাহিনী – গীত বা মালিতাৰ লগত সম্পৰ্কিত ?

ক) বীণ’বৰাগী ।

খ) প্ৰিয়তমাৰ সৌন্দৰ্য ।

গ) মালতী ।

ঘ) ৰতনীৰ বেজাৰ ।

উত্তৰঃ- ঘ) ৰতনীৰ বেজাৰ ।

প্ৰশ্ন ৬৯) বুৰঞ্জীৰ আধাৰত ৰচিত বেজবৰুৱাৰ এখন নাটক হল ―

ক) পাচনি ।

খ) পদুম কুঁৱৰী ।

গ) জয়মতী কুঁৱৰী ।

ঘ) মলক গুইন গুইন ।

উত্তৰঃ- গ) জয়মতী কুঁৱৰী ।

প্ৰশ্ন ৭০) ‘অসম সঙ্গীত’টো ৰচক হৈছে ―

ক) ৰঘুনাথ চৌধুৰী ।

খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

গ) মিত্ৰদেৱ মহন্ত ।

ঘ) লক্ষ্মীনাথ বেজবৰুৱা ।

উত্তৰঃ- ঘ) লক্ষ্মীনাথ বেজবৰুৱা ।

প্ৰশ্ন ৭১) তলৰ কোনখন ৰচনা পদ্মনাথ গোহাঞি বৰুৱাৰ নহয় ?

ক) লাচিত বৰফুকন ।

খ) সাধনী ।

গ) জয়মতী ।

ঘ) চক্ৰধ্বজ সিংহ ।

উত্তৰঃ- ঘ) চক্ৰধ্বজ সিংহ ।

প্ৰশ্ন ৭২) পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক হৈছে ―

ক) মহৰী ।

খ) নোমল ।

গ) বাণৰজা ।

ঘ) টেটোন তামুলী ।

উত্তৰঃ- গ) বাণৰজা ।

প্ৰশ্ন ৭৩) পদ্মনাথ গোহাঞি বৰুৱাৰ ধেমেলীয়া নাটকখন হল ―

ক) গাওঁবুঢ়া ।

খ) তিনি ঘৈণী ।

গ) বিয়া বিলৈ ।

ঘ) কানীয়াৰ কীৰ্ত্তন ।

উত্তৰঃ- ক) গাওঁবুঢ়া ।

প্ৰশ্ন ৭৪) পদ্মনাথ গোহাঞি বৰুৱাৰ ভানুমতী উপন্যাসখন প্ৰকাশ পোৱা কাকতখন হল ―

ক) বিজুলী ।

খ) অসমীয়া ।

গ) জোনাকী ।

ঘ) বাঁহী ।

উত্তৰঃ- ক) বিজুলী ।

প্ৰশ্ন ৭৫) পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন ?

ক) লাহৰী ।

খ) ভানুমতী ।

গ) জয়মতী ।

ঘ) সাধনী ।

উত্তৰঃ- খ) ভানুমতী ।

প্ৰশ্ন ৭৬) অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন হল ―

ক) পদ্মনাথ গোহাঞি বৰুৱা ।

খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

গ) লক্ষ্মীনাথ বেজবৰুৱা ।

ঘ) ৰঘুনাথ চৌধাৰী ।

উত্তৰঃ- ক) পদ্মনাথ গোহাঞি বৰুৱা ।

প্ৰশ্ন ৭৭) পদ্মনাথ গোহাঞি বৰুৱাৰ সাহিত্য সাধনাৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখন হৈছে ―

ক) ভানুমতী ।

খ) শ্ৰীকৃষ্ণ ।

গ) জুৰণী ।

ঘ) লাহৰী ।

উত্তৰঃ- খ) শ্ৰীকৃষ্ণ ।

প্ৰশ্ন ৭৮) ‘ফুলৰ চানেকী’ হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ ―

ক) নাটক ।

খ) কবিতাপুথি ।

গ) উপন্যাস ।

ঘ) জীৱনী ।

উত্তৰঃ- খ) কবিতাপুথি ।

প্ৰশ্ন ৭৯) লীলা কাব্যৰ ৰচক হল ―

ক) হেম বৰুৱা ।

খ) চন্দ্ৰকুমাৰ আগৰৱালা ।

গ) লক্ষ্মীনাথ বেজবৰুৱা ।

ঘ) পদ্মনাথ গোহাঞি বৰুৱা ।

উত্তৰঃ- ঘ) পদ্মনাথ গোহাঞি বৰুৱা ।

প্ৰশ্ন ৮০)  ‘উৰ্মিলা’ শীৰ্ষক কবিতাটো ৰচক হল ―

ক) চন্দ্ৰকুমাৰ আগৰৱালা ।

খ) লক্ষ্মীনাথ বেজবৰুৱা ।

গ) পদ্মনাথ গোহাঞি বৰুৱা ।

ঘ) নিৰ্মলপ্ৰভা বৰদলৈ ।

উত্তৰঃ- গ) পদ্মনাথ গোহাঞি বৰুৱা ।

প্ৰশ্ন ৮১)  হেম বৰুৱাৰ প্ৰথমখন কাব্যপুথি হল ―

ক) মন ময়ুৰী ।

খ) পৃথিৱী ।

গ) বালিচন্দা ।

ঘ) উপকন্ঠ ।

উত্তৰঃ- গ) বালিচন্দা ।

প্রশ্ন ৮২) হেম বৰুৱাই কোনখন কাকতত কাব্যজীৱন আৰম্ভ কৰে ? 

ক) জোনাকী ।

খ) জয়ন্তী ।

গ) ৰামধেনু ।

ঘ) বাঁহী ।

উত্তৰঃ- খ) জয়ন্তী ।

প্ৰশ্ন ৮৩) ‘জাৰৰ দিনৰ সপোন’ শীৰ্ষক কবিতাটিৰ ৰচক হল ―

ক) হেম বৰুৱা ।

খ) নৱকান্ত বৰুৱা ।

গ) নিৰ্মলপ্ৰভা বৰদলৈ ।

ঘ) হীৰেন ভট্টাচাৰ্য ।

উত্তৰঃ- ক) হেম বৰুৱা ।

প্ৰশ্ন ৮৪) তলৰ কোনগৰাকী কবি এগৰাকী কৃতি সাংসদ আছিল ?

ক) নিৰ্মলপ্ৰভা বৰদলৈ ।

খ) হেম বৰুৱা ।

গ) পদ্মনাথ গোহাঞি বৰুৱা ।

ঘ) চন্দ্ৰকুমাৰ আগৰৱালা ।

উত্তৰঃ- খ) হেম বৰুৱা ।

প্ৰশ্ন ৮৫) হেম বৰুৱাই সম্পাদনা কৰা কাকত দুখন হল ―

ক) পছোৱা আৰু জয়ন্তী ।

খ) আৱাহন আৰু ৰামধেনু ।

গ) পছোৱা আৰু আসাম এক্সপ্ৰেছ ।

ঘ) জয়ন্তী আৰু আসাম এক্সপ্ৰেছ । 

উত্তৰঃ- গ) পছোৱা আৰু আসাম এক্সপ্ৰেছ ।

প্ৰশ্ন ৮৬) হেম বৰুৱাই সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ 

ক) বৰপেটা অধিবেশনত ।

খ) ধুবুৰী অধিবেশনত ।

গ) গুৱাহাটী অধিবেশনত ।

ঘ) নগাঁও অধিবেশনত ।

উত্তৰঃ- খ) ধুবুৰী অধিবেশনত ।

প্ৰশ্ন ৮৭) ‘কন্নকী’ গ্ৰন্থৰ অনুবাদক হল ―

ক) হেম বৰুৱা ।

খ) নৱকান্ত বৰুৱা ।

গ) হেমচন্দ্ৰ বৰুৱা ।

ঘ) দেৱকান্ত বৰুৱা ।

উত্তৰঃ- ক) হেম বৰুৱা ।

প্ৰশ্ন ৮৮) তলত উল্লিখিত কোনখন হেম বৰুৱাৰ অনুদিত গ্ৰন্থ ?

ক) কিউপিড আৰু ছাইকী ।

খ) মন ময়ুৰী ।

গ) মমতাৰ চিঠি ।

ঘ) এখন চিঠি ।

উত্তৰঃ-  ক) কিউপিড আৰু ছাইকী ।

প্ৰশ্ন ৮৯) ‘মেকং নৈ দেখিলো’ কাৰ ৰচনা ?

ক) চন্দ্ৰকুমাৰ আগৰৱালা ।

খ) নিৰ্মলপ্ৰভা বৰদলৈ ।

গ) লক্ষ্মীনাথ বেজবৰুৱা ।

ঘ) হেম বৰুৱা ।

উত্তৰঃ- ঘ) হেম বৰুৱা ।

প্রশ্ন ৯০) তলত উল্লিখিত কোনখন গ্ৰন্থ হেম বৰুৱাৰ ৰচনা ?

ক) The Red River and the Blue Hill .

খ) The Blue River and the Red Hill .

গ) The Blue River and the Green Hill .

ঘ) The White River and the Blue Hill .

উত্তৰঃ- ক) The Red River and the Blue Hill .

প্ৰশ্ন ৯১) ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখন হল –

ক) মৌচাক ।

খ) সঁফুৰা ।

গ) ৰংমন ।

ঘ) প্ৰান্তিক ।

উত্তৰঃ- খ) সঁফুৰা ।

প্ৰশ্ন ৯২) আতংকৰ শেষত ডিটেকটিভ উপন্যাস খন কাৰ ৰচনা ?

ক) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

খ) ৰঞ্জু হাজৰিকা ।

গ) পদ্ম বৰকটকী ।

ঘ) পদ্মনাথ গোহাঞি বৰুৱা ।

উত্তৰঃ- ক) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

প্রশ্ন ৯৩) ‘মৰমৰ দেউতা’ হল –

ক) এখন গল্পপুথি ।

খ) এখন শিশু উপন্যাস ।

গ) এখন একাংকিকা নাটক ।

ঘ) এখন মাহেকীয়া কাকত ।

উত্তৰঃ- খ) এখন শিশু উপন্যাস ।

প্ৰশ্ন ৯৪) তলৰ কোন দুখন গল্পপুথি ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনা ―

ক) গহ্বৰ আৰু শব্দ ।

খ) প্ৰহৰী আৰু সপোন ।

গ) বৃন্দাবন আৰু কাশী ।

ঘ) সেন্দুৰ আৰু শৃংখল ।

উত্তৰঃ- ঘ) সেন্দুৰ আৰু শৃংখল ।

প্ৰশ্ন ৯৫) ‘ৰম্যভূমি’ উপন্যাস খনৰ ৰচক হল ―

ক) লক্ষ্মীনাথ বেজবৰুৱা ।

খ) পদ্মনাথ গোহাঞি বৰুৱা ।

গ) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

ঘ) হেম বৰুৱা ।

উত্তৰঃ- গ) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

প্ৰশ্ন ৯৬) গ) ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰচনা কৰা নাটকখন হৈছে ―

ক) শান্ত – শিষ্ট – দুষ্ট – পুষ্ট – হৃষ্ট – পিষ্ট ।

খ) শান্ত – দুষ্ট – হৃষ্ট – পুষ্ট – শিষ্ট – পিষ্ট ।

গ) শান্ত – শিষ্ট – মহাদুষ্ট – হৃষ্ট – পুষ্ট । 

ঘ) শান্ত – শিষ্ট – হৃষ্ট – পুষ্ট – মহাদুষ্ট ।

উত্তৰঃ- ঘ) শান্ত – শিষ্ট – হৃষ্ট – পুষ্ট – মহাদুষ্ট ।

প্ৰশ্ন ৯৭) ড° ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমে কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলিছিল ?

ক) ৰামধেনু ।

খ) উদয় ।

গ) আৱাহন ।

ঘ) জয়ন্তী ।

উত্তৰঃ- খ) উদয় ।

প্ৰশ্ন  ৯৮) ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচ্চিত্ৰ খন হল ―

ক) অন্তৰীপ ।

খ) তৰংগ ।

গ) ইতিহাস ।

ঘ) সন্ধ্যাৰাগ ।

উত্তৰঃ- ঘ) সন্ধ্যাৰাগ ।

প্ৰশ্ন  ৯৯) তলৰ কোনগৰাকী সাহিত্যকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল ?

ক) ড° নিৰ্মলপ্ৰভা বৰদলৈ ।

খ) হেম বৰুৱা ।

গ) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

ঘ) ড° লক্ষ্মীনন্দন বৰা ।

উত্তৰঃ-  গ) ড° ভবেন্দ্ৰ নাথ শইকীয়া ।

প্ৰশ্ন ১০০) গ) ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা আলোচনীখন হল ―

ক) গৰীয়সী ।

খ) প্ৰকাশ ।

গ) প্ৰান্তিক ।

ঘ) সূত্ৰধাৰ ।

উত্তৰঃ- গ) প্ৰান্তিক ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top