MCQ of Assamese Alphabet – অসমীয়া ভাষাৰ বর্ণমালা

MCQ of Assamese Alphabet – অসমীয়া ভাষাৰ বর্ণমালা is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of অসমীয়া ভাষাৰ বর্ণমালা – Assamese Alphabet.

অসমীয়া ভাষাৰ বর্ণমালা – Assamese Alphabet

Join Telegram channel

Table of Contents

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given অসমীয়া ভাষাৰ বর্ণমালা – Assamese Alphabet of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

অসমীয়া ভাষাৰ বর্ণমালা

ASSAMESE LANGUAGE


ধ্বনিবোৰৰ লিখিত প্ৰতীকক বৰ্ণ বুলি কোৱা হয়। বৰ্ণই প্ৰকাৰান্তৰে আখৰ আৰু আখৰেই প্ৰকাৰান্তৰে বৰ্ণ। সত্যনাথ বৰাৰ মতে মানুহে কথা কওতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহতক লেখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোতে একোটা চিন ব্যৱহাৰ কৰা হৈছে সেই চিনবিলাককে বৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে।

অসমীয়া বৰ্ণমালা দুবিধ :- স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ। যি বিলাক আখৰ আন কোনো আখৰৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি তাক স্বৰবৰ্ণ বোলে।

স্বৰবৰ্ণবোৰ হ’ল – অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও আৰু ঔ

যিবিলাক বৰ্ণ স্বৰবৰ্ণৰ সহায়ত উচ্চাৰিত হয় সেইবিলাকেই ব্যঞ্জনবৰ্ণ।

ব্যঞ্জনবৰ্ণবোৰ হ’ল – ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ, ড়, ঢ়, য়, ৎ, ং, ঃ,

MCQ of Assamese Alphabet

প্ৰশ্ন ১। যি বৰ্ণ কাৰো সহায় নোহোৱাকৈ উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে ?

(ক) স্বৰবৰ্ণ।

(খ) ব্যঞ্জনবৰ্ণ।

(গ) অন্তস্থ বৰ্।

(ঘ) মহাপ্ৰাণ বৰ্ণ।

উত্তৰ : (ক) স্বৰবৰ্ণ।

প্ৰশ্ন ২। এটা কণ্ঠবৰ্ণৰ উদাহৰণ দিয়া

(ক) ই।

(খ) ঈ।

(গ) অ।

(ঘ) ছ।

উত্তৰ :(গ) অ।

প্ৰশ্ন ৩। সুকীয়া উচ্চাৰণ নথকা বৰ্ণ বুলিলে কাক বুজায়-

(ক) ঋ।

(খ) অনুস্বাৰ।

(গ) ঔ।

(ঘ) খ।

উত্তৰ :(খ) অনুস্বাৰ।

প্ৰশ্ন ৪। অনুস্বাৰ আৰু বিসৰ্গক কি বৰ্ণ বোলে ?

(ক) স্বৰবৰ্ণ।

(খ) অযোগবাহ বৰ্ণ।

(গ) প্লুতস্বৰ।

(ঘ) ব্যঞ্জনবৰ্ণ।

উত্তৰ :(খ) অযোগবাহ বৰ্ণ।

প্ৰশ্ন ৫। স্পৰ্শবৰ্ণবিলাকৰ একোটা ভাগক কি বোলা হয় ।

(ক) বৰ্গ।

(খ) বৰ্ণ।

(গ) পংক্তি।

(ঘ) ধ্বনি।

উত্তৰ :(ক) বৰ্গ।

প্ৰশ্ন ৬। স্বৰবৰ্ণ আন বৰ্ণত যোগ হ’লে তাৰ আকৃতিৰ পৰিৱৰ্তন-

(ক) ঘটে।

(খ) নঘটে।

(গ) যুক্ত হোৱা বৰ্ণটোৰ আকৃতি পৰিৱৰ্তন হয়।

(ঘ) বৰ্ণটো বিসৰ্গযুক্ত হয়।

উত্তৰ : (ক) ঘটে।

প্ৰশ্ন ৭। প্লুতস্বৰ ব্যৱহাৰ হয়-

(ক) ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোতে।

(খ) স্বৰবৰ্ণ উহ্য থাকিলে।

(গ) দীৰ্ঘস্বৰ হ’লে।

(ঘ) গীত গাওতে।

উত্তৰ :(ঘ) গীত গাওতে।

প্ৰশ্ন ৮। ব্যঞ্জনবৰ্ণত স্বৰবৰ্ণ যোগ নহ’লে কি চিন ব্যৱহাৰ হয়-

(ক) হসন্ত।

(খ) বিসৰ্গ।

(গ) অনুস্বাৰ।

(ঘ) প্ৰশ্নবোধক।

উত্তৰ : (ক) হসন্ত।

প্ৰশ্ন ৯। প ৰ পৰা ম লৈকে কি বৰ্গ বোলে ?

(ক) ত বৰ্গ।

(খ) চ বৰ্গ।

(গ) ট বৰ্গ।

(ঘ) প বৰ্গ।

উত্তৰ : (ঘ) প বৰ্গ।

প্ৰশ্ন ১০। তলৰ কোনটো স্পৰ্শ বৰ্ণ ?

(ক) য।

(খ) ল।

(গ) স।

(ঘ) ভ।

উত্তৰ : (ঘ) ভ।

প্ৰশ্ন ১১। উষ্ম বৰ্ণ কোনটো ?

(ক) থ।

(খ) ণ।

(গ) হ।

(ঘ) ম।

উত্তৰ :(গ) হ।

প্ৰশ্ন ১২।তালব্য বৰ্ণ কোনটো

(ক) ট।

(খ) ঘ।

(গ) জ।

(ঘ) ৰ।

উত্তৰ : (গ) জ।

প্ৰশ্ন ১৩। ঔষ্ঠ বৰ্ণটো বাচি উলিওৱা-

(ক) ফ।

(খ) ধ।

(গ) ড।

(ঘ) য।

উত্তৰ :(ক) ফ।

প্ৰশ্ন ১৪। ‘ঢ’ বৰ্ণটো তলত উল্লেখ কৰা কোনটো বৰ্ণভাগৰ অন্তৰ্গত ?

(ক) কণ্ঠ বৰ্ণ।

(খ) ওষ্ঠ বৰ্ণ।

(গ) মূধৰ্ন বৰ্ণ।

(ঘ) দন্ত বৰ্ণ।

উত্তৰ : (গ) মূধৰ্ন বৰ্ণ।

প্ৰশ্ন ১৫। ‘উ’ বৰ্ণটো হৈছে-

(ক) উষ্ম বৰ্ণ।

(খ) অন্ত:স্থ বৰ্ণ।

(গ) দন্ত বৰ্ণ।

(ঘ) স্বৰ বৰ্ণ।

উত্তৰ : (ঘ) স্বৰ বৰ্ণ।

প্ৰশ্ন ১৬। ‘ঈ’ আৰু ‘ঊ’ হ’ল-

(ক) লঘুস্বৰ।

(খ) গুৰুস্বৰ।

(গ) ব্যঞ্জনধ্বনি।

(ঘ) অন্ত:বৰ্ণ।

উত্তৰ :(খ) গুৰুস্বৰ।

প্ৰশ্ন ১৭। অসমীয়া ভাষাৰ পাৰ্ছীক ধ্বনিটো হ’ল-

(ক) ক।

(খ) গ।

(গ) ট।

(ঘ) ল।

উত্তৰ : (ঘ) ল।

প্ৰশ্ন ১৮। তলৰ কোনটো অনুনাসিক বৰ্ণ ?

(ক) ভ।

(খ) ফ।

(গ) ঞ।

(ঘ) গ।

উত্তৰ : (গ) ঞ।

প্ৰশ্ন ১৯। অন্ত:স্থ ধ্বনিৰ আন এটা নাম হৈছে-

(ক) পাৰ্ছীক ধ্বনি।

(খ) উষ্ম ধ্বনি।

(গ) কম্পিত ধ্বনি।

(ঘ) শ্ৰুতি ধ্বনি।

উত্তৰ : (ঘ) শ্ৰুতি ধ্বনি।

প্ৰশ্ন ২০। অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা হৈছে-

(ক) ১২ টা।

(খ) ১৩ টা।

(গ) ১০ টা।

(ঘ) ১১ টা।

উত্তৰ :(ঘ) ১১ টা।

প্ৰশ্ন ২১। অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণৰ সংখ্যা কেইটা ?

(ক) ৩৯ টা।

(খ) ৪০ টা।

(গ) ৪১ টা।

(ঘ) ৪২ টা।

উত্তৰ : (খ) ৪০ টা।

প্ৰশ্ন ২২। অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা ?

(ক) ৮ টা।

(খ) ৯ টা।

(গ) ১০ টা।

(ঘ) ১১ টা।

উত্তৰ :(ক) ৮ টা।

প্ৰশ্ন ২৩। তলৰ কোনটো ব্যঞ্জনধ্বনি পশ্চতালব্য ?

(ক) ত।

(খ) প।

(গ) ল।

(ঘ) ক।

উত্তৰ :(ঘ) ক।

প্ৰশ্ন ২৪। তলৰ কোনটো ব্যঞ্জনধ্বনি দন্তমূলীয় ?

(ক) প।

(খ) ক।

(গ) স।

(ঘ) দ।

উত্তৰ : (ঘ) দ।

প্ৰশ্ন ২৫। ৱ আৰু য় বৰ্ণক কি বৰ্ণ বোলা হয় ?

(ক) স্বৰবৰ্ণ।

(খ) ব্যঞ্জনবৰ্ণ।

(গ) অৰ্দ্ধস্বৰ।

(ঘ) মহাপ্ৰাণবৰ্ণ।

উত্তৰ : (গ) অৰ্দ্ধস্বৰ।

প্ৰশ্ন ২৬। অসমীয়া ভাষাৰ ‘ৰ’ ধ্বনি-

(ক) কম্পিত।

(খ) পশ্চতালব্য।

(গ) পাশ্বিক।

(ঘ) উষ্ম।

উত্তৰ : (ক) কম্পিত।

প্ৰশ্ন ২৭। অসমীয়া ভাষাৰ ‘ল’ ধ্বনি-

(ক) কম্পিত।

(খ) পাৰ্ছীক।

(গ) উষ্ম।

(ঘ) স্পৰ্শ।

উত্তৰ :(খ) পাৰ্ছীক।

প্ৰশ্ন ২৮। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা ?

(ক) ২১ টা।

(খ) ৩১ টা।

(গ) ৪১ টা।

(ঘ) ৫২ টা।

উত্তৰ :(ক) ২১ টা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top