মহিম বৰা জীৱনী – কাঠনিবাৰী ঘাটৰ ৰচক | Mahim Bora

মহিম বৰা | Mahim Bora Essay in Assamese | Biography of Mahim Bora in Assamese | মহিম বৰা বিষয়ে জীৱনী | মহিম বৰা বিষয়ে ৰচনা | মহিম বৰাৰ চমু পৰিচয়।

Join Telegram channel

ৰামধেনু যুগৰ পৰাই স্বকীয় সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সমৃদ্ধশালী কৰা আৰু অসমীয়া সাহিত্যক বিশ্ব সাহিত্যৰ বুকুত স্থান দিবলৈ অহোপুৰুষাৰ্থ কৰা মহিম বৰা (Mahim Bora) -য়েই অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়ায় থৈ গৈছে মেটমৰা এক সম্ভাৰ। অসমীয়া সাহিত্য জগতত ‘ৰঙা জিঞা’ -ৰ কবি আৰু ‘কাঠনিবাৰী ঘাট’ -ৰ স্ৰষ্টা হিচাপে পৰিচিত মহিম বৰাই নিজৰ অনন্য আৰু অনবদ্য সৃষ্টিৰাজীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত এক দখল কৰিছে এক সুকীয়া স্থান।

সূক্ষ্ম অন্তৰ্দৃষ্টি, সুগভীৰ পৰ্যৱেক্ষণ আৰু স্বকীয় ৰচনাশৈলীৰে পাঠক সমাজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা মহিম বৰাৰ সৃষ্টিৰাজী সমৃদ্ধ অসমৰ গাঁৱলীয়া জীৱনৰ বর্ণাঢ্য অভিজ্ঞতা আৰু গ্রাম্য পৰিৱেশৰ বৰ্ণনাৰে।

মহিম বৰা

মহিম বৰা জীৱনী | Mahim Bora Biography

নামমহিম বৰা (Mahim Bora[1])
জন্ম চন৬ জুলাই, ১৯২৪ চন
জন্ম স্থান ঘোপসাধাৰু চাহ বাগিচা, দৰং জিলা
অভিভাৱকপিতৃৰ নাম – গজেন্দ্র নাথ বৰা
মাতৃৰ নাম – চন্দ্রকান্তি বৰা
শিক্ষা১) ১ নং হাটবৰ প্রাথমিক বিদ্যালয়, নগাঁও
২) কমবাইণ্ড এ ভি স্কুল, কুঁৱৰীটোল
৩) কলিয়াবৰ উচচ মাধ্যমিক বিদ্যালয়
৪) নগাঁও মহাবিদ্যালয়
৫) কটন কলেজ
৬) গুৱাহাটী বিশ্ববিদ্যালয়
বঁটা/সন্মান১) অসম সাহিত্য সভাৰ সাহিত্যাচার্য সন্মান
২) অসম প্রকাশন পৰিষদৰ বঁটা, ১৯৮০ চন
৩) ছগন লাল জৈন বঁটা, ১৯৯৬ চন
৪) অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৮ চন
৫) সাহিত্য অকাদেমি বঁটা, ২০০১ চন
৬) গণেশ গগৈ বঁটা, ২০১৫ চন
৭) পদ্মশ্রী সন্মান, ২০১১ চন
মৃত্যু৩ আগষ্ট ২০১৬ চন

Also Read: জীৱনী: কে. আৰ. নাৰায়ণ – ভাৰতৰ প্ৰথম গৰাকী দলিত ৰাষ্ট্ৰপতি | K. R. Narayanan

মহিম বৰা প্ৰাৰম্ভিক জীৱন

ৰামধেনু যুগৰ অন্যতম শক্তিশালী কথা শিল্পী একেধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক, প্ৰৱন্ধকাৰ, নাট্যকাৰ, জীৱনীকাৰ, অনুবাদক মহিম বৰাৰ জন্ম হৈছিল ১৯২৪ চনৰ ৬ জুলাই তাৰিখে অবিভক্ত দৰং জিলাৰ ঘোপসাধাৰু চাহ বাগিচাত। তেখেতৰ পিতৃৰ নাম হ’ল- ৰাম তামুলী বংশৰ গজেন্দ্র নাথ বৰা আৰু মাতৃৰ নাম হ’ল- চন্দ্রকান্তি বৰা। 

শিক্ষা 

নগাঁও জিলাৰ ১ নং হাটবৰ প্রাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা মহিম বৰাই মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল কুঁৱৰীটোলৰ কমবাইণ্ড এ ভি স্কুলত। ইয়াৰ পৰৱৰ্তী সময়ত কলিয়াবৰ উচচ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪৪ চনত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰে তেওঁ। গুৰুত্বপূৰ্ণ কথা যে, নগাঁও মহাবিদ্যালয়ৰ প্রথমটো দলৰ ছাত্র আছিল মহিম বৰা। ১৯৪৬ চনত ইণ্টাৰমেডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰা মহিম বৰাই ১৯৪৮ চনত কটন কলেজৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৫২ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

শিক্ষকতাক বৃত্তি হিচাপে লৈ কৰ্মজীৱন আৰম্ভ কৰা মহিম বৰাই কৰ্মসূত্ৰে কলিয়াবৰ উচচ মাধ্যমিক বিদ্যালয়, কুঁৱৰীটোল হাইস্কুল আৰু কামৰূপ একাডেমিত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে ১৯৫৩ চনত যোৰহাট জগ্গনাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰা মহিম বৰা ১৯৫৪ চনত নগাঁৱ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক নিযুক্ত হয় আৰু নগাঁৱ মহাবিদ্যালয়ৰ পৰাই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে ১৯৮৭ চনত অৱসৰ গ্ৰহণ কৰে।

শৈশৱৰ পৰা সাহিত্য চৰ্চাত মনোনিবেশ কৰা মহিম বৰাই মলয়া’ নামৰ হাতে লিখা আলোচনী এখন প্রকাশ কৰি উলিয়াইছিল সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে। ইয়াৰ ওপৰিও ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদিত শিশু আলোচনী ‘ৰংঘৰ’ -ৰ সহঃসম্পাদকৰ দায়িত্ব পালন কৰিছিল মহিম বৰাই। ইয়াৰ ওপৰিও মহিম বৰা নতুন অসমীয়া বাতৰি কাকতৰ সম্পাদনাৰ লগতো জড়িত হৈ আছিল।

উল্লেখ্য যে মহিম বৰাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা প্রচাৰিত গাঁৱলীয়া ৰাইজৰ অনুষ্ঠানৰ অংশকালীন পৰিচালক হিচাপেও কাম কৰিছিল।ধনবৰ ককাই’ ছদ্মনামেৰে অনুষ্ঠান পৰিচালনা কৰিছিল বাবে তেওঁ ৰাইজৰ মাজত ধনবৰ ককাই হিচাপেও সমাদৃত আছিল।

সাহিত্যৰাজি

মহিম বৰাৰ কবিতা | Mahim Bora Poems

শৈশৱতে কবিতা ৰচনাত হাত দিয়া মহিম বৰাৰ কবিতা সংখ্যাত কম হ’লেও ই অসমীয়া কাব্য জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। মহিম বৰাৰ কবিতা হ’ল জীৱনৰ কবিতা। তেওঁ কবিতাৰ ভাষা অনাড়ম্বৰ হ’লেও চিত্ৰ ধৰ্মী। দ্বিতীয় মহাযুদ্ধ, ভাৰতৰ স্বাধীনতা প্ৰাপ্তি, স্বাধীনতা পাছত ভাৰতৰ সাময়িক অৱস্থা, ভগনীয়া সমস্যা, বানপানীৰ সমস্যা আদি বিভিন্ন বিষয় তেওঁৰ কবিতাত স্থান পাইছে। নাৰী চৰিত্ৰয়ো মহিম বৰাৰ কবিতাত বিশেষ স্থান লাভ কৰা পৰিলক্ষিত হয়। ইয়াৰ ওপৰিও কবিতাৰ জৰিয়তে মহিম বৰাই গ্ৰাম্য সমাজৰ পৰিৱশো সৰল ৰূপে অংকিত কৰে। দুখ-বেদনাৰ মাজতো মহিম বৰাৰ কবিতাত আশাবাদ পৰিস্ফুট হয়। উল্লেখ্য যে ৰামধেনু আলোচনীত প্ৰকাশিত ৰঙা জিঞা কবিতাটিৰ বাবে পৰৱৰ্তী সময়ত তেওঁ পৰৱৰ্তী সময়ত ৰঙা জিঞা কবি হিচাপে পৰিচিত হৈ পৰিছিল। তেওঁৰ প্ৰকাশিত কবিতা সংকলন কেইখন হ’ল- ৰঙা জিঞা (১৯৭৮), জোনমণিৰ হাঁহি৷ গুৰুত্বপূৰ্ণ কথা যে তেওঁৰ অপ্ৰকাশিত কবিতা সমূহ বাটৰ এখোঁচ বগৰী নামেৰে সাহিত্যাচাৰ্য মহিম বৰাৰ কবিতা সমগ্ৰত প্ৰকাশিত হৈছে।

কবিতাৰ সমান্তৰালকৈ মহিম বৰা হ’ল ৰামধেনু যুগৰ এজন সাৰ্থক গল্পকাৰো। অর্ধ শতাধিক গল্প ৰচনাৰে আধুনিক অসমীয়া গল্প সাহিত্যৰ ক্ষেত্ৰখনলৈ বৰণীয় অৱদান আগবঢ়াই থৈ যোৱা মহিম বৰাই ১৯৪৫/৪৬ চনত প্ৰকাশিত বৰদৈচিলা আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেখেতৰ গল্পত হাস্যৰসৰ সুন্দৰ প্ৰতিফলন দেখা পোৱা যায়। নৈসৰ্গিক পৰিৱেশ, ইংগিত ধৰ্মীতা, চিত্ৰকল্প, প্ৰতীক আদিৰ সু-প্ৰয়োগেৰে তেওঁ একোটা কাহিনীক সুন্দৰ ৰূপত প্ৰকাশ কৰে। তেওঁৰ গল্পৰ উল্লেখযোগ্য বৈশিষ্ট হ’ল- নিভাঁজ গদ্যৰীতি, সূক্ষ্ম মনস্তাত্বিক পৰ্যবেক্ষণ, সহানুভূতি আৰু মানৱতাবোধ। ইয়াৰ ওপৰিও তেওঁৰ গল্পত মানুহৰ জীৱনবোধ আৰু ৰুঢ় বাস্তৱৰ ছৱি প্ৰতিফলিত হয়। ৰামধেনুত প্ৰকাশিত কাঠনিবাৰীৰ ঘাট গল্পটি হ’ল তেওঁৰ প্ৰকাশিত অন্যতম শ্ৰেষ্ঠ গল্প। মহিম বৰাৰ প্ৰকাশিত গল্প সংকলন সমূহ হ’ল- ১৯৬১ চনত  কাঠনিবাৰী ঘাট, ১৯৬৭ চনত প্ৰকাশিত দেহা গৰকা প্ৰেম  ম‍ই, ১৯৬৭ চনত প্ৰকাশিত পিপলী আৰু পূজা ,১৯৬৭ চনত প্ৰকাশিত বহুভুজী ত্ৰিভুজ, ১৯৭২ চনত প্ৰকাশিত এখন নদীৰ মৃত্যু, ১৯৭৭ চনত প্ৰকাশিত ৰাতি ফুলা ফুল, ১৯৮০ চনত প্ৰকাশিত বৰযাত্ৰী, ১৯৮৭ চনত প্ৰকাশিত মোৰ প্ৰিয় গল্প, ১৯৯৩ চনত প্ৰকাশিত গল্প সমগ্ৰ মহিম বৰা।

উপন্যাসিক হিচাপেও সমাদৃত মহিম বৰাৰ প্ৰকাশিত উপন্যাস সমূহ হ’ল- হেৰোৱা দিগন্তৰ মায়া (১৯৭৩), পুতলা ঘৰ (১৯৭৩), এধানি মাহীৰ হাঁহি (১৯৯৭) আৰু বন্দুলি ফুলৰ ৰং (২০০৭)।

অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈও বৰঙণি আগবঢ়োৱা মহিম বৰাৰ  অনাতাঁৰ কেন্দ্রযোগে প্রচাৰিত নাটকসমূহ হ’ল – লাৰু গোপালৰ প্রেম, লাৰু গোপালৰ বিবাহ, লাৰু গোপালৰ ঘৰ-সংসাৰ, পদুম কুঁৱৰী (১৯৫১), নির্মল ভকত (১৯৫১), পঞ্চশৰ, গৰখীয়া ভীম (১৯৫১), তিনিৰ তিনি গ’ল, পাখিলগা দিন (১৯৮৯)। ১৯৮৯ চনত প্ৰকাশিত শংকৰদেৱৰ নাট হ’ল মহিম বৰাৰ বিশেষ ভাৱে সম্পাদিত আৰু সংকলিত গ্ৰন্থ। 

গল্প, কবিতা, উপন্যাসৰ লগতে প্ৰৱন্ধকাৰ হিচাপে সমাদৃত মহিম বৰাৰ প্ৰকাশিত প্ৰৱন্ধ সংকলন হৈছে ১৯৭৫ প্ৰকাশিত চিন্তা বিচিত্ৰা আৰু ১৯৮৯ চনত প্ৰকাশিত সাহিত্য বিচাৰ। ইয়াৰ ওপৰিও মহিম বৰাই ৰচনা কৰা শিশু সাহিত্য হৈছে- ১৯৭৬ চনত প্ৰকাশিত বত্রিশ পুতলাৰ সাধু, ২০০১ চনত প্ৰকাশিত তেজীমলা আৰু চিণ্ডেৰেলা, বীৰ বগীৰাম। অনুবাদ সাহিত্য জৰিয়তেও অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়োৱা মহিম বৰাৰ প্ৰকাশিত অনুবাদ গ্ৰন্থ হ’ল- ১৯৮৯ চনত প্ৰকাশিত ৰাজা ৰামমোহন ৰায়। ইয়াৰ ওপৰিও ১৯৭৫ চনত প্ৰকাশিত এই নদীৰ সোঁতে আৰু ১৯৬৭ চনত প্ৰকাশিত মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা মহিম বৰাৰ ভিন্ন স্বাদৰ ৰচনাৰ সংকলন। গুৰুত্বপূৰ্ণ কথা অপ্ৰকাশিত অৱস্থাত‌ মহিম বৰাৰ জীৱনৰ অলিয়ে গলিয়ে স্মৃতিৰ ছিটিকনি’ নামৰ এখন জীৱনী মূলক গ্ৰন্থও আছে।

উল্লেখ্য যে মহিম বৰাই ১৯৭৮ চনত গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতি পদ অলংকৃত কৰাৰ লগতে ১৯৮৯ চনত অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল।  অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তি মহিম তেওঁৰ সৃষ্টিৰাজীৰ বাবে সাহিত্যিক স্বীকৃতিও লাভ কৰিছিল। ১৯৮০ চনত ৰাতি ফুলা ফুল নামৰ গল্প সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা, গল্প সমগ্ৰ মহিম বৰা গ্ৰন্থৰ বাবে ১৯৯৬ চনত ছগনলাল জৈন বঁটা, ১৯৯৮ চনত অসম উপত্যকা সাহিত্য বঁটা, এধানি মাহী হাঁহি উপন্যাসৰ বাবে ২০০১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে মহিম বৰাক ২০১১ চনত পদ্মশ্রী সন্মানেৰে বিভূষিত কৰিছিল। ইয়াৰ ওপৰিও মহিম বৰাই ২০১৪ চনত গনেশ গগৈ বঁটা, ২০০৮ চনৰ ৮ ফ্ৰেব্ৰুৱাৰী তাৰিখে অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল মহিম বৰাক। 

২০১৬ চনৰ ৬ আগষ্ট তাৰিখে ৯৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিছিল মহিম বৰাই। আধুনিক জীৱন যন্ত্রণা নাইবা যুগৰ জটিলতাৰ স্পর্শৰ পৰা মুক্ত তথাপি মানৱীয় প্রমূল্যবোধক বিস্তাৰিত ৰূপত প্ৰকাশ কৰা মহিম বৰাই কাব্যশিল্প আৰু গদ্যশিল্প উভয়তে সৃজনী দক্ষতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল।

ব্যক্তিগত জীৱনত নানান ঘাট প্ৰতিঘাট, সমস্যা প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও মহিম বৰাই বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম সম্পাদন কৰি অসমৰ বৌদ্ধিক তথা সাহিত্যৰ জগতখন সমৃদ্ধ কৰি থৈ গৈছে। তেখেত হ’ল অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি জগতৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তি। 

Also Read: জীৱনী: মোৰাৰজী দেশাই – স্বাধীন ভাৰতৰ ৪ৰ্থ জন প্ৰধান মন্ত্ৰী | Morarji Desai

সামৰণি

অসমীয়া সাহিত্যৰ একনিষ্ঠ সাধনা কৰা মহিম বৰা হ’ল হ’ল অসমৰ গৌৰৱ তথা অসমীয়াৰ স্বাভিমান। জন্মভূমিৰ প্ৰতি মহিম বৰা হ’ল অকৃত্ৰিম আৰু বিমল ভালপোৱা হ’ল নতুন প্ৰজন্মৰ বাবে পাথেয়। সবল ব্যক্তিত্ব আৰু উচ্চ চিন্তাৰ অধিকাৰী মহিম বৰা হ’ল একাধাৰে  সাহিত্যক ,  শিক্ষাবিদ আৰু লগতে এজন একনিষ্ঠ সমাজ সেৱক।

অতুলনীয়, আপুৰুগীয়া সাহিত্য সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা মহিম বৰাই অসমীয়া সাহিত্য সংস্কৃতিক বিভিন্ন আৰু বিচিত্ৰ দিশত সমৃদ্ধিশালী কৰাৰ লগতে ৰামধেনু যুগৰ পৰৱৰ্তী লেখক সকললৈও অনুপ্ৰেৰণা যোগাই থৈ গৈছে।

Also Read: জীৱনী: ৰাম নাথ কোবিন্দ – ভাৰতৰ ৰাষ্ট্ৰপতি | Ram Nath Kovind

FAQ

১) মহিম বৰা কোন?

উঃ-  মহিম বৰা ৰামধেনু যুগৰ এজন জনপ্ৰিয় অসমীয়া লেখক।  

২) মহিম বৰাৰ জন্ম কেতিয়া হৈছিল?

উঃ- ৬ জুলাই, ১৯২৪ চনত।

৩)  মহিম বৰাই অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?  

উঃ- ১৯৯৮ চনত।

৪) মহিম বৰাৰ জীৱনী মূলক গ্ৰন্থ খনৰ নাম কি?

উঃ- ‘জীৱনৰ অলিয়ে গলিয়ে স্মৃতিৰ ছিটিকনি’।

৫) মহিম বৰাৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ৩ আগষ্ট ২০১৬ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top