পুলিচ (আৰক্ষী) থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি) লৈ চুৰিৰ বিষয়ে অভিযোগ | A Letter to The Officer in – Charge (O.C) Informing About Theft

পুলিচ (আৰক্ষী) থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি) লৈ চুৰিৰ বিষয়ে অভিযোগ।

Join Telegram channel

প্ৰতি

লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া

পো:অ: উজান বজাৰ

গুৱাহাটী।

তাৰিখ: ৩১/১২/২০১০

বিষয়: পুলিচ (আৰক্ষী) থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি) লৈ চুৰিৰ বিষয়ে অভিযোগ।

মহাশয়,

সন্মান পূৰ্বক আমি আমবাৰী অঞ্চলৰ সমূহ বাসিন্দাই আপোনাক জনাব খোজো যে এই অঞ্চলটো তুলনামূলকভাৱে চুৰি ঘটনাৰ পৰা মুক্ত আছিল। ইয়াৰ কাৰণ হ’ল লতাশিল থানাৰ পৰা নিশা পহৰা দিয়াৰ ব্যৱস্থা আছিল। কিন্তু আজি কিছুদিনৰে পৰা আৰক্ষীৰ পহৰা ব্যৱস্থা বন্ধ হোৱাত এই অঞ্চলত চুৰিৰ ঘটনা হ’বলৈ পাইছে। অলপতে এঘৰৰ পৰা এখন চাইকেল আৰু আন এঘৰৰ পৰা এখন স্কুটাৰ চুৰি হৈছে। এনে ধৰণৰ চুৰিৰ ঘটনাই আমবাৰী বাসীক ভবাই তুলিছে।

গতিকে, আমবাৰীবাসীৰ আপোনাৰ ওচৰত কাতৰ অনুৰোধ যাতে পূৰ্বৰ দৰেই নিশাৰ ভাগত টহলদাৰী ব্যৱস্থা পুনৰ আৰম্ভ কৰে। আমাৰ বিশ্বাস তেনে কৰিলে চুৰিকাৰ্য্য পুনৰ সংঘটিত নহয়।

              ধন্যবাদ…………..

স্থান: আমবাৰী, গুৱাহাটী

আপোনাৰ বিশ্বাসী

শ্ৰীদয়াময় চোধুৰী, শ্ৰীঅমিয় দাস

শ্ৰীঅনিল চৌধুৰী আৰু বহুতো

A Letter to The Officer in – Charge (O.C) Informing About Theft.

To,

The Officer in-charge (O.C.)

Latashil Police Station

P.O. Uzan Bazar

Guwahati

Date: 31/12/2010

Subject: A Letter to The Officer in – Charge (O.C) Informing About Theft.

Respected Sir,

With due respect, we the residents of Ambari, Guwahati, would like to inform you that our locality was quite free from cases like theft and burglary due to the night patrolling of the Latasil Police Station. But of late, the frequent cases of theft and burglary are being committed in the area since the night police patrolling had been withdrawn. Recently one bicycle and in another incident a Bajaj scooter from two different houses had been stolen from the locality. The residents of the locality are, therefore, very much worried about such incidents.

Therefore, the residents of Ambari hereby request you fervently to resume night patrolling by the police again in the area to stop such incidents. We believe the cases of theft and burglary shall not occur again.

Thanks,

Place: Ambari, Guwahati

Yours sincerely,

1. Shri Dayamoy Choudhury

2. Shri Amiya Das

3. Shri Anil Choudhury & others

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top