লালা লাজপত ৰায় – স্বাধীনতা সংগ্ৰামী | Lala Lajpat Rai Biography

লালা লাজপত ৰায় | Lala Lajpat Rai Essay in Assamese | Biography of Lala Lajpat Rai in Assamese | লালা লাজপত ৰায় বিষয়ে জীৱনী | লালা লাজপত ৰায় বিষয়ে ৰচনা | লালা লাজপত ৰায়ৰ চমু পৰিচয়।

Join Telegram channel

বৃটিছৰ বিৰুদ্ধে  দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক যুৱতী। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল বহু যুৱক যুৱতীয়ে। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন উল্লেখযোগ্য ব্যক্তি হ’ল লালা লাজপত ৰায়।

লালা লাজপত ৰায়ৰ আপোচ বিহীন স্থিতি আৰু অফুৰন্ত সাহসে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল। তেখেত হ’ল দেশ প্ৰেম, ত্যাগ আৰু সাহসৰ এক প্ৰতীক, তেওঁ এজন ব্যক্তি নহয় তেওঁ হ’ল এটা অনুষ্ঠান, যি প্ৰতিটো সময়তে দেশৰ বাবে নি-স্বাৰ্থ ভাৱে কৰা ত্যাগৰ কথা সোঁৱৰাই থাকে। দেশপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লালা লাজপত ৰায় আছিল এজন ৰাজনীতিবিদৰ সমান্তৰালকৈ বৃত্তিত এজন আইনজীৱী। কলমেৰেও সাধাৰণ জনগণক সজাগ কৰাৰ প্ৰয়াস কৰা লালা লাজপত ৰায় হ’ল লাল পাল বাল হিচাপে জনপ্ৰিয় ত্ৰি-মুৰ্তিৰ ভিতৰত এজন অন্যতম ব্যক্তি।

লালা লাজপত ৰায়

লালা লাজপত ৰায় জীৱনী | Lala Lajpat Rai Biography

নাম (Name)লালা লাজপত ৰায় (Lala Lajpat Rai[1])
জন্ম চন (Date of Birth)২৮ জানুৱাৰী, ১৮৬৫ চন
জন্ম স্থান (Place of Birth)ধুড়িকে, লুধিয়ানা জিলা (ব্ৰিটিছশাসিত ভাৰত), বৰ্তমানৰ পঞ্জাব, ভাৰত
পৰিয়াল (Family)পিতৃৰ নাম- মুঞ্চী ৰাধা কৃষণ আজাদ
মাতৃৰ নাম- গোলাব দেৱী
শিক্ষা (Education)১) চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰেৱাৰী
২) চৰকাৰী মহাবিদ্যালয়, লাহোৰ (আইন শিক্ষা গ্ৰহণ)      
মৃত্যু (Death) ১৭ নৱেম্বৰ, ১৯২৮ চন

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

লালা লাজপত ৰায় প্ৰৰম্ভিক জীৱন | Early Life of Lala Lajpat Rai

লালা লাজপত ৰায়ৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ লুধিয়ানা জিলাৰ ধুড়িকে নামৰ ঠাইৰ এটা জৈন ধৰ্মাৱলম্বী পৰিয়ালত ১৮৬৫ চনৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে। তেখেতৰ পিতৃৰ নাম আছিল মুন্সী ৰাধা কৃষ্ণ আৰু মাতৃৰ নাম আছিল গোলাৱ দেৱী। উল্লেখ্য যে লালা লাজপত ৰায়ৰ পিতৃ কৰ্মসূত্ৰে আছিল- উৰ্দু আৰু পাৰ্চী চৰকাৰী বিদ্যালয়ৰ শিক্ষক।

শৈশৱৰ অধিকাংশ সময় উত্তৰ প্ৰদেশৰ লুধিয়ানা জিলাৰ ধুড়িকে নামৰ ঠাইত অতিবাহিত কৰিলেও প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল ৰেৱাৰীত থকা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। কাৰণ তেখেতৰ পিতৃ কৰ্মসূত্ৰে ১৮৭০ দশকৰ শেষৰফালে ৰেৱাৰীলৈ স্নানান্তৰিত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে লালা লাজপত ৰায়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই তেওঁৰ পিতৃয়ে উৰ্দু শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল।

উল্লেখ্য যে প্ৰাৰম্ভিক শিক্ষা অন্ত কৰাৰ পিছত লালা লাজপত ৰায়ে আইন বিষয়ত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ১৮৮০ চনত লাহোৰ চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰে। গুৰুত্বপূৰ্ণ কথা যে এই মহাবিদ্যালয়ত অধ্যয়নৰত সময়তে লালা লাজপত ৰায়ে ভৱিষ্যতৰ স্বাধীনতা সংগ্ৰামী মহাত্মা হংসৰাজ আৰু পণ্ডিত গুৰু দত্তৰ সান্নিধ্য লাভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে অধ্যয়নৰত সময়তেই লালা লাজপত ৰায় প্ৰভাৱান্বিত হৈছিল স্বামী দয়ানন্দ সৰস্বতীৰ নেতৃত্বত সূচনা হোৱা হিন্দু সংস্কাৰকামী আন্দোলনৰ প্ৰতি। কেৱল এইয়াই নহয় লালা লাজপত ৰায় ১৮৭৭ চনত প্ৰতিষ্ঠা লাভ কৰা আৰ্য সমাজ, লাহোৰৰ সদস্য ভৰ্তি হয় আৰু আৰ্য গেজেটৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। উল্লেখ্য যে অধ্যয়নৰত সময়তেই লালা লাজপত ৰায় হিন্দুত্ববাদৰ আদৰ্শৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল। ৰাষ্ট্ৰীয়তাবাদৰ উৰ্ধত গৈ হিন্দুত্ব বাদেহে ভাৰতীয় জীৱনশৈলীৰ আধাৰ হিচাপে গণ্য কৰিছিল তেওঁ। 

সামাজিক জীৱন | Social Life

গুৰুত্বপূৰ্ণ কথা যে, ১৮৮৬ চনত লালা লাজপত ৰায়ৰ পিতৃ কৰ্মসূত্ৰে হিছাৰলৈ স্নানান্তৰিত হয় আৰু এই স্থানতেই আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ পিছত লালা লাজপত ৰায়ে আইনৰ অনুশীলন আৰম্ভ কৰাৰ লগতে হিছাৰ অধিবক্তা পৰিষদৰো প্ৰতিষ্ঠাপক সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ ওপৰিও ১৮৮৬ চনতেই লালা লাজপত ৰায়ে অধিবক্তা বাবু চূড়ামণিৰ লগতে অধিবক্তা ভাতৃ চান্দু লাল তায়াল, হৰি লাল তায়াল, বালমুকুন্দ তায়াল, ড° ৰামজী লাল হুডা, ড° ধনী ৰাম, আৰ্য সমাজৰ পণ্ডিত মূৰাৰী লাল, হিছাৰৰ জাত স্কুলৰ প্ৰতিষ্ঠাতা শেঠ চাৰু ৰাম জাত, দেৱ ৰাজ সান্ধিৰ সৈতে একত্ৰিতভাৱে হিছাৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা শাখা প্ৰতিষ্ঠা কৰাৰ লগতে আৰ্য সমাজৰো এটা শাখা প্ৰতিষ্ঠা কৰে।

গুৰুত্বপূৰ্ণ কথা যে হিছাৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাখা প্ৰতিষ্ঠা কৰা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লালা লাজপত ৰায়ে ১৮৮৯ চনত এলাহাবাদত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত বাবু চূড়ামণি, লালা চাবিল দাস, শেঠ গৌৰী শংকৰৰ লগত এজন সন্মানীয় প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৯২ চনত লালা লাজপত ৰায়ে লাহোৰ উচ্চতম ন্যায়ালয়ত অনুশীলন আৰম্ভ কৰাৰ সমান্তৰালকৈ ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা লাভৰ সংগ্ৰামতো পৰোক্ষভাৱে জড়িত হৈ পৰিছিল। সেই সময়ত তেখেতে সংবাদ সেৱাৰ লগত জড়িত হোৱাৰ লগতে  The Tribune কে আদি কৰি কেইবাখনো বাতৰি কাকতত লিখা-মেলা আৰম্ভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে বিভিন্ন ধৰণৰ সামাজিক কাম কাজত জড়িত থকা লালা লাজপত ৰায়ে ১৮৮৬ চনত লাহোৰত এখন দয়ানন্দ এংলু বৈদিক স্কুল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মহাত্মা হংসৰাজক সহায়ৰ হাত আগবঢ়াইছিল।

Also Read: জীৱনী: অমলেন্দু গুহ- ভাৰতীয় ইতিহাসবিদ | Amalendu Guha

স্বাধীনতা আন্দোলন | Independence Movement

উল্লেখ্য যে ১৯১৪ চনৰ এই সময়চোৱাত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনে শক্তিশালী ৰূপ লোৱাত দেশৰ স্বাৰ্থত আন আন সংগ্ৰামী সকলৰ দৰে লালা লাজপত ৰায়ে নিজৰ বৃত্তি ত্যাগ কৰি সবল ৰূপত আন্দোলনত অংশ গ্ৰহণ কৰাৰ লগতে বিভিন্ন স্থান ভ্ৰমণ কৰে। উল্লেখ্য যে তেখেতে ব্ৰিটেইন ভ্ৰমণ কৰে, ১৯১৭ চনত আমেৰিকা ভ্ৰমণ কৰি তাত ভাৰতীয় Home Rule League প্ৰতিষ্ঠা কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰৰ পৰা আন্তৰাষ্ট্ৰীয় সমৰ্থন আদায় কৰাৰ স্বাৰ্থত বিশ্বৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা লালা লাজপত ৰায়ে আমেৰিকাত ভাৰতীয় Home Rule League প্ৰতিষ্ঠা কৰাৰ সমান্তৰালকৈ এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰাৰ লগতে the Young India and Hindustan Information Services Association প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে প্ৰথম বিশ্বযুদ্ধৰ সময়ত অৰ্থাৎ ১৯১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ উভতি অহা লালা লাজপত ৰায়ে সেই সময়ত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশেষ অধিৱেশনৰ নেতৃত্ব বহন কৰাৰ সমান্তৰালকৈ কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

হিন্দু মহাসভা, হিন্দু সংস্কাৰ আন্দোলন আৰু আৰ্য সমাজৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰা এজন প্ৰৱীণ নেতা লালা লাজপত ৰায় জীৱনাদৰ্শ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ সকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস আছিল। কেৱল আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাই নহয় বিভিন্ন লিখা মেলাৰ জৰিয়তেও সমাজৰ লোক সকলৰ মাজত দেশপ্ৰেমৰ জাগ্ৰত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

পাঞ্জাৱ কেশৰী হিচাপে জনপ্ৰিয় লালা লাজপত ৰায়ে পাঞ্জাৱ নেচনেল বেংক, লক্ষ্মী বীমা কোম্পানী কাৰ্যকলাপৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকাৰ লগতে লক্ষ্মী বীমা কোম্পানীৰ মুৰব্বী হিচাপেও দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে সমাজ হৈতেষী লালা লাজপত ৰায়ে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা মাতৃ গোলাব দেৱী স্মৃতি ৰক্ষাৰ্থে মহিলা সকলৰ বাবে যক্ষ্মা ৰোগৰ এখন চিকিৎসালয় স্থাপন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে আৰু ১৯৩৪ চনৰ ১৭ জুলাইত গোলাব দেৱী মেম’ৰিয়েল হস্পিটেল নামেৰে এই চিকিৎসালয় খন মুকলি কৰা হয়। উল্লেখ্য যে বৰ্তমান সময়ত পাকিস্তানত অৱস্থিত এই চিকিৎসালয় খনত ২০০০ ৰো অধিক ৰোগীক চিকিৎসা কৰাৰ সু-ব্যৱস্থা আছে।

প্ৰকাশিত গ্ৰন্থ | Published Books

বিভিন্ন সময়ত হিন্দী, পাঞ্জাৱী, উৰ্দু, ইংৰাজী ভাষাৰ বিভিন্ন বাতৰি কাকত তথা আলোচনীত বিভিন্ন ধৰণৰ চিন্তা মূলক প্ৰৱন্ধ প্ৰকাশ পোৱা লালা লাজপত ৰায়ৰ প্ৰকাশিত গ্ৰন্থ সমূহ হ’ল- ১৯০৮ চনত প্ৰকাশিত The Story of My Deportation, ১৯১৫ চনত প্ৰকাশিত Arya Samaj, ১৯১৬ চনত প্ৰকাশিত The United States of America: A Hindu’s Impression, ১৯২৮ চনত প্ৰকাশিত The problem of National Education in India, 1920 Unhappy India, ১৯১৭ চনত প্ৰকাশিত England’s Debt to India ইত্যাদি। ইয়াৰ ওপৰিও তেখেতে Mazzini, Garibaldi, শিৱাজী আৰু শ্ৰী কৃষ্ণৰ জীৱনীও ৰচনা কৰিছিল।

Also Read: জীৱনী: ইন্দিৰা মিৰি | Biography of Indira Miri

মৃত্যু | Death

গুৰুত্বপূৰ্ণ কথা যে সমাজ হৈতেষী মনত লালা লাজপত ৰায়ে ১৯২৮ চনৰ ৩০ অক্টোবৰত চাইমন কমিছনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। কিন্তু প্ৰতিবাদ স্থলীত আৰক্ষী বাহিনীৰ লোক উপস্থিত হৈ প্ৰতিবাদী জনতাৰ ওপৰত কৰা লাঠী চাৰ্জৰ ফলত আন আন প্ৰতিবাদীৰ লগতে লালা লাজপত ৰায়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। যাৰ ফলত ১৯২৮ চনৰ ১৭ নৱেম্বৰত তেখেতে মৃত্যুক সাৱটি লয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত লালা লাজপত ৰায়ৰ ৰাজনৈতিক সততা, আত্মত্যাগ সদায় চিৰ উজ্জীৱিত হৈ থাকিব।

লালা লাজপত ৰায়ৰ স্মৃতি ৰক্ষাৰ্থে তথা তেখেতৰ আদৰ্শ বিপয়াই দিবৰ বাবে বিভিন্ন জনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ১৯৫৯ চনত পঞ্জাৱৰ সমাজকৰ্মীৰ এটা দলে লালা লাজপত ৰয় ট্ৰাষ্ট শুভাৰম্ভ কৰিছিল। ইয়াৰ ওপৰিও হাৰিয়ানা চৰকাৰে ২০১০ চনত চনত  লালা লাজপত ৰয় স্মৃতিত পশু চিকিৎসা আৰু পশু বিজ্ঞান বিশ্ববিদ্যালয় স্থাপন কৰিছে।

সামৰণি | Conclusion

সাহসী, স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী লালা লাজপত ৰায়ে কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম তথা সমাজসেৱাৰ জৰিয়তে ভাৰতীয় সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ সমান্তৰালকৈ নিজৰ কামৰ জৰিয়তে ভাৰতীয় জাতীয় ইতিহাসত এটা সোণালী অধ্যায় ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ৰচি থৈ গৈছে বিপ্লৱী, সাহিত্যিক, সমাজ- সংস্কাৰক লালা লাজপত ৰায়ে। এগৰাকী সাহিত্যিক, ৰাজনীতিবিদ, বিপ্লৱী হিচাপে  সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত লাজপত ৰায়ৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয়। বৰ্তমান সময়তো লালা লাজপত ৰায়ৰ চিন্তাৰ প্ৰাসংগিকতা আছে।

FAQ

১) লালা লাজপত ৰায় কোন আছিল?

উঃ- বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন উল্লেখযোগ্য ব্যক্তি হ’ল লালা লাজপত ৰায়।

২) লালা লাজপত ৰায়ৰ জন্ম কেতিয়া হৈছিল?

উঃ- ২৮ জানুৱাৰী, ১৮৬৫ চন।

৩) লালা লাজপত ৰায়ৰ জন্মস্থান কি আছিল?

উঃ- ধুড়িকে, লুধিয়ানা জিলা (ব্ৰিটিছশাসিত ভাৰত), বৰ্তমানৰ পঞ্জাব, ভাৰত।

৪) ‘Arya Samaj’ কোনে লিখা?

উঃ- লালা লাজপত ৰায়ে।

৫) লালা লাজপত ৰায়ৰ মৃত্যু কেনেকৈ হʼল?

উঃ- লালা লাজপত ৰায়ে ১৯২৮ চনৰ ৩০ অক্টোবৰত চাইমন কমিছনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। কিন্তু প্ৰতিবাদ স্থলীত আৰক্ষী বাহিনীৰ লোক উপস্থিত হৈ প্ৰতিবাদী জনতাৰ ওপৰত কৰা লাঠী চাৰ্জৰ ফলত আন আন প্ৰতিবাদীৰ লগতে লালা লাজপত ৰায়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। যাৰ ফলত ১৯২৮ চনৰ ১৭ নৱেম্বৰত তেখেতে মৃত্যুক সাৱটি লয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top